চেনি খোৱাৰ সঠিক সময়ঃ ৰাতিপুৱা নে সন্ধিয়া, মিঠা বস্তু খোৱাৰ সঠিক সময় জানি লওক…
চাবুৱা-লাহোৱালত ভাৰতীয় সেনা বাহিনী দ্বাৰা আয়োজিত স্বাস্থ্য সেৱা শিৱিৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…
দিনজানস্থিত ভাৰতীয় সেনা বাহিনী দ্বাৰা কাৰ্গিল বিজয় ৰজত জয়ন্তী মহোৎসৱৰ উপলক্ষে আয়োজিত চাবুৱা -লাহোৱাল সমষ্টিৰ বৰাগান্ধৈত এক স্বাস্থ্য সেৱা শিৱিৰ অনুষ্ঠিত কৰে।

এই শিবিৰত দেশৰ বন্দৰ, জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে। লগতে বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধা নিবেদন জনাই।

শৰাইঘাট দলঙৰ সমীপত নিৰ্মাণ হ’ব তৃতীয় খন দলংঃ জালুকবাৰী, পাণ্ডু-সদিলাপুৰত ৰে’লৱেৰ বেদখলকৃত মাটিত আৰম্ভ হ’ব উচ্ছেদ অভিযান…
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁওৰ পৰা কামাখ্যা ৰে’লৱে ষ্টেচনৰ মাজত ৰে’ল যাতায়াত ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবৰ বাবে ভাৰত চৰকাৰৰ ৰে’লৱে মন্ত্ৰণালয়ে ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে। সেই অনুসৰি চলিত বাৰিষাৰ পাছতে উত্তৰ পূব সীমান্ত ৰে’লৱেই তৃতীয়খন দুইলেনযুক্ত দুখলপীয়া দলং নিৰ্মাণ কৰিব। প্ৰস্তাৱিত দলংখনত শৰাইঘাটৰ পুৰণি দলঙৰ দৰে ৰে’ল আৰু বাহন চলাচলৰ ব্যৱস্থা থাকিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক সূত্ৰই সদৰি কৰা অনুসৰি শৰাইঘাটৰ পুৰণি দলঙৰে মাত্ৰ এখন ৰে’ল অহা-যোৱা কৰাৰ ব্যবস্থা থকা বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ পৰা গুৱাহাটীলৈ চলাচল কৰা ৰে’লৰ সময়সূচীত স্বাভাবিকতে বাধাৰ সৃষ্টি হৈ আহিছে। এই বাধা দূৰ কৰি ৰেলৰ গতি ক্ষিপ্ৰতৰ কৰিবৰ বাবে শৰাইঘাট দলঙৰ কাষতে এখন দুই বা তিনিলেন বা লাইনযুক্ত ৰেলপথৰ ব্যৱস্থা থকা আৰু পুৰণি দলঙৰ দৰে একেলগে ৰে’ল আৰু বাহন চলাচলৰ সুবিধা থকা দলং নিৰ্মাণ কৰাৰ বাবে ৰে’ল মন্ত্ৰণালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

জানিব পৰা মতে প্ৰস্তাৱিত নতুন দলং নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় মাটিৰ বাবে দৰকাৰ হোৱা বাবে জালুকবাৰীৰ পৰা শৰাইঘাটৰ দুয়োখন দলঙলৈ দুয়োফালে থকা জালুকবাৰী আৰু পাণ্ডু – সদিলাপুৰত বেদখল হৈ থকা ৰে’লৰ সকলো মাটিয়ে বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হ’ব। জানিব পৰা মতে ৰেলৱেৰ ফালৰ পৰা ৰাজ্য চৰকাৰক এই সম্পৰ্কীয় প্ৰস্তাৱ দিছে আৰু ৰাজ্য চৰকাৰেও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। আগন্তুক যিকোনো দিনতে বা সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ৰে’লৱেই পাণ্ডু – সদিলাপুৰত ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত শৰাইঘাটৰ দুয়োখন দলঙৰ তলত পাণ্ডু নদী আৰক্ষী চকী আৰু গেমনৰ কাৰ্যালয়ৰ গাতে লগা অঞ্চলৰ লগতে শৰাইঘাট দলঙৰ পৰা জালুকবাৰীলৈ ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা সকলো বেদখলীকৃত মাটিত ব্যাপক উচ্ছেদ অভিযান চলাব। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বেদখলকাৰ্যত একাংশ সন্দেহজনক নাগৰিক জড়িত হৈ আছে। আনকি বহু অপৰাধীৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ আহিছে সেই অঞ্চল সমূহ। যাৰ বাবে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটিকে ধৰি জালুকবাৰী অঞ্চলৰ সকলো শ্ৰেণীৰ সচেতন লোকে ৰাজ্য চৰকাৰ আৰু ৰে’ল বিভাগক তাত উচ্ছেদ অভিযান চলাবলৈ দাবী জনাই আহিছে।
ৰোগ প্ৰতিৰোধত তিয়ঁহে কেনেদৰে দেহত সহায় কৰে জানক…
তিয়ঁহ এবিধ লতাজাতীয় একবৰ্ষী গছ। ইয়াৰ বৈজ্ঞানিক নাম । তিয়ঁহ এবিধ ৰসাল ফল। ইয়াত যথেষ্ট পৰিমাণে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। তিয়ঁহত খনিজ লৱণ যথেষ্ট পৰিমাণে পোৱা যায়। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, কপাৰ, ছালফাৰ, ভিটামিন বি, চি পোৱা যায়। ই কম প্ৰ’টিনযুক্ত। ইয়াত শৰ্কৰা আৰু কেল’ৰিও যথেষ্ট কম থাকে কাৰণে সকলোৱে খাব পাৰে। তিয়ঁহ কেঁচাই, চাটনি বা চালাড কৰি নাইবা আঞ্জা কৰিও খাব পাৰি। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

- গৰমৰ দিনত প্ৰস্ৰাৱ কম হ’লে তিয়ঁহ খাব লাগে- প্ৰস্ৰাৱ হয়।
- বাতবিষ বা ইউৰিক এচিডৰ কষ্ট পোৱাসকলৰ বাবে তিয়ঁহ উপকাৰী।
- যিকোনো কীট-পতংগই কামোৰা স্থানত তিয়ঁহৰ ৰস লগালে আৰাম পোৱা যায়।

- তিয়ঁহ খালে খাদ্য সহজে হজম হয়। অৱশ্যে ই নিজে হজম পলমকৈ হয়।
- তিয়ঁহৰ ৰস শৰীৰত লগাই ১৫-২০ মিনিটৰ পাছত ধুই দিলে ছাল সতেজ হোৱাৰ লগতে নিমজ হয়।
- ৰ’দে পোৰা ছালত সমপৰিমাণৰ তিয়ঁহৰ ৰস, দৈ আৰু নেমুৰ ৰস লগালে পোৰা ছালৰ দাগ আঁতৰে।
- মধুমেহ ৰোগীৰ বাবে তিয়ঁহ মহৌষধ।
লেখিকা: ললিতা শৰ্মা লহকৰ
ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী এম ভি শংকৰী নামৰ জাহাজখন…
ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ। নৈৰ মাজত আবদ্ধ এম ভি শংকৰী নামৰ জাহাজখন।

প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে ব্ৰহ্মপুত্ৰৰ বুকুত। জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী আছিল জাহাজখন।

অৱশেষত যাত্ৰীসকলক সুকলমে উদ্ধাৰ।
পানী যদি এলাৰ্জীৰ কাৰণ হৈ পৰে তেতিয়া কি কৰিব! পানী সলনি খাব এইসমূহ বস্তু…
পানীক আমি জীৱন বুলি কওঁ। কল্পনা কৰকচোন, সেই পানীয়ে যদি এলাৰ্জীৰ কাৰণ হৈ পৰে তেন্তে জীৱনটো কিমান দুৰ্বিষহ হৈ পৰে। চিকিৎসাৰ ক্ষেত্ৰত এই ৰোগক ‘একুৱাজেনিক আৰ্টিকেৰিয়া’ বুলি কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বত এতিয়ালৈকে মাত্ৰ ৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ১৯৬৪ চনত প্ৰথমবাৰৰ বাবে এই ৰোগ চিনাক্ত কৰা হৈছিল। এই ৰোগ আমাৰ দেশত এতিয়াও দেখা পোৱা নাই। কিন্তু নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যন (এন বি আই)ৰ তথ্য অনুসৰি এই দেশত মাত্ৰ দুজন লোকৰ এই ৰোগ ধৰা পৰিছে। তাৰে এজন আছিল শিশু।

কিন্তু যিকোনো ব্যক্তিৰ পানীৰ প্ৰতি এলাৰ্জী হ’ব পাৰে। যিকোনো বয়সতে হ’ব পাৰে। অৱশ্যে মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।
কি কি লক্ষণ দেখা জানেনে-
য’ত শৰীৰত পানী পৰিব, তাত ফোহা হ’ব।
পানী স্পৰ্শ কৰিলে জ্বলা ফুটি বিষ হ’ব। শৰীৰত প্ৰদাহ আৰম্ভ হ’ব।
‘একুৱাজেনিক আৰ্টিকেৰিয়া’ ৰোগীয়ে গা ধুবও নোৱাৰে। তেতিয়া গোটেই শৰীৰত ফোহা ওলাব। খজুৱতি হ’বলৈ আৰম্ভ কৰিব।
আনকি ঘামৰ ফলতো এলাৰ্জী হ’ব।
কিছুমান মানুহৰ পানীৰ সংস্পৰ্শলৈ আহিলে ‘এলাৰ্জেন’ হয়। শৰীৰৰ সংস্পৰ্শলৈ আহিলে হিষ্টামিন উৎপন্ন হয় যাৰ ফলত এলাৰ্জী হয়। পানীৰ পৰা হোৱা এলাৰ্জী জীৱন সংকটজনক হোৱাৰ সম্ভাৱনা কম। পানীৰ পৰা এলাৰ্জীৰ লক্ষণ ৩০ মিনিটৰ পৰা ১ ঘণ্টালৈকে থাকে। আনহাতে এনে ৰোগীয়ে পানীৰ সলনি গাখীৰ খাব পাৰে।
ৰাজ্যজুৰি অহা ৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৫…
ৰাজ্যজুৰি অহা ৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৫।

এই গুণোৎসৱে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত

দিশসমূহৰ মূল্যায়ন কৰিব বুলি দৃঢ় বিশ্বাসী শিক্ষামন্ত্ৰী ৰণোজ পেগু ।
আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস…
আজি আন্তঃৰাষ্ট্ৰীয় দবা দিৱস।
প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় দবা খেল দিৱস পালন কৰা হয়।

অসমতো দবা খেলৰ এক নতুন পৰিৱেশ গঢ়ি উঠিছে।
আন্তঃৰাষ্ট্ৰীয় দবা খেলৰ শুভেচ্ছা জনালে অসম গণ পৰিষদ দলেও।
বৃদ্ধি পাইছে ভাৰতীয়ৰ বিদেশ ভ্ৰমণ! ভি-একাজাখস্তান, উজবেকিস্তান, জৰ্ডান ভ্ৰমণকাৰী দেশবাসীলৈ মুকলি পোষ্টপেইড ৰোমিং পেক…
পশ্চিম এছিয়া ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এতিনিটা নতুন ভ্ৰমণ গন্তব্য স্থান – কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডান ভ্ৰমণৰ বাবে নতুন পোষ্টপেইড আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক মুকলি কৰিছে। ভি-ৰ ব্যৱহাৰকাৰী সকলে এতিয়া মাত্ৰ ৬৪৯ টকাৰ প্ৰাৰম্ভিক মূল্যত ১২০ খন দেশত নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিব পাৰিব। ভি-এ প্ৰথম মানৱ মহাকাশ বিমানক চমোড্ৰমৰ বাসভূমি কাজাখস্তান, ঐতিহাসিক সমৰকণ্ড চহৰে সমৃদ্ধ উজবেকিস্তান আৰু পেট্ৰা আৰু মৃত সাগৰে ৰেভৰা মনোৰম জৰ্ডানক সেৱাৰ সম্প্ৰসাৰণ কৰিছে কিয়নো ভাৰতীয় ভ্ৰমণকাৰীৰ মাজত এই গন্তব্য স্থান সমূহৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ভিৰ পোষ্টপেইড ব্যৱহাৰকাৰী সকলে বিদেশ ভ্ৰমণৰ সময়ত নিৰৱচ্ছিন্নভাৱে সংযুক্তহৈ থাকিবলৈ ২৪ঘণ্টাৰ পেক, ১০দিনৰ পেক, ১৪ দিনৰ পেক আৰু ৩০দিনৰ পেকৰ পৰা আৰম্ভ কৰি প্ৰয়োজন অনুসৰি ৰোমিং পেকবাছি ল’ব পৰাকৈ বহুতো বিকল্প আগবঢ়াইছে।

ভিৰ এক ‘অলৱেইজঅন’ বৈশিষ্ট্যও আছে, যিয়ে পেকৰম্য়াদ উকলি যোৱাৰ পিছত ব্যৱহাৰৰ বাবে ব্যৱহাৰকাৰীক উচ্চ আন্তঃৰাষ্ট্ৰীয় ৰোমিং চাৰ্জৰ পৰা ৰক্ষা কৰে। ভি-এ সদায়ে প্ৰতিজন ভ্ৰমণকাৰীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শেহতীয়াকৈ ভি-এ আজাৰ বাইজান আৰু নিৰ্বাচিত আফ্ৰিকান দেশসমূহৰ বাবেও পোষ্টপেইড ৰোমিং পেক মুকলি কৰিছিল।সমান্তৰালভাৱে ব্যয়সাধ্য আৰু সুবিধা নিশ্চিত কৰি ভি-ৰৰোমিং পেকসমূহে যথেষ্ট আউট গোয়িং কল মিনিট, পৰ্যাপ্ত ডাটা কোটা আৰু এছএমএছৰ বিকল্প প্ৰদান কৰে, যাৰ ফলত নতুন দিগন্ত অন্বেষণ কৰাৰ আনন্দ আৰু অনন্যত ডুব যোৱাৰ সময়ছোৱাত সমগ্ৰ যাত্ৰাকালত সংযুক্ত হৈ থকাটো সহজ আৰু খৰচ-বহনক্ষম অভিজ্ঞতালৈ পৰিণত হয়।
সংৰক্ষণ বিৰোধী প্ৰতিবাদত বাংলাদেশৰ ঢাকাত মৃত্যু যুৱ সাংবাদিকৰ…
সংৰক্ষণ বিৰোধী প্ৰতিবাদত বাংলাদেশত ভয়ংকৰ পৰিস্থিতি। ঢাকাত মৃত্যু যুৱ সাংবাদিকৰ।

ঢাকাৰ জাত্ৰাবাৰী অঞ্চলত আৰক্ষী বাহিনী আৰু আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘটিত হোৱা

সংঘৰ্ষৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে মূৰত গুলী লাগি নিহত হাছান মেহেদী।





