Home Blog Page 42

অসম সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ সম্পন্নঃ ১৮ গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

অসম সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ সম্পন্নঃ ১৮ গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা
অসম সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ সম্পন্নঃ ১৮ গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

“আমি অতীজক পাহৰি যাব নালাগে। সেই অতীজক অধ্যয়ন কৰাৰ পৰিৱেশন এটি সৃষ্টি কৰিব খুজিছে অসম সাহিত্য সভাই। অতীজক যিয়ে অধ্যয়ন কৰিব পাৰে, তেনে জাতিয়ে সমন্বয় ৰক্ষা কৰিব পাৰে। অসমৰ ভাষিক আৰু সাংস্কৃতিক বুনিয়াদ গঠিত হৈছে জনগোষ্ঠীয় সম্পদসমূহেৰে। বানাই জনগোষ্ঠীৰ দৰে জনজাতিসমূহৰ ঐতিহ্যহ× আমাৰ সামগ্ৰিক সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰি আহিছে। এনেধৰণৰ সমাৱেশে তেওঁলোকৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব।” অসম সাহিত্য সভাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অসমৰ প্ৰাচীন বানাই জনগোষ্ঠীৰ এক বৌদ্ধিক আৰু সাংস্কৃতিক সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীয়ে এই মন্তব্য কৰে। সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয় যে— “অসমীয়া ক্ষীণকায় দুৰ্বল জাতি নহয়। পাহাৰে ভৈয়ামে বসতি স্থাপন কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ত অসমীয়া জাতি আৰু অসমীয়া ভাষা আজি সমৃদ্ধ হৈছে। বিশ্বৰ বুকুত আজি অসমীয়া সবল শক্তিমান জাতি। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জাতিয়ে নিজৰ পৰিচয়েৰে শক্তিমন্ত ৰূপটো প্ৰদৰ্শন কৰিলে।” ইফালে বিশিষ্ট অতিথি হিচাপে সদৌ অসম বানাই উন্নয়ন সমিতি প্ৰাক্তন সভাপতি সুবিন্দ্ৰ বানাই, উপ-সভাপতি ধৰ্মৰাজ বানাই, সম্পাদক জগেশ্বৰ বানায়ে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ এই গুৰুত্বপূৰ্ণ উদ্যোগক ভূয়সী প্ৰশংসা কৰে আৰু বানাই জনগোষ্ঠীৰ উন্নয়ন আৰু স্বীকৃতিৰ ক্ষেত্ৰত এনে পদক্ষেপৰ প্ৰয়োজনীয়তাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে।

আজিৰ এই অনুষ্ঠানতে বিশিষ্ট সাংবাদিক, শিক্ষক মুন কুমাৰ ডেকাৰ ‘বানাই জনগোষ্ঠী ঃ ইতিহাস, সমাজ আৰু সংস্কৃতি’ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধানসম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। গ্ৰন্থখন উন্মোচন কৰি তেখেতে ভাষণ প্ৰসংগত— “বানাই জনগোষ্ঠীৰ ইতিহাস, সমাজ আৰু সংস্কৃতি সম্পৰ্কীয় এহ× গ্ৰন্থখন এক গুৰুত্বপূৰ্ণ দলিল হিচাপে পৰিগণিত হ’ব। এনে প্ৰয়াসে ৰাজ্যখনৰ উপেক্ষিত জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় সংৰক্ষণ আৰু আগন্তুক প্ৰজন্মৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব। লগতে, মুন কুমাৰ ডেকাৰ এই প্ৰচেষ্টা প্ৰশংসনীয়। এনে গৱেষণামূলক গ্ৰন্থ অসমৰ সামগ্ৰিক সাংস্কৃতিক ঐতিহ্যক অধিক সমৃদ্ধ কৰি তুলিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।” উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে বানাই জনগোষ্ঠীটোৰ নেতৃবৃন্দৰ দ্বাৰা আমন্ত্ৰণ কৰি অনা বিশিষ্ট সাংবাদিকসকলক এটি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধিত সাংবাদিকসকল হৈছে ক্ৰমে— দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক তথা সাহিত্যিক আৰু সাংবাদিক পেন্সনাৰ ড০ নৰেন হাজৰিকা, প্ৰতিদিন টাইমছৰ ৰাজনৈতিক সম্পাদক তথা লেখক-প্ৰবন্ধকাৰ নয়নপ্ৰতীম কুমাৰ, NEWS18 অসম Northeast-ৰ ডেপুটি নিউজ এডিটৰ তথা লেখক নৱজিৎ ভাগৱতী, প্ৰতিভাশালী লেখক, ‘তুমি ঐনিতম হৈ বাণী থকা’ কাব্যগ্ৰন্থৰ স্ৰষ্টা, গল্পকাৰ তথা দৈনিক অসমৰ বাৰ্তা সম্পাদক মনোৰঞ্জন বড়ি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক, ঔপন্যাসিক, কবি, গল্পকাৰ তথা নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডন, প্ৰাগ নিউজৰ সহযোগী সম্পাদক, বিশিষ্ট লেখক, সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকা, Assam Talks-ৰ Chief of Bureu খালিদ্‌জ জামান চৌধুৰী, উদীয়মান লেখিকা তথা অসমীয়া প্ৰতিদিনৰ উপসম্পাদক দীপশিখা ডেকা, DY365-ৰ প্ৰবীণ সাংবাদিক দীপ হাজৰিকা, এন. কে. টিভিৰ জ্যেষ্ঠ সাংবাদিক, কবি, লেখক, গল্পকাৰ বশিষ্ঠদেৱ ফুকন, Dainik Ganaadhikar-ৰ Staff Reporter বসন্ত দাস, আমাৰ অসমৰ জ্যেষ্ঠ ষ্টাফ ৰিপৰ্টাৰ, লেখক অতুল কুমাৰ বৰ্মন, Chief of Bureau at Northeast Live অৰিন্দম দাস, দৈনিক জনভূমিৰ চিফ ৰিপৰ্টাৰ অমল গোস্বামী, নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক অজিত কুমাৰ চহৰীয়া, দ্যা আসাম ট্ৰিবিউনৰ বিশিষ্ট সাংবাদিক সঞ্জয় ৰয়, দৈনিক পূৰ্বাঞ্চল প্ৰহৰীৰ প্ৰবীণ সাংবাদিক সদন মোহন মহাৰাজ, ND24-ৰ ৰাজনৈতিক সম্পাদক পংকজ প্ৰতিম বৰা আদি।

ইফালে অনুষ্ঠানৰ মাজে মাজে বানাই সমাজৰ দ্বাৰা— গোলিকাঞ্চি মানা নৃত্য, ৰোৱ লাগা নৃত্য আৰু অক্ষিতা কাশ্যপৰ কৃষ্ণনৃত্য ইত্যাদি পৰিৱেশন কৰা হয়। আনহাতে উক্ত অনুষ্ঠানতে মঃ গাজিউল হাচান, আয়েচা চিদ্দিকাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত দাস, মঙ্গলচণ্ডী ব্ৰহ্ম ভাষা গৱেষণা প্ৰতিষ্ঠানৰ আহ্বায়ক অখিল কলিতা, মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ৰাণা আলম, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, সভাৰ প্ৰাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱা, পৰিৱেশ্য কলা সংৰক্ষণ সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, উপসভাপতি তৃষ্ণা মহন্ত শইকীয়া, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, জনগোষ্ঠীয় ইতিহাস প্ৰণয়ন উপসমিতিৰ কাৰ্যকৰী সভাপতি হৰ্ষ দাস, আহ্বায়ক হেৰম্ব কলিতা, সদস্য ড০ চন্দ্ৰকমল চেতিয়া, দন্দ্বি বৰা, স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ সহযোগী আহ্বায়ক সুশীল ডেকা আদি উপস্থিত থকা অনুষ্ঠানটি জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে।

চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন

চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন
চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন

চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন। বিগত বৰ্ষবোৰৰ দৰেই এই বছৰো চিলাপথাৰৰ স্বেচ্ছাসেৱী সংস্থা সাৰথিৰ উদ্যোগত আৰু বিভিন্ন জাতি-জনগোষ্ঠী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে বসন্ত সমাৰোহ আৰু বসন্তৰ কবি সমাৰোহখনি সফলভাৱে সামৰণি পৰে। সমাজৰ দুখীয়া-নিচলা, নিসহায় আৰু দিবাংগসকলক সহায় কৰা লক্ষ্যৰে ১২-১১-২০২০ চনতে গঠন হোৱা স্বেচ্ছাসেৱী সংস্থা সাৰথিয়ে সেই দূৰ্গতসকলক সহায় কৰাৰ সামান্তুৰালভাৱে শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস, ভূপেন হাজৰিকাৰ জন্ম আৰু মৃত্যু দিৱসৰ লগতে প্ৰতিবছৰে পৰম্পৰাগত ৰঙালী বিহু উদযাপন কৰি আহিছে। চিলাপথাৰ প্ৰবীণ ক্ৰীড়া বাকৰিত আয়োজিত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহত আজি পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ভুবন দাসে আৰু সাৰথিৰ পতাকা উত্তোলন কৰে সাৰথিৰ সভাপতি মনোজ দাসে।

স্মৃতি তৰ্পণ কৰে টুটুমণি হাজৰিকা আৰু ৰাজীন মণ্ডলে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে সাৰথিৰ উপ-সভাপতি মঞ্জু দাসে। ইয়াৰ পিছতে ব’হাগ বিহুৰ পৰম্পৰা অনুসৰি সাৰথিৰ কোষাধ্যক্ষ জুৰি গগৈ দাসৰ নেতৃত্বত দ্বিশতাধিক জেষ্ঠ ব্যক্তিক সাৰথিৰ বিষয়ববীয়াই বস্ত্ৰদান কৰি আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছত সকলোকে বিহুৰ পিঠা আৰু জলপান গ্ৰহণ কৰায়। দুপৰীয়া ১১-৩০ বজাৰপৰা উদযাপন সমিতিৰ সভাপতি ভুবন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন আঁত ধৰে সাৰথিৰ মুখ্য সচিব বিনীতা চেতিয়াই । বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে দাপোনৰ ভাষাৰ গৱেষক ড° উত্তম দাস , চিলাপথাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল দাস, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক গোপাল চন্দ্ৰ দেৱ আৰু সমাজ সেৱক উচমান আলিয়ে।

লগতে বসন্তৰ কবি সমাৰোহখনি আঁতধৰে সাৰথিৰ সভাপতি মনোজ দাসে আৰু উদ্বোধন কৰে চিলাপথাৰৰ বিশিষ্ট কবি ভাগ্যৱতী দত্ত ভূঞাই। আদৰণী সমিতিৰ সভাপতি ভুবন দাসে আদৰণী ভাষণ পাঠ কৰাৰ পিছত বিশিষ্ট কবি, প্ৰকৃতিকৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাই কবি সমাৰোহখনি সঞ্চালনা কৰে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াই। বিশিষ্ট কবি বিপুল শৰ্মা, নবীন বুঢ়াগোঁহাই , অঞ্জুমণি গগৈ, কানন পেগু, পংকজ দাস,মেদিনিমোহন বৰুৱা, ঐজ্যোতি চুতীয়া, যোগ গগৈ, ৰয়েল পেগু, বিজয় বৰি, জীপেন দলে, হৰিকান্ত পেগুৱে কবিতা পাঠ আৰু মঞ্জু দাসে বিহু নাম পৰিৱেশন কৰি কবি সমাৰোহখনি জীপাল কৰি তোলে।

বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ

বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ
বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ

বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ৷ নলবাৰীৰ মুকালমুৱাৰ সমীপৱৰ্তী ঘোগা অঞ্চলত আজি পুৱা এক গভীৰ শোকাকুল পৰিৱেশ বিৰাজ কৰে। অঞ্চলটোৰ এজন অত্যন্ত মেধাৱী, উদীয়মান তথা উচ্চ-শিক্ষিত যুৱক চানিয়ামূল আহমেদৰ মাত্ৰ ২৭ বছৰ বয়সত অকাল মৃত্যু ঘটে। তেওঁৰ এই বিয়োগৰ খৱৰে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।

ঘোগা নিবাসী স্বৰ্গীয় আব্দুল হামিদৰ পুত্ৰ চানিয়ামূল আহমেদ শৈশৱৰে পৰাই এজন অত্যন্ত তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। তেওঁ জি.বি.এল. হাইস্কুলৰ পৰা পাঁচখনকৈ বিষয়ত লেটাৰ মাৰ্কসহ ‘ষ্টাৰ মাৰ্ক’ লাভ কৰি উত্তীৰ্ণ হৈছিল। গুৱাহাটীৰৱেল গ্ল’বেল ইউনিভাৰ্চিটিৰ পৰা এম.এছ.চি (M.Sc) ডিগ্ৰী লাভ কৰাৰ উপৰিও ৰঙিয়া মহাবিদ্যালয়ৰ পৰা সফলতাৰে বি.এড (B.Ed) ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ হাজোৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল। তেওঁৰ নম্ৰ ব্যৱহাৰ আৰু সমাজপ্ৰিয় চৰিত্ৰৰ বাবে তেওঁ সকলোৰে মাজত জনপ্ৰিয় আছিল। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে চানিয়ামূলৰ দেহত এপেণ্ডিক্সৰ সমস্যা ধৰা পৰিছিল।

শেহতীয়াকৈ তেওঁৰ এপেণ্ডিক্স ব্লাষ্ট হোৱাৰ ফলত শাৰীৰিক অৱস্থাৰ গুৰুতৰ অৱনতি ঘটে। উন্নত চিকিৎসাৰ বাবে তেওঁক চেন্নাইলৈ লৈ যোৱা হৈছিল। চিকিৎসাধীন অৱস্থাত স্বাস্থ্যৰ কিছু উন্নতি পৰিলক্ষিত হৈছিল যদিও আজি পুৱা প্ৰায় ৬ বজাত হঠাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এগৰাকী শিক্ষিত আৰু সম্ভাৱনাপূৰ্ণ যুৱকৰ এনে আকস্মিক মৃত্যুত ঘোগা অঞ্চলৰ লগতে তেওঁৰ কৰ্মস্থলীত গভীৰ শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে, আজি জোহৰৰ নামাজৰ পিছতেই ধৰ্মীয় ৰীতি-নীতিৰে তেওঁৰ জানাজা সম্পন্ন কৰা হ’য়।

এগৰাকী প্ৰতিভাশালী যুৱকৰ এনে অকাল মৃত্যুত বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেখেতৰ মাতৃৰ লগতে এগৰাকী জোষ্ঠ ভগ্নী আৰু এজন ভাতৃৰ লগতে বহুতো গুনমুগ্ধ ইহ সংসাৰত এৰি থৈ যায়। জানাজা নামাজ সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত ঘোগা বদনী আখিয়া ৰাজহুৱা ঈদগাহ ময়দানত সম্পন্ন কৰা হয়।

কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

পুৱা ১০ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল

কাইলৈ পুৱা ৭.৩০ বজাত ঘোষণা কৰিব ফলাফল প্রকাশ পাবলগীয়া ৱেবছাইট সমূহ

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কোনো স্থান নাথাকে।

এই কথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনালে সামাজিক মাধ্যমত।

শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বে কৰা ঘোষণা অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬ৰ ফলাফল কাইলৈ পুৱা ১০.৩০ বজাত ঘোষণা হ’ব, তাৰ পূৰ্বে পুৱা ৭.৩০ বজাত আনুষ্ঠানিকভাৱে সংবাদ বিজ্ঞপ্তি প্ৰকাশ পাব। সকলো প্ৰাৰ্থীলৈ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।






২লাখ ৪৫হাজাৰ ১ টকাত বিক্ৰী হ’ল এখন বিশেষ গামোচা

২লাখ ৪৫হাজাৰ ১ টকাত বিক্ৰী হ'ল এখন বিশেষ গামোচা
২লাখ ৪৫হাজাৰ ১ টকাত বিক্ৰী হ'ল এখন বিশেষ গামোচা

২লাখ ৪৫হাজাৰ ১ টকাত বিক্ৰী হ’ল এখন বিশেষ গামোচা। মঙলদৈৰ নিকটৱৰ্তী ডাহী অৰ্জুন তল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু বাৰ্ষিক ৰাইজৰ সভা উপলক্ষে মদ্ভাগৱতৰে মেৰিয়াই থোৱা দেৱবসন প্ৰতি বছৰৰ দৰে এইবাৰো উন্মোচন কৰা হয়।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক ৰাইজৰ সভাখনত নিউজ লাইভৰ কাৰ্য্যবাহী সম্পাদক লুইত নীল ডনে মদ্ভাগৱতৰে মেৰিয়াই থোৱা দেৱবসন খন উন্মোচন কৰে। দেৱবসন খন সৰ্বোচ্চ ডাকত ক্ৰয় কৰে দৰং জিলা পৰিষদৰ সদস্য বিতুপন ডেকাই।।

এক লোক বিশ্বাস মতে এই দেৱবসন খন ঘৰলৈ নি নিজ গৃহত সযতনে সম্পূৰ্ণ ৰীতি-নীতি পালন কৰি সংৰক্ষণ কৰি ৰাখিলে ঘৰখনত কোনো ধৰণৰ অপায় অমংগল নহয় বুলি এক বিশ্বাস আছে। বিগত বৰ্ষতো এই গামোচাখনৰ মূল্য হৈছিল গৈ দুই লাখ আশী হাজাৰ টকা।

আত্মসমৰ্পণ কৰিব ছামিম আহমেদেঃ যিকোনো মুহূর্ততে আত্মসমর্পণৰ সম্ভাৱনা ছামিমৰ !

আত্মসমৰ্পণ কৰিব ছামিম আহমেদেঃ যিকোনো মুহূর্ততে আত্মসমর্পণৰ সম্ভাৱনা ছামিমৰ !
আত্মসমৰ্পণ কৰিব ছামিম আহমেদেঃ যিকোনো মুহূর্ততে আত্মসমর্পণৰ সম্ভাৱনা ছামিমৰ !

আত্মসমৰ্পণ কৰিব ছামিম আহমেদে!

মঠঘৰীয়াত দুর্ঘটনাগ্রস্ত বাহনৰ চালক আছিল ছামিম আহমেদ।

কিছুসময় পূর্বে ম’বাইল অন কৰিছে চালক ছামিম আহমেদে।

ছামিমৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে নুনমাটি আৰক্ষীয়ে।

যিকোনো মুহূর্ততে আত্মসমর্পণ কৰাৰ সম্ভাৱনা মঠঘৰীয়াত দুর্ঘটনাগ্রস্ত ছুইফটৰ চালক ছামিম আহমেদ।

দুৰ্ঘটনাৰ পাছতে ম’বাইল ফোন অফ কৰি ৰাখিছিল ছামিমে।

আৰক্ষীৰ দল ৰাওনা হৈছে ছামিম আহমেদৰ সন্ধানত।

শোকাকুল পৰিৱেশত শেষ বিদায় আকাংক্ষা শইকীয়াক

শোকাকুল পৰিৱেশত শেষ বিদায় আকাংক্ষা শইকীয়াক
শোকাকুল পৰিৱেশত শেষ বিদায় আকাংক্ষা শইকীয়াক

গুৱাহাটীৰ মঠঘৰীয়াত অকাল মৃত্যুক আকোঁৱালি লোৱা ৩ যুৱতীৰ ভিতৰত এগৰাকী আকাংক্ষা শইকীয়া।

সাপেখাটী ধনীয়াপথাৰ গাঁওৰ প্ৰতিভাৱান যুৱতী আকাংক্ষা শ‌ইকীয়াৰ মৃতদেহ স্বগৃহত আহি উপস্থিত।

আকাংক্ষা শ‌ইকীয়াৰ মৃতদেহ স্বগৃহত আহি উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশে বিৰাজমান ।

স্বগৃহত অজস্ৰ জন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয়।

মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ ৰহস্যঃ কেনেকৈ পলাল চালক ছামিম আহমেদ!

মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ ৰহস্যঃ কেনেকৈ পলাল চালক ছামিম আহমেদ!
মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ ৰহস্যঃ কেনেকৈ পলাল চালক ছামিম আহমেদ!

মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

চালক ছামিম আহমেদ কেনেকৈ পলাল?

৯ বাজি ৫০ মিনিটত কমেডি শ্ব’ শেষ হোৱাৰ পিছত মাজৰ সময়ছোৱা ক’ত আছিল তিনি যুৱতীৰ সৈতে চামিম?

দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল চালক ছামিম আহমেদ।

গেট হাস্পতালৰ পৰাই ৰহস্যজনকভাৱে পলায়ন কৰিছিল ছামিমে।

মঠঘৰীয়াৰ ভয়ংকৰ দুৰ্ঘটনাত চিৰদিনৰ বাবে হেৰাই গ’ল আকাংক্ষা শইকীয়া, পূজা সাহা আৰু নেহা খান।

কিন্তু আজি পৰ্যন্ত সন্ধান নাই পলায়ন কৰা চালকৰ।

প্ৰকৃততে কোন হয় চালক ছামিম আহমেদ?

ছামিমক লৈ এতিয়া কেৱল ৰহস্য আৰু ৰহস্য।

গাড়ীত থকা ৩ গৰাকী যুৱতীৰ মৃত্যুৰ পিছতো এতিয়া কিয় পলায়ন কৰি আছে ছামিমে?

পলাতক ছামিম আহমেদৰ ঘৰ আগৰতলাত কিন্তু ছামিম আহমেদ থাকে গুৱাহাটীৰ জয়ানগৰত।

ইফালে আৰক্ষীয়ে প্ৰথমাৱস্থাত উদ্ধাৰ কৰিছিল ছামিমক, কিন্তু ৰহস্যজনকভাৱে ছামিম কেনেকৈ পলাল তাকে লৈ সৃষ্টি হৈছে ৰহস্য!

বৰ্তমানে বন্ধ হৈ আছে ছামিম আহমেদৰ ম’বাইল ফোন।

জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী

জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী
জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী

জাপানত প্রবল ভূমিকম্প।

ভূমিকম্পৰ পাছতে জাপানত ছুনামিৰ আগজাননী।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্রা ৬.২।

কঁপি উঠিল জাপানৰ হোকাইডো অঞ্চল।

প্রচণ্ড কম্পনত আতংকিত স্থানীয় বাসিন্দা।

ভৰি জোকাৰি থকা, নখ কামোৰা এই অভ্যাসবোৰে লক্ষ্মীক অসন্তুষ্ট কৰে

ভৰি জোকাৰি থকা, নখ কামোৰা এই অভ্যাসবোৰে লক্ষ্মীক অসন্তুষ্ট কৰে
ভৰি জোকাৰি থকা, নখ কামোৰা এই অভ্যাসবোৰে লক্ষ্মীক অসন্তুষ্ট কৰে

আপুনিও দাঁতেৰে নখ কামোৰে নেকি বা বহি থকা অৱস্থাত ভৰি জোকাৰিছেনে? যদি আপুনিও এই অভ্যাসবোৰৰ বাবে অসহায় হৈ পৰিছে তেন্তে আজিয়েই শুধৰাক। জ্যোতিষৰ মতে নখ কামোৰা, মূৰ খোঁচোৱা, বহি থকা অৱস্থাত ভৰি লৰচৰ কৰা আদি কিছুমান অভ্যাস যিয়ে মানুহৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সুস্থতাত বিৰূপ প্ৰভাৱ পেলায়। এই চাৰিটা অশুভ অভ্যাসৰ বিষয়ে জানো আহক।

হিন্দু ধৰ্ম আৰু জ্যোতিষৰ মতে এজন ব্যক্তিৰ দৈনন্দিন কাম-কাজ আৰু কিছুমান বিশেষ অভ্যাসে তেওঁৰ সৌভাগ্য আৰু আৰ্থিক অৱস্থাত যথেষ্ট প্ৰভাৱ পেলায়। কিছুমান কৰ্মক শাস্ত্ৰত গুণী বুলি গণ্য কৰা হৈছে যদিও কিছুমান অভ্যাসও বৰ্ণনা কৰা হৈছে যিয়ে ঘৰৰ সমৃদ্ধি ধ্বংস কৰে। জ্যোতিষৰ মতে এই অনাকাংক্ষিত ভুলৰ বাবে ঘৰত দৰিদ্ৰতা বা লক্ষ্মীৰ অশুভ মনোভাৱৰ সৃষ্টি হয়।

প্ৰায়ে দেখা যায় যে অবসৰ বা মানসিক চাপৰ সময়ত কিছুমান মানুহে অজ্ঞাতে ভৰি জোকাৰি থাকে। জ্যোতিষ শাস্ত্ৰত ইয়াক অতি অশুভ লক্ষণ বুলি গণ্য কৰা হয়। কোৱা হয় যে ভৰি দুখন জোকাৰিলে ৰাশিফলত চন্দ্ৰৰ অৱস্থান দুৰ্বল হৈ পৰে, যাৰ ফলত মানসিক অশান্তি বৃদ্ধি পায়। তদুপৰি এই অভ্যাসে ধনৰ দেৱী লক্ষ্মী দেৱীক ক্ষুব্ধ কৰি তোলে, যাৰ ফলত অপ্ৰয়োজনীয় খৰচ বাঢ়ি যায় আৰু সঞ্চিত ধন-সম্পত্তি ক্ষয় হয়।

নখ কামুৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, ব্যক্তিৰ ব্যক্তিত্ব আৰু ভাগ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। জ্যোতিষৰ মতে নখ কামুৰিলে দৰিদ্ৰতাক নিমন্ত্ৰণ কৰাৰ দৰেই। এই অভ্যাসে ব্যক্তিৰ আত্মবিশ্বাস ক্ষুণ্ণ কৰি তেওঁলোকৰ কেৰিয়াৰত বাধাৰ সৃষ্টি কৰে। এই কাম কৰা ব্যক্তিয়ে নিজৰ কাম নষ্ট কৰি মানসিক চাপৰ সন্মুখীন হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

শাস্ত্ৰত পাকঘৰক খাদ্যৰ দেৱী মাতৃ অন্নপূৰ্ণাৰ বাসস্থান বুলি বৰ্ণনা কৰা হৈছে। সেয়েহে পাকঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বিশেষ যত্ন লোৱা হয়। শাস্ত্ৰ অনুযায়ী ৰন্ধা-বঢ়াও যজ্ঞৰ এক ৰূপ। গতিকে খাদ্য সম্পূর্ণৰূপে প্রস্তুত কৰি ভগৱানক উৎসর্গ কৰাৰ আগেয়ে সোৱাদ লোৱা বা খোৱাটো অশুভ বুলি গণ্য কৰা হয়। সেয়ে ৰন্ধা-বঢ়া কৰি থাকোঁতে মাজে মাজে খাদ্য খোৱাসকলৰ ঘৰত সমৃদ্ধিৰ অভাৱ।

বিষ্ণু পুৰাণকে ধৰি কেবাটাও গ্ৰন্থত শৰীৰৰ অংগ খোঁচোৱাৰ বাবে নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰা হৈছে। শাস্ত্ৰ অনুযায়ী দুয়োহাতেৰে একেলগে মূৰ খোঁচোৱাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে এনে কৰিলে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত ব্যাঘাত জন্মে আৰু ইয়াৰ ফলত ব্যৱসায়ত যথেষ্ট আৰ্থিক লোকচান হ’ব পাৰে।