Home Blog Page 3383

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে সময়ত দৰিদ্ৰ লোকসকলক বিভিন্ন ব্যক্তি আৰু সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াইছে৷ উল্লেখ্য যে সোমবাৰে ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা গুৱাহাটী মহানগৰীৰ অমিয় নগৰৰ হিল টপত দৰিদ্ৰ লোকক সাহায্য প্ৰদান কৰে৷ ইণ্ডিয়ান বেংকৰ গুৱাহাটী মহানগৰী শাখা আৰু মাণ্ডলীক কাৰ্যালয়ৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰা হয়৷ ইণ্ডিয়ান বেংকৰ গুৱাহাটী মহানগৰী শাখাৰ প্ৰবন্ধক আৰু মাণ্ডলীক প্ৰবন্ধকে উক্ত স্থানৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে৷ বেংকটোৰ তৰফৰ পৰা এনেদৰে সাহায্য বিতৰণ কৰাত বিভিন্ন লোকে ভূয়সী প্ৰশংসা কৰিছে৷

জামুগুৰিহাটৰ শলগুৰিত দুৰ্ঘটনাত চালকসহ আহত ২

জামুগুৰিহাটলকডাউনৰ নীতি নিয়ম বহুখিনি শিথিল কৰাৰ প্ৰথম দিনটতেই জামুগুৰিহাটৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখী এএছ-০১-ডিএন ৩১৩৩ নম্বৰৰ তীব্ৰ বেগী এখন ছুইফট ডিজায়াৰ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় চালক নলবাৰীৰ চন্দন বৰ্মণ (৩৬) আৰু ৰঙীয়াৰ দ্বীপেন তালুকদাৰ (৩২)৷ তীব্ৰবেগী গাড়ীখনৰ খুন্দাৰপৰা অৱশ্যে কথমপি ৰক্ষা পৰে স্থানীয় এগৰাকী লোক৷ আহত লোক দুজনক আৰক্ষীয়ে উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে৷ জানিব পৰা মতে ছুইফট ডিজায়াৰখন জামুগুৰিহাট দিশৰপৰা ৰঙাপাৰলৈ গৈছিল৷

অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজ কৰ্মী ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যু

শিৱসাগৰ
জোলাটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ বৰুৱাৰ সোমবাৰে পুৱা ১০ বজাত ডিমৌমুখ চেঁচাসত্ৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত ৰামচন্দ্ৰ বৰুৱাৰ বয়স আছিল ৬৬ বছৰ। কিছুদিন ধৰি ৰামচন্দ্ৰ বৰুৱা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ আছিল। জীৱিত কালত ৰামচন্দ্ৰ বৰুৱাই সৃজনী মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক বিষয়ববীয়া আৰু স্থানীয় শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰাস পৰিচালনা সমিতিৰ অন্যতম বিষয়ববীয়া হিচাপেও অৰিহণা যোগাইছিল৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ত দিচাং ধাইআলি অঞ্চলত বৰুৱাই আন্দোলনত অংশ গ্ৰহণ কৰি আন্দোলনৰ এজন সমৰ্থক ৰূপে পৰিচিত হৈছিল। ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যুত দিচাংমুখ প্ৰেছ ক্লাব, গ্ৰাম্য সাংবাদিক সন্থা, মৰিয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ দিচাংধাই আলি আঞ্চলিক সমিতি, আটাছুৰ দিচাং ধাই আলি আঞ্চলিক সমিতি , চুতীয়া জাতি সন্মিলনীৰ বিষয়ববীয়া পৰাগ শইকীয়া, ডিমৌমুখ হাইস্কুলৰ শিক্ষক বৃন্দ, সৰবৰহী মহিলা ৰুচিমাই বেগম, চেচঁসত্ৰ নামঘৰ পৰিচালনা সমিতি আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত বৰুৱাই পত্নীসহ তিনিজন পুত্ৰ, এগৰাকী বোৱাৰী আৰু দুই নাতি-নাতিনীক এৰি থৈ গৈছে।

চৰাইদেউত পুনৰ কাঠফুলা খাই এজনৰ মৃত্যু

A Man dies after eating poisonous mushroom in Charaideo district.

সাপেখাতী
চৰাইদেউ জিলাৰ চৰাইপুঙৰ লাকিলী হাবি গাঁৱত পুনৰ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু হয়৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন পাপু কোঁৱৰ (২৬) বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে পুৱাৰ আহাৰৰ সৈতে ঘৰৰ বাকী সদস্যসকলক নিদি অকলেই ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা৷ ভক্ষণ কৰাৰ কেই ঘণ্টামানৰ পাছতেই অত্যাধিক বমি আৰু শৌচত আক্ৰান্ত হৈছিল যুৱকজন৷ তাৰ পাছলে তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷

তিনিচুকীয়াত চি আৰ পি এফ জোৱানৰ আত্মহত্যা

CRPF jawan commits suicide in Tinsukia District

তিনিচুকীয়া 
তিনিচুকীয়া দুৰ্গাবাৰীস্থ আৰ এছ এছ কাৰ্যালয়ত নিয়োজিত ৬৮ নং বেটেলিয়ান জোৱান অমৃত কুমাৰে কালি নিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কাৰ্যালয়ৰ বাথৰোমত মুৰত গুলীয়াই আত্মহত্যা কৰে। ছুইছাইড নোট লিখি থৈ যোৱা জোৱানজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷ ইফালে আৰক্ষী বা চি আৰ পি এফৰ তৰফৰ পৰা কোনো তথ্য জানিবলৈ দিয়া নাই।

তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

Lockdown 3.0 : Golaghat district is under 'Green Zone' but lock down have not been relaxed in Golaghat

গোলাঘাট  
দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ সকলো দোকান খোলাৰ অনুমতি দিয়া নাই প্ৰশাসনে। কেৱল প্ৰশাসনৰ অনুমোদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খুলিব পাৰিব বিক্ৰেতাই। বিশ্বত্ৰাস ক’ৰ’ণা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ কাৰক সুনিশ্চিত কৰাৰ পিছতহে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিব। সেইসম্পৰ্কত গোলাঘাটৰ চেম্বাৰ্চ অৱ কৰ্মাচৰ বিষয়াববীয়াৰ সৈতে আলোচনা কৰি সকলো কৰ্ম-কৌশল যুগুত কৰাৰ পিছতহে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানবোৰলৈ নিৰ্দেশ জাৰি কৰিব।

নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক

নাজিৰা 
অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ পথাৰ, হাবিতলীয়া আৰু পাহাৰীয়া লুঙলুঙীয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছে। নাগালেণ্ডৰ কয়লাখনিত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এইসকল শ্ৰমিকে লকডাউনৰ পৰিস্থিতিৰ বাবে দুমাহ নাগালেণ্ডৰ কয়লাখনিৰ অস্থায়ী শিবিৰত আবদ্ধ হৈ আছিল৷ শ্ৰমিকসকলক ঠিকাদাৰসকলেও খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে খা-খবৰো লোৱা নাই৷ শ্ৰমিকসকলে লকডাউন খোলাৰ পাছত ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পুনৰ লকডাউন ১৭ মে’ লৈ বৃদ্ধি পোৱাত শ্ৰমিকসকলৰ মূৰত স্বৰগ ভাগি পৰাত কিংকৰ্তব্যবিমূঢ় হৈ অৱশেষত পদব্ৰজেই নাগালেণ্ডৰ পৰা যোৱা ৰাতি গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, ফৰকাটিঙৰ গৃহলৈ বুলি যাত্ৰা কৰিছে৷ গোলাঘাটৰ বাবু সিং, নৰেন্দ্ৰ কুমাৰ, লখৌ কুমাৰ সেন, জোন মূড়া, ৰমেন পাইক, সৰুপথাৰৰ লিখন ভূঞা, পানিকা তাতী, সূৰয তাতী, লগন ভূঞা, ৰামেশ্বৰ মূড়া, প্ৰৱীণ গগৈ, কমল গগৈ, সুৰেশ ওৰাং, হনুমান ভূঞা, জয়নাথ চিক, গুঞ্জন চিক, চণ্ডিকা মল্ল, বাপুটী সেন। ফৰকাটিঙৰ গোপাল মিশ্ৰ, বাহাদুৰ থাপা, মদন শৰ্মা, খগেন মিশ্ৰ, ভীম দাস, পোনা কৈৱৰ্ত, দুলেশ্বৰ হাজৰিকা, ৰুদ্ৰ দাসকে ধৰি ৪৫ জন শ্ৰমিকে যোৱা ৰাতি নাগালেণ্ডৰ পুৰণা নামচাং চেতাপ বস্তিৰ পৰা নাজিৰাৰ সীমান্তৰে লাদৈগড় হৈ হাবিতলীয়া বক্ৰ পথেৰে গৃহ অভিমুখে যাত্ৰা কৰিছে।

সাপেখাতীত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা পৰিয়ালৰ গৃহত যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

Three members of a family died after consuming poisonous mushroom in Charaideo.

 সাপেখাতী
চৰাইদেউ জিলাৰ সোনাৰি বিধান সভা সমষ্টিৰ অৰ্ন্তগত সাপেখাতীৰ ভোগবাৰী গাঁৱত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত দেওবাৰে উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷ সাংসদ গগৈয়ে চৰাইদেউ জিলাৰ ভোগবাৰী গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ধৰ্মীয় কাম-কাজৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা লগতে পিতৃ-মাতৃ আৰু এগৰাকী কন্যাক ইহ সংসাৰৰ এৰি থৈ যোৱাত বৰ্তমান জীৱিত থকা তিনিটি শিশুৰ শিক্ষা, বিভিন্ন আৰ্থিক সমস্যাৰ দায়িত্ব গ্ৰহণ কৰে৷ এই বিপদৰ সময়ত সাংসদ গগৈয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে আগবঢ়োৱা এই মহানুভৱতা প্ৰশংসনীয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে৷ আনহাতে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত সাংসদ গগৈৰ সৈতে সাপেখাতী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পবি গগৈ, উপ-সভাপতি শংকৰ বড়া উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰে৷

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং 
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ’ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক , ইউ ক’ বেংকৰ এটিএম কেইটা সঘনে অচল থাকে। বেংকসমূহৰ এটিএম কেইটা অচল হৈ থকাত বৃহৎ অঞ্চলটোৰ জনসাধাৰণে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে বিগত কিছুদিনধৰি ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে আন বেংকবোৰৰ কাৰিকৰী বিসংগতিয়ে দেখা দিয়া বুলি জানিব পৰা গৈছে। যাৰ বাবে বেংকত লেনদেনত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বেংকৰ কাৰিকৰী বিজুতিৰ বাবে অতি লেহেমীয়া হৈ পৰিছে বেংক সেৱা। দিনটোৰ অধিক সময়ে বেংকৰ কাম কাজ পৰিচালনাত তথা লেনদেনত অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে।  ইয়াৰ ফলতো বেংকৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বেংকৰ কাৰিকাৰী বিজুতি প্ৰভাৱ গ্ৰামাঞ্চল আৰু নগৰে চহৰে থকা গ্ৰাহক সেৱা কেন্দ্ৰসমূহতো পৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। উল্লেখ্য যে লকডাউনৰ পৰিপ্ৰক্ষিতত কেতবোৰ অঞ্চলত থকা বেংকৰ শাখা এটিএমৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত সন্মুখত পুৱাৰে পৰা ধন উলিয়াবলৈ আহি শাৰী পতা দেখা গৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰলোকৰ বাবে প্ৰদান কৰা আৰ্থিক অনুদান আগবঢ়োৱা পাছৰে পৰা বেংকসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। আনহাতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত জমা কৰাৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা ২৫ মে’লৈকে জনধন আঁচনিৰ অধীনত বেংকত একাউণ্ট খোলা মহিলাসকলকো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিখনে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ দৰিদ্ৰ মহিলাসকলে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন একেলগে লাভ কৰিব। দেশত লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিতে প্ৰধানমন্ত্ৰী জনধন আঁচনিখনৰ অধীনত বিগত এক আগষ্ট ২০১৪ বৰ্ষৰ পৰা চলিত  বৰ্ষৰ ফেব্ৰুৱাৰীলৈ খোলা বেংক একাউণ্টৰ  হিতাধিকাৰীক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ ধন প্ৰদান কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক

Cow-Buffalo vaccination at kaziranga national park

বোকাখাত
দেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকতৱৰ্তী গাঁও আৰু চাপৰিত ১ মে’ৰ পৰা আৰম্ভ হৈছে ট্ৰায়’-ভেক প্ৰতিষেধক প্ৰদানৰ অভিযান। এই উদ্দেশ্যে পহিলা মে’ৰ পৰা দেওবাৰলৈকে যোৱা তিনিদিন ভক্তে আৰু বামুন চাপৰিত গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা হয়৷ আনকি ২ মে’ত নিকৰিঘাটৰ পৰা ধনশিৰি নদী পাৰ হৈ নিশাৰ ভাগতো চাপৰিত থকা খুঁটিলৈ গৈ গৰু আৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে দলটোৱে৷ ইতিমধ্যে বিভিন্ন অঞ্চলৰ পাঁচ শতাধিক গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা এই দলটোৱে দুয়োটা চাপৰিতে প্ৰায় আঢ়ৈশ গৰু-ম’হক প্ৰতিষেধক প্ৰদান কৰে। দেওবাৰে পুৱতি নিশাৰ পৰা ভক্তে চাপৰিৰ সমীপৰ বামুন চাপৰিতো প্ৰতিষেধক প্ৰদান কৰা হয়৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ তত্বাৱধানত যোৱা দলটোত বোকাখাতৰ মহকুমা চিকিৎসা বিভাগৰহৈ ডাঃ জানমনি শ্যাম, ডাঃ দেৱব্ৰত ফুকন আৰু ডাঃ দীপজ্যোতি হাঞ্চেৰ উপৰি ক্ষেত্ৰ সহায়ক আৰু গোপাল মিত্ৰই সেৱা দান কৰে৷ দেওবাৰে পুৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ভক্তে চাপৰিলৈ গৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বুজ লোৱাৰ লগতে ভক্তে বন শিবিৰতে পশু চিকিৎসকৰ সৈতে স্বোৱাইন ফিভাৰ সংক্ৰমন প্ৰতিৰোধ সম্পৰ্কে আলোচনাও কৰে৷ উল্লেখ্য যে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু চাপৰি, লালুং আৰু বিলতীয়া আদি চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাম অব্যাহত থাকিব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গৰু ম’হৰ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাইণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই উদ্যান কৰ্তৃপক্ষক সহায় কৰিছে ৷