Home Blog Page 3434

ৰাজগড় মহাবিদ্যালয়ৰ কৰ্মচাৰী অজিত মহন্তৰ মৃত্যু

টিংখাং

ডিব্ৰুগড় জিলাৰ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী তথা নভকতীয়া গাঁৱৰ নিবাসী অজিত মহন্তৰ (৪০)যোৱা নিশা প্ৰায় দুই বজাত নিজা বাসগৃগত মৃত্যু হয়। দীৰ্ঘদিনধৰি এক জটিল ৰোগত আক্ৰান্ত হোৱা বাবে কিছুদিনৰ পূৰ্বে অজিত মহন্তই ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰিছিল। চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি কিছু আৰোগ্য লাভ কৰাত চিকিৎসালয়খনৰ পৰা ছুটীলৈ ঘৰলৈ আহিছিল। নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা পিছতে মৃত্যুক সাৱতি লোৱাৰ বাতৰিয়ে ৰাজগড়ত গভীৰ শোকৰ ছাঁ পেলাইছে। বেচৰকাৰী শিক্ষানুষ্ঠানখনত কৰ্মৰত অজিত মহন্তক চিকিৎসাৰ বাবে শিক্ষানুষ্ঠানখনৰ লগতে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই আৰ্থিক সাহায্য প্ৰদান কৰিছিল। তদুপৰি চিকিৎসাধীন অৱস্থাত অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তিয়ে স্বইচ্ছাই অজিত মহন্তক প্ৰয়োজনীয় তেজ দান কৰিছিল। উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা কৰ্মৰত অজিত মহন্তৰ মৃত্যুত মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। অজিত মহন্তৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ৰাজগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। তেওঁৰ নশ্বৰদেহ আজি পুৱাৰ ভাগতে নিজা বাসগৃহৰ পৰা কৰ্মস্থলী মহাবিদ্যালয়খনলৈ নিয়া হয়। মহাবিদ্যালয়খনলৈ নশ্বৰদেহ নিয়াৰ সময়ছোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। অজিত মহন্তৰ নশ্বৰদেহত মহাবিদ্যায়লখনৰ পৰিচালনা সমিতি সচিব প্ৰমোদ দত্ত, ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষঅম্বেশ্বৰ কোচ, কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত, জ্যেষ্ঠ প্ৰবক্তাদ্বয় দিলীপ বৰা, সঞ্জীৱ দত্ত, ব্ৰজ্য বৰশইকীয়াসহ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে পুস্পাঞ্জলি অৰ্পন কৰি অন্তিম বিদায় জনায়। পিছত অনেক গুণমুগ্ধৰ উপস্থিতিত ৰাজগড়ৰৰ ৰাজহুৱা সংকাৰস্থলীত অজিত মহন্তৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অজিত মহন্তই মৃত্যুৰ সময়ত পত্নী পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

গুটখা ব্যৱসায়ীৰ অশালীন আচৰণ : ক্ষমা বিচাৰিলে ৰাইজ,পৰিয়াল, চৰকাৰী গাঁওবুঢ়াই

হোজাই

হোজাইত এগৰাকী গুটখা ব্যৱসায়ীৰ অশালীন আচৰণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় হোজাই জিলাত। যোৱা ২০ মে’ তাৰিখে নীলবাগান চানাপট্ৰিৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ইণ্ডিয়ান অইল পাম্পৰ কাষত থকা গেলামাল দোকানী ফৰিজ আলী নামৰ এগৰাকী ব্যক্তিয়ে হোজাই জিলা প্ৰশাসনক অশ্লীল গালি গালাজ কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ফৰিজ আলী নামৰ গেলামাল দোকানী জনে হোজাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলক অশ্লীল ভাষাৰে গালি গালাজ কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সমগ্ৰ ছচিয়েল মিডিয়াত। উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ফৰিজ আলীক মানসিক বিকাৰগ্ৰস্ত বুলি দাবী কৰে পৰিয়াল আৰু গাঁওবাসী ৰাইজে। ৭ বছৰ ধৰি নিখোঁজ হৈ থকা ফৰিজ আলীক যোৱা ডেৰ বছৰ পূৰ্বে পৰিয়ালৰ লোকে কাষত পাই চিকিৎসা চলাই থকাৰ সময়তেই অজানিতে ভুল কৰা বুলি পৰিয়ালৰ লোকে স্বীকাৰ কৰি প্ৰশাসন আৰু ৰাইজৰ আগত বিচাৰিলে ক্ষমা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দোকান খুলি গুটখাৰ অবৈধ বেহা চলোৱা ফৰিজ আলীক দীৰ্ঘদিন ধৰি মানসিক ৰোগৰ চিকিৎসা চলাই অহা বুলি দাবী পৰিয়ালৰ লোকৰ। চৰকাৰী গাঁওবুঢ়াও দুই হাত যোৰ কৰি লোকজনক ক্ষমা কৰি দিবৰ বাবে প্ৰাৰ্থনা জনায় জিলা প্ৰশাসনক।

কোৱাৰেণ্টাইন জ’নৰ লোকক প্ৰশাসনৰ খাদ্য যোগান

জামুগুৰিহাট

কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা হোৱা বিশ্বনাথ জিলাৰ তথা জামুগুৰিহাটৰ নিকটৱৰ্তী অসম অৰুণাচল সীমান্তৰ তিনিখন গাঁৱৰ জনসাধাৰণৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিছে। অঞ্চলটোৰ টক’ গয়াৰী নামৰ ৬০ বছৰীয়া ব্যক্তিগৰাকী  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতেই ১৭ মে’ৰ দিনা বিশ্বনাথ জিলা প্ৰশাসনে কৰ’না আক্ৰান্ত টক’ গয়াৰীৰ গৃহ গাঁও ২নং পাখেৰিগুৰিৰ লগতে ১নং পাখেৰিগুৰি আৰু ছেৰফাংগুৰি অঞ্চলটোক কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা কৰে৷ কোৱাৰেণ্টাইন জ’নৰ এই তিনিখন গাঁৱত থকা মুঠ ১০৫ টা পৰিয়ালক আজি বিশ্বনাথ জিলা প্ৰশাসনে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী যোগান ধৰে৷ জানিব পৰা মতে ৪ জন সদস্যৰে এটা পৰিয়াল বুলি ধৰি কোৱাৰেণ্টাইন জ’নটোত থকা এই ১০৫ টা পৰিয়ালক ১৫ কেজিকৈ চাউল, ৫ কেজিকৈ আলু,২ কেজিকৈ দাইল আৰু পিয়াজ, ২ লিটাৰ মিঠাতেল, ১ কেজি নিমখৰ লগতে চাবোন, ছাৰ্ফ, টুথপেষ্ট আদি সামগ্ৰীসমূহ যোগান ধৰে৷ উল্লেখনীয় যে কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা কৰাৰ পিছত ১৪ দিনৰ বাবে এই অঞ্চলটোত সকলো লোকৰে প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত কোৱাৰেণ্টাইন জ’নটোত থকা গাঁও তিনিখনৰ এই ১০৫টা পৰিয়ালৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে জিলা প্ৰশাসনে পৰিয়ালসমুহক অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী সমূহ যোগান ধৰিছে৷ উল্লেখ্য যে অঞ্চলটোৰ ক’ভিড-১৯ পজিটিভ ট’ক গয়াৰীৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা ১৬ জন ব্যক্তিৰ প্ৰথমটো ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে৷ প্ৰণিধানযোগ্য যে টক’ গয়াৰীৰ সংস্পৰ্শলৈ অহা ইটাখোলা নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসককে ধৰি ১১ গৰাকী স্বাস্থ্য কৰ্মীৰো কভিদ পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি জানিব পৰা গৈছে৷

চমকিত হোৱাইট হাউছ : আধুনিক যুগৰ ‘শ্ৰৱণ কুমাৰ’ক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকাৰ

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰা জ্যোতি কুমাৰীক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকাৰ

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰিছে তেওঁ৷ নাম জ্যোতি কুমাৰী৷ মানসিক শক্তি আৰু অদম্য সাহসৰ এক নতুন পৰিভাষা৷ লকডাউনে জন-জীৱন বিধ্বস্ত কৰাৰ সময়তে এক ইতিবাচক খবৰ হৈ পৰিছে জ্যোতি কুমাৰী। অসুস্থ পিতৃক ১২০০ কিঃমিঃ চাইকেলত উঠাই স্ব-গৃহত উপস্থিত হোৱা জ্যোতি কুমাৰী এতিয়া ছ’চিয়েল মিডিয়াৰ অন্যতম চাঞ্চল্য৷ গুৰুগ্ৰামৰ পৰা বিহাৰলৈ ১২০০ কিঃমিঃ চাইকেলেৰে পিতৃক লৈ আনি সাত দিনৰ মুৰত ঘৰত সু-শৰীৰে উপস্থিত কৰোৱাৰ বাবে জ্যোতি এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ। জ্যোতিৰ এই ধৰ্য, সহ্য আৰু পিতৃ স্নেহৰ বাবে তেওঁ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে পৰিচিত হৈছে ৷  জ্যোতিৰ পিতৃ প্ৰেমৰ অতুলনীয় কাহিনী ভাৰততে সীমাবদ্ধ নাথাকিল৷ পালেগৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা৷ এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিৰ বাসভৱন হোৱাইট হাউছতো জ্যোতিৰ চৰ্চা৷  আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকা ট্ৰাম্পকো অনুপ্ৰাণিত কৰিছে জ্যোতিয়ে। ছ’চিয়েল মিডিয়াত জ্যোতিৰ শক্তি, সাহস আৰু পিতৃপ্ৰেমক ভূয়সী প্ৰশংসা কৰে ট্ৰাম্প কন্যাই৷ জ্যোতিৰ এই খবৰ সকলোতে চৰ্চা হৈ থকাৰ সময়তে জ্যোতি কুমাৰীক চাইকেল অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে। ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনৰ এই সিদ্ধান্তকো ইভাংকাই প্ৰশংসা কৰে৷ ইপিনে অসম চাইক্লিং সন্থাৰ সম্পাদক ড° তপন দাসে ফেডাৰেশ্যনৰ এই তৎপৰতাক আদৰণী জনোৱাৰ লগতে জ্যোতি কুমাৰীৰ পিতৃ স্নেহক প্ৰশংসা কৰে। ইফালে জ্যোতি কুমাৰীক সকলো ধৰনৰ সহায় সহযোগিতাৰ বাবে ব্যবস্থা অব্যাহত ৰাখিছে ড° তপন দাসে।

লকডাউনে দেশত প্ৰাণ ৰক্ষা কৰিছে ৭৮ হেজাৰ লোকৰ

মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজৰ মুখ্য অস্ত্ৰ হিচাপে দেশত বিগত দুমাহে চলি আছে লকডাউন৷ ৩১ মে’ পৰ্যন্ত দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন৷ মাৰাত্মক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এই পৰ্যন্ত লকডাউনৰ পৰিকল্পনা কিমান সফল হৈছে, মাজে সময়ে এই প্ৰশ্নও উত্থাপন নোহোৱা নহয়৷ শেহতীয়া তথ্য অনুসৰি লকডাউনে দেশত ক’ৰোনাৰ সংক্ৰমণ ব্যাপক হাৰত ৰোধ কৰিবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে এক তথ্যভিত্তিক প্ৰতিবেদনত লকডাউনে দেশত ক’ভিড-১৯ৰ ১৪-২৯ লাখ ঘটনা ৰোধ কৰা লগতে ৩৭০০০-৭৮০০০ লোকৰ প্ৰাণ ৰক্ষা কৰিছে৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ বিশ্লেষণ দাঙি ধৰি নীতি আয়োগ (স্বাস্থ্য)ৰ সদস্য ডাঃ ভি কে পালে কয়-’লকডাউনত আৰোপ কৰা নিষিদ্ধতাই কোৰোনা সংক্ৰমণৰ গতি ৰোধ কৰে ৷ ৩ এপ্ৰিলত প্ৰতিদিনে ২২.৬% ক’ৰোনা সংক্ৰমণ পোহৰলৈ আহিছিল৷ কিন্তু ৪ এপ্ৰিলৰ পাছত এই সংক্ৰমণৰ হাৰ ৫.৫% লৈ হ্ৰাস পায় ৷’ দেশজুৰি ২৫ মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছিল৷ যথাসময়ত লকডাউনৰ সিদ্ধান্ত লোৱা বাবে ক’ৰোনাই ভাৰতত গা কৰি উঠিব নোৱাৰিলে বুলিও ডাঃ পালে কয়৷ তদুপৰি লকডাউনৰ সময়ছোৱাত কেন্দ্ৰ তথা বিভিন্ন ৰাজ্য চৰকাৰে স্বাস্থ্য ক্ষেত্ৰৰ উন্নত পৰিকাঠামো গঢ়ি তোলাৰ লগতে স্বাস্থ্য কৰ্মী, স্বাস্থ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগাৰ কৰে৷ উল্লেখ্য, ষ্টেটিছটিকছ, প্লেনিং আৰু প্ৰগ্ৰেম ইমপ্লেটেশ্যন মন্ত্ৰণালয়ৰ সচিব প্ৰবীন শ্ৰীবাস্তৱৰ উপস্থিতিত দেশত লকডাউন অবিহনে হ’ব পৰা পৰিস্থিতিৰ তথ্যসুলভ আৰ্হি দেখুৱাই ভাৰতীয় পাবলিক হেল্থ ফাউণ্ডেচন (পিএইচএফআই) আৰু বষ্টন কনচাল্টিং গ্ৰুপ (বিচিজি)এ৷ পিএইচএফআইৰ মতে, লকডাউনে প্ৰাণ ৰক্ষা কৰিছে ৭৮০০০ৰ৷ আনহাতে বিচিজিৰ আৰ্হি অনুসৰি লকডাউনৰ ফলত ৩৬-৭০ লাখ সংক্ৰমণ ৰোধ হোৱাৰ লগতে ১.২-২.১ লাখ লোকৰ প্ৰাণ ৰক্ষা পৰিছে৷

নলবাৰী বাংনামাৰীত ঈদউল ফিটৰ নামাজ সন্দৰ্ভত সভা : ঘৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান

নলবাৰী

ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে বৰ্তমান দেশজুৰি চলি থকা লকডাউনৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অহা ২৪ অথবা ২৫ মে’ত হ’বলগীয়া ঈদউল ফিটৰৰ সমূহীয়া নামাজ অইন বেলিৰ দৰে এইবেলি বাংনামাৰী ঈদগাহ মৈদানত নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে ঘৰতে থাকি ঈদউল ফিটৰৰ নামাজ পঢ়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ লগতে সকলো ইচলাম ধৰ্মীলোক সকলক সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনোৱা হয়। এই কথা সদৰী কৰে বাংনামাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি ফাইজুদ্দিন আহমেদ আৰু সম্পাদক ইমদাদৰ ৰহমানে। ইয়াৰ উপৰি চৰকাৰ তথা স্বাস্থ্য বিভাগে ক’ৰোনা ভাইৰাছ সন্দৰ্ভত আগবঢ়োৱা সকলো পৰামৰ্শ আৰু নীতি নিয়ম মানি চলিবলৈ সমূহ ৰাইজক অনুৰোধ জনায়৷

কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ডিৰাক সীমান্ত

মহামাৰী ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি কাকপথাৰ ১নং সৰুডিৰাকৰ ১৫ নং ৰাষ্টীয় ঘাইপথত কাকপথাৰ সন্মিলিত সংগ্ৰামী মঞ্চই  হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধ কৰি লকডাউনৰ সকলো নীতি নিৰ্দেশনা প্ৰতি সঁহাৰি জনাই সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ জনায়। পূৱৰ আমাজানখ্যাত উজনি অসমৰ বৰ্ষাৰণ্যসমূহৰ অবাধ ধ্বংসলীলা দেখিশুনি উচুপি উঠিছে  ৰাজ্যবাসী। প্ৰকৃতিপ্ৰেমীসকলে ভৱিষ্যতৰ ভয়াৱহতাৰ পূৰ্বাভাষ পাই ক্ষুণ্ণ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম। দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষাৰ ফলত ইয়াত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদকুল, পক্ষীকুল আৰু জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ কঢ়িয়াই আনিব।  মানৱ-শৃংখল কায্যসূচীত উপস্থিত থাকি সংগ্ৰামী মঞ্চৰ সম্পাদক উদিপ্ত বড়াই অসমৰ একামাত্ৰ বৰ্ষাৰণ্য তথা হস্তীকেন্দ্ৰ অভয়াৰণ্যখনত কয়লা খনন কৰি আৰু ডিব্ৰু ছৈখোৱাত অইল ইণ্ডিয়াৰ দ্বাৰা খনন কৰি অসমৰ জৈৱ বৈচিত্ৰলৈ ভয়াবহ অন্ধকাৰ নামিবলৈ কোনোপধ্যে দিয়া নহ’ব বুলি কয়। অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক শান্তিৰে থাকিব  দিবলৈ ভাৰত তথা অসম চৰকাৰক দাবী জনোৱাৰ লগতে অসমৰ সকলো লোককে আমাৰ সম্পদসমূহ ৰক্ষা কৰাত মাত মাতিবলৈ অনুৰোধ জনায়৷ কাৰ্যসূচীত মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক, কলিতা যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক, তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত থাকে৷Attachments area

লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক

লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক

লংকা

যোৱা নিশা লংকাৰ নখুটিৰ ৩নং চাৰ্ঠেগাঁৱৰ পৰা তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে পহৰা দিয়া সময়ত অস্ত্ৰসহ দুই যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছত গাঁওৰক্ষী বাহিনীয়ে যুৱক দুজনক নখুঁটি আৰক্ষীক চমজাই দিয়ে। যুৱক দুজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, কিছু বাৰুদ আৰু দুখন খুকুৰী উদ্ধাৰ কৰে। আটকাধীন যুৱক দুজনৰ নাম ক্ৰমে বিল্লাল উদ্দিন, ঘৰ নখুঁটিৰ ১নং খ্ৰী খ্ৰীত  আৰু আনজনৰ নাম জুলফিকৰ আলি ঘৰ মৰিগাঁৱত। আৰক্ষী সূত্ৰে  জানিব পৰা মতে যুৱক দুজনে বনাঞ্চলত হালধী  উঠাই থকা সময়তে তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে অস্ত্ৰসহ যুৱক দুজনক দেখা পাই নিশাই নখুঁটি আৰক্ষী চকীলৈ লৈ আনে। বৰ্তমানে দুই যুৱকক  আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক মিকিৰভেটা আৰক্ষীৰ আটক

মৰিগাঁও

ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক সময়তে চৰাইবাহী সমবায় সমিতিৰ অনিয়মৰ অভিযোগত আজি বিয়লি ১ বজাত মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত অহা তদন্তকাৰী আৰক্ষী দল এটাৰ সহযোগত  চৰাইবাহী সমবায় সমিতি লিমিটেডৰ  সচিব আটক কৰে। উল্লেখ্য, বিগত কেইটামান বছৰ ধৰি সমবায় সমিতিৰ ৰাজহুৱা বিতৰণৰ নামত অহা কেৰাচিন তেলৰ একাংশ হৰলুকি কৰি ক’লা বজাত বিক্ৰী কৰা আৰু চৰকাৰী নিৰিখতকৈ অধিক দামত গ্ৰাহক ৰাইজক বিক্ৰী কৰি চৰকাৰী নীতি নিয়ম ধোঁৱা চাঙত তুলি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ এনেএক সময়তে  অঞ্চলৰ সচেতন মহল আৰু নিৰ্বাচিত সদস্য সদস্যা সকলৰ গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে সমবায় খনৰ সচিব হেমন্ত কুমাৰ নাথক কাৰ্যালয়ৰ পৰা আটক কৰে।

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে

নাজিৰা

সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰু
সোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ
নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত, গেলেকী সংৰক্ষিত
বনাঞ্চলৰ প্ৰায় ৬৪০০ হেক্টৰ ভূমিৰ প্ৰায় ৪ হাজাৰ হেক্টৰ ভূমি বেদখলেৰে
বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি কৰাৰ বিপৰীতে অসমৰ মানচিত্ৰ সংকুচিত হৈ
আহিছে। শেহতীয়াভাৱে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে
হোৱা নগা শান্তি চুক্তিৰ পাছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ পতিপত্তি
বৃদ্ধি পাবলৈ ধৰিছে।যাৰ বাবে  পৰহি শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড
সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিতো
আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ  অসমৰ থলুৱা যুৱকে স্হাপন কৰা
ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ
উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম
আৰক্ষী বেটেলিয়েনক খেদি পঠাই।এই কথা শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী
প্ৰশাসনে গোপনে ৰখাৰ চেষ্টা চলাই। ইমানে নহয় ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধত
অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি আগ্ৰাসী নগা বাহিনীয়ে অসমৰ
উক্ত বৃহৎ ৰাজহ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা
অব্যাহত ৰাখিছে। ইয়াৰ এক অংশৰূপেই নগা বাহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি গেট
লগাই উক্ত ভূমি নাগালেণ্ডৰ কৰাৰ প্ৰচেষ্টা চলাই যদিও গেলেকী আৰক্ষীয়ে
নগাই লগোৱা গেট ভাঙি দিয়ে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত মাহত
সীমান্তবৰ্তী গেলেকীৰ শিঙিবিল,লাহন গাঁও, উখটিং, লাদৈগড়, বৰহোলা আদি
অঞ্চলৰ ৰাইজে গেলেকী সংৰক্ষিত বনাঞ্চল সংযোগী শিঙিবিল অঞ্চলৰ প্ৰায় ১
বিঘা ৰাজহ ভূমি দীৰ্ঘদিন ধৰি শ্মশানৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।শিঙিবিল
অসম আৰক্ষী বেটেলিয়ান কেম্পৰ পৰা প্ৰায় আধা কিলমিটাৰ নিলগত থকা এই
শ্মশানৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত বিভাগে প্ৰায় ২ লাখ টকা
অনুমোদন দিয়ে। এই আৱন্টিত ধনেৰে গেলেকী ন-পুখুৰী পঞ্চায়তে উক্ত শ্মাশান
ভূমিত এটি গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। কিন্ত অতি দূৰ্ভাগ্যজনক যে অসমৰ
ৰাজহ ভূমিত নিৰ্মাণ কৰা এই গৃহ ২৬আগষ্টৰ নিশাই আগ্ৰাসী নগা বাহিনীয়ে ভাঙি
লণ্ড-লণ্ড কৰে।পুৱা এই ঘটনাৰ খবৰ পাই  অসম আৰক্ষীৰ এটা দল শ্মশানস্হলীত
উপস্হিত হয়। কিন্ত সেই সময়তে নাগালেণ্ডৰ লংলেং জিলাৰ আৰক্ষী অধীক্ষক,
উপায়ুক্ত, নগা ভিলেজ কাউঞ্চিলৰ চেয়াৰমেনসহ বৃহৎ নগাবাহিনী ঘটনাস্হলীত
উপস্হিত হয়। সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত
সীমান্ত দণ্ডাধীশ অৰূপ বীৰকামিয়া,প্ৰথম অসম আৰক্ষী বাহিনীৰ উপ-অধিনায়ক
পুনা গগৈ, ন-পুখুৰী পঞ্চায়তৰ সভাপতি লংকেশ্বৰ হাতীমূৰীয়াসহ অসমৰ প্ৰশাসন
আৰু আৰক্ষী বিষয়া সকলৰ আগত নগাৰ দলটোৱে অসম-নাগালেণ্ডৰ সীমাক লৈ দেশৰ
সৰ্বোচ্চ ন্যায়লয়ত গোচৰ চলি থকাৰ কথা উল্লেখ কৰি  অসমৰ এই ৰাজহ ভূমিত
নিৰ্মাণ নচলাবৰ বাবে এক প্ৰকাৰ কঠোৰ নিৰ্দেশ দিয়ে। অসমৰ ৰাজহ ভূমিত
বীৰত্ব প্ৰদৰ্শন কৰি নগাৰ বৃহৎ দলটো নগালেণ্ডলৈ উভতি যায়। অৱশ্যে নগাৰ
দলটোৱে উভতি যোৱাৰ সময়ত এই বিষয়ত উচ্চ পৰ্যায়ত আলোচনা কৰা হব বুলি প্ৰকাশ
কৰে। ইফালে জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল
নেতূত্বাধীন অসমৰ প্ৰশাসনৰ দলটোৱে অসমৰ ৰাজহ ভূমিত গূহ নিৰ্মাণ নচলাবৰ
বাবে নগাৰ হুমকিত শীৰনত হৈ অসমৰ দলটোৱেও উক্ত স্হানৰ পৰা আঁতৰি আহে। অতি
লজ্জাজনক কথাটো হৈছেে আজি ৮ মাহে অসমৰ উক্ত ৰাজহ ভূমিত অসমৰ প্ৰশাসনে
নিৰাপত্তাসহ উক্ত গৃহ নিৰ্মাণ কৰিব নোৱাৰাটো অসমীয়া জাতি তথা শিৱসাগৰ
জিলা বাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক৷ শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে
অসমৰ এই ৰাজহ ভুমিৰ ক্ষেত্ৰত যথোচিত কোনো পদক্ষেপ গ্ৰহণ নকৰাত নগা
বহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চলোৱা
প্ৰচেষ্টাৰ অংশৰূপে এইবাৰৰ এনে তাণ্ডৱ আৰু সন্ত্ৰাস চলায়।নগাৰ এনে
প্ৰচেষ্টাৰ বিপৰীতে স্হানীয় থলুৱা শিক্ষিত নিৱনুৱা যুৱক প্ৰশান্ত গগৈয়ে
উক্ত ভূমি অসমৰ তথা নিজৰ দখলত ৰখাৰ বাবে কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ
চাহ বাগিচা স্হাপনৰ পদক্ষেপ গ্ৰহণ কৰি চাহ পুলি ৰূপন কৰে। প্ৰায় দুবিঘা
ভূমিত গগৈয়ে যোৱা কেইবাদিন ধৰি প্ৰায় দুহেজাৰ চাহ পুলি ৰূপন কৰে। অসমৰ
ভূমি ৰক্ষাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ এনে প্ৰচেষ্টাত জাঙুৰ খাই উঠে
নাগালেণ্ডৰ চৰকাৰ, প্ৰশাসন আৰু য়ংলক বস্তিৰ নগা ভিলেজ কাউঞ্চিল। যাৰ বাবে
নগাই প্ৰথমে আজি কেইদিনমান পূৰ্বে অসমৰ উক্ত ৰাজহ ভূমিত বাঁহেৰে এখন গেট
লগাই দি উক্ত ভূমি পুনৰ নাগালেণ্ডৰ বুলি দাবী সাব্যস্ত কৰাৰ চেষ্টা চলায়৷
সীমান্ত অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা শিঙিবিলস্হিত প্ৰথম আৰক্ষী
বেটেলিয়েন কেম্পৰ সমীপৰ  এই অঞ্চলটোত ২১ মে’ত তহল দিবলৈ যোৱা অসম আৰক্ষী
বেটেলিয়েনৰ দলক নগাই উক্ত ভূমি নাগালেণ্ডৰহে বুলি দাবী কৰি অসম আৰক্ষীৰ
দলটোক ইয়াত তহল নিদিবৰ বাবে কৈ খেদি পঠায়৷ অসম আৰক্ষীৰ দলটো পুৱা প্ৰায়
১০ বজাত উক্ত স্হানৰ পৰা নগাৰ ভয়ত পলায়ন কৰাৰ পাছতে নগা আৰক্ষীৰ
নিৰাপত্তাৰে পৰিবেষ্টিত হৈ নগাৰ এটা দলে প্ৰশান্ত গগৈৰ চাহ বাগিচাত
প্ৰৱেশ কৰি নতুনকৈ ৰূপন কৰা প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰে। এই
খবৰ লাভ কৰি গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতূত্বত
এটা আৰক্ষীৰ দল ঘটনাস্হলীলৈ ৰাওনা হয়। কিন্তু অসম আৰক্ষীৰ দল ঘটনাস্হলী
পোৱাৰ পূৰ্বেই নগা আৰক্ষী আৰু চাহ বাগিচা ধ্বংস কৰা নগা দুৰ্বৃত্তৰ
দলটোৱে পলায়ন কৰে। আৰক্ষীৰ দলটোৱে চাহ বাগিচা ধ্বংস কৰা আৰু সীমান্তৰ
অসমৰ ভূমিত সন্ত্ৰাস চলোৱা এজনো নগা দূৰ্বূত্বক কৰায়ত্ত কৰিব নোৱাৰি
আঁতৰি আহে।  অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্য ক এৰি দিয়া নহব বুলি
দম্ভালি মৰা, জাতি-মাটি -ভেটীৰ শ্ল’গান আওৰোৱা অসম চৰকাৰ তথা শিৱসাগৰ
জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ এই
বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত৷