বোকাজান
ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ বোকাজান মূল নগৰৰ লগতে বিভিন্ন স্থানত ভিৰ কৰি বজাৰ সমাৰো কৰা দেখা গৈছে। কিছু দায়িত্ব জ্ঞান নথকা ব্যক্তিয়ে অকৰ্তৃত্বশীলভাৱে দুচকীয়া বাহনত দুজন কৈ আৰোহী যাত্ৰা কৰাৰ লগতে ছুপাৰ মাৰ্কেট, ইকৰাণী বস্তি আদিত সৰুকৈ হ’লেও পাচলিৰ বজাৰ বহা পৰিলক্ষিত হৈছে। ইফালে চৰকাৰে ঘৰৰ বাহিৰলৈ ওলালে ই মুখত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে যদিও বহু লোকে এই নিৰ্দেশ অমান্য কৰি আৰক্ষীৰ কৰ্কথনা-সতৰ্কৰ সন্মুখীন হ’ব লগীয়া হৈছে। অৱশ্যে কাৰ্বি আংলং জিলা গ্ৰীণ জ’নত থকাত জিলা প্ৰশাসনে জিলাখনত কেতবোৰ ব্যৱস্থাত প্ৰয়োজনীয় শিথিলতা প্ৰদান কৰিছে যদিও আইন উলংঘাকাৰীক কঠোৰ শাস্তি বিহাৰ বাবে কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ
গোলাঘাটত সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন কুইজ প্ৰতিযোগিতা
গোলাঘাটদেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো লোক নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। নিজ নিজ কৰ্মব্যস্ততাৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি থাকি বহুলোকে বিৰক্ত অনুভৱ কৰিবলৈ ধৰিলে। বিশেষকৈ যুৱচামৰ বাবে ঘৰৰ ভিতৰতে সোমাই থকাটো বৰ কষ্টকৰ হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাসকলৰ কিছু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাটৰ বিশ্বজিৎ পূজাৰী, চায়েদ নেকিব আৰু শৰৎ চেতিয়াৰ দ্বাৰা গঠিত ইকুইনক্স নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা হ’ল ‘জ্ঞান মন্থন ১.০’ শীৰ্ষক এখনি হোম কোৱাৰেণ্টাইন অনলাইন কুইজ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কুইজ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগীসকলৰ বিনামূলীয়া অনলাইন পঞ্জীয়ন কৰা হয় আৰু যোৱা ৩ মে’, দেওবাৰে দুপৰীয়া ১২ বজাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। মুঠ ৪৫ মিনিট সময়ৰ এই অনলাইন কুইজ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে গুগল লিংক যোগে প্ৰশ্নসমূহ নিজৰ ই মেইলত লাভ কৰে আৰু উত্তৰসমূহ কৰি একেটা লিংকৰ জৰিয়তে ইকুইনক্সলৈ প্ৰেৰণ কৰে। আজি উদ্যোক্তাসকলে কুইজ প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি প্ৰথম তিনিটা স্থান অধিকাৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ক্ৰমে ৰাজীৱ উল আৱাল, মৃদুল শৰ্মা আৰু অভিলাষ দাসে। আনহাতে টপ টেন স্থান লাভ কৰাসকল হৈছে ক্ৰমে গোলাঘাট ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ আকাশ আলী হাজৰিকা, শংকৰদেৱ শিশু নিকেতন গোলাঘাটৰ লয়ন জ্যোতি দত্ত, ডি আৰ কলেজ গোলাঘাটৰ স্বাগত প্ৰতীম বৰা, আইডল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেহা শৰ্মা, বাংগালোৰৰ ইনফ’চিছত কৰ্মৰত ভাৰ্গৱ শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অশ্বিনী কুমাৰ শৰ্মা, দৰং কলেজৰ অভিজিৎ শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্ঞানদীপ কলিতা। বিজয়ী প্ৰতিযোগীসকলৰ লগতে এই অনলাইন কুইজ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰা সকলোকে উদ্যোক্তাসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইকুইনক্স কুইজ ক্লাবৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে।
লকডাউনৰ মাজতো মঙলদৈত মানৱতাৰ জয়গান : ইউনিটিৰ ৫২ সদস্যৰ ৰক্তদান
মঙলদৈ বিশ্ব চৌদিশে ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো ‘ইউনিটি- উই দ্যা ব্লাড ড’নাৰছ’- নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাইছে মানৱতাৰ জয়গান। লকডাউনৰ সময়ছোৱাত আজিলৈ ৫২ জন সদস্যই মঙলদৈ অসামৰিক চিকিৎসালয়, গোলাঘাট অসামৰিক চিকিৎসালয় আৰু গুৱাহাটীৰ বিভিন্ন হাস্পতাললৈ গৈ মৃত্যুমুখী ৰোগীক ৰক্তদান কৰি জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। ৩৫ সংখ্যক জন্মদিনত জীৱনত প্ৰথমবাৰলৈ ৰক্তদান কৰিছে মঙলদৈ উপহুপাৰা নিবাসী তৃষ্ণা হাজৰিকাই। মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আহি হাস্যবদনে ৰক্তদান কৰি তৃষ্ণা হাজৰিকাই কয়, জীৱনত বহু ধৰণে জন্মদিন পালন কৰিছো যদিও ৰক্তদান কৰি জন্মদিন পালন কৰাৰ দৰে সুখানুভূতি কাহানিও পোৱা নাই। আনহাতে লকডাউনৰ সময়ছোৱাত ইউনিটিৰ সভাপতি দীপক কুমাৰ ডেকা, সদস্য ক্ৰমে তাপস শৰ্মা, চিণ্টুমণি ডেকা, বিতুপন ডেকা, নব কুমাৰ শৰ্মা, হিমাংশু চহৰীয়া, মানসপ্ৰতীম ভৰদ্বাজ, দ্বীপজ্যোতি বৰুৱা, দিলীপ চহৰীয়া, বিজয় চান্দ, পাপ্পু ৰাভা, সুজিত শৰ্মা, ভাস্কৰজ্যোতি ডেকা, ৰিকিবুল হুছেইন, প্ৰণব বৰুৱা, জিতু কলিতা, দ্বীপজ্যোতি শৰ্মা, মৃদুল ডেকা, জগদীশ মণ্ডল, দীপক কলিতা, বিশ্বজিৎ নাথ, কমল কৃষ্ণ নাথ, তাপস ডেকা, সুমন ডেকা, ৰিতুল ৰহমান, কুশল ডেকা, পাৰ্থপ্ৰতিম দাস, মনচুৰাং বড়ো, জিতুমণি দাস, প্ৰণব বৰুৱা, প্ৰণব চহৰীয়া, হিমাংশু নাৰায়ণ দেৱ, জয় প্ৰকাশ কলিতা, দুৰ্গা ডেকা, প্ৰবণ শৰ্মা, বিপুল বৰা, ধনমণি ডেকা, টিমল চৌহান, অনুপজ্যোতি শইকীয়া, প্ৰশান্ত বণিয়া, দ্বীপেন বৰুৱা, ৰেবজিৎ বৰা, ৰিদিপ বৰুৱা, ভাস্কৰজ্যোতি ডেকা, বিকাশ বৰুৱা, গকুল কলিতা, নিৰুপমা ভৰদ্বাজ, দ্বীপেন ডেকা, ধনমণি দাস, ফনীন্দ্ৰ ডেকাই ৰক্তদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে। ইউনিটি – উই দ্যা ব্লাড ড’নাৰ’ছ গ্ৰুপৰ এনে প্ৰশংসনীয় কাৰ্যৰ বাবে গ্ৰুপটোৰ সম্পাদক সুব্ৰত শীলক তেওঁৰ ৩৫ সংখ্যক জন্মদিনত দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সম্পাদক গণেশ দত্তই ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন। উল্লেখ্য যে এই গ্ৰুপটোৱে ৰক্তদান কৰাৰ উপৰি শুভাকাংক্ষীৰ সহযোগত লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ লগতে মৎস্য, পশু-পক্ষীলৈ খাদ্য সামগ্ৰী যোগান ধৰি সচেতন ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ
গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে সময়ত দৰিদ্ৰ লোকসকলক বিভিন্ন ব্যক্তি আৰু সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াইছে৷ উল্লেখ্য যে সোমবাৰে ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা গুৱাহাটী মহানগৰীৰ অমিয় নগৰৰ হিল টপত দৰিদ্ৰ লোকক সাহায্য প্ৰদান কৰে৷ ইণ্ডিয়ান বেংকৰ গুৱাহাটী মহানগৰী শাখা আৰু মাণ্ডলীক কাৰ্যালয়ৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰা হয়৷ ইণ্ডিয়ান বেংকৰ গুৱাহাটী মহানগৰী শাখাৰ প্ৰবন্ধক আৰু মাণ্ডলীক প্ৰবন্ধকে উক্ত স্থানৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে৷ বেংকটোৰ তৰফৰ পৰা এনেদৰে সাহায্য বিতৰণ কৰাত বিভিন্ন লোকে ভূয়সী প্ৰশংসা কৰিছে৷
জামুগুৰিহাটৰ শলগুৰিত দুৰ্ঘটনাত চালকসহ আহত ২
জামুগুৰিহাটলকডাউনৰ নীতি নিয়ম বহুখিনি শিথিল কৰাৰ প্ৰথম দিনটতেই জামুগুৰিহাটৰ শলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়৷ জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখী এএছ-০১-ডিএন ৩১৩৩ নম্বৰৰ তীব্ৰ বেগী এখন ছুইফট ডিজায়াৰ গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় চালক নলবাৰীৰ চন্দন বৰ্মণ (৩৬) আৰু ৰঙীয়াৰ দ্বীপেন তালুকদাৰ (৩২)৷ তীব্ৰবেগী গাড়ীখনৰ খুন্দাৰপৰা অৱশ্যে কথমপি ৰক্ষা পৰে স্থানীয় এগৰাকী লোক৷ আহত লোক দুজনক আৰক্ষীয়ে উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে৷ জানিব পৰা মতে ছুইফট ডিজায়াৰখন জামুগুৰিহাট দিশৰপৰা ৰঙাপাৰলৈ গৈছিল৷
অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজ কৰ্মী ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যু
শিৱসাগৰ
জোলাটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ বৰুৱাৰ সোমবাৰে পুৱা ১০ বজাত ডিমৌমুখ চেঁচাসত্ৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত ৰামচন্দ্ৰ বৰুৱাৰ বয়স আছিল ৬৬ বছৰ। কিছুদিন ধৰি ৰামচন্দ্ৰ বৰুৱা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ আছিল। জীৱিত কালত ৰামচন্দ্ৰ বৰুৱাই সৃজনী মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক বিষয়ববীয়া আৰু স্থানীয় শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰাস পৰিচালনা সমিতিৰ অন্যতম বিষয়ববীয়া হিচাপেও অৰিহণা যোগাইছিল৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ত দিচাং ধাইআলি অঞ্চলত বৰুৱাই আন্দোলনত অংশ গ্ৰহণ কৰি আন্দোলনৰ এজন সমৰ্থক ৰূপে পৰিচিত হৈছিল। ৰামচন্দ্ৰ বৰুৱাৰ মৃত্যুত দিচাংমুখ প্ৰেছ ক্লাব, গ্ৰাম্য সাংবাদিক সন্থা, মৰিয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ দিচাংধাই আলি আঞ্চলিক সমিতি, আটাছুৰ দিচাং ধাই আলি আঞ্চলিক সমিতি , চুতীয়া জাতি সন্মিলনীৰ বিষয়ববীয়া পৰাগ শইকীয়া, ডিমৌমুখ হাইস্কুলৰ শিক্ষক বৃন্দ, সৰবৰহী মহিলা ৰুচিমাই বেগম, চেচঁসত্ৰ নামঘৰ পৰিচালনা সমিতি আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত বৰুৱাই পত্নীসহ তিনিজন পুত্ৰ, এগৰাকী বোৱাৰী আৰু দুই নাতি-নাতিনীক এৰি থৈ গৈছে।
চৰাইদেউত পুনৰ কাঠফুলা খাই এজনৰ মৃত্যু
সাপেখাতী
চৰাইদেউ জিলাৰ চৰাইপুঙৰ লাকিলী হাবি গাঁৱত পুনৰ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু হয়৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন পাপু কোঁৱৰ (২৬) বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে পুৱাৰ আহাৰৰ সৈতে ঘৰৰ বাকী সদস্যসকলক নিদি অকলেই ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা৷ ভক্ষণ কৰাৰ কেই ঘণ্টামানৰ পাছতেই অত্যাধিক বমি আৰু শৌচত আক্ৰান্ত হৈছিল যুৱকজন৷ তাৰ পাছলে তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷
তিনিচুকীয়াত চি আৰ পি এফ জোৱানৰ আত্মহত্যা
তিনিচুকীয়া
তিনিচুকীয়া দুৰ্গাবাৰীস্থ আৰ এছ এছ কাৰ্যালয়ত নিয়োজিত ৬৮ নং বেটেলিয়ান জোৱান অমৃত কুমাৰে কালি নিশা নিজৰ ছাৰ্ভিচ ৰাইফলেৰে কাৰ্যালয়ৰ বাথৰোমত মুৰত গুলীয়াই আত্মহত্যা কৰে। ছুইছাইড নোট লিখি থৈ যোৱা জোৱানজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷ ইফালে আৰক্ষী বা চি আৰ পি এফৰ তৰফৰ পৰা কোনো তথ্য জানিবলৈ দিয়া নাই।
তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

গোলাঘাট
দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ সকলো দোকান খোলাৰ অনুমতি দিয়া নাই প্ৰশাসনে। কেৱল প্ৰশাসনৰ অনুমোদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খুলিব পাৰিব বিক্ৰেতাই। বিশ্বত্ৰাস ক’ৰ’ণা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ কাৰক সুনিশ্চিত কৰাৰ পিছতহে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিব। সেইসম্পৰ্কত গোলাঘাটৰ চেম্বাৰ্চ অৱ কৰ্মাচৰ বিষয়াববীয়াৰ সৈতে আলোচনা কৰি সকলো কৰ্ম-কৌশল যুগুত কৰাৰ পিছতহে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানবোৰলৈ নিৰ্দেশ জাৰি কৰিব।
নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক
নাজিৰা
অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ পথাৰ, হাবিতলীয়া আৰু পাহাৰীয়া লুঙলুঙীয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছে। নাগালেণ্ডৰ কয়লাখনিত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এইসকল শ্ৰমিকে লকডাউনৰ পৰিস্থিতিৰ বাবে দুমাহ নাগালেণ্ডৰ কয়লাখনিৰ অস্থায়ী শিবিৰত আবদ্ধ হৈ আছিল৷ শ্ৰমিকসকলক ঠিকাদাৰসকলেও খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে খা-খবৰো লোৱা নাই৷ শ্ৰমিকসকলে লকডাউন খোলাৰ পাছত ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পুনৰ লকডাউন ১৭ মে’ লৈ বৃদ্ধি পোৱাত শ্ৰমিকসকলৰ মূৰত স্বৰগ ভাগি পৰাত কিংকৰ্তব্যবিমূঢ় হৈ অৱশেষত পদব্ৰজেই নাগালেণ্ডৰ পৰা যোৱা ৰাতি গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, ফৰকাটিঙৰ গৃহলৈ বুলি যাত্ৰা কৰিছে৷ গোলাঘাটৰ বাবু সিং, নৰেন্দ্ৰ কুমাৰ, লখৌ কুমাৰ সেন, জোন মূড়া, ৰমেন পাইক, সৰুপথাৰৰ লিখন ভূঞা, পানিকা তাতী, সূৰয তাতী, লগন ভূঞা, ৰামেশ্বৰ মূড়া, প্ৰৱীণ গগৈ, কমল গগৈ, সুৰেশ ওৰাং, হনুমান ভূঞা, জয়নাথ চিক, গুঞ্জন চিক, চণ্ডিকা মল্ল, বাপুটী সেন। ফৰকাটিঙৰ গোপাল মিশ্ৰ, বাহাদুৰ থাপা, মদন শৰ্মা, খগেন মিশ্ৰ, ভীম দাস, পোনা কৈৱৰ্ত, দুলেশ্বৰ হাজৰিকা, ৰুদ্ৰ দাসকে ধৰি ৪৫ জন শ্ৰমিকে যোৱা ৰাতি নাগালেণ্ডৰ পুৰণা নামচাং চেতাপ বস্তিৰ পৰা নাজিৰাৰ সীমান্তৰে লাদৈগড় হৈ হাবিতলীয়া বক্ৰ পথেৰে গৃহ অভিমুখে যাত্ৰা কৰিছে।





