Home Blog Page 3370

নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰৰ গুৰুত্ব ।

মৃদুল তালুকদাৰ

অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত  অসম চৰকাৰৰ ভূমিকা সদাই অতি গুৰুত্বপূৰ্ণ নিকা ভৱমূৰ্তি সম্পন্ন কৰ্ম পৰিকল্পনা হোৱাৰ লগতে যিকোনো কৰ্ম সংস্হাপনৰ ক্ষেত্ৰত সদায় সৃষ্টিশীল মনোভাবেৰে চৰকাৰে সকলো কৰ্যপন্থা  হাতত লৈ কৰ্ম বিপ্লৱৰ সূচনা কৰি নিবনুৱা সমস্যা দূৰ কৰাটো মই বিচাৰোঁ। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ বুলি কব নোৱাৰি৷ আমাৰ ৰাজ্যখনত বহুতো আন কাৰণৰ বাবেও নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ এই ক্ষেত্ৰত চৰকাৰৰ সুস্থ, বাস্তৱ সন্মত পৰিকল্পনা আৰু ব্যৱহাৰিক দিশত ইয়াৰ প্ৰয়োগ মূল কাৰণ বুলি আমি অনুভৱ কৰো৷ আন এটা কাৰণ হৈছে অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতি, যি শিক্ষানীতিৰ বাবে শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলাৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ থলুৱা শিল্পৰ প্ৰতি গুৰুত্বহীনতাৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। বিভিন্ন কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা মাল অসমত পৰ্যাপ্ত, কিন্তু এই শিল্পৰ কামসমূহ বহু ক্ষেত্ৰত বাহিৰৰ পৰা অহা  মানুহ কৰে৷ অসমত উৎপন্ন হোৱা খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱাৰ বিপৰীতে ইয়াৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। ইয়াৰোপৰি অসমৰ উদ্যোগসমূহত বহু ক্ষেত্ৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। বহু শিক্ষানুষ্ঠান, কাৰ্যালয়ত পদ খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহনা যোগাইছে৷ অসমত চৰকাৰে  উদ্যোগীকৰণৰ পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰা, অসমীয়া মানুহৰ উদ্যোগীক মানসিকতাৰ প্ৰতি উদাসীন, কৃষিখণ্ডত ব্যাপক সুবিধা থকা স্বত্তেও বিভিন্ন আঁচনিত হোৱা কেলেংকাৰী, মৎস উৎপাদনৰ আচঁনিত দুৰ্ণীতি, কণী, পাচলি আদিৰ বজাৰত চিণ্ডিকেট আদিৰ লগতে চৰকাৰী সু-পৰিকল্পনা আৰু ইয়াৰ সু-প্ৰয়োগৰ অভাৱ আদি দূৰ কৰিলে ৰাজ্যখনৰ নিবনুৱা সমস্যা বহু পৰিমানে দূৰ হ’ব৷ শেষত এটাই কথা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছো যদিহে চৰকাৰে নিবনুৱা সমস্যা সমাধান বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া হলে আমি উঠি অহা প্ৰজন্মই একো কৰ্মতে লাজ নকৰি নিজে নিজে যি কোনো কাম কৰাৰ মানসেৰে দৃহ সংকল্প লব লাগিব আৰু এক কৰ্ম বিপ্লৱৰ সূচনা কৰি নিজেই আমাৰ কৰ্ম জৰিয়তে এই নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিব লাগিব।  

অভিভাৱক সচেতন আৰু সতৰ্ক হোৱাটো জৰুৰী ।

বৰ্তমান মোবাইল ফোন দৈনন্দিন জীৱনৰ এক এৰাব নোৱৰা অংগত পৰিণত হৈছে। নিত্য নতুন অত্যাধুনিক সুবিধাৰে উপলব্ধ মোবাইল ফোনে অতি সহজেই শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰিব পাৰে। ই আমাৰ প্ৰাত্যহিক জীৱন সূচল কৰি তুলিছে। এই ক্ষুদ্ৰ যন্ত্ৰবিধে আমাৰ দৈনন্দিন জীৱনৰ বহুতো দৰকাৰী কাম অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ লগতে শ্ৰমো লাঘৱ কৰে। সেয়ে ইয়াৰ অৱদানক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। কিন্তু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংযত আৰু সচেতন নোহোৱাৰ ফলত মোবাইল আমাৰ বাবে বিভিন্ন সময়ত ক্ষতিকাৰকো হৈ আহিছে। বিশেষকৈ কম বয়সীয়া ল’ৰা-ছোৱালীও ইয়াৰ প্ৰতি গভীৰভাৱে আসক্ত হোৱাটো চিন্তনীয় হৈ পৰিছে। ইফালে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপৰ বাবে শিক্ষানুষ্ঠানবোৰ কেইবামাহো বন্ধ হৈ থকাত বিকল্প ব্যৱস্থা হিচাপে মোবাইলত উপলব্ধ বিভিন্ন সুবিধাৰে পাঠদানৰ দিহা কৰি থকা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মোবাইলৰ ব্যৱহাৰ গ্ৰহণযোগ্য যদিও নিম্ন শ্ৰেণীৰ কণ কণ শিক্ষাৰ্থীৰ ক্ষেত্ৰত এয়া কিমান গ্ৰহণযোগ্য সেয়া সন্দেহৰ আৱৰ্তত। কিন্তু বিধিৰ বিপাকত শিক্ষানুষ্ঠানত নিষিদ্ধ মোবাইলটোকে আজি উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে সন্তানৰ হাতত তুলি দিবলগীয়া হৈছে। গতিকে এতিয়া বিনা বাধাই শিশুৰ হাতত মোবাইল ফোন আহি পৰিছে। আমাৰ আটাইৰে জ্ঞাত যে মোবাইলটো যেনেদৰে বহু উপকাৰী ঠিক তেনেদৰে বহু অপকাৰী বস্তুৰো ভাণ্ডাৰ। ফুলকুমলীয়া শিক্ষাৰ্থীসকলে এই ভাল-বেয়াৰ পাৰ্থক্য বুজিবলৈ অক্ষম হোৱাৰ ফলত বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এইবোৰে শিশু এটাৰ মানসিকতাত নেতিবাচক প্ৰভাৱ পেলাব। অত্যধিক মোবাইলৰ ব্যৱহাৰে শাৰীৰিক-মানসিক বিসংগতিৰ যে সৃষ্টি কৰে সেয়া বিশেষজ্ঞসকলে ইতিমধ্যে সঁ‌কিয়াই দিছে। চকুৰ সমস্যা, মূৰ কামোৰণি আদি শাৰীৰিক সমস্যাৰ লগতে অন্যমনস্কতা, জ্যেষ্ঠজনৰ প্ৰতি সৌজন্যবোধৰ অভাৱ আদি বদ অভ্যাসেও গা কৰি উঠে। কিন্তু বৰ্তমান এনেদৰে শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ বিকল্পও নাই। সেয়ে অভিভাৱকসকলে সম্পূৰ্ণকৈ সন্তানক মোবাইলটো এৰি নিদি নিজেও নিৰীক্ষণ কৰি থাকক। পঢ়াৰ অচিলা লৈ যাতে মোবাইলটোত অদৰকাৰী বা ক্ষতিকাৰক দিশৰ প্ৰতি আকৰ্ষিত হ’ব নোৱাৰে সেয়া নিশ্চিত কৰক। পঢ়াৰ ক্ষেত্ৰতেই হওঁক একেৰাহে যাতে বহু বেছি সময়লৈ মোবাইলত ব্যস্ত হৈ নাথাকে তাৰ প্ৰতিও ধ্যান দিয়ক। এই দিশত সজাগ আৰু সতৰ্ক নহ’লে বহুজনৰে ক্ষেত্ৰত ই যে হিতে বিপৰীতহে হ’ব সেয়া ধুৰূপ। 

মৃত্যু এতিয়া সহজ….

অংশুমান ভূঞা

হয়, আপুনি শিৰোনামত ঠিকেই পঢ়িছে। মৃত্যু এতিয়া তেনেই সুলভ। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ উত্তৰণত আজি ভূ-লুণ্ঠিত মানৱতা। “শঙ্কৰ-আজান”ৰ সম্প্ৰীতিৰ দেশত হিংসা-প্ৰতিহিংসাৰ দাৱানল। তাত জাহ গৈছে সাতামপুৰুষীয়া একতাৰ এনাজৰী। সমন্বয়ৰ বহুৰঙী ফুলৰ বাগিচাখন আজি বিবৰ্ণ। সাম্প্ৰদায়িকতাৰ বিষবাষ্পত চাৰিওফালে কদৰ্যময় পৰিৱেশ য’ত শান্তিৰ উশাহ হৈ আহিছে মহঙা। ৰিপু দমনত অসমৰ্থতাৰ ফলত একো একোটা অমূল্য জীৱনৰ মূল্য নিমিষতে হৈ পৰিছে মূল্যহীন। ধৈৰ্য, দয়া, ক্ষমা, সহযোগিতা আদি মানৱীয় গুণ আজি বিলুপ্ত। মানৱীয়তা হৈছে যান্ত্ৰিকতাৰ দৌৰাত্ম্যত দিশহাৰা। ভোগবাদী মানসিকতাই আমাৰ নৈতিক প্ৰমূল্যবোধক তিলতিলকৈ হৰি নিলে। আজি আমি ৰাতিপুৱা বাতৰি কাকত মেলি ল’লেই উমান পাওঁ‌ নেতিবাচক খবৰেৰে সমাজৰ ভাৰাক্ৰান্ত অৱস্থা। শ্ৰেষ্ঠতাৰ মুখা পিন্ধা মানৱৰ কৰ্মক এতিয়া পশুতুল্য বুলি কোৱাৰো যোগ্যতা নাই। পশুৰ মাজতো এনে নিৰ্দয়তাৰ নজিৰ হয়তো নাই। আপাতঃ দৃষ্টিত একো একোটা নিচেই নগণ্য কাৰণতে এটা এটা সম্ভাৱনাপূৰ্ণ জীৱন নিমিষতে চিৰদিনৰ বাবে হেৰাই গৈ আছে। নিজৰ লগতে ঘৰখনৰ, সমাজৰ ভৱিষ্যৎ সপোনৰ অপমৃত্যু ঘটিছে। কোনো মূল্যৰ বিনিময়তেই সেই সপোন ঘূৰাই পোৱা অসম্ভৱ। প্ৰতিটো বৰ্বৰ-নিষ্ঠুৰ কাণ্ডৰ পিছতেই আমি অন্তঃকৰণেৰে কামনা কৰি গৈছোঁ‌ ইয়াতেই ইতি পৰক পাশৱিকতাৰ। কিন্তু বাস্তৱত পৈশাচিকতাৰ গতি দূৰন্তহে হৈ গৈ আছে। চকুৰ-মনৰ চিনাকিজনেই কেতিয়া আপোনাৰ যমদূত হৈ ধৰা দিয়েহি তাৰ একো নিয়ত্তা নোহোৱা হৈছে। মানুহৰ প্ৰাণ লোৱাটো যেন এতিয়া গচকত পৰুৱাৰ মৃত্যুৰ নিচিনা সাধাৰণ কথাত পৰিণত হ’বলৈ গৈ আছে। এটাৰ পিছত এটা লানি-নিছিগা মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনাত আজি সমাজ অস্থিৰ। দোষীৰেই আকৌ সমাজত টিঘিলঘিলনি। এই উন্মাদনা-পৈশাচিক প্ৰবৃত্তিৰ আঁ‌ৰত আছে কি? এয়া নিঃশেষ হ’ব কেতিয়া? এয়া এতিয়া সমাজৰ সন্মুখত এক অন্তহীন প্ৰশ্ন। অকল শক্তিশালী আইনী ব্যৱস্থাই যে এই সমস্যাৰ সমাধান ঘটাব সেয়া আশা কৰা যে বৃথা অতীতে প্ৰমাণ কৰিছেই। অৱশ্যে দোষীৰ দৃষ্টান্তমূলক শাস্তি আমাৰ সবাৰে চিৰকাম্য। সময়ৰ দাবী আমি আকৌ পুৰণি কিছুমান পদ্ধতিক জীৱনৰ অংগ কৰি লোৱাৰ। য’ত থাকিব জীৱনৰ তৃণমূল পৰ্যায়ৰ পৰাই নৈতিক প্ৰমূল্যবোধৰ আখৰা, সৎ প্ৰবৃত্তিবোৰৰ বিকাশ সাধন, সংযমৰ আদিপাঠ, ব্যক্তিকেন্দ্ৰিকতাৰ মোহজালৰ পৰা মুক্ত আকাশৰ দৰে উদাৰতাৰ বীজ। এই বীজেই এদিন শাখা-প্ৰশাখাৰে বটবৃক্ষ হৈ সমাজক কৰিব ক্লেদমুক্ত। সেই ন-প্ৰভাতৰ কিৰণত উদ্ভাসিত হ’ব দশোদিশ।

ক্ষতিগ্ৰস্ত মঠাউৰিৰ জৰুৰী মেৰামতি ব্যৱস্থা জলসম্পদ বিভাগৰ।

উজনি-মাজুলী : শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা মাজুলীৰ মঠাউৰিৰ অংশসমূহ জৰুৰী ভাৱে মেৰামতি কৰাৰ ব্যৱস্থা লৈছে জলসম্পদ বিভাগে। মঙ্গলবাৰে বিভাগটোৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামীয়ে সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় কুমাৰ ডেকাৰ সৈতে ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা অংশৰ পৰা বনগাঁও অংশলৈ পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থা নিৰীক্ষণ কৰে। জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্ত্ৰাদ্বয়ে টেকেলিফুটা-হালধিবাৰী-বেচামৰা ব্ৰহ্মপুত্ৰ মঠাউৰিৰ টেকেলিফুটা, জাবৰচুক, গেজেৰা, চাউৰেকীয়া, সোণোৱাল কছাৰী, চিকাৰী, লাচন, কান্ধুলিমাৰী, চটাইপুৰ, ৰতনপুৰ, নিকিনিখোৱা, ময়েঙীয়া মিচিং গাঁও, প’ৰাম, ধোঁৱাচলা, বনগাঁও অংশ সুক্ষভাৱে পৰ্যবেক্ষণ কৰি শেহতীয়া বৰষুণত হোৱা  ‘ৰেইনকাট’ সমূহ শীঘ্ৰে মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

কোৱাৰেণ্টাইন আবাসীয়ে বিদ‍্যালয়ত পাতিলে ফুলনি বাগিচা ।

কোৱাৰেণ্টাই কেন্দ্ৰ থকা কলিয়াবৰ মহকুমাৰ জখলাবন্ধাৰ এখন ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ৰ ন-ৰূপ

কলিয়াবৰ : “মন কৰিলেই চন, বাকৰি মাটিতেই ধন।” আপ্ত বাক‍্যশাৰীৰ সফল প্ৰয়োগেৰে “অলস মন চয়তানৰ বাসস্থান” বুলি কোৱা কথাষাৰ ভুল প্ৰমাণিত কৰিলে ষোল্লজন যুৱকে। ক’ৰণা মহামাৰীৰ এই সংকটপূৰ্ণ সময়ত কলিয়াবৰত এটি কোৱাৰেন্টাইন চেন্টাৰত থকা আৱাসীয়ে গ্ৰহণ কৰিলে আদৰণীয় পদক্ষেপ। কলিয়াবৰ মহকুমাৰ এটা কেন্দ্ৰত কোৱাৰেন্টাইন হৈ থকা আৱাসীসকলৰ এটি ব‍্যতিক্ৰমী পদক্ষেপে সমাজলৈ প্ৰেৰণ কৰিছে এক ইতিবাচক বাৰ্তা। জখলাবন্ধাৰ ছেইন্ট ৰবাৰ্টচ্ হাইস্কুলত কোৱাৰেন্টাইন হৈ আছে ১৬ গৰাকী যুৱক। বহিঃ ৰাজ‍্যৰ পৰা অহা এই উদ‍্যমী-কৰ্মঠ যুৱকসকল কোৱাৰেণ্টাইনৰ দিনকেইটা খাই-বহি নাথাকি কিবা এটা কৰাৰ মনটোৰ উমান পালে কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মাই। গতিকে, কথা মতেই কাম। বিদ‍্যালয় প্ৰধানৰ অনুমতি লৈ লেখনাথ শৰ্মাৰ উদ‍্যোগত বিদ‍্যালয় পালেহি বাঁহ, কোৰ-কটাৰী, অনান‍্য প্ৰয়োজনীয় সামগ্ৰী। প্ৰথমে হাতে-কামে লাগি ঠাইৰ জোখ-মাখ, চাফ-চিকূণ, তাৰ পাছত বাঁহৰ জেওৰা-জপনা নিৰ্মাণ, বিবিধ জাতৰ ফুল পুলি নিৰ্বাচন আৰু শেষত ৰোপণ কৰি বিদ‍্যালয় চৌহদত পাতিলে এখনি আটক-ধুনীয়া ফুলনি বাগিচা। ষোল্লগৰাকী আৱাসীৰ একক প্ৰচেষ্টাত সৃষ্টি হ’ল এক সুন্দৰ পৰিৱেশ। যিটো সময়ত অসমৰ বিভিন্ন কোৱাৰেণ্টাই কেন্দ্ৰত এচাম কোৱাৰেণ্টাই আবাসীয়ে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সময়ত ব‍্যতিক্ৰমী কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে ছেইণ্ট ৰৱাৰ্ট্‌চ হাইস্কুল। ফুলনি বাগিচা পতাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মা আৰু আবাসীসকলক কলিয়াবৰৰ চক্ৰ বিষয়া দ‍্যূতিভা বৰা, সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকা, ছেইন্ট ৰবাৰ্টচ্ হাইস্কুলৰ অধ‍্যক্ষ ফাদাৰ যোচেফ আৰু স্থানীয় সমাজকৰ্মী প্ৰশান্ত ভৌমিকে আগবঢ়াই বিশেষ সহযোগিতা। ফুলনি বাগিচাখন নিৰ্মাণত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছে বাতেন আলী, সিদ্ধাৰ্থ উপাধ্যায়, প্লাৱন ছেত্ৰী আৰু সুভাষ আচাৰ্য নামৰ কেইগৰাকীমান সচেতন যুৱকে। কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থকা লোকসকলৰ লগতে কভিড-১৯ মহামাৰীৰ লগত সমুখৰ পৰা যুঁজ দি থকা লোকসকলক উৎসাহিত কৰাৰ লগতে সমাজলৈ এটি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ লোৱা বুলি সমন্বয়কে জানিবলৈ দিছে।

বাঢ়িল ডিজেলৰ, নাবাঢ়িল পেট্ৰলৰ মূল্য ।

দৈনন্দিন বাৰ্তা ডেস্ক :

মূল্যবৃদ্ধিৰ চকা চলি থকাৰ মাজতে ১৭ দিনৰ পাছত থমকি ৰৈছে৷ দাম নাবাঢ়িল পেট্ৰলৰ৷ কিন্তু ১৮ দিনৰ দিনা ডিজেলৰ দাম বৃদ্ধি পায়৷ ডিজেলৰ দাম ৪৮ পইচা বৃদ্ধি পাইছে৷ ফলত দেশৰ ৰাজধানী দিল্লীত এক লিটাৰ ডিজেলৰ দাম ৭৯.‌৮৮ টকা হয়গৈ৷ আনহাতে বুধবাৰৰ দিনা গুৱাহাটীত পেট্ৰলৰ দাম ৮৩.৯৮ টকা আৰু ডিজেলৰ দাম ৭৮.৪৫ টকা৷ স্মৰ্তৱ্য যে ২০১৮ চনৰ নৱেম্বৰ মাহতো অনুৰূপ ধৰণেৰে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছিল৷

অবৈধ মদৰ ঘাটিত গেলেকী আৰক্ষীৰ অভিযান : বুজন পৰিমাণৰ লালী গুড় জব্দ ।

নাজিৰা : নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপট্টীত যোৱা নিশা গেলেকী আৰক্ষীয়ে অবৈধ মদৰ ঘাটীত অভিযান চলাই বুজন পৰিমাণৰ লালী গুড় উদ্ধাৰ কৰে। অৱশ্যে মদৰ ঘাটীৰ লালীগুড় মজুতকাৰীজন পলাই সাৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিশা প্ৰায় ৮-৩০ বজাত গেলেকী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গেলেকী হাতিপতী অঞ্চলত অবৈধ মদৰ ঘাটীৰ বিৰুদ্ধে অভিযান চলাবলৈ যায়। অভিযানকাৰী দলটোৱে হাতিপতীৰ অনুপম বৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত থকা অবৈধ মদৰ ঘাটীৰ পৰা ১০টিন লালীগুড়সহ এখন গাড়ী উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষী এই অভিযানৰ পূৰ্বে লালীগুড়ৰ সৰবৰাহকাৰী তথা মদৰ ঘাটীৰ গৰাকী অনুপম বৰুৱা পলায়ন কৰে। পাছত আৰক্ষী য়ে এ এচ-৯৪এ চি ৮৮১৭ নম্বৰ এখন ছটাহাতী গাড়ীসহ ১০টিন লালীগুড় জব্দ কৰি থানালৈ আনে। উল্লেখ্য যে আজি কেইদিনমান পূৰ্বেও গেলেকী আৰক্ষীয়ে বুজন পৰিমাণৰ লালীগুড় জব্দ কৰিছিল।

গেলেকী সীমান্তত অব্যাহত উত্তেজনা : শূন্যলৈ গুলী ফুটাই সন্দেহজনক নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, চাহ বাগিচাৰ পৰা খেদিলে শ্ৰমিকক ।

নাজিৰা : আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰৰ চুড়ান্ত দায়িত্বজ্ঞানীনতা আৰু নিৰ্লীপ্ততাৰ বাবে আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত যোৱা কেইটামান দিনত অসমৰ ৰাজহ ভূমিত চলোৱা ভয়াবহ আগ্ৰাসন আৰু সন্ত্ৰাসৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই আজি পুনৰ  সন্দেহজনক নগা  দুৰ্বৃত্তৰ এটা দলে হাতে হাতে বন্দুকলৈ সীমান্তৰ উক্ত অঞ্চলটোত প্ৰবেশ কৰি শূন্যলৈ গুলি চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। নগাৰ দলটোৱে থলুৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলক খেদি পঠাই। এই ঘটনাৰ পাছত অসম আৰক্ষীয়ে অভিযান চলাবলৈ যায় যদিও নগাৰ দলটোৱে পলায়ন কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী শিঙিবিলস্হিত অসম আৰক্ষী বেটেলিয়ান কেম্পৰ সমীপৰ অসমৰ ৰাজ ভূমিত আজি নাগালেণ্ডৰ লুংলেই জিলাৰ অধীনৰ ইয়ংলক বস্তিৰ দিশৰ পৰা অহা এটা সন্দেহজনক নগা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰে। হাতে হাতে বন্দুক লৈ প্ৰবেশ কৰা প্ৰায় ৮/১০ জনীয়া নগা দুৰ্বৃত্তৰ দলটোৱে সীমান্ত অঞ্চলটোৰ এখন চাহ বাগিচাত পাত তুলি থকা অসমীয়া শ্ৰমিকসকলক উক্ত ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি পাত নুতুলিবলৈ কৈ খেদি পঠায়।কিন্তু শ্ৰমিকসকল বাগিচা এৰি আহিব নিবিচৰাত নগাৰ দলটোৱে শূন্যলৈ এজাই গুলী ফুটাই অঞ্চলটোৰ থলুৱা চাহ খেতিয়ক আৰু বাগিচাত কৰ্মৰত শ্ৰমিকসকলক আতংকিত কৰি তোলে। পাছত বাগিচাখনত কৰ্মৰত শ্ৰমিকসকল নগাৰ ভয়ত আঁতৰি আহে। ইফালে নগাৰ বন্দুকৰ শব্দ শুনি সীমান্ত অঞ্চলটোৰ আন আন ক্ষুদ্ৰ চাহ খেতিয়কসকল উক্ত স্হানত উপস্হিত হৈ গেলেকী আৰক্ষীক খবৰ দিয়ে। আনহাতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্ব শিঙিবিল অসম আৰক্ষী বেটেলিয়ানৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নগা দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান চলাবলৈ বিচাৰে যদিও ইতিমধ্যে নগা দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে ২১ মে’ৰ পৰা নগাই অঞ্চলটোৰ অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ হাজাৰ হাজাৰ চাহ গছ ধ্বংস কৰি সীমান্ত অঞ্চলটোৰ অসমৰ বৃহৎ ৰাজহভূমি বেদখল কৰি পাঁচটাকৈ গৃহ নিৰ্মাণ কৰি নিজৰ দখললৈ নিছিল। কিন্তু যোৱা ১০ জুনৰ পুৱতি নিশা নিৰপেক্ষ বাহিনীৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসনে নগাৰ উক্ত গৃহ ভাঙি জ্বলাই দিয়াৰ লগতে উক্ত স্হানত বাহৰ পতা নগা আৰক্ষীক খেদি পঠায়। ইফালে অসম আৰক্ষীৰ এই অভিযানৰ পাছতো নাগালেণ্ড আৰক্ষীয়ে অসমৰ উক্ত ৰাজহ ভূমিত তহল দিয়া ঘটনাই সীমান্ত অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে। জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে সীমান্ত অঞ্চলটোৰ অসমৰ এই বৃহৎ ভূমি ৰক্ষাৰ বাস্তৱসন্মত প্ৰদক্ষেপ গ্ৰহণ নকৰিলে অচিৰেই এই ভূমি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

বাংলাদেশৰ পৰা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়ালে শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা ।

নাজিৰা : নেপালৰ গান্ধী পোৰা ফাউণ্ডেচনে মানৱ সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানটোৰ বাংলাদেশ শাখাৰ পৰা ২০২০ বৰ্ষৰ  মহামানৱ মহাত্মা গান্ধীৰ শান্তিৰ “বা-বাপু সেৱা ৰত্ন” বটা নাজিৰাৰ লুটফুৰ ৰহমানে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অলপতে বাংলাদেশত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰহমানে বাংলাদেশ চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিব চৈয়দ চাহেবুৰ ৰহমানৰ পৰা এই বঁটা গ্ৰহণ কৰে। নাজিৰাৰ সমাজসেৱী লুটফুৰ ৰহমানে বাংলাদেশৰ পৰা এই বঁটা কঢ়িয়াই ভাৰতবৰ্ষ তথা অসমলৈ গৌৰৱৰ স্বাক্ষৰ বহন কৰাত নাজিৰাবাসীয়ে ৰহমানক অভিনন্দন জনাইছে।

মাজুলীৰ দুৰ্গম চাপৰিত সফলতাৰে অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী সম্পন্ন।

মাজুলী : মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিসমূহত সফলতাৰে ‘অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী’  (আছাম কমিউনিটী ছাৰ্ভিলেন্স প্ৰগ্ৰাম) সম্পূৰ্ণ কৰে মাজুলীৰ নৌকা চিকৎসালয় টীম (বোট ক্লিনিক, মাজুলী)-এ। জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অতি আওহতীয়া  গাঁও পঞ্চায়ত দুখনৰ এলেকাধীন পগলা চাপৰি, বক্সি চাপৰী, ধোদাং, ভেকেলী, বুঢ়া চাপৰি, সুবিধা চাপৰি, বালি চাপৰি, নাৰমাৰী, বাঘে ধৰা, সুবিধা কলিতা, ঘিটিং চাপৰি আদিত বোট ক্লিনিক টীমে এই কাৰ্যসূচীৰ অধীনত চাপৰিবাসী ৰাইজৰ মাজত বিশেষ স্বাস্থ্য জৰীপ চলায়। এই কাৰ্যসূচীৰ জৰিয়তে বোট ক্লিনিক টীমে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ লগতে ইনফ্লুয়েঞ্জা, জাপানীজ এনকেফেলাইটিজ, মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধত সহায়ক হোৱাকৈ  চাপৰি এলেকাসমূহত বাস কৰা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে।