নলবাৰী : লকডাউনৰ সময়চোৱাত বিভিন্ন স্তৰৰ মানুহ এতিয়া বিভিন্ন সমস্যা, অভাৱ তথা খাদ্য সংকটতত ভুগিছে। তেনে সময়তে চৰকাৰে ৰেচন কাৰ্ড থকা হিতাধিকাৰী সকলৰ লগতে ৰেচন কাৰ্ড নথকা ৰাইজকো চাউল যোগান ধৰাত পৰিলক্ষিত হৈছে। সেইমৰ্মে আজি ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়ত জাগাৰাত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলৰ পৰিয়ালত থকা এজন লোকৰ অনুসৰি ৫ কেজিকৈ বিনামূলীয়া চাউল বিতৰণ কৰা হয়। যদিও কিছু কিছু ঠাইত এই আঁচনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে তেনে সময়তে ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়তত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নোহোৱাকৈ বিনামূলীয়াকৈ চৰকাৰে সাহাৰ্য্যৰ বাবে বিতৰণ কৰা চাউল লাভ কৰা বুলি ৰাইজে মন্তব্য কৰে। উল্লেখ্য যে ইয়াৰ আগতে ও পঞ্চায়তখনত ভিতৰত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলক সামৰি লৈ এই আঁচনিৰ বিনামূলীয়া চাউল বিগত লক ডাউনৰ সময়চোৱাত এবাৰ বিতৰণ কৰা হৈছে।
ত্রিহৃদয় গোষ্ঠীৰ প্ৰয়াস মাজুলীত আনন্দৰাম ঢেকিয়াল ফুকনক সোঁৱৰণ ।
মাজুলী : মাজুলীৰ অন্যতম কলা-সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত কালি নিশা ৯ বজাৰ পৰা এক ফোন-ইন কনফাৰেঞ্চৰ মাধ্যমেৰে অসমীয়া জাতিক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনক মৃত্যু দিৱসটিত স্মৰণ কৰা হয়। উক্ত কাৰ্য্যসূচীৰ উদ্বোধন কৰি বটদ্ৰৱাৰ কবি-সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই কয় যে ‘অসমীয়া ল’ৰাৰ মিত্র’ শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা ‘এ নেটিভ’ ছদ্ম নামেৰে খ্যাত আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন কেৱল এটা সত্বাই নহয়, তেওঁ অসমীয়াৰ জাতীয় স্বাভিমানৰ মূলস্তম্ভ। বৰ্ণিল অনুষ্ঠানটিত ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদকদ্বয় শংকুসিদ্ধ নাথ আৰু শ্যামন্ত পায়েং, সমাদৃত কবি লক্ষীপ্ৰসাদ ৰেগনকে আদি কৰি বহুকেইজন কবি-লেখকে অসমীয়া ভাষাৰ পুন: প্ৰতিষ্ঠাতাজনক সোঁৱৰণ কৰি বক্তব্য প্ৰদান কৰাৰ লগতে একোটাকৈ কবিতা পাঠ কৰে। সাংবাদিক যদু কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰা ব্যতিক্ৰমী অনুষ্ঠানটিৰ আঁত ধৰে ত্রিহৃদয় গোষ্ঠীৰ মুখ্য সম্পাদক পাপু বৰাই।
ফিল’বাৰীত কানিসহ যুৱক আটক, দুজন পলাতক ।
দৈনন্দিন বাৰ্তাৰ সেৱা :
তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিক্ৰমজিৎ পেগুৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি আজি দুপৰীয়া ফিল’বাৰী অঞ্চলৰ আমগুৰি গাঁৱত কানি সহ এজন যুৱকক আটক কৰে । আটকাধীন যুৱকজন মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত চাৰি মাইলৰ বিমল চেত্ৰী (২৬) বুলি জানিব পৰা গৈছে । যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০১ এল চি ৩১৯৩ নম্বৰৰ এলট’ গাড়ীখনৰ লগতে গাড়ীখনত অনা প্ৰায় এক কিলোগ্ৰাম পৰিমাণৰ কানি(আফিং) জব্দ কৰে । উল্লেখযোগ্য যে ধৃত যুৱকজনে ব্যবহাৰ কৰা গাড়ীখন গুৱাহাটীৰ জনৈক চৌধুৰীৰ নামত কামৰূপ মেট্ৰো জিলাত পঞ্জীয়ন আছে । আৰক্ষীয়ে আটক কৰা যুৱক বিমল ছেত্রীৰ ভাষ্য অনুসৰি, ছেত্রীৰ মোমায়েকৰ পুতেক দীপক ছেত্রী সহ দুয়ো বাহনখনেৰে আহি স্থানীয় এজন যুৱকৰ সৈতে আলাপ হোৱাৰ পিছত ক্লেদময় পথেৰে যাত্ৰা কৰোঁতে বাহনখন বোকাত আবদ্ধ হৈ পৰে আৰু সেই সময়তে স্থানীয় যুৱক আৰু দীপকে আৰক্ষী অহাৰ সম্ভেদ পাই দুয়ো পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা দুই যুৱকৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে ।
আন্তর্জাতিক বাণিজ্য কেন্দ্রত আমদানি আৰু ৰপ্তানি বন্ধ হোৱাৰ দিশত,কৰিমগঞ্জ ।
ৰাহুল পাল, কৰিমগঞ্জ:–
লক ডাউনৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ সম্ভৱনা যি সময়ত প্ৰবল হৈ উঠিছে তেনে সময়ত সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আমদানি ৰপ্তানি ব্যৱস্থা বন্ধ হোৱাৰ দিশে। যাৰফলতে চৰকাৰৰ আৰ্থিক ক্ষতি হোৱাৰ লগে লগে বহু লোক নিবনোৱা হোৱাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ উঠিছে।কৰিমগঞ্জ জিলা প্ৰশাসন ফালৰ পৰা বাৰংবাৰ নিৰ্দেশিকা সলনি কৰি নতুন নতুন নিৰ্দেশনা জাৰি কৰাৰ ফলতে অতিষ্ঠ হৈ পৰিছে ল্যান্ড পোৰ্ট অফ অথৰিটি কৰিমগঞ্জ শাখাৰ মেনেজাৰ আৰু আমদানি ৰপ্তানি কৰা ব্যাবসায়ী সকল। সুতাৰকান্দিত ল্যান্ড পোৰ্ট অথৰিটিৰ দায়িত্ব থকা মেনেজাৰ জনে জোনৰ কোৱা মতে, জিলা প্ৰশাসনে আমদানি ৰপ্তানি সংক্ৰান্ত কোন ধৰনৰ নিৰ্দেশনা জাৰি কৰাৰ আগতে তেওঁ লোকৰ সৈতে কোন ধৰনৰ মত বিনিময় নকৰে যাৰফলতে সৃষ্টি হৈছে এক উদ্ভট পৰিস্থিতিৰ। জিলা প্ৰশাসনৰ মতে ট্ৰেড চেন্টাৰত কোভিডৰ সকলো নিয়মনীতি মানি চলা নাই। কিন্তু মেনেজাৰৰ কোৱামতে তেওঁ লোকে কোভিডৰ বাবে সকলো ধৰনৰ চৰকাৰী গাইড লাইন মানি চলি আমদানি ৰপ্তানি কৰি আহিছে। আৰু এইটোৰ উপৰতে জিলা প্ৰশাসনে যোৱা কৈদিন পূৰ্বে আৰু এখন নিৰ্দেশনা জাৰি কৰিলে যে, এতিয়াৰ পৰা ভাৰতৰ পৰা বাংলাদেশ যাব লগা মাল কঢ়িয়াই অনা ট্ৰাক এটা এটা কৈ ভাৰত বাংলা জিৰো পয়েন্টত থাকিব আৰু ইয়াৰ পৰা বাংলাদেশৰ ট্ৰাকত মাল উঠাই দিয়া হব। ঠিক একেদৰে বাংলাদেশৰ পৰা মাল কঢ়িয়াই অনা ট্ৰাক সকলে ও জিৰো পয়েন্টত আনি সমগ্ৰীবোৰ ভাৰতক গতাই দিব লাগিব। যাৰ ফলতে প্ৰতিদিনে আমদানি ৰপ্তানি ব্যৱসায়ত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বুলি ল্যাণ্ড পোৰ্ট অথৰিটির মেনেজাৰৰ লগতে স্থানীয় বিধায়ক আৰু আমদানি ৰপ্তানি সংস্থাৰ সভাপতি গৰাকীয়ে কয়, এনে নিয়ম বান্ধি দিয়াৰ ফলতে এতিয়া প্ৰতিদিনে ভাৰত চৰকাৰৰ লাখ লাখ টকাৰ ৰাজহ লোকচান হবলৈ ধৰিছে। কৰিমগঞ্জ জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তত বাংলাদেশতো আমদানি ৰপ্তানি ব্যাবসায়ী সকলোৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰবাৱে সিলেট জিলা আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থায় কাইলৈৰ পৰা সুতাৰকান্দি শুল্ক বন্দৰে দি বানিজ্যিলৈ চিন্তিত হৈ পৰিছে। ইতিমধ্যে তেওঁ লোকে সিলেট ত থকা ভাৰতীয় হাইকমিশনাৰক লিখিত অভিযোগ জনাইছ। কৰিমগঞ্জৰ আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থাৰ সভাপতি গৰাকীয়ে আৰু কয়, জিলা প্ৰশাসনৰ অসহযোগিতা আৰু ১৮ বিঘা মাঠি ল্যান্ড পোৰ্ট অথৰিটিক আজি লৈকে গতাই দিব নোৱাৰাৰ বাৱে, ল্যান্ড পোৰ্ট অথৰিটিয়ে কৰিমগঞ্জৰ সুতাৰকান্দিত ২০০ কোটি টকীয়া প্ৰজেক্ট কৰাত ব্যৰ্থ হৈছে। আৰু অহা ২০ দিনৰ ভিতৰত যদি জিলা প্ৰশাসনেৰ এই মাটিখিনি সমঝাই নিদিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ দুশো কোটি টকীয়া অভিলাষী আঁচনি সুতাৰকান্দিৰ পৰা উভতি যাব। ইপিনে এই ব্যৱসায়ৰ লগতে জড়িত দুয়ো দেশৰ শ্ৰমিকে জিৰো পয়েন্টত আহি গাড়ীৰ মাল উটা নমোৱাতে অমান্তি হৈছে। যাৰবাৱে ব্যাবসায়ী সকলোৰ মূৰত ৰামটাঙুন পৰে। ফলতে ব্যাবসায়ী সকলে আমদানি ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশত। আনহাতে জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তৰ বাবে শ্ৰমিক সকলৰ উপাৰ্জন বন্ধ হৈ পৰিছে আৰু তেওঁ লোকৰ মাজত এক হাহাকাৰ পৰিস্হিতিৰ সৃষ্টি হৈছে। আৰু এই কঠিন পৰিস্থিতিত এতিয়া লাখটকিয়া প্ৰশ্ন হৈছে, কোনে এই শ্ৰমিক সকলৰ পৰিয়ালৰ খাদ্য যোগান ধৰিব ? শ্ৰমিক সকলৰ এনে দুৰ্ভোগৰ খবৰ পাই স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্হ সুতাৰকান্দি আন্তৰ্জাতিক বানিজ্যি কেন্দ্ৰত যাই সমস্যা সমাধানৰ বুজ লয়।
জনসম্পৰ্ক অভিযান আৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ।
দৈনন্দিন বাৰ্তা সেৱা, ডুবিয়া :
আজি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ আৰু অসম চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ চতুৰ্থ বৰ্ষৰ সম্পূৰ্ণ হৈছে।সেই উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে জনসম্পৰ্ক নামৰ এক অভিযান আৰম্ভ কৰে, যাৰ জৰিয়তে সমূহ জনগণৰ লগত ওচৰৰ পৰা সম্পৰ্ক স্থাপনৰ লক্ষ্য ৰখা হয়। ইয়াৰ পৰিলক্ষিতত দেশৰ কেন্দ্রিয় চৰকাৰ আৰু অসম চৰকাৰেও জনসম্পৰ্ক অভিযানৰ আৰম্ভণি কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত আজিৰেপৰা অসমৰ ১২৬ টা সমষ্টিত জন সম্পৰ্ক অভিযান আৰম্ভ কৰা হয়। গহপুৰতো বিধায়ক উৎপল বৰাই আজি গোপালপুৰ পঞ্চায়ৰ ১০ টা পৰিয়ালৰ গৃহত উপস্থিত হৈয় নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত ভাৰতবৰ্ষত উন্নয়ন-প্ৰগতি আৰু আত্মনিভশীল হোৱাত বিজেপি চৰকাৰে কি কি ব্যৱস্থা তথা আঁচনি কৰিছে সেই সম্পৰ্কে জনাৱৰ বাবে বাবে দুখন পত্ৰ আৰু এখন ফুলাম গামোচা প্ৰদান কৰে ।
অশান্তজৰ্জৰ গেলেকী সীমান্ত অঞ্চল পৰিদৰ্শন বিৰোধী দলপতি দেৱব্ৰত শইকীয়ৰঃঅসমৰ ভূমিত নগা আৰক্ষীৰ তহল দূৰ্ভাগ্যজনক ।
নাজিৰা :
সীমান্তবৰ্তী গেলেকী শিঙিবিল অঞ্চল আজি পৰিদৰ্শন কৰে ৰাজ্যিক বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।বিৰোধী দলপতিগৰাকীয়ে সীমান্ত অঞ্চলটোৰ যি স্হানত অসমৰ ভূমিত নগাই গূহ নিৰ্মাণ কৰিছিল তাত উপস্হিত হৈ পৰিস্হিতিৰ বুজ লয় আৰু অসমৰ ৰাজহ ভূমিত বিগত সপ্তাহত চলোৱা আগ্ৰাসন আৰু তাণ্ডৱ দেখি হতবাক হৈ পৰে।উল্লেখ্য যে যোৱা ৯জুনত নগালেণ্ডৰ ইয়ংলক বস্তিৰ একাংশ নগা দূৰ্বত্তই সীমান্ত অঞ্চলটোৰ অসমৰ ৰাজহ ভূমি বেদখল কৰি বাঁহৰ গেট দি অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে নগাৰ গেট ভাঙি দিয়াৰ পাছত নাগালেণ্ড প্ৰশাসনৰসহযোগত নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ বূহৎ ভূমি বেদখল কৰি চাৰিটাকৈ গূহ আৰু এটা নগা আৰক্ষীৰ বাংকাৰ নিৰ্মাণ কৰে।১০জুনত শিৱসাগৰ জিলা প্ৰশাসন আৰু নিৰপেক্ষ বাহিনীয়ে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা গৃহ ভাঙি উচ্ছেদ কৰাৰ লগতে নগাবাহিনীক খেদি পঠাইছিল।বিৰোধী দলপতি তথা স্হানীয় বিধায়ক দেৱব্ৰত শইকীয়াই ঘটনা স্হলীত উপস্হিত হৈ নগাৰ অসমৰ ভূমিত আগ্ৰাসনৰ বুজ লোৱাৰ লগতে নগাৰ অসমৰ ভূমি দখল কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে ভবিষ্যতে এনে কাৰ্য সংঘটিত নহয় তাৰবাবে অসম চৰকাৰক অনুৰোধ জনাই।আনহাতে বিধায়কজনে নগাৰ বিৰুদ্ধে সফল অভিযান চলোৱা শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনক আদৰণি জনাইছে।সীমান্ত অঞ্চলটো পৰিদৰ্শনকালত বিৰোধী দলপতি গৰাকীয়ে কয় যে চলিত জুন মাহৰ আৰম্ভণি ৰ পৰাই অসমৰ এই ৰাজহ ভূমিত নগালেণ্ড আৰক্ষীয়ে নিৰাপত্তা দিয়াটো বা তহল দিয়াটো অতি দূৰ্ভাগ্যজনক আৰু অশোভনীয়।যিহেতু সীমান্তৰ এই অঞ্চলটো নিৰাপত্তা বা তহল বাবে শিঙিবিল, মুগাপাৰা, বৰহোলা, সোণাপুৰ আৰু চৰাইসজীয়াত পাঁচ টাকৈ অসম আৰক্ষী বেটেলিয়েনৰ চাউনি আছে।এইক্ষেত্ৰ তেখেতে অসম চৰকাৰক নাগালেণ্ড চৰকাৰক নাগালেণ্ড আৰক্ষীক নিজৰ ৰাজ্যৰ ভূমিত নিৰাপত্তা বা তহল দিয়াত বাধা দিবৰ বাবে বাধ্য কৰাবলৈ আহ্বান জনায়।বিধায়ক গৰাকীয়ে আৰু কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বি জে পি চৰকাৰ, সেয়েহে ৰাজ্য শাসনাধিষ্ঠিত মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগালেণ্ড চৰকাৰৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি সীমান্তত চলি থকা ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত তাণ্ডৱকে আদি কৰি নাগালেণ্ড ৰ দিশৰ পৰা দেখা দিয়া সমস্যা সমূহ সমাধান কৰি সীমান্তবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।
মঙলদৈত বিজেপি নেতা কৰ্মীৰ মহাভৈৰৱ যজ্ঞ। কৰণা মহামাৰী আৰু ৰাজ্যৰ সেনাপতিৰ আৰোগ্য কামনা।
মঙলদৈঃ
ৰাজ্যত ক্ৰমাগতভাৱে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে মঙলবাৰে মঙলদৈত অনুস্হিত হল মহাভৈৰৱ যজ্ঞ। ৰাজ্যত কৰণাৰ পৰা নিৰাময় আৰু স্বাস্হ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাৰ আৰগ্য কামনাৰে অনুসুচীত জাতি পৰিষদৰ সভাপতি তথা বিজেপি নেতা পিংকুমনি দাসৰ উদ্যোগত ৫ জনকৈ পুৰুহিতে ১০১ টাকৈ আহুতি প্ৰদান কৰে। আহুতি প্ৰদানৰ উপৰিও সন্ধিয়ালৈ পশ্চিম মঙলদৈত ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰো দিহা কৰে তেওঁলোকে। স্বাভাৱিকতে একাংশ বৈজ্ঞানিকে দিনে ৰাতি একাকাৰ কৰি কৰ’ণা ভেকচিনৰ গৱেষণাত ব্যস্ত থকাৰ সময়তে পৰম্পৰাগতভাৱে বিজেপি নেতা কৰ্মীয়ে মহাভৈৰৱ যজ্ঞ অনুস্হিত কৰাটো তাৎপৰ্যপূৰ্ণ। যজ্ঞত ১০১ টা আহুতি প্ৰদান কৰি যজ্ঞত উপস্থিত সকলোৱে কৰ’না নিৰাময়ৰ লগতে কৰ’না যোদ্ধাৰ প্ৰধান সেনাপতি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰে৷
কাৰ সাহসৰ বলত বলিয়ান বিতৰ্কিত লেখক সত্যৰঞ্জন বৰা ? ইছলাম আৰু মুছলমানৰ বিৰুদ্ধে কবলৈ কোনে দিলে ঠিকা ? এ জে আকন্দৰ দাবী : সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়ক ।
নগাঁও : ” অসমত ভিতৰত বৰ্তমানৰ আটাইতকৈ কলংকৃত আৰু অভদ্ৰ লোকজন হ’ল ইছলাম ধৰ্মৰ ওপৰত লিখা বহু বিতৰ্কিত লিখক সত্যৰঞ্জন বৰা। তেওঁক আজি লৈকে গ্ৰেপ্তাৰ নকৰাটো এক অসম তথা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। “- এই মন্তব্য আৰ টি আই কৰ্মী তথা সমাজ সচেতন যুৱক এ জে আকন্দৰ। আজি এক প্ৰেছ বিবৃতিযোগে এ জে আকন্দই কয়, সমগ্ৰ মুছলমান জাতি আৰু ইছলাম ধৰ্মৰ ওপৰত কৰা বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে সত্যৰঞ্জনে অসমত অশান্তিৰ বীজ ৰোপণ কৰিব বিচাৰিছে। তেওঁৰ বহু বিতৰ্কিত আৰু উচটনিমুলক বক্তব্য সমুহ আচলতে মুছলমান সমাজৰ মাজত উত্তেজনা সৃষ্টি কৰি আহিছে যদিও এতিয়ালৈকে এই জাতিটোৱে কোনো অশান্তিৰ সৃষ্টি নকৰি শান্তিপ্ৰিয় জাতি হিচাপে পৰিচয় দাঙি ধৰাৰ লগতে ইছলামৰ প্ৰকৃত অৰ্থ যে শান্তি তাৰ পৰিচয়ো দাঙি ধৰিবলৈ সক্ষম হৈছে। ইছলামৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানৰ বাণী টানি আনি “ইছলাম চৰিত্ৰহীন আৰু মুছলমান সকলে চৰিত্ৰহীনতাৰ পৰিচয় দাঙি ধৰিছে” বুলি কেতবোৰ অদ্ভুত আৰু মনেসজা বক্তব্য প্ৰদান কৰি সত্যৰঞ্জন বৰাই সমগ্ৰ মুছলমান জাতিটোক অপমান কৰিছে বুলি আকন্দই মন্তব্য কৰে। যুগ যুগ ধৰি হিন্দু-মুছলমানে মিলাপ্ৰীতিৰে বসবাস কৰি থকা শংকৰ- আজানৰ দেশ অসমখনত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আহিছে এইজন কলংকৃত লোকে। সত্যৰঞ্জন বৰা নিজেই এজন চৰিত্ৰহীন ব্যক্তি বুলি আখ্যা দি আকন্দই কয়, পৱিত্ৰ কোৰানৰ ‘ক’টো নজনা এইজন পাৱতগজা লেখকে এতিয়া ইছলাম ধৰ্ম আৰু মুছলমানক কঠোৰ সমালোচনাৰ টাৰ্গেট কৰি নিজে সস্তীয়া জনপ্ৰিয়তা লাভৰ লগতে হিৰু হ’ব বিচাৰিছে। কোনো ধৰ্ম গ্ৰন্থই হত্যা, হিংসা, অশান্তি, বিদ্বেষ, সংঘাত আদিকে ধৰি কোনো অপৰাজনিত ঘটনাক সমৰ্থন নকৰে বুলি বিশ্বৰ বহু গুণী জ্ঞানী তথা ধৰ্ম গুৰুৱে কৈ আহিছে যদিও এইজন মহাপুৰুষ আকৌ কৰ পৰা আৱিৰ্ভাৱ হ’ল বুলি আকন্দই আচৰ্য প্ৰকাশ কৰে। আচলতে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণ অসমীয়া জাতিটোৰ ভাবে এজন কলংকৃত ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰা সত্যৰঞ্জন বৰাক অসমীয়া সমাজখনে সামাজিক ভাবে বৰ্জন কৰা উচিত। যি সময়ত সমগ্ৰ বিশ্বজুৰি অতিমাৰী ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছে ভয়াবহ ৰূপ লৈছে, সেই সময়ত মাদ্ৰাছাৰ মৌলবী সকলে অসমত কৰোণা আনিছে বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাৰ যে কৰোণাৰ ওপৰত কোনো জ্ঞান নাই, তাৰ পৰিচয় দাঙি ধৰিছে। আন এটা ধৰ্মক সমালোচনা কৰা লোক কোনা কাৰণতে ভাল মানুহ হ’ব নোৱাৰে বুলি উল্লেখ কৰি আকন্দই কয়, সত্যৰঞ্জন বৰাই ইছলাম আৰু কোৰানৰ সম্পৰ্কে জানিবলৈ হলে সাহস আছে যদি মুকলি বিতৰ্কলৈ আহক। এনে এজন সাম্প্ৰদায়িক তথা তথাকথিত বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ এ জে আকন্দই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনায়। এ জে আকন্দই অভিযোগ কৰে কাৰ সাহসত বলিয়ান হৈ এজন ভৰিৰ তলত মাটি নথকা লোকে এটা ধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পালে ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উঠিছে। অতি আচৰ্যজনক বিষয় এই যে সাম্প্ৰদায়িক মন্তব্য কৰিলে কাকো ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বাৰম্বাৰ কৈ অহাৰ পিছতো ৰাজহুৱা স্থানত সততে এটা ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা সত্যৰঞ্জন বৰাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই তাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। যিহেতু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে কেবাটাও গোচৰ ৰুজু হৈ আছে, সেয়েহে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি সবকা সাত সবকা বিকাশৰ শ্লোগান আওৰোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ধৰ্মনিৰপেক্ষৰ পৰিচয় দাঙি ধৰি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰক। অন্যথা তেওঁৰ বক্তব্যৰ দ্বাৰা যদি অসমত অশান্তিৰ সৃষ্টি হয়, তেন্তে দায়ী হ’ব চৰকাৰ।
খণ্ড-৪ : নতুনৰ চিন্তাৰে এক যাত্ৰা ।
প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক
আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ
✍ মনজিৎ কুমাৰ শৰ্মা
নব্বৈৰ দশকত অসমৰ সামাজিক ৰাজনৈতিক ক্ষেত্ৰখন বৰ অস্থিৰ হৈ পৰিছিল। এফালে ৮৫ৰ পিছৰে পৰাই ক্ৰমাৎ শক্তিশালী হৈ উঠা বিছিন্নতাবাদ, সন্ত্ৰাসবাদে ভয় ভীতিৰ পৰিৱেশ ৰচনা কৰাৰ অনুপাতে আনহাতেদি সেনা তথা সুৰক্ষা বাহিনীৰ সন্ত্ৰাস দমন অভিযান, দেশৰ অৰ্থব্যৱস্থাৰ শোচনীয় ৰূপ আৰু বিভিন্ন আনুষংগিক সমস্যাই সমাজ জীৱন ভাৰাক্ৰান্ত কৰি তুলিছিল। সেই সময়তেই অসমৰ ছপা সংবাদ মাধ্যমৰ জগত খনলৈকো যেন হঠাতে বহু পৰিৱৰ্তন নামি আহিল। বিশেষ কেইখনমান কাকতে প্ৰায়েই বিচ্ছিন্নতাবাদী চিন্তা ধাৰাক উদগণি যোগাব পৰাকৈ উগ্ৰ জাতীয়তাবাদ যুক্ত প্ৰৱণতাৰে সংবাদ প্ৰচাৰ তথা ব্যৱস্থাৰ উগ্ৰ বিৰোধী চৰিত্ৰৰে অসমীয়া সাংবাদিকতাৰ এক নতুন ধাৰাৰ আৰম্ভণি ঘটালে। The Assam Tribune গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত কাকত কেইখনক বাদ দি আন প্ৰায়বোৰ সংবাদ পত্ৰতেই কম বেছি পৰিমাণে প্ৰায় একেই ধাৰাৰ অনুকৰণ ঘটিল। ‘৯০ চনৰ শেষৰ ফালে যেতিয়া প্ৰয়াত হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল পদবীৰ পৰা বিদায় লৈ আহি অসম প্ৰদেশ কংগ্ৰেছ কমিটিক বিধ্বস্ত অৱস্থাৰ পৰা পুণৰোদ্ধাৰ কৰি বিচ্ছিন্নতাবাদী শক্তিসমূহৰ বিৰুদ্ধে ৰাজপথৰ পৰাই প্ৰতিবাদী যুঁজ আৰম্ভ কৰিছিল, একেই সময়তে গুৱাহাটীৰ এক সংবাদ গোষ্ঠীয়ে সেই সময়ৰ (৯১ চনত) নৱ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰ খনৰ বিৰুদ্ধে যেন একপ্ৰকাৰ অলিখিত জিহাদেই ঘোষণা কৰিছিল। সন্ত্ৰাসবাদ দমনৰ নামত ৰাজ্যত আৰম্ভ হোৱা সেনা অভিযান আৰু সেই অভিযান সমুহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত গুৰুতৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা প্ৰৱাহৰ বাতৰি প্ৰচাৰৰ আলমত আওপকীয়াকৈ বিচ্ছিন্নতাবাদীয়ে জনতাক দেখুৱাবলৈ যত্ন কৰা স্বাধীন অসমৰ স্বপ্নকেই প্ৰতিফলিত কৰাৰ প্ৰৱণতাই গা কৰি উঠিছিল। এনেধৰণৰ চিন্তা চৰ্চাবোৰ লাহে লাহে সৰ্বত্ৰে বিয়পি পৰিছিল। গুৱাহাটী প্ৰেছ ক্লাৱতো লাহে লাহে এনেধৰণৰ চিন্তা চৰ্চাবোৰৰ আমদানিৰ পৰিৱেশ ৰচনা কৰিবলৈ বিচৰা হৈছিল। ইয়াৰোপৰি, আৱেলি পৰৰ পৰাই নিজান হৈ পৰা গোপীনাথ বৰদলৈ পথৰ দাতিত অৱস্থিত প্ৰেছ ক্লাৱৰ চৌহদ সন্ধিয়ালৈ মদৰ আড্ডালৈ পৰ্যবসিত হ’বলৈ আৰম্ভ হোৱা বুলিও সেই সময়ত বহুতেই আক্ষেপ কৰাৰ কথাও মানুহৰ কাণত পৰিছিল। নব্বৈৰ দশকৰ তেনেকুৱা এক জটিল সন্ধিক্ষণতেই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে অভিযান্ত্ৰিক স্নাতক হৈ ওলাই আহিছিল নামনি অসমৰ টিহু’ৰ ফালৰ এজন যুৱক। চেষ্টা কৰা হলে অভিযন্তা হিচাবে কোনোবা চৰকাৰী বিভাগ নাইবা কোনোবা দেশী বিদেশী কোম্পানীৰ লোভনীয় চাকৰিত যোগদান কৰি তেওঁ হয়তো সহজেই নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ল’ব পাৰিলে হয়। কিন্তু সাংবাদিকতা বৃত্তিৰ প্ৰেমত পৰি তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিলে এগৰাকী স্বতন্ত্ৰ সাংবাদিক ৰূপে। এইখিনিতেই মনত পৰে বিখ্যাত আমেৰিকান সাংবাদিক তথা লেখক নৰ্মান কিংশ্লে মেইলাৰলৈ। ১৯৪৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক হৈ ওলাই অহাৰ পাছতেই তেওঁ ইচ্ছা নোহোৱা স্বত্ত্বেও আমেৰিকান সেনা বাহিনীত ভৰ্তি হব লগীয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেই সময়ছোৱাত তেওঁ এজন সৈনিক হিচাবে দেশৰ হকে যুঁজিবলৈ ওলাই গৈছিল। নৱ ঠাকুৰীয়াৰ ক্ষেত্ৰতো যেন ঠিক তেনেকুৱাই হ’ল। অভিযন্তা হিচাবে কৰ্ম জীৱন আৰম্ভ কৰাতকৈ কলমেৰে যুঁজিবলৈহে যেন তেওঁ ওলাই আহিল। আৰু বাছি ল’লে developmental journalismৰ দৰে গঠনমূলক চিন্তাৰে সমাজৰ সমস্যা আৰু সুযোগৰ প্ৰচাৰ কৰিব পৰা সাংবাদিকতাৰ ধাৰা। আৰম্ভ কৰিলে এক কঠিন যাত্ৰা। লাহে লাহে অসমৰ সংবাদ মাধ্যমৰ উপৰিও দেশী বিদেশী নানান কাকত আলোচনীত তেওঁৰ লেখাবোৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিলে। নব্বৈৰ দশকতে স্বতন্ত্ৰ সাংবাদিকতা (freelance journalism)ক বৃত্তি হিচাবে লৈ অসমৰ দৰে সকলো ক্ষেত্ৰতে পিছপৰা এখন ৰাজ্যত জীৱন নিৰ্বাহ কৰিবলৈ আগবঢ়াতো কিমান যে প্ৰত্যাহ্বানপূৰ্ণ আছিল। তৎস্বত্বেও নৱ ঠাকুৰীয়াই সেই সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰি আগবাঢ়িল। ২০০৩ চনত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। ইতিমধ্যেই ভালে কেইবছৰৰ পৰাই প্ৰেছ ক্লাৱলৈ সঘন আহযাহেৰে নৱ ঠাকুৰীয়া যুৱ সাংবাদিক চামৰ প্ৰিয়ভাজন হৈ উঠিছিল। সততেই প্ৰেছ ক্লাবত সময় কটোৱা ঠাকুৰীয়াক দৰকাৰ হ’লেই থাউকতে সকলোৱে পাব পৰাটোও তেওঁৰ জনপ্ৰিয়তাৰ এক মুখ্য কাৰক হৈ পৰিছিল। সেই নিৰ্বাচনত ঠাকুৰীয়াই সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি সহজ বিজয় সাব্যস্ত কৰিলে। সভাপতি নিৰ্বাচিত হ’ল অসমীয়া প্ৰতিদিন কাকত’ৰ বাৰ্তা সম্পাদক, জেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন। সাংবিধানিক ভাৱে প্ৰেছ ক্লাবৰ পৰিচালনা সমিটিৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱাত নৱ ঠাকুৰীয়াৰ বাবে বহু গঠনমূলক চিন্তাক বাস্তৱ ৰূপ দিয়াটো সহজ হৈ পৰিল। এনেদৰে খুউব কম সময়ৰ ভিতৰতেই নব্বৈৰ দশকৰ গুৱাহাটী প্ৰেছ ক্লাবৰ পুৰণি অৱয়ব দ্ৰুত গতিত সলনি হবলৈ ধৰিলে। ঠাকুৰীয়াৰ উদ্যোগত ভালেমান কাম প্ৰেছ ক্লাবৰ নৈমিত্তিক কৰ্মসূচীৰ অন্তৰ্গত সম্পন্ন হ’বলৈ ধৰিলে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা। কোনোধৰণৰ বিচ্ছিন্নতাবাদী চিন্তাধাৰাই যাতে প্ৰেছ ক্লাবৰ চৌহদত কোনো কালেই স্থান নাপায়, তাৰ বাবে নৱ ঠাকুৰীয়াৰ উদ্যোগত আৰু সেই সময়ৰ আন বিষয়ববীয়া সকলৰ যথোচিত সহযোগত ৰাষ্ট্ৰপ্ৰেমমূলক চিন্তা চৰ্চাৰ উত্তৰণ ঘটিল। সমাজৰ বহু ব্যক্তিও এই প্ৰচেষ্টাৰ সহযোগী হৈ পৰিল। এটা সময়ত উগ্ৰপন্থী সংগঠনৰ আহ্বানত এই দুই মহত্বপূৰ্ণ দিৱসক বৰ্জন কৰাৰ যি এক ধাৰা ৰাজ্যত প্ৰচলিত হৈছিল, সেই ধাৰাৰ যৱনিকা পেলাই গুৱাহাটী প্ৰেছ ক্লাৱক ৰাষ্ট্ৰ নিৰ্মানৰ চিন্তা থলীলৈ ৰূপান্তৰিত কৰাত নৱ ঠাকুৰীয়াৰ অৱদান উল্লেখযোগ্য। এই ক্ষেত্ৰত প্ৰেছ ক্লাবৰ পূৰ্বৰ পৰম্পৰাক সৱলীকৰণ কৰাত তেওঁ সম্পূৰ্ণ সফল হ’ল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টাত সহযোগ কৰা আন সদস্য সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক আওকাণ কৰাতো উচিত নহ’ব। সেই সকলৰ মাজত স্বৰ্গীয় হিতেন মহন্ত, ৰূপম বৰুৱা, ৰণেন গোস্বামী ইত্যাদি ব্যক্তিক আমি নিজে দেখা পাইছিলো। ইয়াৰোপৰি প্ৰেছ ক্লাৱ চৌহদত সাংবাদিক সদস্য সকলৰ সুবিধাৰ্থে কম্পিউটাৰ কেন্দ্ৰ স্থাপন, নিয়মিত ভাৱে সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন, মিডিয়া ফেলোশ্বিপৰ দ্বাৰা সাংবাদিকৰ বাবে গৱেষণামুলক কাম-কাজৰ ব্যৱস্থা, নিয়মিতভাৱে Guest of the Month, Meet the Press আদিৰ দৰে অনুষ্ঠানৰ আয়োজন ইত্যাদি নৱ ঠাকুৰীয়াৰ কাৰ্য্যকালত ৰূপায়ণ হ’বলৈ আৰম্ভ কৰা উল্লেখযোগ্য প্ৰচেষ্টা সমূহৰ অন্যতম।
ক্ৰমশঃ
লাডাখত চীনৰ সৈতে সংঘৰ্ষত ৩ ভাৰতীয় সেনা শ্বহীদ ।
লাডাখৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখাত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ চলি আছে৷ সোমবাৰে নিশা গলৱান উপত্যকাত চীন সেনাৰ গুলীত ভাৰতীয় সেনাৰ এজন কৰ্ণেল আৰু দুজন জোৱান নিহত হয়৷ উল্লেখ্য যে কিছুদিনৰ আগতে দুয়োপক্ষৰ ব্রিগেডিয়াৰ পর্যায়ৰ বৈঠক আৰম্ভ হৈছিল৷ তাৰ পাছতে এই সংঘৰ্ষ হয়৷ মঙলবাৰে দুপৰীয়া এক বিবৃতিত ভাৰতীয় সেনাই জনায় যে গলৱান উপত্যকাত উত্তেজনা প্ৰশমন প্ৰক্ৰিয়া চলি থকা সময়তে নিশা সংঘৰ্ষ আৰু মৃত্যুৰ ঘটনা ঘটে৷ ভাৰতীয় সেনাৰ বিষয়া আৰু দুজন জোৱান মৃত্যু হৈছে৷ দুয়োপক্ষৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ সভা কৰিছে৷ ভাৰতীয় সেনাৰ তৰফৰ পৰা লগতে জনায় যে চীন সেনাৰ গুলীত তিনিজন ভাৰতীয় সেনাৰ মৃত্যু হয়৷ দুয়ো দেশৰ মুখামুখি সংঘৰ্ষত শ্বহীদ হয় এজন কৰ্ণেল আৰু দুজন জোৱানৰ৷ আনহাতে বেইজিঙে দাবী কৰে যে ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ চীনৰ ভূখণ্ডত আক্ৰমণ কৰিছিল৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতক এক পদক্ষেপ নল’বলৈ কৈছে৷















