Home Blog Page 44

চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সজাগতা অভিযান

চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সজাগতা অভিযান
চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সজাগতা অভিযান

গুৱাহাটী মহানগৰীৰ লাচিত নগৰত অবস্থিত চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ দ্বাৰা ডিগাৰুৰ আমচং বাগিচা আদৰ্শ বিদ্যালয়ত এক সজাগতা অভিযান কার্যসূচী দিনযোৰা ভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত মহাবিদ্যালয়ৰ প্ৰবক্তা ড° কৃষ্ণা দেৱী বনিয়াই সমম্বয়ক হিচাপে অংশগ্ৰহন কৰি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰে।

কার্যসূচীৰ আৰম্ভণিতে উপেন গোস্বামীয়ে আদৰণি ভাষণ দিয়ে। সন্মানীয় অতিথি হিচাপে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° মৌচুমী বৰদলৈৰ লগতে প্ৰবক্তা ড° কৃষ্ণা দেৱী বনিয়া চিম্পি বৰুৱা কৰৱী ভট্টাচাৰ্য মৃদুলা ডেকা মিতালী বৰুৱাকে আদি কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু অভিভাৱক সকল উপস্থিত থাকে।

কার্যসূচীৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ শিক্ষক প্রশিক্ষাৰ্থী সকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰ আৰু আমাৰ খাদ্য, এইডছ নিৰ্মূলকৰণ এই বিষয় কেইটাৰ আধাৰত এখন পষ্টাৰ মাধ্যমেৰে ছাত্র-ছাত্রী সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰে।

ইয়াৰোপৰি বিদ্যালয়খনৰ ছাত্র-ছাত্রী সকলৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতাৰ অন্তত স্থানপ্রাপ্ত প্রতিযোগী সকলক চাৰ্টিফিকেট আৰু মেডেল প্রদান কৰা হয়। শেষত মহাবিদ্যালয়খনৰ প্ৰবক্তা ড° কৃষ্ণা দেৱী বনিয়াই শলাগৰ শৰাই আগবঢ়াই।

মাৰ্ঘেৰিটাত জুইৰ লেলিহান শিখাঃ নিমিষতে ছাই হ’ল ৩ টাকৈ পৰিয়ালৰ সপোন

মাৰ্ঘেৰিটাত জুইৰ লেলিহান শিখাঃ নিমিষতে ছাই হ’ল ৩ টাকৈ পৰিয়ালৰ সপোন
মাৰ্ঘেৰিটাত জুইৰ লেলিহান শিখাঃ নিমিষতে ছাই হ’ল ৩ টাকৈ পৰিয়ালৰ সপোন

মাৰ্ঘেৰিটাত বিধ্বংসী অগ্নিকাণ্ড।

দিনদুপৰতে লগা জুইত জাহ গ’ল তিনিটাকৈ বাসগৃহ।

কেইবাবিঘা মাটিৰ তামোল পুলিৰ লগতে ভস্মীভূত হ’ল ঘৰৰ সমস্ত সা-সম্পত্তি।

বৰ্তমান মুকলি আকাশৰ তলত আশ্ৰয় লৈছে তিনিটাকৈ দুৰ্ভগীয়া পৰিয়ালে।

মাৰ্ঘেৰিটাৰ মাইচাংপানীত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে।

দিনৰ ভাগতে হঠাৎ সূত্ৰপাত হোৱা এই জুইয়ে মুহূৰ্তৰ ভিতৰতে সংহাৰী ৰূপ ধাৰণ কৰে।

জানিব পৰা মতে, অঞ্চলটোৰ নিবাসী দুলেশ্বৰ গগৈ, শৰৎ বড়ো আৰু দূৰ্লভ সোনোৱালৰ বাসগৃহত এই জুই লাগে।

জুইৰ প্ৰকোপ ইমানেই বেছি আছিল যে পৰিয়ালকেইটাই নিজৰ ঘৰৰ পৰা একো সা-সম্পত্তি উলিয়াই আনিবলৈ সক্ষম নহ’ল।

এই অগ্নিকাণ্ডত দুলেশ্বৰ গগৈৰ বাসগৃহৰ লগতে প্ৰায় চাৰে তিনি বিঘা মাটিৰ তামোল পুলি সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।

আনহাতে, শৰৎ বড়ো আৰু দূৰ্লভ সোনোৱালৰ বাসগৃহৰ লগতে ভঁৰালত মজুত থকা আলু, সৰিয়হ, হালধি আৰু ঘৰৰ আচবাবসমূহ জুইত ভস্মীভূত হয়।

মুহূৰ্তৰ ভিতৰতে সকলো হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালকেইটা।

তেওঁলোকৰ সম্বল বুলিবলৈ এতিয়া মাথো পিন্ধি থকা কাপোৰকেইজাকহে বাকী ৰৈছেগৈ।

স্থানীয় ৰাইজ আৰু ভুক্তভোগী পৰিয়ালকেইটাই বৰ্তমান চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত জৰুৰী সাহায্য আৰু ক্ষতিপূৰণৰ বাবে কাতৰ আহ্বান জনাইছে।

জানিব পৰা অনুসৰি এগৰাকী মহিলাই জাৱৰ জ্বলোৱা সময়তে জুই শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চলটো।

Lurinjyoti Gogoi: আসন ভাগ-বাটোৱাৰ সন্দৰ্ভত কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ

মিত্ৰতাৰ বাবে ৰৈ ৰৈ অতিষ্ঠ অসম জাতীয় পৰিষদ।
মিত্ৰতাৰ বাবে ৰৈ ৰৈ অতিষ্ঠ অসম জাতীয় পৰিষদ।

অখিল গগৈৰ পাছত কংগ্ৰেছক শেষ সকীয়নি লুৰীণজ্যোতি গগৈৰ।(Lurinjyoti Gogoi)

মিত্ৰতাৰ বাবে ৰৈ ৰৈ অতিষ্ঠ অসম জাতীয় পৰিষদ।

‘তাৰিখ পে তাৰিখ নহয়, তাৎক্ষণিকভাৱে আসন ভাগ-বাটোৱাৰ হ’ব লাগে’।

‘বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে কথাবোৰ উপলব্ধি কৰা উচিত’।

আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত এইদৰে মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে।

অখিল গগৈৰ পাছত কংগ্ৰেছক সকীয়নি লুৰীণজ্যোতি গগৈৰ।

ৰাজনীতি কোনোবা এটা দলৰ Ego পূৰণৰ লক্ষ্য হ’ব নোৱাৰে বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে।

Barpeta News: দিন দুপৰতে ডকাইতি কাণ্ডঃ লুটি নিয়ে ৪ কোটি মূল্যৰ সোণ, হীৰাৰ অলংকাৰ

Barpeta News: দিন দুপৰতে ডকাইতি কাণ্ডঃ লুটি নিয়ে ৪ কোটি মূল্যৰ সোণ, হীৰাৰ অলংকাৰ
Barpeta News: দিন দুপৰতে ডকাইতি কাণ্ডঃ লুটি নিয়ে ৪ কোটি মূল্যৰ সোণ, হীৰাৰ অলংকাৰ

বৰপেটাৰোড চহৰৰ মাজমজিয়াত ডকাইতি কাণ্ড।(Barpeta News)

দিন দুপৰতে পাঁচজনীয়া ডকাইতৰ দলে চহৰখনৰ মাজজিয়াত থকা সেনকো অলংকাৰ নামৰ প্ৰতিষ্ঠানত প্ৰৱেশ কৰি লুটি নিয়ে ৪ কোটি মূল্যৰ সোণ, হীৰা আলংকাৰ।

গ্ৰাহকৰ ৰূপত অহা পাঁচজনীয়া ডকাইৰ হাত আছিল একোটাকৈ পিষ্টল।

প্ৰতিষ্ঠান খনত থকা ৯-১০ জনীয়া কৰ্মচাৰীৰ মুৰত পিষ্টল থৈ প্ৰানে মৰা ভাবুকি প্ৰদান কৰি লুট পাত ডকাইতৰ দলটোৰ।

উল্লেখ্য যে অতি ব্যস্ত চহৰ খনৰ মাজ মজিয়াত থকা তাৰোপৰি বৰপেটাৰোড আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত থকা সোন, হীৰাৰ বিক্ৰী প্ৰতিষ্ঠান সেনকো অলংকাৰ।

প্ৰায় আধাঘণ্টা ধৰি পাঁচজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি প্ৰতিষ্ঠান খনত থকা কৰ্মচাৰী মাৰ ধৰ কৰি মূৰত পিষ্টল দেখাই সোন, হীৰাৰ অলংকাৰ লুটপাত কৰি চিচি কেমেৰা ভাঙি চুৰ মাৰ কৰে।

ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ’ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ'ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ
২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ'ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ

২৫ হাজাৰ লোকৰ কণ্ঠত নগাঁৱত গুঞ্জৰিত হ’ব গীতা, লগতে আয়োজন কৰা হৈছে গীতা যজ্ঞৰ। নগাঁৱৰ ডচন হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকিব দেশৰ বিভিন্ন স্থানৰ ধৰ্মগুৰু আৰু সনাতনী লোকসকল।অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত অহা ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গীতাপাঠ অনুষ্ঠানটো।

“হৰে কৃষ্ণ হৰে হৰে, গীতা পাঠ ঘৰে ঘৰে” বাণীৰে অনুষ্ঠিত গীতাপাঠ অনুষ্ঠানটোক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে নগাঁৱত।

অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত অহা ২২ ফেব্ৰুৱাৰীত আয়োজন হবলগীয়া গীতা পাঠ আৰু গীতা যজ্ঞৰ ওপৰত আজি এক সংবাদমেল অনুষ্ঠিত হয়।দেওবাৰে ডচন স্কুল খেল পথাৰত অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত ২৫ হাজাৰ ভক্তৰ কণ্ঠত গীতপাঠ আৰু গীতা যজ্ঞ আয়োজন কৰিছে। পুৱা ৯বজাৰ পৰা গীতা পাঠ আৰু ২.৩০ বজাৰ পৰা গীতা যজ্ঞ অনুষ্ঠিত হব। যি যজ্ঞত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল লগতে ৰাজ্যৰ কেইবাগৰাকীও সত্ৰাধিকাৰ উপস্থিত থাকিব । লগতে সোমবাৰে অনুষ্ঠানস্থলীৰ পৰা এটি ধৰ্মীয় শোভাযাত্ৰা নগাঁও চহৰৰ মাজেৰে বাহিৰ কৰা হব। এই অনুষ্ঠানত নগাঁও সকলো সনাতনী হিন্দুক অংশ গ্ৰহণ কৰিব বাবে আহ্বান আয়োজক সকলৰ।

Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ

Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ
Phagun: পক্ষীৰ গুণগুণনি আৰু ৰঙা শিমলুৰ ফুলে দৃষ্টি আকৰ্ষণ কৰিছে বাটৰুৱাৰ

শীতৰ (Phagun) শেতেলিত উঠি ধৰাৰ বুকুলৈ নামি আহিছে ফাগুন। ৰঙা পলাশ,মদাৰ,শিমলুৱে আনিছে আশাৰ বতৰা। এই দৃশ্য নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাৰকুছি কাপলাবড়ী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদৰ।

শীতৰ প্ৰকোপৰ পৰা আঁতৰি পক্ষীৰ গুণগুণনিৰ মাজেৰে সংগোপনে ধৰাৰ বুকুত নামি আহিছে ফাগুন। বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিময় বাটেৰে আহিছে ফাগুন ৷ এই ধুনীয়া পৰিৱেশত ফাগুন অহাৰ বাটত ৰঙা দলিছা পাৰি দিছে ৰঙা শিমলুৱে ৷

শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা এখন ছবি। নান্দনিক সৌন্দৰ্যৰ মাজত পক্ষীৰ গুণগুণনি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
Priyanka Gandhi: সোণাপুৰৰ জুবিন ক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

আজি পুৱাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।(Priyanka Gandhi)

জুবিন ক্ষেত্ৰত সেৱা জনাই প্ৰাণৰ শিল্পীগৰাকীক জনাই শ্ৰদ্ধাঞ্জলি।

জুবিন গাৰ্গক “অসমৰ আত্মাৰ কণ্ঠ” বুলি অভিহিত কৰে প্ৰিয়ংকা গান্ধীয়ে।

লগতে তেওঁ জুবিন গাৰ্গৰ সন্দৰ্ভত কয়-

‘জুবিন গাৰ্গৰ মৃত্যুত প্ৰতিগৰাকী অসমীয়াই হুকহুকাই কান্দি পেলাইছিল আমি দূৰৈত আছিলোঁ আমি অসমীয়াৰ এই কান্দোন দেখি বুজিবলৈ চেষ্টা কৰিছিলোঁ কোন এইগৰাকী জুবিন গাৰ্গ তেওঁৰ গান শুনি তেওঁক বুজিবলৈ চেষ্টা কৰিছিলোঁ তেওঁৰ কোনো গানত নাছিল ঘৃণাৰ কথা নাছিল, জুবিন গাৰ্গ অসমীয়াৰ পৰিচয় হৈ থাকক মই তেওঁৰ প্ৰতি আকৌ এবাৰ শ্রদ্ধা জনালোঁ।’

জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি মই আজি মোৰ মনৰ ইচ্ছা পূৰণ কৰিলোঁ বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণাঃ কাৰ্যকাল শেষ হ’ব ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা; ৰামেশ্বৰ তেলীৰ

Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা
Rajya Sabha elections: অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

কেন্দ্ৰীয় (Rajya Sabha elections) নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন৷ উল্লেখ্য ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলীৰ খালী হবলগীয়া আসনকেইখনৰ বাবে হ’ব নিৰ্বাচন৷ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা অনুসৰি ১৬ মাৰ্চত ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ অসমৰ লগতে দেশৰ ১০ খন ৰাজ্যৰ মুঠ ৩৭ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন ঘোষণা দেশৰ নিৰ্বাচন আয়োগৰ৷

অসমৰ তিনিখন আসনকে ধৰি দেশৰ ১০ খন ৰাজ্যৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ ৩৭ গৰাকী সদস্যৰ কাৰ্যকাল অহা এপ্ৰিল মাহত শেষ হ’ব৷ নিৰ্বাচন আয়োগে উক্ত আসনসমূহৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰা অনুসৰি– জাননী জাৰিৰ তাৰিখ ঃ অহা ২৬ ফেব্ৰুৱাৰী, ২০২৬ [বৃহস্পতিবাৰ], মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ঃ ৫ মাৰ্চ, ২০২৬ [বৃহস্পতিবাৰ], মনোনয়ন-পত্ৰ পৰীক্ষাৰ তাৰিখ ঃ ৬ মাৰ্চ, ২০২৬ [শুকুৰবাৰ], প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ঃ ৯ মাৰ্চ, ২০২৬ [সোমবাৰ], ভোট গ্ৰহণ বা নিৰ্বাচনৰ তাৰিখ ঃ ১৬ মাৰ্চ, ২০২৬ [সোমবাৰ], ভোট গ্ৰহণৰ সময় ঃ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোট গণনা ঃ ১৬ মাৰ্চ, ২০২৬ [সোমবাৰ], সন্ধিয়া ৫ বজাত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ঃ ২০ মাৰ্চ, ২০২৬ [শুকুৰবাৰ]ৰ ভিতৰত পৰম্পৰা অনুসৰি, অসম বিধানসভা চৌহদত অসমৰ তিনিখন আসনৰ বাবে ১৬ মাৰ্চৰ দিনা আন জ্ঝখন ৰাজ্যৰ সৈতে একেলগে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ১৬ মাৰ্চত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ’বলগীয়া ৩ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন ভুৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ আসনকেইখন খালী হোৱাৰ বাবে অনুষ্ঠিত হ’ব৷ বিধানসভা নিৰ্বাচনৰ আগে আগে অসমৰ ৰাজ্যসভাৰ আসনকেইখনৰ বাবে ৰাজনৈতিক সমীকৰণ মন কৰিবলীয়া হ’ব৷ অসমৰ বিধানসভাৰ সদস্য সংখ্যা আৰু ৰাজ্যসভাৰ ভোটৰ সমীকৰণ মতে, তিনিখন আসনৰ দুখনত পৰিসংখ্যাগতভাৱে বিজেপিৰ বিজয় নিশ্চিত৷ তৃতীয়খন আসনত বিৰোধীৰ সম্ভাৱনা আছে৷

বিগত কাৰ্যকালত অজিত ভূঞাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে ৰাজ্যসভালৈ তৃতীয়খন আসনত নিৰ্বাচিত হৈছিল৷ কিন্তু ৰাজ্যৰ বিৰোধী শিবিৰত খহনীয়া আৰু কংগ্ৰেছৰ সদস্য সংখ্যা হ্ৰাস হোৱালৈ চাই এইবাৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ স্থিতি চাবলগীয়া হ’ব৷ মন কৰিবলগীয়া যে তৃতীয়খন আসনত বিৰোধীৰ প্ৰাৰ্থী জয়ী হ’বলৈ হ’লে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, বামপন্থী আৰু বি পি এফ একত্ৰিত হ’ব লাগিব৷ কিন্তু এতিয়া বি পি এফ বিজেপিৰ শিবিৰত৷ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ নিলম্বিত বিধায়ক তথা ৰাইজৰ দলত যোগ দিয়া শ্বেৰমান আলী, ৰচিদ মণ্ডলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুগত্যশীল শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বিধায়ক বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদৰ ভূমিকা হ’ব লক্ষণীয়৷ এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞাকে ধৰি একাধিক বিধায়কে দুই-এদিনতে অগপত যোগদান কৰিব ৷ সেইকেইটা ভোটো বিজেপি শিবিৰলৈকে যে যাব সেয়া নিশ্চিত৷ গতিকে অসমৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে হ’বলগীয়া সমীকৰণো আকৰ্ষণীয় হ’ব বুলি ধাৰণা কৰিব পাৰি৷

Election Commission team: গুৱাহাটীত দেশৰ নিৰ্বাচন আয়োগৰ দলঃ বিধানসভা নিৰ্বাচনত অসমত কেইবাটাও নতুন নিয়ম

ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো-নাম
ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো-নাম

২০২৬ৰ অসম (Election Commission team) বিধানসভাৰ নিৰ্বাচনৰ দিন সমাগত৷ এনে সময়তে অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলে৷ বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত এখন সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা দেশৰ নিৰ্বাচন আয়োগৰ দলটোৱে সংবাদমেল সম্বোধন কৰে৷ সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা আয়োগৰ দলটোৱে মঙলবাৰ আৰু বুধবাৰে বিভিন্ন পক্ষৰে আলোচনাত মিলিত হোৱাৰ পাছত বিয়লি সংবাদমেল সম্বোধন কৰে৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অসমলৈ অহা দলটোত নিৰ্বাচন আয়ুক্তদ্বয় ডাঃ এছ এছ সান্ধু আৰু ড॰ বিবেক যোশীৰ লগতে আয়োগৰ কেইবাগৰাকী বিষয়ববীয়া আছে৷

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সকলো ভোটাৰকে ভোটদানৰ বাবে আহ৩ান জনাই কয়, ‘ভোটদানক লোকতন্ত্ৰৰ মহা উৎসৱ হিচাপে সকলো ভোটাৰে উদ্‌যাপন কৰিব লাগে৷ যুৱ ভোটাৰসকলক এই উৎসৱত অংশ লোৱাৰ বাবে আহ৩ান জনাইছোঁ৷ যাতে আমাৰ গণতন্ত্ৰ শক্তিশালী হয়৷ বিগত নিৰ্বাচনসমূহত অসমত ভোটদানৰ হাৰ যথেষ্ট ভাল হৈছে৷ এইবাৰো সকলোৱে নিজৰ দায়িত্ব পালন কৰিব বুলি আমি আশা কৰোঁ৷ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ বুজ ল’বলৈ আমি অসমলৈ আহিছোঁ৷ দুদিন ধৰি আমি বিভিন্ন পক্ষৰ লগত আলোচনা কৰি সমীক্ষা কৰিছোঁ৷ কোনো ভোটাৰ যাতে থাকি নাযায় তাৰ বাবে এছ আৰ কৰা হৈছে৷ সেইদৰে অযোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷’ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘চূড়ান্ত ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী৷ পুৰুষ আৰু মহিলাৰ সংখ্যা প্ৰায় সমান৷ অসমত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩১,৪৮৬ টা৷ গাঁও অঞ্চলত থাকিব ২৭,৭১১ টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৭ টা ভোটকেন্দ্ৰ৷

মহিলাই পৰিচালনা কৰিব ৩৭১৬টা ভোটকেন্দ্ৰ৷ একোটা ভোটকেন্দ্ৰত ১২০০১ অধিক নহ’ব ভোটাৰ৷ যাতে দীঘলীয়া শাৰী নহয়৷ ভোটকেন্দ্ৰত ভোটাৰৰ বাবে বহাৰ লগতে খোৱাপানীৰ ব্যৱস্থা থাকিব৷ দিব্যাংগৰ বাবে যাৱতীয় সকলো সুবিধা থাকিব৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ আনহাতে ইচিনেট এপ ডাউনলোড কৰি নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব৷ স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ নিৰ্বাচনত জড়িত সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ডি ই অ’ আৰু এছ এছ পিসকলক নিৰপেক্ষভাৱে আইনৰ দৃষ্টিকোণেৰে কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ মিছা বাতৰি আৰু এ আইৰ মিছা প্ৰচাৰৰ ক্ষেত্ৰত নজৰ দিয়াৰ বাবে পৃথকে টীম থাকিব৷ আমি প্ৰতিটো পক্ষৰ লগত আলোচনাত বহিছোঁ আৰু নিৰ্দেশনাসমূহ অৱগত কৰা হৈছে৷’

এইবাৰৰ নিৰ্বাচত কি কি নতুনত্ব থাকিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বহুকেইটা নতুনত্ব থাকিব৷ তাৰ ভিতৰত এইবাৰ ভোটাৰসকলে ভোটকেন্দ্ৰৰ চৌহদলৈ মোবাইল ফোন নিব পাৰিব৷ ভোটকেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে বাহিৰত মোবাইল ৰখাৰ ব্যৱস্থা থাকিব৷ এইবাৰ ই ভি এমত প্ৰাৰ্থীৰ ফটো ৰঙীন আৰু নাম ডাঙৰকৈ থাকিব৷ ভোটকেন্দ্ৰত ভিৰ কমোৱাৰ বাবে একোটা ভোটকেন্দ্ৰত ১২০০১ বেছি ভোটাৰ নাথাকিব৷ আনহাতে এইবাৰ প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰৰ ১০০ মিটাৰ আঁতৰত নিজৰ কাৰ্যালয় ৰাখিব পাৰিব৷ এইবাৰ সকলো তথ্য পোৱাৰ বাবে নতুনকৈ ‘এচিনেট’ এপ কৰা হৈছে৷ সকলো ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব৷ এইবাৰ বি এল অ’ৰ পৰিচয় পত্ৰ দিয়া হৈছে৷ বহুকেইটা নতুনত্ব পাব এইবাৰ৷’ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, ‘দিল্লীত নিৰ্বাচন আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতহে নিৰ্বাচনৰ দিন ঠিক কৰা হ’ব৷ বিহু অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ৷ বিহুৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে নিৰ্ণয় কৰিব৷ কিন্তু কেইটা পৰ্যায়ত কেতিয়া নিৰ্বাচন হ’ব সেই কথা এই মুহূৰ্তত ক’ব পৰা নাযাব৷ কিন্তু যি নিৰ্ণয় লোৱা হ’ব সেয়া ভোটাৰৰ পক্ষতে লোৱা হ’ব৷’

Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী
Himanta Biswa Sarma: তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিমঃ মুখ্যমন্ত্ৰী


অসমত(Himanta Biswa Sarma) তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠন হ’লে অবৈধ বিদেশী নাগৰিকে দখল কৰি ৰখা ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড় খনিকৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা দিয়ে৷ ভাষণত তেওঁ কয় যে, অসমত প্ৰায় ২০ লাখ বিঘা ভূমি অবৈধ বিদেশীৰ দখলত আছে৷ যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰে ডেৰ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘আমি কথা ক’লে বিশ্বাস নকৰে, কাম কৰিলে বিশ্বাস কৰে৷’ আগন্তুক পাঁচ বছৰত অধিক শক্তিশালী অভিযান চলাই ৫ লাখ বিঘা ভূমি উদ্ধাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে৷ নিয়োগ আৰু কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে তৃতীয়বাৰ চৰকাৰ গঠন হ’লে ৰ লাখৰ পৰা ২ লাখলৈ যুৱক-যুৱতীক নিয়োগ প্ৰদান কৰা হ’ব৷

লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰ লাখৰ পৰা ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সহায় আগবঢ়োৱা হ’ব বুলি কয়৷ দৰিদ্ৰ লোকৰ বাবে ১০০ টকাত চেনি, দাইল, নিমখ আদি সামগ্ৰী বিনামূলীয়াকৈ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ লগতে উল্লেখ কৰে যে ৰ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ কথা কৈছিল যদিও ইতিমধ্যে ১.৬০ লাখতকৈ অধিক যুৱ-যুৱতীয়ে নিয়োগ লাভ কৰিছে৷ ডিব্ৰুগড়ক ৰাজধানী মৰ্যাদা দিয়াৰ ইংগিত চ্ছ চনৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীৰ পিছত ডিব্ৰুগড়কো ৰাজধানীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ লৈ ৰাইজৰ কাষ চাপিব৷ তেওঁ কয়, ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ডিব্ৰুগড়ক এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা আছে৷ উন্নয়ন আৰু ঐতিহ্যৰ উল্লেখ ভাষণত তেওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন, বিমান অৱতৰণ সক্ষমতা বৃদ্ধি আদিৰ কথা উল্লেখ কৰে৷ লগতে চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা আৰু অসমীয়া ভাষাই দ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কথাও স্মৰণ কৰে৷

অসমত গড় হত্যা বন্ধ হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত শান্তি বৰ্তি আছে৷ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে৷ ২০২৬ আৰু ২০৩১ নিৰ্বাচনক লৈ ৰাজনৈতিক মন্তব্য সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনত কংগ্ৰেছ বিৰোধী দল হিচাপে থাকিব পাৰে যদিও ২০৩১ চনত বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে বিৰোধীৰ ভূমিকা ল’ব পাৰে৷ তেওঁ কয় যে মিঞা মুছলমান অধ্যুষিত অঞ্চলত বেদখল অভিযান চলোৱাৰ সময়ত কংগ্ৰেছ থিয় নোহোৱাত ৰাইজৰ আস্থা হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ২০২৬ চনৰ নিৰ্বাচনত অসমৰ লগতে পশ্চিমবংগতো বিজেপিয়ে চৰকাৰ গঠন কৰিব লাগিব, যাতে অবৈধ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায়৷ ভাষণৰ অন্তত তেওঁ কয় যে নতুন অসম গঢ়াৰ লক্ষ্য লৈ ৰাজ্য চৰকাৰ আগবাঢ়িছে আৰু আগন্তুক সময়ছোৱাত উন্নয়ন, নিয়োগ আৰু জাতীয় স্বাভিমানৰ ক্ষেত্ৰত অধিক জোৰ দিয়া হ’ব৷