Home Blog Page 46

Zubeen Garg: কংগ্ৰেছ কমিটিৰ উদ্যোগতোঃ হাতত মমবাতি লৈ শান্তি সমদল

Zubeen Garg: কংগ্ৰেছ কমিটিৰ উদ্যোগতোঃ হাতত মমবাতি লৈ শান্তি সমদল
Zubeen Garg: কংগ্ৰেছ কমিটিৰ উদ্যোগতোঃ হাতত মমবাতি লৈ শান্তি সমদল

প্ৰাণৰ শিল্পী জুবিন দাক ন্যায় (Zubeen Garg) প্ৰদানৰ দাবীৰে অসমৰ বিভিন্ন জিলাত উলিওৱাৰ দৰে আজি গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগতো গুৱাহাটীৰ পাণবজাৰৰ নেহৰু পাৰ্কৰ সন্মুখৰ পৰা দীঘলীপুখুৰীলৈকে হাতত মমবাতি লৈ এক শান্তি সমদল উলিওৱা হয়৷ কিন্তু চৰকাৰ প্ৰশাসনে প্ৰথম অৱস্থাত বৃহৎ আৰক্ষী বাহিনী লৈ এই শান্তি সমদলক আগবাঢ়ি যোৱাত যুক্তিহীনভাৱে বাধা প্ৰদান কৰে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো আৰক্ষী প্ৰশাসনে আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰি হেঁচা-ঠেলা কৰে৷ আৰক্ষী প্ৰশাসনৰ এই বাধাৰ সন্মুখীন হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে– ‘সকলো ব্যক্তি, দল-সংগঠনৰে গণতান্ত্ৰিকভাৱে ন্যায় বিচৰাৰ অধিকাৰ আছে৷ অসম আৰক্ষীয়ে আমাৰ এই শান্তি সমদলক বাধা প্ৰদান কৰি ৰাইজৰ বিৰুদ্ধে থিয় হৈছে৷ অসম আৰক্ষীয়ে জুবিন দাৰ প্ৰতি ন্যায় বিচৰা এই শান্তি সমদলত ৰাইজৰ সৈতে থিয় হোৱাতো বিচাৰো৷ আপোনালোকে নেহৰু পাৰ্কৰ পৰা জুবিন দাৰ প্ৰিয় দীঘলীপুখুৰীলৈকে প্ৰায় ১০০ মিটাৰমান পথ আমাক কিয় যাবলৈ নিদিয়ে সেইটো আমি বুজি পোৱা নাই৷

চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ গছসমূহ যধে-মধে কটাৰ বিৰুদ্ধাচৰণ কৰি জুবিনদাই পুখুৰীৰ পাৰত বহি প্ৰতিবাদ কৰিছিল৷ ইয়াৰ পাছতো চৰকাৰে বহু গছ কাটিলে৷ সেইবাবেই চৰকাৰে আমাক যাব দিয়া নাই নেকি? আমি জুবিন দাৰ প্ৰতি ন্যায় বিচাৰিছোঁ৷ কিন্তু বৰ্তমান চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেই সমূহ পদক্ষেপ জুবিনদাক ন্যায় দিবলৈ নহয়, মুখ্যমন্ত্ৰীৰ চকী সুৰক্ষিত কৰিবলৈহে লৈছে৷ অসম আৰক্ষীয়ে কি কাৰণত, ওপৰৰ পৰা কাৰ নিৰ্দেশ লাভ কৰি আমাৰ শান্তি সমদলক বাধা প্ৰদান কৰিছে আমি বুজি পোৱা নাই৷ আমি সকলোৱে এই কেইদিন দেখিছো যে ওপৰৰ পৰা কিছুমান শক্তিয়ে জুবিন দাৰ ন্যায়ৰ বাবে ৰাইজে কৰি থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাইজেক কৰিব বিচাৰিছে৷ তেওঁলোকে ন্যায় প্ৰদান কৰাতকৈ মুখ্যমন্ত্ৰীৰ চকী ৰক্ষা কৰাতোহে বিচাৰিছে৷

অসম চৰকাৰ আৰু শাসকীয় দলে এইকেইদিন বিভিন্ন এছঅ’পি উলিয়াইছে৷ কোন প্ৰকৃত অনুৰাগী, কোন প্ৰকত অনুৰাগী নহয় সেই চাৰ্টিফিকেট তেওঁলোকে দিব৷ কেইটা বজাৰ পৰা কেই বজাৰলৈকে জুবিন ক্ষেত্ৰলৈ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ যাব পাৰিব তাৰ অনুমতি চৰকাৰে দিব, দীঘলী পুখুৰীলৈ অলপ পথ হাতত মমবাতি লৈ আমি শান্তি সমদল কৰিবলৈ পাৰিম নে নাই তাৰো অনুমতি চৰকাৰে দিব৷ যিজনে ওপৰৰ পৰা নিৰ্দেশ দি আছে তেওঁ গম পোৱা নাই যে– জুবিন গাৰ্গ চৰকাৰৰ নহয়, অসমৰ ৰাইজৰহে৷ জুবিন দা অসমৰ সম্পদ, গতিকে অসমৰ প্ৰাণৰ সম্পদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমাক চৰকাৰৰ অনুমতি নালাগে৷’ আজিৰ শান্তি সমদলত সাংসদ ৰকিবুল হুচেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদু্যৎ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীকে ধৰি প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে প্ৰায় এহাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে৷

Brown Eggs vs White Eggs: ব্ৰাউন কণী বনাম বগা কণীঃ কোনবিধ কণী স্বাস্থ্যৰ বাবে উপকাৰী ?

কোনবিধ কণী স্বাস্থ্যৰ বাবে উপকাৰী ?
কোনবিধ কণী স্বাস্থ্যৰ বাবে উপকাৰী ?

কণী বিশ্বজুৰি আটাইতকৈ বেছি খোৱা (Brown Eggs vs White Eggs) পুষ্টিকৰ খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম। প্ৰটিন আৰু ভিটামিনেৰে সমৃদ্ধ কণী আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ কণীত প্ৰায় ৬ৰ পৰা ৭ গ্ৰাম প্ৰটিন, প্ৰয়োজনীয় এমিনো এচিড, ভিটামিন এ, ডি, ই, আৰু বি১২, কলিন, লুটিন, জিএক্সান্থিন আৰু ভাল চৰ্বি থাকে। তদুপৰি কুহুম মগজু আৰু চকুৰ বাবে অত্যন্ত উপকাৰী, আনহাতে বগা অংশত প্ৰটিন থাকে। কিন্তু সাধাৰণতে কণী দুই প্ৰকাৰৰ: ব্ৰাউন আৰু বগা। গতিকে সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল কোনবিধ কণী অধিক উপকাৰী। জানো আহক-

ব্ৰাউন আৰু বগা কণীৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্য হ’ল ইয়াৰ বাকলিৰ ৰং। কণীৰ ৰং কুকুৰাৰ জাতৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ পুষ্টিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। সকলো কণীৰ ভিতৰৰ আৱৰণখন বগা, খোলাৰ ৰং যিয়েই নহওক কিয়। সেয়ে ইয়াৰ পুষ্টিকৰ মূল্য ৰঙেৰে নিৰ্ণয় কৰিব নোৱাৰি।

আপুনি হয়তো জানি আচৰিত হ’ব যে কণীৰ দুয়োটা ৰঙে প্ৰায় একেধৰণৰ পুষ্টি প্ৰদান কৰে। বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে দুয়োটা কণীতে একেধৰণৰ প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ থাকে। কণীৰ ওজন আৰু বাকলিৰ ডাঠৰ সামান্য পাৰ্থক্য থাকিব পাৰে যদিও পুষ্টিকৰ মূল্যত বিশেষ প্ৰভাৱ নপৰে। কণীৰ পুষ্টি নিৰ্ভৰ কৰে কুকুৰাৰ খাদ্য আৰু যত্নৰ ওপৰত, কণীৰ ৰঙৰ ওপৰত নহয়।

কিছুমানৰ মতে ব্ৰাউন কণী স্বাস্থ্যকৰ, কিন্তু কণীৰ পুষ্টি মূল্য আৰু সোৱাদ কুকুৰাৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। বাহিৰত পোহা কুকুৰাৰ কণীত প্ৰায়ে ভিটামিন ডিৰ পৰিমাণ বেছি থাকে।

কণী ব্ৰাউনে হওক বা বগাই হওক, ৰঙৰ লগত কথা নাই। সতেজ কণী স্বাস্থ্যৰ বাবে সৰ্বোত্তম।

Guwahati Crime: গুৱাহাটী মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি!

গুৱাহাটী মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি!
গুৱাহাটী মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি!

গুৱাহাটী মহানগৰীত ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। (Guwahati Crime)

নিশা হাতীগাঁৱৰ লখিমী নগৰত লিভ-ইনত থকা ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

শ্ৰীকৃষ্ণ পথৰ হাউছ নং ১২ত সংঘটিত হয় এই ঘটনা।

অভিযুক্ত যুৱকৰ দ্বিতীয়গৰাকী প্ৰেয়সীৰ মৃতদেহ উদ্ধাৰ।

প্ৰথমগৰাকী প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে ঘটে এই ঘটনা।

যুৱতীগৰাকীৰ সৈতে থকা যুৱকজনৰ নাম নয়ন দাস।

ভাড়াঘৰটোত প্ৰেয়সী নথকাৰ সুযোগ লৈ লম্পট প্রেমিকজনে ঘৰটোলৈ আনিছিল দ্বিতীয়গৰাকী প্ৰেয়সীক।

প্ৰথম প্রেমিকাগৰাকী ভাড়াঘৰলৈ ওভতি আহি ঘৰটোত প্রত্যক্ষ কৰে আনগৰাকী যুৱতীৰ মৃতদেহটো।

সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰে প্ৰেমিকাগৰাকীক।

বৰ্তমান পলাতক প্ৰেমিক ৰোহন কাশ্যপ ওৰফে নয়ন দাস।

kokrajhar: কোকৰাঝাৰৰ ছালাকাটি নাদানগুৰি পাহাৰত আৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ!

কোকৰাঝাৰৰ ছালাকাটি নাদানগুৰি পাহাৰত আৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ!
কোকৰাঝাৰৰ ছালাকাটি নাদানগুৰি পাহাৰত আৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ!

ছালাকাটিৰ নাদানগুৰি পাহাৰত আৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ!(kokrajhar)

আৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক মাওবাদী!

এই সংঘর্ষত নিহত এটা দুর্ধর্ষ মাওবাদী।

সন্দেহযুক্ত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ সময়তে সংঘর্ষ।

মাওবাদীটোৱে কোকৰাঝাৰৰ ৰে’লপথত IED বিস্ফোৰণ কৰাৰ সন্দেহ।

আন এটা মাওবাদী পাহাৰত লুকাই থকাৰ সন্দেহ।

ধৃত মাওবাদীটোৰ বিৰুদ্ধে ঝাৰখণ্ড আৰু অসমত আছে কেইবাটাও গোচৰ।

কোকৰাঝাৰৰ ৰে’লপথত IED বিস্ফোৰণৰ পাছত তৎপৰ হৈছিল আৰক্ষী।

নাদানগুৰি পাহাৰত মাওবাদীৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান।

Roi Roi Binale: মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’ৰ অভিলেখ

Roi Roi Binale: মুক্তিৰ পূৰ্বেই 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ
Roi Roi Binale: মুক্তিৰ পূৰ্বেই 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ

চৰ্চাত শীৰ্ষত ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ।(Roi Roi Binale)

মুক্তিৰ পূৰ্বেই চৰ্চাত জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।

নেচনেল ট্রেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।

মুক্তিৰ দিনা হাউছফুল মহানগৰীৰ আটাইকেইটা ছবিগৃহ।

ইউটিউবত ছবিখনৰ ট্ৰেইলাৰটোৱে ইতিমধ্যে অতিক্ৰম কৰিলে ১.৫ মিলিয়ন ভিউজ।

সামাজিক মাধ্যমতো চর্চাত শীর্ষত আছে ছবিখনৰ ট্ৰেইলাৰ।

মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’ৰ অভিলেখ।

BookMyShowৰ চাৰ্চ লিষ্টৰ শীৰ্ষ টেণ্ডত ‘ৰৈ ৰৈ বিনালে’ ।

২০খনত দেশত জুবিনৰ ছবিৰ বাবে উত্তাল দর্শক।

জনপ্রিয় ছবি কানটাৰাকো পিছ পেলালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’এ।

Rhea Chakraborty: সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তঃ ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লীনশ্বীট

সুশান্ত সিং ৰাজপুত্ৰৰ মৃত্যু তদন্তঃ ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লীনশ্বীট
সুশান্ত সিং ৰাজপুত্ৰৰ মৃত্যু তদন্তঃ ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লীনশ্বীট

সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্ত।(Rhea Chakraborty)

ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লীনশ্বীট।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় ৫ বছৰৰ পিছত CBI-এ দাখিল কৰিছে ক্ল’জাৰ ৰিপোৰ্ট।

‘ক্ল’জাৰ ৰিপোৰ্ট’ত CBIৰ উল্লেখ-

ৰিয়াৰ চক্ৰৱতীৰ বিৰুদ্ধে পোৱা নগ’ল কোনো প্রমাণ।

ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা CBIৰ।

CBI-ৰ ক্ল’জাৰ ৰিপোৰ্টক প্রত্যাহ্বান জনাব সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ’ল ৰিয়া চক্ৰৱৰ্তী।

CBIৰ প্ৰতিবেদনত স্পষ্ট কৰিলে এই তথ্য।

২০২০ত সংঘটিত ঘটনাত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে CBI এ নাপালে কোনো ষড়যন্ত্রমূলক তথ্য।

CBI ৰ তথ্য অনুসৰি মৃত্যুৰ ৬ দিন পূৰ্বে ৰিয়া চক্ৰৱৰ্তীয়ে এৰিছিল সুশান্ত সিং ৰাজপুতৰ ফ্লেট।

Baikuntha Nath Goswami:বৈকুণ্ঠ নাথ গোস্বামীঃ অসমীয়া সাংবাদিকতাত আজীৱন অৱদান

বৈকুণ্ঠ নাথ গোস্বামীঃ অসমীয়া সাংবাদিকতাত আজীৱন অৱদান
বৈকুণ্ঠ নাথ গোস্বামীঃ অসমীয়া সাংবাদিকতাত আজীৱন অৱদান

বিশিষ্ট স্বাধীন সাংবাদিক, লেখক আৰু সম্পাদক (Baikuntha Nath Goswami)বৈকুণ্ঠ নাথ গোস্বামীয়ে নিজৰ দীঘলীয়া অভিজ্ঞতা আৰু গভীৰ চিন্তাধাৰাৰ লেখনীৰে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত বহু অৱদান আগবঢ়াই থৈ গ’ল। তেওঁ ১৯৪৬ চনৰ আগষ্ট মাহত পাঠশালাৰ বামুনকুচিত জন্মগ্ৰহণ কৰে আৰু বৰ্তমান গুৱাহাটীস্থিত হেঙেৰাবাৰী হাউছিং কলনিত বাস কৰা গোস্বামীয়ে বহু দশক ধৰি অসমীয়া সাংবাদিকতাৰ উন্নতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।


অসমীয়া অগ্ৰনী কাকতসমূহৰ ভিতৰত আগ্রদূত, দৈনিক জনমভূমি আৰু নিউজ ষ্টাৰৰ সম্পাদনা বিভাগত কাম কৰি নিজৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিল গোস্বামী। পাছত তেওঁ ইউনাইটেড নিউজ অব ইণ্ডিয়া (UNI)-ৰ পাটনা কাৰ্যালয়ত বুৰো চীফ হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ এই পদবীৰে তেওঁৰ সাংবাদিকতাজীৱনৰ গৌৰৱ বৃদ্ধি কৰিছিল। লগতে, তেওঁ সামাজিক- ৰাজনৈতিক আলোচনাৰ বাবে জনপ্ৰিয় হোৱাৰ সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। বৰ্তমান গোস্বামী নিয়মীয়া বাৰ্তা আৰু অসম বাণী আদি কাকতৰ স্তম্ভ লেখক হিচাপে কৰ্মৰত আছিল । লগতে তেওঁ অসম ভূমি কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।
সাংবাদিকতাৰ ক্ষেত্ৰৰ বাহিৰেও বৈকুণ্ঠ নাথ গোস্বামী এখন সাহিত্যিক ৰূপে সমান পৰিচিত। অসমীয়া লোকসাহিত্য সংৰক্ষণৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ প্ৰকাশ পায় তেওঁৰ লোকগল্পসংগ্ৰহ জ্ঞানমালা ১ আৰু জ্ঞানমালা ২-ত। লগতে তেওঁৰ প্ৰবন্ধসংগ্ৰহ নিবন্ধ চয়ন অসমীয়া সমাজজীৱনৰ বিভিন্ন দিশৰ ওপৰত চিন্তনশীল লিখনীৰ সংকলন।

অসমীয়াৰ জাতিগত চিন্তা আৰু ইতিহাসৰ ক্ষেত্ৰতো গোস্বামীৰ অৱদান অমূল্য। তেওঁৰ গ্ৰন্থ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা-ত অসমীয়াৰ জাতিগত চিন্তা আৰু সাংস্কৃতিক বোধৰ গভীৰ বিশ্লেষণ পাইছে। আন এটা গুৰুত্বপূর্ণ গ্ৰন্থ সংবাদ মাধ্যমৰ স্বাধীনতা-ত তেওঁ অসমত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিকাশ আৰু বর্তমান অৱস্থাৰ তলমূলীয়া বিশ্লেষণ কৰিছে।


বৈকুণ্ঠ নাথ গোস্বামীৰ জীৱন আৰু কাৰ্ম অসমীয়া ভাষা, সংস্কৃতি আৰু সমাজৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আৰু নিষ্ঠাৰ এক উজ্জ্বল দৃষ্টান্ত। তেওঁৰ লিখনীয়ে কেৱল জনমতক প্ৰভাৱিত কৰা নহয়, আগন্তুক প্ৰজন্মৰ সাংবাদিক আৰু সাহিত্যিকসকলৰ বাবে এক পথপ্রদৰ্শকৰ ভূমিকা পালন কৰিছে। সাংবাদিকতাৰ প্ৰতি তেওঁৰ অন্তৰঙ্গ ভালপোৱা আৰু সত্যৰ প্ৰতি অবিচল প্ৰতিশ্ৰুতিয়ে তেওঁক অসমীয় সাংবাদিকতাৰ ক্ষেত্ৰত এক অবিচ্ছেদ্য ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰিছে।

আজি এইগৰাকী বিশিষ্ট সাহিত্যিক – সাংবাদিক তথা দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বৈকুণ্ঠ নাথ গোস্বামীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে। লগতে লগতে তেওঁৰ আত্মাৰ চিৰ শান্তি প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে প্ৰেছ ক্লাবে ।

Rita Chowdhury: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ

জুবিনক্ষেত্ৰত প্ৰৱেশক (Rita Chowdhury) লৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ পত্ৰ বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ। মুখ্যমন্ত্ৰীক ক’লে বিশিষ্ট সাহিত্যিকগৰাকীয়ে-

‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷

জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।

সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে৷

জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।

মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷

এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ৷

আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।’

Bihar Polls 2025: তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত

তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত
তেজস্বী যাদৱঃ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত

বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত।(Bihar Polls 2025)মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেজস্বী যাদৱক বাছনি। বিহাৰ কংগ্ৰেছৰ পৰ্যৱেশক অশোক গেহলটৰ আনুষ্ঠানিক ঘোষণা। পাটনাৰ হোটেল মৌৰ্যত বিৰোধী নেতৃবৰ্গৰ সংবাদমেল। এই সংবাদমেলতে বিৰোধী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা।

২০২৫ চনৰ দুটা পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনলৈ দুসপ্তাহ থকা পূৰ্বে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি বিৰোধী দল মহাজোঁটবন্ধনে বৃহস্পতিবাৰে আৰজেডি নেতা তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰি কেইবা সপ্তাহ ধৰি চলি থকা জল্পনা-কল্পনা আৰু আভ্যন্তৰীণ কাজিয়াৰ অন্ত পেলায়।

সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণাক ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি), কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ বাবে এক বৃহৎ শক্তি প্ৰদৰ্শন বুলি প্ৰচাৰ কৰা হৈছিল। সমস্যা সমাধানকাৰী হিচাপে পাটনালৈ প্ৰেৰণ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এই সিদ্ধান্ত নিশ্চিত কৰে।বিহাৰৰ মহাজোঁটবন্ধনে বৃহস্পতিবাৰে পাটনাত এক যুটীয়া সংবাদমেলত এই ঐক্যমতৰ কথা ঘোষণা কৰে।

ঐক্যবদ্ধ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি গেহলটে কয়, ‘সকলো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনাৰ অন্তত আমি সিদ্ধান্ত লৈছো যে আগন্তুক বিহাৰ নিৰ্বাচনত তেজস্বী যাদৱ বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব। তেওঁৰ সন্মুখত সুদূৰ ভৱিষ্যত আছে।

বৃহস্পতিবাৰে যুটীয়া সংবাদমেলৰ মঞ্চত ব্যৱহাৰ কৰা পোষ্টাৰতো আছিল কেৱল তেজস্বীৰ ছবি। তাত আন বিৰোধী দলৰ নেতাৰ ছবি নাছিল।

পাটনাত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে বিহাৰ নিৰ্বাচনৰ কংগ্ৰেছ পৰ্যবেক্ষক তথা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট। তেওঁ তেজস্বীৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

তেজস্বীক মুখ্যমন্ত্ৰী পদৰ মুখ হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ বিকাশশীল ইনছান পাৰ্টীৰ মুৰব্বী মুকেশ চাহানীক বিৰোধী মিত্ৰজোঁটৰ উপ-মুখ্যমন্ত্ৰী পদৰ মুখ হিচাপে ঘোষণা কৰা হয়। অৱশ্যে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে আৰু অধিক নাম পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

৬ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই দুটা পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল ১৪ নৱেম্বৰত ঘোষণা কৰা হ’ব।

প্ৰভাৱশালী দল আৰজেডিয়ে ১৪৩ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বাকী আসনসমূহ চিপিআই(এমএল) আৰু সাহানীৰ ভিআইপিৰ দৰে মিত্ৰশক্তিৰ মাজত বিতৰণ কৰা হৈছে। কালি প্ৰত্যাহাৰৰ শেষ তাৰিখ হোৱাৰ বাবে সকলো আসনত একক প্ৰাৰ্থী নিশ্চিত কৰাত ব্যৰ্থ হ’লে ভোট বিভাজনৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত সম্ভাৱনাময়ভাৱে প্ৰতিদ্বন্দ্বী নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ক লাভৱান হ’ব পাৰে।

Roi Roi Binale: ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ’ল জুবিন গাৰ্গে!

ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ'ল জুবিন গাৰ্গে!
ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ'ল জুবিন গাৰ্গে!

ৰৈ ৰৈ বিনালেত যেন নিজৰ জীৱনৰ কাহিনী লিখি গ’ল জুবিন গাৰ্গে!(Roi Roi Binale)

সাগৰতে শেষ হ’ল ৰৈ ৰৈ বিনালে ছবিখনৰ ট্ৰেইলাৰ।

বৃহস্পতিবাৰে ছবিখনৰ ট্ৰেইলাৰ মুকলি হয়।

ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে প্ৰতিজন লোকৰ মন-মগজু কঁপি উঠিছে।

কিয়নো, ৰৈ ৰৈ বিনালে ছবিখনতে যেন প্ৰাণ শিল্পী জুবিন গাৰ্গে নিজৰ জীৱন কাহিনী নিজেই লিখি গ’ল !

সামাজিক মাধ্যমত এতিয়া চৰ্চাত আছে ছবিখনৰ কেইটামান ডাইলগ।

ডাইলগকেইটা হৈছে-

‘আৰ্টিষ্টৰ এটাই পলিটিক্স…’

‘সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়’

‘গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ…খালি বেছিব লাগে…’

আনহাতে ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিছে-

‘চোৱা গ’ল্ডী…তোমাৰ বহুত হেঁপাহৰ, বহুত মৰমৰ ‘ৰৈ ৰৈ বিনালে’ সাজু হৈ উঠিছে লাহে লাহে!’

‘তোমাৰ ইচ্ছা, তোমাৰ সপোন সাকাৰ কৰিবলৈ তোমাৰ কথামতেই সকলোৱে চেষ্টা কৰিছে কামবোৰ ভালকৈ কৰিবলৈ । তুমি আশীৰ্বাদ কৰি থাকিবা … বাট দেখুৱাই থাকিবা’

এতিয়া সকলোৱে ছবিখনৰ মুকলি দিনলৈ অপেক্ষা কৰি আছে।