নাজিৰা : মুখলধাৰ বৰষুণৰ ফলত হঠাৎ বাঢ়ি অহা দিখৌ পানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্হিতিৰ বুজ লবৰ বাবে বিৰোধী দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াই দলীয় কৰ্মী সকলৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে। প্ৰথমে বিহুবৰ, চন্টক , কেন্দুগুৰী, লুঠুৰি , তেতেলিগুৰী গাঁও,শিমলুগুৰি আদি কৰি অঞ্চলৰ বানাক্ৰান্ত ঠাই সমূহ পৰিদৰ্শন কৰে আৰু ইয়াৰ লগতে ভুক্তভোগীসকলক খোৱাপানীৰ যোগান ধৰাৰ লগতে, খোৱা বোৱাৰ সামগ্ৰী তথা লাগতীয়াল বয়-বস্তুৰ যোগাৰ কৰি দিয়ে । বিহুবৰৰ উপৰিও সমষ্টিৰ সকলোবোৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰাৰ ওপৰি সকলো অঞ্চললৈ বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্য সামগ্ৰী ও প্ৰয়োজনীয় সামগ্ৰী দিয়াৰ ব্যৱস্হা কৰা হ’ব বুলি শইকীয়াই মত পোষণ কৰে । অসম বিধানসভাৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবেই ২১ তাৰিখে গুৱাহাটীলৈ গৈছিল যদিও দিখৌ নদীৰ বাঢ়নি পানীয়ে লোৱা সংহাৰী ৰূপৰ কথা গম পাই ২২ তাৰিখে পুনৰ তেওঁ নিজা সমষ্টিলৈ ঘূৰি আহি পুৱাই বানপীড়িত অঞ্চলসমূহৰ বুজ ল’বলৈ যায় আৰু সমষ্টিৰ লোকসকলৰ সৈতে সহায়ৰ হাত আগ বঢ়াবলৈ সদায় প্ৰস্তুত বুলি শইকীয়াই কয় আৰু কিছুলোকে চৰকাৰী ৰাস্তাৰ নলা নৰ্দমা অতিক্ৰম কৰি আছে যাৰ ফলত বহু অঞ্চলত পথাৰ আদিত পানী জমা হৈ পৰিছে এই সকলোবোৰ প্ৰশাসনৰ দ্বাৰা ব্যৱস্হা গ্ৰহণ কৰিবলৈ নাজিৰা মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াক আহ্বান জনায় । অঞ্চলসমূহ পৰিদৰ্শন কৰোতে তেখেতৰ সৈতে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মামুদ আলিৰ লগতে, পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা ও বহু ব্যক্তি উপস্হিত থাকে । দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি দেৱব্ৰত শইকীয়াই প্ৰশাসনৰ সৈতে যোগাযোগ কৰি বান বিধস্ত লোকসকলৰ মাজত উপস্হিত হৈ সহায়ৰ হাত আগবঢ়োৱা বাবে ভুক্তভোগী ৰাইজে বিধায়ক শইকীয়াক ধন্যবাদ প্ৰদান কৰে ।
দৰঙৰ বড়ীচৌকাত কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত বিজেপিৰ নেতা আহত হোৱা ঘটনাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ গৰিহণা ৷
দৰং: দৰঙত নিৰ্বাচনৰ বহু পূৰ্বেই সংঘটিত হল হিংসাত্মক ঘটনা । সোমবাৰে নিশা পাথৰিঘাটৰ সমীপৱৰ্তী বড়িচৌকাত বিজেপিৰ যুৱ মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ সভাপতি ভূষণ চন্দ্ৰ ডেকা সহ ভাতৃ মিন্টু কুমাৰ ডেকাক কংগ্ৰেছ কৰ্মী চফিকুল ৰহমানৰ নেতৃত্বত এটা দলে পোনতে বাক্ বিতণ্ডা আৰু পাছলৈ পৰিকল্পিতভাৱে লৈ অহা লোৰ দীঘল মাৰিৰে আক্ৰমণ কৰে। এই আক্ৰমণত বিজেপি নেতা গৰাকী এখন হাতত বেয়াকৈ আঘাট পোৱাৰ উপৰিও ঘটনাস্হলীতে বাগৰি পৰে বিজেপি নেতা ভূষণ ডেকা । উক্ত সময়ত আন্ধাৰৰ সুযোগলৈ ভূষণ ডেকাৰ ডিঙিৰ পৰা সোনৰ চেইন সহ মূল্যৱান সামগ্ৰীও আক্ৰমণকাৰীয়ে চিঙি আজুৰি নিয়ে বুলি পাছত আৰক্ষীক এজাহাৰক জনোৱা হয়। নিশা প্ৰায় ৯ মান বজাৰ এই ঘটনাক লৈ উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হোৱাত উপস্থিত হয় ছিপাঝাৰ থানাৰ আৰক্ষী বিষয়া আৰু দৰঙৰ উপ আৰক্ষী অধীক্ষক মামনী হাজৰিকা ৷ আৰক্ষীৰ উপস্হিতিত পৰিস্হিতি নিয়ন্ত্ৰণ হয় যদিও ঘটনাস্হলীৰ পৰা পলায়ন কৰিবলৈ লওঁতেই আক্ৰমণকাৰী চাইফুল ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সম্প্ৰতি বিষয়টোকলৈ দুই দলৰ বিভিন্ন নেতা, কৰ্মীৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছে ৷ ঘটনা সম্পৰ্কত ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে বিজেপি নেতা ভূষণ ডেকাৰ ভাতৃ মিন্টু কুমাৰ ডেকাই ৷ ইফালে বিজেপি নেতাক আক্ৰমণ কৰা ঘটনাত আজি ছিপাঝাৰত উপস্থিত হয় ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ৷ বিধায়ক গৰাকী উপস্থিত হৈ যুৱ মৰ্চাৰ কৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত জড়িত দুষ্কৃিকাৰী সকলক গৰিহণা দিয়াৰ উপৰিও দৃষ্টান্তমুলক শাস্তিৰ দাবী তোলে ৷ আনহাতে বিজেপিৰ যুৱ মৰ্চায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিয়ে ঘটনা সম্পৰ্কত ৷
১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীত ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক : উত্তৰ পূৱৰ ফুটবলপ্ৰেমীৰ বাবে সুখবৰ যে মহিলাৰ ১৭ বছৰ অনুৰ্ধ ফিফা বিশ্ব কাপৰ গ্ৰুপ মেচ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিশ্ব ফুটবলৰ মূল সংস্থা ফিফাই মঙলবাৰে এই প্ৰতিযোগিতাৰ কাৰ্যসূচী প্ৰকাশ কৰে৷ সেই অনুসৰি অহা বছৰৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ খেলবোৰ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে অহা নৱেম্বৰ মাহত এই বিশ্ব কাপ আয়োজন কৰাৰ কথা আছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিশ্ব কাপখন পিছুৱাই দিব লগা হয়৷ আনহাতে যোগ্যতা নিৰ্ণায়ক মেচবোৰ আহমদাবাদ, নভী মুম্বাই, ভূবনেশ্বৰ আৰু কলকাতাত অনুষ্ঠিত হ’ব ৷
মাজবাটত মহিলাৰ দেহত কভিড’ ১৯ প্ৰজিটিভ : অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য ।
মাজবাট : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ মাজবাট ৰেলৱে ষ্টেচনৰ ক’লনিৰ বাসিন্দা কৃষ্ণ চেত্ৰীৰ পত্নী বিমলা থাপা (৩৯)ৰ দেহত কভিড’১৯ পজিটিভ ধৰা পৰাৰ লগে লগে অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । জানিব পৰা মতে মহিলা গৰাকী পশ্চিম বংগৰ পৰা মাজবাটলৈ অহাৰ পাছত স্বাস্থ্য বিভাগে ১৯ জুন তাৰিখৰ পৰা বিমলা থাপাক হোম কোৱাৰেন্টন হৈ থকাৰ বাবে নিৰ্দেশ দিয়ে।পাছত ২২ জুন তাৰিখে স্বাস্থ্য বিভাগৰ পৰা অহা কৰোনা পৰিক্ষাত মহিলা গৰাকীৰ দেহত কভিড’১৯ পজিটিভ ধৰা পৰে । নিশাই মহিলা গৰাকীক ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিপিএম পংকজ সভাপন্ডিতৰ নেতৃত্বত অহা এটি চিকিৎসা কৰ্মীয়ে উন্নত চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
বিজেপিত যোগদান কৰাৰ প্ৰশ্নই নাহে ; বিপিএফৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হম : বিধায়ক চৰণ বড়ো ।
ওদালগুৰি : মই বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰো। বিটিচিৰ আঞ্চলিক দল হিচাপে আগন্ত্তুক ২০২১ ৰ নিৰ্বাচনত মাজবাট সমষ্টিৰ পৰাই অৱতীৰ্ণ হম। এই মন্তব্য বিপিএফ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ সভাপতি তথা ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক চৰণ বড়োৰ।আজি এক বিবৃতিত বড়োই কয়- কিছুদিন ধৰি একাংশ সংবাদ মাধ্যম,সামাজিক মাধ্যম ( ফেচবুক) আৰু কালি ইলেকট্ৰনিক মাধ্যম প্ৰাক নিউজ চেনেলত পদূম ফুলৰ চিহ্নৰ সৈতে মোৰ ছবি সন্নিবিষ্ট কৰি বিজিপিৰ হৈ মাজবাট সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী বুলি যি সম্প্ৰচাৰণ চলাইছে ই সম্পূৰ্ণ ভুৱা আৰু মিছা কথা।এচাম বিৰোধী ৰাজনৈতিক দলৰ লোকে মোৰ ৰাজনৈতিক জীৱন বিনষ্ট কৰাৰ উদ্দেশ্যে এনেধৰণে অপপ্ৰচাৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।বড়োই এনে প্ৰচাৰৰ তীব্ৰ প্ৰতিবাদ জনাই লগতে কয়- মই জন্ম লগ্নৰে পৰা বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চাৰ এগৰাকী সভাপতি হিচাপে নিজৰ দল এৰি বিজেপিত যোগদান কৰাৰ কোনো যুক্তি নাই।যি সকলে মোৰ ছবি সম্বলিত পদূম ফুলৰ চিহ্ন ব্যৱহাৰ কৰি প্ৰচাৰ চলাই মোক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিছাৰিছে তেওঁলোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিবলৈ সাজু হৈছো।এতিয়া বিটিচিত আঞ্চলিক দল বিপিএফৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ এচাম কৰ্মীহে বিপিএফত যোগদান কৰি আছে।আমাৰ শক্তিশালী পদক্ষেপ দেখি বিজেপিৰ একাংশ নেতা সংকিত হৈ এনধৰণৰ অপপ্ৰচাৰ চলাইছে আৰু তেওঁলোকৰ এনে অপ্ৰচাৰে মোৰ লগতে সমষ্টিটো এক শক্তিশালী ৰূপতহে দেখা গৈছে বুলি বড়োই উল্লেখ কৰে।
মাজবাটত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়াৰ নামত শতাধিক দুখীয়া পৰিয়ালৰ পৰা ৩,২০০ টকাকৈ সংগ্ৰহ । বি পি এফ নেতাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ ।
ওদালগুৰি : ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ আৰু ৩৯ নং পাঁচনৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিৰ ৰৌতা গেট আৰু পাঠকপুৰ গাঁৱত আজি শতাধিক পুৰুষ-মহিলা ওলাই আহি পাঁচনৈ চেৰফাং ব্লক বি পি এফৰ এছ টি বোৰ্ডৰ সদস্য তথা প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ সোঁ-হাত চৰুপ দানেশ্বৰ ইছলাৰী আৰু বি পি এফ কৰ্মী ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জানিব পৰামতে ৩৯ নং পাঁচনৈ চেৰফাং বি টি চি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰৌতা গেট নিবাসী তথা উক্ত সমষ্টিটোৰ এছ টি বোৰ্ডৰ সদস্য দানেশ্বৰ ইছলাৰী আৰু পাঠকপুৰ নিবাসী ৰহেণ দৈমাৰীয়ে মাজবাট সমষ্টিৰ বিধায়ক আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীৰ নামত দহখন গাঁৱৰ প্ৰায় তিনিশ দুখীয়া নিছলা পৰিয়ালৰ পৰা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি প্ৰায় তিনি বছৰ আগতে ৩২০০ টকাকৈ সংগ্ৰহ কৰিছিল। এই লৈ আজি প্ৰতাৰিত প্ৰৱঞ্চিত ৰাইজ একগোট হৈ ওলাই আহি বি পি এফৰ ঠগ প্ৰৱঞ্চক দানেশ্বৰ ইছলাৰী আৰু ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতাৰিত প্ৰৱঞ্চিত ৰাইজে আমাৰ টকা আমাক ঘুৰাই দিয়ক, বি পি এফৰ দালালী নছলিব , চৰণ বড়ো মুৰ্দাবাদ , শ্যাম চুণ্ডী মুৰ্দাবাদ , বি পি এফ গ’বেক আদি শ্লো’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কপাই তুলে। পিছত ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি বিপিএফৰ ঠগ প্ৰৱঞ্চক দানেশ্বৰ ইছলাৰীয়ে পোন্ধৰ দিনৰ ভিতৰত সমূদাই টকা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ শান্ত হয়। ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি আন এগৰাকী প্ৰৱঞ্চক ৰহেণ দৈমাৰীয়ে ঘৰৰ পৰা পলায়ন কৰি ৰাইজৰ ৰুদ্ৰমূতী ক্ষোভৰ পৰা ৰক্ষা পৰে ।
ক’ৰোনত আক্ৰান্ত বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা জকোভিছ ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক: মহামাৰী ক’ৰোনা ভাইৰাছে আশ্ৰয় ল’লে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা ন’ভাক জকোভিছৰ শৰীৰত৷ এই ছাৰ্বিয়ান তাৰকাজনৰ পৰীক্ষাত পজিটিভ ওলোৱাত এই কথা নিশ্চিত হয়৷ আজি জকোভিছে জনায় যে বেলগ্রেড পাওতে তেওঁ ক’ৰোনা পৰীক্ষা কৰায়৷ তেতিয়া তেওঁ আৰু তেওঁৰ পত্নী জেলেনাৰ ৰিপৰ্ট পটিজিভ আহে৷ আনহাতে তেওঁৰ সন্তানৰ শৰীৰত ক’ৰোনাৰ জীৱাণু পোৱা নাই বুলি তেওঁ জনায়৷ ফলত ১৪ দিন ছেলফ আইচ’লেছনত থাকিব তাৰকাজন৷ আনহাতে ৫ দিনৰ পাছত পুনৰ পৰীক্ষা কৰাব৷ উল্লেখ্য যে এই টেনিছ তাৰকাজনে সামাজিক দূৰত্ব বিধি মানি নচলাৰ কথা জানিব পৰা গৈছে৷ খেলৰ শেষত তেওঁ কৰমৰ্দনো কৰিছে৷ প্ৰকৃততে ক’ৰোনাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছিল বুলি জানিব পৰা গৈছে৷ ছাৰ্বিয়াৰ আন এগৰাকী টেনিছ তাৰকা ট্রোইকিও ক’ৰোনা পজিটিভ বুলি প্ৰকাশ ৷
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ সহযোগত কোভিড ১৯ ৰ ওপৰত সজাগতা অভিযান ।
নগাঁও : বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে সজাগ কৰিবলৈ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নগাঁও জিলা সমিতিৰ সহযোগত আজি নগাঁও চহৰত কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ সম্পৰ্কত এক সজাগতা অভিযান কৰা হয়। চহৰখনৰ ৰামলাল দূৰ্গাদত্ত চাৰিআলিৰ পৰা উলিওৱা সজাগতা অভিযানৰ জৰিয়তে বৰবজাৰৰ দোকান পোহাৰ, তথা সৰ্বসাধাৰণ ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু সকলো সময়তে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হয়। উক্ত অভিযানৰ শুভাৰম্ভণি কৰে জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, ৰাজু ৰয়, দীপাংকৰ দাস, মৃদু পৱন নাথ, মাধুৰ্য শইকীয়া, নিলোৎপল বৰা প্ৰমুখ্যে এ বি ভি পি ৰ বহু কাৰ্যকৰ্তা উপস্থিত থাকে।
পাক হাইকমিচনাৰক জনালে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে : শীঘ্ৰে আধা কৰা হ’ব পাক হাইকমিচনাৰৰ কৰ্মীৰ সংখ্যা ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক : পাক দূতাবাসৰ কৰ্মীসকলৰ বহুৱে দেশত গুপ্তচৰৰ কাম কৰিছে৷ লগতে উগ্ৰপন্থীৰ হৈ কামত লিপ্ত আছে৷ ভিয়েনা চুক্তি মনা নাই পাকিস্তানে৷ দিল্লীত পাক হাইকমিচনাৰ দপ্তৰত কৰ্মীৰ সংখ্যা আধা কৰা হ’ব৷ পাকিস্তানক এই বাৰ্তা দিলে ভাৰতে৷ এক সপ্তাহৰ ভিতৰত কৰ্মীৰ সংখ্যা আধা কৰা হ’ব বুলি পাক কমিচনাৰ দায়িত্বৰ বিষয়াক বিদেশ মন্ত্ৰালয়ে জনাই দিয়ে৷ আনহাতে ইছলামাবাদত থকা ভাৰতীয় হাইকমিচনাৰৰ কৰ্মীৰ সংখ্যা আধা কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত জনায় যে পাকিস্তান আৰু দেশখনৰ বিষয়াসকলৰ আচৰণ ভিয়েনা কনভেনচন আৰু কূটনীতিক আৰু দূতাবাসৰ কৰ্মীসকলৰ সৈতে কি ব্যৱহাৰ কৰা হ’ব তাক লৈ সমগ্ৰ দ্বিপাক্ষিক চুক্তিৰ পৰিপন্থী। বৰং সীমান্তত সন্ত্ৰাস আৰু হিংসা বিয়পাই দিনাৰ নীতি প্ৰতিষ্ঠা কৰিছে৷ সেই বাবেই ভাৰতে দিল্লীৰ পাকিস্তান দূতাবাসৰ কৰ্মীৰ সংখ্যা পঞ্চাশ শতাংশ কমোৱাৰ সিদ লৈছে বুলি বিবৃতিত জনাইছে৷ একেই অনুপাতত ইছলামাবাদত থকা ভাৰতীয় দূতাবাসৰ কৰ্মীৰ সংখ্যা সাত দিনৰ ভিতৰত কমোৱা হ’ব বুলি বিবৃতিত বিদেশ মন্ত্ৰালয়ে জনাইছে৷
মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ হয় ৰাছিয়া : সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰত-চীনে ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক : সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ৷ দুয়োখন দেশৰ দ্বন্দ্বৰ বাবেই ত্ৰিপাক্ষিক বৈঠকত মধ্যস্থতাকাৰীৰ ভূমিকা পালনত ব্যৰ্থ হয় ৰাছিয়া৷ সীমান্ত সমস্যাত তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰত আৰু চীনে৷ বৈঠকৰ শেষত এই কথা জনালে ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে৷ ভাৰত-চীন সীমান্ত সংঘাতত ৰাছিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে৷ এয়াই আশা কৰিছিল কূটনীতিবিদে৷ সেই আশাত চেঁচা পানী ঢালিলে৷ উল্লেখ্য যে পূৱ লাডাখ সীমান্তত শান্তি ঘুৰাই আনিবলৈ মঙলবাৰে ভাৰ্চুৱেল ত্রিপাক্ষিক বৈঠকত বহিছিল ৰাছিয়া, ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীসকল৷ কিন্তু সেই বৈঠক ফলপ্রসূ হৈ নুঠিল৷ সেই কথা জনালে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰজেই লাভৰোভে৷ তেওঁ কয়, আমাৰ ধাৰণা সীমান্ত সংক্ৰান্ত বিষয়ত ভাৰত-চীনে তৃতীয় পক্ষ কাৰোৰে সহায় নিবিচাৰে৷ আমাৰ মতে এই বিষয়ে তেওঁলোকক সহায় কৰাৰো প্ৰয়োজন নাই৷ ত্রিপাক্ষিক বৈঠকত ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰে যোৱা সপ্তাহত গালৱানত হোৱা ঘটনা কয়৷ চীনৰ লালফৌজৰ হাতত ভাৰতৰ ২০জন সেনা নিহত হোৱাত ক্ষোভপ্রকাশ কৰে৷ সীমান্তত সংঘাতৰ বাবে চীনৰ ওপৰত অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণৰ কথা আহি পৰিছে৷ আনহাতে নিজৰ সিদ্ধান্তত শেষ পৰ্যন্ত অটল থাকে চীনৰ বিদেশ মন্ত্ৰী ৷


















