Home Blog Page 3472

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ কাৰণেও এপটো বাধ্যতামূলক কৰা হ’ল৷ সকলো কৰ্মচাৰীয়ে এই এপ ব্যৱহাৰ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ’ব বুলিও জনাইছে৷ ক’ভিড-১৯ কনটেনমেণ্ট জ’নত যে সকলো মানুহ আছে তাৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে৷ যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ দিব পাৰি৷ কনটেনমেণ্ট এলেকাৰ আৰোগ্য সেতু এপৰ ১০০ শতাংশ কভাৰেজ স্থানীয় প্ৰশাসনে নিশ্চিত কৰা হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ক’ৰ’ণা আক্ৰান্তৰ ওপৰত নজৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ কৰে৷ আৰোগ্য সেতু এপ৷ ব্লুটুথ আৰু জিপাএছৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হয়৷ এন্ড্ৰয়ড ফোনৰ গুগুল প্লে ষ্ট’ৰ আৰু আই ফোনত এপল ষ্ট’ৰলৈ গৈ Aarogya Setu লিখি চাৰ্চ কৰিলেই এপটো ডাউনলড কৰিব পৰা যাব৷

মৃত্যুৰ প্ৰচাৰ মিছা প্ৰমাণিত উত্তৰ কোৰিয়াত সাৰ কাৰখানা উদ্বোধন ৰাষ্ট্ৰপতি কিম জং উনৰ

অনলাইন বাৰ্তা, ২ মে’ঃ কিছুদিন ধৰি স্বাস্থ্য লৈ চৰ্চা অব্যাহত থকা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মৃত্যু খবৰ মিছা বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ অৱস্থা গুৰুতৰ বা মৃত্যু হৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল৷ আনহাতে ছ’চিয়েল মিডিয়াতো মৃত্যুৰ ছবি প্ৰকাশ কৰি ব্যাপক ভাইৰেল কৰিছিল৷ কিন্তু অত দিনে কোৰিয়াৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ ফলত কিমক লৈ চৰ্চা বেছি হ’বলৈ ধৰে৷ ইপিনে, শুকুৰবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-ই দাবী কৰে, মে’ দিৱস উপলক্ষে ৰাজধানী পিয়ংইয়ঙৰ কাষৰ ছানছনলৈ গৈছিল কিম৷ তাতে এটা সাৰ কাৰখানা কিমে উদ্বোধন কৰে৷ উদ্বোধনৰ সময়ত কিমে ফিতাও কাটে৷ এই ভ্ৰমণত কিমৰ সৈতে আছিল বোন কিম ইয়ো জং আৰু দেশৰ শীৰ্ষ বিষয়াসকল৷ কেএনচিত প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে এই উদ্বোধনী অনুষ্ঠানত বহু লোক সমবেত হৈছিল৷ তাতে তেওঁক অভিবাদন জনায়৷ ইয়াৰ পাছতে কিমে কাৰখানাটো পৰিদৰ্শন কৰে৷ দেশত এনে এটা কাৰখানা স্থাপন হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে বুলি কেচিএনএ-ৰ বাতৰিত প্ৰকাশ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীৰ সাফল্য উচ্চ তাপত ক’ৰ’ণা মাৰিবলৈ যন্ত্ৰ নিৰ্মাণ ভাৰতৰ

অনলাইন বাৰ্তা, 3মে’ঃ উচ্চ তাপত ক’ৰ’ণা ভাইৰাছ মাৰিবলৈ এটা অত্যাধুনিক যন্ত্ৰ নিৰ্মাণ কৰিছে ভাৰতে৷ এই যন্ত্ৰটোৰ নাম ‘অতুল্য’৷ এই যন্ত্ৰটোৰে ক্ৰমাগতভাৱে তাপ এৰি ক’ৰ’ণা ভাইৰাছৰ আৰএনএ মাৰি পেলাব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আবিষ্কাৰ কৰা এই নতুন যন্ত্ৰৰে ক’ৰ’ণাৰ সংক্ৰমণ কমোৱাৰ আশা সঞ্চাৰ হৈছে৷ উল্লেখ্য যে ‘অতুল্য’ৰ ওজন তিনি কিলোগ্ৰাম৷ ই মূলত ‘মাইক্ৰৱেভ ষ্টেৰিলাইজাৰ’৷ কোনো বস্তুৰ গাত ক’ৰ’ণা ভাইৰাছ লাগি থাকিলে অতুল্যই ধ্বংস কৰিব৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞানীয়ে ইতিমধ্যে এই যন্ত্ৰৰ কাৰ্যকাৰিতাৰ প্ৰমাণ পাইছে৷ সাধাৰণ মানুহে যাতে কম খৰচত এই যন্ত্ৰ ব্যৱহাৰৰ সুবিধা পাই সেই দিশত দৃষ্টি দিছে ডিআৰডিয়ে৷ ‘অতুল্য’ আবিষ্কাৰৰ সম্পূৰ্ণ কৃতিত্ব ভাৰতৰ ডিফেন্স ইনষ্টিটিউট অব এডভান্স টেকন’লজীৰ বিজ্ঞানীৰ৷ উল্লেখ্য যে কোনো পাতল বস্তুত লাগি থকা ক’ৰ’ণা ভাইৰাছ ‘অতুল্য’ই ধ্বংস কৰিব পাৰে৷ এই যন্ত্ৰৰ পৰা নিৰ্গত অতিবেঙুনীয়া ৰশ্মিয়ে ভাইৰাছটোক ধ্বংস কৰে৷ যন্ত্ৰটো আৰম্ভ কৰিলে এক মিনিট ধৰি ৫৬ৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াচৰ তাপ প্ৰবাহ ক্ৰমাগতভাৱে নিৰ্গত হয়৷ ক্ৰমাগত তাক সহ্য কৰিব নোৱাৰে ক’ৰ’ণা ভাইৰাছে৷

আফ্ৰিকান ছুৱাইন ফ্লুত আক্ৰান্ত অসম, অৰুণাচলৰ গাহৰি জন্তুৰ পৰা মানৱ দেহালৈ নাযায় বিয়পি

অনলাইন বাৰ্তা, 3 মে’ঃ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন অব্যাহত থকাৰ সময়তে অসম আৰু অৰুণাচল প্ৰদেশত সৃষ্টি হৈছে নতুন সমস্যা৷ এই দুয়োখন ৰাজ্যৰ গাহৰি আফ্ৰিকান ছুৱাইন ফ্লু (এএছএফ)ত আক্ৰান্ত হৈছে৷ ইয়াৰ নমুনা দুয়োখন ৰাজ্যই ভূপালৰ নেচনেল ইনষ্টিটিউট অব হাই ছিকিউৰিটি এনিমেল ডিজিজ (এনআইএইচএছডি)লৈ প্ৰেৰণ কৰা হৈছে৷ এনআইএইচএছডিয়ে পৰীক্ষা কৰি ধনাত্মক অৰ্থাৎ পজিটিভ পাইছে বুলি জনাইছে৷ উল্লেখ্য যে অসমৰ ছখন জিলাত যোৱা সপ্তাহত প্ৰায় দুহাজাৰ গাহৰিৰ মৃত্যু হয়৷ ইপিনে, ভূপালৰ প্ৰতিষ্ঠানখনলৈ ১৭টা নমুনা প্ৰেৰণ কৰা হয়৷ একেদৰে অৰুণাচল প্ৰদেশৰ পৰা ৬২টা নমুনা প্ৰেৰণ কৰে৷ অসম আৰু অৰুণাচলৰ পৰা প্ৰেৰণ কৰা নমুনাবোৰ এনআইএইচএছডিৰ পৰীক্ষাত ধনাত্মক হয়৷ বিশ্ব জন্তু স্বাস্থ্য সংস্থাৰ মতে আফ্ৰিকান ছুৱাইন ফ্লু ঘৰচীয়া আৰু বন্য গাহৰিৰ বাবে বিষম ৰোগ৷ ই যকৃতলৈ বিয়পি যায় বা গাহৰিৰ মৃত্যু হয়৷ এই ৰোগ জন্তুৰ পৰা মানৱ দেহালৈ বিয়পি নাযায়৷ সংশ্লেষিত খাদ্য আৰু জুটা, কাপোৰ, যানবাহন, কটাৰী, অন্যান্য সা-সৰঞ্জামৰ দ্বাৰা এই ৰোগ সংক্ৰমণ ঘটিব পাৰে বুলি বিশ্ব জন্তু স্বাস্থ্য সংস্থাই কয়৷ আনহাতে ক্লাছিকেল ছুৱাইন ফ্লু (চিএছএফ), কোনো ভেকছিন নাই আফ্ৰিকান ছুৱাইন ফ্লুৰ৷ ‘আমি চিএছএফৰ বাবে ভেকছিন সৰবৰাহ কৰিছিলো৷ কিন্তু যি জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে তালৈ দিয়াতো বন্ধ কৰিছো৷ এএছএফৰ বাবে কোনো ভেকছিন বা ঔষধ নাই৷ ৰোগটো মানুহৰ দেহালৈ সংক্ৰমণ হোৱা নাই বুলি শনিবাৰে কয় কৃষি মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰী বৰাই জনাই যে গাহৰিৰ মাংসৰ গ্ৰহণ কৰিলে এএছএফৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কোনো সম্ভাৱনা নাই৷ তেওঁ কয়, এই ৰোগ যাতে আন ঠাইলৈ বিয়পি নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ছখন জিলাত বহু গাহৰি মৃত্যু হোৱাত অসম চৰকাৰে গাহৰি আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল৷

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ গৰিহণা

অজয় ডেকা, মঙলদৈ

বিটিএডিৰ বাক্সা জিলাৰ এচাম কৰ্ত্তব্যৰত সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰা কাৰ্যক ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে৷শনিবাৰে এক প্ৰেছ বিবৃতিত  ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অখিল কলিতা আৰু সম্পাদক মোছাদ্দিক হুছেইনে কয়, যোৱা ২৫ এপ্ৰিলত বৰমাত লকডাউনৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে সংবাদদাতা দিলীপ কুমাৰ বড়োক বি এছ এফৰ জোৱানে প্ৰহাৰ কৰাৰ উপৰি যোৱা ২৮ এপ্ৰিলত সংবাদদাতা নন্দ বুঢ়াথোকি ছেত্ৰীক বাতৰি সংগ্ৰহ কৰি নিজ ঘৰলৈ উভতি যোৱাৰ সময়তে আৰক্ষীৰ জোৱানে প্ৰহাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা গৰিহণাৰ যোগ্য। সেয়ে এনে বৰ্বোৰিচত আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত কৰি সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰৰ লগতে স্হানীয় জিলা প্ৰশাসনৰ ওচৰত ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই দাবী জনাইছে। ক’ভিড-১৯ৰ সময়ত নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি থকাৰ  সময়তে সাংবাদিকৰ ওপৰত চলোৱা এনে কাৰ্য গণতন্ত্ৰৰ পৰিপন্হী বুলি বিবৃতিটোত সভাপতি কলিতা আৰু সম্পাদক হুছেইনে উল্লেখ কৰে। ইয়াৰ উপৰি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু ধেমাজি জিলাৰ গোগামুখৰ সাংবাদিক হেমচন্দ্ৰ বৰদেউৰীক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা কাৰ্যৰ ঘটনাকো ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘই গৰিহণা জনাই তদন্তৰ দাবী কৰে৷

লেখাপানী, জাগুনত ৰেচন কাৰ্ড নথকা লোকক বিনামূলীয়া চৰকাৰী চাউল

সুজিৎ হাতীবৰুৱা, জাগুন

লকডাউনৰ সময়ছোৱাত খাদ্যৰ অভাৱত খাটি খোৱা লোকসকলৰ এক বৃহৎ অংশ চৰম বিপদত পৰিছে। এই সময়ত সকলোৰে সুবিধা হোৱাকৈ চৰকাৰী সাহায্য পুঁজিৰ পৰা ৰেচন কাৰ্ড নথকা লোকসকলক বিনামূলীয়া চৰকাৰী চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে।শনিবাৰে লেখাপানী আৰু জাগুন পঞ্চায়তৰ জৰিয়তে ৰেচন কাৰ্ড নথকা বহু লোকক চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত পাঁচ কেজিকৈ এই বিনামূলীয়া চাউল দিয়া হৈছে। দুয়োখন পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ বহু লোকে চাউল নিবৰ বাবে ভিৰ কৰেহি যদিও প্ৰত্যেকেই কিন্তু সামাজিক দূৰত্ব বাহাল ৰাখি বিনামূলীয়া চাউল সংগ্ৰহ কৰে এক সুস্থ বাতাবৰণৰ মাজেৰে।

ডুমডুমাৰ ন-মেছাকীত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

পৰাগ গগৈ, ডিৰাক সীমান্ত

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তালাপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মেচাকী বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ন-পথাৰ গাঁৱৰ এজন লোকৰ মৃত্যু হয়৷ মৃদুল শইকীয়া নামৰ লোকজনে বিগত সপ্তাহত হেৰুৱা দুটা গৰু বিচাৰিবলৈ গৈ ন-মেচাকী বনাঞ্চলৰ মাজেৰে থকা গো-বাটেদি আজি বিয়লি ওভতি আহোতেই  বনাঞ্চলত তিনিজনীয়া বন্যহস্তী  জাকৰ সৈতে মুখামুখি হয়। বন্যহস্তীৰ জাকটোৱে তেওঁলোকক বাট আগচি ধৰাত লগত যোৱা কেইজনে কথমপি প্ৰাণলৈ পলায়ন কৰে যদিও মৃদুল শইকীয়া (৪০) নামৰ লোকজনক হাতীৰ জাকটোৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত মৃদুল শইকীয়াই ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়৷ মৃত্যুৰ সময়ত মৃদুল শইকীয়াই দুগৰাকী কন্যাসহ পত্নীক এৰিথৈ যায়৷ শেহতীয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিতহৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে৷

ত্ৰিপুৰাত সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত কভিড-১৯

দেশৰ উত্তৰ পূবৰ ৰাজ্য ত্ৰিপুৰা পুনৰ সন্নিৱিষ্ট হ’ল ক’ৰ’ণা আক্ৰান্তৰ তালিকাত। দুগৰাকী সীমান্ত নিৰাপত্তা বাহিনীৰ জোৱানৰ শৰীৰত ধৰা পৰিল কভিড-১৯ৰ উপস্থিতি। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰ যোগে সদৰি কৰে এই তথ্য।জোৱান দুজন ধলাই জিলাৰ জয়নগৰস্থিত ১৩৮ নং বেটেলিয়ানত নিয়োজিত আছিল। ইয়াৰে এজনৰ আছে ভ্ৰমণ বুৰঞ্জী আৰু আনজনৰ আছে যোগাযোগৰ বুৰঞ্জী৷ জানিব পাৰা মতে, এই যোগাযোগৰ বুৰঞ্জী (Contact History)ত পুনৰ অসমৰ সৈতে যোগাযোগ থকাৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী জোৱান অসমৰ ডিব্ৰুগড়ৰ পৰা গৈছিল ত্ৰিপুৰাৰ জহৰনগৰ বেটেলিয়ান কেম্পলৈ৷ আনজন এইজনৰ সংস্পৰ্শত আহি সংক্ৰামিত হৈছিল। শুকুৰবাৰৰ নিশা আগৰতলাৰ জি বি হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল দুয়োজন জোৱানক৷ ইয়াৰ পূৰ্বে জ্বৰ থকাৰ কাৰণে ধলাই জিলা হাস্পতালত চিকিৎসা কৰোৱা হৈছিল৷ শনিবাৰে দুপৰীয়াৰ ভাগত জোৱান দুজনৰ পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ বুলি নিশ্চিত হয়৷

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ কাৰণেও এপটো বাধ্যতামূলক কৰা হ’ল৷ সকলো কৰ্মচাৰীয়ে এই এপ ব্যৱহাৰ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ’ব বুলিও জনাইছে৷ ক’ভিড-১৯ কনটেনমেণ্ট জ’নত যে সকলো মানুহ আছে তাৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে৷ যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ দিব পাৰি৷ কনটেনমেণ্ট এলেকাৰ আৰোগ্য সেতু এপৰ ১০০ শতাংশ কভাৰেজ স্থানীয় প্ৰশাসনে নিশ্চিত কৰা হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ক’ৰ’ণা আক্ৰান্তৰ ওপৰত নজৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ কৰে৷ আৰোগ্য সেতু এপ৷ ব্লুটুথ আৰু জিপাএছৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হয়৷ এন্ড্ৰয়ড ফোনৰ গুগুল প্লে ষ্ট’ৰ আৰু আই ফোনত এপল ষ্ট’ৰলৈ গৈ Aarogya Setu লিখি চাৰ্চ কৰিলেই এপটো ডাউনলড কৰিব পৰা যাব৷

দিল্লীৰ চিআৰপিএফৰ কেম্পত ক’ৰ’ণাত আক্ৰান্ত ১২২ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

অনলাইন বাৰ্তা, ২ মে’ঃ দিল্লীৰ ময়ূৰবিহাৰৰ চিআৰপিএফৰ কেম্পত ১২২জন ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ উল্লেখ্য যে ক’ৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে এজন জোৱানৰ মৃত্যু হৈছে৷ তাৰ পাছত এজনক কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ ইয়াৰ পাছতো ইয়াত সংক্ৰমণ ৰোধ কৰাত সম্ভৱ নহ’ল এই কেম্পত৷ ইতিমধ্যে ১২২জনৰ দেহাত ক’ৰ’ণাই আশ্ৰয় লৈছে বুলি পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ৷ যিহেতু এই পৰীক্ষাত পজিটিভ পোৱা গৈছে৷ বিষয়টোক লৈ অতি উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ পূব দিল্লীৰ এই কেম্পত আছে চিআৰপিএফৰ ৩১ নম্বৰ বেটেলিয়ন৷ কিছুদিনৰ আগতে এই বেটেলিয়নৰ এজন জোৱান ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ চিআইএচএফৰ এই সদস্যজন ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত নামিছিল৷ তেওঁ নাৰ্ছিং এছিছটেণ্ট হিচাপে কাম কৰিছিল৷ যোৱা ১৭ এপ্ৰিলত তেওঁৰ দেহাত ক’ৰ’ণাৰ উপসৰ্গই দেখা দিয়ে৷ ২১ এপ্ৰিলত পৰীক্ষা কৰি তেওঁ ক’ৰ’ণাত পজিটিভ ধৰা পৰে৷ তেওঁক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ ইয়াৰ পাছতে এই বেটেলিয়ন কেম্পৰ সদস্যসকল ক’ৰ’ণাত আক্ৰান্ত হয়৷ এই বেটেলিয়ন কেম্পৰ ৪৫ জন জোৱানৰ দেহাত ক’ৰ’ণাৰ অস্তিত্ব ধৰা পৰাত তাৰ এক হাজাৰজনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ এই মুহূৰ্তত ইয়াৰ সংখ্যা বাঢ়ি ১২২ হ’লগৈ৷ চিআৰপিএফৰ সূত্ৰে পোৱা খবৰ মতে ইতিমধ্যে ১২২ জনৰ ক’ভিড ৰিপৰ্ট পজিটিভ পোৱা গৈছে৷ আন এশজনৰ ৰিপৰ্টৰ অপেক্ষাত আছে৷ কিদৰে এই সংক্ৰমণ বাঢ়িল চিআৰপিএফৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীৰ পৰা ব্যাখ্যা বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷