কেবিনেট বৈঠকৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত — ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰক লৈও মুখ্যমন্ত্ৰীৰ ঘোষণা । Assam Cabinet
Assam Cabinet । ৰাজ্যিক কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সকলো সিদ্ধান্ত সদৰি কৰে। অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লগতে শিল্পী **জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ লৈ কেবিনেটে এক বিশেষ সিদ্ধান্ত লৈছে।
কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ —
১️⃣ বান প্ৰতিৰোধৰ বাবে ২২০৫ কোটি টকাৰ প্ৰকল্প অনুমোদন আছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সহায়ত ২২০৫ কোটি টকাৰ এক বৃহৎ বান প্ৰতিৰোধ প্ৰকল্প অনুমোদন কৰা হয়। এই প্রকল্পত ৭৬ কিলোমিটাৰ লম্বা বান প্ৰতিৰোধৰ দেৱাল নিৰ্মাণ, ৩৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ আৰু ১৭.৭২ কিলোমিটাৰ প্ৰ’ ছিলটেচন কাম কৰা হ’ব।
৩️⃣ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচন পুনৰ গঠন জিলাস্তৰীয় আৰক্ষী জবাবদিহিতা নিশ্চিত কৰিবলৈ ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটী কমিচনসমূহ পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়, যাতে এই সংস্থাসমূহ অধিক সক্ৰিয়ভাৱে কাম কৰিব পাৰে।
‘অসম সাহিত্য সভা’ৰ অন্যতম অগ্ৰণী শাখা নগাঁৱৰ ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত ‘সাঁকো আলোচনা চক্ৰ’ৰ ৩২ সংখ্যক বৈঠকখনি ২৬ অক্টোবৰৰ বিয়লি শাখাটোৰ প্ৰাক্তন উপ-সভাপতি তথা চকৰিগাঁও নিবাসী কুমুদ চন্দ্ৰ বৰাৰ বাসগৃহ প্ৰাংগণত অনুষ্ঠিত হয়। কলংপৰীয়া শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি গোলাপ বৰাৰ সভাপতিত্বত আৰু সাঁকো আলোচনা চক্ৰৰ সঞ্চালক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘সাঁকো আলোচনা চক্ৰ’ৰ সম্পাদক বসন্ত কৌশিক ভাগৱতীয়ে। সভাৰ আৰম্ভণিতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শাখাৰ প্ৰাক্তন সভাপতি ক্ৰমে কমলা কান্ত বৰা, শৈলেন্দ্ৰ গোস্বামী আৰু থুলেশ্বৰ বৰাই।
ইয়াৰ পিছতে ৰূবী বৰা, নৱমল্লিকা কাশ্যপ, দীপশিখা শৰ্মা, শিল্পীশিখা বৰা আৰু মিতালী বৰাৰ কণ্ঠত সুধাকণ্ঠ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশনেৰে শিল্পী দুগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সভাত জুবিন গাৰ্গৰ সম্পৰ্কত বিস্তৃতভাবে আলোকপাত কৰে বিশিষ্ট লেখক চিদানন্দ দেৱ গোস্বামীয়ে আৰু বিশ্ববৰেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা আগবঢ়ায় অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক মোহিনী মোহন ডেকাই। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীয়েও সভাত অংশগ্ৰহণ কৰি এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।