Home Blog Page 40

শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং

শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং
শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং

শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং। শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত তেওঁ বিজ্ঞান শাখাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি ৯১ শতাংশ নম্বৰ লাভ কৰিছে। উল্লেখযোগ্য যে ইংৰাজী, বিকল্প ইংৰাজী, পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত তেওঁ লেটাৰ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং হৈছে মুকুল বাইলুং আৰু গীতালি কোঁৱৰ (এগৰাকী শিক্ষয়িত্ৰী)ৰ কন্যা। তেওঁ আগতে ২০২৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিৱসাগৰ হলী নেম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ছয়টা বিষয়ত লেটাৰ নম্বৰসহ ৯৫ শতাংশ নম্বৰ লাভ কৰি সাফল্য অর্জন কৰিছিল।

নিজৰ এই ধাৰাবাহিক উৎকৃষ্ট ফলাফলৰ জৰিয়তে প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুংয়ে শিৱসাগৰ খেলুৱাৰ অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যই পৰিয়াল, বিদ্যালয় আৰু অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে।

চিকেন বিৰিয়ানী আৰু তৰমুজ খালে মানুহৰ মৃত্যু হয় নেকি, তৰমুজে কেতিয়া স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে ?

চিকেন বিৰিয়ানী আৰু তৰমুজ খালে মানুহৰ মৃত্যু হয় নেকি, তৰমুজে কেতিয়া স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে ?
চিকেন বিৰিয়ানী আৰু তৰমুজ খালে মানুহৰ মৃত্যু হয় নেকি, তৰমুজে কেতিয়া স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে ?

প্ৰায়ে পৰিয়ালৰ প্ৰাচীনসকলে খাদ্যৰ সম্পৰ্কে পৰামৰ্শ দিয়ে। এইটো খাদ্যৰ লগত সেইটো খাব নালাগে। আচলতে খোৱা-বোৱাত অৱহেলাও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। শেহতীয়াকৈ এটা পৰিয়ালৰ বিৰিয়ানী আৰু তৰমুজ খাই মৃত্যু হয়। তৰমুজ আৰু বিৰিয়ানী একেলগে খালে মৃত্যু হ’ব পাৰে নেকি জানো আহক।

খবৰ অনুসৰি ২৫ এপ্ৰিলত পৰিয়ালটোৱে বিৰিয়ানী খাইছিল। বিৰিয়ানী খোৱাৰ অলপ সময়ৰ পিছতে তেওঁলোকে তৰমুজে খায়। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসাৰ সময়তে তেওঁলোকৰ মৃত্যু হয়। খবৰ অনুসৰি পৰিয়ালটো খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হয়। তৰমুজ আৰু বিৰিয়ানী বেয়া খাদ্যৰ সংমিশ্ৰণ নেকি আৰু বেয়া খাদ্যৰ সংমিশ্ৰণ কেনেকৈ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে সেই বিষয়ে জানো আহক।

নয়ডা কৈলাশ চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া ডাঃ উমা শংকৰ শৰ্মাৰ মতে বিৰিয়ানী আৰু তৰমুজ জীৱন সংকটজনক খাদ্যৰ সংমিশ্ৰণ নহয়। চিকিৎসকৰ মতে কেতিয়াবা নষ্ট হোৱা তৰমুজ বা নষ্ট হোৱা বিৰিয়ানী খালে ফুড পইজনিং হ’ব পাৰে। অৱশ্যে বিৰিয়ানী খোৱাৰ পিছত তৰমুজ খালে ফুড পইজনিং হোৱাৰ ১০০% নিশ্চিত নহয়। কিন্তু বিৰিয়ানী খোৱাৰ লগে লগে তৰমুজ খালে পেটৰ বিষ হ’ব পাৰে আৰু ডায়েৰিয়া আৰু বমি হ’ব পাৰে।

যথাৰ্থ হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ কপিল শৰ্মাই কয় যে বিৰিয়ানী আৰু তৰমুজ দুয়োটাৰে পাচন প্ৰক্ৰিয়া বেলেগ বেলেগ। গতিকে কোনো ব্যক্তিয়ে যদি এইবোৰ প্ৰচুৰ পৰিমাণে খাই তেন্তে গেছ, পেটৰ বিষ, বদহজম আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। কিন্তু বিৰিয়ানীৰ পিছত তৰমুজ খালে মৃত্যু হয় বুলি কোৱা কথা মিছা। এই দুবিধ খাদ্যৰ মাজত কোনো ৰাসায়নিক বিক্ৰিয়া নাই যিটো মাৰাত্মক হ’ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্য বিৰিয়ানী আৰু তৰমুজ খাই মৃত্যুমুখত পৰিছে, তেন্তে ইয়াৰ আঁৰত আন কাৰণো থাকিব পাৰে, যেনে লিভাৰ শ্বক, ফুড পইজনিং, বা এলাৰ্জী। ইয়াৰ উপৰিও নষ্ট খাদ্য বা নষ্ট তৰমুজ খালেও এই সমস্যা হ’ব পাৰে।

গ্ৰেটাৰ নয়ডাৰ শাৰদা হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা আভ্যন্তৰীণ চিকিৎসা ডাঃ শ্ৰে শ্ৰীবাস্তৱৰ মতে, তৰমুজত পানীৰ পৰিমাণ বেছি, যিটো সহজে হজম হয়। আনহাতে চিকেন বিৰিয়ানীত প্ৰটিন আৰু মছলা থাকে, যিবোৰ হজম হ’বলৈ সময় লাগে। বিভিন্ন গুণৰ দুটা খাদ্য একেলগে খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। দুয়োটা খাদ্য একেলগে খালে ডায়েৰিয়া আৰু বমি হ’ব পাৰে।

খাদ্য খোৱাৰ ৪ৰ পৰা ৫ ঘণ্টাৰ পিছত বেলেগ খাদ্য খাব লাগে। কটা তৰমুজ বেছি সময় বাহিৰত ৰখাৰ পিছত খাব নালাগে। কটা তৰমুজো বেছি সময় ফ্ৰীজত ৰাখিব নালাগে। তৰমুজ সদায় সতেজ আৰু পৰিষ্কাৰকৈ খাব লাগে।

সিদ্ধাৰ্থ শৰ্মাৰ ‘মহাবীৰ একুৱা’ জব্দৰ নিৰ্দেশ

সিদ্ধাৰ্থ শৰ্মাৰ 'মহাবীৰ একুৱা' জব্দৰ নিৰ্দেশ
সিদ্ধাৰ্থ শৰ্মাৰ 'মহাবীৰ একুৱা' জব্দৰ নিৰ্দেশ

সিদ্ধাৰ্থ শৰ্মাৰ ‘মহাবীৰ একুৱা’ জব্দৰ নিৰ্দেশ।

জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান ফাষ্টট্ৰেক আদালতৰ।

সিদ্ধাৰ্থ শৰ্মাই ব্যৱহাৰ কৰা একাংশ ব্যক্তিৰ বেংক একাউণ্টো জব্দ কৰাৰ নিৰ্দেশ।

গুৰুত্বপূৰ্ণ ৰায়দান ফাষ্টট্ৰেক আদালতৰ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে কাপলাবড়ীৰ নেচনেল একাডেমী অফ ইডুকেচনৰ সফলতা

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে কাপলাবড়ীৰ নেচনেল একাডেমী অফ ইডুকেচনৰ সফলতা
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে কাপলাবড়ীৰ নেচনেল একাডেমী অফ ইডুকেচনৰ সফলতা

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নলবাৰী জিলাৰ কাপলাবড়ীস্থিত নেচনেল একাডেমী অফ এডুকেচন নামৰ শিক্ষানুষ্ঠানখনে। নেচনেল একাডেমী অফ এডুকেচনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ১৩৭ গৰাকী শিক্ষাৰ্থী আৰু কলা শাখাত অৱতীৰ্ণ হৈছিল ১৩ জন শিক্ষাৰ্থী সহ মুঠ ১৫০ গৰাকী শিক্ষাৰ্থী। ঘোষিত ফলাফলত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে উৰ্তীৰ্ণ হবলৈ সক্ষম হয়।

বিজ্ঞান শাখাত ২ গৰাকী ডিষ্টিংচন, ১০ গৰাকী ষ্টাৰ আৰু ৭১ গৰাকী প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত ৫৪ গৰাকী পৰীক্ষাৰ্থী উৰ্তীৰ্ণ হয়। কলা শাখাত এগৰাকী ষ্টাৰ মাৰ্ক, ১০ গৰাকী প্ৰথম বিভাগ আৰু ২ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উৰ্তীৰ্ণ হয়। এই বৰ্ষত নেচনেল একাডেমী অফ এডুকেচনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা আশিক ইমদাদে ৮৮.০ শতাংশ নম্বৰ নম্বৰ লাভ কৰি সুনাম অৰ্জন কৰে।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল বইটামাৰীৰ ভূমিকা দিহিদাৰ

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল বইটামাৰীৰ ভূমিকা দিহিদাৰ
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল বইটামাৰীৰ ভূমিকা দিহিদাৰ

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল বইটামাৰীৰ ভূমিকা দিহিদাৰ।

জুইয়ে পুৰা সোণ হৈ জিলিকিল ভূমিকা দিহিদাৰ নামৰ ছাত্ৰীগৰাকীয়ে।

পিতৃ মাতৃৰ লগতে নিজৰ আইতাকে পঢ়াৰ ক্ষেত্ৰত বহু গুৰুত্ব দিছিল ছাত্ৰীগৰাকীক।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত ৮৮ শতাংশ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰী গৰাকীয়ে।

ছাত্ৰীগৰাকীৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে আইকতাগৰাকীয়ে বহু সুখ অনুভৱ কৰে।

পিতৃগৰাকীয়ে কোম্পানীত কাম কৰি নিজৰ ছোৱালীক পঢ়াত গুৰুত্ব দিছিল, যাৰ ফলত আজি পিতৃৰ মুখত সাফল্যৰ হাঁহি।

অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাইঃ প্ৰেমিক নীহাৰজ্যোতিৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ

অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাইঃ প্ৰেমিক নীহাৰজ্যোতিৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ
অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাইঃ প্ৰেমিক নীহাৰজ্যোতিৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ

অৱশেষত মুখ খুলিলে শ্বিলঙত উদ্ধাৰ হোৱা ভাৱনা শৰ্মাই।

পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত প্ৰেমিক প্ৰেমিক নীহাৰজ্যোতিৰ সন্দৰ্ভত বিস্ফোৰক অভিযোগ ভাৱনাৰ।

নীহাৰজ্যোতিয়ে ব্যক্তিগত ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল।

কেমেৰাৰ সন্মুখত ভাৱনা শৰ্মাই কয়-

‘দুবছৰৰ পৰা মই নিহাৰজ্যোতি শৰ্মাৰ সৈতে সম্পৰ্কত আছিলো যিটো দুয়োটা পৰিয়ালে জানিছিল’

‘কিন্তু সময়ৰ লগে লগে মই বহুত চাপ, ভয় অনুভৱ কৰিছিলো’

‘মোক কোৱা হৈছিল যে যদি মই এই সম্পৰ্কটো এৰি দিও তেন্তে মোৰ ব্যক্তিগত ফটো আৰু ভিডিঅ’ জনসমাজত প্ৰকাশ কৰা হ’ব’

‘লগতে মোক এইটোও কোৱা হৈছিল যে মোৰ বা মোৰ পৰিয়ালৰো ক্ষতি কৰা হ’ব’

‘এই সকলোবোৰৰ বাবে মই বহুত দিন ধৰি ভয় আৰু চাপত আছিলোঁ’

‘এইবোৰ কথা মই কাকো ক’ব পৰা নাছিলোঁ’

‘২৪ এপ্ৰিলত মই লোৱা পদক্ষেপ এই দীঘলীয়া চাপৰ প্ৰতিফলন আছিল’

‘সেইদিনা মই নিজেই ঘৰৰ পৰা ওলাই গৈছিলোঁ’

আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…

আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...
আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

আজি পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

৩.২১ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

১৪২ খন আসনৰ বাবে অব্যাহত ভোটগ্ৰহণ প্ৰক্ৰিয়া।

পশ্চিম বংগত ৰেক’ৰ্ড সংখ্যক ভোটদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান।

মংগলদৈ সদৰ থানাৰ অন্তৰ্গত হলৌচকৰ সমীপৰ ৰঙামাটি কলাইগাঁও পথত ভয়ংকৰ পথ দুৰ্ঘটনা

মংগলদৈ সদৰ থানাৰ অন্তৰ্গত হলৌচকৰ সমীপৰ ৰঙামাটি কলাইগাঁও পথত ভয়ংকৰ পথ দুৰ্ঘটনা
মংগলদৈ সদৰ থানাৰ অন্তৰ্গত হলৌচকৰ সমীপৰ ৰঙামাটি কলাইগাঁও পথত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰং জিলাৰ মংগলদৈ সদৰ থানাৰ অন্তৰ্গত হলৌচকৰ সমীপৰ ৰঙামাটি কলাইগাঁও পথত ভয়ংকৰ পথ দুৰ্ঘটনা।বেটাৰী ৰিস্কা আৰু চাৰিচকীয়া গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ। ঘটনাত দুগৰাকী ব্যক্তি আহত হয়।

ইয়াৰে বেটাৰী ৰিক্সাৰ চালক গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মংগলদৈ সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিয়ে। বেটাৰী গাড়ীখন ভাঙি চূৰমাৰ হোৱাৰ বিপৰীতে চাৰিচকীয়া গাড়ীখনো আগৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। বৰ্তমান গাড়ী দুখন দ খাৱৈৰ পৰা উদ্ধাৰ কৰিবৰ বাবে মংগলদৈ সদৰ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে।

ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই

ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই
ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই

উত্তৰ অসমৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত মঙ্গলবাবে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ। ঢোল-পেঁপাৰ মাতত কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত মঙ্গলবাবে অনুষ্ঠিত কৰা হয় ” বহাগী ৰং ” অনুষ্ঠান।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰা আৰু সমূহ প্ৰশিক্ষক কৰ্মচাৰী, প্ৰশিক্ষাৰ্থীৰ যৌথ প্ৰচেষ্টাত মঙ্গলবাবে অসমীয়া জাতীয় কৃষ্টি-সংস্কৃতিৰ স্বৰ্ণ ৰেখা স্বৰূপ বহাগ বিহুৰ স্বকীয়তা অনুৰণিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা হয় এই “বহাগী ৰং” নামেৰে এক বৰ্ণিল অনুষ্ঠান । পুৱা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমূহ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী জাতীয় সাজ-সজ্জাৰে সমুজ্জ্বল হৈ সমবেত হোৱা মহাবিদ্যালয় প্ৰাংগণত আয়োজিত মনোজ্ঞ আৰু দৃষ্টিনন্দন সাংস্কৃতিক কাৰ্যসূচী “বহাগী ৰং” অনুষ্ঠানটো শুভাৰম্ভ কৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দুলু শইকীয়াই ।

অসমীয়া জাতিৰ স্বকীয় কৃষ্টি সংস্কৃতি,পৰম্পৰাৰ পৰিৱৰ্তন আৰু বিৱৰ্তনৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই দুলু শইকীয়াই পৰিৱৰ্তন আৰু পশ্চিমীয়া সংস্কৃতিৰ কৰাল গ্ৰাসৰ পৰা আমাৰ জাতীয় কৃষ্টি, সংস্কৃতিক নিলগাই ৰাখিব নোৱাৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কৈ সমাজ সভ্যতাৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ শিক্ষক প্ৰশিক্ষাৰ্থী সকলৰ এই ক্ষেত্ৰত কৰণীয়তা অধিক বুলি মন্তব্য কৰি বিদ্যায়তনিক ব্যস্ততাৰ মাজতে জাতীয় লোক বাদ্য , লোক সংগীত চৰ্চা অব্যাহত ৰখাৰ বাবেও প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি শইকীয়াই আহ্বান জনায় ।

মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ চচাইটিৰ সভাপতি ভোলানাথ গগৈ. পূৰ্ণ লাহন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰাই উদ্ধোধন কৰা পৰম্পৰাগত লোক কৃষ্টি সংস্কৃতিৰ কার্যক্রমণিকাৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰশিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থীসকলো একত্ৰিত হৈ অনুষ্ঠিত কৰে মুকলি বিহু ৷ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰাক্তন প্ৰশিক্ষাৰ্থী, শিক্ষানুৰাগী ৰাইজেও স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক সফল, সর্বাংগ সুন্দৰ আৰু জীপাল কৰি তোলে।

গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ
গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ

তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাৰ আমন্ত্ৰণমৰ্মে মঙলবাৰে দিছপুৰৰ কৰ ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল। এই বৈঠকত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিক-সংবাদকৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বিশেষকৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰি দিয়া সাংবাদিকৰ প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত প্ৰেছ ক্লাবে আক্ষেপ প্ৰকাশ কৰি শীঘ্ৰে বৈঠকখন অনুষ্ঠিত কৰিবলৈ দাবী জনায়। তদুপৰি দীৰ্ঘদিনে বন্ধ হৈ থকা তথ্য আৰু জনসংযোগ বিভাগৰ মিডিয়া ফেল’শ্বিপ পুনৰ আৰম্ভ কৰা, সাংবাদিক কল্যাণ নিধি আঁচনি সুচাৰুৰূপে ৰূপায়ন কৰা আৰু সাংবাদিক পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ প্ৰেছ ক্লাবে দাবী জনায়।

এই বৈঠকতে জনসংযোগ বিভাগৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ পৰিচয় পত্ৰ সন্দৰ্ভত হোৱা আলোচনা প্ৰসংগত মন্তব্য প্ৰকাশ কৰি আয়ুক্ত সচিবজনে সদৰি কৰে যে, শীঘ্ৰে পুৰণি নীতিত কিছু সংশোধন ঘটাই নতুন নীতি প্ৰস্তুতেৰে সাংবাদিকসকলক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পৰিচয় পত্ৰ প্ৰদানৰ পৰিকল্পনা কৰিছে বিভাগে।

এই নীতি প্ৰস্তুতৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কেতবোৰ পৰামৰ্শ বিচাৰে তথ্য আৰু জনসংযোগ বিভাগে। উল্লেখ্য যে, সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে দিছপুৰৰ লোকসেৱা ভৱনত গুৱাহাটী প্ৰেছ ক্লাব তথা সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰাজিক লৈ ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। মুখ্য সচিবক সাক্ষাতৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আলোচনাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে আমন্ত্ৰণ জনাই গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলক। মঙলবাৰৰ বৈঠকত প্ৰেছ ক্লাবৰ প্ৰতিনিধিসকলে উত্থাপন কৰা বিষয়সমূহত আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই যথেষ্ট ইতিবাচক সঁহাৰি জনোৱাৰ লগতে আগন্তুক দিনত পৰ্যায়ক্ৰমে অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ আশ্বাস প্ৰদান কৰে। মঙলবাৰৰ বৈঠকত তথ্য আৰু জনসংযোগ বিভাগৰ হৈ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয় আৰু কেইবাজনো বিষয়া উপস্থিত থাকে। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সভাপতি খগেন কলিতা, উপ-সভাপতি ক্ৰমে প্ৰদীপ বৰ্মন, ৰঞ্জিতা ৰাভা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে শ্বাহ আলম, পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ হীৰক জ্যোতি টাইড, সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ আৰু কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে অনুপ বৈশ্য, ত্ৰিদীপ লহকৰ উপস্থিত থাকে।