Home Blog Page 41

উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত ৯৩.৭২ শতাংশ উত্তীৰ্ণৰে বি এইচ বি মহাবিদ‍্যালয়ৰ সাফল‍্য

উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত ৯৩.৭২ শতাংশ উত্তীৰ্ণৰে বি এইচ বি মহাবিদ‍্যালয়ৰ সাফল‍্য
উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত ৯৩.৭২ শতাংশ উত্তীৰ্ণৰে বি এইচ বি মহাবিদ‍্যালয়ৰ সাফল‍্য

সদ‍্যঘোষিত উচ্চত্বৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত সৰুপেটাৰ বি এইচ বি মহাবিদ‍্যালয়ে ৯৩.৭২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সমগ্ৰ বজালী জিলাৰ ভিতৰত উজ্জ্বলি উঠিছে।মহাবিদ‍্যালয়ৰ সৰ্বমুঠ ২৩৯ জন পৰীক্ষাৰ্থীৰ মাজত ১৪ জনে প্ৰথম বিভাগত, ৭৫ জনে দ্বিতীয় বিভাগত আৰু ১৩৫ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।তাৰে ভিতৰত দুজনে ডিষ্টিংশ‍্যসসহ কেউটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে।

তাৰবিপৰীতে দুজনে ষ্টাৰ মাৰ্ক আৰু বাকী প্ৰথম বিভাগৰ লগতে দ্বিতীয় বিভাগত থকা প্ৰায় যথেষ্ট সংখ‍্যকে অসমীয়া, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান,দৰ্শন, শিক্ষা, ইংৰাজী,সংস্কৃত,আৰবী ইত‍্যাদি ভালেকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।মহাবিদ‍্যালয়ৰ ছাত্ৰ সুশান্তজিৎ নাথে ৯১.৮শতাংশ নম্বৰেৰে বি এইচ বি মহাবিদ‍্যালয়ৰ কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।আন এগৰাকী ছাত্ৰী মধুস্মিতা বায়নে ৮৬ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছে।

উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে মহাবিদ‍্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ‍্যাপক-কৰ্মচাৰীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হৈছে।ইফালে আজি চলি থকা উচ্চত্বৰ মাধ‍্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি অনুষ্ঠানতে মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ নয়নজ‍্যোতি দাসে সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নতুনকৈ নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক উষ্ম আদৰণি জনায় আৰু নতুন শৈক্ষিক জীৱনলৈ শুভকামনা জ্ঞাপন কৰে। উপস্থিত থকা সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা তিনিজন ছাত্ৰ-ছাত্ৰীক মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ নয়নজ‍্যোতি দাস আৰু উপাধ‍্যক্ষ ডঃ দিপ্তী কলিতাই সম্বৰ্ধনা জ্ঞাপন কৰে। অধ‍্যক্ষগৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাৰ বাবে মহাবিদ‍্যালয়ৰ প্ৰতিটো বিভাগৰ প্ৰতিজন অধ‍্যাপককে ধন‍্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ

জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ
জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ

দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী পত্নী সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ।

ৰাজা ৰঘুবংশীৰ হত্যাকাৰীৰ জামিন মঞ্জুৰ জামিন পালে হত্যাকাৰী পত্নী সোণম ৰঘুবংশীয়ে।

মেঘালয়লৈ হানিমুনলৈ আহি স্বামীক হত্যা কৰিছিল সোণমে।

ছুপাৰী কিলাৰৰ সহায়ত স্বামীক হত্যা কৰিছিল সোণমে।

২০২৫ৰ ২৩ মে’ত সংঘটিত হৈছিল দেশ কঁপোৱা এই হত্যাকাণ্ড।

মেঘালয়ৰ কাৰাগাৰত বন্দী হৈ আছিল সোণম।

শ্বিলঙৰ আদালতে মঞ্জুৰ কৰিলে জামিন।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত টিলাপাৰা ক্ৰীছেন্ট একাডেমীৰ ১০০% সফলতা

উচ্চতৰ মাধ্যমিক পৰীক্ষাত টিলাপাৰা ক্ৰীছেন্ট একাডেমীৰ ১০০% সফলতা
উচ্চতৰ মাধ্যমিক পৰীক্ষাত টিলাপাৰা ক্ৰীছেন্ট একাডেমীৰ ১০০% সফলতা

উচ্চতৰ মাধ্যমিক পৰীক্ষাত টিলাপাৰা ক্ৰীছেন্ট একাডেমীৰ ১০০% সফলতা। ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যজুৰি আনন্দৰ জোৱাৰ দেখা গৈছে।

এই পৰিপ্ৰেক্ষিতত চাপৰ শিক্ষা খণ্ডৰ অন্তৰ্গত টিলাপাৰা ক্ৰীছেন্ট একাডেমীয়ে এইবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি অঞ্চলখনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ ১৬ জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ উৎকৃষ্ট ফলাফল দেখুৱাই চাৰি জনে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে ১০জন ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত আৰু ৬ ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। পোন প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ এই বৃহৎ সফলতাই বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ মান আৰু ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষা প্ৰদানেই স্পষ্ট কৰি তোলাৰ লগতে অঞ্চলটোত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিদ্যালয় খনে।

বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, শিক্ষকৰ কঠোৰ পৰিশ্ৰম, ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা আৰু অভিভাৱকৰ সহযোগিতাৰ ফলতেই এই সফলতা সম্ভৱ হৈছে। আগন্তুক দিনত অধিক উন্নত ফলাফল লাভৰ লক্ষ্যৰে বিদ্যালয়খন আগবাঢ়ি যাব বুলি তেওঁলোকে আশাবাদ ব্যক্ত কৰে। এই উল্লেখযোগ্য সফলতাই সমগ্ৰ অঞ্চলটোত আনন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে টিলাপাৰা ক্ৰীছেন্ট একাডেমীয়ে চাপৰ শিক্ষা খণ্ডলৈ এক গৌৰৱ কঢ়িয়াই আনিছে।

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল কচুৱা জুনিয়ৰ কলেজ

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল কচুৱা জুনিয়ৰ কলেজ
আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল কচুৱা জুনিয়ৰ কলেজ

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফলত উজলিল কচুৱা জুনিয়ৰ কলেজ। ২০১০ চনতে স্থাপিত হোৱা কচুৱা অঞ্চলৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কচুৱা জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত শিক্ষাগুৰুৰ লগতে ছাত্ৰ ছাত্ৰী। কলেজৰ পৰা কলা আৰু বাণিজ্য শাখাত সৰ্বমুঠ ২৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল, ইয়াৰে দুয়োটা শাখাৰ পৰা ২৪৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

জানিব পৰা মতে কলা শাখাত ৬ গৰাকী ডিষ্টিংচন মাৰ্ক , ২৭ গৰাকী ষ্টাৰ মাৰ্ক,১০৮ গৰাকী প্ৰথম বিভাগ,১০৯ গৰাকী দ্বিতীয় বিভাগ আৰু ১৮ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ সমান্তৰালকৈ বাণিজ্য শাখাত এগৰাকী ডিষ্টিংচন মাৰ্ক, ৩ গৰাকী ষ্টাৰ মাৰ্ক, ৯ গৰাকী প্ৰথম বিভাগ আৰু ৪ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ কচুৱা জুনিয়ৰ কলেজলৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰে সকলো।

ফলাফল লাভৰ পিছত কলেজত ফটকা ফুটাই আনন্দ উল্লাহ কৰা পৰিলক্ষিত হয়। ইপিনে ফলাফল লাভৰ পিছত কৃতি ছাত্ৰ-ছাত্ৰীয়ে কলেজখনত উপস্থিত হোৱাত ফুলাম গামোচাৰে আদৰণি জনায় কলেজ কতৃপৰ্ক্ষই।

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০ শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০ শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল
আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০ শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০%শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল।গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰী অঞ্চলৰ এজন মেধাৱী ছাত্ৰ জাহিদ ইকবালে নিজৰ কৃতিত্বৰে অঞ্চলটোক গৌৰৱান্বিত কৰিছে। Ajmal Senior Secondary Schoolৰ পৰা অনুষ্ঠিত HS পৰীক্ষাত তেওঁ ৮৯.৮০ শতাংশ নম্বৰ লাভ কৰি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰে।


জাহিদ ইকবাল হৈছে ২ নং ছেৰফানগুৰীৰ বাসিন্দা শাফিজুল হকৰ পুতেক। তেওঁৰ এই উল্লেখযোগ্য সাফল্যত পৰিয়ালৰ লগতে অঞ্চলবাসীৰ মাজত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। স্থানীয় ৰাইজে তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে অধিক সফলতা লাভ কৰাৰ কামনা প্ৰকাশ কৰিছে। জাহিদৰ এই সাফল্যই আন ছাত্ৰ-ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে শিক্ষাবিদসকলে।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

১০.৩০ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল।

কলা শাখাত ৯৪.২৯ শতাংশৰে শীৰ্ষত বাক্সা জিলা।

৯২. ৯৯ শতাংশৰে চিৰাং দ্বিতীয় স্থানত।

কলা শাখাত ৭৯.৫৪ শতাংশ উত্তীণ।

বাণিজ্য শাখাত উত্তীণৰ হাৰ ৮১.১৩ শতাংশ।

বিজ্ঞান শাখাত উত্তীণৰ হাৰ ৮৯.৭৯ শতাংশ।

বৃত্তিমুখী শাখাত উত্তীণৰ হাৰ ৭৪.২০ শতাংশ।

সৰ্বমুঠ উত্তীণৰ হাৰ ৮১.৫৪ শতাংশ।

আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি
আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি।

জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা।

২২ এপ্ৰিলত জামিনৰ শুনানিত শপতনামা ভুলকৈ দিছিল সিদ্ধাৰ্থৰ অধিবক্তাই।

সিদ্ধাৰ্থৰ হৈ কেইবাগৰাকীয়ো অধিবক্তাই কৰিব যুক্তি প্ৰদৰ্শন।

সিদ্ধাৰ্থৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব অধিবক্তা অনিল মিশ্ৰ, মোহিত মিগলানিয়ে,অংকিত ধাৱন, সত্যম শিৱাসেও।

আগন্তুক দুই এদিনতে সম্পন্ন হ’ব ৭ অভিযুক্তৰ চাৰ্জ হিয়াৰিং।

৩০ এপ্ৰিলত শ্যামকানু মহন্তৰো জামিনৰ ৰায়দান কৰিব আদালতে।

মহানগৰীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আটক

মহানগৰীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আটক
মহানগৰীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আটক

মহানগৰীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা চালক ছামিম আহমেদক আটক আৰক্ষীৰ।

ডিব্ৰুগড়ৰ পৰা নুনমাটি আৰক্ষী থানালৈ অনা হ’ল ছামিমক।

পুৱতি নিশা ২.৩০ বজাত লাহোৱাল থানাৰ পৰা চামিম আহমেদক নিজৰ জিম্মাত লয় গুৱাহাটী আৰক্ষীয়ে।

শনিবাৰে পুৱতি নিশা মঠঘৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল ৩ যুৱতী।

অৱশেষত বাহনৰ চালকৰ আসনত থকা ছামিম আহমেদক গ্ৰেপ্তাৰ।

ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ ছামিম আহমেদক।

দুৰ্ঘটনাৰ পাছৰে পৰা আত্মগোপন কৰি আছিল ছামিমে।

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ১০:৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

এইবাৰ অৱতীৰ্ণ ৩ লাখ ৩০ হাজাৰ ৭৪৪ গৰাকী পৰীক্ষাৰ্থী।

এইবাৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান।

১২টাকৈ ৱেবছাইটত লাভ কৰিব ফলাফল।

ৱেবছাইটসমূহ হৈছে: https://ahsec.assam.gov.in
www.assamresult.in
https://assamjobalerts.com
www.indiaresults.com
www.schools9.com
www.results.shiksha
www.iResults.in
www.iResults.NET
www.vidyavision.com
www.jagranjosh.com
www.ndtv.com
www.indianexpress.com

ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত নৰ্থ-ইষ্ট এন এছ এছ মহোৎসৱ-২৬ ।অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সফলতা

ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত নৰ্থ-ইষ্ট এন এছ এছ মহোৎসৱ-২৬ ।অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সফলতা
ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত নৰ্থ-ইষ্ট এন এছ এছ মহোৎসৱ-২৬ ।অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সফলতা

নৰ্থ-ইষ্ট এন এছ এছ (ৰাষ্ট্ৰীয় সেৱা আঁচনি) মহোৎসৱ- ২০২৬ ত অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্ববিদ্যালয়খনৰ লগতে, অসমৰ আন ৪ খন বিশ্ববিদ্যালয়ে এই মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিছিল ৷

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা NSS গুৱাহাটী আঞ্চলিক শাখাৰ উদ্যোগত মেঘালয়ৰ, ইউ এচ টি এমত যোৱা ২১ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈকে অনুষ্ঠিত এই মহোৎসৱত বিশ্ববিদ্যালয়খনৰ হৈ কীৰ্তন জ্যোতি গায়ন, চিত্ৰজিৎ ডেকা, অভিনৱ বৰা, মনশ্ৰী গোস্বামী, সুদৰ্শনা কাশ্যপ আৰু কৰিশ্মা গগৈয়ে অংশগ্ৰহন কৰিছিল ৷

শিক্ষাৰ্থীসকলৰ লগত শিক্ষক তত্বাবধায়ক হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ এন এছ এছ প্ৰগ্ৰেম অফিচাৰ তথা সহ: পঞ্জীয়ক মৃণাল কুমাৰ গগৈ । অংশগ্ৰহণকাৰী সকলে লোকনৃত্যত প্ৰথম স্থান, বিষয়ভিত্তিক নাটকত দ্বিতীয় স্থান, শ্লোগান আৰু পোষ্টাৰ নিৰ্মাণত দ্বিতীয় স্থান আৰু সাংস্কৃতিক বিনিময়ত দ্বিতীয় স্থান লাভ কৰিছে ৷ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীৰ এই সফলতাত উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা প্ৰমুখ্যে সকলোৱে শিক্ষাৰ্থীসকলক শুভেচ্ছা তথা অভিনন্দন জনাইছে ৷ এই তথ্য সদৰী কৰিছে বিশ্ববিদ্যালয়ৰ এন এছ এছ-ৰ সমন্বয়ক তথা উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে ৷