Home Blog Page 3374

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

দুলীয়াজান

এফালে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ বিশ্ব শংকাত ভুগিছে, আনহাতে নিশা বহিঃৰাজ্যৰ পৰা অহা এখন বাছ দুলীয়াজানত প্ৰৱেশ কৰাক লৈ দুলীয়াজানবাসীৰ মনত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় ৷ উল্লেখযোগ্য যে শুকুৰবাৰে নিশা দুলীয়াজানত এখন বৰ্হিঃৰাজ্যৰ বাছ প্ৰৱেশ কৰাক লৈ সমগ্ৰ দুলীয়াজানবাসী ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লীৰ পৰা অহা এমএইচ ৬৯ ডি ৫৩৫০ নম্বৰৰ বিলাসী বাছখনে দুলীয়াজানৰ লগতে যোৰহাট আৰু তিনিচুকীয়াৰ কেইবাগৰাকী যাত্ৰী কঢ়িয়াই আনিছিল। চৰকাৰে দিয়া অনুমতি লাভ কৰাৰ পিছত যাত্ৰীসকলে দিল্লীৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। বাছখন দুলীয়াজানত প্ৰৱেশ কৰাৰ আগতে গুৱাহাটী, যোৰহাট আদি ঠাইত যাত্ৰী নমাই আহি নিশা প্ৰায় ৮ বজাত দুলীয়াজানত উপস্থিত হৈছিল৷ কৰ্ত্তব্যৰত থকা  অইল নিৰাপত্তাৰ বিভাগৰ বিষয়া গোপাল বৰাই বাছখনত অহা যাত্ৰীসকলৰ ভিতৰত থকা দুলীয়াজানৰ চাৰিগৰাকী লোকক অইল চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আনে। অইল চিকিৎসালয়ৰ চিকিৎসকে দিল্লীৰ পৰা অহা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক নিজৰ ঘৰতে কোৱাৰেণ্টাইন থাকিবলৈ অনুমতি দিয়ে। প্ৰাপ্ত বাতৰিৰ মতে বাছখন অহা দুলীয়াজানৰ ব্যক্তিসকল ক্ৰমে সিদ্ধাৰ্থ ওজা, স্বাগত বৰুৱা, অমৃত কুমাৰ শৰ্মা, এনিশা বৰা অইল ইণ্ডিয়া বিষয়া আৱাসিক এলেকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ পিছত দিল্লীৰ পৰা যাত্ৰী কঢ়িয়াই অনা বিলাসী বাছখনে আন তিনিগৰাকী যাত্ৰীক লৈ তিনিচুকীয়াৰ অভিমুখে ৰাওনা হয়।

কৃষিমন্ত্ৰীৰ গৃহ জিলাত পি এম কৃষাণৰ তালিকাত ব্যাপক বিসংগতি : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিক নেতা পালিনেতাইহে পাইছে আঁচনিৰ ধন

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক বিসংগতি।

মুৰফুলনী

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক  বিসংগতি। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এতিয়া ক্ষোভ উজাৰিছে কৃষক তথা স্থানীয় দল-সংগঠনে৷ জিলাখনৰ বহু প্ৰান্তত এতিয়া ব্যাপক চৰ্চা চলিছে হিতাধিকাৰীৰ তালিকাক লৈ৷ ঘোচখোৰ আৰু নিলাজ একাংশ লোকৰ বাবে গোলাঘাট জিলাৰ প্ৰায়বোৰ গাঁও পঞ্চায়তত একে নিশাতেই সৃষ্টি হৈছে বহু কৃষক। জিলাখনৰ বহু পঞ্চায়তত একাংশ পঞ্চায়ত প্ৰতিনিধি, নেতা-পালিনেতাৰ আশীৰ্বাদত অঙহী-বঙহী হৈছেগৈ কৃষক৷ বাদ পৰিল সঁচা চহা খেতিয়ক৷ জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ঢেকিয়াল আৰু দক্ষিণ গুৰযোগনীয়া গাঁও পঞ্চায়তটো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বৃহৎ কেলেংকাৰী প্ৰকৃত হিতাধিকাৰী বঞ্চিত এই আচঁ‌নিৰ পৰা৷ একাংশ চৰকাৰী পক্ষীয় নেতা, পালিনেতা, চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ লগতে একে পৰিয়ালৰ চাৰি পাঁচজনকৈ লোকে লাভ কৰা পৰিলক্ষিত সাহায্য। ঢেকিয়াল পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যগৰাকীয়েও এই সাহায্য পোৱাক লৈও বহু লোকে আঙুলি তুলিছে৷ কিয়নো তেওঁৰ স্বামী এজন উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰিয়াল৷ লগতে একেজন ব্যক্তি নামত চাৰি পাঁচটা একাউণ্টত এই সাহায্যনিধিৰ টকা সোমোৱা দেখা গৈছে। আনফালে জিলাখনৰ ৰংবং পঞ্চায়তত এই আঁচনিৰ অধীনত বহু কৃষক বঞ্চিত হোৱাৰ লগতে একে পৰিয়ালৰ পাঁচজন পৰ্যন্ত  সদস্যই লাভ কৰিছে এই ধন। আনহাতে বহু কৃষকক ধন দিয়াৰ প্ৰলোভন দি এজনে এশ টকাকৈ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে। এশ টকা দিও বহুজনে নাপালে ধন। তদুপৰি চাকৰি কৰা আৰু ধনী লোকৰ পৰিয়ালৰ সদস্যইও এই ধন লাভ কৰিছে বুলি অভিযোগ কৰিছে। ইফালে একাংশ ৰাজনৈতিক নেতাৰ অহেতুক হস্তক্ষেপত প্ৰস্তুত হোৱাৰ অভিযোগো উত্থাপিত হৈছে হিতাধিকাৰীৰ তালিকা৷ যাৰ বাবে প্ৰকৃত কৃষকৰ সলনি হিতাধিকাৰী তালিকাত স্থান পাইছে কৃষিভূমি নথকা তথা বহুতো ভূৱা কৃষকে৷ আনফালে মুৰফুলনীৰ ফুলবাৰী পঞ্চায়তৰ এগৰাকী আদৰ্শ খেতিয়কে নাপালে আঁচনিৰ ধন৷ ৰজাঘৰীয়াই দিয়া আদৰ্শ খেতিয়কৰ মানপত্ৰখন সযতনে বেৰত উলোমাই ৰাখিছে ব্যক্তিজনে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনিত বহুবাৰ আবেদন জনাইছিল৷ কিন্তু নাপালে সেই আঁচনিৰ ধন৷ আদৰ্শ খেতিয়কৰ পৰিৱৰ্তে কিন্তু  মুৰফুলনী পঞ্চায়তৰ পঞ্চায়ত সভাপতিৰ ঘৰতেই তিনিজনে পালে আঁচনিৰ ধন৷ মুৰফুলনী পঞ্চায়তৰ সভাপতিয়ে নিজে কৃষক সন্মান নিধি আঁচনিৰ ধন লোৱাৰ উপৰি নিজ পত্নীৰ নামটো ল’লে ধন। এনেদৰে এতিয়া বিশেষ ৰাজনৈতিক দলৰ আশীৰ্বাদপুষ্ট একাংশ ৰাজনৈতিক কৰ্মীয়ে পাইছে ধন৷ ভূৱা কৃষকৰ নাম হিতাধিকাৰী তালিকাত দেখি চকু কপালত উঠিছে ৰাইজৰ৷ জিলাখনৰ এই পঞ্চায়ত কেইখন এক উদাহৰণ মাত্ৰ৷ এই অনিয়ম এতিয়া জিলাখনৰ প্ৰায়বোৰ গাঁও পঞ্চায়ততেই সংঘটিত হৈছে। আছু, গোর্খা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে সমগ্র বিষয়টোৰ এক উচ্চস্তৰীয় তদন্তৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ উপৰি বঞ্চিত প্ৰকৃত চহা কৃষকসকলক এই আঁচনিৰ সুবিধা প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে৷

মঙলদৈত অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতৰ কাষত যুৱ নেতা পিংকু দাস : আগবাঢ়ালে মাস্ক, খাদ্য-সামগ্ৰী

মঙলদৈত অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতৰ কাষত যুৱ নেতা পিংকু দাস : আগবাঢ়ালে মাস্ক, খাদ্য-সামগ্ৰী

মঙলদৈ

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কিছু শিথিলতাৰ মাজত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ সময়তে মঙলদৈৰ প্ৰায় অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতলৈ সহায়ৰ হাত আগবঢ়ালে মঙলদৈৰ যুৱ নেতা তথা অনুসুচিত জাতি পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি পিংকু মণি দাসে। তেওঁ দেওবাৰে মঙলদৈ সনাতন ধৰ্মসভা বাকৰিত সামাজিক দূৰত্ব মানি পুৰোহিত সকলক মাস্ক আৰু খাদ্য-সামগ্ৰী বিতৰণ কৰে। সাম্প্ৰতিক ক’ৰোনা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত পুৰোহিতসকলৰ সমস্যা তথা বিভিন্ন অসুবিধাৰ কথা কোনেও এবাৰ চিন্তা নকৰে। পুৰোহিতসকলৰ অধিকাংশৰেই আৰ্থিক অৱস্থা স্বচ্ছল নহয়। তথাপিও ইয়াৰ মাজতেই অব্যাহত ৰাখিছে নিজ নিজ কৰ্ম কৰ্ম। এনে পৰিস্থিতিৰ মাজতে পুৰোহিতসকলক কিছু সকাহ দিয়াৰ মহান উদ্দেশ্যৰে আগবাঢ়ি আহিল অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা তথা দৰং জিলা সমিতিৰো সভাপতি পিংকু মণি দাস। তেওঁ মঙলদৈ চহৰৰ নৱগ্ৰহ মন্দিৰ, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, ৰাম জানকী মন্দিৰ, গনেশ মন্দিৰ, ৰাধাকৃষ্ণ মন্দিৰ, শ্মশান কালি মন্দিৰ, লোকনাথ বাবা মন্দিৰ, ৰাধা কৃষ্ণ মন্দিৰ, গণেশ মন্দিৰ (ভেবাৰঘাট)সহ অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতক সহায়ৰ হাত আগবঢ়ায়। উল্লেখযোগ্য যে তেওঁ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়তো মঙলদৈ বিধানসভা সমষ্টিৰ পাঁচ শতাধিক দুখীয়া পৰিয়াললৈ খাদ্য সামগ্ৰী আগবঢ়াইছিল। আজি কাৰ্যসূচীত তেওঁক সহযোগ কৰে পশ্চিম মঙলদৈ বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰূপম কাশ্যপ, বিজেপি নেতা হিতেশ শৰ্মা, পংকজ মহন্তই। ইপিনে যুৱ নেতা পিংকু দাসৰ এই উদ্যোগক মঙলদৈৰ ধৰ্মপ্ৰাণ সকলোৱে আদৰণি জনাইছে।

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত অনিয়মৰ অভিযোগ : পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালৰ নাম অন্তভূক্তৰে অভিলেখ কলিয়াবৰত

কলিয়াবৰ

কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত বিয়াগোম কেলেঙ্কাৰীয়ে সকলোৰে চকু কপালত তুলিছে। তালিকাত একেটা পৰিয়ালৰ একাধিক সদস‍্যৰ লগতে চাকৰীয়াল, ছাত্ৰ-বৃদ্ধৰয়ম সমাহাৰ দেখা গৈছে। ৰহধলা গাঁও পঞ্চায়তৰ শিৱস্থান গাঁও ৩ নং গাঁও সভা (ৱাৰ্ড)ৰ সদস‍্যা অনিতা শইকীয়া ওৰফে জানমণিৰ পৰিয়ালৰ সদস‍্য তথা মাতৃৰ পৰিয়ালৰো সদস‍্যৰ নাম প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত সন্নিবিষ্ট হোৱাত গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।গাঁওখনৰ খাটি খোৱা বহু প্ৰকৃত কৃষক বাদ পৰা তালিকাখনত একে পৰিয়ালৰ একাধিক সদস‍্য তালিকাভূক্ত হৈছে। গাঁওখনৰ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে কেইবাটাও পৰিয়ালৰ একাধিক সদস‍্যই এই তালিকাত অন্তৰ্ভূক্ত হৈছে। গাঁওখনৰ গাঁওসভাৰ সদস‍্যা অনিতা শইকীয়াৰ আঞ্জুকপানীৰ বাসিন্দা পিতৃ আৰু মাতৃ, স্বামী, গঢ়গুৰি গাঁওসভা এলেকাৰ বাসিন্দা মোমায়েক, মামীয়েক, মোমায়েকৰ পুত্ৰৰ নামো এই তালিকত অন্তৰ্ভূক্ত হৈছে। আনহাতে, চামগুৰি সমষ্টিৰ মূল বাসিন্দা জনৈক দেৱ উপাধিৰ ছাত্ৰী এগৰাকীৰো নাম পিএমকেএছ নিধিৰ হিতাধিকাৰী তালিকাত স্বজন-তোষণ আৰু নিজ-খেয়াল খুছি মতে অন্তৰ্ভূক্ত হোৱাত ক্ষোভত ফাটি পৰিছে গাঁওবাসী। তদুপৰি, আঙ্গনবাড়ী কৰ্মী, বিবাহ সূত্ৰে চামগুৰিৰ বাসিন্দা নামো তালিকাভূক্ত হোৱাত চৰকাৰী আঁচনিৰ বাস্তৱ ৰূপে সকলোকে স্তম্ভিত কৰি তুলিছে।গাঁওখনৰ কেইবাগৰাকী ব‍্যক্তিৰ মহাত্মা গান্ধী গ্ৰাম ৰোজগাৰ যোজনাৰ তালিকাভূক্ত যদিও তেওঁলোকৰ বেঙ্ক একাউণ্টত আজিলৈকে এটকাও জমা নোহোৱাৰ অভিযোগ উঠিছে। প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ এই বিয়াগোম কেলেঙ্কাৰীৰ বিষয়ে গাঁওবাসীয়ে ইতিমধ‍্যে লিখিতভাৱে প্ৰকৃত কৃষকক বঞ্চিত কৰি প্ৰস্তুত কৰা তালিকাৰ সমগ্ৰ অভিযোগ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিলৈ প্ৰেৰণ কৰিছে। গাঁওবাসী এই বিষয়ে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তকো অৱগত কৰাৰ পৰিকল্পনা কৰিছে‌।

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া

সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ ১৩ এল ৪৩৮৭ নম্বৰৰ মটৰ চাইকেলেৰ দুজন লোকে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ টহলদাৰী দল এটাই আগভেটি দি মটৰ চাইকেল খন ৰখায় যদিও মটৰ চাইকেলখনত অবৈধভাৱে ৪০ লিটাৰ কেৰাচিনসহ কুঁৱৰী পুখুৰী গাঁৱৰ ৰফিকুল ইছলামৰ লগতে মোল্লা পাৰা গাঁৱৰ ফৰিদুল হক নামৰ  যুৱক দুজনক কৰায়ত্ত কৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি ছাবান আলীৰ ঘৰত বহিবলৈ  দিয়ে৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আলিমুদ্দিনে বিষয়টো স্থানীয় সাংবাদিক শ্বেখ আব্দুল্লাহক অৱগত কৰাত সাংবাদিকগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ হাতত চমজাই দিবলৈ গাঁওৰক্ষী বাহিনীৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে।পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অকন শৰ্মাক খবৰ দিয়ে৷ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ খবৰৰ ভিত্তিত দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই আৰক্ষী দল এটাৰ সহযোগত ছাবান আলীৰ ঘৰৰ পৰা মটৰ চাইকেলসহ চোৰাং ব্যৱসায়ী ক্ৰমে ৰফিকুল ফৰিদুল হকক আৰক্ষীয়ে থানালৈ লৈ যায়। পিছদিনা তদন্তকাৰী আৰক্ষী বিষয়াই সোধপোছ কৰাত অবৈধ ৪০ লিটাৰ কেৰাচিন তেল  দুলিয়া পাৰা গাঁৱৰ সুলভ মুল্যৰ দোকানী হানিফ আলীৰ পৰা ক্ৰয় কৰিছে স্বয়ং চোৰাং ব্যৱসায়ী দুজনে আৰক্ষী বিষয়াৰ আগত স্বীকাৰোক্তি দিয়াৰ পিছত আৰক্ষীয়ে সুলভ মুল্যৰ দোকানী হানিফ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চোৰাং ব্যৱসায়ী দুয়োজনসহ ৩ জনকো জে’ললৈ প্ৰেৰণ কৰে যদিও উক্ত দিনাখনতেই আদালতৰ পৰা জামিন লাভ চোৰাং ব্যৱসায়ী কেইজনে৷ পিছদিনা সুলভ মুল্যৰ দোকানী হানিফ আলীয়ে পৰিকল্পিতভাৱে চোৰাং ব্যৱসায়ীৰ সৈতে লগ লাগি আৰক্ষী-সংবাদ মাধ্যমৰ কৰ্মী আগত দিয়া ভাষ্যটোৰ মতে বাতৰি কৰিলে কিন্তু জে’লৰ পৰা জামিন লাভ কৰিয়েই সেই একেই কেইজন সংবাদ কৰ্মীৰ আগত   সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰি গাঁওৰক্ষী বাহিনীৰ দলটোক যি সকল সচেতন ৰাইজে সহায় সহযোগিতা আগবঢ়াই চোৰাং ব্যৱসায়ীক আৰক্ষীৰ হাতত চমজাই দিলে সেই সকল লোক ক্ৰমে প্ৰাক্তন ৱাৰ্ড মেম্বাৰ ছফৰ আলী, সমাজৰ সচেতন হবিবৰ ৰহমান, মনো আলী, আমিৰ উদ্দিন, গাঁওৰক্ষী বাহিনীৰ সভাপতি ছাবান আলী, ছাইফুল ইছলাম আদি ব্যক্তিৰ বিৰুদ্ধে চোৰাং ব্যৱসায়ীদ্বয়ে ভাষ্য সলনি কৰি কয় যে হানিফ আলীৰ পৰা এইসকল লোকে টকা ঘটাৰ কৌশল কৰি চোৰাং ব্যৱসায়ীক হেঁচা প্ৰয়োগ কৰা বুলি ভিত্তিহীন মন্তব্য দি হানিফ আলীক বচাবলৈ আপ্ৰান চেষ্টা চলাইছে বৃহৎ তেল চোৰৰ চক্ৰটোৱে চোৰাংব্যৱসায়ী দুজনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি গাঁওৰক্ষী বাহিনীক সহায় সহযোগ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। ভাষ্য সলনি কৰি চোৰাং ব্যৱসায়ীসকলে মফিদুল ইছলামৰ যুৱক এজনৰ পৰা ক্ৰয় কৰা বুলি পুনৰ  বিস্ফোৰক মন্তব্য দিয়াত এটা ৱেব পৰ্টেল চেনেলত বাতৰি পৰিৱেশন কৰি  অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জামিন লাভ কৰিয়েই চোৰাং ব্যৱসায়ীৰ ভাষ্য সলনি সংবাদ মাধ্যমৰ বাৰ বাৰ ভাষ্য সলনি কৰাত পুনৰ মফিদুল ইছলামৰ নাম সাঙুৰিছে৷ এতিয়া প্ৰশ্ন হয় এই তেল চুৰিকাণ্ডৰ লগত মফিদুলৰ নাম কিয় চৰ্চা হৈছে৷ চোৰাং ব্যৱসায়ী দুজন ক্ৰমে ফৰিদুল আৰু ৰফিকুলে যেতিয়া গাঁওৰক্ষী বাহিনী, আৰক্ষী, সংবাদ কৰ্মীৰ আগত স্বীকাৰুক্তি দিয়াত সুলভ মূল্যৰ দোকানী হানিফ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল তেতিয়াই হানিফ আলীৰ অনুজ্ঞাপত্ৰ  বচাবলৈ উঠিপৰি লাগিছে সুলভ মূল্যৰ দোকানীৰ লগতে সমবায়ৰ একাংশ ৰথী-মহাৰথীৰ৷ মফিদুলৰ পৰা যদি চোৰাং ব্যৱসায়ীয়ে ক্ৰয় কৰিছে তেন্তে মফিদুলৰ কেৰাচিন বিক্ৰী কৰাৰ বৈধ নথি পত্ৰ আছে নে বুলি প্ৰশ্ন তুলিছে সচেতন মহলে৷ সমগ্ৰ বিষয়টিৰ ওপৰত আৰক্ষী প্ৰশাসনৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে তেল চুৰি কাণ্ডৰ বহু ৰথী-মহাৰথী ওলাব বুলি ৰাইজে দাবী উত্থাপন কৰিছে৷

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক

 সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  “ছোৱাইন ফিভাৰৰ” দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যু সেই মৃত্যুক লৈ, এই মাৰাত্মক ৰোগবিধক লৈ আতংকিত গাহৰিৰ পালকসকলক৷ কিন্তু প্ৰশ্ন হ’ল এই  ৰোগৰ লগত যুঁজ দিবলৈ কিমান সস্তম ৰাজ্যৰ পশুপালন বিভাগ এই লৈ উত্থাপিত হৈছে এক জটিল প্ৰশ্ন। পশুকুলৰ এনে অস্বাভাবিক ৰোগৰ লগত যেন পশুপালন বিভাগে যুঁজিব পৰা নাই সক্ৰিয়তাৰে৷ এই ক্ষেত্ৰত পোহৰলৈ আহিছে এক ভয়াবহ তথ্য, পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীৰ অভাৱেই যেন বহু ক্ষেত্ৰত হেঙাৰ হৈছে পশুকুলৰ এই মাৰত্মক ৰোগৰ বিৰুদ্ধে সংগ্ৰাম৷ উল্লেখযোগ্য যে যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা,ৰজাবাৰী আৰু বলমাত তিনিখন ৰাজ্যিক পশু চিকিৎসালয় আৰু তিনিটা উপ কেন্দ্ৰ আছে যদিও এই সমূহত নাই প্ৰয়োজনীয় বিষয়া, ক্ষেত্ৰ সহায়ক। সমষ্টিটোত এগৰাকী খণ্ড পশু চিকিৎসা বিষয়া, তিনিগৰাকী পশু চিকিৎসক থকাৰ বিপৰীতে প্ৰায় দুই শতাধিক গাঁও থকা টীয়কত বিভাটোত কৰ্মৰত ক্ষেত্ৰ সহায়ক মাত্ৰ পাঁচ জন আছে। বিভাগটোত কৰ্মৰত কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত আজি পৰ্যন্ত কোনো নিযুক্তি প্ৰদান নকৰাত বিভাগটোত এনেদৰে কৰ্মচাৰীৰ অভাৱৰ বাবে পশুপালক সকল বহু সময়ত বিপদৰ সন্মুখীন হৈছে৷

মদাহীৰ কান্ধত দেশৰ ৰাজভঁৰাল টনকিয়ালৰ দায়িত্ব ! দিল্লী-অন্ধ্ৰৰ পিছত অসমত বাঢ়িল ২৫% আবকাৰী শুল্ক

গুৱাহাটী

 আজব দেশৰ কথা অমৃত সমান। মদাহীয়ে টনকিয়াল কৰিব ভাৰতৰ ৰাজভঁৰাল। সেয়েহ’লগৈ সুৰাই একমাত্ৰ ভৰসা। সুৰাৰ ধনেৰে চলিছে দেশ উদ্ধাৰৰ পৰিকল্পনা। বাটে পথে গেলা মদাহী বুলি তিৰস্কাৰৰ বলি হোৱা সকলে এতিয়া দেশ উদ্ধাৰৰ গধুৰ বোজা কান্ধ পাতি ল’ব লগা হৈছে নিজৰ অজ্ঞাতে। যি সময়ত বাঘা বাঘা নেতা, অৰ্থনীতিবিদ, জ্ঞানী, পণ্ডিত, বিশেষজ্ঞ আদি ব্যৰ্থ হৈছে দেশৰ বিত্তীয় সুস্থিৰতা অটুত ৰাখিবলৈ, সেইসময়ত গেলা মদাহীয়ে গঞ্জনা মূৰ পাতিও দেশৰ ৰাজকোষ টনকিয়াল কৰিছে। ফলত চৰকাৰে অভিলেখ পৰিমানে শুল্ক বৃদ্ধি কৰিছে সুৰাৰ ওপৰত। লগে লগে ৰাজকোষলৈ বৈছে ৰাজহৰ সোঁত। অসমতো দৈনিক ২৫ -৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। ফলত মাহে অতিৰিক্ত এহাজাৰ কোটি সংগ্ৰহৰ বাবে ২৫ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰিছে এম আৰ পিৰ ওপৰত।একে নিৰিখ বাঢ়িছে মেঘালয় আৰু অৰুণাচলত।ছত্তিশগড়ত মদাহীক ‘হোম ডেলিভাৰী’ কৰিছে মদ।অন্ধ্ৰ প্ৰদেশত ৭৫ শতাংশ, কৰ্ণাটক আৰু তামিলনাডুত ১৭ শতাংশ, দিল্লীত ৭০ শতাংশ, পশ্চিমবংগত ৩০ শতাংশ, ৰাজস্থানত ৪০ শতাংশ, উত্তৰ প্ৰদেশত বটলেপ্ৰতি ৰেগুলাৰ ব্ৰেণ্ডত দহ টকা আৰু প্ৰিমিয়াম ব্ৰেণ্ডত ৫০ টকা, হাৰিয়ানাত বটলেপ্ৰতি ৫০ টকা দাম বৃদ্ধি কৰিছে। ব্যতিক্ৰম কেৱল উৰিষ্যা আৰু পাঞ্জাব। এই দুখন ৰাজ্যত আগৰ দামতে বিক্ৰী কৰিছে মদ। সকলো ৰাজ্যতে জিএছটিৰ পিছত দ্বিতীয় বা তৃতীয় বৃহৎ ৰাজহ সংগ্ৰহৰ উৎস হ’ল আৱকাৰী শুল্ক। প্ৰতি মাহে গড়ে ১৫,০০০-২০,০০০ কোটি টকা অহৰণ হয় মদাহীৰ পেটত সোমোৱা দেশী-বিদেশী মদৰ শুল্ক হিচাপে।সেয়ে সুৰা বিনে গতি নাই বিয়াগোম চৰকাৰৰ।

কাৰ্বি আংলঙৰ চৌকিহোলাত ছোৱাইন ফিভাৰ সম্পৰ্কীয় সজাগতা সভা পশু ধন আৰু পশুপালন বিভাগৰ

দেওপানী

বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰ হৈ থকাৰ সময়তে উজনি অসমৰ কেইবাখনো জিলাত হোৱা ছোৱাইন ফিভাৰে চিন্তিত কৰিছে গাহৰি পালকক৷ ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে  কাৰ্বি আংলং জিলাৰ নিলিপ সমষ্টিৰ চৌকিহোলাত ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়৷ কাৰ্বি আংলং জিলা পশু ধন আৰু পশুপালন বিভাগৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পশুধন আৰু পশুপালন দপ্তৰৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম উপস্থিত থাকি ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কে উপস্থিত ৰাইজক পৰামৰ্শ আগবঢ়ায়৷ সভাত নিলিপ সমষ্টিৰ জনপ্ৰতিনিধি পবিত্ৰ ৰংপিও উপস্থিত থাকে। সজাগতা সভাত পশুধন আৰু পশুপালন বিভাগৰ জিলা বিষয়াৰ প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ শনিবাৰে চৌকিহোলাৰ লগতে কেইবা ঠাইতো ছোৱাইন ফিভাৰ প্ৰতিৰোধ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে। অন্যহাতে কাৰ্বি আংলং জিলাত এনে ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে গাহৰি পালকসকলে।

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

কলিয়াবৰ

 তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত বিচৰণ কৰিছে। লকডাউনৰ দীঘলীয়া সময়ছোৱাত প্ৰকৃতি ন-ৰূপেৰে জিলিকি উঠিছে। পশু-পক্ষীৰ মুক্ত বিচৰণে প্ৰকৃতিপ্ৰেমীক কৰি তুলিছে আনন্দিত।

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক

নাজিৰা

 দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী, কন্যা আৰু ভতিজাককে ধৰি পৰিয়ালৰ কোনো এগৰাকী লোকৰ দেহতেই ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই। ক্ৰীড়াবিদগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি সদৰী কৰা হৈছে৷ আনহাতে যোৱা এঘাৰটাকৈ  দিন ধৰি পুষ্প বৰুৱাক কোৱাৰেণ্টিনত ৰখা হৈছে যদিও তেওঁৰ স্থাস্থ্য ক্ৰমাৎ উন্নতি ঘটিছে আৰু তিনিটা দিনৰ পাছত তেওঁৰ তেজৰ নমুনা পুনৰ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পত্নী আৰু কন্যাৰ লগত তেওঁ যোৱা ৩১ জানুৱাৰীতে দিল্লীলৈ গৈছিল। পাটসাঁকোৰ আখৈয়া গাঁৱৰ ব্যক্তিগৰাকীয়ে পত্নী আৰু কন্যাৰ লগত দক্ষিণ দিল্লীৰ গোবিন্দপুৰ অঞ্চলৰ এটা ভাৰা ঘৰত থাকি ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কৰাইছিল। যোৱা ৪ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰ কৰোৱাৰ পাছত তেওঁ পুনৰ উক্ত ভাৰাঘৰটোলৈ যায়। তাৰ পাছত এটা এটাকৈ তেওঁ এপল’ চিকিৎসালয়ত চাৰিটা কেম’ থেৰাপি লয়৷ ২৭ এপ্ৰিলৰ দিনা তেওঁ পঞ্চমটো কেম’ থেৰাপি লোৱাৰ বাবে পুনৰ চিকিৎসালয়খনত উপস্থিত হয়৷ কিন্তু চিকিৎসকে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তাৰ পাছতে তেওঁক দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ ১০৩ নং কোঠাত কোৱাৰেণ্টিন কৰা হয়। ইফালে তেওঁৰ পত্নী, কন্যা আৰু ভতিজাকৰ তেজ পৰীক্ষা কৰা হয় যদিও তেওঁলোকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিছে। ক্ৰীড়াবিদ পুষ্প বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ বৰ্তমানলৈকে সুস্থ বুলি ব্যক্ত কৰিছে। অৱশ্যে ক’ৰোনা আক্ৰান্ত হোৱাৰ বাবে তেওঁ কেম’ থেৰাপি লোৱাৰ পৰা বঞ্চিত হৈ আছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে যদিও কোনো ধৰণৰ সু চিকিৎসা আগবঢ়োৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে৷