দৰং জিলাৰ ঔতলা বেছিমাৰীৰ গিতুমণি ডেকাই তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যই এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অভিযোগ মতে, অকল বিশেষ একাপ চাহৰ বাবেই নহয়, অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে৷
গুৱাহাটীত প্ৰথমবাৰৰ বাবে চি আৰ পি এফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পেৰেড, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অমিত শ্বাহ
গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ Central Reserve Police Force (চি আৰ পি এফ)-ৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ন-মাইলস্থিত গ্ৰুপ চেণ্টাৰত আজি এখন সংবাদ মেল অনুষ্ঠিত হয়। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ পেৰেড আৰু বিস্তৃত কাৰ্যসূচীৰ সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰাৰ উদ্দেশ্যে এই সংবাদ মেল আয়োজন কৰা হয়।
প্ৰথমবাৰৰ বাবে অসমৰ Guwahatiত চি আৰ পি এফৰ বাৰ্ষিকী পেৰেড অনুষ্ঠিত হ’ব। ২০২৬ চনৰ ১৯ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ডি জি পেৰেড অনুষ্ঠিত হ’ব, য’ত উপস্থিত থাকিব চি আৰ পি এফৰ সঞ্চালক প্ৰধান G. P. Singh। ইয়াৰ পিছতে ২১ ফেব্ৰুৱাৰীত মূল পেৰেড অনুষ্ঠিত হ’ব আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shah।
দুদিনীয়া এই কাৰ্যসূচীত চি আৰ পি এফৰ বিভিন্ন শাখাৰ ৮টা কনটিঞ্জেন্টে অংশগ্ৰহণ কৰিব আৰু প্ৰায় ১৪০০ জোৱানে গ্ৰেণ্ড চেৰিমোনিয়াল মার্চ পাষ্টত ভাগ ল’ব। পেৰেডৰ পিছত ছটা বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত জোৱানসকলে কঠিন পৰিস্থিতিত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ কৰি দেশ আৰু নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ কৌশল প্ৰদৰ্শন কৰিব।
উল্লেখযোগ্য যে, ১৯৩৯ চনত ‘ক্রাউন ৰিপ্ৰেজেন্টেটিভ পুলিচ’ হিচাপে গঢ় লৈ উঠা এই বাহিনী স্বাধীনতাৰ পিছত ১৯৪৯ চনত চি আৰ পি এফ হিচাপে পুনৰ নামাকৰণ কৰা হয়। ১৯৫৯ চনৰ হট স্প্ৰিংছৰ আত্মবলিদানৰ পৰা আৰম্ভ কৰি কাচৰ ৰণত চৰ্দাৰ পোষ্টৰ বীৰত্বগাঁথা আৰু ১৯৭১ চনৰ যুদ্ধত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি চি আৰ পি এফে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক সুদীৰ্ঘ ইতিহাস গঢ়ি তুলিছে।