Home Blog Page 3433

ডাক্তৰ-পুলিচ-চুইপাৰ আদি……

◆ ৰাজীৱ কমল শইকীয়া

অনুজীৱৰ ত্ৰাসৰ এই সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী, বেচৰকাৰী হাস্পতালৰ অনেক চিকিৎসক তথা চিকিৎসা কৰ্মীও কৰ’নাত আক্ৰান্ত হৈছে । বৰ্তমান মানৱ জাতিৰ মূল ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ এই লোকসকলৰ মাজৰ বহু গৰাকীয়ে সমৰ্পণৰ জড়িয়তে অদৃশ্য শত্ৰুৰ লগত কৰা যুদ্ধখনত জীৱন হেৰুওৱাৰ বাতৰিও আমি শুনিবলৈ পাইছোঁ । তথাপিও স্থবিৰ হোৱা নাই চিকিৎসক বা এই সেৱাৰ লগত সংযুক্ত অন্য সকলৰ অকৃত্ৰিম দায়বদ্ধ-কৰ্তব্য ।  বীজাণু বিধৰ অতি দ্ৰুত প্ৰসাৰতা ৰোধ কৰি দি মানৱ জাতিক কৰ’নামুক্ত কৰি তুলিবলৈ অতন্দ্ৰতাৰে কৰ্মত মগ্ন এই সকল দেৱ-তুল্য মানুহৰ বিৰামহীন সেৱা দেখি শ্ৰদ্ধাত শিৰ দোঁ খাই আহে ।বাতৰিত আমি সকলোৱে দেখিবলৈ পাইছোঁ-গৰমৰ কথা চিন্তা নকৰাকৈয়ে বাতানুকুল বা অবাতানুকুল সকলো হস্পিতাল, কোৱাৰেণটাইন শিবিৰ ইত্যাদি সকলোতে  নিসংকোচে পিপিই কিট পৰিধান কৰি কভিড-১৯ ৰ চিকিৎসা আগবঢ়াই থকা তেখেত সকলৰ ছবি বা দৃশ্য-শ্ৰৱ্য ৰূপ| তাক দেখি প্ৰতিজন অনুভৱী মানুহে নিৰলে উচুপি উঠিছে |নিজৰ পৰিয়াল-পৰিজনৰ পৰা দূৰ হৈ থাকি,মানৱ জাতিক হতাশ হৈ যাবলৈ নিদিয়াকৈ ৰাখি,এই চৰম বিপদসংকুলতাৰ পৰা পৰিত্ৰাণৰ অৰ্থেও কি কৰা নাই তেখেত সকলে  সংকট-মোচনৰ উদ্দেশ্যেৰে তেখেত সকলকলে কৰা ত্যাগৰ ওচৰত ঋণগ্ৰস্ত আমি কিয়েইবা কৰিব পাৰোঁ, মাথোঁ অন্তৰ পৰা  কৃতজ্ঞতা আগবঢ়ালোঁ লগতে প্ৰাৰ্থনাত চামিল কৰি ললোঁ তেখেত সকলৰ কুশল কামনাৰ কথাও।একবিংশ শতিকাৰ এই সময়, ইতিহাস লিখোঁতা সকলে তেখেত সকলৰ লগতে সন্মানীয় প্ৰশাসন, পুলিচ, সাংবাদজগত, শ্ৰদ্ধাৰ চুইপাৰ আৰু অন্তেষ্টিক্ৰীয়া সম্পাদনকাৰী সকলৰ কথাও ধন্যবাদ-কৃতজ্ঞতাৰ দীপ্তমান আখৰেৰে লিপিবদ্ধ কৰি, নিজেও সমগ্র মানৱ জাতিৰ হৈ  উপকাৰত বান্ধ খাই থাকিব, এই কথা নিশ্চিত ।

ফোন- ৮৬৩৮৭৮২৫৫৪

চৰকাৰে “জিম” ৰ কথাও ভাবক

  • ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

যোৱা মাৰ্চ মাহৰ শেষভাগৰ পৰাই চৰকাৰৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো জিম বা ফিটনেছ চেন্টাৰ সমূহ বন্ধ হৈ আছে ৷ যোৱা দুমাহেই এই ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই নিৰ্দেশ সম্পূৰ্ণ মানি আছে ৷ ক’ৰ’নাৰ আতংক দিনক দিনে বাঢ়ি আছে ৷ অস্থিৰ হৈ পৰিছে দেশৰ অৰ্থব্যৱস্থা ৷ চৰকাৰে অৰ্থনৈতিক দিশৰ যোৰা টাপলি মৰাৰ উদ্দেশ্যে ইতিমধ্যে খুলি দিছে দোকানৰ পৰা যাতায়ত ব্যৱস্থালৈ, মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ ৷ অচিৰেই আৰাম্ভ হব নিয়মিত ৰেল বিমান সেৱা ৷  প্ৰতি ক্ষেত্ৰত বান্ধি দিছে কিছু নীতি নিয়ম ৷ কিন্তু অতি আশ্চৰ্যজনক ভাবে খোলাৰ অনুমতি দিয়া নাই “জিম” সমূহৰ ৷ সচেতন বিভিন্নজনৰ অনুৰোধৰ পিছতো সলনি হোৱা নাই নিৰ্দেশ ৷ সামাজিক দূৰত্ব ৰ দিশটোক লৈ ৰাইজ ভালেখিনি সজাগ হৈছে ৷ এনেও জিম ৰ ভিতৰত সচৰাচৰ এজনৰ পৰা আনজন যথেষ্ট নিলগত ৰৈয়ে ব্যায়াম কৰে ৷ বাকী থাকিল মাস্ক পৰিধানৰ বিষয়টো ৷ আপাতদৃষ্টিত জিমৰ ভিতৰত নিয়ম পালন নকৰিব যেন বোধ হয় যদিও নিজৰ দেহক লৈ সচেতন লোকসকলে নিশ্চয় এই নিয়মো মানিব ৷ বাকী চেনিটাইজেচনৰ ওপৰত জিমৰ মালিকপক্ষক কঠোৰ নিৰ্দেশ দিব পাৰে ৷ একেলগে একে সময়ত কিমানজন মানুহ ব্যয়ামগাৰত সোমাব পাৰিব তাৰ স্পষ্ট নিৰ্দেশনা দি ইতিমধ্যেই আন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে কিছু শিথিল কৰি দিব লাগে ৷ এই ক্ষেত্ৰৰ লগত জড়িত খেলুৱৈ, প্ৰশিক্ষক আদিকে ধৰি বিভিন্নজন আৰ্থিক সমস্যাত ভূগি আছে ৷ বহু জিম ৰ গৰাকীয়ে দিব পাৰা নাই কৰ্মচাৰীৰ দৰমহা, বাকী হৈছে ভাড়াঘৰত থকা জিমবোৰৰ ঘৰভাৰা । বেংকৰ ঋণসমূহ আছেই ৷ মানসিক চাপত ভূগি আছে এই উদ্যোগৰ লগত জড়িতসকল ৷ নিয়মীয়া শৰীৰ চৰ্চা কৰাসকলৰ বহুতৰে নতুন নতুন শাৰীৰিক সমস্যাই দেখা দিছে দীৰ্ঘসময় জিম ৰ পৰা আঁতৰত থকা বাবে ৷ বহুতৰে শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনক নিজৰ  পেশা হিচাপে গ্ৰহণ কৰাৰ সাহস কমি যাব ৷ আশা ৰাখিছোঁ, চৰকাৰে অতি সোনকালে এই দিশৰ পৰ্যালোচনা কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে হ’লেও “জিম” সমূহ খোলাৰ অনুমতি প্ৰদান কৰিব ৷

লেখকৰ ফোন নং- ৯৮৬৪১৪৯৬৬৪

অসমত কঠোৰ লকডাউনৰ প্ৰয়োজন

  • ৰীতা ডাকুৱা

সমগ্ৰ বিশ্বৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে  Covid 19 পজিটিভ ৰোগী। কিন্তু তথাপিও যেন একাংশ লোক এই ৰোগৰ ভয়াবহতা সম্পৰ্কে অলপো সচেতন নহয়।  অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আহ্বান জনাইছে যে জনসাধাৰণে সহযোগ কৰক আৰু ১০০ শতাংশই লকডাউন মানি চলক। অতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাব। অন্যথা অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হ’ব। কিন্তু বাস্তৱত দেখা গৈছে যে জনসাধাৰণে চৰকাৰৰ লগত সহযোগ কৰা নাই। তেওঁলোকে এই লকডাউনক কিবা যেন ভাৰত বন্ধ, অসম বন্ধ, বুলি ভাবি বাৰে বাৰে লকডাউন উলংঘা কৰাৰ চেষ্টা কৰিছে। ৰাজপথ, বজাৰ সকলোতে মুক্তমনে ফুৰিছে একাংশই । মুখত কোনো মাস্ক নাথাকে, কোনোধৰণৰ সামাজিক দুৰত্বও তেওঁলোকে মানি নচলে। কঠোৰ লকডাউনৰ ফলত জনসাধাৰণৰ কোনোধৰণৰ সমস্যা নহওঁক বা কোনো লোক যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনে কিছু কিছু ক্ষেত্ৰত লকডাউন শিথিল কৰিছিল। কিন্তু এই লকডাউনৰ শিথিলতাৰ সুযোগ লৈ , প্ৰশাসনৰ চকুত ধূলি দি বাৰে বাৰে লকডাউন উলংঘা কৰিছে।  উল্লেখনীয় কথা যে যেতিয়া অসমত এজনো কৰোণা ৰোগী নাছিল তেতিয়া লকডাউনো কটকটীয়া আছিল। কিন্তু এতিয়া অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২০০ কেতিয়াবাই পাৰ কৰিলে কিন্তু লকডাউন সম্পূৰ্ণৰূপে অৰ্থহীন হৈছে।  এনেদৰে থাকিলে অসমৰ পৰিস্থিতি অধিক ভয়ানক হ’ব। গতিকে চৰকাৰলৈ কাতৰ অনুৰোধ যে অসমত প্ৰথমৰ দৰে কঠোৰ লকডাউন দিয়ক অন্যথা পৰিস্থিতি বহুত বেয়াৰ দিশলৈ যাব।

ক’ৰোনা মহামাৰীৰ আতংক : লকডাউনৰ জটিল সময়ত সাংবাদিক -সংবাদকৰ্মীৰ জীৱন-জীৱিকাক সুৰক্ষা প্ৰদানৰ দাবী জাফা, দিছপুৰ প্ৰেছ ক্লাবৰ

ক’ৰোনা মহামাৰীক কেন্দ্ৰ কৰি দেশ তথা ৰাজ্যত সৃষ্টি হোৱা এই জটিল সময়ছোৱাত বিভিন্ন সংবাদ প্ৰতিষ্ঠান-সংবাদ মাধ্যমত কৰ্মৰত হৈ থকা সাংবাদিক আৰু সংবাদকৰ্মীক অজুহাত দেখূৱাই চাকৰিৰ পৰা অব্যাহতি নিদিবলৈ সকলো সংবাদ প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰ্তৃপক্ষলৈ আহ্বান জনাইছে জাফা আৰু দিছপুৰ প্ৰেছ ক্লাবে৷ এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এই আহ্বান জনাই কয় যে যি সময়ত সকলো সাংবাদিক সংবাদকৰ্মীয়ে  দেশ, জাতি, সমাজৰ স্বাৰ্থত অনান্যসকলৰ লেখিয়াকৈ উৎসৰ্গীত মনোভাৱেৰে ক’ৰোনা মহামাৰীৰ বিৰূদ্ধে  চলি থকা যুঁজখনত চৰকাৰক সহায় কৰি আহিছে সেই সযয়ত ক’ৰোনা সৃষ্ট সংকটৰ দোহাই দি সাংবাদিক-সংবাদকৰ্মীৰ ছাটাই অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ সাংবাদিকৰ জীৱন-জীৱিকাৰ সুৰক্ষাৰ দিশটোত শ্ৰম বিভাগ আৰু চৰকাৰখনেও গুৰুত্ব দিয়া উচিত বুলি  উল্লেখ কৰি বিবৃতি যোগে  এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰো দাবী জনায়৷ বিবৃতিটোত লগতে কোৱা হ’য় যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈ থকা অনুসৰি যদি অসমৰ সাংবাদিকতাৰ জগতখনত  প্ৰায় দুই দশক ধৰি সংবাদসেৱা আগবঢ়াই অহা এগৰাকী সাহসী তথা দায়িত্বশীল আৰু নিষ্ঠাবান বুলি  পৰিচিত মহিলা সাংবাদিক ৰঞ্জিতা ৰাভাক গৰ্ভৱতী হোৱাৰ বাবেই যদি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে তেন্তে সেয়া  চূড়ান্ত অমানৱীয় আৰু আইন বিৰোধী  কাম হৈছে। সাংবাদিক ৰঞ্জিতা ৰাভাক চাকৰিৰ পৰা অব্যাহতি দিয়া ঘটনা সম্পৰ্কত টি ভি চেনেলটোৰ কতৃপক্ষই শীঘ্ৰে নিজৰ স্থিতি ৰাজহুৱা কৰা উচিত বুলিও বিবৃতিটোত প্ৰকাশ ।

হোজাইৰ হাম হাস্পতালত ৰোগীৰ আত্মহত্যা

লংকা

হোজাইৰ হাম হাস্পতালত যোৱা নিশা এজন ৰোগীয়ে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰে। ৰোগীজন পৰিতোষ দেৱনাথ বুলি জানিব পৰা গৈছে৷ ৫৫ বছৰীয়া ৰোগীজনৰ অলপতে হামত হাৰনিয়া অপাৰেশ্যন হৈছিল। কালি তেওঁক হাস্পটালখনৰ পৰা ৰিলিজো  দিয়া হৈছিল। কিন্তু ৰিলিজ দিয়াৰ পিছত কি কাৰণে ৰোগীজনে বিল্ডিং পৰা জপিয়াই আত্মহত্যা কৰিলে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তথাপি তেওঁ সামান্য মানসিক ৰোগত ভূগি আছিল বুলি জানিব পৰা গৈছে৷ মৃত লোকজন লংকা এন এৰিয়াৰ বাসিন্দা আৰু তেওঁ লংকা খাৰিখানাৰ এল পি স্কুলত শিক্ষকতা কৰি আছিল। ৰিলিজ দিয়াৰ পিছত নিশা পৰিয়ালৰ লোকৰ সন্মুখতে  শিক্ষকজনে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰা ঘটনাক সহজভাৱে ল’ব পৰা পৰিয়ালবৰ্গই।

সামাজিক দুৰত্ব বজাই ৰাখি ঈদৰ নামাজ পঢ়িবলৈ আহ্বান ধুলা আঞ্চলিক আমছুৰ

খাৰুপেটীয়া

 ইছলাম ধৰ্মাৱলম্বী লোকে ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ এমাহ। ৰোজাৰ অন্তত আনন্দৰ উৎসৱ ঈদ উল ফিতৰ উৎযাপন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ধূলা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আলিয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ অসমবাসী জনসাধাৰণক  ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ক’ৰোণা ভাইৰাছৰ ভয়াবহতা তথা চৰকাৰে ঘোষণা কৰা লকডাউনে মানুহক আৰ্থিক আৰু মানসিকভাৱে জুৰুলা আৰু দুৰ্বল কৰা সময়ত  উদযাপিত হব লগা ঈদ উল ফিতৰৰ দৰে আনন্দ উৎসৱে সমাজৰ লোকৰ মনত সাহস, প্ৰেৰণা, মনোবল তথা ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰিব বুলি আমছুৰ নেতৃত্ব আশাবাদী। ঈদ উল ফিতৰৰ আনন্দোৎসৱে সমাজ তথা দেশৰ পৰা অসূয়া অমঙ্গল দূৰ কৰাৰ কামনা কৰা লগতে সকলো ইছলামধৰ্মী লোকক লকডাউনৰ প্ৰতিটো নিৰ্দেশনা আখৰে আখৰে পালন কৰি ঈদ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমছুৰ নেতাজনে আহ্বান জনায়। কোনো লোকে যাতে লকডাউনৰ নীতি নিৰ্দেশনাক অমান্য নকৰে তাৰ প্ৰতি সমাজৰ সচেতন নাগৰিকসকলে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। মছজিদ অথবা ঈদগাহ ময়দানত চৰকাৰী নিয়মানুসৰি ৫-৬ জন লোকেহে সমবেত হৈ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনায়। বাকী সকলোৱে নিজৰ নিজৰ ঘৰত ঈদৰ নামাজ আদায় কৰিব। আনহাতে ঈদৰ দিনা মছজিদ অথবা ঈদগাহ ময়দানৰ সন্মূখত পৰম্পৰাগতভাৱে যি বজাৰ বা দোকান পোহাৰৰ ভিৰ হয় সেয়া এইবাৰৰ ঈদৰ সময়ত হব দিব নালাগে। মছজিদ অথবা ঈদগাহ পৰিচালনা কমিটিয়ে কঠোৰ হৈ এনে বজাৰ সমুহ যাতে নবহে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা লওক। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত ভাবে অনুষ্টুপীয়াকৈ নিজৰ ঘৰতে ঈদ উদযাপন কৰক। সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজে সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক।

নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২০-২১ শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কৰা হ’ব৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি উল্লেখ কৰা মতে, মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অহা ২৬ মে’ৰ‌ পৰা ২৮ মে’লৈকে (পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ১২ বজাৰ ২ বজালৈ) দুটা ভাগত বিভক্ত কৰি তিনিদিনীয়া কাৰ্যসূচীৰে বিতৰণ হ’ব লগীয়া বিনামূলীয়া পাঠ্যপুথিসমূহ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ক্ৰমিক নং অনুসৰি বিতৰণ কৰিব৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে ২৬ মে’ত ক্ৰমিক নং ১ৰ ৮০ লৈ, ২৭ মে’ত ক্ৰমিক নং ৮১ৰ পৰা ১৬০ লৈ আৰু ২৮ মে’ত ক্ৰমিক নং ১৬১ৰ পৰা ২৪০ লৈ বৰ্তমান সময়ৰ কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সময়ত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি পাঠ্যপুথি সমূহ সংগ্ৰহ কৰিব পাৰিব৷ তদুপৰি, অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিনামূলীয়া নাম ভৰ্ত্তিৰ ৰচিদখন লগত লৈ অনাটো বাধ্যতামূলক বুলিও প্ৰেছ বিবৃতি উল্লেখ কৰিছে৷

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰা

মহকুমা প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা গড়গাঁও কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োজিত চাফাই কৰ্মচাৰী আৰু বীজানুনাশক কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্য আজি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনায়। মহকুমাধিপতিৰ সৈতে ভাঃ প্ৰাঃ নাজিৰা ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱালেও সহযোগ কৰে। লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ অধীনত বহিঃৰাজ্য পৰা আহিব লগা তথা ইতিমধ্যে আহি নাজিৰাত উপস্থিত হোৱা কৰ্মচাৰীসকলৰো স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক পদ্ধতিগতভাৱে  কোৱাৰেণ্টাইন ব্যৱস্থা কৰাৰ সমূহ দিশ তেওঁ তদাৰক কৰে। নাজিৰালৈ আহিব লগা বিষয়াসকলৰ ভিতৰত মুঠ ১১৮ জন কৰ্মচাৰীৰ ভিতৰত ২৩ মে’ত  উপস্থিত হোৱা ৪০ জন কৰ্মচাৰীৰ স্বাব চিকিৎসা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে।  তেওঁলোকৰ কোৱাৰেণ্টাইন প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজৰ মাজত কিছু সন্দেহ তথা সংশয় থকাৰ পৰিপ্ৰেক্ষিতত মহকুমাধিপতিয়ে জানিবলৈ দিয়ে যে বহিঃৰাজ্যৰ পৰা অহা সকলো লোকৰে কোৱাৰেণ্টাইন ব্যৱস্থা কৰাটো এশ শতাংশ নিশ্চিত৷ গতিকে কোনোলোককে ভয় বা শংকা মনত নাৰাখিবলৈ ৰাইজক আহ্বান জনাইছে।

বোকাজানত আঠ লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

বোকাজান

 লকডাউনৰ মাজতে আজি পুৱতি নিশা বোকাজান মহকুমাৰ খটখতি আৰক্ষীয়ে এ এছ ১৭ বি -১০৯৭ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই  আঠ লাখ টকাৰ ২২০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে৷ লগতে ট্ৰাকখনৰ হেণ্ডিমেন আলি ইছলামক আটক কৰে৷ অৱশ্যে ট্ৰাকখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰামতে অৰুণাচলৰ সুৰা বণ্ডৰ পৰা ট্ৰাকখনে অবৈধভাৱে সুৰাখিনি ডিমাপুৰ লৈ আনি আছিল। সুৰাখিনি ট্ৰাকখনৰ চালকৰ কেবিনৰ ওপৰত গোপনভাৱে সাজি লোৱা বৃহৎ চেম্বাৰত কঢ়িয়াই আনি আৰক্ষীৰ চকুত ধূলি দি খটখতি নাকা পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত খটখতি আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অবৈধ সুৰাখিনি ডিমাপুৰ ঘোঁৰাপত্তিৰ ধমেন্দ্ৰ নামৰ অবৈধ সুৰা ব্যৱসায়ীটোৰ নেতৃত্বত অনা হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰীত ক’ৰোনা আক্ৰান্ত কিশোৰী

ধুবুৰী

অসমত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়ালেকে ৩৯১ জনলৈ বৃদ্ধি পাইছে। আজি ধুবুৰী নতুনকৈ এগৰাকী কিশোৰী (১৭)ৰ দেহত ধৰা পৰিছে ক’ৰোনা পজিটিভ। কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বিহাৰৰ ঠাকুগঞ্জ জিলাত ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি আছিল। যোৱা ১২ মে’ তাৰেখে বিহাৰৰ পৰা অহাৰ পিছত অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল। যোৱা ১৩ মে’ তাৰিখে নমুনা সংগ্ৰহ কৰা হৈছিল। যোৱা ১৮ মে’ তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। আজি তেওঁৰ তেজত ক’ৰোনা ভাইৰাছৰ উপস্থিতিৰ বিষয়ে ধুবুৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চৈয়দ ইমদাদুল্লাহ জানিবলৈ দিয়ে। আজিলৈকে জিলাখনৰ মুঠ দহ জন ক’ৰোনাত আক্ৰান্ত হয় যদিও ইয়াৰে পাঁচজন লোক সম্পূৰ্ণভাৱে সূস্থ হৈ ঘৰলৈ উভতি যায় আৰু বাকী পাঁচজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে।