Breaking

সীমান্তৰ গেলেকীত অসমৰ ৰাজহ ভূমিত পুনৰ নগাৰ বীৰত্ব : দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰিলে

0 197

নাজিৰা

সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্ৰতি ৰাজ্য চৰকাৰ চুড়ান্ত নিৰ্লিপ্ততা আৰু
সোপাঢিলা নীতিৰ সুযোগ গ্ৰহন কৰি আগ্ৰাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ
নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত, গেলেকী সংৰক্ষিত
বনাঞ্চলৰ প্ৰায় ৬৪০০ হেক্টৰ ভূমিৰ প্ৰায় ৪ হাজাৰ হেক্টৰ ভূমি বেদখলেৰে
বৃহত্তৰ নাগালিমৰ মানচিত্ৰ বৃদ্ধি কৰাৰ বিপৰীতে অসমৰ মানচিত্ৰ সংকুচিত হৈ
আহিছে। শেহতীয়াভাৱে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে
হোৱা নগা শান্তি চুক্তিৰ পাছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ পতিপত্তি
বৃদ্ধি পাবলৈ ধৰিছে।যাৰ বাবে  পৰহি শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড
সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিতো
আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ  অসমৰ থলুৱা যুৱকে স্হাপন কৰা
ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ
উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম
আৰক্ষী বেটেলিয়েনক খেদি পঠাই।এই কথা শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী
প্ৰশাসনে গোপনে ৰখাৰ চেষ্টা চলাই। ইমানে নহয় ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধত
অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি আগ্ৰাসী নগা বাহিনীয়ে অসমৰ
উক্ত বৃহৎ ৰাজহ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা
অব্যাহত ৰাখিছে। ইয়াৰ এক অংশৰূপেই নগা বাহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি গেট
লগাই উক্ত ভূমি নাগালেণ্ডৰ কৰাৰ প্ৰচেষ্টা চলাই যদিও গেলেকী আৰক্ষীয়ে
নগাই লগোৱা গেট ভাঙি দিয়ে। উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত মাহত
সীমান্তবৰ্তী গেলেকীৰ শিঙিবিল,লাহন গাঁও, উখটিং, লাদৈগড়, বৰহোলা আদি
অঞ্চলৰ ৰাইজে গেলেকী সংৰক্ষিত বনাঞ্চল সংযোগী শিঙিবিল অঞ্চলৰ প্ৰায় ১
বিঘা ৰাজহ ভূমি দীৰ্ঘদিন ধৰি শ্মশানৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।শিঙিবিল
অসম আৰক্ষী বেটেলিয়ান কেম্পৰ পৰা প্ৰায় আধা কিলমিটাৰ নিলগত থকা এই
শ্মশানৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত বিভাগে প্ৰায় ২ লাখ টকা
অনুমোদন দিয়ে। এই আৱন্টিত ধনেৰে গেলেকী ন-পুখুৰী পঞ্চায়তে উক্ত শ্মাশান
ভূমিত এটি গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে। কিন্ত অতি দূৰ্ভাগ্যজনক যে অসমৰ
ৰাজহ ভূমিত নিৰ্মাণ কৰা এই গৃহ ২৬আগষ্টৰ নিশাই আগ্ৰাসী নগা বাহিনীয়ে ভাঙি
লণ্ড-লণ্ড কৰে।পুৱা এই ঘটনাৰ খবৰ পাই  অসম আৰক্ষীৰ এটা দল শ্মশানস্হলীত
উপস্হিত হয়। কিন্ত সেই সময়তে নাগালেণ্ডৰ লংলেং জিলাৰ আৰক্ষী অধীক্ষক,
উপায়ুক্ত, নগা ভিলেজ কাউঞ্চিলৰ চেয়াৰমেনসহ বৃহৎ নগাবাহিনী ঘটনাস্হলীত
উপস্হিত হয়। সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত
সীমান্ত দণ্ডাধীশ অৰূপ বীৰকামিয়া,প্ৰথম অসম আৰক্ষী বাহিনীৰ উপ-অধিনায়ক
পুনা গগৈ, ন-পুখুৰী পঞ্চায়তৰ সভাপতি লংকেশ্বৰ হাতীমূৰীয়াসহ অসমৰ প্ৰশাসন
আৰু আৰক্ষী বিষয়া সকলৰ আগত নগাৰ দলটোৱে অসম-নাগালেণ্ডৰ সীমাক লৈ দেশৰ
সৰ্বোচ্চ ন্যায়লয়ত গোচৰ চলি থকাৰ কথা উল্লেখ কৰি  অসমৰ এই ৰাজহ ভূমিত
নিৰ্মাণ নচলাবৰ বাবে এক প্ৰকাৰ কঠোৰ নিৰ্দেশ দিয়ে। অসমৰ ৰাজহ ভূমিত
বীৰত্ব প্ৰদৰ্শন কৰি নগাৰ বৃহৎ দলটো নগালেণ্ডলৈ উভতি যায়। অৱশ্যে নগাৰ
দলটোৱে উভতি যোৱাৰ সময়ত এই বিষয়ত উচ্চ পৰ্যায়ত আলোচনা কৰা হব বুলি প্ৰকাশ
কৰে। ইফালে জাতি-মাটি-ভেটী ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল
নেতূত্বাধীন অসমৰ প্ৰশাসনৰ দলটোৱে অসমৰ ৰাজহ ভূমিত গূহ নিৰ্মাণ নচলাবৰ
বাবে নগাৰ হুমকিত শীৰনত হৈ অসমৰ দলটোৱেও উক্ত স্হানৰ পৰা আঁতৰি আহে। অতি
লজ্জাজনক কথাটো হৈছেে আজি ৮ মাহে অসমৰ উক্ত ৰাজহ ভূমিত অসমৰ প্ৰশাসনে
নিৰাপত্তাসহ উক্ত গৃহ নিৰ্মাণ কৰিব নোৱাৰাটো অসমীয়া জাতি তথা শিৱসাগৰ
জিলা বাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক৷ শিৱসাগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰে
অসমৰ এই ৰাজহ ভুমিৰ ক্ষেত্ৰত যথোচিত কোনো পদক্ষেপ গ্ৰহণ নকৰাত নগা
বহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চলোৱা
প্ৰচেষ্টাৰ অংশৰূপে এইবাৰৰ এনে তাণ্ডৱ আৰু সন্ত্ৰাস চলায়।নগাৰ এনে
প্ৰচেষ্টাৰ বিপৰীতে স্হানীয় থলুৱা শিক্ষিত নিৱনুৱা যুৱক প্ৰশান্ত গগৈয়ে
উক্ত ভূমি অসমৰ তথা নিজৰ দখলত ৰখাৰ বাবে কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ
চাহ বাগিচা স্হাপনৰ পদক্ষেপ গ্ৰহণ কৰি চাহ পুলি ৰূপন কৰে। প্ৰায় দুবিঘা
ভূমিত গগৈয়ে যোৱা কেইবাদিন ধৰি প্ৰায় দুহেজাৰ চাহ পুলি ৰূপন কৰে। অসমৰ
ভূমি ৰক্ষাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ এনে প্ৰচেষ্টাত জাঙুৰ খাই উঠে
নাগালেণ্ডৰ চৰকাৰ, প্ৰশাসন আৰু য়ংলক বস্তিৰ নগা ভিলেজ কাউঞ্চিল। যাৰ বাবে
নগাই প্ৰথমে আজি কেইদিনমান পূৰ্বে অসমৰ উক্ত ৰাজহ ভূমিত বাঁহেৰে এখন গেট
লগাই দি উক্ত ভূমি পুনৰ নাগালেণ্ডৰ বুলি দাবী সাব্যস্ত কৰাৰ চেষ্টা চলায়৷
সীমান্ত অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা শিঙিবিলস্হিত প্ৰথম আৰক্ষী
বেটেলিয়েন কেম্পৰ সমীপৰ  এই অঞ্চলটোত ২১ মে’ত তহল দিবলৈ যোৱা অসম আৰক্ষী
বেটেলিয়েনৰ দলক নগাই উক্ত ভূমি নাগালেণ্ডৰহে বুলি দাবী কৰি অসম আৰক্ষীৰ
দলটোক ইয়াত তহল নিদিবৰ বাবে কৈ খেদি পঠায়৷ অসম আৰক্ষীৰ দলটো পুৱা প্ৰায়
১০ বজাত উক্ত স্হানৰ পৰা নগাৰ ভয়ত পলায়ন কৰাৰ পাছতে নগা আৰক্ষীৰ
নিৰাপত্তাৰে পৰিবেষ্টিত হৈ নগাৰ এটা দলে প্ৰশান্ত গগৈৰ চাহ বাগিচাত
প্ৰৱেশ কৰি নতুনকৈ ৰূপন কৰা প্ৰায় দুহেজাৰ চাহ পুলি কাটি খাস্তাং কৰে। এই
খবৰ লাভ কৰি গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতূত্বত
এটা আৰক্ষীৰ দল ঘটনাস্হলীলৈ ৰাওনা হয়। কিন্তু অসম আৰক্ষীৰ দল ঘটনাস্হলী
পোৱাৰ পূৰ্বেই নগা আৰক্ষী আৰু চাহ বাগিচা ধ্বংস কৰা নগা দুৰ্বৃত্তৰ
দলটোৱে পলায়ন কৰে। আৰক্ষীৰ দলটোৱে চাহ বাগিচা ধ্বংস কৰা আৰু সীমান্তৰ
অসমৰ ভূমিত সন্ত্ৰাস চলোৱা এজনো নগা দূৰ্বূত্বক কৰায়ত্ত কৰিব নোৱাৰি
আঁতৰি আহে।  অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্য ক এৰি দিয়া নহব বুলি
দম্ভালি মৰা, জাতি-মাটি -ভেটীৰ শ্ল’গান আওৰোৱা অসম চৰকাৰ তথা শিৱসাগৰ
জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু সোপাঢিলা নীতিৰ বাবেই অসমৰ এই
বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত৷

Leave A Reply