Home Blog Page 45

Roi Roi Binale: ‘Dynamic Pricing’ৰ বাবে বৃদ্ধি হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য

Roi Roi Binale: 'Dynamic Pricing'ৰ বাবে বৃদ্ধি হৈছিল 'ৰৈ ৰৈ বিনালে'ৰ টিকটৰ মূল্য
Roi Roi Binale: 'Dynamic Pricing'ৰ বাবে বৃদ্ধি হৈছিল 'ৰৈ ৰৈ বিনালে'ৰ টিকটৰ মূল্য

‘Dynamic Pricing’ৰ বাবে (Roi Roi Binale) বৃদ্ধি হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য। টিকটৰ দাম বৃদ্ধিক লৈ চৰ্চা চলি থকাৰ মাজতে টীম ৰৈ ৰৈ বিনালেৰ টীমৰ স্পষ্টীকৰণ। ছবিগৃহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ছবিখনৰ ক্ষেত্ৰত ‘Dynamic Pricing’প্ৰযোজ্য নকৰিবলৈ আহ্বান টীম ৰৈ ৰৈ বিনালেৰ। পূৰ্ব নিৰ্ধাৰিত দামতেই ‘ৰৈ ৰৈ বিনালে’ৰ টিকট সংগ্ৰহ কৰিব পাৰিব বুলিও উল্লেখ টীমৰ।

সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে টীমে জনাই যে-

“ৰৈ ৰৈ বিনালে”ৰ টিকেটৰ মূল্য বৃদ্ধিক লৈ চলি থকা চৰ্চা সমূহ দেখি আমি পিভিআৰ, চিনেপলিছ্ আৰু অন্যান্য ছবিগৃহ সমূহৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলোঁ।

এই মূল্য বৃদ্ধিৰ কাৰণ হৈছে “Dynamic Pricing”। অৰ্থাৎ, কোনো এখন ছবিৰ টিকেট বুকিং যেতিয়া ৬০% সম্পূৰ্ণ হয় তেতিয়া ছবিখনৰ টিকটৰ দাম বৃদ্ধি পায়, পৰৱৰ্তী ৮০% বুকিং হ’লে তেনেদৰেই আকৌ বৃদ্ধি পায়। এই “Dynamic Pricing” সকলো চিনেমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়।

সেয়েহে, আমি এই সময়ত ছবিগৃহৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে “ৰৈ ৰৈ বিনালে”ৰ ক্ষেত্ৰত টিকটৰ মূল্য বৃদ্ধি হ’ব নালাগে আৰু “Dynamic Pricing” আমাৰ ছবিখনৰ সৈতে প্ৰযোজ্য কৰিব নালাগে। কৰ্তৃপক্ষই এই কথাত সন্মতি জনাইছে আৰু আগন্তুক ১-২ ঘণ্টাৰ ভিতৰত আপোনালোকে পূৰ্ব নিৰ্ধাৰিত দামতেই “ৰৈ ৰৈ বিনালে”ৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

টীম ৰৈ ৰৈ বিনালে

ULFA Cadre Arrested: পুনৰ এজন আলফা স্বাধীনৰ কেডাৰক আটক

ULFA Cadre Arrested: পুনৰ এজন আলফা স্বাধীনৰ কেডাৰক আটক
ULFA Cadre Arrested: পুনৰ এজন আলফা স্বাধীনৰ কেডাৰক আটক

পুনৰ এজন আলফা স্বাধীনৰ কেডাৰক আটক।(ULFA Cadre Arrested)

অৰুণাচলৰ নামচাইত অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত আটক থাওচেন অসম ওৰফে অনুপম দহোতীয়াক গ্ৰেপ্তাৰ।

থাওচেন অসমৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত।

থাওচেন অসমৰ পৰা MQ চিৰিৰ্জৰ এটা বন্দুক, ১৫১ জাই সজীৱ গুলি, এটা RPG, এটা বটল গ্ৰেনেড জব্দ কৰে।

আলফা স্বাধীনৰ কেডাৰজন কাকপথাৰৰ সেনা চাউনি আক্ৰমণত জড়িত আছিল

Fake doctor: গোলাঘাটৰ দেৰগাঁৱত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

Fake doctor: গোলাঘাটৰ দেৰগাঁৱত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ
Fake doctor: গোলাঘাটৰ দেৰগাঁৱত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

ভুৱা চিকিৎসকৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। (Fake doctor)

গোলাঘাটৰ দেৰগাঁৱত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ৰঞ্জিত চন্দ্ৰ সেনক।

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৰঞ্জিত চন্দ্ৰ সেন নামৰ ৫৭ বছৰীয়া ভুৱা আয়ুৰ্বেদিক চিকিৎসকজনক।

২০২৩ চনৰ পৰা হাজৰিকা আয়ুৰ্বেদিক নামৰ এটা প্ৰতিষ্ঠানত আয়ুৰ্বেদিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল এই ভুৱা চিকিৎসক জনে।

পূব কাৰ্বি-আংলঙ জিলাৰ পুৰণা বৰপথাৰৰ স্থায়ী বাসিন্দা ৰঞ্জিত চন্দ্ৰ সেন।

জানিব পৰা মতে কলিকতাৰ এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে তেওঁ আয়ুৰ্বেদিক চিকিৎসক হিচাপে কৰ্মৰত আছিল।

কিন্তু ২০২১ চনতে ভাৰত চৰকাৰে সেই চিকিৎসালয় খন নিষিদ্ধ ঘোষণা কৰিছিল।

আৰক্ষীৰ তথ্যৰ মতে Assam Medical councilৰ অধীনত তেওঁৰ কোনো ধৰণৰ পঞ্জীয়ন নাছিল।

সম্প্ৰতি ভুৱা চিকিৎসক জন দেৰগাঁও আৰক্ষী থানাৰ আলহী।

Roi Roi Binale: একাংশ চিনেমা হলত ‘ৰৈ ৰৈ বিনালে’ ছবিৰ টিকটৰ দাম বৃদ্ধি

Roi Roi Binale: একাংশ চিনেমা হলত 'ৰৈ ৰৈ বিনালে' ছবিৰ টিকটৰ দাম বৃদ্ধি
Roi Roi Binale: একাংশ চিনেমা হলত 'ৰৈ ৰৈ বিনালে' ছবিৰ টিকটৰ দাম বৃদ্ধি

হঠাৎ বৃদ্ধি পালে ‘ৰৈ ৰৈ বিনালে’ ছবিৰ টিকটৰ মূল্য।(Roi Roi Binale)

গুৱাহাটীৰ একাংশ ছবিগৃহত পূর্বতকৈ বৃদ্ধি টিকটৰ মূল্য।

প্ৰতিটো টিকটত দাম বৃদ্ধি কৰিছে প্রায় ১০০ টকাকৈ।

‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ ক্ষেত্ৰত এতিয়া একাংশই ব্যৱসায় আৰম্ভ কৰিছে বুলি চৰ্চা চলিছে।

কিছুমান হলত পূৰ্বতে ২২০ টকাৰ নৰ্মেল ৰেঞ্জৰ টিকটৰ পৰিৱৰ্তে আজি সেই টিকট মূল্য হৈছে ৩২০টকা ।

গুৱাহাটীৰ একাংশ ছবিগৃহত এতিয়া পূৰ্বতকৈ বৃদ্ধি পাইছে টিকটৰ দাম।

২৪০ টকীয়া টিকট হ’লগৈ ৩৪০ টকা।

PVR আৰু Cinepolisত টিকটৰ মূল্য বৃদ্ধিৰ পৰিলক্ষিত হৈছে।

Vijaya dashami: ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন কৰা হয়

Vijaya dashami: ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন কৰা হয়
Vijaya dashami: ৰাষ্ট্ৰ সেৱা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱ পালন কৰা হয়

শনিবাৰে আবেলি ৩:৩০ বজাত ধীৰেণপাৰা (Vijaya dashami) চম্পাৱতী স্কলৰ বাকৰিত আৰ এচ এচ’ৰ ভাতৃ সংগঠন ৰাষ্ট্ৰ সেৱীকা সমিতিৰ উদ্যোগত বিজয়া দশমী উৎসৱৰ লগত সংগতি ৰাখি গণবেশ আৰু অশ্ৰপুজন অনুষ্ঠানত মুখ্য সেৱিকা হৃীশা কলিতা আঁতধৰা গণবেশত বন্তি প্ৰজ্বালন কৰে প্ৰাক্তন আচাৰ্য্যা শংকৰদেৱ বিদ্যা নিকেতন বেলতলা ৷

গুৱাহাটী বিভাগৰ কাৰ্যবাহিকা সেৱা প্ৰান্ত প্ৰমুখ ৰাষ্ট্ৰসেৱিকা সমিতিৰ উত্তৰ অসম প্ৰান্ত “মুখ্য বক্তা কল্যানী ঠাকুৰীয়াই ৷ অশ্ৰপূজনৰ লগতে হৃীশা কলিতাৰ লগত সহযোগ কৰে আৰ্য্যনগৰ কাৰ্যবাহিকা লীলা মেধি সেৱিকা দ্বীপা শৰ্মা’ বৰ্ণালি কলিতা গীতাঞ্জলি দাসে গণবেশত লাল শাৰি পৰিধান কৰা প্ৰায় পঞ্চাশ সতাংশ মহিলা অংশগ্ৰহণ কৰে বুলি মুখ্যসেৱিকা হৃীশা কলিতাই এক প্ৰেছ বিবৃত্তি যোগে জনাই ৷

Salman Khan: ছুপাৰষ্টাৰ ছলমান খানক স*ন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ

Salman Khan: ছুপাৰষ্টাৰ ছলমান খানক স*ন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ
Salman Khan: ছুপাৰষ্টাৰ ছলমান খানক স*ন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ

ছুপাৰষ্টাৰ ছলমান খানক স*ন্ত্ৰাসবাদী ঘোষণা পাকিস্তানৰ।(Salman Khan)

ছৌদি আৰৱত বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক দেশ বুলি অভিহিত কৰিছিল ছলমান খানে।

ইয়াৰ পিছতে ছলমানৰ বিৰুদ্ধে সৰৱ পাকিস্তান।

পাক প্ৰধানমন্ত্ৰীয়ে ছলমান খানক স*ন্ত্ৰাসবাদী ঘোষণা কৰিছে।

পাকিস্তানৰ গৃহ মন্ত্ৰালয়েও এই সন্দৰ্ভত জাৰি কৰিছে আনুষ্ঠানিক অধিসূচনা।

Pranjal Saikia: প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫

প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫
প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫

চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা ।(Pranjal Saikia)

প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ এই বৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰিছে বঁটাপ্ৰাপক বাচনিৰ বাবে বহুকেইগৰাকী জ্যেষ্ঠ শিল্পী, শিক্ষাবিদ তথা বিশিষ্ট সাংস্কৃতিক কৰ্মীৰে গঠিত জুৰীয়ে।

৫ নৱেম্বৰত গোলাঘাটৰ ঐতিহ্যমণ্ডিত পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱত প্ৰদান কৰিব এই সন্মান।

কলিতা জনগোষ্ঠী সন্মিলনৰ উদ্যোগত কলিতা যুৱ-ছাত্ৰ পৰিষদ আৰুসদৌ অসম কলিতা আলপাইন সন্মিলন সহযোগত গুৱাহাটী দিছপুৰত প্ৰতিবাদ । Kalita Janagosthi

কলিতা জনগোষ্ঠী সন্মিলনৰ উদ্যোগত কলিতা যুৱ-ছাত্ৰ পৰিষদ আৰুসদৌ অসম কলিতা আলপাইন সন্মিলন সহযোগত গুৱাহাটী দিছপুৰত প্ৰতিবাদ । Kalita Janagosthi
কলিতা জনগোষ্ঠী সন্মিলনৰ উদ্যোগত কলিতা যুৱ-ছাত্ৰ পৰিষদ আৰুসদৌ অসম কলিতা আলপাইন সন্মিলন সহযোগত গুৱাহাটী দিছপুৰত প্ৰতিবাদ । Kalita Janagosthi

Kalita Janagosthi । কলিতা জনগোষ্ঠী সন্মিলনৰ উদ্যোগত কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদ ,সদৌ কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ,
কলিতা ছাত্ৰ সন্থাৰ সহযোগত কলিতা জনগোষ্ঠীক জনজাতিকৰণ , প্ৰাগজ্যোতিষপুৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ গঠন ,ভূমি অধিকাৰ প্ৰদান , শদিয়াত কলিতা জনগোষ্ঠীক সুৰক্ষিত শ্রেণীৰ মর্য্যদা প্ৰদানৰ দাৱীত তিব্ৰ প্ৰতিবাদ ৷


উক্ত প্ৰতিবাদ কলিতা সন্মিলনৰ সভাপতি ড॰সোনেশ্বৰ কলিতা , কলিতা যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক
সূৰুজ কুমাৰ তালুকদাৰ , আলপাইন সন্মিলনৰ সাধাৰণ সম্পাদক নয়ন কলিতা ,কলিতা ছাত্ৰ সন্থাৰ সভাপতি অভিশেষ কলিতা ,সকলো সংগঠনৰ সদস্য সকলৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কলিতা জনগোষ্ঠী ৰাইজ উপস্থিত থাকে ৷

Bornali ShristiWellness Home: ‘সৃষ্টি ৱেলনেছ নিচামুক্তি কেন্দ্ৰ’ৰ স্বত্বাধিকাৰী বৰ্ণালী কলিতাক গ্ৰেপ্তাৰ

'সৃষ্টি ৱেলনেছ নিচামুক্তি কেন্দ্ৰ'ৰ স্বত্বাধিকাৰী বৰ্ণালী কলিতাক গ্ৰেপ্তাৰ
'সৃষ্টি ৱেলনেছ নিচামুক্তি কেন্দ্ৰ'ৰ স্বত্বাধিকাৰী বৰ্ণালী কলিতাক গ্ৰেপ্তাৰ

অৱশেষত সৃষ্টি ৱেলনেছ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী বৰ্ণালী কলিতাক গ্ৰেপ্তাৰ।(Bornali ShristiWellness Home)

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বৰ্ণালী বৰ্ণালী কলিতাক।

নিচামুক্তি কেন্দ্ৰত যুৱতীক নিৰ্যাতন চলোৱাৰ আভিযোগ বৰ্ণালীৰ বিৰুদ্ধে।

শুকুৰবাৰে বৰ্ণালীক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে।

ভুক্তভোগীয়ে আৰক্ষীক দাখিল কৰা তথ্য প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ বৰ্ণালীক।

Bharat Taxi: অ’লা-উবেৰক প্ৰত্যাহ্বান জনাবলৈ আহি আছে ভাৰত টেক্সি !

অ’লা-উবেৰক প্ৰত্যাহ্বান জনাবলৈ আহি আছে ভাৰত টেক্সি
অ’লা-উবেৰক প্ৰত্যাহ্বান জনাবলৈ আহি আছে ভাৰত টেক্সি

এইবাৰ অলা-উবেৰৰ দৰে (Bharat Taxi) কেব সেৱাই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে৷ কাৰণ আহি আছে চৰকাৰী সেৱা – ভাৰত টেক্সি৷ ভাৰত টেক্সিৰ জৰিয়তে আৰম্ভ হ’ব দেশৰ প্ৰথমটো সমবায় টেক্সি সেৱা৷ ডিচেম্বৰৰ পৰা বৃহৎ পৰিসৰত এই সেৱা আৰম্ভ হ’ব৷ অৱশ্যে নৱেম্বৰ মাহত দিল্লীত আৰম্ভ হ’ব পাইলট প্ৰজেক্ট৷

এই পাইলট প্ৰজেক্টত ৬৫০ জন চালক আৰু গাড়ীৰ মালিক জড়িত হ’ব৷ অৰ্থাৎ সেই সময়ত সমবায় কেব সেৱাৰ বাবে ৬৫০খন গাড়ী আৱণ্টন দিয়া হৈছে৷ ইয়াৰ পিছত ডিচেম্বৰৰ পৰা এই সেৱা সম্প্ৰসাৰণ কৰি ক্ৰমান্বয়ে দেশৰ অন্যান্য চহৰতো উপলব্ধ হ’ব৷ জানিব পৰা মতে ডিচেম্বৰৰ ভিতৰত প্ৰায় প্ত হাজাৰ চালকে এই সেৱাত যোগদান কৰিব৷

এই কেন্দ্ৰটোৰ লক্ষ্য হৈছে ২০২৬ চনৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো মেট্ৰ’ চহৰতে এই কেব সেৱা আৰম্ভ কৰা৷ আৰু লক্ষ্য ২০৩০ চনৰ ভিতৰত এই প্লেটফৰ্মত ৰ লাখ চালকক সংযোগ কৰা৷ সেই ক্ষেত্ৰত সাধাৰণ মানুহে এই সেৱাৰ সুযোগ সকলো জিলা সদৰ আৰু গ্ৰাম্য অঞ্চলতো পাব৷ জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগে যৌথভাৱে এই সেৱা পৃষ্ঠভূমি নিৰ্মাণ কৰিছে৷

আৰু সেই কাৰণেই কেন্দ্ৰই সহকাৰী টেক্সি সমবায় লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ ই ব্যক্তিগত সংগঠন নহয়, সমবায় হ’ব৷ সেয়ে বাহনৰ মালিকৰ সৈতে চালকসকলো সহ-মালিক হ’ব৷ সংগঠনটোৰ সকলো কাম-কাজ চোৱাচিতা কৰিবলৈ এখন পৰিষদ গঠন কৰা হৈছে৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন সমবায় সমিতিৰ আৰু আঠজন সদস্যকো সংযোজন কৰা হৈছে৷