Home Blog Page 43

গুৱাহাটীত দুৰ্ঘটনাত নিহত হোৱা আনগৰাকী যুৱতী বঙাইগাঁৱৰ আৰ্মিনা আহমেদ

গুৱাহাটীত দুৰ্ঘটনাত নিহত হোৱা আনগৰাকী যুৱতী বঙাইগাঁৱৰ আৰ্মিনা আহমেদ
গুৱাহাটীত দুৰ্ঘটনাত নিহত হোৱা আনগৰাকী যুৱতী বঙাইগাঁৱৰ আৰ্মিনা আহমেদ

শনিবাৰে নিশা গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

গুৱাহাটীৰ মঠঘৰীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত নিহত হয় ৩ গৰাকী যুৱতী।

GMCHৰ মৰ্গত ৰখা হৈছে ৩ যুৱতীৰ মৃতদেহ

দুৰ্ঘটনাৰ নিহত তিনিগৰাকী যুৱতীৰ দুগৰাকীৰ পৰিচয় উদ্ধাৰ।

পূজা সাহা আৰু আনগৰাকী আকাংক্ষা শইকীয়া।

আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ‍্যালয়ৰ কৰ্মচাৰী।

আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত।

আনহাতে পূজা সাহাৰ ঘৰ গোৱালপাৰাত।

গুৱাহাটীত দুৰ্ঘটনাত নিহত হোৱা আনগৰাকী যুৱতী বঙাইগাঁৱৰ নোৱাপাৰাৰ আৰ্মিনা আহমেদ ওৰফে নেহা খান।

আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আৰ্মিনা।

নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰে জড়িত ২টা ডকাইতক গ্ৰেপ্তাৰ

নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰে জড়িত ২টা ডকাইতক গ্ৰেপ্তাৰ
নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰে জড়িত ২টা ডকাইতক গ্ৰেপ্তাৰ

নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰে জড়িত ২টা ডকাইতক গ্ৰেপ্তাৰ।

ডকাইত ওমৰ আলী আৰু মিন্টু হুছেইনক গ্ৰেপ্তাৰ।

ওমৰ আলীৰ নেতৃত্বত ৮জনীয়া ডকাইতৰ দলে চলাইছিল লুটপাত।

লুটপাতৰ লগতে আক্ৰমণ চলাইছিল চিকিৎসক ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নীক।

ডকাইতৰ আক্ৰমণত গুৰুতৰভাবে আহত চিকিৎসক পত্নী।

ৰূপৰেখা শইকীয়াৰ অৱস্থা এতিয়াও সংকটজনক।

ড’নাল্ড ট্রাম্পলৈ গুলীচালনাঃ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

ড'নাল্ড ট্রাম্পলৈ গুলীচালনাঃ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ
ড'নাল্ড ট্রাম্পলৈ গুলীচালনাঃ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

ড’নাল্ড ট্রাম্পলৈ গুলীচালনা। ট্ৰাম্প থকা ৱাছিংটনৰ হোটেলতে ধাৰাসাৰ গুলিচালনা। কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ।

ট্ৰাম্পে হিল্টন হোটেলত আয়োজন কৰা নৈশ ভোজৰ অনুষ্ঠানতে এই ঘটনা সংঘটিত। ৰাষ্ট্ৰপতি ট্রাম্প আৰু পত্নী মেলানিয়ানৰ ৱাছিংটনৰ হিল্টন হোটেলত এই ভয়ংকৰ গুলীচালনা। ট্রাম্পৰ সৈতে আছিল উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে।

ড’নাল্ড ট্রাম্পৰ সৈতে সংঘটিত গুলীচালনাৰ ঘটনাক গৰিহনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই বুলি উল্লেখ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ। ৰাষ্ট্ৰপতি ট্ৰাম্প সুৰক্ষিত হৈ আছে জানি সুখী হ’লো বুলি প্ৰধানমন্ত্ৰী মোদী।

গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৩ গৰাকী যুৱতী

গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৩ গৰাকী যুৱতী। আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত।
গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৩ গৰাকী যুৱতী। আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত।

গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। গুৱাহাটীৰ মঠঘৰীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ। দুৰ্ঘটনাত নিহত ৩ গৰাকী যুৱতী। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 GP 0562। মঠঘৰীয়া গে’ট হাস্পতালৰ সন্মুখত এই দুৰ্ঘটনা। GMCHৰ মৰ্গত ৰখা হৈছে ৩ যুৱতীৰ মৃতদেহ।

এই দুৰ্ঘটনাৰ নিহত তিনিগৰাকী যুৱতীৰ দুগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে। পূজা সাহা আৰু আনগৰাকী আকাংক্ষা শইকীয়া। আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ‍্যালয়ৰ কৰ্মচাৰী। আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত। আনহাতে পূজা সাহাৰ ঘৰ গোৱালপাৰাত।

অসমৰ মহিলা দলে দ্বিতীয় পূৱ মন্ডল নেচনেল ৰোলবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে পুৰুষ দলৰ ৰানাৰ্চ আপ

অসমৰ মহিলা দলে দ্বিতীয় পূৱ মন্ডল নেচনেল ৰোলবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে পুৰুষ দলে ৰানাৰ্চ আপতে সন্তুষ্ট থাকিব লগা হয়।

মেঘালয় ৰোলবল সংস্হাৰ উদ্যোগত শ্বিলং পলো গ্ৰাউন্ড ২৪ আৰু ২৫ এপ্ৰিলত দুদিনীয়া কৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ মহিলা দলে চত্তিচগড়ক ৭-১ গলত, পশ্চিম বংগক ৪-১ গলত, ঝাৰখন্ডক ৭-২ গলত, মেঘালয়াক ৫-০ গলত লীগ পৰ্যায়ত পৰাজিত কৰাৰ পিছত চেমি ফাইনেলত পুনৰ মেঘালয়াক ৬-৪ গলত পৰাস্ত কৰি ফাইনেলত ঝাৰখন্ডক ৩-০ পৰাস্ত কৰি খিতাপ জয় কৰে।

আনহাতে পুৰুষ শাখাত অসমে মেঘালয়া, পচ্শিম বংগক পৰি চেমি ফাইনেলত উড়িষ্যা (৬-৩)ক পৰাজিত কৰিলেও ফাইনেলত ৰনত কৰে ঝাৰখন্ডৰ ( ৩-৬ ) হাতত।

অসমকে ধৰি দেশৰ ৫ ৰাজ্যত ৪ মে’ত সম্পন্ন হ’ব ভোটগণনা

অসমকে ধৰি দেশৰ ৫ ৰাজ্যত ৪ মে'ত সম্পন্ন হ'ব ভোটগণনা
অসমকে ধৰি দেশৰ ৫ ৰাজ্যত ৪ মে'ত সম্পন্ন হ'ব ভোটগণনা

অসমকে ধৰি দেশৰ ৫ ৰাজ্যত ৪ মে’ত সম্পন্ন হ’ব ভোটগণনা।

অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ৰ ভোট গণনা সফলতাৰে সম্পন্ন কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান।

ভোটগণনা প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ অৰ্থে দেশৰ নিৰ্বাচন আয়োগৰ উদ্যোগত এই বিশেষ কৰ্মশালা।

গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিশ্য়ন ব্লুত অনুষ্ঠিত বিশেষ কৰ্মশালা।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী।

কৰ্মশালাত উপস্থিত থাকে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্ত, ৰিটাৰ্ণিং বিষয়া আৰু প্ৰতিখন জিলাৰ জিলা নিৰ্বাচনী বিষয়াসকল।

কাইলৈৰ পৰা জিলা পৰ্যায়ত সম্পন্ন হ’ব কাউণ্টিং বিষয়াৰ প্ৰশিক্ষণ।

তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ

তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ
তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ

নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ।

চকুত চকুপানী লৈ হাজাৰ হাজাৰ জনতা সমবেত নিশামণিৰ বাসগৃহত।

আজি স্ব-গৃহত নিশামণি হালৈৰ নিথৰ দেহ।

সহস্ৰাধিক গুণমুগ্ধৰ অশ্ৰুসিক্ত বিদায়।

তামুলপুৰত এক পথ দুৰ্ঘটনাত সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল নিশামণি।

ঘৰৰ পৰা হাঁহি স্ফুৰ্তি কৰি বিহু নাচিব যোৱা নিশামণিৰ ঘৰললৈ উভতিল নিথৰ দেহ হৈ।

বৰ্তমান নিশামণিৰ বাসগৃহত বুজাব নোৱাৰা পৰিস্থিতি।

কালি মাজ নিশা নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

এই দুৰ্ঘটনাতে থিতাতে নিহত হয় নিশামণি হালৈ নামৰ বিহুৱতীগৰাকীৰ।

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

নিশামণি হালৈ মৃত্যুগ লগতে গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী।

তামুলপুৰ-ওদালগুৰি পথৰ নোৱাখাটত হোৱা ভয়ংকৰ দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তামুলপুৰ-ওদালগুৰি পথৰ নোৱাখাটত হোৱা ভয়ংকৰ দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
তামুলপুৰ-ওদালগুৰি পথৰ নোৱাখাটত হোৱা ভয়ংকৰ দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তামুলপুৰ-ওদালগুৰি পথৰ নোৱাখাটত হোৱা ভয়ংকৰ দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘এক অতি দুখৰ খবৰ পুৱাই শুনি মনটি গভীৰভাৱে ব্যথিত হ’ল৷ নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁ‌চৰি দলটিয়ে যোৱানিশা তামুলপুৰৰ নোৱাখাটত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় দলটিৰ মূল বিহুৱতী গায়িকা তথা অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈয়ে৷ এক প্ৰচুৰ সম্ভাৱনা কলিতে মৰহি গ’ল৷ এই মৃত্যু সঁচাকৈয়ে আমাৰ বাবে বৃহৎ ক্ষতি৷ তেওঁৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত থকা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ আশু আৰোগ্য কামনা কৰিলোঁ৷ ভুক্তভোগী পৰিয়ালকেইটিলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’

সন্ধান ওলাল ভাৱনা শৰ্মাৰঃ পৰিয়ালক বিভ্ৰান্ত কৰিবলৈ ভাৱনা শৰ্মাই ৰচিছিল নেকি নাটক ?

সন্ধান ওলাল ভাৱনা শৰ্মাৰঃ পৰিয়ালক বিভ্ৰান্ত কৰিবলৈ ভাৱনা শৰ্মাই ৰচিছিল নেকি নাটক ?
সন্ধান ওলাল ভাৱনা শৰ্মাৰঃ পৰিয়ালক বিভ্ৰান্ত কৰিবলৈ ভাৱনা শৰ্মাই ৰচিছিল নেকি নাটক ?

সন্ধান ওলাল ভাৱনা শৰ্মাৰ।

শ্বিলঙত সন্ধান ওলাল গুৱাহাটীৰ পৰা সন্ধানহীন হৈ থকা শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ।

শুকুৰবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষয়িত্ৰীগৰাকী।

সন্ধানহীন হোৱা শিক্ষয়িত্ৰী ভাৱনা শৰ্মা আছে শ্বিলঙত।

পৰিয়ালক বিভ্ৰান্ত কৰিবলৈ ভাৱনা শৰ্মাই ৰচিছিল নাটক।

শ্বিলঙৰ পল’ টাৱাৰ হোটেলত আছে যুৱতীগৰাকী।

আৰক্ষীয়ে যোগাযোগ কৰাত ভালদৰে উত্তৰ দিয়া নাছিল ভাৱনাই।

ঘৰৰ পৰা ওলাই দুখনকৈ উবেৰ বাহন দুটা দিশত বুক কৰিছিল ভাৱনা শৰ্মাই।

ইয়াৰ পিছত উবেৰ বাহনেৰে নগৈ উবেৰ অটোৰে গৈছিল খানাপাৰালৈ।

ATMৰ পৰা ধন উলিয়ায় মোবাইলৰ ছীম পেলাই থৈ গৈছিল পাণবজাৰত।

ব্যক্তিগত কাৰণত ঘৰৰ পৰা ওলাই গৈ আত্মগোপন কৰিছিল শ্বিলঙত

এই বিষয়ে সদৰি কৰিছে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অধীক্ষক বলিন দেউৰীয়ে।

নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এগৰাকী নাচনী

নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এগৰাকী নাচনী
নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত এগৰাকী নাচনী

নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ।

থিতাতে নিহত নিশামণি হালৈ নামৰ এগৰাকী বিহুৱতী।

তামুলপুৰত ভয়ংকৰ দুৰ্ঘটনা বিহু নাচিবলৈ গৈ ঘূৰি নাহিল নিশামণি হালৈ।

নাগাৰা নামৰ পাঠিকা হিচাপেও জনপ্রিয় আছিল ২৫ বছৰীয়া নিশামণি হালৈ।

নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

নিশামণি হালৈ মৃত্যুগ লগতে গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী।