Home Blog Page 358

Hairfall: কি ভিটামিনৰ অভাৱত চুলি সৰে ?

Hairfall: কি ভিটামিনৰ অভাৱত চুলি সৰে ?
Hairfall: কি ভিটামিনৰ অভাৱত চুলি সৰে ?

শৰীৰত ভিটামিনৰ অভাৱৰ বাবে বহুতো লক্ষণ দেখা যায়। এই লক্ষণবোৰক আওকাণ কৰা উচিত নহয়। ভিটামিনৰ অভাৱ চুলি সৰা আঁৰৰ কাৰণ হ’ব পাৰে। কি ভিটামিনৰ অভাৱত চুলি সৰে জানো আহক। (Hairfall)

ভিটামিন ডি আৰু ভিটামিন বি ১২ৰ অভাৱত চুলি সৰিব পাৰে। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ ৰ’দত বহি দুগ্ধজাত সামগ্ৰী আৰু কণী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

জিংকৰ অভাৱত চুলি সৰে। শৰীৰত জিংকৰ পৰিমাণ কমি গ’লে চুলিৰ গুৰিবোৰ দুৰ্বল হৈ পৰে, যাৰ বাবে চুলি সৰা বাঢ়ি যায়।

চুলি ঘন কৰিবলৈ খাদ্যত ভিটামিন ডি, ভিটামিন বি ১২, ভিটামিন ই, আইৰণ, বায়টিন আৰু জিংক অন্তৰ্ভুক্ত কৰিব লাগে।

ভিটামিন ইৰ অভাৱৰ বাবেও চুলি সৰে। ভিটামিন ইৰ অভাৱৰ বাবে চুলিৰ গুৰি দুৰ্বল হৈ পৰে, যাৰ বাবে চুলি সৰা বাঢ়ি যায়।

চুলি সৰা ৰোধ কৰিবলৈ খাদ্যত ভিটামিন চি, ভিটামিন বি, আইৰণ, জিংক আদি অন্তৰ্ভুক্ত কৰিব লাগে। দৈনিক ৮ৰ পৰা ৯ গিলাচ পানী খাব লাগে। চুলিৰ মাজেৰে লাহে লাহে ব্ৰাছ কৰক। মানসিক চাপৰ পৰা আঁতৰি থাকক।

Sankardeva Sangha Jorhat: আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

Sankardeva Sangha Jorhat: আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন
Sankardeva Sangha Jorhat: আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন

আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন।(Sankardeva Sangha Jorhat) চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শংকৰদেৱ সংঘৰ অধিৱেশন। যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ভকত বৈষ্ণৱৰ সমাগম হৈছে যোৰহাটত।

কোনো যদি গাড়ীত আহিছে, কোনোজন আহিছে চাইকেল অথবা খোজকাঢ়ি। তাৰে এগৰকী পদযাত্ৰা কৰি আহিছে লালুকৰ পৰা। সম্পূৰ্ণ ন দিন ধৰি পদযাত্ৰা কৰি এই বিশেষ ভক্ত গৰাকী বুধবাৰে উপস্থিত হয় যোৰহাটৰ অধিৱেশনস্থলীত।


শ্ৰীমন্ত শংকৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতিম ভাগৱতীৰ পদ্য গ্ৰন্থ উন্মোচন । Srimanta Shankar Academy

শ্ৰীমন্ত শংকৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতিম ভাগৱতীৰ পদ্য গ্ৰন্থ উন্মোচন । Srimanta Shankar Academy
শ্ৰীমন্ত শংকৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতিম ভাগৱতীৰ পদ্য গ্ৰন্থ উন্মোচন । Srimanta Shankar Academy

গুৱাহাটী,৫ফেব্ৰুৱাৰী,২০২৫: Srimanta Shankar Academyগুৱাহাটীৰ দিছপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্য প্ৰতিম ভাগৱতীৰ”Little Verse “নামৰ প্ৰথম পদ্যৰ গ্ৰন্থ এখন আজি উন্মোচন কৰে বিদ্যালয়খনৰ অধ্যক্ষা ড০গীতা দত্ত বৰুৱাই। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত এই গ্ৰন্থখন উন্মোচনৰ সময়ত বিদ্যালয়খনৰ উপাধ্যক্ষকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকল উপস্থিত থাকে।

ইংৰাজী, হিন্দী আৰু মাতৃ ভাষা অসমীয়াত লিখা এই পদ্য গ্ৰন্থখনত দিব্য প্ৰতিমৰ মুঠ৪৭টা পদ্য সংযোজন কৰা হৈছে। গ্ৰন্থখন গুৱাহাটীৰ পানবজাৰৰ অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে ।

উন্মোচন অনুষ্ঠানত অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই দিব্য প্ৰতিমক অভিনন্দন জনাই কয়, “এতিয়া এতিয়া ছাত্ৰৰ এনে সৃষ্টিশীল প্ৰয়াসই নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব।”

গ্ৰন্থখনৰ সৃষ্টি আৰু উন্মোচনে বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধিত সহায় কৰিছে আৰু এতিয়া সমগ্ৰ গুৱাহাটীতো চর্চাৰ বিষয় হৈ পৰিছে। বিদ্যালয় পৰিয়ালে ছাত্ৰগৰাকীৰ সাফল্যক উচ্চ প্ৰশংসা জনাই ভবিষ্যতত ছাত্ৰৰ অধিক সফলতাৰ কামনা কৰিছে। এই সৃষ্টিশীল প্ৰচেষ্টা শিশুসাহিত্যৰ নতুন দিশ মুকলি কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।

উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair

উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair
উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair

উৰিয়ামঘাট, ৯ মাৰ্চ ২০২৫: Book Fair । গ্ৰন্থপ্ৰেমীসকলৰ বাবে এক সুখবৰ! উৰিয়ামঘাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পঞ্চদিনীয়া গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। এই ঐতিহাসিক কাৰ্যসূচী ৯ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব।

উৎসৱৰ বিশেষত্ব হৈছে গ্ৰন্থমেলা আৰু সাহিত্যিক অনুষ্ঠানসমূহৰ মাজেৰে উৰিয়ামঘাটবাসীৰ সাহিত্যিক চেতনাক আৰু উন্নত কৰি তোলাৰ এক প্ৰয়াস। মেলা উপলক্ষে সাহিত্য প্ৰতিযোগিতা, সাহিত্য বিষয়ক আলোচনা, আৰু মুকলি সভাৰ আয়োজন কৰা হ’ব। উল্লেখযোগ্যভাৱে, এই মুকলি সভাত অঞ্চলটোৰ বিশিষ্ট সাহিত্যিক আৰু লেখকসকলৰ উপস্থিতি আশা কৰা হৈছে।

উৎসৱৰ সফল বাস্তৱায়নৰ বাবে প্ৰদীপ স্বৰ্গীয়াৰীক সভাপতি আৰু প্ৰতাপ গগৈক সম্পাদক হিচাপে লৈ এখনি সমিতি গঠন কৰা হৈছে। সমিতিখনে উৎসৱটোক সাফল্যমণ্ডিত কৰিবলৈ অঞ্চলৰ সকলো সচেতন নাগৰিকৰ সহযোগিতা বিচাৰিছে।

ইয়াৰ লগতে মেলাখনত দেশ-বিদেশৰ বহু প্ৰকাশন সংস্থাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। মেলাখনত নতুন-প্ৰাচীন গ্ৰন্থৰ বিক্ৰী, আলোচনা অনুষ্ঠান, আৰু সৃষ্টিশীল লেখকসকলৰ লগত মতবিনিময়ৰ সুযোগ পাব।

সাহিত্য আৰু গ্ৰন্থপ্ৰেমৰ প্ৰতি উৰিয়ামঘাটবাসীৰ এই নতুন প্ৰয়াসে অঞ্চলটোক এটা নতুন উচ্চতালৈ নিয়াৰ আশা সৃষ্টি কৰিছে। সকলো সাহিত্যপ্ৰেমীক এই মহৎ উদ্যোগত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে… । Narendra Modi

হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে... । Narendra Modi
হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে... । Narendra Modi

৫ ফ্ৰেব্ৰুৱাৰী,২০২৫ঃNarendra Modi। প্ৰয়াগৰাজ, ১৪৪ বছৰ পিছত অনুষ্ঠিত মহাকুম্ভৰ ২৪তম দিনটোত বিশেষ এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে পবিত্ৰ ত্ৰিবেণী সঙ্গমত উপস্থিত ।


পূৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানেৰে প্ৰয়াগৰাজ বিমানবন্দৰলৈ আগমন। তাৰ পৰা তেওঁ হেলিকপ্টাৰে আৰেইলৰ দিল্লী পাব্লিক স্কুলৰ হেলিপেডত অৱতৰণ কৰি জলপথৰ মাধ্যমেৰে সঙ্গমস্থলত উপস্থিত ।

প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত বিশেষ ভি ভি আই পি ঘাটত পবিত্ৰ স্নানত অংশ ল’লে। ত্ৰিবেণী সঙ্গমত স্নান কৰি দেশবাসীৰ সুখ, সমৃদ্ধি, আৰু কল্যাণৰ বাবে পূজা-অৰ্চনা কৰাৰ কাৰ্যসূচী নিৰ্ধাৰিত হৈছে।

স্নানৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভত উপস্থিত কিছু বিশিষ্ট সাধু-সন্তৰ সৈতে সাক্ষাৎ । এই সাক্ষাৎ সাধু-সন্ন্যাসীৰ দীৰ্ঘ আধ্যাত্মিক ঐতিহ্যক আকৰ্ষণ কৰি দেশৰ আধ্যাত্মিক একতাৰ প্ৰতীক হিচাপে উল্লেখযোগ্য।


মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ এই ভুমিকা আৰু উপস্থিতিয়ে মহতীয়াকুম্ভৰ আধ্যাত্মিক মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বক অধিক প্ৰাসংগিক কৰি তোলে।

হৰ হৰ গঙ্গে!

Best No-deposit Local casino Bonuses 2024 » Totally free Dollars & Free Revolves

The on-line casino extra codes provide an educated advertisements inside the us. You need to go after the terms and conditions for the letter, even if, when you are to ensure your online local casino sense is just as enjoyable that you could.

‘অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ’ব’- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara

'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara
'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara

গুৱাহাটী, ৪ফেব্ৰুৱাৰী: Bimal Bara । ‘আমাৰ ৰাজ্যখনত বহু প্ৰত্যাহ্বান আছে যদিও আমি অসমক এক আগশাৰীৰ কৃষিজাত সামগ্রী ৰপ্তানীকাৰী ৰাজ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো আৰু অচিৰেই আমি এই লক্ষ্যত উপনীত হ’ম’-আজি গুৱাহাটীৰ এখন হোটেলত অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ কৃষি আৰু সংসাধিত খাদ্য সামগ্রী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।


অসমক এখন কৃষি প্ৰধান ৰাজ্য বুলি উল্লেখ কৰি উদ্যোগ মন্ত্ৰী বড়াই সম্প্ৰতি অসমত গঢ় লৈ উঠা অনুকূল পৰিবেশ আৰু অসমৰ ভৌগলিক অৱস্থানে ৰাজ্য খনক দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ বাবে বিশ্ব মানৰ কৃষিজাত দ্ৰব্য ৰপ্তানিকৰা এক বজাৰত পৰিণত কৰাৰ পূর্ণ সম্ভাৱনাক বাস্তবায়িত কৰাৰ দিশত চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি ভাষণত উল্লেখ কৰে।
শেহতীয়া ভাৱে ১৬মেট্ৰিক টন প্ৰাকৃতিক মৌ আৰু ২৬ মেট্ৰিক টন আদা অসমৰ পৰা ডুবাইলৈ ৰপ্তানি কৰাটো এক ইতিবাচক দিশ বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কেচা খাদ্য সামগ্রী ৰপ্তানি কৰাৰ সলনি সম্প্ৰতি সংসাধিত খাদ্য সামগ্রী ৰপ্তানিত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও কয়।
এপেডাৰ সহযোগত কৃষক সকলে এই দিশত প্ৰশিক্ষণ লাভ কৰি উপকৃত হোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী বড়াই লগতে কয় যে খাদ্য দ্ৰব্য নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা পাবলৈ শীতলীকৃত যতন, পেকেজিঙৰ সুবিধা, অত্যাধুনিক ৰপ্তানি কৰণ ব্যৱস্থা আগবঢ়াই আমাৰ কৃষকৰ উৎপাদিত সামগ্রীয়ে আন্ত:ৰাষ্ট্ৰীয় বজাৰ লাভ কৰাত এপেডাৰ সাহায্যৰ কথা প্ৰসংগ ক্ৰমে উনুকীয়ায়।

 অসমত পোন প্ৰথমবাৰৰ বাবে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ দ্বাৰা নলবাৰীত ৰূপায়িত হৈ থকা গ্ৰীণ ফিল্ড প্ৰকল্পত উৎপাদিত হ'ব লগীয়া চিপচ্ ৰ বাবে প্ৰয়োজনীয় আলু অসমতে উৎপাদন কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী বড়াই জাগিৰোডত  নিৰ্মাণ হ'ব লগা লজিষ্টিক পাৰ্ক খনে ৰপ্তানি কাৰী সকলক পৰিবহনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সা সুবিধা আগবঢ়া বুলিও ভাষণ প্ৰসংগত কয়। সন্মিলনত উপস্থিত দেশী বিদেশী  ক্ৰেতা-বিক্ৰেতা সকলক অসমৰ প্ৰচুৰ সম্ঙাৱনাপূৰ্ণ কৃষিজাত সামগ্রীৰ বজাৰ খনক বিশ্ব মুখী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবেও মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য যে অসমৰ কৃষিজাত সামগ্রীৰ লগতে সংসাধিত খাদ্য সামগ্রী সমূহক আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা,  এই  সামগ্রীৰ ক্ৰয় আৰু বিক্ৰয ব্যৱস্থা সৰলী কৃত কৰা, আন্ত:ৰাষ্ট্ৰীয় ক্ৰেতা সকলক অসমৰ কৃষিজাত সামগ্রীৰ বজাৰ খনৰ বিষয়ে অৱগত কৰণৰ বাবে অসম চৰকাৰৰ সহযোগত  এপেডাই এই  আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনখন আৰু কৃষিজাত তথা উদ্যান শস্যৰ প্ৰদৰ্শনী খনৰ আয়োজন কৰে।

  আজিৰ সন্মিলনখনত এপেডাৰ বিষয়া সকলৰ লগতে ৰাজ্য চৰকাৰৰ  তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত -সচিব অৰুণা ৰাজৰিয়া, জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তালকে ধৰি কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ লগতে দেশ বিদেশৰ ভালে সংখ্যক ক্ৰেতা- বিক্রেতাই অংশ গ্ৰহণ কৰে।

Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে, জানেনে ?

Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে
Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে

মুঠ ১৩টা ভিটামিন আছে। আমাৰ শৰীৰৰ বিকাশৰ বাবে ভিটামিন অতি প্ৰয়োজনীয়।(Vitamin) কিছুমান ভিটামিনৰ অভাৱত শৰীৰত বেয়া প্ৰভাৱ পৰে। মুখৰ দুৰ্গন্ধৰ আঁৰৰ কাৰণ হ’ব পাৰে ভিটামিনৰ অভাৱ। কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ হয় জানেনে। আজি আমি আপোনালোকক জনাম কি ভিটামিনৰ অভাৱত কি হয় ?

শৰীৰত ভিটামিনৰ অভাৱৰ বাবে বহুতো লক্ষণে দেখা যায়। এই লক্ষণবোৰক আওকাণ কৰা উচিত নহয়। বেছিভাগ মানুহেই মুখৰ দুৰ্গন্ধত অসুবিধাৰ সন্মুখীন হয়। দাঁত ব্ৰাছ কৰাৰ পিছতো প্ৰায়ে মুখৰ গোন্ধ ওলায়। মুখৰ দুৰ্গন্ধৰ বহু কাৰণ থাকিব পাৰে। ভিটামিনৰ অভাৱৰ বাবেও মুখৰ দুৰ্গন্ধ ওলায়।

কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ হয় জানেনে?
ভিটামিন বি ১২ আৰু ভিটামিন চিৰ অভাৱত দুৰ্গন্ধৰ সৃষ্টি হয়। ভিটামিন চিৰ অভাৱ দূৰ কৰিবলৈ অমিতা, কমলা আৰু ষ্ট্ৰবেৰী খাদ্যত অন্তৰ্ভুক্ত কৰক। ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, কণী আৰু ছালমন মাছ খাব লাগে।

কোনটো ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়?
ভিটামিন চিৰ অভাৱত দাঁতৰ আঁঠুত ৰক্তক্ষৰণ হয়। ভিটামিন চিৰ অভাৱৰ বাবে আঁঠুৰ ফুলা আৰু সংক্ৰমণৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱত ওঁঠ ফাটে?
B12 আৰু B6 ৰ অভাৱত ওঁঠ ফাটে। ভিটামিনৰ বাহিৰেও কেতিয়াবা আইৰণ, জিংক আৰু ওমেগা ৩ৰ অভাৱত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁত হালধীয়া হয়?
ভিটামিন বি ১২ আৰু ভিটামিন ডিৰ অভাৱৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে। দাঁতৰ যত্ন ল’বলৈ খাদ্য তালিকাত ভিটামিন বি ১২ আৰু ভিটামিন ডি অন্তৰ্ভুক্ত কৰিব লাগে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ এটা গঠন হয়?
ভিটামিন এ আৰু ভিটামিন ডিৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ এটা গঠন হয়। এই হালধীয়া তৰপটোৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে আৰু মুখৰ পৰাও বেয়া গোন্ধ আহে। ভিটামিন এৰ অভাৱ দূৰ কৰিবলৈ মিঠা আলু, বিলাহী, ৰঙালাও, পালেং আৰু অমিতা খাব লাগে।

Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !

Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !
Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !

টেঙাখাত আৰক্ষীৰ সাফল্য৷ খেদি খেদি এখন বিলাসী বাহনসহ দুটা গৰু চোৰক আটক৷(Cow Thieves) বিভিন্ন সময়ত টেঙাখাতৰ বহুতো অঞ্চলত গৰু চুৰ হৈ থকা সমান্তৰাল ভাৱে সোমবাৰে নিশা টেঙাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এখন AS 06 AB 0857 নম্বৰ বিলাসী বাহন এজনী গাই গৰুসহ দুজন গৰু চোৰ আটক কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে চোৰে আৰক্ষী গাড়ীখন খুন্দা মাৰি পলাবলৈ চেষ্টা কৰিছিল যদিও পাছত খেদি খেদি আৰক্ষীয়ে চোৰ কেইটা ধৰিবলৈ সক্ষম হয়৷


আৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰকেইটা চাউলখোৱা আলিফ খান (৩২) S/o বাবুলু খান, আজাদ আলি (২৫) S/o আজ মহম্মদ আলি৷ ইয়াৰ পিছতে আৰক্ষীয়ে 12/25 U/S 61(2) 303(2) BNS, R/W Sec 11(1) a নম্বৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে৷

World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস

World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস
World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বিভিন্ন জিলাত কেঞ্চাৰ কেন্দ্ৰৰ অন্যতম দৰং কেঞ্চাৰ কেন্দ্ৰ। এই কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত মঙ্গলবাৰে দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰে।(World Cancer Day)

ৰাতিপুৱা প্ৰায় ৯.৩০ মান বজাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ পৰাৰ বিশ্ব কৰ্কট দিৱস উপলক্ষে এক ৰেলী উলিয়াই। বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি উলিওৱা কেঞ্চাৰ সজাগতামূলক ৰেলী উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াই। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ গ্ৰহন কৰি থকা নাৰ্চ সকলে অংশগ্ৰহন কৰে। কেঞ্চাৰ ৰোগৰ সাৱধানতা আৰু সজাগতামূলক শ্ল’গান হাতে হাতে লৈ অংশগ্ৰহন কৰে আৰু শ্ল’গান সমূহ ধুমপান কৰক বৰ্জন, স্বাস্থ্য হৈছে সৰ্বোত্তম ধন,নিচাক নাকচ কৰা জীৱনক আকোঁৱালি লোৱা, সজাগ হওঁক কৰ্কট ৰোগৰ বিৰোদ্ধে যুঁজক, লাজ নকৰি সচেতন হওক প্ৰাথমিক চিনাক্তৰ বাবে আগুৱাই আহক, মঙলদৈ চহৰৰ মাজেৰে উলিওৱা ৰেলীত‌ প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে। অনুষ্ঠানৰ আঁত ধৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই ।