Home Blog Page 3501

দৰঙৰ পাথৰিঘাটত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা ৮ ব্যক্তিক সম্বৰ্ধনা

দৰংমহামাৰী ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ ৮ গৰাকী ব্যক্তিক দেওবাৰে পাথৰিঘাট আৰক্ষী চকী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত সম্বৰ্ধনা জনায়৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি ৰাইজক সজাগ, সচেতনৰ বাবে চিকিৎসক, স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকলে লোৱা অগ্ৰণী ভূমিকাক ৰাইজে শলাগ লৈছে৷ ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত যোদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰঙৰ দেওঁমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক তথা স্বাস্থ্য বিষয়া ডাঃ কমলাকান্ত শৰ্মা, দুনী আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ আৰু স্বাস্থ্য বিষয়া ডাঃ নিপন দাস, পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক ৰিপুঞ্জয় শইকীয়া, পাথৰিঘাটৰ সাংবাদিক জয়ন্ত কাকতি, দৰঙৰ সাংবাদিক জয়দেৱ ডেকা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক যাদৱ চন্দ্ৰ ভূঞা আৰু নিজ সৰাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা ৰুণু বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে  প’ৰ্টেলটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই৷

ৱাটছএপত পৰীক্ষা পাতিবলৈ নিৰ্দেশ ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ

ওদালগুৰিওদালগুৰি সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে অনলাইন যোগে পাঠদান আৰু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নাই এন্ড্ৰয়ড ম’বাইল ফোন৷ ফলত বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল৷ ক’ৰ’ণা ভাইৰাছক ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ল’কডাউন অব্যাহত আছে৷ ল’কডাউনৰ মাজতে ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ চৰকাৰী বিদ্যালয়বোৰত এন্ড্ৰয়ড ম’বাইল ফোন যোগে ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান আৰু অহা ৪ মে’ৰ পৰা অষ্টমৰ পৰা দশম শ্ৰেণীলৈকে গোট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াত শিক্ষকসকলকে ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যিকোনো প্ৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ৱাটছএপ নম্বৰ সংগ্ৰহ কৰি পাঠদান তথা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াত জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ল’কডাউন অমান্য কৰি ছাত্ৰ-ছাত্ৰীৰ ৱাটছএপ নম্বৰ বিচাৰি ঢপলিয়াই ফুৰিব লগীয়া হৈছে৷ কিন্তু বেছি ভাগ ছাত্ৰ-ছাত্ৰীৰে এন্ড্ৰয়ড ম’বাইল ফোনটো দূৰৰে কথা এসাজ ভালকৈ খাবলৈ নোপোৱা দ্ৰৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে হাজাৰ টকীয়া ম’বাইল ফোন নথকাত শিক্ষক-শিক্ষয়িত্ৰীসকল এতিয়া সমস্যাৰ সন্মূখীন হৈছে৷ শিক্ষকসকলে এন্ড্ৰয়ড ম’বাইল ফোন যোগে মুষ্ঠিমেয় ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠদান চলায় আছে যদিও দিন হাজিৰা কৰা ঠেলাৱালা, ৰিস্কাৱালা তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ’বলগীয়া হৈছে৷ এই দৰিদ্ৰ অভিভাবকসকল লকডাউনৰ সামাজিক দুৰত্বৰ নীতি ভংগ কৰি দুৱাৰে দুৱাৰে বিছাৰি ফুৰিব লগীয়া হৈছে আনৰ এন্ড্ৰয়ড ম’বাইল ফোনৰ নম্বৰ। আনহাতে একাংশৰ এন্ড্ৰয়ড ম’বাইল ফোন আছে যদিও ধনৰ অভাবত ৰিচাৰ্জ কৰিব পৰা নাই। এইসকল অভিভাবক এতিয়া পেটৰ ভাত মুঠিকে কথাকে চিন্তা কৰিব নে এন্ড্ৰয়ড ম’বাইল ফোনৰ কথা চিন্তা কৰিব তাকে লৈ চিন্তাৰ কাৰণ হৈ পৰিছে৷ অনলাইন শিক্ষা ব্যব্যস্থা পৰা বঞ্চিত অভিভাবকৰ তথা ছাত্ৰ-ছাত্ৰীসকলে সেয়ে বিটিচিৰ শিক্ষা সঞ্চালক তথা অসম শিক্ষা মন্ত্ৰীক এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শিক্ষাটো সকলো ছাত্ৰ-ছাত্ৰী বাবেই গ্ৰহণীয় কৰিবলৈ আহ্বান জনাইছে। লগতে ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী কাণ্ড বন্ধ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে ওদালগুৰি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰা পৰীক্ষাৰ ৰুটিনখনো শুদ্ধকৈ দিব পৰা নাই৷ পৰীক্ষাৰ ৰুটিনত অষ্টম শ্ৰেণীৰ ঠাইত সপ্তম শ্ৰেণীৰ পৰীক্ষা  অনুষ্ঠিত কৰিবলৈ ওদালগুৰি সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে যোৱা ২৭ এপ্ৰিলৰ এক নিৰ্দেশনা দি বিদ্যালয়ৰসমূহলৈ পৰীক্ষাৰ ৰুটিন জাৰি কৰিছে৷

গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰে লেৱৰটৰী টেকনিচিয়ানৰ সভা

গোলাঘাট 

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে শনিবাৰে জিলাখনৰ ৬০ জন লেবৰেটৰী টেকনিচিয়ানৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা সভাত মিলিত হয়। জিলাখনৰ বোকাখাত, কমাৰবন্ধা, চাৰিঙীয়া আৰু মিছামৰা খণ্ড চিকিৎসালয়ৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ৰ টেকনিচিয়ানসকলে এই সভাত অংশ গ্ৰহণ কৰে। সভাত উপায়ুক্তই ক’ভিদ-১৯ জনিত ৰোগ জিলাখনত প্ৰতিৰোধ আৰু সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত টেকনিচিয়ানসকলৰ পূৰ্ণ সহযোগিতা বিচাৰে। তদুপৰি লেবৰেটৰীবোৰত নিৰ্দ্ধাৰিত পৰীক্ষা সম্পন্ন কৰা, অভাৱ অভিযোগবোৰৰ বিষদ আলোচনা কৰে।সভাত অতিৰিক্ত উপায়ুক্ত ডাঃ উদয় প্ৰবীণে (স্বাস্থ্য) হিমগ্লবিন, এইচ আই ভা টেষ্ট, ৱাইডেল টেষ্ট, মেলেৰিয়া আদিৰ তথ্যৰ বুজ লোৱাৰ লগতে পৰামৰ্শ দিয়ে৷ জিলাৰ স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক তৌফিক হুছেইন উপস্থিত থকা সভাত জ্যেষ্ঠ লেৱৰেটৰী টেকনিচিয়ান দেৱজিৎ লাহনে ক’ভিদ-১৯ৰ নমুনা সংগ্ৰহ আৰু ভাইৰাছৰ দ্বাৰা সংক্ৰমন ৰোধৰ ক্ষেত্ৰত ক্ষেত্ৰত উপায়ুক্তৰ পৰামৰ্শ আৰু পদক্ষেপক শলাগ লয়। লগতে সহকৰ্মী টেকনিচিয়ানসকলক নিষ্ঠা আৰু সাহসেৰে কৰ্মক্ষেত্ৰত দক্ষতাৰ পৰিচয় দিবলৈ আহ্বান জনায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গোলাঘাট জিলাৰ আঁচনি বিষয়া অনুষ্কা বৰুৱা, মিডিয়া এক্সপাৰ্ট পূৰ্বালী বৰা প্ৰমুখ্যে খণ্ড কেইটাৰ মহকুমা চিকিৎসা বিষয়াসকল উপস্থিত থাকে। উপায়ুক্তগৰাকীয়ে শেষত মন্তব্য কৰে যে লেৱৰেটৰী টেকনিচিয়ানসকলৰ উপায়ুক্তৰ সৈতে এইখনেই অসমত প্ৰথমখন সভা।

লকডাউনৰ মাজতে নগাঁৱত গুটখাৰ ৰমৰমীয়া বেহা : আটক ১

ৱেব ডেক্স, নগাঁও
লকডাউনৰ মাজতেই নগাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গুটখা, পান মচলা। নগাঁও আৰক্ষীৰ শনিবাৰে সন্ধিয়া অভিযান চলাই জব্দ কৰে গুটখা। উল্লেখযোগ্য যে লকডাউনৰ মাজতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে গুটখাৰ ৰমৰমীয়া বেহা। নগাঁও আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই তথ্য। নগাঁৱৰ ইটাচালী আৰক্ষীয়ে শনিবাৰে চহৰখনৰ নতুন বজাৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা। প্ৰশাসনৰ চকুত ধুলি দি এই ব্যৱসায় চলাই যোৱা সম্পৰ্কত তাপস দাস নামৰ এজন ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে।

নুমলীগড়ত সন্মুখ সমৰত হাতী-মানুহ

ৱেব ডেক্স, নুমলীগড়

নুমলীগড়ত অধিক ভয়াবহ  হৈছে হাতী মানুহৰ সংঘাত। আজি কেইবাদিনো ধৰি এজাক বৃহৎ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নুমলীগড় লেটেকোচাপৰি, বৰগৰীয়া, কমৰগাঁও অঞ্চলত। দৈনিক খাই, গচকী তহিলং কৰিছে ৰবি শস্যৰ খেতি পথাৰ। নীৰৱ হৈ আছে বিয়াগোম বন বিভাগ৷ শেষত উপায়ন্তৰ গাঁওবাসীয়ে হাতে হাতে জুই, বলম, লাঠী, কেটেপা লৈ খেদি পঠিয়াই হাতীজাকক। উল্লেখ্য যে মানুহে হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাই থাকোতে৷ হাতীৰ জাকটোৱেও মানুহক উভতি ধৰে এতিয়া এনেদৰে হাতী আৰু মানুহৰ মাজত সৃষ্টি হৈছে ভয়াবহ সংঘাত।

সোণতলীত মানুভৱতা দাঙি ধৰিলে যুৱ কংগ্ৰেছে

ৱেব ডেক্স, সোণতলী 

দক্ষিণ কামৰূপৰ কালাতলীৰ এজন সচেতন যুৱক ছামিদুল ইছলামে শনিবাৰে দিছিল এটা ফেচবু্ক লাইভ৷ বকো সমষ্টিৰ সোণতলী এলেকাধীন বেজৰসূতি গাঁৱৰ এগৰাকী আইতাই লকডাউনৰ ফলত দিনে-নিশাই খাদ্যৰ অভাৱত চকুলো টুকিব লগা হৈছিল৷ আইতাগৰাকী আজিও জুপুৰী ঘৰতে দিন কটাবলগীয়া হৈছে৷ তেনে অৱস্থা প্ৰত্যক্ষ কৰি সচেতন যুৱকজনে সমগ্ৰ ঘটনা ভিডিঅ’ কৰি ফেচবুকত দিয়ে৷ তদুপৰি নিজাববীয়াকৈ যুৱকজনে কিছু পৰিমানে আৰ্থিক সাহায্য আগবঢ়াইছিল৷ তাৰ পিছতে ছ’চিয়েল মিডিয়াত বিভিন্নজনৰ প্ৰতিক্ৰিয়াৰ মাজতে আইতাগৰাকীক সহায় কৰিব বুলি মন্তব্য আগবঢ়াইছিল ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে৷ ইয়াৰ উপৰি বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ফোনযোগে ঘটনাৰ বুজলৈ আইতাগৰাকীক সহায় আগবঢ়াব কৰাৰ কথা জনাইছিল৷ উল্লেখযোগ্য যে বিধায়ক-বিধায়িকাৰ অনুৰোধ মৰ্মে শনিবাৰে নিশা আইতাগৰাকীৰ জুপুৰী ঘৰত কামৰূপ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰ হুছেইন, উপ-সভাপতি জাকাৰিয়া আহমেদৰ লগতে ছমৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰিফ শ্বাহ উপস্থিত হৈ এমাহৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও আৰ্থিক সাহায্য আগবঢ়ায়৷ যুৱ কংগ্ৰেছৰ এই মহানুভৱতাত কৃতজ্ঞা জনোৱাৰ লগতে ফেচবুক লাইভ দিয়া ছামিদুল ইছলামক ভু়য়সী প্ৰশংসা কৰে সচেতন মহলে৷ ইপিনে কামৰূপ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰ হুছেইনে আইতাগৰাকীক থকাৰ সুবিধাৰ্থে অচিৰেই এখন ঘৰ সাজি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

নিশা চিকিৎসালয়লৈ অহা নাৰ্চক ৰাজপথত ধৰ্ষণ চেষ্টা পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ : এটাক গণ প্ৰহাৰ, পেট্ৰল পাম্প এৰি পলায়ন একাংশ কৰ্মচাৰীৰ

ৱেব ডেক্স, পাভৈ

ক’ভিড-১৯ বিৰোধী যুঁজখনত মূখ্য ভূমিকা পালন কৰিছে চিকিৎসা কৰ্মীসকলে৷ যি সময়ত চিকিৎসা কৰ্মীসকলক ভগবানৰ লগত তুলনা কৰা হৈছে সেই সময়তেই চিকিৎসালয়লৈ আহি থকা দুগৰাকী নাৰ্চক ৰাজপথত আগচি ধৰি টনা আজোৰা কৰি ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথ চাৰিআলিত৷ নিশা বিশ্বনাথ চাৰিআলিৰ দ’গাঁৱৰ ভাড়া ঘৰৰ পৰা খোজকাঢ়ি চিকিৎসালয়লৈ আহি থকা নাৰ্চক ধৰ্ষণৰ চেষ্টা কৰে কেইটামান লম্পটে৷ ৰাজপথৰে খোজকাঢ়ি আহি থকা দুগৰাকী নাৰ্চক খেদি খেদি গৈ হাতত ধৰি এই লম্পট কেইটাই টনা আজোৰা কৰে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই ঘটনা৷ পেট্ৰল পাম্পত কৰ্মৰত কেইজনমান কৰ্মচাৰীয়ে সংঘটিত কৰিলে এই ঘটনা৷ বিহাৰৰ পৰা আহি পেট্ৰল পাম্পত কাম কৰি আছিল এই লোক কেইজনে৷ যুৱতী দুগৰাকী পেট্ৰল পাম্পৰ সন্মুখ পাওতেই বন্ধ কৰি দিছিল পেট্ৰল পাম্পৰ লাইট আৰু চেষ্টা চলাইছিল ধৰ্ষণৰ৷ কথমপি দৌৰি দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হয়গৈ নাৰ্চ দুগৰাকী৷ আনকি হঠাৎ হতভম্ব হৈ অচেতন হৈ পৰা এগৰাকী নাৰ্চক প্ৰদান কৰিবলগীয়া হয় চিকিৎসা৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে পেট্ৰল পাম্পত সোমাই এজনক কৰায়ত্ত কৰি গণ প্ৰহাৰ দিয়ে যদিও বাকী কেইজন কৰ্মচাৰীয়ে পেট্ৰল পাম্প এৰি পলায়ন কৰে৷ বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতালত নাৰ্চ হিচাপে কৰ্মৰত   দুয়োগৰাকী যুৱতীৰ ঘৰ লক্ষিমপুৰৰ জিলাত৷ উল্লেখ্য যে চিকিৎসালয়খনত কৰ্মৰত বহুকেইগৰাকী নাৰ্চ দগাঁৱত ভাৰাতীয়া হিচাপে থাকে আৰু এই নাৰ্চসকল চিকিৎসালয়লৈ অহা যোৱা কৰোতে প্ৰায়েই পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনে অশালীন আচৰণ কৰে৷ আনহাতে এই ঘটনাৰ পিছতেই আৰক্ষীয়ে চাৰিজন ক্ৰমে ধৰ্মেন্দৰ শৰ্মা, ৰাহুল পেটেল, অশোক সাহ আৰু গৌৰৱ পটেল নামৰ পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনক সোধ পোছৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে৷

৫ হাজাৰ মাক্স বিতৰণ গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈৰ

দৈনন্দিন বাৰ্তা , গেলেকী

কমলাবাৰী বনভোজস্থলীৰ মুখ্য পৃষ্ঠপোষক গেলেকীৰ সমাজকৰ্মী নিৰণ গগৈয়ে দিন হাজিৰা কৰি পৰিয়াল চলোৱা প্ৰায় পাঁচ হাজাৰ ব্যক্তিক একোটাকৈ মাক্স প্ৰদান কৰে। মুদিনগৰ, গেলেকী আৰু শিৱবাৰী চাহ বাগিচা এলেকাত থকা স্বত্বেও বাগিচাৰ বাহিৰলৈ  দৈনিক মজুৰিৰ বাবে ওলাই যোৱা শ্ৰমিকসকলক আটছাৰ বিষয়ববীয়াৰ সহযোগত নিৰ্বাচন কৰি মাক্স বিতৰণ কৰাৰ লগতে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ পৰা বাচি থকাৰ উপায় সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। গাঁওবুঢ়া আৰু আশাকৰ্মীৰ যোগেদি নিৰ্বাচন কৰা গ্ৰামাঞ্চলৰ দুখীয়া জনসাধাৰণক গেলেকীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত সামাজিক দূৰত্ব আৰু অন্যান্য সাৱধানতাৰ মাজেৰে আয়োজিত এখন সজাগতা সভাত মাক্সসমূহ বিতৰণ কৰে। কোভিদ-১৯ ৰ লগতে গেলেকী অঞ্চলৰ ভিন্ন প্ৰান্তত থকা যক্ষ্মাৰোগীসকলৰ পৰাও ৰোগ বিয়পাত মাক্সৰ যোগেদি বহুপৰিমাণে হ্ৰাস কৰিব পাৰিব বুলি নিৰণ গগৈয়ে আশাপ্ৰকাশ কৰে। উল্লেখ্য যে লকডাউনৰ ফলত সমস্যাত পৰা প্ৰায় তিনিশ দৰিদ্ৰ পৰিয়ালক ব’হাগ বিহুৰ প্ৰাকক্ষণত খাদ্য-সামগ্ৰীৰ টোপোলা নিৰণ গগৈয়ে বিতৰণ কৰিছিল।

বেচৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক আৰোগ্য সেতু এপ

অনলাইন বাৰ্তা, ২ মে’ঃ তৃতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ লগে লগে চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ কাৰণে আৰোগ্য সেতু এপ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ চৰকাৰী কৰ্মচাৰীৰ কাৰণে আগেয়ে এই এপ বাধ্যতামূলক কৰা হৈছিল৷ এইবাৰ বেচৰকাৰী কৰ্মচাৰীৰ কাৰণেও এপটো বাধ্যতামূলক কৰা হ’ল৷ সকলো কৰ্মচাৰীয়ে এই এপ ব্যৱহাৰ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ’ব বুলিও জনাইছে৷ ক’ভিড-১৯ কনটেনমেণ্ট জ’নত যে সকলো মানুহ আছে তাৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে৷ যাতে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ দিব পাৰি৷ কনটেনমেণ্ট এলেকাৰ আৰোগ্য সেতু এপৰ ১০০ শতাংশ কভাৰেজ স্থানীয় প্ৰশাসনে নিশ্চিত কৰা হ’ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ ক’ৰ’ণা আক্ৰান্তৰ ওপৰত নজৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ কৰে৷ আৰোগ্য সেতু এপ৷ ব্লুটুথ আৰু জিপাএছৰ জৰিয়তে এপ ব্যৱহাৰকাৰীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হয়৷ এন্ড্ৰয়ড ফোনৰ গুগুল প্লে ষ্ট’ৰ আৰু আই ফোনত এপল ষ্ট’ৰলৈ গৈ Aarogya Setu লিখি চাৰ্চ কৰিলেই এপটো ডাউনলড কৰিব পৰা যাব৷

মৃত্যুৰ প্ৰচাৰ মিছা প্ৰমাণিত উত্তৰ কোৰিয়াত সাৰ কাৰখানা উদ্বোধন ৰাষ্ট্ৰপতি কিম জং উনৰ

অনলাইন বাৰ্তা, ২ মে’ঃ কিছুদিন ধৰি স্বাস্থ্য লৈ চৰ্চা অব্যাহত থকা উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ মৃত্যু খবৰ মিছা বুলি প্ৰমাণিত হৈছে৷ উল্লেখ্য যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ অৱস্থা গুৰুতৰ বা মৃত্যু হৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল৷ আনহাতে ছ’চিয়েল মিডিয়াতো মৃত্যুৰ ছবি প্ৰকাশ কৰি ব্যাপক ভাইৰেল কৰিছিল৷ কিন্তু অত দিনে কোৰিয়াৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ ফলত কিমক লৈ চৰ্চা বেছি হ’বলৈ ধৰে৷ ইপিনে, শুকুৰবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-ই দাবী কৰে, মে’ দিৱস উপলক্ষে ৰাজধানী পিয়ংইয়ঙৰ কাষৰ ছানছনলৈ গৈছিল কিম৷ তাতে এটা সাৰ কাৰখানা কিমে উদ্বোধন কৰে৷ উদ্বোধনৰ সময়ত কিমে ফিতাও কাটে৷ এই ভ্ৰমণত কিমৰ সৈতে আছিল বোন কিম ইয়ো জং আৰু দেশৰ শীৰ্ষ বিষয়াসকল৷ কেএনচিত প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে এই উদ্বোধনী অনুষ্ঠানত বহু লোক সমবেত হৈছিল৷ তাতে তেওঁক অভিবাদন জনায়৷ ইয়াৰ পাছতে কিমে কাৰখানাটো পৰিদৰ্শন কৰে৷ দেশত এনে এটা কাৰখানা স্থাপন হোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে বুলি কেচিএনএ-ৰ বাতৰিত প্ৰকাশ৷