Home Blog Page 46

ভাৰতে পাকিস্তানক ক্ৰিকেট যুঁজত হৰুৱাৰ পাছত নেটিজেনৰ টাৰ্গেট হ’ল গৌৰৱ-অখিল

ভাৰতে পাকিস্তানক ক্ৰিকেট যুঁজত হৰুৱাৰ পাছত নেটিজেনৰ টাৰ্গেট হ'ল গৌৰৱ-অখিল
ভাৰতে পাকিস্তানক ক্ৰিকেট যুঁজত হৰুৱাৰ পাছত নেটিজেনৰ টাৰ্গেট হ'ল গৌৰৱ-অখিল

ভাৰতে পাকিস্তানক ক্ৰিকেট যুঁজত হৰুৱাৰ পাছত নেটিজেনৰ টাৰ্গেট হ’ল গৌৰৱ-অখিল ।

বহুলোকে ভিন্ন কমেন্টেৰে গৌৰৱ-অখিলক তুলা-ধুনা দিলে সামাজিক মাধ্যমত

পূৰ্বৰ দৰেই দেওবাৰেও ভাৰত পাকিস্তানৰ ক্ৰিকেট খেলত পাকিস্তান পৰাস্ত হোৱাৰ পাছত সামজিক মাধ্যমত পোষ্ট নিদিলে গৌৰৱ গগৈয়ে। খেল শেষ হোৱাৰ প্ৰায় ৪৫ মিনিট মানলৈ সামাজিক মাধ্যমত নাহিল গৌৰৱৰ কোনো পষ্ট ৷ ফলত নেটিজেনে গৌৰৱ গগৈৰ পোষ্টত ট্ৰল কৰিবলৈ আৰম্ভ কৰে। গৌৰৱ গগৈৰ পেজৰ কমেন্ট বক্সত গৈও একাংশ নেটিজেনে তীৰ্যক মন্তব্য কৰিলে ৷ কিছু সংখ্যকে গৌৰৱক লৈ লিখিছে যে আপুনি এতিয়া পোষ্ট দিব পাৰে আপোনাৰ দুখ সামৰি। এজনৰ প্ৰশ্ন গৌৰৱক বিৰাট আৰু বাবৰ কোন শ্ৰেষ্ঠ?

আন এজনে লিখিছে ১৫২-০ মনত আছে বুলিও পোষ্ট দিব পাৰে। খেল শেষ হোৱাৰ প্ৰায় ২ ঘণ্টা পাছত গৌৰৱ গগৈয়ে কৰা পোষ্টত গগৈৰ পাক সংযোগক লৈ নেটিজেনে ট্ৰ’ল কৰে ৷ যুগান্তৰ কলিতা নামৰ এজনে লিখিছে বৌয়ে ভাত নিদিব চাব, গুনজিত পাঠক নামৰ এজনে লিখিলে নিৰ্বাচনতো একেই হ’ব ৷

চিন্তু এম কলিতাই লিখিলে বৌয়ে কান্দিছে নেকি দাদা ৷ মুকুট সনাতনীয়ে লিখিলে পত্নীৰ অনুমতি লওতে পলম হ’ল নেকি? উদ্ধৱ ৰয়ে লিখিলে আপোনাৰ টীম বেয়াকে হাৰিলে ৷এজনে লিখিলে পত্নীৰ চাকৰি যাব। কিন্তু সামাজিক মাধ্যমত ট্ৰ’ল কৰা কমেণ্টসমূহ অসমৰ ভিন্ন স্থানৰ পৰা অহা দেখা গল। কেৱল গৌৰৱ গগৈকে নহয়, সামাজিক মাধ্যমত বিধায়ক অখিল গগৈয়ে খেলক লৈ দিয়া পোষ্টত ট্ৰল কৰিলে একাংশই ৷ ব্ৰজেন কিশো নামৰ এজনে অখিল গগৈৰ পোষ্টত ক’লে পাইজানৰ এটা কবৰ লওক ৷ কান্দি আছে চাগে ৷

মানস জ্যোতি চুতিয়াই লিখিলে এতিয়া আপুনি কৈ নিদিব আকৌ ভাৰত পাকিস্তানৰ লগত জিকিল, অসমৰ কি উন্নতি হ’ব ৷ গিৰিশ নামৰ এজনে লিখিলে চুমাবাবাৰ মুখত শোভা নাপাই গৌৰৱউদ্দিনে চাগে কান্দি আছে ৷

আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি

আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি।

স্বাধীনতা যুঁজৰ অন্যতম সেনাপতি, অসমৰ মুকুট বিহীন সম্ৰাট কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক আজি তেওঁৰ জন্মভূমি উত্তৰ গুৱাহাটী মধ্যমখণ্ডত গভীৰ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

উত্তৰ গুৱাহাটী সাংবাদিক উদ্যোগত আৰু ঐতিহ্য সংৰক্ষণ সমিতি, অসমৰ সহযোগত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে কৰ্মবীৰৰ ৯০ সংখ্যক মৃত্যু তিথিৰ আয়োজন কৰা হৈছে।

প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত মৃণালিনী দেৱী শিশু নিকেতনৰ প্ৰাংগণত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে দেশ তথা স্বজাতিৰ বাবে কৰা ত্যাগৰ কথা স্মৰণ কৰে।

আৰম্ভণিতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানৰ আত ধৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহ: সম্পাদক উৎপল তামুলীয়ে।

উল্লেখ্য, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে অহা ২৪ ফেব্ৰুৱাৰীত ছাত্ৰী ছাত্ৰীৰ মাজত কৰ্মবীৰৰ ওপৰত এখন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

বৰক্ষেত্ৰীৰ দমদমাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

বৰক্ষেত্ৰীৰ দমদমাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷
বৰক্ষেত্ৰীৰ দমদমাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা গাঁৱত বিগত ২৭ বছৰৰ দৰে এইবেলিও গাঁওখনৰ ৰাইজৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হয় মহাশিৱৰাত্ৰি ৷ কালি ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচীৰে শিৱক আৰাধনা কৰাৰ পাছত আজি উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাটো উদ্বোধন কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা চিমি বৰ্মনে।

লগতে উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ মিথুন দাস। অসমীয়া জাতি-জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি-সংস্কৃতিসমূহ উপস্থাপন কৰি উলিওৱা শোভাযাত্ৰাটো দমদমা গাঁৱৰ মাজেৰে ভ্ৰমণ কৰে। শোভাযাত্ৰাটোত মহাশিৱৰাত্ৰি উদযাপন সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰ্মন, সম্পাদক ভগবান ডেকা,পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক মিন্টু দত্ত, ৫৮নং মুগদি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নৃপেন বৰ্মন, বিজেপি নেতা দধি বৰ্মনেকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

চালে চকুৰোৱা বৰ্ণাঢ্য শোভাযাত্ৰাত মুগ্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজৰ লগতে পথচাৰী। আজি সন্ধিয়া হীৰামণি বৈশ্যৰ নাগাৰা নাম, নিশা নৱজাগৰণ ভ্ৰাম্যমাণ নাট্যদলৰ নাট পৰিৱেশন কৰিব।

Akhil Gogoi: প্ৰয়োজন হ’লে ৰাইজৰ দলৰ সভাপতি পদ এৰি ভূপেন বৰাক : অখিল গগৈ

Akhil Gogoi: প্ৰয়োজন হ'লে ৰাইজৰ দলৰ সভাপতি পদ এৰি ভূপেন বৰাক : অখিল গগৈ
Akhil Gogoi: প্ৰয়োজন হ'লে ৰাইজৰ দলৰ সভাপতি পদ এৰি ভূপেন বৰাক : অখিল গগৈ

ভূপেন বৰাৰ দল ত্যাগ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য।(Akhil Gogoi)

‘ভূপেন বৰাক মই কেতিয়াও বিজেপিলৈ যাবলৈ নিদিওঁ’।

‘দিন-ৰাতি মই ভূপেন বৰাৰ বাসগৃহত পহৰা দি থাকিম’।

‘হাতে-ভৰিয়ে ধৰি প্ৰয়োজনত কান্ধত উঠাই লৈ ফুৰিম’।

‘দৰকাৰ হ’লে ৰাইজৰ দলৰ সভাপতিৰ পদ দিম’।

‘মই কাৰ্যকৰী সভাপতি হ’ম’।

Bhupen Borah: নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ডাঙৰ জোকাৰণিঃ ক’ত যোগদান কৰিব ভূপেন বৰাই ?

ক'ত যোগদান কৰিব ভূপেন বৰাই ?
ক'ত যোগদান কৰিব ভূপেন বৰাই ?

আগন্তুক বিধানসভা (Bhupen Borah) নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে দলীয় মহলত চাঞ্চল্য সৃষ্টি কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এ পি চি চি)ৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পৰা পদত্যাগ কৰিছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকার্জুন খাৰ্গেক প্ৰেৰণ কৰিছে বুলি দলীয় সূত্ৰে প্ৰকাশ কৰে।

দলীয় সূত্ৰৰ তথ্য অনুসৰি, আগন্তুক নিৰ্বাচনৰ বাবে আন ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা গঠনক লৈ ৰাজ্যিক নেতৃত্বৰ সৈতে বৰাৰ মতভেদ হৈছিল। বিশেষকৈ বৰ্তমানৰ এ পি চি চি সভাপতি গৌৰৱ গগৈৰ সৈতে এই বিষয়ত মতানৈক্য তীব্ৰ হৈ পৰিছিল বুলি জনা গৈছে। ইয়াৰ ফলতেই তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি দলৰ ভিতৰুৱা মহলে প্ৰকাশ কৰিছে।


বৰাৰ পদত্যাগৰ খবৰ পোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা বুলি সূত্ৰে জানিবলৈ দিয়ে। দলৰ ফালৰ পৰা তেওঁক পুনৰ দলত থাকিবলৈ বুজাবলৈ চেষ্টা অব্যাহত আছে।

ইয়াৰ মাজতে ৰাজনৈতিক মহলত জোৰ জল্পনা চলিছে যে ভূপেন বৰাই অহা ২০ বা ২১ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব পাৰে। তেওঁৰ সৈতে লাখিমপুৰ জিলাৰ কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে বিজেপিত যোগদান কৰিব পাৰে বুলিও সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰাৰ ফালৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই।


উল্লেখযোগ্য যে, ভূপেন কুমাৰ বৰাই ২০২১ চনৰ জুলাই মাহত এ পি চি চি সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ২০২৫ চনৰ জুন মাহলৈকে এই পদত আছিল। তেওঁ এজন প্ৰাক্তন বিধায়ক হিচাপেও ৰাজনৈতিক ক্ষেত্ৰত পৰিচিত।
নিৰ্বাচনৰ পূৰ্বে দলৰ এজন প্ৰভাৱশালী নেতাৰ এই পদত্যাগে অসম কংগ্ৰেছৰ সংগঠনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Bhupen Borah: কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Bhupen Borah)

ভূপেন বৰাক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভূপেন বৰাই কংগ্ৰেছ ত্য়াগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে-

‘কংগ্ৰেছত সাধাৰণ ঘৰৰ ল’ৰা আৰু হিন্দু মানুহে নেতৃত্ব ল’ব নোৱাৰে।’

‘হিন্দু ধৰ্মক ভাল পোৱাসকলে কংগ্ৰেছ দলত থাকিব নোৱাৰে।’

‘ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া’।

‘২৯ৰ আগতে প্ৰদ্যুৎ বৰদলৈয়েও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব’।

‘২৭ত দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব’।

‘কাইলৈ গধূলি মই ভূপেন বৰাৰ বাসগৃহলৈ যাম, তেওঁৰ মনৰ খবৰ লম।’

‘ভূপেন বৰা আৰু মই এদিনৰ আগে-পিছে কংগ্ৰেছত যোগদান কৰিছিলোঁ’।

‘বৰ্তমানলৈকে বিজেপি দলৰ সৈতে যোগদান কৰা নাই।’

‘ভূপেন বৰাৰ বাবে বিজেপি দলৰ দুৱাৰ খোলা ৰাখিছোঁ’।

সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ
ইএলএফক লৈ গৌৰৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

জৰুৰী অৱতৰণ সুবিধা (ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি বা ইএলএফ)কে ধৰি কৌশলগত পৰিকাঠামো প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছে। বিমানবন্দৰত চাহ–চমোচাৰ মূল্যৰ সৈতে এনে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ তুলনা কৰা বিষয়টো সন্দৰ্ভত দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সাধাৰণ ভোগ্য সামগ্ৰীৰ মূল্যৰ সৈতে তুলনা কৰাটো বিষয়টোৰ প্ৰকৃত গুৰুত্ব উপলব্ধি নকৰাৰ সমান।


নগাঁৱত অনুষ্ঠিত এখন চৰকাৰী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন ৰাজ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দীঘলম্যাদী পৰিকল্পনা আৰু কৌশলগত দৃষ্টিভংগী অতি প্ৰয়োজনীয়। উত্তৰ–পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থানৰ কথা উল্লেখ কৰি তেওঁ কয় যে , এই অঞ্চল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত হোৱাৰ বাবে ইয়াত প্ৰতিৰক্ষা প্ৰস্তুতি অধিক গুৰুত্বপূৰ্ণ। তেওঁ কয়, “যদি কোনো শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে, তেন্তে আমি কেনেকৈ নিজৰ সুৰক্ষা নিশ্চিত কৰিম, তাৰ বাবে আগতেই উপযুক্ত প্ৰস্তুতি থাকিব লাগিব। এই অঞ্চলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষ পৰিকাঠামো গঢ়ি তোলা অত্যন্ত প্ৰয়োজনীয়।”


সম্প্ৰতি ডিব্ৰুগড় জিলাৰ মৰানত আৰম্ভ কৰা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইধৰণৰ ব্যৱস্থা কেৱল সামৰিক ক্ষেত্ৰতেই নহয়, জৰুৰী পৰিস্থিতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যুদ্ধকালীন অৱস্থা বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পৰিবহণ বিমানসমূহে সহজে অৱতৰণ কৰি দ্ৰুত ত্ৰাণ আৰু উদ্ধাৰ কাৰ্য চলাব পাৰে। তেওঁৰ মতে, এইধৰণৰ ব্যৱস্থাই দেশৰ প্ৰতিৰক্ষা ক্ষমতা অধিক শক্তিশালী কৰাৰ লগতে সম্ভাৱ্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুতি নিশ্চিত কৰে।


ইয়াৰ পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিমান ভাড়াৰ উচ্চমূল্য আৰু বিমানবন্দৰৰ সেৱাৰ ব্যয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কয় যে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ বিমান ভাড়া প্ৰায় ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা, যি সাধাৰণ লোকৰ বাবে যথেষ্ট ব্যয়বহুল। বিমানবন্দৰত একাপ চাহৰ মূল্য ১৫০ৰ পৰা ২০০ টকা হোৱা বিষয়টো উল্লেখ কৰি তেওঁ সোধে যে এইধৰণৰ প্ৰকল্পৰ প্ৰকৃত সুফল সাধাৰণ লোকে কিমান লাভ কৰিছে।

এই মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে কৌশলগত প্ৰকল্পৰ গুৰুত্ব তাৎক্ষণিক ব্যক্তিগত সুবিধাৰ ভিত্তিত মূল্যায়ন কৰিব নোৱাৰি। তেওঁৰ মতে, এইধৰণৰ পদক্ষেপ ৰাজ্যৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামগ্ৰিক স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন।

পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান।

বৰ্তমানৰ চৰকাৰৰ এইখনেই অন্তিম অধিৱেশন।

১৯ ফেব্ৰুৱাৰীত অন্ত পৰিব চাৰিদিনীয়া বাজেট অধিৱেশনৰ।

Bhupen Kumar Borah: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ

কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ
কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।(Bhupen Kumar Borah)

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ।

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ দলত্যাগ পত্ৰ প্ৰেৰণ।

পত্ৰত কেইবাটাও বিস্ফোৰক অভিযোগ ভূপেন বৰাৰ।

অসম কংগ্ৰেছ ৰকিবুল হুছেইনে চলোৱা বুলি অভিযোগ।

স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত থাকিব নোৱাৰো বুলি ক্ষোভ ভূপেন বৰাৰ।

বিজেপিত যোগদানৰ সম্ভাৱনা ভূপেন বৰাৰ।

২০ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অমিত শ্বাহৰ উপস্থিতিতে বিজেপিত যোগদানৰ সম্ভাৱনা।

কংগ্ৰেছ দল ত্যাগ কৰাৰ পeছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী।

ইপিনে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা।

লগতে ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।

অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা

অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা
অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা

তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ লবলৈ যোৱাটো হাস্যকৰ । অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা ।

লখিমপুৰৰ কংগ্ৰেছ যাত্ৰাত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাক লৈ আজি বিধায়ক আৱাস গৃহত সংবাদমেল সম্বোধন কৰে বিধায়ক মানৱ ডেকাই। সংবাদমেলত মানৱ ডেকাই কয় যে, স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে প্ৰায় ১০০জন লোকৰ সমাগম ঘটাই প্ৰতিবাদ কৰাটো এক দায়িত্বজ্ঞানহীন পদক্ষেপ। চিকিৎসালয় কোনো ৰাজনৈতিক ৰণক্ষেত্ৰ নহয়; ইয়াত ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকল উপস্থিত থাকে। এনে পৰিস্থিতিত ৰাজনৈতিক উত্তেজনা সৃষ্টিৰ ফলত চিকিৎসা ব্যৱস্থাত বিঘ্ন ঘটিব পাৰে। তেওঁ বিশেষভাৱে সাংসদ গৌৰৱ গগৈৰ উপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। মানৱ ডেকাৰ অভিযোগ, চিকিৎসা পৰিস্থিতি বুজ লোৱাৰ অজুহাতত দলীয় সমৰ্থকসকলক লগত লৈ উপস্থিত হোৱা ঘটনাই উত্তেজনা বৃদ্ধি কৰে।

তেওঁৰ ভাষ্য মতে, চিকিৎসালয়ত শৃংখলা আৰু শান্তি বজাই ৰখাটো সকলোৰে দায়িত্ব। ৰাজনৈতিক লাভৰ বাবে এনে সংবেদনশীল স্থান ব্যৱহাৰ কৰা উচিত নহয়। লগতে তেওঁ প্ৰশ্ন কৰে যে, মেডিকেল কলেজত ৰাজনৈতিক দলৰ কাম কি? তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ ল’বলৈ যোৱাটো হাস্যকৰ। ১০০জন মানুহ লৈ ৰেলী কৰিবলৈ কোনোবা যায় নেকি? অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈয়ে? ইফালে, চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ সন্দৰ্ভত হোৱা মন্তব্যক লৈও তীব্ৰ সমালোচনা কৰে বিধায়ক মানৱ ডেকাই। তেওঁ কয় যে, চিকিৎসা খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ সন্মান অক্ষুণ্ণ ৰখাটো অত্যাৱশ্যক, আৰু যিকোনো অপমানসূচক মন্তব্য গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।