Home Blog Page 3333

লকডাউন ৪.০ শেষৰ দিনা প্রধানমন্ত্রীৰ ‘মন কি বাত’ : নতুন শত্ৰুৰ মুখামুখি হৈছে দেশ ।

অনলাইন বাৰ্তা,

লকডাউন ৪.০ শেষৰ দিনা প্রধানমন্ত্রীৰ ‘মন কি বাত’ত ক’ৰোনা যোদ্ধাক প্ৰশংসা কৰাৰ লগতে এই ভাইৰাছৰ চিকিৎসাত আয়ুৰ্বেদৰ ভূমিকা, প্ৰৱজিত শ্ৰমিকৰ দুৰ্দশাৰ পৰা আৰম্ভ কৰি আমফামৰ তাণ্ডৱ আদি প্ৰকাশ পায় প্ৰধানমন্ত্ৰীৰ মনৰ কথাত৷ প্ৰধানমন্ত্ৰীয়ে আশংকা প্ৰকাশ কৰে দেশৰ নতুন প্ৰত্যাহ্বানক লৈ৷ পতংগই ক্ষতি কৰাক লৈ দেশবাসীক সতৰ্ক কৰে প্ৰধানমন্ত্ৰীয়ে৷ সেই হানীকাৰক পতংগক লৈ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা হৈছে সেই সম্পৰ্কত একো নক’লে প্ৰধানমন্ত্ৰী মোডীয়ে৷ আজি মনৰ কথাত অৱশ্যে পশ্চিম বংগ আৰু ওড়িশ্যাক তেওঁ প্ৰশংসা কৰে৷ দুয়োখন ৰাজ্য যিদৰে আমফামৰ তাণ্ডৱ মোকাবিলা কৰিছে তাক নিঃসন্দেহে সাহসিকতাৰ পৰিচয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে তিনি মাহ ধৰি দেশত ক’ৰোনাৰ সংক্ৰমণ চলি আছে৷ লকডাউন দি সংক্ৰমণৰ গতি কমোৱাৰ চেষ্টা কৰিছে কেন্দ্ৰ আৰু ৰাজ্যই৷ ইয়াত সফলতা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ ক’ৰোনাৰ বাবে ব্যাপক ক্ষতি হৈছে৷ নতুন শত্ৰুৰ মুখামুখি হৈছে দেশ৷ মানুহক ভাতে মৰাত পাকিস্তান উপস্থিত হৈছে জাক জাক পতংগৰে৷ মধ্য আৰু উত্তৰ ভাৰতৰ ৰাজ্যবোৰৰ কৃষক আৰু কৃষি বিষয়াসকল কাৰ্যত এই পতংগবোৰক লৈ ব্যস্ত হ’ব লগা হৈছে৷ ইতিমধ্যে বিপুল পৰিমাণৰ ফচল ক্ষতি কৰিছে পতংগই৷ এই পতংগ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক চিন্তাত ৰাখিছে বুলি স্পষ্ট হৈ পৰে৷ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণত প্ৰকাশ পায় এই আতংকৰ কথা৷ মানুহৰ দুৰ্দশাৰ কথা৷ কিন্তু এই শত্ৰু মোকাবিলা হ’ব কোন পথত, কেন্দ্ৰই কি কি ব্যৱস্থা লৈছে সেই সম্পৰ্কে এটাও শব্দ নকৰিলে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, ভাৰতৰ বিভিন্ন এলেকাত পতংগই ক্ষতি কৰিছে৷ ইয়াৰ লগতে তেওঁ কয়, নতুন নতুন আবিষ্কাৰৰ মাজেৰে আমি আমাৰ লোকচান পুৰাব লাগিব৷ পতংগক লৈ প্ৰশাসনৰ সলনি গাঁওবাসীক সতৰ্ক হ’বলৈ বাৰ্তা দিলে প্ৰধানমন্ত্ৰীয়ে৷ যেতিয়ালৈকে পতংগই হানী কৰি থাকিব তেতিয়ালৈকে গাঁওবাসী সতৰ্ক থাকিব লাগিব বুলি তেওঁ কয়৷ আজি অৱশ্যে পশ্চিম বংগ আৰু ওড়িশ্যা চৰকাৰ আৰু জনগণৰ প্ৰশংসাত পঞ্চমুখ আছিল নৰেন্দ্ৰ মোডী৷ তেওঁ কয়, আমফামত ছাৰখাৰ হৈছে পশ্চিম বংগ আৰু ওড়িশ্যা৷ ব্যাপক ক্ষতিৰ৷মুখত পৰিছে দুয়োখন ৰাজ্যৰ কৃষক৷ মই পাছত দুয়োখন ৰাজ্য পৰিদৰ্শন কৰিছিলো৷ তাত মানুহে যিদৰে পৰিস্থিতিৰ মোকাবিলা কৰিছে তাত নিঃসন্দেহে সাহসিকতৰ পৰিচয়৷ আনহাতে ক’ৰোনা মোকাবিলাত দেশবাসীক যোগ আৰু প্ৰাণায়াম কৰিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰাণায়ম হ’ল মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষাৰ মোক্ষম অস্ত্ৰ৷ এই উপায় দিলে প্ৰধানমন্ত্ৰীয়ে৷ লকডাউনৰ চতুর্থ পৰ্যায়ৰ মন কি বাত অনুষ্ঠানত দেশবাসীক শৰীৰ চৰ্চাত উৎসাহিত কৰি প্ৰতিযোগিতাত অংশ ল’বৰ বাবে আহ্বান জনায়৷ আজি মন কি বাত অনুষ্ঠানত সেই পৰামর্শ দি মোডীয়ে কয়, শৰীৰেই হ’ল মন্দিৰ৷ সেই মন্দিৰৰ গুৰুত্ব দিয়া প্রয়োজন৷ ইয়াৰ লগতে প্রাণায়াম আৰু যোগ কৰাৰ বিষয়ে গুৰুত্ব দি সেই দিশত দৃষ্টি আকৰ্ষণ কৰিবলৈ চালে প্ৰধানমন্ত্ৰীয়ে৷ তদুপৰি পৰামৰ্শ দিয়ে ক্ষান্ত নহ’ল প্ৰধানমন্ত্ৰী মোডী৷ দেশবাসীক উজ্জীৱিত কৰোতে তিনি মিনিটৰ ভিডিঅ’ বাণীৰে আয়ুর্বেদ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ লকডাউনৰ পঞ্চম পৰ্যায় আৰম্ভ হোৱাৰ আগেয়ে মাৰাত্মক ভাইৰাছ ৰোধত অধিক সতৰ্ক হোৱাৰ পৰামৰ্শ দিয়ে মোডীয়ে৷ সামাজিক বিধি ভুল নাযাবলৈ কয়৷ লকডাউনৰ সময়ত হাজাৰ হাজাৰ প্ৰৱজিত শ্ৰমিকে ঘৰলৈ ঘুৰি যোৱা, দুৰ্ঘটনাত পৰা আদিৰ বিষয়ে বিৰোধীয়ে প্ৰশ্ন কৰি আছিল৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে তেওঁৰ চৰকাৰে এই শ্ৰমিকসকলৰ বাবে ভাবিছে৷ আজি মন কি বাত অনুষ্ঠানত বিভিন্ন ৰাজ্যত কাম কৰা শ্ৰমিকৰ বাবে একাধিক পদক্ষেপৰ কথা জনায় মোডীয়ে৷ ক’ৰোনা মোকাবিলাত যিদৰে সমগ্ৰ দেশ একত্ৰিত হৈছে তাক লৈ মোডীয়ে প্ৰশংসা কৰে৷ আর্থিক সাহায্যৰ পৰা দৰিদ্ৰৰ বাবে খাদ্য সামগ্ৰী দিয়া, মাস্ক তৈয়াৰ কৰা আদি সকলো ক্ষেত্ৰতে উদ্যোগী দেশবাসী৷ যাৰ কাৰণে ভাৰতীয় নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে মোডীয়ে৷ প্ৰৱজিত শ্ৰমিকৰ বাবে দুঃখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, পেটৰ দয়াত বিভিন্ন ৰাজ্যত কাম কৰিবলৈ যোৱা শ্ৰমিকে যি কষ্টৰ মাজেৰে দিন কটাইছে সেয়া কোনে নাজানে৷ এনে কোনো নাই যি তেওঁলোকৰ কষ্ট অনুভৱ কৰিব পৰা নাই৷ তেওঁলোকৰ দুঃখ দূৰ কৰাত চৰকাৰ উদ্যোগী৷ তেওঁলোকে নিজৰ ঠাইতে কামৰ সুযোগ পায় সেই ব্যৱস্থা কৰাৰ চেষ্টা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়৷

শিমলুগুৰিত আজি পুনৰ শ্ৰমিক ৰেলৰ পৰা নামিল ৯ যাত্ৰী

নাজিৰা  : 

বহিঃৰাজ্যৰ পৰা অসমলৈ আহি থকা বিশেষ শ্ৰমিক এক্সপ্ৰেছৰ পৰা আজি শিমলুগুৰি জংচনত ৯ গৰাকী শ্ৰমিক নামেহি ৷ সন্ধিয়া ৬ বজাত আহি পুৱা শ্ৰমিক এক্সপ্ৰেছৰ পৰা নাজিৰাৰ ৫ জন আৰু শিৱসাগৰৰ ৪ গৰাকী শ্ৰমিক নমাৰ লগে লগে প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টীন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷ আজি শিমলুগুৰিৰ জংচনত অসমৰ দুৰ্যোগ ব্যবস্হাপন বিভাগৰ মন্ত্ৰী যোগেন মহল উপস্থিত হৈ পৰ্যবেক্ষণ কৰে আৰু জনসাধাৰণক সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান জনাই কয় চৰকাৰে প্ৰাৰ্যমানে সহায় সহযোগিতা আগবঢ়াব ৷

টিংখাঙৰ কোৱাৰেণ্টাইন শিৱিৰৰ ১৩ গৰাকীক বিদায় ।

টিংখাং

বহি: ৰাজ্যৰ পৰা আহি সাত দিন কোৱাৰেণ্টাইন শিৱিৰত থকাৰ অন্তত আজি ১৩ জন ব্যক্তিক নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া হ’ল। তেওঁলোকে আগন্তুক সাত দিন নিজ গৃহত স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নীতি নিয়ম পালন কৰি হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি জানিব পৰা গৈছে।কোৱাৰেণ্টাইনত থকা লোকসকলৰ সুস্হতা কামনা কৰি টিংখাং সমষ্টি পৰ্যায়ৰ হোম কোৱাৰেণ্টাইন সমিতি কৰ্মকৰ্তাৰ উপস্থিতিত বিধায়ক বিমল বড়াই বিদায় জনায়।কোৱাৰেণ্টাইৰ পৰা যাবলৈ দিয়া সকল হৈছে জাষ্টিন কেৰকেটা(টিংখাং চাহ বাগিছা),জেটন তিৰ্কী(টিংখাং চাহ বাগিছা),জিৰাম লাকৰা(টিংখাং চাহ বাগিচা),কৰণ গড়াইত(টিংখাং চাহ বাগিছা),বিশাল খালখ(টিংখাং চাহ বাগিচা),আনিছ টিৰ্কী(টিংখাং চাহ বাগিছা),বাবলু বাচকী(টিংখাং চাহ বাগিছা),বিকি এক্কা(ঔগুৰি), টিংখাং,কৃষ্ণ গড়, মাহমৰা ভৰালী পুখুৰী),আছিফ হুছেইন(ৰাজগড়),হামিড ৰহমান(ৰাজগড়),আচলাম আলি (ৰাজগড়) আৰু বহাগী মেছ(চোৰাটনি বাম)।এই ব্যক্তিসকল সমষ্টিটোৰ শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন শিৱিৰত আছিল।

গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহক কন্যকাৰ আদৰ্শ প্ৰতিজন বিধায়কে লোৱা উচিত ৷ কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ দিশত বিধায়ক পদ্ম হাজৰিকাই নেতৃত্ব লঁওক – ৰূপক শৰ্মা ৷

কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ দিশত বিধায়ক পদ্ম হাজৰিকাই নেতৃত্ব লঁওক-ৰূপক শৰ্মা ৷

জামুগুৰিহাটঃ

গ্ৰাম্য অৰ্থনীতিৰ ধবজাবাহকস্বৰূপ জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামৰ গুৰিধৰোতা বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ আদৰ্শ ৰাজ্যজুৰি বিয়পোৱাৰ ক্ষেত্ৰত নেতৃত্ব লঁওক৷যাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলে স্বাৱলম্বীতাৰ পথ বিচাৰি পোৱাত যথেষ্ট সুবিধা হ’ব৷কন্যকাৰ পৰিৱেশে মোক যথেষ্ট আপ্লুত কৰিলে৷সু-সংগঠিত ৰূপত যুৱক যুৱতীসকলক একত্ৰিত কৰি আত্মনিৰ্ভৰশীল হ’বৰ বাবে বিধায়ক পদ্ম হাজৰিকাই যি এক বিপ্লৱৰ সুচনা কৰিছে এয়া ৰাজ্যখনৰ প্ৰতিজন বিধায়কৰ বাবেই আদৰ্শস্বৰূপ হঁওক৷এই মন্তব্য নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ৷আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা জামুগুৰিহাটৰ জীয়াভৰলী কন্যকা কৃষি পাম পৰিদৰ্শন কৰি এইদৰে সাংবাদিকৰ আগত কয় বিধায়কগৰাকীয়ে৷পুৱা ৯ বজাতেই আহি সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই সু-সংগঠিত ৰূপত গঠণ কৰি দিয়া গোটসমুহৰ দ্বাৰা গো-পালন,মৎস্য পালনৰ পদ্ধতি পৰিদৰ্শণ কৰাৰ পাছতেই প্ৰতিটো পঞ্চায়ততে গোটসমুহে লোৱা দীৰ্ঘম্যাদি কৰ্মসুচী প্ৰত্যক্ষ কৰে৷প্ৰায় ২০ জনীয়া এটি দল লৈ অহা বিধায়কগৰাকীয়ে পৰৱৰ্তী সময়ত জামুগুৰিহাটৰ কন্যকাৰ গামোচা উদ্যোগ,খাটি সৰিয়হৰ মিঠাতেলৰ উদ্যোগ,পশুৰ খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ আৰু জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পাম পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে৷জীয়াভৰলীৰ দাঁতিচৰত প্ৰায় দুই হাজাৰ বিঘা মাটিৰে আগুৰা কন্যকাৰ বুকুত ষ্ট্ৰবেৰীৰ খেতি,কলৰ বাগান,নাৰিকল,তামোলৰ বাগান,জিকা,বদিমাহ,ৰঙালাও,নহৰু,পিয়াজ,বিহ জলকীয়া,গোমধান,মাকৈ আদি উৎপাদিত ফচল স্বচক্ষে দেখি উৎফুল্লিত হৈ পৰাৰ লগতে কন্যকাৰ গো-পালন,মহ পালন,মৎস্য পালন,মাছৰ পোনা উৎপাদন আদিবোৰো পৰিদৰ্শন কৰে৷পৰৱৰ্তী সময়ত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত  সম্বোধন কৰা এক সাংবাদিক মেলত বিধায়ক ৰূপক শৰ্মাই কয় বহুদিনৰপৰাই কন্যকাৰ কথা শুনি আহিছিলো আৰু আজি সেই আশা আজি পূৰণ হ’ল বুলিও উল্লেখ কৰে৷কন্যকাৰ এই কৃষি বিপ্লৱ আৰু অৰ্থনৈতিক বিপ্লৱ ৰাজ্যজুৰি বিয়পি পৰিলে চতিয়া সমষ্টিৰ চাৰিহাজাৰ নিবনুৱা যুৱতী আত্মনিৰ্ভৰশীল হৈ উঠাৰ দৰেই আন সমষ্টিসমুহতো নিবনুৱাসকল স্বাৱলম্বী হোৱাৰ দিশত উপকৃত হ’ব বুলি দৃঢ়তাৰে কৈ চতিয়া সমষ্টিৰ কন্যকাৰ এই আদৰ্শ নগাঁও সমষ্টিতো গঢ় দিয়াৰ দিশত বিধায়ক পদ্ম হাজৰিকাৰ সহায় সহযোগীতা বিচাৰে বিধায়ক শৰ্মাই৷কন্যকা পৰিদৰ্শন কৰি বিধায়ক ৰূপক শৰ্মাৰ এনে উৎসাহজনক মন্তব্য আৰু কন্যকাৰ দৰেই নগাঁও সমষ্টিত কৃষিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিবৰ বাবে বিচৰা সহায় নিতান্তই থাকিব বুলিও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই৷উল্লেখ্য যে কন্যকা কৃষি পামৰ জৰিয়তেই বহু নিবনুৱাই কৰ্মসংস্থাপনৰ পথ লাভ কৰাৰ উপৰিও পামখনত উৎপাদিত কৃষিজাত সামগ্ৰীয়েও ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ইয়াৰোপৰি কন্যকা বহুমুখী পামতেই গো-পালন,গাহৰী পালন,মৎস্য পালনৰ জৰিয়তে বহু নিবনুৱা কৰ্মমুখী হোৱাৰ উপৰিও গাখীৰ,মাছ,মাংস বিক্ৰী কৰিও স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে৷তাৰোপৰি ১০ জনীয়াকৈ পৃথকে পৃথকে মুঠ চাৰিশ গোট গঠণৰ পিছত ৪ হাজাৰ যুৱকেও কন্যকাৰ জৰিয়তেই স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে ৷

আৰক্ষীলৈ গামোচা গড়গাঁও সৰ্বোদয় সমাজৰঃ কভিড যোদ্ধালৈ প্ৰেৰণা ।

আৰক্ষীলৈ গামোচা গড়গাঁও সৰ্বোদয় সমাজৰ

নাজিৰাঃ

ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙৰ কাষত প্ৰতিষ্ঠিত মূক্তি-যোদ্ধাসকলৰ স্বতন্ত্ৰ গ্ৰামসভাৰ পৰিয়ালবৰ্গৰ হৈ ৩১ মে’ৰ দুপৰীয়া নাজিৰা আৰক্ষী থানাৰ আৰক্ষীৰ লোকসকলক এখনি প্ৰশংসা পত্ৰ সহ একোখনিকৈ জাতীয় জীৱনৰ চানেকি স্বৰূপ ফুলাম গামোচাৰে অভিনন্দন যচা হয়. । এই উপলক্ষে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ দুৱাৰ মুখত চক্ৰ আৰক্ষী বিষয়া দীপক সূত্ৰধৰ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তসহ আৰক্ষী বিষয়া আৰু জোৱান সকলে এই অভিবাদন গ্ৰহণ কৰে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আচাৰ্য্য বিনোৱা ভাৱেৰ আদৰ্শেৰে অগ্ৰসৰ হোৱা ভূমি দান আৰু মহামানৱ মহাত্মা গান্ধীৰ সৰ্বোদয় আন্দোলনৰ দৰ্শন আৰু স্মৃতি বিজড়িত গড়গাঁও সৰ্বোদয় সমাজ গ্ৰামদান গ্ৰামসভাৰ প্ৰচেষ্টাক প্ৰেৰণা বুলি গ্ৰহণ কৰি কৃতজ্ঞতা প্ৰকাশ কৰে । সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ, সম্পাদক প্ৰণৱ খাটনীয়াৰে পৰিচালনা কৰা অনুষ্ঠানত সংবাদ-কৰ্মী ধ্ৰুৱজ্যোতি সন্দিকৈ, ভাস্কৰজ্যোতি বৰগোহাঁই উপস্থিত থাকে  ।ইয়াৰ পূৰ্বে মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰক তেওঁৰ কাৰ্য্যলয়ত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দুৱৰা সহ আৰক্ষী সকলক শিমলুগুৰি থানা চৌহদত গামোচা পৰিধান কৰোৱা হয় । সৰ্বোদয় সমাজে আৰক্ষীৰ দক্ষতা আৰু সততাৰে কভিদ যুদ্ধত জয় লাভ কৰি জনতাক সুৰক্ষিত কৰি যাব বুলি আশা ব্যক্ত কৰে  । 

দেৱাশীষ,প্ৰণৱজ্যোতিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী তাই আহোম জাতীয় পৰিষদৰ।

টিংখাংঃ

 যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাত একাংশ উম্মুক্ত লোকে দেৱাশীষ গগৈ নামৰ উদীয়মান যুৱক এজনক পাশৱিক অত্যাচাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰা কাৰ্যক তাই আহোম জাতীয় পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে।ঘটনাটোৰ লগত জড়িত দোষী অতি শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ তাই আমোম জাতীয় পৰিষদে চৰকাৰক দাবী জনাইছে।আনহাতে চাবুৱাৰ পৰাগজ্যোতি  নেওগ নামৰ যুৱকজনৰ হত্যাকাৰীসকলকো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে এক বিবৃতিযোগে দাবী কৰিছে।সংগঠনটোৱে দুয়োজন যুৱকৰ অকাল মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।ৰাজ্যখনৰ শেহতীয়া সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ সুযোগ লৈ এটা অশুভ চক্ৰই জাতি জনগোষ্ঠীৰ মাজত সংঘাতময় পৰিস্থিতি সৃষ্টি কৰিবলৈ অহৰহ প্ৰচেষ্টা চলোৱাৰ অভিযোগ কৰি অশুভ চক্ৰটোক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ তাই আহোম জাতীয় পৰিষদে কঠোৰভাৱে সকীয়নি প্ৰদান কৰিছে।লগতে অশুভ চক্ৰটোৰ বিৰুদ্ধে সংশ্লিষ্ট সকলো সচেতন মহলক জাগ্ৰত হ’বলৈ আহবান জনাইছে। উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজ্যখনত সাম্প্ৰদায়িক ঘটনাৰ দৰে কেবাটা বিক্ষিপ্ত ঘটনাত বহুকেইজন লোকৰ প্ৰাণ হানি হৈছে।ৰাজ্য চৰকাৰক এনেধৰণৰ ঘটনাক কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ গন্ধীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই দাবী কৰিছে।

বাতিল হ’ল মূখ্যমন্ত্ৰীৰ হোজাই ভ্ৰমণ । বানক্ৰান্তৰ বুজ ল’বলৈ হোজাইলৈ অহা কথা আছিল মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।

লংকাঃ

 আজি হোজাই জিলাৰ বানাক্ৰান্ত সকলৰ বুজ ল’বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অহা কথা আছিল যদিও ,বহি: ৰাজ্যৰ পৰা শ্ৰমিক ৰেলযোগে হোজাইলৈ দুই হাজাৰ লোক অহাক লৈ বাতিল কৰা হয় মূখ্যমন্ত্ৰীৰ হোজাই ভ্ৰমণ । বিধায়ক শিলাদিত্য দেবে সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰসংগত জনাই এই কথা ।লগতে তেওঁ কয় যে , বিশেষকৈ আজি ৰেলখনত মুম্বাইৰ পৰা মানুহ আনি থকা হৈছে আৰু তাৰ বাবে প্ৰস্তুত হৈ আছে জিলা প্ৰশাসন । ৰেলত অহা যমুনামুখ সমষ্টিৰ লোক সকলক হোজাইত নাৰাখি যমুনামুখত ৰাখিবলৈ তেওঁ নিজে অনুৰোধ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ।

নিজ গৃহলৈ যোৱাৰ অনুমতি ১৮ গৰাকী যুৱকক ৷

নিজ গৃহলৈ যোৱাৰ অনুমতি ১৮ গৰাকী যুৱকক ৷

জামুগুৰিহাট পৰা জোন বৰাঃ

দেশৰ জটিল সময়ত বহি:ৰাজ্যৰপৰা উভতি আহি পোৱা ক্ষণটোত তোমালোকৰ চকুত দেখা পোৱা সেই চিন্তাৰ বিপৰীতে আজি এই মুহুৰ্তত মই তোমালোকৰ মুখত হাঁহি আৰু চকুত আশাৰ বাৰ্তা দেখা পাইছো ৷ মহামাৰী সদৃশ অদৃশ্য কৰ’নাৰ বিৰুদ্ধে হোৱা এই যুঁজখনত আমি জয়ী হ’বই লাগিব৷তাৰ সমান্তৰালকৈ আমি এতিয়াৰপৰাই পথাৰ আৰু বজাৰ দখল কৰাৰ পণ ল’বও লাগিব ৷ তেতিয়াহে আমি অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হোৱাৰ লগতে দেশ তথা জাতিৰ হকে কাম কৰিব পাৰিম৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷কালি বিয়লি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেন্টাইন চেন্টাৰৰপৰা ১৮ গৰাকী যুৱকক স্বাস্থ্যবিভাগে নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া এক কাৰ্য্যসুচীত উপস্থিত থাকি যুৱকসকলক উদ্দেশ্যি এইদৰে কয় বিধায়ক পদ্ম হাজৰিকাই৷বিধায়ক গৰাকীৰ প্ৰচেষ্টাত তাৎক্ষণিকভাৱে তৈয়াৰ কৰি উলিওৱা সমষ্টিৰ ৫টা কোৱাৰেন্টাইন চেন্টাৰৰ ভিতৰত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰটোও অন্যতম৷এই কোৱাৰেন্টাইন চেন্টাৰটোত বহি:ৰাজ্যৰপৰা অহা ৭৯ গৰাকী যুৱক কোৱাৰেন্টাইন হৈ আছিল যদিও কালি ১৮ গৰাকীৰ ১৪ দিনৰ কোৱাৰেন্টাইনৰ সময় শেষ হোৱাত তেঁওলোকক স্বাস্থ্যবিভাগে নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰে৷ইয়াৰ লগে লগে চেন্টাৰটোত বৰ্তমান ৬১ গৰাকী যুৱক কোৱাৰেন্টাইন হৈ আছে৷শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত লীজা তালুকদাৰ,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতী,মহকুমা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱা,জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈ,স্বাস্থ্যকৰ্মীকে ধৰি বিভাগীয় লোকসকল উপস্থিত থকা অনুষ্ঠানটোত নিজ গৃহলৈ যোৱাৰ অনুমতি লাভ কৰা প্ৰতিগৰাকী যুৱকক পুণৰ ১৪ দিনৰ বাবে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীভৰ্তি টোপোলা পূৰ্ৱৰদৰেই যোগান ধৰে বিধায়ক হাজৰিকাই৷উল্লেখ্য যে যোৱা ২৮ মে’ৰ দিনাও জামুগুৰি বাৰেচহৰীয়া সাংস্কৃতিক ভৱণৰ কোৱাৰেন্টাইন চেন্টাৰৰপৰা ৩২ গৰাকী যুৱকক ১৪ দিনৰ কোৱাৰেন্টাইন সমাপ্ত হোৱাত নিজ গৃহলৈ যোৱাৰ অনুমতি দিছিল স্বাস্থ্যবিভাগে৷প্ৰণিধানযোগ্য যে বৰ্তমান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ৬১ গৰাকী আৰু বাৰেচহৰীয়া সাংস্কৃতিক ভৱণ কোৱাৰেন্টাইন চেন্টাৰত ৪২ গৰাকী লোক কোৱাৰেন্টাইনত আছে ৷

লংকা বন বিভাগৰ অভিযানত উদ্ধাৰ হৰিণা মাংস সহ পাঁচটাকৈ হস্ত নিৰ্মিত বন্দুক ।

লংকা বন বিভাগৰ অভিযানত উদ্ধাৰ হৰিণা মাংস সহ পাঁচটাকৈ হস্ত নিৰ্মিত বন্দুক ।

লংকাঃ

আজি  লংকাৰ নখূটী বন কাৰ্য্যলয়ৰ অন্তৰ্গত চাৰ্থেগাওত উদ্ধাৰ হয় হৰিণা মাংস সহ হস্ত নিৰ্মিত পাঁচটাকৈ বন্দুক । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ নখুটী বন কৰ্মীৰ নিয়মীয়া তহলদাৰীত  লামডিং সংৰক্ষিত বনাঞ্চলৰ সমিপৰ নখুটীৰ চাৰ্থেগাওৰ পৰা উদ্ধাৰ কৰে ২০ৰ পৰা ২৫ কেজি হৰিণৰ মাংস সহ পাঁচটা হস্ত নিৰ্মিত বন্দুক । উল্লেখ যে, তিনিজন চোৰাং চিকাৰীয়ে  হৰিণাৰ  মাংস কাটি থকা অৱস্থাত বন কৰ্মী লোক ঘটনাস্হলীত উপস্হিত হয়  যদিও বন কৰ্মীৰ চকুত ধূলী মাৰি পলাই সাৰিবলৈ সক্ষম হয় তিনি চোৰাং চিকাৰী । পিছত লংকা আঞ্চলিক বন কৰ্মী ঘটনা স্হলীত উপস্হিত হৈ চোৰাং চিকাৰী কেইজন বিৰুদ্ধে নখুটী আৰক্ষী চকীত এজাহাৰ দিয়াৰ লগতে মাংস আৰু বন্দুক কেইটা লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়লৈ লৈ আহে ।

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

নাজিৰা পৰা দিলীপ হাজৰিকাঃ

অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সঘন শিৰোনাম দখল কৰি থকা সময়তে শিৱসাগৰ জিলাৰ  এখন গাওঁ পঞ্চায়তে হাতত লোৱা উন্নয়নমূলক আঁচনিয়ে এতিয়া জনসাধাৰণৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে | উল্লেখযোগ্য যে, সমষ্টিটোৰ  নামতিৰ দিকচু গাঁও পঞ্চায়তখনে নিজাববীয়াকৈ উপাৰ্জনৰ এক ব্যতিক্ৰমী পথ বাছি লৈছে । বৰ্তমান অগপৰ দখলত থকা গাঁও পঞ্চায়তখনত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ পৰামৰ্শত এনে এক ইতিবাচক কৰ্মসম্পন্ন কৰি তুলিছে পঞ্চায়তখনৰ সভাপতি সঞ্জীৱ বৰা আৰু সৰ্তীথসকলে । পঞ্চায়তখনে আবাদী হৈ পৰি থকা চাৰি বিঘা ভূমিত পাঁচ হাজাৰ  মাটিকঁঠাল আৰু পাঁচ হাজাৰ সাঁচি পুলি ৰোপন কৰি  আদৰ্শৰ বাট দেখুৱাবলৈ সক্ষম হৈছে | সমান্তৰালকৈ ৰোপণ কৰিছে শতাধিক জলকীয়াৰ পুলি লগতে আন বিভিন্ন ধৰণৰ ফলমূলৰ পুলি | ইতিমধ্যে মাটিকঁঠাল বিলাক পুৰঠ হবলৈ আৰম্ভ কৰিছে | যথেষ্ট চাহিদা থকা এই মাটি কঁঠালৰ আহাৰ মাহৰ শেষৰ ভাগত বিক্ৰী কৰি পঞ্চায়তখনে এক বৃহত অংকৰ ধন লাভ কৰিব বুলি পঞ্চায়তৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিছে | উক্ত খেতিত গাঁওপঞ্চায়তখনৰ বহুকেইগৰাকী পুৰুষ মহিলাই এনৰেগা অাঁচনিৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে | নাগালেণ্ডৰ পৰা অনা বীজেৰে কৰা এই মাটি কঁঠালৰ উৎপাদনৰ পৰিমাণ পৰৱৰ্তী সময়ত দুগুণ অথবা তিনিগুণ হ’ব বুলি পঞ্চায়তখনৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় লোকসকল আশাবাদী | তেওঁলোকে মাটিকঠাল বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে পঞ্চায়তখনৰ আন্ত:গাথনি আৰু উন্নয়নমূলক কামত খৰচ কৰিব | আনহাতে,  শিৱসাগৰ জিলাৰ নামতি আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত সাঁচি গছৰ খেতিকে উপার্জনৰ মূল পথ হিচাপে বাচি লৈছে অধিকাংশ লোকে । এই অঞ্চলৰ সাঁচি গছৰ পৰা উৎপাদিত সুগন্ধি তেল এতিয়া বিশ্বৰ বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সেয়েহে একোজোপা সাঁচি গছ পুৰঠ হ’লে আগন্তুক প্রায় দহ বছৰৰ পাছত দিকচু পঞ্চায়তৰ নিজৰ পুঁজি কেইবা লক্ষাধিক টকা স্পৰ্শ কৰাটো প্ৰায় নিশ্চিত | পঞ্চায়তখনৰ সভাপতি সঞ্জীৱ বৰাই এই প্রতিবেদকক জানিবলৈ দিয়া মতে, সাঁচি গছৰ পৰা উপাৰ্জিত ধনেৰে পঞ্চায়ত এলেকাৰ দৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলক সহায় কৰাৰ লগতে পঞ্চায়ত এলেকাৰ বিভিন্ন উন্নয়নমূলক কামৰো পৰিকল্পনা আছে পঞ্চায়ত কতৃপৰ্ক্ষৰ | কোৱা বাহুল্য যে, কৰ্মসংস্থাপনহীন লোকৰ কাৰণে আদৰ্শৰ বাট দেখুৱাইছে নামতিৰ দিকচু গাঁও পঞ্চায়তখনে | অসমত এনে বহুত পঞ্চায়ত আছে যিবিলাক পঞ্চায়তৰ বিঘা বিঘা ভূমি আবাদী হৈ পৰি আছে | তেনেবিলাক পঞ্চায়তেও দিকচু পঞ্চায়তক অনুকৰণ কৰি আচনি প্ৰস্তুতেৰে উপাৰ্জনৰ বাট মুকলি কৰি ৰাহি হোৱা ধনেৰে উন্নয়নমূলক কৰ্মত নিয়োজিত হ’ব পাৰে | জৱকাৰ্ড কৰ্মীসকলে হাবি জংঘল কাটি উপযোগী কৰি তোলা পঞ্চায়তখনৰ আবাদী মাটিত সম্প্ৰতি জাক-জমকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে |