Home Blog Page 44

কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক । Kamrup Metro

কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক । Kamrup Metro
কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক । Kamrup Metro

Kamrup Metro । কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য, ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকখনত কামৰূপ মহানগৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনা আৰু পৰ্যালোচনা কৰা হয়।

বৈঠকত উপস্থিত থাকে — গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, আৰু জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা সহ অন্যান্য বিষয়া।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে, “প্ৰত্যেক আঁচনি জনগণলৈ সুফল পোৱাৰ সময়সীমা ভিতৰত সম্পূৰ্ণ হোৱাই হৈছে চৰকাৰৰ লক্ষ্য।”

বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন, স্বাস্থ্য, শিক্ষা, সমগ্ৰ শিক্ষা অভিযান, ভূমি সংৰক্ষণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, হস্ততাঁত আৰু বয়ন, জিলা ক্ৰীড়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শ্ৰম, লোকনিৰ্মাণ (পথ) আদিসহ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

প্ৰত্যেক বিভাগে নিজৰ আঁচনিৰ অগ্ৰগতি আৰু কাৰ্যপদ্ধতিৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে মন্ত্ৰীগৰাকীক অৱগত কৰে।

বৈঠকৰ অন্তত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত “জিলা উদ্যম সমাগম” শীৰ্ষক প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰে। এই প্ৰদৰ্শনীখন আৰ ই এম পি আঁচনিৰ অধীনত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সহযোগত আয়োজিত হৈছে।

উল্লেখযোগ্য যে, “জিলা উদ্যম সমাগম” প্ৰদৰ্শনীখন ৩১ অক্টোবৰত সামৰণী পাব। এই প্ৰদৰ্শনীত বিভিন্ন উদ্যোগপতি, হস্তশিল্পী, বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোক্তাসকলে নিজৰ উৎপাদন আৰু উদ্ভাৱনীমূলক কামৰ পৰিচয় আগবঢ়াব।

বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ । শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাৰ সংবাদ মেল । Bir Lachin Sena 

বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ । শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাৰ সংবাদ মেল । Bir Lachin Sena 
বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ । শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাৰ সংবাদ মেল । Bir Lachin Sena 

Bir Lachin Sena  । গুৱাহাটীতো বীৰ লাচিত সেনাৰ মুখ্য সচিৱ ৰন্তু পানীফুকনক সংবিধান মেলৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে শিৱসাগৰৰ নিজ বাসগৃহত এক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাই।

সংবাদ মেলত শৃংখল চলিহাই কয় — “ৰন্তু পানীফুকন, উৎপল অসম আৰু তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ’ল, চৰকাৰে তাৰ স্পষ্ট উত্তৰ দিব লাগিব। যদি অনতিপলমে তেওঁলোকক মুক্তি নিদিয়া হয়, তেন্তে বীৰ লাচিত সেনাই কাইলৈৰ পৰা জংগী আন্দোলনৰ পথ বাছি ল’ব।”

চলিহাই সংবাদ মেলত বিকাশ অসমৰ বিৰুদ্ধে অহা অভিযোগৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰি কয় — “বিকাশ অসমক সংগঠনৰ সকলো দায়িত্বৰ পৰা তথা প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হ’ল।”

তেওঁ লগতে কয়, “বীৰ লাচিত সেনাৰ কিছুমান সদস্যক ডকাইতি কেচত সংযোজিত কৰি গ্ৰেপ্তাৰ কৰাটো এটা গুৰুতৰ ষড়যন্ত্ৰ। চৰকাৰে প্ৰথমে প্ৰমাণ কৰিব লাগে — অপৰাধৰ সৈতে জড়িত লোকবোৰ বীৰ লাচিত সেনাৰ সদস্য নে নহয়। যদি প্ৰমাণ হয়, তেন্তে সংগঠনে নিজৰ ভিতৰতে ব্যৱস্থা ল’ব।”

চলিহাই চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ তুলি কয় — “বীৰ লাচিত সেনাৰ সত্ত্বাক ধ্বংস কৰিবলৈ চৰকাৰে ৰাজনৈতিক স্বাৰ্থৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। যদি এনে ধৰণৰ দমননীতি চলি থাকে, তেন্তে মিঞা আৰু অনাঅসমীয়াই অসমত চলি ফুৰিব, কিয়নো কেৱল বীৰ লাচিত সেনাই তেওঁলোকক ভয় কৰায়।”

তেওঁ একাংশ সংবাদ মাধ্যমৰ ওপৰতো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চলিহাই কয়, “কিছুমান সংবাদ মাধ্যমে আমাক বিচাৰৰ আগতে দোষী ঘোষণা কৰে, কিন্তু যেতিয়া আমি নিৰ্দোষ প্ৰমাণিত হওঁ, তেতিয়া তেওঁলোক মৌন হৈ থাকে।”

সংগঠনৰ ওপৰত হোৱা পদক্ষেপক “সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি বৰ্ণনা কৰি শৃংখল চলিহাই কয়, “শাসকীয়-বিৰোধী সকলো দলেই বীৰ লাচিত সেনাক ভয় কৰে। কিয়নো কোনো দল বঙালী, মিঞা বা বণিয়াৰ বাবে দায়বদ্ধ, কিন্তু বীৰ লাচিত সেনা কেৱল অসম আৰু অসমীয়াৰ বাবে দায়বদ্ধ। এই কাৰণেই চৰকাৰ আমাৰ প্ৰতি আতংকিত।”

চলিহাই আরও কয়, “অসমত এতিয়া এক ৰাজনৈতিক মহাভাৰত আৰম্ভ হৈছে, কিন্তু শকুণি কোন, সেইটো এতিয়াও চিনি পোৱা নাই। কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল — বীৰ লাচিত সেনাৰ সকলো সৈনিকৰ গাত লাচিতৰ তেজ বৈছে। কিন্তু আজি সেই মুখ্যমন্ত্ৰীয়ে সংগঠনৰ ওপৰত নিষেধাজ্ঞা আনে। এই বিপৰীত অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনগণক উত্তৰ দিব লাগিব।”

শেষত শৃংখল চলিহাই সপোষ কৰি কয় — “যদি কাইলৈৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নেতৃত্বক মুক্তি নিদিয়া হয়, তেন্তে বীৰ লাচিত সেনাই ৰাজপথ উত্তাল কৰি প্ৰতিবাদ আন্দোলন আৰম্ভ কৰিব।”

Roi Roi Binale: ৩ কোটি ৪০ লাখ মানুহে নোচোৱালৈকে অসমৰ চিনেমা হলত চলি থাকিব ‘ৰৈ ৰৈ বিনালে’

গুৱাহাটীত সদৌ অসম চিনেমা হল মালিক সংস্থাৰ সংবাদমেল।(Roi Roi Binale)
গুৱাহাটীত সদৌ অসম চিনেমা হল মালিক সংস্থাৰ সংবাদমেল।(Roi Roi Binale)

গুৱাহাটীত সদৌ অসম চিনেমা হল মালিক সংস্থাৰ সংবাদমেল।(Roi Roi Binale)

সংবাদমেল সম্বোধন সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাৰ।

মহানগৰীৰ হোটেল এপল’ গ্ৰেণ্ডত এই সংবাদমেল সম্বোধন।

সংবাদমেলত ৰাজীৱ কুমাৰ বৰাই ৰৈ ৰৈ বিনালে চিনেমা টিকটৰ মূল্য বৃদ্ধি সন্দৰ্ভত কয় যে-

অসমৰ ৩ কোটি ৪০ লাখ মানুহে নোচোৱালৈকে ‘ৰৈ ৰৈ বিনালে’ চলি থাকিব অসমৰ চিনেমা হলত।

সকলোৱে যাতে শৃংখলাবদ্ধভাৱে ছবিখন উপভোগ কৰে তাৰ বাবে আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে।

লগতে তেওঁ কয় যে কোনো চিনেমা হলৰ মালিকে ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ দাম বঢ়োৱা নাই।

দিল্লী-মুম্বাইত বহি থকা বহুজাতিক কোম্পানীয়ে বঢ়াইছে দাম বুলি তেওঁ উল্লেখ কৰে।

তেওঁলোকে অসমৰ কোনো আবেগ বুজি নাপায় বুলিও কয়।

‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ দাম বৃদ্ধি সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ৰাজীৱ বৰাৰ।




Veer Lachit Sena: বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনক গ্ৰেপ্তাৰ
বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনক গ্ৰেপ্তাৰ

সংবাদমেলৰ মাজতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টুপানী ফুকনক।(Veer Lachit Sena)

মহানগৰীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰিছিল ৰণ্টু পানী ফুকনে।

আনহাতে বিকাশ অসমৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

বন্ধ হৈ আছে বিকাশ অসমৰ দুয়োটা ম’বাইল ফোন।

বীৰ লাচিত সেনা অসমৰ নেতা ধনদাবী পত্ৰত চহী পোৱা গৈছিল বিকাশ অসমৰ।

উল্লেখযোগ্য যে –

ধন দাবী-অপহৰণত জড়িত বীৰ লাচিত সেনাৰ ৬ সদস্যক গ্ৰেপ্তাৰ।


বীৰ লাচিত সেনাৰ ৫ সদস্যসহ অপহৰণত জড়িত মুঠ ৮ জনক গ্ৰেপ্তাৰ।


উদ্ধাৰ হৈছিল বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত ধন দাবী পত্ৰ।


ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণ কৰি দাবী কৰিছিল ১৫ৰ পৰা ২০ লাখ টকা।

বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালৰ সমুখৰ পৰা অপহৰণ কৰিছিল ৰাহুল মিশ্ৰক।


আৰক্ষীয়ে ত্ৰিবেণী পথৰ পৰা উদ্ধাৰ কৰে অপহৃত লোকজনক।


উদ্ধাৰ হকীষ্টিক, চোকা অস্ত্ৰ আৰু বীৰ লাচিত সেনাৰ ৰচিদ বহী।


জব্দ অপহৰণত ব্যৱহৃত দুখনকৈ বাহন।






Veer Lachit Sena: ব্লেকমেইলিঙৰ অভিযোগত আটক বীৰ লাচিত সেনাৰ কৰ্মী

ব্লেকমেইলিঙৰ অভিযোগত আটক বীৰ লাচিত সেনাৰ কৰ্মী
ব্লেকমেইলিঙৰ অভিযোগত আটক বীৰ লাচিত সেনাৰ কৰ্মী

অপহৰণ-ধন দাবীৰে গ্ৰেপ্তাৰ লাচিত সেনাৰ ৫ সদস্য।(Veer Lachit Sena)

ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত লাচিত সেনাৰ ৬ যুৱক।

গ্ৰেপ্তাৰ বিশ্বজিৎ দলে, ইঞ্জামূল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্ল কলিতাক।

মহানগৰীৰ ভিন্ন স্থানত অভিযান চলাই আটক কৰে দিছপুৰ আৰক্ষীয়ে।

এজন লোকক অপহৰণ কৰি ২২ লাখ টকা ব্লেকমেইলিং কৰাৰ অভিযোগ।

Garima Saikia Garg: স্বামী জুবিন গাৰ্গক সুঁৱৰি পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

স্বামী জুবিন গাৰ্গক সুঁৱৰি (Garima Saikia Garg) পুনৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। মাজনিশা সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

‘তুমি চাগে বহুত ব্যস্ত নহয়নে ? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে .. শেষ পৰ্য্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই,,release plan চাব লাগে.. এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব,,অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব !

উফ্, ৰক্ষাই পোৱা নাই চাগে তুমি ! সেইকাৰণে এটাও ফোন নাই ইমান দিনে,, দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই । একো নাই মই বুজি পাওঁ নহয় ! আৰু “মিশ্যন চাইনা” ৰিলীজৰ আগত অকণমানি লʼৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই .. ” মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হʼব ?ʼ কি বোৰ যে চিন্তা কৰা তুমি!

মই বাৰু সদায়ে আছো,, বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ.. তথাপি, ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই !

কিন্তু ইমানদিন যে পাৰ হৈ গʼল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা লʼব নোৱাৰাকৈ.. বৰকৈ মনত পৰি আছে অ’ গ’ল্ডী ! বহুত miss কৰিছোঁ তোমাক। এটা এটা মূহুৰ্ত কেনেকৈ পাৰ হৈছে , ক’ব নোৱাৰো একো !

মই আছোনে নাই নিজেই বুজি পোৱা নাই ।’

কামৰূপৰ বংশৰত বিশিষ্ট সমাজকৰ্মী দেৱেন্দ্ৰ নাথ কাকতিৰ অভিনন্দন গ্ৰন্থ “ৰ’দৰ স্তাৱক” উন্মোচন

কামৰূপ’ৰ বংশৰস্থিত ভৃঙ্গেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী দেৱেন্দ্ৰ নাথ কাকতি অভিনন্দন গ্ৰন্থ “ৰ’দৰ স্তাৱক” উন্মোচনী সভা এখনি ৰবিবাৰে অনুষ্ঠিত হ’য়।সভাৰ আৰম্ভণিতেই প্ৰানৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’য়।সভাৰ সভাপতিত্ব কৰে অৱসৰী প্ৰধান শিক্ষক ভগৱান বৈশ্যই।অভিনন্দন গ্ৰন্থ “ৰ’দৰ স্তাৱক” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ধীৰেন শৰ্মাইt।সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ মদন মোহন দাসে।

সভাত আমন্ত্ৰিত অতিথি দুধনৈ মহাবিদ্যালয়’ৰ অৱসৰী অধ্যাপক ড° হৰমোহন দাস,শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অতুল দাস,বিজেপি’ৰ যুৱ নেতা প্ৰকাশ চন্দ্ৰ দাস,অধিবক্তা মৃদুল মালাকাৰ’ কে প্ৰমূখ্যে শতাধিক বিশিষ্ট গণ্য মান্য ব্যক্তি উপস্থিত থাকে।সভাৰ আঁত ধৰে অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি’ৰ সম্পাদক ৰমেন ভৰালী’য়ে।উল্লেখ্য যে প্ৰকৃত সমাজসেৱক দেৱেন্দ্ৰ নাথ কাকতিদেৱ’ৰ সমাজ জীৱনত আগবঢ়োৱা সাহিত্য,সংস্কৃতি,শিক্ষা,ক্ৰীড়া,আধ্যাত্মিকতা’ৰ বিভিণ্ণ দিশ অভিনন্দন গ্ৰন্থ ” ৰদৰ স্তাৱক” ত সণ্ণিবিষ্ট কৰা হৈছে।

‘‘এনেধৰণৰ কথাই গৰিমা গাৰ্গৰ মনত কষ্ট দিছে’’…

ৰাজ্যৰ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ সৈতে অন্তিম সময়ত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল, সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে।

আনফালে জুবিন গাৰ্গক লৈ একাংশই চলাইছে অপপ্ৰচাৰ। জুবিন গাৰ্গে হতাশগ্ৰস্ত হোৱা বুলি একাংশই অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই।

ডাঃ হিতেশ বৰুৱাই কয় যে ‘‘হতাশগ্ৰস্ত হোৱা নাছিল জুবিন। জুবিনক লৈ একাংশই চলাইছে অপপ্ৰচাৰ। এনেধৰণৰ কথাই গৰিমা গাৰ্গৰ মনত কষ্ট দিছে।’’ এনে অপপ্ৰচাৰৰ পৰা সকলোকে দূৰত থাকিবলৈ আহ্বান জনাই বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই।

আজি গৰিমা শইকীয়া গাৰ্গৰ খবৰ ল’বলৈ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছিল চিকিৎসক হিতেশ বৰুৱা। সেই মুহূৰ্ততে গৰিমা গাৰ্গৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও কৰে ডাঃ হিতেশ বৰুৱাই।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই আছে CIDৰ SITএ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যভেদ কৰিবলৈ বিভিন্ন লোকক জেৰা চলোৱাৰ লগতে ভাষ্য গ্ৰহণ কৰিছে।

দ্বি-বাৰ্ষিক ছ্যুকাফা কাপ ২০২৫ ৰ চলন্ত ট্টফী ফুটবল প্ৰতিযোগিতা

টাই আহোম যুৱ পৰিষদ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় মহানগৰ আৰু বৰপথাৰ অঞ্চলবাসী ৰাইজৰ সহযোগত দ্বি-বাৰ্ষিক ছ্যুকাফা কাপ ২০২৫ ৰ চলন্ত ট্টফী ফুটবল প্ৰতিযোগিতা।

আজি ডিব্ৰুগড়ৰ বৰপথাৰ সন্দিকৈ গাঁৱৰ খেলপথাৰত আৰম্ভ হোৱা ফুটবল খেল খনিত শুভ উদ্ধোধন কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ লগতে অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সম্পাদক ভাস্কৰ সন্দিকৈ,

ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকায়, টাইপা ডিব্ৰুগড় জিলাৰ সমিতিৰ বিষয়ববীয়াৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত এই ফুটবল প্ৰতিযোগিতা খেল খনিত উপস্থিত থাকে।

Dr Jaykanta Sharma: অগ্রদূত ভৱনত ড° জয়কান্ত শৰ্মাৰ গ্ৰন্থ ‘গুৰু দক্ষিণা’ উন্মোচন

Dr Jaykanta Sharma: অগ্রদূত ভৱনত ড° জয়কান্ত শৰ্মাৰ গ্ৰন্থ 'গুৰু দক্ষিণা' উন্মোচন
Dr Jaykanta Sharma: অগ্রদূত ভৱনত ড° জয়কান্ত শৰ্মাৰ গ্ৰন্থ 'গুৰু দক্ষিণা' উন্মোচন

“সাম্প্ৰতিক বিভীষিকাময় (Dr Jaykanta Sharma) পৰিৱেশৰ মাজতো বৌদ্ধিক চর্চা অক্ষুন্ন ৰখা একাংশ মানুহৰ শুভ চিন্তাই সমাজখনক সদায়ে এক নতুন প্রত্যয়ৰে চাবলৈ শিকাই আহিছে। সেয়েহে এনে বৌদ্ধিক তথা সামাজিক ঐক্য আৰু সংহতিৰ বাবে কাম কৰা এই লেখকসকলক আমি নিঃসন্দেহে নতুন সমাজৰ একোজন ৰূপকাৰ বুলি ক’ব পাৰোঁ আৰু তেওঁলোকৰ মৌলিক গ্ৰন্থৰাজিক আমি নিঃসন্দেহে ক’ব লাগিব সমাজৰ আত্মা বুলি।” আজি অগ্রদূত ভৱনত ‘ভাষা প্রকাশন’ৰ দ্বাৰা প্ৰকাশিত আৰু গুৱাহাটীৰ বিশিষ্ট লেখক তথা গল্পকাৰ ড’ জয়কান্ত শৰ্মাৰ দ্বাৰা লিখিত ‘গুৰু দক্ষিণা’ শীর্ষক গল্প পুথি এখন উন্মোচন কৰি এই বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট সাংবাদিক সংবাদসূর্য ড° কনকসেন ডেকাই।

ভাষণ প্রসংগত কনকসেন ডেকাই সাহিত্যৰ বিভিন্ন দিশ সম্পর্কতো নাতিদীর্ঘ বক্তব্য ৰাখি সাহিত্যৰ মৰ্যাদা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰে। উক্ত গ্রন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সমালোচক তথা গৱেষক পণ্ডিত ড° গোবিন্দ প্রসাদ শর্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি গল্প সম্পৰ্কত বিভিন্ন মতামত দাঙি ধৰি লেখকগৰাকীক অভিনন্দন জনায়। ভাষণ প্রসংগত গোবিন্দ প্রসাদ শর্মাই ড° জয়কান্ত শৰ্মাৰ গল্প মানৱীয় চিন্তা আৰু চেতনাৰে সমৃদ্ধ বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়োৱাৰ বিপৰীতে বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু সমালোচক ড° দয়ানন্দ পাঠকে জয়কান্ত শৰ্মাৰ গল্প ৰুচিশীল সাংস্কৃতিক মনৰ বহিঃপ্রকাশ বুলি উল্লেখ কৰাৰ লগতে লেখকগৰাকীয়ে দীর্ঘ সময় ধৰি মননশীল গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যৰ ভৰাঁল চহকী কৰা বুলিও উল্লেখ কৰি ‘গুৰু দক্ষিণা’ প্রকাশৰ প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখ্য যে ড° জয়কান্ত শর্মাই ‘প্রান্তিক’ৰ পাতত দীর্ঘ সময় ধৰি লেখা ভিন্ন স্বাদৰ গল্পসমূহ অসমীয়া গল্প সাহিত্যৰ বাবে এক আপৰুগীয়া সম্পদ। এই অনুষ্ঠানত ভিন্ন প্রান্তৰ পৰা অহা সাহিত্যকর্মীসকলৰ উপস্থিতিত আৰম্ভণিতে বিশিষ্ট অতিথিসকলক ‘ভাষা প্রকাশন’ৰ তৰফৰ পৰা আন্তৰিক আদৰণি জনোৱা হয়। সভাত উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গ্রন্থখনে নতুন চামক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব বুলি মত প্রকাশ কৰাৰ লগতে ড° জয়কান্ত শৰ্মাৰ গল্পই অনাগত দিনত এক নতুন মাত্রা লাভ কৰিব বুলি আশা প্রকাশ কৰে।

আনহাতে গ্রন্থকাৰ জয়কান্ত শৰ্মাই ‘প্রান্তিক’ৰ পাতত গল্প লিখাৰ পাতনি মেলি দীর্ঘ সময় প্রান্তিকৰ পাততেই গল্পকাৰ হিচাপে পৰিচিতি লাভ কৰাৰ মনোজ্ঞ কাহিনী ৰসালভাৱে উপস্থাপন কৰি সকলোকে মোহিত কৰে। ড° শৰ্মাই অনাগত দিনৰ কিছু পৰিকল্পনাও ব্যক্ত কৰে। সভাত ভাষা প্রকাশনৰ অধ্যক্ষ মুকুট শৰ্মায়ো নিজৰ বক্তব্য প্রদান কৰি সাহিত্য সমাজৰ দাপোণ বুলি মত প্রকাশ কৰি সাহিত্য কর্মইহে নতুন অসম গঢ়াত ভূমিকা ল’ব পাৰে বুলি মন্তব্য আগবঢ়াই। লগতে ড’ জয়কান্ত শৰ্মাৰ দৰে আশী বছৰ বয়সতো দুৰন্ত তৰুণ হৈ থকা লোকসকলৰ বাবেই সমাজখন সুন্দৰ হৈ থকা বুলি মনত প্রকাশ কৰে। এই গ্ৰন্থখনৰ উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি লিখকৰ এই প্রচেষ্টাক আদৰণি জনায়। এই গ্রন্থখন www.vashapublication.inত উপলব্ধ বুলিও প্রকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে।