Home Blog Page 43

তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ

আইনা ত’ চাফ হ্যে,আপ চেহৰা চাফ কিজিয়ে অৰ্থাৎ আইনাতো পৰিস্কাৰ হৈ আছে,আপুনি চেহেৰা পৰিস্কাৰ কৰক৷তেজপুৰ বিশ্ব বিদ্যালয়ত কালি সন্ধ্যা এইদৰেই উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ সমাজে৷উল্লেখযোগ্য যে,যোৱা ২২ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত বিশ্ববিদ্যালয় চৌহদত ধাৰাবাহিক ভাবে অব্যাহত আছে আন্দোলনৰ কাৰ্যসূচী৷দৈনিক শ্ৰেণী সমূহ সম্পন্ন হোৱাৰ পিচত সন্ধিয়া ছাত্ৰ সমাজে ন্যায় বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাটো সম্প্ৰতি এক ৰুটিনত পৰিণত হৈছে৷উপাচাৰ্য শম্ভুনাথ সিঙৰ বিপৰীতে বিশ্ববিদ্যালয় চৌহদত ওলমিছে ছেম্ভুনাথ শীৰ্ষক পোষ্টাৰ৷উল্লেখযোগ্য যে,বিশ্ববিদ্যালয়খনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰসমাজে ৰূপায়ণ কৰা দৰ্পণ সত্যাগ্ৰহ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত কোৱা হৈছে যে,যেতিয়া দুৰ্নীতিয়ে নিজকে চাবলৈ অস্বীকাৰ কৰিছে তেনে সময়তে আমি সত্যৰ আইনাখন ডাঙি ধৰিছোঁ৷উল্লেখযোগ্য যে বগা পোচাক পৰিধান কৰি এই প্ৰতিকী আন্দোলনত অংশগ্ৰহণ কৰি ছাত্ৰ সমাজে লগতে কয় যে নিৰ্ভেজাল, শান্তি আৰু ঐক্যতাৰ প্ৰতীক হিচাপে সকলোৱে বগা পোচাক পৰিধান কৰি ৰূপায়ণ কৰে এই দৰ্পণ সত্যাগ্ৰহ কাৰ্যসূচীৰ৷হাতে হাতে আইনা লৈ প্ৰতিবাদকাৰী সকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত সংঘটিত হৈ থকা সকলো অনিয়ম প্ৰতিফলিত কৰা এই আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ ছাত্ৰ সমাজে কয় যে,আইনাৰ প্ৰতিফলন চাবলৈ দুৰ্নীতি অনিয়মৰে জড়িত সকলে ভয় কৰে৷গীত,যন্ত্ৰসংগীত,বক্তৃতা,কবিতা আৰু শায়েৰীৰে কৰা এই প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে প্ৰশাসনিক ভাবে সংঘটিত অনিয়মৰ বিৰুদ্ধে সকলো সোচ্চাৰ হৈ উঠে৷

উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং যোৱা ২৩ছেপ্টেমবৰৰ পৰা বিশ্ববিদ্যালয়ত অনুপস্থিত৷আনহাতে তেওঁ বিশ্ববিদ্যালয়খনত উপাচাৰ্য হিচাপে যোগাদানৰ আঢ়ৈ বছৰতে ৩৮৮দিন বাহিৰত থকা উপাচাৰ্য সিঙৰ বৰ্তমানৰ অনুপস্থিতি তথা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হৈছে য’দিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃত্বশীল কৰ্তৃপক্ষই৷বিশ্ববিদ্যালয়খনত অব্যাহত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ তথা পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা বিগত এমাহৰ অধিক কাল গ্ৰহণ নকৰাটোৱে ইয়াৰ আঁৰত উপাচাৰ্য সিঙে সততে তেওঁৰ ৰাজনৈতিক যোগসূত্ৰৰ বিষয়ে জাহিৰ কৰি অহা বিষয়টোৱেও ক্ৰিয়া কৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷উল্লেখযোগ্য যে,একমাত্ৰ ৰাজনৈতিক কাৰণতে শম্ভুনাথ সিঙক তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া বুলি চৰ্চিত হৈ অহাৰ লগতে তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা বুলি অভিযোগ উঠা বহু দুৰ্নীতি অনিয়মৰ অভিযোগৰ বিৰুদ্ধে প্ৰকৃততে চিবিআই ৰ তদন্ত হ’ব লাগে বুলিও চৰ্চিত হৈছে৷কিন্তু এই এমাহে এইদৰে আন্দোলন চলি থকা সত্বেও দেশৰ গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰটোকলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াকলৈ বিভিন্ন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে৷আনহাতে,যুগস্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শনৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনে প্ৰদৰ্শন কৰা উপেক্ষাৰ বিৰুদ্ধে প্ৰথমে ছাত্ৰসমাজ জাঙুৰ খাই উঠাৰ পিচত এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনে কৰা তদন্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এই প্ৰতিবেদনত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনৰ খেলিমেলিৰ বিষয়েও উল্লেখ কৰা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

কলিয়াবৰত পুঁজি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী, তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ

কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. ইও ষ্টেডিয়ামত অনুষ্ঠিত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ২২টা গাঁও পঞ্চায়তৰ প্ৰায় তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ অনুষ্ঠানত ভাষণ দি অসমৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে পুনৰ অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয় – চাৰি লাখ আত্মসহায়ক গোটৰ চল্লিশ লাখ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ সমাজ আৰু দেশক অৰ্থনৈতিকভাৱে আগ বঢ়াই নিব পাৰে। যোৰহাটৰ এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনি কোটি মহিলাক লাখপতি কৰি তোলা হ’ব বুলি কৰা এক ঘোষণাক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি অসমতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে।
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত পুঁজি ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়েও মহিলাসকলক অৱগত কৰে।


মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ’ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শর্মাই মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা বিধানসভা সমষ্টিৰ সৰ্বমুঠ প্ৰায় তেত্ৰিশ হাজাৰ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কলিয়াবৰ সমষ্টিৰ হিতাধিকাৰীসকলক আজি এই সভাতেই ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ ব্যৱস্থা কৰা হয়। সভাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ শক্তিশালী পদক্ষেপৰ বাবে অসমত যোৱা সময়ছোৱাত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কলিয়াবৰতো পূৰ্বে কোনো কালে নোহোৱা পৰিৱৰ্তন কলিয়াবৰৰ ঘৰে-ঘৰে দেখা পোৱা গৈছে। এতিয়া কলিয়াবৰত ঘৰে-ঘৰে হিমন্ত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

Dr. Waliul Islam: অৱশেষত জামিন মঞ্জুৰ ডাঃ ৱালিউল ইছলামৰ

Dr. Waliul Islam: অৱশেষত জামিন মঞ্জুৰ ডাঃ ৱালিউল ইছলামৰ
Dr. Waliul Islam: অৱশেষত জামিন মঞ্জুৰ ডাঃ ৱালিউল ইছলামৰ

অৱশেষত জামিন মঞ্জুৰ ডাঃ ৱালিউল ইছলামৰ।(Dr. Waliul Islam)

তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অপৰাধত কাৰাবন্দী হৈ আছিল ডাঃ ৱালিউল ইছলাম।

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন।

বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী ডাঃ সংগীতা দত্তই।

২০২৩ চনৰ ৫ মে’ত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী।

অৱশেষত জামিন লাভ চিকিৎসক ৱালিউল ইছলামৰ । ২০২৩ চনৰ মে মাহত শিশু নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকজন।

বৰ্তমানেও জামিন লাভ কৰা নাই পত্নী সংগীতা দত্ত।

Priyank Kharge: কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধীঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধীঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধীঃ মুখ্যমন্ত্ৰী

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ (Priyank Kharge) বিষয়ে প্ৰিয়াঙ্ক খাৰ্গেৰ বিৰ্কিত মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ খাৰ্গে পৰিয়ালটো অসম বিৰোধী বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াঙ্ক খাৰ্গেই জাগীৰোডত নিৰ্মাণত ছেমীকণ্ডাক্টৰ উদ্যোগ অসমৰ পাৰিপাৰ্শ্বিক অৱস্থা সৈতে খাপ নাখায় বুলি কৰা বিৰূপ মন্তব্যই ইতিমধ্যে ৰাজ্যৰ ভিন্ন মহলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, এই উদ্যোগটোৰ বাবে পোন্ধৰ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ বিষয়ে দিয়া নাভূত-নাশ্ৰুত মন্তব্যৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কলিয়াবৰত আজি অনুষ্ঠিত সবল মহিলা, সবল সমাজ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ২৪ সংখ্যক পুঁজি প্ৰদান অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপৰ সময়ত প্ৰিয়াঙ্ক খাৰ্গেৰ মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ-

Veer Lachit Sena office: বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড !

Veer Lachit Sena office: বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড !
Veer Lachit Sena office: বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড !

নলবাৰীত উত্তেজনাময় পৰিস্থিতি।(Veer Lachit Sena office)

বীৰ লাচিত সেনাৰ বেনাৰ-পোষ্টাৰ ফালি তহিলং কৰিলে।

লণ্ডভণ্ড হ’ল বীৰ লাচিত সেনাৰ কাৰ্যালয়।

বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড কৰিলে বজৰং দলে।

নলবাৰী এল.এন.বি ৰোডত বীৰ লাচিত সেনাৰ বেনাৰ পোষ্টাৰ ফালি কাৰ্যলয় লণ্ডভণ্ড কৰিলে বজৰংগ দলে।

লাচিতৰ নাম লৈ বীৰ লাচিত সেনাই অন্যায় কৰি ফুৰিছে বুলি মন্তব্য বজৰং দলৰ।

লাচিতৰ আদৰ্শ এনে নাছিল, দিনকদিনে লাচিত সেনাৰ কামবোৰ বেয়াৰ ফাললৈ গৈছে বুলি মন্তব্য বজৰংগ দলৰ।

Jorhat Road Accident: যোৰহাটত পুৱাতেই ডাম্পাৰে প্ৰাণ কাঢ়িলে এজন যুৱকৰ

যোৰহাটত পুৱাতেই ডাম্পাৰে প্ৰাণ কাঢ়িলে এজন যুৱকৰ
যোৰহাটত পুৱাতেই ডাম্পাৰে প্ৰাণ কাঢ়িলে এজন যুৱকৰ

যোৰহাটত পুৱাতেই ডাম্পাৰে প্ৰাণ কাঢ়িলে এজন লোকৰ।(Jorhat Road Accident)

যোৰহাটৰ অজন্তা চিনেমা হলৰ সমিপত আজি পুৱাই সংঘটিত এক পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়।

যুৱক জনে AS 03 AH 6816 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেলেৰে নগৰৰ দিশে যোৱাৰ সময়তে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ডাম্পাৰখনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্ত পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে যুৱক জনে ব্যৱহাৰ কৰা মটৰ চাইকেল খন জব্দ কৰিছে।

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও যোৰহাটৰ পুলিবৰ পিজলী চুকৰ নৱ তালুকদাৰ বুলি জানিব পৰা গৈছে।

Bikash Axom: বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক

Bikash Axom: বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক
Bikash Axom: বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক

পলাতক বিকাশ অসম।(Bikash Axom)

বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতা বিকাশ অসম পলাতক।

বিকাশ অসমক বিচাৰি প্ৰান্তে প্ৰান্তে আৰক্ষীৰ অভিযান।

পলাতক বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযান।

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব বিকাশ অসম।

নিশা ৰন্টু পানীফুকনক গ্ৰেপ্তাৰ।

সোমবাৰে সংবাদমেলৰ মাজতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে।

বীৰ লাচিত সেনাৰ নেতাগৰাকীক থানালৈ লৈ অহাৰ পাছতে নিশাৰ ভাগলৈ গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

Chhath Puja 2025: আজি ষট পূজাঃ সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয় পূজা

সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয় পূজা
সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয় পূজা

২৫ অক্টোবৰৰ পৰা (Chhath Puja 2025) আৰম্ভ হৈছে ষট পূজা। চাৰিদিনীয়া এই পূজা সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয়। হিন্দু ধৰ্মৰ অন্যতম উপবাস হিচাপে গণ্য কৰা হয় ষট, প্ৰায় ৩৬ ঘণ্টা ধৰি ভক্তসকলে পানীবিহীন উপবাস পালন কৰে। ষটৰ ব্ৰত আৰু পূজাক আটাইতকৈ কঠিন ব্ৰত বুলি গণ্য কৰা হয়।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট পূজা পালন। আজি ধুবুৰীতো অনুষ্ঠিত হৈছে ষট পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি ধুবুৰী বিহাৰী যুৱ মঞ্চৰ উদ্যোগত ধুবুৰী ৯ টা ঘাটত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ষট পূজা।

পূজা মণ্ডপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও পৰিলক্ষিত হৈছে। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবেও পূজা সমিতিয়ে দাবী জনায়।

মঙ্গলবাৰে পুৱা ষট পূজাৰ সামৰণি উপলক্ষে ঘাটত বিহাৰী সম্প্ৰদায়ৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ এক বৃহৎ সমাগম দেখিবলৈ পোৱা যায়। উল্লেখ যে এই পূজাত বিশেষ কৈ সূৰ্য্য দেৱতাক অৰ্গ দিয়াৰ লগতে ষঠীমাৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়।

Zubeen Garg Death Case: শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ ৫ অভিযুক্তৰ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ ৫ অভিযুক্তৰ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ ৫ অভিযুক্তৰ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ।(Zubeen Garg Death Case)

ন্যায়িক জিম্মাৰ ম্যাদ উকলিব শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰো উকলিব জিম্মাৰ ম্যাদ।

৫ অভিযুক্তক হাজিৰ কৰোৱা হ’ব CJM আদালতত।

বৰ্তমান বাক্সাৰ নিকাছিত কাৰাবন্দী ৫ অভিযুক্ত আটাইকেইজনক ভার্চুৱেলী আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।

১৫ অক্টোবৰত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৫ জনক।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (ইণ্ডিয়া মেৰিটাইম উইক ২০২৫)-ৰ শুভ উদ্বোধন কৰে । India Maritime Week 2025

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (ইণ্ডিয়া মেৰিটাইম উইক ২০২৫)-ৰ শুভ উদ্বোধন কৰে । India Maritime Week 2025
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুম্বাইত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ (ইণ্ডিয়া মেৰিটাইম উইক ২০২৫)-ৰ শুভ উদ্বোধন কৰে । India Maritime Week 2025

India Maritime Week 2025 । মুম্বাইৰ নেস্কো প্ৰদৰ্শনী কেন্দ্ৰত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সমাৱেশ **“ভাৰত সামুদ্ৰিক সপ্তাহ (ইণ্ডিয়া মেৰিটাইম উইক) ২০২৫”**ৰ শুভ উদ্বোধন কৰে।

পাঁচদিনীয়া এই অনুষ্ঠান “সমুদ্ৰক একত্ৰিত কৰা, এক সামুদ্ৰিক দৃষ্টিভংগী” (Connecting the Ocean, Accelerating a Maritime Vision) শীৰ্ষক বিষয়ে অনুষ্ঠিত হৈছে। ৮৫খন দেশৰ ১ লাখৰো অধিক অংশগ্ৰহণকাৰী, ৫০০ৰো অধিক প্ৰদৰ্শক, ৪৫০ৰো অধিক বক্তা আৰু ১২খন সমান্তৰাল অধিৱেশনেৰে সজ্জিত এই অনুষ্ঠান বিশ্বৰ সামুদ্ৰিক খণ্ডৰ বাবে এক ঐতিহাসিক মঞ্চ হিচাপে চিহ্নিত হৈছে।

উদ্বোধনী অধিৱেশনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফডনৱীশ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পটেল, গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্ত, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু অজিত পাৱাৰ, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ উপস্থিত থাকে।


🔹 অমিত শ্বাহৰ ভাষণত মুখ্য কথা:

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধনী ভাষণত কয় যে,

“ভাৰতৰ সামুদ্ৰিক শক্তি পাৰস্পৰিক সহযোগিতা আৰু বিশ্বজনীন অংশীদাৰিত্বত নিহিত। আমাৰ দৃষ্টিভংগী প্ৰতিযোগিতাৰ নহয়, সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।”

তেখেতে উল্লেখ কৰে যে “ভাৰত সামুদ্ৰিক সপ্তাহ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ দৃষ্টিভংগীক এক নতুন গতি প্ৰদান কৰিছে।

অমিত শ্বাহে আৰু কয়,

“ইয়াত বিশ্বৰ বিনিয়োগকাৰীসকলে ভাৰতৰ দ্ৰুত বিকাশমান সামুদ্ৰিক খণ্ডত অংশীদাৰ হোৱাৰ এক সুবৰ্ণ সুযোগ পাইছে। বিগত দশকত সামুদ্ৰিক অৰ্থনীতিত হোৱা সংস্কাৰে ভাৰতে এক শক্তিশালী সামুদ্ৰিক শক্তি হিচাপে বিশ্ব মানচিত্ৰত নতুন স্থান লাভ কৰিছে।”


🔹 সৰ্বানন্দ সোণোৱালৰ ভাষণত মূল বক্তব্য:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়—

“ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ হৈছে ভাৰতৰ অনিৰুদ্ধ সামুদ্ৰিক যাত্ৰাৰ এক টাৰ্নিং পইণ্ট। চৰকাৰে নীতি সংস্কাৰ, ডিজিটেল ৰূপান্তৰ আৰু বিনিয়োগৰ জৰিয়তে ভাৰতক বিশ্বৰ শীৰ্ষ সামুদ্ৰিক শক্তিৰ স্থানত স্থাপন কৰাৰ দৃঢ় সংকল্প লৈছে।”

তেওঁয়ো উল্লেখ কৰে যে—

  • ভাৰতৰ বন্দৰ ক্ষমতা প্ৰায় দুগুণ হৈ বছৰে ২,৭০০ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।
  • কাৰ্গ’ সঞ্চালন ১,৬৪০ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।
  • অভ্যন্তৰীণ জলপথৰ কাৰ্গ’ ৬.৯ মিলিয়নৰ পৰা ১৪৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।
  • ভাৰতীয় নাবিকৰ সংখ্যা ২০০ শতাংশ বৃদ্ধি পাই ৩.২ লাখত উপনীত হৈছে।

“ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ত ১০ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাৰে বিশ্বই ভাৰতক সামুদ্ৰিক নেতৃত্বৰ পৰৱৰ্তী বৃহৎ শক্তি হিচাপে স্বীকৃতি দিব,” — সোণোৱালে উল্লেখ কৰে।


🔹 শান্তনু ঠাকুৰৰ মন্তব্য:

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কয় যে,

“ভাৰতে স্থায়িত্ব, উদ্ভাৱন আৰু মানৱ সম্পদ উন্নয়নৰ জৰিয়তে এক স্মাৰ্ট আৰু প্ৰতিযোগিতামূলক সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। এই খণ্ডই ভাৰতক বিশ্বৰ সামুদ্ৰিক নেটৱৰ্কৰ সৈতে সংযুক্ত কৰিছে।”


🔹 বিশেষ অনুষ্ঠান আৰু অংশীদাৰী দেশসমূহ:

আজিৰ উদ্বোধনী দিনত অনুষ্ঠিত হৈছে—

  • মন্ত্ৰী পৰ্যায়ৰ সভা
  • দ্বিপাক্ষিক বৈঠক
  • উদ্ভাৱন আৰু বিনিয়োগকেন্দ্ৰিক অধিৱেশন

ভাৰতৰ সৈতে শ্ৰীলংকা, নেদাৰলেণ্ড আৰু চৌদি আৰৱে জাহাজ নিৰ্মাণ, সেউজ বন্দৰ আৰু সামুদ্ৰিক লজিষ্টিক ক্ষেত্ৰত নতুন অংশীদাৰিত্বৰ পথ অনুসন্ধান কৰে।

অংশগ্ৰহণকাৰী দেশসমূহৰ ভিতৰত এণ্টিগুৱা এণ্ড বাৰ্বুডা, লাইবেৰিয়া, মৰিচাছ, নেদাৰলেণ্ড, ন’ৰৱে, শ্ৰীলংকা, ম্যানমাৰ, চৌদি আৰৱ আৰু দক্ষিণ কোৰিয়া উল্লেখযোগ্য।


🔹 মেৰিটাইম ভিজন আৰু উন্নয়নমূলক দিশসমূহ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামুদ্ৰিক দৃষ্টিভংগী তিনিটা মূল স্তম্ভত নিৰ্ভৰশীল —
সুৰক্ষা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতা।

মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ অধীনত—

  • সাগৰমালা, নীল অৰ্থনীতি আৰু সেউজ সামুদ্ৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • ১০,০০০ মিলিয়ন মেট্ৰিক টন বন্দৰ পৰিচালনা লক্ষ্য স্থিৰ কৰা হৈছে।
  • বন্দৰ পৰিবহণ সম্পূৰ্ণৰূপে ডিজিটেলাইজড কৰা হৈছে।
  • ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ, উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰ আৰু পূৰ্বাঞ্চলীয় সামুদ্ৰিক কৰিড’ৰৰ সৈতে ভাৰতৰ সংযোগ বৃদ্ধি পাইছে।

🔹 অংশীদাৰী ৰাজ্যসমূহ:

গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু অসম।


🔹 সন্মিলনৰ মুখ্য আলোকপাত:

  • বিশ্বমানৰ ডীপ ড্ৰাফ্ট বন্দৰ আন্তঃগাঁথনিৰ বিকাশ
  • ভাৰতক জাহাজ পতাকা আৰু মালিকীস্বত্বৰ ক্ষেত্ৰত প্ৰধান দেশ হিচাপে প্ৰতিষ্ঠা
  • অভ্যন্তৰীণ জলপথ আৰু উপকূলীয় জাহাজ পৰিবহণৰ উন্নীতকৰণ
  • সেউজ আৰু স্থায়ী সামুদ্ৰিক পৰিবহণৰ প্ৰচাৰ
  • শ্বিপয়াৰ্ড আৰু গ্ৰীণফিল্ড ক্লাষ্টাৰৰ জৰিয়তে জাহাজ নিৰ্মাণৰ পুনৰুজ্জীৱিতকৰণ
  • সামুদ্ৰিক খণ্ডত বিত্তীয় নতুনত্বৰ প্ৰৱৰ্তন
  • চাকৰিৰ নতুন সুযোগ সৃষ্টি