চাপৰত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত সা-সামগ্ৰী বিতৰণ । ALIMCO
চাপৰ, ৬ ফেব্ৰুৱাৰীঃ বিলাসীপাৰা সম জিলাৰ চাপৰত এলিমকোৰৰ (ALIMCO) উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলৰ সহায়ৰ উদ্দেশ্যে এখন বিশেষ কেম্প অনুষ্ঠিত হৈছিল। যোৱা ১ অক্টোবৰ অনুষ্ঠিত এই কেম্পত ২৭২ জন বিশেষভাৱে সক্ষম লোক উপস্থিত থাকে। তাৰে পৰা ২২৬ জনৰ বাবে কাণৰ মিছিন, ট্ৰাইচাইকেল, লাখটি, হুইল চিয়াৰ, মটৰ থকা চাইকেল আদিসহ বিভিন্ন সা-সামগ্ৰী নিৰ্বাচিত কৰা হয়।
চৰকাৰৰ অনুমতিক্ৰমে, এই সামগ্ৰীসমূহ চাপৰ শালকোচা শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ৪ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ১৮৪ জন বিশেষভাৱে সক্ষম লোকৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। বাকী থকা সামগ্ৰীসমূহ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিতৰণ শেষ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।
বিষয়াগৰাকীয়ে নিজ হাতেৰে সামগ্ৰীসমূহ বিতৰণ কৰি বিশেষভাৱে সক্ষম লোকসকলৰ সহায় কৰিবলৈ পোৱাৰ সুযোগত আনন্দিত হোৱা কথা প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে, চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত অধিক লোকৰ সহায়ৰ বাবে পৰৱৰ্তী সময়তো এলিমকোৰৰ সহযোগত এই ধৰণৰ পদক্ষেপ হাতত লোৱা হ’ব।
এই বিনামূলীয়া সহায়ৰ বাবে বিশেষভাৱে সক্ষম লোকসকল লগতে বিলাসীপাৰা সমজিলা ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচ’ছিয়েশ্যনৰ পক্ষৰ পৰা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। এই পদক্ষেপে বিশেষভাৱে সক্ষম লোকসকলৰ জীৱনমান উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
মৈৰাবাৰী, ৬ ফেব্ৰুৱাৰী, ২০২৫ঃ Gunotsav । মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চহৰীয়া গাওঁ আদৰ্শ হাইস্কুলত আৰু মৈৰাবাৰী ৰিফিউজি এল পি স্কুলত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনা সুন্দৰ পৰিবেশত সফলতাৰে অনুষ্ঠিত হয়।
চহৰীয়া গাওঁ আদৰ্শ হাইস্কুলত অনুষ্ঠিত এই গুণোৎসৱত বিদ্যালয়ৰ অনুশীলন আৰু প্ৰাতঃসভার প্ৰাৰ্থনাই বহী: নিৰীক্ষণসকল, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষণ কৰে। এই কাৰ্যসূচীত বহী: নিৰীক্ষণ হিচাপে মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিপুল বৰা আৰু কটহগুৰী কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক মতিবুৰ ৰহমান মুকুট উপস্থিত থাকে।
নিৰীক্ষণ দলৰ সদস্যসকলে বিদ্যালয়সমূহৰ গুণোৎসৱৰ প্ৰস্তুতি শলাগি শিক্ষা বিভাগৰ এই পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁলোকে মন্তব্য কৰে যে, এই গুণোৎসৱৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক আৰু ব্যৱহাৰিক ক্ষেত্ৰত উন্নতি সাধন কৰিব।
ইফালে, মৈৰাবাৰী ৰিফিউজি এল পি স্কুলত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীও সুকলমে সম্পন্ন হয়। এই বিদ্যালয়ত বহী: নিৰীক্ষণ হিচাপে ধিঙ কে বি স্কুলৰ বিষয় শিক্ষক নিৰুপম হাজৰিকা উপস্থিত থাকে।
উভয় বিদ্যালয়ৰ গুণোৎসৱ অনুষ্ঠানত স্থানীয় অধিবাসী আৰু অভিভাৱকসকলে উপস্থিত থাকি এই প্ৰক্ৰিয়াত সহযোগিতাৰ হাত আগবঢ়ায়। গুণোৎসৱৰ এই ধৰণৰ পদক্ষেপে শিক্ষাৰ মান উন্নীত কৰিবলৈ উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি সকলে আশা প্ৰকাশ কৰে।