Home Blog Page 3321

৩৮ জনলৈ বৃদ্ধি দৰঙত ক’ভিড আক্ৰান্তৰ সংখ্যা । কনটেইনমেন্ট জ’ন ঘোষণা খাৰুপেটীয়া মহাবিদ্যালয় ছাত্র নিবাস চৌহদ আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষ ।

কনটেইনমেন্ট জ'ন ঘোষণা খাৰুপেটীয়া মহাবিদ্যালয় ছাত্র নিবাস চৌহদ আৰু ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ।

মঙলদৈ 

দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা । দৰঙত চিকিৎসাধীন হৈ থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পালে । বৃহস্পতিবাৰে নিশা ৪ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত শুকুৰবাৰে আন ১৩ জনৰ শৰীৰত ধৰা পৰে ক’ভিডৰ উপস্থিতি । ইয়াৰ পূৰ্বে ২১ জন লোকৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি । নতুনকৈ আক্ৰান্ত হোৱা ১৭ জন ৰোগী হ’ল- গোমঠাপাৰাৰ  দয়াৰাম দাস (২৩), আঠীয়াবাৰীৰ ৰূপম বৰ্মন (২০) মণ্ডলপাৰাৰ ওচমান গণি (২১), দলগাঁৱৰ হামিদ আলি(২২), ২ নং কৌপাটি গাঁৱৰ ৰফিক আলি (২০), নদীকাষৰ চফিকুল ইছলাম (২৩), গ্ৰেণ্ডলেণ্ড বাগিচাৰ ৰুবুল আমিল (২১), চুকাবাহীৰ মাহেজ আলি‌ (১৮), এন চি বান্দিয়াৰ ৰফিকুল ইছলাম (২২), মধুপুৰৰ চিৰাজূল  হক (২৭), নিজ গদাইমাৰৰ ওহাব আলি (২১), চুকাবাহীৰ মান্নাচ আলি (২১), কৌপাটিৰ আজিজুল হক (২২), আলিচিংগাৰ জংগলৰ নবিৰ আলি (২১), প্ৰফুল্ল নগৰৰ মুকুট ঠাকুৰ (২০), দলগাঁৱৰ মজিবুৰ ৰহমান(২৯) আৰু বৰগুলেৰ চানিদুৰ ইছলাম (২০) । ইয়াৰে দয়াৰাম দাস, ৰূপম বৰ্মন, ওচমান গণি আৰু হামিদ আলীক শুকুৰবাৰে পুৱতি নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে বাকী ১৩ জনক কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে। অৱশ্যে দৰঙত প্ৰৱেশ কৰাৰ পিছৰে পৰা এই ১৭ জন লোক কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। আনহাতে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা ৪ জন আক্ৰান্তৰ ভিতৰত দুজন ছিপাঝাৰ বি এড কলেজত থকাৰ বিপৰীতে আন দুজন খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা। একেদৰে কুঁৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত থকা ১৩ জন আক্ৰান্তৰ ভিতৰত দুজন জৱাহৰ নৱোদয় বিদ্যালয়ৰ আৰু বাকীসকল খাৰুপেটীয়া মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল । ইফালে দলগাওঁ আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত, খাৰুপেটীয়া মহাবিদ্যালয় ছাত্র নিবাস  আৰু ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত দুজন ক’ভিড-১৯  ৰোগী চিনাক্ত হোৱাৰ পিছত সংক্ৰমণ ৰোধ তথা জনসাধাৰণক স্বাস্থ্যকৰ পৰিৱেশত ৰখাৰ অৰ্থে সমগ্ৰ খাৰুপেটীয়া মহবিদ্যালয়ৰ ছাত্র নিবাস চৌহদ আৰু ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে । উক্ত চৌহদলৈ তথা চৌহদৰ পৰা  কোনো লোক বা বাহন অকৰ্তৃত্বশীলভাৱে প্ৰবেশ বা প্ৰস্হান  কৰিব  নোৱাৰিব । লগতে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি আন আন নিৰ্দেশনাসমূহ এই  এলেকাত কঠোৰভাৱে মানি চলিব লাগিব৷ সুৰক্ষিত হিচাপে ঘোষণা  নকৰা পৰ্যন্ত এই আদেশ বাহাল থাকিব আৰু যদি কোনোবাই এই নিৰ্দেশনা  মানি নচলে, আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

বিশ্ব পৰিবেশ দিৱসত দেৱালত চিত্ৰ অংকনেৰে কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি নগাঁৱৰ এটি পৰিয়ালৰ ।

বিশ্ব পৰিবেশ দিৱসত দেৱালত চিত্ৰ অংকনেৰে কৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি নগাঁৱৰ এটি পৰিয়ালৰ ।

নগাঁও

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত লবলগা সৱধানতা আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে নগাঁও চহৰৰ এটি পৰিয়ালৰ কেইজনমান  সদস্যই চলোৱা ব্যতিক্ৰমী প্ৰয়াসে বহুতৰে দৃষ্টি আকর্ষণ কৰে। নগাঁও চহৰৰ চীনাপট্টি অঞ্চলৰ  বনজোৎস্না দত্ত ইছলাম আৰু তেওঁৰ স্বামীৰ লগতে একেটা পৰিয়ালৰে পাপন্না আহমেদ,ৰামিছা আখটাৰ ইছলাম নামৰ লোক কেইজনে চহৰখনৰ বিভিন্ন স্থানত থকা ৰাজহুৱা প্ৰতিষ্ঠানৰ দেৱালত চিত্ৰ অংকন কৰাৰ লগতে বিভিন্ন সজাগতা মূলক বাক্য লিখি কৰোনাৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিভিন্ন ব্যক্তি আৰু দল- সংগঠনে প্ৰাকৃতিক পৰিবেশ সুস্থ ৰখাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণেৰে সমাজত সজাগতা সৃষ্টি কৰাৰ মাজতে চহৰখনৰ মধ্যবিত্ত শ্রেণীৰ এটা পৰিয়ালৰ কেইজনমান সদস্যই  ব্যক্তিগত প্ৰচেষ্টাৰে দেৱালত চিত্ৰ অংকন আৰু সজাগতা মূলক বাক্য লিখনিৰে কৰোনাৰ বিৰুদ্ধে চলোৱা সজাগতা মূলক অভিযানক নগাঁৱৰ সচেতন মহলে আদৰণি জনায় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টৰ ডিগ্ৰী গ্ৰহণ কৰা বনজোৎস্না দত্ত ইছলামে দেৱাল লিখন আৰু চিত্ৰ অংকন সম্পৰ্কত কয় যে  কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত বহু লোকৰ সজাগতা অভাৱ ।  অথচ কৰোনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাব ধৰিছে । তেনেক্ষেত্রত মানুহে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাটো নিতান্তই প্রয়োজন । সেয়ে জনসাধাৰণৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা গ্ৰহণ কৰা বুলিও তেওঁ মন্তব্য কৰে । আনহাতে আজি নগাঁও মহাবিদ্যালয় চৌহদৰ দেৱালত আৰম্ভ কৰা সজাগতা মূলক চিত্ৰ অংকন কাৰ্যসূচী  চহৰখনৰ বিভিন্ন স্থানত সম্পন্ন কৰাৰ পৰৱৰ্তী পৰ্যায়ত কলিয়াবৰ পৰ্যন্ত এই কাৰ্যসূচী চলাই যাব বুলিও তেওঁ  জানিবলৈ দিয়ে।

বটদ্ৰৱা উন্নয়ন খণ্ডত আচনি ৰূপায়ণৰ নামত লুন্ঠনৰ বজাৰ । একাধিক পঞ্চায়তৰ দায়িত্ব বহন কৰিছে কেবাজনো পঞ্চায়ত সচিবে ।

এ জে আকন্দ‌, নগাঁও 

দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বাবে কংগ্ৰেছ চৰকাৰক অসম ৰাইজে উৎখাত কৰি দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য শহনশীলতা গ্ৰহণ কৰাৰ শ্লোগান দিয়া বিজেপিক শাসনৰ গাদীত বহাইছিল। কিন্তু সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দিনতো বিভিন্ন বিভাগত একাংশ বিষয়া-কৰ্মচাৰীয়ে কংগ্ৰেছ চৰকাৰৰ দিনৰ পদাংক অনুকৰণ কৰি দুৰ্নীতিয়ে নীতি কৰি তোলাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিভিন্ন আঁচনি ৰূপায়ণৰ নামত চলিছে লুন্ঠনৰাজৰ অঘোষিত প্ৰতিযোগিতা। শেহতীয়াকৈ নগাঁও জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত বটদ্ৰৱা উন্নয়ন খণ্ডত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি। উত্থাপিত অভিযোগ অনুসৰি, উন্নয়ন খণ্ডটোৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমুহত এম জি এনৰেগা,  চতুৰ্থ বিত্তীয় আয়োগ, এচ অ’ডি পি আদি আঁচনি ৰূপায়ণত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। ১৫টা গাঁও পঞ্চায়তৰে গঠিত উন্নয়ন খণ্ডটোৰ অধিকাংশ পঞ্চায়ত সচিবে খুলিছে লুন্ঠনৰ বজাৰ। ইয়াৰে একাংশ পঞ্চায়ত সচিবে একেটা পঞ্চায়ত দীৰ্ঘদিন কাৰ্য সম্পাদন কৰি জনপ্ৰতিনিধি আৰু কনিষ্ঠ অভিযন্তাৰে মিলি ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি চলাইছে গৈছে ইটোৰ পিছত সিটো দুৰ্নীতি। ইয়াৰে একাংশ পঞ্চায়ত সচিবে একাধিক পঞ্চায়ত সচিবৰ দায়িত্ব গ্ৰহণ কৰি চলাইছে অবাধ লুন্ঠন। প্ৰাপ্ত তথ্য মতে, গুনমনি হাজৰিকাৰ দায়িত্বত আছে বিলটিয়া আৰু কান্দুলিমাৰী গাঁও পঞ্চায়ত, চন্দন নাথৰ দায়িত্বত আছে ধুপাগুৰি আৰু আমলখি পঞ্চায়ত, আব্দুৰ ৰেজ্জাকৰ দায়িত্ব আছে অকল ধনিয়াভেটি, আমিৰ উদ্দিনৰ দায়িত্বত আছে অকল টুকটুকী পঞ্চায়ত, জয়চান্দ দাসৰ দায়িত্বত আছে শলগুৰি, ৰঞ্জিত বৰাৰ দায়িত্বত আছে কদমনি আৰু বটদ্ৰৱা পঞ্চায়ত, দীপক হাজৰিকাৰ দায়িত্বত আছে ভোমাৰাগুৰি আৰু কটহগুৰি পঞ্চায়ত, প্ৰদীপ বৰাৰ দায়িত্বত আছে ৰামপুৰ সত্ৰ আৰু চহৰীয়া পঞ্চায়ত, মন্টু বৰাৰ দায়িত্বত আছে উপৰ- ডুমডুমীয়া আৰু শিলপুখুৰী গাঁও পঞ্চায়তত। একাংশ শাসকীয় দলটোৰ একাংশ নেতা-পালিনেতাৰ ছত্ৰছায়াত থাকি এই সকল পঞ্চায়ত সচিবে বছৰ বছৰ ধৰি একেটা পঞ্চায়তত থাকি লুন্ঠন চলাই গৈছে যদিও তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পৰা নাই। বিভিন্ন আচনি ৰূপায়ণৰ ক্ষেত্ৰত কাম চোৱা চিতাৰ দায়িত্বত থকা এই সমগ্ৰ দুৰ্নীতি-অনিয়ম কাৰ্যৰ লগত কনিষ্ঠ অভিযন্তা আব্দুল হাচিম আৰু ঠিকা ভিত্তিক অভিযন্তা যুগত কাকতি জৰিত থকাৰ গুৰুতৰ অভিযোগ উঠিছে। এই সকলে পঞ্চায়ত সচিব আৰু কনিষ্ঠ অভিযন্তাৰ দপদপনি ইমানেই বৃদ্ধি পাইছে যে কাৰো গুৰু গোহাঁই নমনা হৈছে বুলি চৰ্চা চলিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে সচেতন মহলে।

কভিড – ১৯ সংক্ৰমণে আমাক শিকাইছে প্ৰকৃতিৰ মহত্ব : বিশ্ব পৰিৱেশ দিৱসৰ ব‍্যস্ত কাৰ্য‍্যসূচীৰে কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত ।

বিশ্ব পৰিৱেশ দিৱসত ব‍্যস্ত মন্ত্ৰী কেশৱ মহন্ত ।

কলিয়াবৰ : 

কভিড – ১৯ সংক্ৰমণে আমাক শিকাইছে প্ৰকৃতিৰ মহত্ব। কভিড – ১৯ সংক্ৰমণৰ জটিল সময়ত প্ৰকৃতিৰ ভাৰসাম‍্য ৰক্ষাৰ প্ৰয়োজনীয়তা পুণৰবাৰ উচ্চাৰিত হৈছে। প্ৰকৃতিৰ প্ৰতি আমি সদয় হ’বই লাগি। এই মন্তব‍্য জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা কলিয়াবৰত কেইবাটাও কাৰ্য‍্যসূচীত ভাগ লৈ মন্ত্ৰী কেশৱ মহন্তই প্ৰকৃতিৰ ওপৰত মানুহৰ অমানৱীয় কখৰ্য‍্য-কলাপৰ ফল ভোগ কৰি আছে। সেয়ে পৰিৱেশ দিৱসৰ আজিৰ দিনটোত প্ৰতিজন মানুহে প্ৰকৃতিৰ মহান দানৰ কৃতজ্ঞতা স্বৰূপে প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষাৰ শপত ল’ব লৈ তাক বাস্ৱত ৰূপায়ণ কৰিব লাগে। আজি পৰিৱেশ দিৱসৰ পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত নতুনকৈ সংযোজিত হোৱা বান্দৰ ডুবি এলেকাত গছ পুলি ৰোপন কৰি দিনটো কাৰ্য‍্যসূচীৰ আৰম্ভণী কৰে। তাৰ পিচতেই ঐতিহ‍্যমণ্ডিত ভঁৰালী নামঘৰ পৰিসৰত প্ৰস্তাৱিত অৰ্কিড হাউচ আৰু প্ৰাকৃতিক উদ্যানস্থলীত বৃক্ষৰোপন কৰে। শিলঘাটৰ কামাখ‍্যা মন্দিৰ পথত নৱ-গঠিত শিলঘাট-ৰৱৰবাৰী ইক-ডেভেলপমেণ্ট কমিটি গছ পুলি ৰোপন কাৰ্য‍্যসূচীৰ উদ্বোধন কৰে।আনহাতে পৰ্যটনস্থলী ত্ৰিশূলধাৰী আৰু হাতীমূৰাত অসম দৰ্শন আঁচনিৰ অন্তৰ্গত দুটা গড়কাপ্তানী পথৰ পকীকৰণৰ আধাৰশিলাও স্থাপন কৰে। লগতে, বামুণী, গুদামঘাট আৰু বৰঘূলীতো তিনিটা গড়কাপ্তানী পথৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত নতুনকৈ সংযোজিত হোৱা বান্দৰ ডুবি এলেকাত গছ পুলি ৰোপন কৰি দিনটো কাৰ্য‍্যসূচীৰ আৰম্ভণী কৰে। তাৰ পিচতেই ঐতিহ‍্যমণ্ডিত ভঁৰালী নামঘৰ পৰিসৰত প্ৰস্তাৱিত অৰ্কিড হাউচ আৰু প্ৰাকৃতিক উদ্যানস্থলীত বৃক্ষৰোপন কৰে। শিলঘাটৰ কামাখ‍্যা মন্দিৰ পথত নৱ-গঠিত শিলঘাট-ৰৱৰবাৰী ইক-ডেভেলপমেণ্ট কমিটি গছ পুলি ৰোপন কাৰ্য‍্যসূচীৰ উদ্বোধন কৰে।আনহাতে পৰ্যটনস্থলী ত্ৰিশূলধাৰী আৰু হাতীমূৰাত অসম দৰ্শন আঁচনিৰ অন্তৰ্গত দুটা গড়কাপ্তানী পথৰ পকীকৰণৰ আধাৰশিলাও স্থাপন কৰে। লগতে, বামুণী, গুদামঘাট আৰু বৰঘূলীতো তিনিটা গড়কাপ্তানী পথৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰে।

ফণীধৰ বৰাৰ মৃত্যুক লৈ আজিও উত্তাল জাজৰি : উচিত শাস্তিৰ দাবী। ফাষ্ট ট্ৰেক আদালতত গোচৰ চলোৱাৰ প্ৰতিশ্ৰুতি : অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।

নগাঁও

আৰক্ষীৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লোৱা জাজৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ হত্যাৰ উচিত শাস্তিৰ দাবীত আজি বন্ধ ৰখা হয় জাজৰি বজাৰ। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বৰাই জাজৰি ব্যৱসায়ী সন্থাৰো সভাপতিৰ দায়িত্ব বহন কৰিছিল। ইতিমধ্যে নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত আৰক্ষীৰ জোৱান পৰেশ শৰ্মা আৰু আটাউৰ ৰহমানৰ বিৰুদ্ধে ২৪১/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে লগতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্যকো আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰিছে। কিন্তু জাজৰি তথা বৃহত্তৰ অঞ্চলৰ এগৰাকী সৰবৰহী ব্যক্তি ৰূপে পৰিচিত ফণীধৰ বৰাৰ মৃত্যুৰ ঘটনাক সহজে ল’ব পৰা নাই শোকস্তব্ধ অঞ্চলবাসীয়ে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদক প্ৰয়াত ফণীধৰ বৰাই জাজৰি থানাত নৱনিৰ্মিত শিৱমন্দিৰৰ নামত সংঘটিত হোৱা দূৰ্নীতি উন্মোচন কৰাৰ বাবেই এইদৰে নিমৰ্ম ভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ’ল তেঁওক। আনকি জাজৰি আৰক্ষী থানাত পূৰ্বে কৰ্মৰত তৰণী এগৰাকীয়েও সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ জাজৰি আৰক্ষীৰ কু-কীৰ্তিৰ বিষয়ে বৰ্ণনা কৰে। ইপিনে ফণীধৰ বৰাৰ বাসগৃহত আজি পুৱাই কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি তথা বিধায়ক ৰকিবুল হুছেইন  প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু কংগ্ৰেছ নেত্ৰী শিৱামণি বৰা উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালবৰ্গক সান্তনা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্তৰ দাবী তোলে। দিনৰ প্ৰায় ১বজাত ফণীধৰ বৰাৰ গৃহত আহি উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়েও পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে ১লাখ টকাৰ এককালীন সাহাৰ্যও প্ৰদান কৰে। আৰক্ষী বিষয়া গৰাকীয়ে ১৫দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাক নিৰ্দেশ দিয়াৰ লগতে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবে চেষ্টা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য শেহতীয়া ভাৱে নগাঁও জিলাত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ দুগৰাকী জোৱানৰ এনে কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে। যোৱা ১৭ মাৰ্চত নগাঁও চহৰৰ ম’হখুলিত আৰক্ষী বিষয়াক মাৰ-পিট কৰি পিষ্টল কাঢ়ি নিয়া ড্ৰাগছ মাফিয়াইমতিয়াজ আলীক আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ইয়াৰ উপৰিও বৰঘাট বাইপাছত আৰক্ষীৰ বাহনত আক্ৰমণ, বটদ্ৰৱাত আৰক্ষীক আক্ৰমণ, কৰৈয়ণীত অগ্নিদগ্ধ কৰি মহিলাক হত্যা কৰা, মৰিকলঙত বাহনসহ অগ্নিদগ্ধ কৰি অঘৰী ব্যক্তিক কৰা নৃশংস হত্যাৰ অন্তৰালত থকা জঘণ্য অপৰাধীক কৰায়ত্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী। সেয়ে জাজৰিত নিৰপৰাধী ব্যক্তিৰ ওপৰত আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে । ইপিনে জাজৰি আৰক্ষীৰ দানৱীয় অত্যাচাত মৃত্যু হোৱা ফণিধৰ বৰাৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা, জাজৰি শ্ৰমিক সন্থা, গাঁওৰক্ষী বাহিনী আৰু জাজৰি প্ৰেছ ক্লাৱৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্বৰ্গীয় ফনীধৰ বৰাক।

দৰঙত এখন বৃহৎ নেমু বাগান মুকলি : মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে । দৰং জিলা একলাখ বৃক্ষ ৰোপন গোটৰো গছপুলি ৰোপণ ।

দৰঙত এখন বৃহৎ নেমু বাগান মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে ।

মঙলদৈ পৰা অজয় ডেকা

এখন বৃহৎ নেমু বাগিচা মুকলি কৰি দৰং জিলা প্ৰশাসনে শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে । শালৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ প্ৰায় ৩ বিঘা জোৰা মাটিৰ ১৬৫ জোপা নেমুগছৰ এই বাগানখনৰ মুকলি কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে৷ অনুষ্ঠানটিত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা উন্নয়ন আয়ুক্ত চুইটি গগৈ কলিতা, জিলা শিক্ষা বিষয়া জোৱাহিৰা তাবাচ্চুম, কলাইগাওঁ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া সমৰেন্দ্ৰ চহৰীয়া, মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝা আৰু অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী তথা ৰাইজ উপস্থিত থাকে । বিধায়ক গুৰুজ্যোতি দাসে অনুষ্ঠানত ভাষণ দি সকলো লোককে পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত গছপুলি ৰোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায় । দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয় যে এই বাগিচাখনে বিদ্যালয়খনক এক সুন্দৰ পৰিৱেশ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দুপৰীয়াৰ আহাৰৰ লগত নেমু পৰিবেশন কৰি তেওঁলোকক ভিটামিন যোগান ধৰিবলৈ সহায় কৰিব । উল্লেখযোগ্য যে আকাংক্ষিত জিলাৰ ড’ণাৰ পুজিৰ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্যৰে  এক পাইলট প্ৰজেক্ট হিচাপে এই নেমু বাগানখন গঢ়ি তোলা হৈছে । ইফালে দৰং জিলা একলাখ বৃক্ষ ৰোপন গোটৰ উদ্যোগটো সভাপতি নিৰঞ্জন শইকীয়া আৰু মুখ্য সম্পাদক মৃদুল কলিতাৰ নেতৃত্বত আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা ৰাতিপুৱাৰ পৰা মঙলদৈ জিলা কাৰাগাৰ, মঙ্গলদৈ সদৰ আৰক্ষী থানা,পাথৰিঘাট আৰক্ষী চকী, জনাৰামচৌকা কে,এন ইণ্ডাষ্ট্ৰীৰ লগতে জিলাখনৰ বহুঠাইত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচী ৰূপায়নত গোটতিক সহযোগ আগবঢ়াই মঙ্গলদৈ ৰাজহ চক্ৰৰ সহকাৰী চক্ৰ বিষয়া অম্বৰীশ বৰা, জিলা কাৰাগাৰ বিষয়া , মঙ্গলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা,পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা, দৰং জিলাৰ বিশিষ্ট উদ্যোগপতি হেমপ্ৰভা দেৱী ,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, প্ৰাক্তন সভাপতি শৰৎ ডেকা, দৰং জিলাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, যুৱ সাংবাদিক অজয় ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ জৰিয়তে গছপুলি ৰোপণ আৰু বিতৰণ কৰে বৃক্ষ ৰোপণ গোটতিয়ে৷যোৱা চেপ্তেম্বৰ মাহৰ পৰাই বৃক্ষ ৰোপন গোটতিয়ে দৰং জিলাৰ বিভিন্ন ঠাইত এতিয়ালৈকে প্ৰায় ৬০ হাজাৰৰো অধিক গছপুলি ৰোপন কৰিছে৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিকৰ গছ পুলি ৰোপন ।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিকৰ গছ পুলি ৰোপন ।

নলবাৰী

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ বৰভাগ অঞ্চলৰ পথৰ দাঁতিত আৰু কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঞিৰ দ্বাৰা আৰক্ষী চকী চৌহদত গছপুলি ৰোপন আৰু সংৰক্ষণৰ ব্যৱস্থা কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক ধীৰাজ কলিতাৰ নেতৃত্বত পৰিষদৰ কমাৰকুছি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা কাৰ্যসূচীটোত সহযোগ আগবঢ়ায় উপ-সভাপতিদ্বয় চিন্ময় পৰাশৰ, ৰাতুল আহমেদ, সাংস্কৃতিক সম্পাদক ৰকিৰাজ, সাংগঠনিক সম্পাদক নুৰ মহম্মদ, প্ৰচাৰ সম্পাদক বিৰু আলী, সদস্য কংকণ কলিতা,  চাজিদ আহমেদ, ময়ুৰ ৰহমানে সহযোগ আগবঢ়ায়। গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ বৰভাগ আঞ্চলিক সমিতিৰ নেতৃত্বই সমূহ জনগনক প্ৰকৃতি-পৰিৱেশক সুৰক্ষা প্ৰদান কৰি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সফল কৰি তুলিবলৈ আহ্বান জনায়।

বিধায়ক শিলাদিত্যৰ পত্নী – পুত্ৰক হোম কোৱাৰেন্টাইন। এন আৰ চিত নাম কটা যোৱা সকলে হোজাইত ৰেলৰ চেইন টানিছিলঃ শিলাদিত্য দেব ।

লংকা 

কালি বিমান যোগে কলিকতাৰ পৰা গুৱাহাটীলৈ অহা  হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ পত্নী আৰু পুত্ৰ ক স্বাস্থ্য বিভাগে আজি বিধায়কজনৰ লংকাৰ জোৰাপুখুৰীস্হিত  নিজ গৃহত হোম কোবাৰেণ্টাইনত  কৰিছে  । বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেন্টাইন কৰা সন্দৰ্ভত বিধায়ক গৰাকীৰ ভাষ্য , এইটো আইনৰ কথা নহয় , ধৰ্মৰ কথা  । কাৰণ আমি অসম আৰু অসমীয়াক বচাব লাগিব । আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমক কৰ’ণা ভাইৰাছৰ পৰা বচাবৰ কাৰণে যি যুঁজ দিছে তাত মোৰো যুঁজ থাকিব লাগিব । মোৰ  পত্নী আৰু ল’ৰা ১৮ মাৰ্চতেই  কলকতালৈ গৈছিল আৰু ২৪ মাৰ্চ ৰ পৰা দেশত লকডাউন  আৰম্ভ হৈ গৈছিল । লকডাউন ‘ৰ মাজতে  ম‌ই  তেওঁলোকক আনিব পাৰিলোহেতেন কিন্তু অনা নাই । যিটো নিয়ম ,  সেইটো মই  পালন কৰিব লাগিব  । আঢ়ৈ  মাহৰ পিছত কলিকতাৰ পৰা যোৱা কালি বিমানৰ জৰিয়তে  তেওঁলোক গুৱাহাটী লৈ আহিল ।  তেওঁলোকৰ সকলো পৰিক্ষাৰ নমুনা সংগ্ৰহ কৰা হৈ গ’ল । নিশা হোজাইৰ ঘৰ আহি পালে আৰু  ১৪ দিনৰ হোম কোৱান্টাৰাইন তেওঁলোকে পালন কৰিব লাগিব ।  লংকাৰ জোৰা পুখুৰীৰ মোৰ নিজ  গৃহত তেওঁলোকক বৰ্তমান হোম কোৱাৰেন্টাইন কৰি ৰখা হৈছে । লগতে বিমানৰ পৰা তেওঁলোকক আনিবলৈ যোৱা চালক জনকো হোম কোৱাৰেন্ন্টাইনত ৰখা হৈছে  । সংবাদ মাধ্যমৰ সৈতে হোবা কথা-বতৰাত বহু বিতৰ্কিত  বিধায়ক জনে আৰু কয় যে  এন আৰ চিত নাম কটা যোৱা  মানুহ খিনিয়েই হোজইত ৰেলৰ চেইন টানিছে  । যিসকলে নিজক অসমীয়া বুলি নাভাবে , বিদেশী বুলি ভাবে তেওঁলোকে ধংস কৰিব বিচাৰিছে অসম খনক । নহলে তেওঁলোকে এনে অপৰাধমুলক কাম নকৰে । হোজাই লৈ কোনে আনিছে কʼৰণা ভাইৰাছ  ? এতিয়া আমি অসমত সকলোতকৈ বেছি কʼৰণা  সংক্ৰমিত ঠাই হিচাপে চিহ্নিত হৈ গৈছো । মোৰ লাজ লাগিছে  । ম‌ই আগতেই কৈ আছিলো যে অসমত বাংলাদেশী মুছলমান মানুহ আছে আমি এতিয়াহে প্ৰমাণ পাইছো ।

বিস্ফোৰণৰ নৱম দিনলৈকে অনিয়ন্ত্ৰিত অৱস্থাত বাঘজান তৈলখাদ : জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি পাঁচ শতাধিক জনতাৰ প্ৰতিবাদী সমদল ।

বাঘজান তৈলখাদ বিস্ফোৰণ : জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি পাঁচ শতাধিক জনতাৰ প্ৰতিবাদী সমদল ।

ডিৰাক সীমান্ত, 

শ শ অসমীয়াৰ জন জীৱনকলৈ হেতালী খেলিছে অইল ইণ্ডিয়া কতৃপক্ষই ৷ চৰকাৰেও ভাও ধৰিছে চকুমুদা কুলিৰ ৷ যাৰ পৰিণতিত সকলো থাকিও বিগত ৯ টা দিনে জীৱনৰ মোহত আশ্ৰয় শিৱিৰত থকা শ শ ৰাইজে আজি প্ৰতিকুল বতৰকো নেউচি বাহিৰ কৰিলে প্ৰতিবাদী সমদল ৷ অনিশ্চয়তাত ভূগিছে ৰাইজ ৷ গতিকে প্ৰতিকুল বতৰকো নেওচি অইল ইণ্ডিয়াৰ বিৰুদ্ধে ওলাই আহিল প্ৰায় পাঁচ শতাধিক জনতা ৷ বাঘজানত ২৭ মাৰ্চৰ পূৱা বি জি আৰ ৫ নং তৈলখাদ বিস্ফোৰণ হোৱা আজি নৱম দিনটো অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছে গেছ আৰু তেল ৷ বিপদাপন্ন হৈ পৰা জীৱকুল, মৎস্যকুল তথা জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ক্ৰমে শেষহৈ গৈছে ৷ আনহাতে আজিলৈকে বিস্ফোৰিত তেলখাদটো নিয়ন্ত্ৰণৰো কোনো বিশেষ ব্যৱস্থা লোৱা নাই অইল ইণ্ডিয়া নতুবা চৰকাৰে ৷ ইয়াৰ পৰিবৰ্তে কালি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অইল ইণ্ডিয়া, চৰকাৰ আৰু ৰাইজৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্তসমূহ লিখিত প্ৰতিশ্ৰুতি হিচাপে ৰাইজে বিচৰাত তাক আজি দুপৰিয়ালৈকে ৰাইজ বা যুৱ সংঘৰ হাতত প্ৰদান নকৰাত ৰাইজ অসন্তুষ্ট হৈ প্ৰতিবাদত নামি পৰে ৷ ৰাইজৰ প্ৰতিবাদৰ ভাষা যদি অইল আৰু চৰকাৰে সময়ত বুজি নাপাই তেন্তে  জনতাই বিস্ফোৰিত তেলখাদটোতে আত্মজাহ দিয়াৰ ভাবুকি প্ৰদান কৰিছে ৷ এনেদৰে পৰিৱৰ্তিতভাবে তেল সংমিশ্ৰিত গেছ নিৰ্গমন হৈ থাকিলে অনাগত দিনত অধিক জংগী আন্দোলন হ’ব সেয়া নিশ্চিত ৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ বৃক্ষ ৰোপণ আৰু বিতৰণ ।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ বৃক্ষ ৰোপণ আৰু বিতৰণ ।

গুৱাহাটী: 

বিশ্ব পৰিবেশ দিৱস উপলক্ষে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত অসমবাসী ৰাইজক একোডালকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান প্ৰতি সহাঁৰি জনাই জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে  গনেশ মন্দৰিৰ গনেশ উদ্যান খেলপথাৰকে ধৰি দিছপুৰ অঞ্চলৰ বিভিন্ন খালি ঠাইত অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰাৰ ওপৰিও শতাধিক ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে।জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্রী কৰৱী বৰশইকীয়া, সম্পাদক দিপাংকৰ মেধি,কাৰ্যকৰী সভানেত্রী হালিমা বেগম,সদস্য মিন্টু হাজৰিকা,লীনা গগৈ আদিৰ উপস্থিতত এই বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।  বিবৃতিটোত জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্রী কৰৱী বৰশইকীয়াই প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সকলোকে সজাগ সচেতন হ’বলৈ আহ্বান জনাই  কয় যে,বিশ্বত জলবায়ুৰ উষ্ণতা বৃদ্ধি মুলতে হ’ল প্ৰকৃতিৰ ধংসলীলা। প্ৰকৃতিৰ এই ধংস লীলা অব্যাহত থাকিলে মানৱ সমাজলৈ শীঘ্ৰে চৰম বিপৰ্য্যয় নামি আহিব।প্ৰকৃতি ধংসৰ বাবেই তথা জলবায়ুৰ  উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বতৰৰ তাৰতম্য সঘনাই ঘটিবলৈ লৈছে। জলবায়ুৰ উষ্ণতা হ্ৰাসৰ একমাত্র উপায় হ’ল বৃক্ষ ৰোপণ।বৃক্ষ ৰোপণে পৰিবেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ উপৰি মানুহক স্বাৱলম্বী কৰি তুলিব পাৰে।জাফাৰ নেত্রীগৰাকীয়ে কয় যে,বৃক্ষ ৰোপণৰ বাবে বিশ্ব পৰিবেশ দিৱসলৈ বাট নাচাই বছৰটোত যিকোনো দিনতেই আমি সকলোৱে বৃক্ষ ৰোপণ কৰা উচিত।কিয়নো গছ থাকিলেহে মানুহ থাকিব।