শিৱসাগৰ
জোলাটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ বৰুৱাৰ সোমবাৰে পুৱা ১০ বজাত ডিমৌমুখ চেঁচাসত্ৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত ৰামচন্দ্ৰ বৰুৱাৰ বয়স আছিল ৬৬ বছৰ। কিছুদিন ধৰি ৰামচন্দ্ৰ বৰুৱা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ আছিল। জীৱিত কালত ৰামচন্দ্ৰ বৰুৱাই সৃজনী মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক বিষয়ববীয়া আৰু স্থানীয় শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰাস পৰিচালনা সমিতিৰ অন্যতম বিষয়ববীয়া হিচাপেও অৰিহণা যোগাইছিল৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ত দিচাং ধাইআলি অঞ্চলত বৰুৱাই আন্দোলনত অংশ গ্ৰহণ কৰি আন্দোলনৰ এজন সমৰ্থক ৰূপে পৰিচিত হৈছিল। ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যুত দিচাংমুখ প্ৰেছ ক্লাব, গ্ৰাম্য সাংবাদিক সন্থা, মৰিয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ দিচাংধাই আলি আঞ্চলিক সমিতি, আটাছুৰ দিচাং ধাই আলি আঞ্চলিক সমিতি , চুতীয়া জাতি সন্মিলনীৰ বিষয়ববীয়া পৰাগ শইকীয়া, ডিমৌমুখ হাইস্কুলৰ শিক্ষক বৃন্দ, সৰবৰহী মহিলা ৰুচিমাই বেগম, চেচঁসত্ৰ নামঘৰ পৰিচালনা সমিতি আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত বৰুৱাই পত্নীসহ তিনিজন পুত্ৰ, এগৰাকী বোৱাৰী আৰু দুই নাতি-নাতিনীক এৰি থৈ গৈছে।
অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজ কৰ্মী ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যু
চৰাইদেউত পুনৰ কাঠফুলা খাই এজনৰ মৃত্যু
সাপেখাতী
চৰাইদেউ জিলাৰ চৰাইপুঙৰ লাকিলী হাবি গাঁৱত পুনৰ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু হয়৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন পাপু কোঁৱৰ (২৬) বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে পুৱাৰ আহাৰৰ সৈতে ঘৰৰ বাকী সদস্যসকলক নিদি অকলেই ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা৷ ভক্ষণ কৰাৰ কেই ঘণ্টামানৰ পাছতেই অত্যাধিক বমি আৰু শৌচত আক্ৰান্ত হৈছিল যুৱকজন৷ তাৰ পাছলে তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷
তিনিচুকীয়াত চি আৰ পি এফ জোৱানৰ আত্মহত্যা
তিনিচুকীয়া
তিনিচুকীয়া দুৰ্গাবাৰীস্থ আৰ এছ এছ কাৰ্যালয়ত নিয়োজিত ৬৮ নং বেটেলিয়ান জোৱান অমৃত কুমাৰে কালি নিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কাৰ্যালয়ৰ বাথৰোমত মুৰত গুলীয়াই আত্মহত্যা কৰে। ছুইছাইড নোট লিখি থৈ যোৱা জোৱানজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷ ইফালে আৰক্ষী বা চি আৰ পি এফৰ তৰফৰ পৰা কোনো তথ্য জানিবলৈ দিয়া নাই।
তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

গোলাঘাট
দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ সকলো দোকান খোলাৰ অনুমতি দিয়া নাই প্ৰশাসনে। কেৱল প্ৰশাসনৰ অনুমোদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খুলিব পাৰিব বিক্ৰেতাই। বিশ্বত্ৰাস ক’ৰ’ণা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ কাৰক সুনিশ্চিত কৰাৰ পিছতহে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিব। সেইসম্পৰ্কত গোলাঘাটৰ চেম্বাৰ্চ অৱ কৰ্মাচৰ বিষয়াববীয়াৰ সৈতে আলোচনা কৰি সকলো কৰ্ম-কৌশল যুগুত কৰাৰ পিছতহে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানবোৰলৈ নিৰ্দেশ জাৰি কৰিব।
নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক
নাজিৰা
অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ পথাৰ, হাবিতলীয়া আৰু পাহাৰীয়া লুঙলুঙীয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছে। নাগালেণ্ডৰ কয়লাখনিত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এইসকল শ্ৰমিকে লকডাউনৰ পৰিস্থিতিৰ বাবে দুমাহ নাগালেণ্ডৰ কয়লাখনিৰ অস্থায়ী শিবিৰত আবদ্ধ হৈ আছিল৷ শ্ৰমিকসকলক ঠিকাদাৰসকলেও খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে খা-খবৰো লোৱা নাই৷ শ্ৰমিকসকলে লকডাউন খোলাৰ পাছত ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পুনৰ লকডাউন ১৭ মে’ লৈ বৃদ্ধি পোৱাত শ্ৰমিকসকলৰ মূৰত স্বৰগ ভাগি পৰাত কিংকৰ্তব্যবিমূঢ় হৈ অৱশেষত পদব্ৰজেই নাগালেণ্ডৰ পৰা যোৱা ৰাতি গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, ফৰকাটিঙৰ গৃহলৈ বুলি যাত্ৰা কৰিছে৷ গোলাঘাটৰ বাবু সিং, নৰেন্দ্ৰ কুমাৰ, লখৌ কুমাৰ সেন, জোন মূড়া, ৰমেন পাইক, সৰুপথাৰৰ লিখন ভূঞা, পানিকা তাতী, সূৰয তাতী, লগন ভূঞা, ৰামেশ্বৰ মূড়া, প্ৰৱীণ গগৈ, কমল গগৈ, সুৰেশ ওৰাং, হনুমান ভূঞা, জয়নাথ চিক, গুঞ্জন চিক, চণ্ডিকা মল্ল, বাপুটী সেন। ফৰকাটিঙৰ গোপাল মিশ্ৰ, বাহাদুৰ থাপা, মদন শৰ্মা, খগেন মিশ্ৰ, ভীম দাস, পোনা কৈৱৰ্ত, দুলেশ্বৰ হাজৰিকা, ৰুদ্ৰ দাসকে ধৰি ৪৫ জন শ্ৰমিকে যোৱা ৰাতি নাগালেণ্ডৰ পুৰণা নামচাং চেতাপ বস্তিৰ পৰা নাজিৰাৰ সীমান্তৰে লাদৈগড় হৈ হাবিতলীয়া বক্ৰ পথেৰে গৃহ অভিমুখে যাত্ৰা কৰিছে।
সাপেখাতীত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা পৰিয়ালৰ গৃহত যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ
সাপেখাতী
চৰাইদেউ জিলাৰ সোনাৰি বিধান সভা সমষ্টিৰ অৰ্ন্তগত সাপেখাতীৰ ভোগবাৰী গাঁৱত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত দেওবাৰে উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷ সাংসদ গগৈয়ে চৰাইদেউ জিলাৰ ভোগবাৰী গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ধৰ্মীয় কাম-কাজৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা লগতে পিতৃ-মাতৃ আৰু এগৰাকী কন্যাক ইহ সংসাৰৰ এৰি থৈ যোৱাত বৰ্তমান জীৱিত থকা তিনিটি শিশুৰ শিক্ষা, বিভিন্ন আৰ্থিক সমস্যাৰ দায়িত্ব গ্ৰহণ কৰে৷ এই বিপদৰ সময়ত সাংসদ গগৈয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে আগবঢ়োৱা এই মহানুভৱতা প্ৰশংসনীয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে৷ আনহাতে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত সাংসদ গগৈৰ সৈতে সাপেখাতী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পবি গগৈ, উপ-সভাপতি শংকৰ বড়া উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰে৷
টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন
টিংখাং
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ’ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক , ইউ ক’ বেংকৰ এটিএম কেইটা সঘনে অচল থাকে। বেংকসমূহৰ এটিএম কেইটা অচল হৈ থকাত বৃহৎ অঞ্চলটোৰ জনসাধাৰণে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে বিগত কিছুদিনধৰি ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে আন বেংকবোৰৰ কাৰিকৰী বিসংগতিয়ে দেখা দিয়া বুলি জানিব পৰা গৈছে। যাৰ বাবে বেংকত লেনদেনত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বেংকৰ কাৰিকৰী বিজুতিৰ বাবে অতি লেহেমীয়া হৈ পৰিছে বেংক সেৱা। দিনটোৰ অধিক সময়ে বেংকৰ কাম কাজ পৰিচালনাত তথা লেনদেনত অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে। ইয়াৰ ফলতো বেংকৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বেংকৰ কাৰিকাৰী বিজুতি প্ৰভাৱ গ্ৰামাঞ্চল আৰু নগৰে চহৰে থকা গ্ৰাহক সেৱা কেন্দ্ৰসমূহতো পৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। উল্লেখ্য যে লকডাউনৰ পৰিপ্ৰক্ষিতত কেতবোৰ অঞ্চলত থকা বেংকৰ শাখা এটিএমৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত সন্মুখত পুৱাৰে পৰা ধন উলিয়াবলৈ আহি শাৰী পতা দেখা গৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰলোকৰ বাবে প্ৰদান কৰা আৰ্থিক অনুদান আগবঢ়োৱা পাছৰে পৰা বেংকসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। আনহাতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত জমা কৰাৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা ২৫ মে’লৈকে জনধন আঁচনিৰ অধীনত বেংকত একাউণ্ট খোলা মহিলাসকলকো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিখনে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ দৰিদ্ৰ মহিলাসকলে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন একেলগে লাভ কৰিব। দেশত লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিতে প্ৰধানমন্ত্ৰী জনধন আঁচনিখনৰ অধীনত বিগত এক আগষ্ট ২০১৪ বৰ্ষৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ খোলা বেংক একাউণ্টৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ ধন প্ৰদান কৰিছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক
বোকাখাত
দেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকতৱৰ্তী গাঁও আৰু চাপৰিত ১ মে’ৰ পৰা আৰম্ভ হৈছে ট্ৰায়’-ভেক প্ৰতিষেধক প্ৰদানৰ অভিযান। এই উদ্দেশ্যে পহিলা মে’ৰ পৰা দেওবাৰলৈকে যোৱা তিনিদিন ভক্তে আৰু বামুন চাপৰিত গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা হয়৷ আনকি ২ মে’ত নিকৰিঘাটৰ পৰা ধনশিৰি নদী পাৰ হৈ নিশাৰ ভাগতো চাপৰিত থকা খুঁটিলৈ গৈ গৰু আৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে দলটোৱে৷ ইতিমধ্যে বিভিন্ন অঞ্চলৰ পাঁচ শতাধিক গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা এই দলটোৱে দুয়োটা চাপৰিতে প্ৰায় আঢ়ৈশ গৰু-ম’হক প্ৰতিষেধক প্ৰদান কৰে। দেওবাৰে পুৱতি নিশাৰ পৰা ভক্তে চাপৰিৰ সমীপৰ বামুন চাপৰিতো প্ৰতিষেধক প্ৰদান কৰা হয়৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ তত্বাৱধানত যোৱা দলটোত বোকাখাতৰ মহকুমা চিকিৎসা বিভাগৰহৈ ডাঃ জানমনি শ্যাম, ডাঃ দেৱব্ৰত ফুকন আৰু ডাঃ দীপজ্যোতি হাঞ্চেৰ উপৰি ক্ষেত্ৰ সহায়ক আৰু গোপাল মিত্ৰই সেৱা দান কৰে৷ দেওবাৰে পুৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ভক্তে চাপৰিলৈ গৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বুজ লোৱাৰ লগতে ভক্তে বন শিবিৰতে পশু চিকিৎসকৰ সৈতে স্বোৱাইন ফিভাৰ সংক্ৰমন প্ৰতিৰোধ সম্পৰ্কে আলোচনাও কৰে৷ উল্লেখ্য যে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু চাপৰি, লালুং আৰু বিলতীয়া আদি চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাম অব্যাহত থাকিব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গৰু ম’হৰ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাইণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই উদ্যান কৰ্তৃপক্ষক সহায় কৰিছে ৷
সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপৰ উদ্যোগত অনলাইন অসম ভিত্তিত কুইজ প্ৰতিযোগিতা সামৰণি
জামুগুৰিহাট
সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপত অসমৰ সাহিত্যৰ প্ৰতি আগ্ৰহী ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল জড়িত৷ লকডাউনৰ সময়ছোৱাত যোৱা ২৩ এপ্ৰিল আৰু ৩ মে’ত অনলাইন যোগে আয়োজিত কুইজ প্ৰতিযোগিতাখন অন্ত পৰে৷ প্ৰশাসকদ্বয় মৃন্ময় শইকীয়া, সুৰজিৎ গোস্বামী, সমুজ্বল শইকীয়া, অভিনাস দাসৰ তত্ত্বাৱধানত অনলাইন যোগে অসমৰ প্ৰত্যেকখন জিলাৰ বহু ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী এই সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপটোৰ লগত জড়িত ৷ প্ৰায় ডেৰ বছৰ ধৰি এই গ্ৰুপটো নিয়মিতভাৱে চলি আছে৷ বিগত সময়ত সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠান কৰি আহিছে৷ অসম ভিত্তিত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখন দেওবাৰে অন্ত পৰাৰ লগে লগে ফলাফল ঘোষণা কৰা হয়। এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে লক্ষীমপুৰৰ লিপিকা ভূঞাই৷ দ্বিতীয় স্থান তেজপুৰৰ ধয়ীত্ৰী শ্ৰাৱন, তৃতীয় স্থান তেজপুৰৰ কাকু গোস্বামীয়ে অধিকাৰ কৰাৰ লগতে চতুৰ্থ স্থান লাভ কৰিছে গোলাঘাটৰ চম্পক শইকীয়াই।
লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ
নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক – যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা নাই। বিবাহক লৈ ৰচা সপোন যেন সপোন হৈয়ে ৰ’ব। বিবাহক লৈ ৰচা ৰঙীন সপোনক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাই ম্লান কৰিলেও অনাড়ম্বৰ পৰিবেশত আজি নগাঁৱত এক বিবাহ কার্য সম্পন্ন হয় । কৰোনা ভাইৰাছ কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ জুৰি চলি থকা লকডাউনৰ মাজতেই নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী বিষ্ণু নগৰত আজি অনুষ্ঠিত হয় এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। মিন্টু বৰা আৰু মণি কংকণা শইকীয়া নামৰ এই দুই যুৱক যুৱতীয়ে বিবাহক লৈ বুকুত সাঁচি ৰখা আশাক জলাঞ্জলি দি লকডাউনৰ মাজতে মুখত মাস্ক পিন্ধি হোমৰ গুৰিত বহিল। দৰা আৰু কইনা উভয়ৰে পিতৃ- মাতৃয়ে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়েই মাত্ৰ ৫-৬ জন পৰিয়ালৰ সদস্যৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পাতিলে নিজ সন্তানৰ বিবাহ। বিবাহৰ মাংগলিক কাৰ্য এনেদৰে সম্পন্ন কৰি দৰা- কইনাৰ যুগ্মজীৱনৰ সফলতা কামনা কৰিলেও হেঁপাহৰ বিবাহখনৰ আনন্দ বুটলিব নোৱৰাৰ ক্ষোভ থাকি গ’ল দৰা আৰু কইনা উভয় পক্ষৰ ।আনহাতে অসম চৰকাৰৰ লগতে নগাঁও জিলা প্ৰশাসনে বিবাহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰাৰ বাবে দুই পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰ আৰু প্ৰশাসনক।






