Home Blog Page 42

৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg

৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg
৩৮ হাজাৰ গীত আৰু এটা প্ৰশ্ন — জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত? Zubeen Garg

Zubeen Garg । অসমীয়াৰ হৃদয়ৰ প্ৰাণ শিল্পী জুবিন গাৰ্গে কায়িকভাৱে এই পৃথিৱী এৰি গ’ল যদিও, তেওঁৰ সংগীতৰ সুৰত আজিো জীৱন্ত আছে লক্ষ লক্ষ অনুৰাগীৰ স্মৃতি। প্ৰায় ৪০ টা ভাষা আৰু উপভাষাত ৩৮,০০০ ৰো অধিক গীত গাই গৈছে এইগৰাকী কিংবদন্তী শিল্পীয়ে। কিন্তু এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে — এই বিপুল সংগীত ভঁৰালৰ মালিকীস্বত্ব (কপিৰাইট) কাৰ হাতত?

জুবিন গাৰ্গৰ মৃত্যুৱে সকলোৰে হৃদয়ত গভীৰ শোকৰ ছাঁ পেলাইছে। তথাপি তেওঁৰ সংগীতৰ জৰিয়তে তেওঁৰ স্মৃতি সজীৱ ৰাখিবলৈ বিভিন্ন প্ৰচেষ্টা চলিছে। গুৱাহাটীৰ বিশাল কলিতা নামৰ এজন যুৱকে তেওঁৰ ঘৰতেই স্থাপন কৰিছে এক ব্যক্তিগত সংগ্ৰহালয়, য’ত আছে জুবিন গাৰ্গৰ শতাধিক এলবাম, কেছেট আৰু চিডি। প্ৰায় এক দশক ধৰি দেশৰ বিভিন্ন ঠাই ঘূৰি সংগ্ৰহ কৰা এই সামগ্ৰীসমূহ তেওঁ জনসাধাৰণৰ বাবে মুকলি কৰিছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, বিশাল কলিতাৰ সংগ্ৰহালয়ত জুবিন গাৰ্গৰ প্ৰায় ৩৮ হাজাৰ গীত সংৰক্ষিত আছে — য’ত বহুতো গীত বৰ্তমান আন ঠাইত পোৱা নাযায়। আৰু আশ্চৰ্যজনকভাৱে, মৃত্যুৰ মাত্ৰ তিনিদিন পূৰ্বে, ১৬ ছেপ্টেম্বৰত জুবিন নিজেই গৈ এই সংগ্ৰহালয় পৰিদৰ্শন কৰিছিল। তেওঁ ক’লে, এই সংগ্ৰহে তেওঁৰ বহুদিনীয়া পাহৰি যোৱা সৃষ্টিৰ স্মৃতি উজাগৰ কৰিছে।

বিশাল কলিতা আৰু তেওঁৰ অনুৰাগীসকলে এতিয়া এই গীতসমূহ ডিজিটেলাইজ কৰি অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণলৈ পোৰাৰ পৰিকল্পনা কৰিছে। লগতে, তেওঁলোক জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে ৰয়েল্টি নিশ্চিত কৰাৰ ব্যৱস্থাও বিচাৰিছে। কিন্তু সমস্যা এটা আছে — বহু গীতৰ কপিৰাইট বা মালিকীস্বত্ব স্পষ্টভাৱে নিৰ্ধাৰিত নহোৱাৰ বাবে এই কামত আইনী জটিলতা দেখা দিব পাৰে।

ভাৰতৰ সংগীত ৰয়েল্টি সংগ্ৰহকাৰী সংস্থা Indian Performing Rights Society (IPRS)-ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ নিগমে জনাইছে যে, তেওঁলোকৰ সংস্থাই শিল্পী বা তেওঁলোকৰ পৰিয়ালৰ বাবে রয়েল্টি নিশ্চিত কৰিবলৈ কাম কৰি আছে, কিন্তু ডিজিটেল প্লেটফৰ্ম আৰু বিতৰকৰ জটিল নেটৱৰ্কৰ বাবে মালিকীস্বত্ব চিনাক্ত কৰাটো দিনে দিনে কঠিন হৈ পৰিছে।

জনপ্ৰিয় বলীউড গায়ক শ্বানে মন্তব্য কৰিছে, “এই পদক্ষেপটো বহুত আগতেই ল’ব লাগিছিল। আঞ্চলিক সংগীতৰ ক্ষেত্ৰত কপিৰাইট চিনাক্ত কৰা চেলেঞ্জিং হ’ব পাৰে, কিন্তু যদি দলবদ্ধভাৱে কাম কৰা যায়, তেন্তে সেয়া এক বৃহৎ উদাহৰণ হ’ব।”

সংগীত প্ৰযোজক শ্যামন্তক গৌতম আৰু মানস বৰুৱা-ও জনাইছে যে, জুবিন গাৰ্গৰ বহু গীতৰ বিতৰকসকল বৰ্তমান অবশিষ্ট নাই বা তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ গৈছে। ইয়াৰ ফলত অনুজ্ঞাপত্ৰৰ মালিকীস্বত্ব কাকলৈ গ’ল, সেয়া অনুসৰণ কৰাটো এক কঠিন প্ৰক্ৰিয়া।

এই সম্পূৰ্ণ ঘটনাই পুনৰ এক প্রশ্ন উত্থাপন কৰিছে — ভাৰতৰ বহুলোক কিংবদন্তি শিল্পীৰ দৰে জুবিন গাৰ্গৰ সংগীতৰ অধিকাৰ, রয়েল্টি আৰু সৃষ্টিৰ ওপৰত ন্যায়সঙ্গত মালিকীস্বত্ব নিশ্চিত কৰাৰ বাবে কি যথেষ্ট ব্যৱস্থা আছে?

ইতিহাসে সাক্ষী দিছে, লতা মংগেশকাৰ, এছ. পি. বালাসুব্ৰমণিয়াম, বা কে. জে. যেছুদাছৰ দৰে শিল্পীসকলো নিজৰ সৃষ্টিৰ অধিকাৰ ৰক্ষাৰ বাবে দীঘলীয়া লড়াই চলাইছিল।
জুবিন গাৰ্গৰ ক্ষেত্ৰতো সেই আলোচনাই পুনৰ গাম্ভীৰ্য লাভ কৰিছে — কাৰণ তেওঁ যে সংগীতৰ ভঁৰাল দি গ’ল, সেই সম্পদত তেওঁৰ পৰিয়াল আৰু অসমবাসীৰ অধিকাৰ সুৰক্ষিত কৰা সময়ৰ প্ৰয়োজন।

Garima Saikia Garg: অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ…

অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ...
অসমৰ মাটি, আকাশ, বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ...

আজি মহাবাহু ব্ৰহ্মপুত্ৰত জুবিনৰ চিতাভস্ম বিসৰ্জন।(Garima Saikia Garg)

ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভষ্ম।

সদায় ব্ৰহ্মপুত্ৰৰ কথা কোৱা মানুহজনক ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰি দিলোঁ…।

শান্তিত থাকক…।

কান্দি কান্দি আবেগিক হৈ এইদৰে মন্তব্য কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে।

ব্ৰহ্মপুত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পাছতে আবেগিক হৈ পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে-

অসমৰ মাটি,আকাশ,বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ…।

মানুহ, প্ৰকৃতি সকলোৰে বুকুত মাথোঁ তুমি …।

হে ঈশ্বৰপুত্ৰ অসমখনক সদায় ৰখাৰ দৰেই তোমাৰ স্নেহেৰে আৱৰি ৰাখিবা ।

এদিন লগ হ’ম আকৌ সোনকালেই …জন্মান্তৰৰ কথা পাতিম, নতুন কাহিনী লিখিম তোমাৰ আৰু মোৰ…।

কিন্তু এতিয়া আমি তোমাৰ সতে প্ৰকৃততে কি ঘটিছিল সেই অভিশপ্ত দিনটোত সেয়া জানিব লাগে ।

Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ

Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ
Zubeen Garg: জুবিন গাৰ্গৰ গান-কবিতাক গল্পৰ ৰূপ প্ৰদান ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ

বহুল প্ৰচলিত, ভাৰতৰ এখন (Zubeen Garg) বিখ্যাত কাকত ‘আনন্দ বাজাৰ পত্ৰিকা’ই বেষ্টচেলাৰ হিচাপে উল্লেখ কৰিলে এখন সদ্যপ্ৰকাশিত অসমীয়া গ্ৰন্থক। গ্ৰন্থখন হ’ল ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ পৰিচিত ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’। জানিব পৰা মতে ১৯ ছেপ্টেম্বৰত আকস্মিকভাৱে ছিংগাপুৰত অকাল মহাপ্ৰয়াণ ঘটা হাৰ্টথ্ৰ’ৱ কণ্ঠশিল্পী জুবিন গাৰ্গে লিখা আৰু গোৱা গানৰ লগতে তেওঁ ৰচিত কবিতাক গল্পৰ ৰূপ দি প্ৰকাশিত গ্ৰন্থ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শেহতীয়াকৈ মুকলি কৰা হৈছে। অসম পাবলিচিং কোম্পানীয়ে গ্ৰন্থখন প্ৰকাশ কৰিছে। মুকলি কৰাৰ লগে লগে গ্ৰন্থখনে ৰাজ্যজুৰি পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ প্ৰকাশক সঞ্জয় সান্যালে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰ পৰিবৰ্ধিত-পৰিমাৰ্জিত সংস্কৰণ প্ৰকাশ কৰা হৈছে বুলি সদৰী কৰি আজি ইয়াত সাংবাদিকক তেওঁ জানিবলৈ দিয়ে, “ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ যথেষ্ট পঢ়ুৱৈয়ে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন আদৰি লৈছে। এমাজনতো কিতাপখনৰ প্ৰতি ৰাইজৰ সঁহাৰি সন্তোষজনক।

আনকি পঢ়ুৱৈৰ সহাঁৰিৰ বাবেই আমি এই বছৰ প্ৰকাশ কৰা গ্ৰন্থ সম্ভাৰৰ বেষ্টচেলাৰৰ তালিকাভুক্ত হৈছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ কিতাপখন।” উল্লেখ্য যে অসমীয়াৰ লগতে ভাৰতীয় ইংৰাজী সাহিত্যতো ঔপন্যাসিক হিচাপে সমাদৃত তৰুণ লেখক নীলিম আকাশ কাশ্যপে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন ৰচনা কৰিছে। নলবাৰীৰ সন্তান তথা তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপে সংবাদ মাধ্যমক অৱগত কৰা মতে গ্ৰন্থখনত ‘পাখি পাখি এই মন’, ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘শব্দ যদি প্ৰেৰণা হয়’, ‘কাৰ পৰশ’, ‘অন্ধ আকাশ, ৰুদ্ধ বতাহ’, ‘দিয়া ঘূৰাই দিয়া’ আদিকে ধৰি জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পোৱা কেইবাটাও গানক গল্পৰ ৰূপ দিয়া হৈছে। ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ত জুবিন গাৰ্গ ৰচিত ‘চক্র’, ‘মেটামৰফ’চিছ’, ‘তুমি’, ‘পদধ্বনি’ আদিকে ধৰি বহুকেইটা কবিতাকো গল্পৰূপ দিয়া হৈছে বুলি সদৰী কৰা নীলিম আকাশ কাশ্যপে কয়, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানসেৰে পৰিবৰ্ধিত আৰু পৰিমাৰ্জিত ৰূপত প্ৰকাশিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখনত শিল্পীগৰাকীয়ে গোৱা গান আৰু লিখা কবিতাক গল্পৰ মাধ্যমেৰে নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰাৰ লগতে গ্ৰন্থখনত জুবিন গাৰ্গৰ শৈশৱৰ পৰা অন্তিম শয়নলৈকে বিভিন্ন ফটো সংকলিত কৰা হৈছে।”

জানিব পৰা মতে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শীৰ্ষক গ্ৰন্থখনত জুবিন গাৰ্গ সম্পৰ্কত অনুৰাগী ৰাইজৰ চমু মতামতৰ উপৰিও শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ উপৰি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° কমল কুমাৰ তাঁতী, পবিত্ৰ মাৰ্ঘেৰিটা, ৰবচন বৰুৱা, জুবলি বৰুৱা, দেৱ বৰকটকী, দিগন্ত ভাৰতী, যতীন বৰা, ৰাজেশ ভূঞা, তৃতীয় শ্ৰেণীৰ ছাত্ৰী চান্‌ভি কাশ্যপ, প্ৰাণজিৎ শইকীয়া, হেমন্ত শৰ্মা আদিৰ জুবিন গাৰ্গ সম্পৰ্কীয় তথ্যগধূৰ লেখা আৰু মন্তব্যও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে নলবাৰীৰ সন্তান, তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপ ৰচিত ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখন অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰি উলিয়াইছে। ভাৰতৰ এগৰাকী আগশাৰীৰ প্ৰচ্ছদ শিল্পী সৌৰিশ মিত্ৰই ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ নামৰ বেষ্টচেলাৰ গ্ৰন্থখনৰ প্ৰচ্ছদ সজ্জা কৰিছে।

World Stroke Day: গুৱাহাটী মেট্ৰ’ হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস

World Stroke Day: গুৱাহাটী মেট্ৰ' হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস
World Stroke Day: গুৱাহাটী মেট্ৰ' হাস্পতালত উদযাপন বিশ্ব ষ্ট্ৰোক দিৱস

আজি বিশ্ব ষ্ট্ৰোক দিৱস।(World Stroke Day)

স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ লক্ষ্যৰে অক্টোবৰ মাহত উদযাপন কৰা হয় বিশ্ব ষ্ট্ৰোক দিৱস।

গুৱাহাটী মেট্ৰ’ হাস্পতালত উদযাপন কৰা হয় এই দিৱস।

বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে গুৱাহাটী মেট্ৰ’ হাস্পাতালে আয়োজন কৰে ৱাকাথন।

ষ্ট্ৰোক প্ৰতিৰোধ, আগতীয়াকৈ চিনাক্তকৰণ আৰু সময়মতে চিকিৎসাৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে এক ৱাকাথনৰ আয়োজন কৰে।

গুৱাহাটী মেট্ৰ’ হস্পিতালছ প্ৰাইভেট লিমিটেড, খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলি হৈ পুৱা ৫:৩০ বজাৰ পৰা ৭:৩০ বজালৈ ৱাকথন আৰম্ভ কৰে।

এই অনুষ্ঠানৰ জৰিয়তে সমাজলৈ ষ্ট্ৰোক সজাগতাৰ বাৰ্তা বৃদ্ধি কৰাৰ প্ৰয়াস গুৱাহাটী মেট্ৰ’ হাস্পাতাৰ।

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে Interventional Neuro-radiologist Dr Gorky Medhi আৰু Dr.Chintu Patowary (Neurosurgeon)।

Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ

Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ
Zubeen Garg: ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ। (Zubeen Garg)

বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন জুবিন।

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিনৰ চিতাভস্ম বিসৰ্জন।

ব্ৰহ্মপুত্ৰৰ বুকুত গৰিমা শইকীয়া গাৰ্গে বিসৰ্জন দিলে জুবিন গাৰ্গৰ চিতাভষ্ম

সদায় ব্ৰহ্মপুত্ৰৰ কথা কোৱা মানুহজনক ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন কৰি দিলোঁ…

শান্তিত থাকক…

কান্দি কান্দি আবেগিক হৈ ক’লে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ।

ব্ৰহ্মপুত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জনৰ পাছতে আবেগিক পত্নী গৰিমা গাৰ্গ

ফাঁচীবজাৰ ঘাটত জুবিন গাৰ্গৰ অস্থি বিসর্জন।

গৰিমা গাৰ্গসহ পৰিয়ালে দিলে অস্থি বিসর্জন লগত আছে জুবলী বৰুৱাও।

জুবিনে বিছাৰিছিল তেওঁৰ মৃত্যুৰ পাছত মহাবাহুত উটুৱাই দিয়া।

যাৰ বাবে মহাবাহুৰ বক্ষত দিলে অস্থি বিসর্জন।

Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ…

Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ...
Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত দৰ্পণ সত্যাগ্ৰহ...

আইনা ত’ চাফ হ্যে, আপ চেহৰা চাফ কিজিয়ে (Tezpur University) অৰ্থাৎ আইনাতো পৰিস্কাৰ হৈ আছে,আপুনি চেহেৰা পৰিস্কাৰ কৰক৷তেজপুৰ বিশ্ব বিদ্যালয়ত কালি সন্ধ্যা এইদৰেই উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ সমাজে৷উল্লেখযোগ্য যে, যোৱা ২২ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত বিশ্ববিদ্যালয় চৌহদত ধাৰাবাহিক ভাবে অব্যাহত আছে আন্দোলনৰ কাৰ্যসূচী৷দৈনিক শ্ৰেণী সমূহ সম্পন্ন হোৱাৰ পিচত সন্ধিয়া ছাত্ৰ সমাজে ন্যায় বিচাৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাটো সম্প্ৰতি এক ৰুটিনত পৰিণত হৈছে৷

উপাচাৰ্য শম্ভুনাথ সিঙৰ বিপৰীতে বিশ্ববিদ্যালয় চৌহদত ওলমিছে ছেম্ভুনাথ শীৰ্ষক পোষ্টাৰ৷উল্লেখযোগ্য যে,বিশ্ববিদ্যালয়খনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰসমাজে ৰূপায়ণ কৰা দৰ্পণ সত্যাগ্ৰহ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত কোৱা হৈছে যে,যেতিয়া দুৰ্নীতিয়ে নিজকে চাবলৈ অস্বীকাৰ কৰিছে তেনে সময়তে আমি সত্যৰ আইনাখন ডাঙি ধৰিছোঁ৷উল্লেখযোগ্য যে বগা পোচাক পৰিধান কৰি এই প্ৰতিকী আন্দোলনত অংশগ্ৰহণ কৰি ছাত্ৰ সমাজে লগতে কয় যে নিৰ্ভেজাল, শান্তি আৰু ঐক্যতাৰ প্ৰতীক হিচাপে সকলোৱে বগা পোচাক পৰিধান কৰি ৰূপায়ণ কৰে এই দৰ্পণ সত্যাগ্ৰহ কাৰ্যসূচীৰ৷হাতে হাতে আইনা লৈ প্ৰতিবাদকাৰী সকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰত সংঘটিত হৈ থকা সকলো অনিয়ম প্ৰতিফলিত কৰা এই আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ ছাত্ৰ সমাজে কয় যে,আইনাৰ প্ৰতিফলন চাবলৈ দুৰ্নীতি অনিয়মৰে জড়িত সকলে ভয় কৰে৷

গীত,যন্ত্ৰসংগীত,বক্তৃতা, কবিতা আৰু শায়েৰীৰে কৰা এই প্ৰতিবাদত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে প্ৰশাসনিক ভাবে সংঘটিত অনিয়মৰ বিৰুদ্ধে সকলো সোচ্চাৰ হৈ উঠে৷উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিং যোৱা ২৩ছেপ্টেমবৰৰ পৰা বিশ্ববিদ্যালয়ত অনুপস্থিত৷আনহাতে তেওঁ বিশ্ববিদ্যালয়খনত উপাচাৰ্য হিচাপে যোগাদানৰ আঢ়ৈ বছৰতে ৩৮৮দিন বাহিৰত থকা উপাচাৰ্য সিঙৰ বৰ্তমানৰ অনুপস্থিতি তথা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হৈছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃত্বশীল কৰ্তৃপক্ষই৷বিশ্ববিদ্যালয়খনত অব্যাহত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ তথা পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা বিগত এমাহৰ অধিক কাল গ্ৰহণ নকৰাটোৱে ইয়াৰ আঁৰত উপাচাৰ্য সিঙে সততে তেওঁৰ ৰাজনৈতিক যোগসূত্ৰৰ বিষয়ে জাহিৰ কৰি অহা বিষয়টোৱেও ক্ৰিয়া কৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷উল্লেখযোগ্য যে,একমাত্ৰ ৰাজনৈতিক কাৰণতে শম্ভুনাথ সিঙক তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া বুলি চৰ্চিত হৈ অহাৰ লগতে তেওঁৰ কাৰ্যকালত সংঘটিত হোৱা বুলি অভিযোগ উঠা বহু দুৰ্নীতি অনিয়মৰ অভিযোগৰ বিৰুদ্ধে প্ৰকৃততে চিবিআই ৰ তদন্ত হ’ব লাগে বুলিও চৰ্চিত হৈছে৷

কিন্তু এই এমাহে এইদৰে আন্দোলন চলি থকা সত্বেও দেশৰ গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰটোকলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াকলৈ বিভিন্ন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে৷আনহাতে,যুগস্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শনৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনে প্ৰদৰ্শন কৰা উপেক্ষাৰ বিৰুদ্ধে প্ৰথমে ছাত্ৰসমাজ জাঙুৰ খাই উঠাৰ পিচত এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনে কৰা তদন্তৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এই প্ৰতিবেদনত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয় প্ৰশাসনৰ খেলিমেলিৰ বিষয়েও উল্লেখ কৰা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

Rantu Paniphukan: ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক

৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক
৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক

৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকনক।(Rantu Paniphukan)

ৰণ্টু পানীফুকন, তন্ময় চেতিয়া, উৎপল দত্তক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।

কালি CJM আদালতত হাজিৰ কৰোৱা হৈছিল বীৰ লাচিত সেনাৰ ৩ নেতাক।

সোমবাৰে সংবাদমেলৰ মাজতে আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰিছিল ।

আনহাতে তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈকো গ্ৰেপ্তাৰ।

লখিমপুৰৰ বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোঁহাইকো গ্ৰেপ্তাৰ।


Himanta Biswa Sarma: অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব চৰকাৰে

অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে
অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে

শেহতীয়াকৈ ৰাজ্যৰ (Himanta Biswa Sarma) গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষীয়ে বীৰ লাচিত সেনা নামৰ সংগঠনৰ মুখ্য সচিবকে ধৰি ৮ জন সদস্যক ধন দাবী আৰু অপহৰণৰ গোচৰত কালি আটক কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক লৈ গভীৰভাৱে অসন্তুষ্ট বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ বিভিন্ন আপত্তিজনক মন্তব্য কৰা সংগঠনটোৰ এজন শীর্ষ নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজি এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰে হোৱা বাৰ্তালাপত বীৰ লাচিত সেনাৰ শেহতীয়া কৰ্ম-কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰি কয় – অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টী বীৰ লাচিত সেনাই আছে। এই সন্দৰ্ভত আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু ল’ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা হৈছে সিজি বিষয়েও আৰক্ষী অধীক্ষকক ব্যৱস্থা ল’বলৈ জনোৱা হৈছে। এচাম সন্দেহযুক্ত লোকেও নাম পিছফালে অসম লিখি নামনি অসমত তাণ্ডৱ চলাই আছে। তেনে এটা নাম হ’ল ৰিতুনে ৰিজু অসম, যি আচলতে আহমেদহে। বিশেষকৈ নামনি অসমত অসম নামটো লগাই এতিয়া মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি আছে। গতিকে, এই সংগঠনটোৰ প্ৰতি চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ’ব।


লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এছ আই টিয়ে তদন্ত চলাই আছে আৰু অতি শীঘ্ৰেই তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি চাৰ্জশ্বীট দিব বুলি জনায় মুখ্যমন্ত্ৰীয়ে। তদন্তকাৰী দলটোৱে তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। চাৰিলেনযুক্ত পথ লৈ কলিয়াবৰত চলি থকা বিৰোধৰ বিষয়ে কেশৱ মহন্ত জানিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰতিবাদ কৰা ভাল তেওঁলোকে স্থানীয় মন্ত্ৰীৰ লগত কথা পাতিব। এই সংক্ৰান্তত স্থানীয় মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া কি হ’ব সি ভৱিষ্যত সময়ত লক্ষণীয় হ’ব বুলিও চাৰিলেনযুক্ত পথ দাবী সমিতিৰ মাজত আলোচিত হৈছে। তদুপৰি, ২০২৬ চনত অগপৰে মিত্ৰতা থাকিব, নথকাৰ কাৰণ নাই। কাষত অগপ দলৰ কাৰ্যকৰী সভাপতিৰ লগত লৈ সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত এই মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়।


ইয়াৰ আগতে কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. ইও ষ্টেডিয়ামত অনুষ্ঠিত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ২২টা গাঁও পঞ্চায়তৰ প্ৰায় তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ অনুষ্ঠানত ভাষণ দি অসমৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে পুনৰ অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয় – চাৰি লাখ আত্মসহায়ক গোটৰ চল্লিশ লাখ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ সমাজ আৰু দেশক অৰ্থনৈতিকভাৱে আগ বঢ়াই নিব পাৰে। যোৰহাটৰ এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনি কোটি মহিলাক লাখপতি কৰি তোলা হ’ব বুলি কৰা এক ঘোষণাক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি অসমতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে। উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত পুঁজি ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়েও মহিলাসকলক অৱগত কৰে।


মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ’ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শর্মাই মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা বিধানসভা সমষ্টিৰ সৰ্বমুঠ প্ৰায় তেত্ৰিশ হাজাৰ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কলিয়াবৰ সমষ্টিৰ হিতাধিকাৰীসকলক আজি এই সভাতেই ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ ব্যৱস্থা কৰা হয়। সভাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ শক্তিশালী পদক্ষেপৰ বাবে অসমত যোৱা সময়ছোৱাত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কলিয়াবৰতো পূৰ্বে কোনো কালে নোহোৱা পৰিৱৰ্তন কলিয়াবৰৰ ঘৰে-ঘৰে দেখা পোৱা গৈছে। এতিয়া কলিয়াবৰত ঘৰে-ঘৰে হিমন্ত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

তৃতীয় সংস্কৰণ মিচিং স্প’ৰ্টছ কাৰ্ণিভেলৰ সামৰণিঃ পদকৰ শীৰ্ষত ধেমাজি

মিচিং জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত ধেমাজি জিলাৰ গোগামুখত ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা তৃতীয় সংখ্যক মিচিং স্প’ৰ্টছ কাৰ্ণিভেল কালি পুৱতি নিশা  সামৰণি পৰিছে ৷ ১৮ টা ইভেন্টত গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত  স্প“ৰ্টছ কাৰ্ণিভেলত ক্ৰমে ফুটবল, এথলেটিক, বেটমিন্টন, ভলীবল, আৰ্চাৰী, কাবাদী ছুইমিং আৰু মিচিং সমাজৰ পৰম্পৰাগত খেল দগদৃগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ৷ খেলৰ প্ৰতিযোগিতাসমূহৰ সমান্তৰালভাৱে প্ৰতিটো নিশাই সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছিল আৰু ইয়ে ক্ৰীড়া আৰু সাংস্কৃতিৰ মাজত মহামিলনৰ সৃষ্টি কৰে ৷ সকলোবোৰ ইভেন্টৰ খেল অন্ত পৰাৰ পাছত কালি পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় ৷ টি এম পি কেৰ ১৭ খন সাংগঠনিক জিলাই অংশগ্ৰহণ কৰা উক্ত বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ধেমাজি জিলা সমিতি টি এম পি কেই পদক তালিকাৰ শীৰ্ষস্থান লাভ কৰে ৷ বিগত বৰ্ষটো ধেমাজি জিলা দলে পদক তালিকাত শীৰ্ষত থাকি চেম্পিয়নৰ খিতাপ দখল কৰিছিল ৷

এইবাৰ ধেমাজি জিলা দলে ১৬ টা সোণ, ১৭ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জক পদকেৰে মুঠ ৪৪ টা পদক লাভ কৰি পুনৰ চেম্পিয়নৰ খিতাপ দখল কৰে ৷ জোনাই জিলা সমিতিয়ে ১৩ টা সোণ, ৮ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৩ টা পদক লাভ কৰি দ্বিতীয় স্থানত অৱস্থান কৰে ৷ টি এম পি কেৰ লখিমপুৰ জিলা দলে ৯ টা সোণ, ১১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৩ টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰে ৷ চিলাপথাৰ জিলা দলে ৮ টা সোণ, ৬ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২২ টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত থাকে ৷ মাজুলী জিলা দলে ৭ টা সোণ, ১১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২২টা পদক লাভ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়। যোৰহাট জিলা টি এম পি কেই ৭ সোণ, ২ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক লৈ ষষ্ঠ স্থানত অৱস্থান কৰে ৷ যোৰহাট জিলা দলে এইবাৰ মহিলাৰ ভলীবলত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে বেটমিন্টনত চমৎকাৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ এইদৰে শিৱসাগৰ জিলা দলে ৫ টা সোণ, ৫ ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৮ টা পদক লাভ কৰি পদক তালিকাৰ সপ্তম স্থান অধিকাৰ কৰে ৷ ঢকুৱাখনা জিলা দলে ৩ টা সোণ, ১১ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৬ টা পদক দখল কৰি অষ্টম স্থান অধিকাৰ কৰে ৷ শোণিতপুৰ জিলা দলে ২ টা সোণ, ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদকেৰে নৱম স্থান দখল কৰে ৷ গোলাঘাট জিলা দলে ২ টা সোণ, ২ টা ৰূপ লৈ দশম, গুৱাহাটী চিটি কমিটিয়ে ১ টা সোণ, ১ টা ৰূপ লৈ একাদশ স্থান লাভ কৰে ৷ ডিব্ৰুগড় জিলা দলে ২ টা ৰূপ, ৪ টা ব্ৰঞ্জ, চৰাইদেউ জিলা দলে ১ টা ব্ৰঞ্জৰ পদক লৈ ক্ৰমে দ্বাদশ আৰু ত্ৰয়োদশ স্থান লাভ কৰে ৷ বিহপুৰীয়া, তিনিচুকীয়া, শদিয়া আৰু জীয়া ভৰলী টি এম পি কেৰ জিলা দলে পদকৰ খাটা খুলিবলৈ সক্ষম নহ’ল ৷

মহিলাৰ ফুটবলত লখিমপুৰ চেম্পিয়নঃ মিচিং স্প’ৰ্টছ কাৰ্ণিভেলত পোনপ্ৰথম বাৰৰ বাবে সংযোজিত মহিলাৰ ফুটবলত টি এম পি কেৰ লখিমপুৰ জিলা দলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ ১৯ বছৰ অনুৰ্ধবৰ বাবে মিচিং স্প’ৰ্টছ কাৰ্ণিভেলৰ মহিলাৰ ফুটবলত লখিমপুৰ জিলা দলে মণ্ডল পৰ্যায়ৰ পৰাই দমনীয় খেল প্ৰদৰ্শন কৰি আহিছিল ৷ কোৱাৰ্টাৰ ফাইনেলত  লখিমপুৰ জিলা দলে মাজুলী জিলা দলক ৩-০ গ’লৰ ব্যৱধানত, ছেমি ফাইনেলত ধেমাজি জিলা দলক ৪-২ গ’লৰ ব্যৱধানত বিধ্বস্ত কৰাৰ বিপৰীতে ফাইনেলত ফাইনেল খেলত মাজুলী জিলা দলক ৬-২ গ’লৰ ব্যৱধানত ধৰাসায়ী কৰে ৷ ফাইনেল খেলত লখিমপুৰ জিলা দলৰ হৈ কৰিণা নৰহ ১, বিৰিণা পেগু ২, অইচেং পেগু ১, য়াদেং পেগুৱে ১ গ’ল দি লখিমপুৰ জিলা দলক হেলাৰঙে বিজয়ৰ উপহাৰ দিয়ে ৷ লখিমপুৰ জিলা মহিলা দলটো গঠন কৰা হৈছিল প্ৰতিভাৰে ভৰপুৰ উদীয়মান যুৱ খেলুৱৈসকলক ৷ যিসকল খেলুৱৈৰ আছে ইন্টাৰনেচনেল সুব্ৰত কাপ চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা সম্পন্ন যুৱ খেলুৱৈ ৷ আঠগৰাকী খেলুৱৈয়ে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৷ ইয়াৰে অন্যতম আছিল ৰুয়ুম দলে, এলিজা পেগু, বিৰিণা পেগু, ৰিতু দলে, সোণালী পেগু, অইচেং পেগু, কৰিণা নৰহ আৰু শেৱালী পেগু ৷ একেদৰে ১৯ বছৰ অনুৰ্ধ্বৰ  ফুটবলৰ ল’ৰাৰ শাখাত ঢকুৱাখনা জিলা দলে লখিমপুৰ। জিলা দলক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ৷

কাজিৰঙাত অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্ৰজন্মৰ সন্মিলন সম্পন্ন…

ভাবিকালৰ সাধকসকলৰ ভৱিষ্যত তেওঁলোকৰ অভিভাৱকসকলৰ বৰ্তমানে নিৰ্মাণ কৰে। এখন সভ্য সমাজ গঠনৰ বাবে পৰিয়ালবোৰ সজ-সদাচাৰী হ’বই লাগিব। ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈকে অসম সাহিত্য সভাৰ ইতিহাসত আমি প্ৰথমবাৰৰ বাবে এই ভৱিষ্যত প্ৰজন্মৰ সন্মিলন আয়োজন কৰিছোঁ। অসম সাহিত্য সভাৰ উদ্যোগত, গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত আৰু ডিফলুপৰীয়া শতদল শাখা সাহিত্য সভা, স্থানীয় দল-সংগঠনৰ আতিথ্যত গোলাঘাট জিলাৰ ঐতিহ্যপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাস্থিত পৰমানন্দ লাহন প্রেক্ষাগৃহত ভৱিষ্যত প্ৰজন্মৰ সন্মিলনৰ সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। অসম চৰকাৰৰ কৃষি আৰু পশু পালন মন্ত্রী অতুল বৰাই আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰি কয় যে বৃহত্তৰ অসম আৰু অসমীয়া জাতি গঠনত অসম সাহিত্য সভাৰ ভূমিকা অপৰিসীম। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই স্মৃতিগ্রন্থ ‘প্ৰজন্মৰ ঐক্য’ উন্মোচন কৰা সন্মিলনখনত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম সাহিত্য সভাৰ সাংগঠনিক দিশৰ সন্দৰ্ভত গধূৰ বিশ্লেষণ আগবঢ়ায়। ভাষণ প্ৰদান কৰি তেওঁ কয় যে দুহেজাৰ শাখা সাহিত্য সভা গঠনৰ বৃহৎ লক্ষ্যৰে অসম সাহিত্য সভা আগবাঢ়িছে।

এই পুণ্য সংগঠনটোক কোনেও আক্ৰোশ পূৰণৰ বাবে ব্যৱহাৰ নকৰিব। জাতিৰ অধিকাৰ খৰ্ব কৰি এই জাতীয় সংগঠনৰ নেতৃত্ব নিৰ্বাচনত অসম সাহিত্য সভাৰ প্ৰতিজন বিষয়ববীয়া আৰু সদস্য বিৰত থকা উচিত। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত উৎসর্গিত অসম সাহিত্য সভাক অধিক সবল আৰু শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি জিলা সাহিত্য সভাসমূহৰ সম্পাদক, সহকাৰী সম্পাদক আৰু পত্রিকা সম্পাদকসকলক লৈ ভৱিষ্যৎ প্রজন্মৰ সম্মিলনখনিত নুমলীগড় শোধনাগাৰ মহাপ্রবন্ধক ড° কাজল শইকীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত হাজৰিকা, ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতান, সাংগঠনিক সম্পাদকত্ৰয় ক্ৰমে মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ দুলাল নাথ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সুনীল গুৰুঙ, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ নিত্যানন্দ বৰা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজন, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা, উপসভাপতি মুহিৰাম লইং, প্ৰাক্তন সভাপতি তফজ্জুল হক বৰবৰা, জিলা প্ৰতিনিধি ড০ যতীন নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অঞ্জনা গগৈ, পুলক কুমাৰ গগৈ, ভূৱন ছেত্ৰী, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লক্ষীমপুৰ, শোণিতপুৰ, ওদালগুৰি, দৰং, কাৰ্বি আংলং, ডিমা হাছাও, গোৱালপাৰা জিলা সাহিত্য সভা প্ৰমুখ্যে অধিকাংশ জিলা সভাৰ সম্পাদক, সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক, প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে আঁতধৰা সন্মিলনখনৰ আৰম্ভণিতে প্ৰতিজন অংশগ্ৰহণকাৰীক অসমৰ স্বাভিমানৰ প্ৰতীক কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ স্মাৰক, জাতীয় অংগ-বস্ত্ৰ, অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰে ব্যাপক আদৰণী জনায়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সন্মিলনখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে। ইফালে সভাৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮-৪০ বজাত পতাকা উত্তোলন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই । পুৱা ৯ বজাত স্মৃতি তর্পণ কৰে অভ্যর্থনা সমিতিৰ সভাপতি মিনতি দলে। ৯-৩০ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধার্ঘ জ্ঞাপন কৰি বন্তি প্রজ্জ্বলন কৰে বিশিষ্ট সমাজসেৱক, চলচ্চিত্র নির্মাতা, ৰজত কমল বঁটাপ্রাপক নুৰুল চুলতানে ।