Home Blog Page 671

মালিগাঁৱত ৰে’লৱেৰ এছ চি আৰু এছ টি এম্পলয়িজ এচোছিয়েশ্যনৰ মহিলা শাখাৰ উদ্যোগত গ্ৰীষ্মকালীন শিবিৰ…

গ্ৰীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সৃজনিমূলক প্ৰতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰে’লৱে এচোছিয়েশ্যৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ গোশালাস্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউটত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিবিৰ। মূলত ৩ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা সুপ্ত প্ৰতিভা সমুহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, বিহু কৰ্মশালা, যোগ, সাতোৰ আদিৰ আয়োজন কৰা হৈছে। আজি পুৱা এগছি বন্তি প্ৰজ্বলনৰে শিবিৰ মুকলি কৰে এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্যই। এই উপলক্ষে মহিলা শাখাৰ সম্পাদিকা নিৰ্মালি দাসে আঁত ধৰা অনুষ্ঠানটোত ৰিংকুমণি বৈশ্যই এচোছি়েয়েশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি শিশুৰ প্ৰতিভা বিকশিত কৰাৰ বাবে মহিলা শাখাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খানকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে শিবিৰৰ আজিৰ প্ৰথম দিনটোত শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় ২০০টা শিশুৱে ভাগ লয়।প্ৰতিযোগিতা পৰিচালনা কৰে মহিলা শাখাৰ উপ সভানেত্ৰী সীমা খান আৰু সম্পাদিকা নিৰ্মালি দাসে। ১৩ জুলাইৰ শিবিৰৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত প্ৰতিযোগিতাৰ বিজয়ী সকলোকে ধৰি শিবিৰত বিভিন্ন শাখাত ভাগ লোৱা সকলোকে মানপত্ৰ, বঁটা আদি প্ৰদান কৰা হ’ব।

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত মাননীয় জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। কাৰ্য্যকৰ্তা সকলে জনায় যে, সৰ্বভাৰতীয় সংগঠণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF) য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা ১০ বছৰৰো অধিক কাল সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি বিভিন্ন অভিযান চলাই থকা হৈছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSF ৰ মূখ্য সংৰক্ষক মাননীয় ইন্দ্ৰেশ কুমাৰজীৰ মাগদৰ্শনত গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহত দেশৰ সকলো প্ৰান্তৰ লোকেই সমৰ্থন জনাই আহিছে।জনোৱা হ’ল যে, এই জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ বিষয়ে ৯ আগষ্ট, ২০১৮ তাৰিখে সংগঠন তথা সংসদৰ সংযুক্ত প্ৰতিনিধি বৰ্গই ভাৰতবৰ্ষৰ  মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি ১২৫ জন সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল। ২০২৩ বৰ্ষত দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সমগ্ৰ দেশজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু যোৱা ২৯ অক্তোবৰ তাৰিখে সমগ্ৰ দেশতেই সংগৃহিত হোৱা এক কৌটিৰো অধিক সাক্ষৰ সমলিত পত্ৰসমূহ লৈ দেশৰ ৰাজধানী দিল্লীৰ সমীপৰ গাজিয়াবাদৰ পৰা এক বৃহৎ ৰেলীৰে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ লৈ যোৱা হৈছিল। সেই ৰেলীৰ অন্তত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী ডাঙৰীয়াই আমৰণ অনশন কাৰ্য্যসূচী পালন কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ প্ৰতিশ্ৰুতিত কেন্দ্ৰীয় মন্ত্ৰী মাননীয় গিৰিৰাজ সিং ডাঙৰীয়াৰ হস্তক্ষেপত আমৰণ অনশণ কাৰ্য্যসূচী উঠাই লোৱা হৈছিল।

যোৱা ফেব্ৰুৱাৰী মাহৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনখনৰ বিষয়ে আলোচনা কৰিবলৈ এখন উচস্তৰীয় কমিটি গঠণ কৰিবলৈ নিৰ্দেশ দিছিল। অসম জেএছএফ ৰ অধ্যক্ষ মাননীয় পঙ্কজ তালুকদাৰৰ লগতেই কাৰ্য্যকৰ্তা সকলে জনায় যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভনীতেই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব বুলি যথেষ্ট আশাবাদী।কামৰূপ মহানগৰ জিলাধিকাৰীৰ যোগেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অৰ্পণ কৰা  আজিৰ এই কাৰ্যসূচীত JSF, অসমৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ, সংগঠণ সচিৱ মৃণাল গোস্বামী, উপাধ্যক্ষ ৰঞ্জন কুমাৰ মেধি, মহাসচিৱ পৰাগ ডেকা, জেএছএফ, অসমৰ মহিলা শক্তি গোটৰ অধ্যক্ষা শ্ৰীমতী জুলা শৰ্মা সহিত শতাধিক জেএছএফ কাৰ্য্যকৰ্তা উপস্থিত থাকে।

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাৱসান, শৈক্ষিক মহলত শোকৰ ছাঁ…

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনৰ দেহাবসান। নলবাৰী জিলাৰ শৈক্ষিক মহলত শোকৰ ছাঁ। ৮৫ বছৰ বয়সত শ্বেস নিশ্বাস ত্যাগ কৰে বৌদ্ধিক, সামাজিক,শিক্ষাবিদ শ্বেখ মোবাৰক হুছেইনে। প্ৰতিকূল বতৰক নেওচি আজি পুৱাৰে পৰা বৰক্ষেত্ৰী মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বহু কেইখন শিক্ষানুষ্ঠানত তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বুধবাৰে দুপৰীয়া মুকালমুৱা ৰাজহুৱা কৱৰস্থানত তেখেতৰ জানাজা সম্পন হয়। অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দমহম্মদৰ কনিষ্ট ভাতৃ আছিল হুছেইন।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল হুছেইন।বৰক্ষেত্ৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে অগণন অনুস্থান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল হুছেইনে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হৈছিল হুছেইনৰ।
তেখেতৰ মৃত্যুত বৰক্ষেত্ৰীৰ লগতে নলবাৰী জিলা খনত শোকৰ ছাঁ পৰিছে।

মাজুলীৰ বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান…

মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান।

সামাজিক মাধ্যমত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘যে ‘মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামী প্ৰভুৰ জাতীয় জীৱনলৈ অৱদান অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’

১০০০ পাহ সতেজ তগৰ আৰু ৯০ পাহ নাৰ্জি ফুলেৰে নিৰ্মিত দুপট্টা ল’লে ৰাধিকা মাৰ্চেণ্টে! আম্বানীৰ কনিষ্ঠ বোৱাৰীৰ পোছাকক লৈ চৰ্চা সামাজিক মাধ্যমত…

সোমবাৰে অনুষ্ঠিত হালদী অনুষ্ঠানত মুকেশ আম্বানীৰ কনিষ্ঠ বোৱাৰীক ফুলেৰে নিৰ্মিত মাৰ্জিত পোছোক পৰিধান কৰা দেখা গ’ল। কেৱল ফুলেৰে নিৰ্মিত দুপট্টা এতিয়া প্ৰতিগৰাকী কইনাৰ সপোন হৈ পৰিছে।হালদীৰ সাজ-পোছাকৰ বাবেই ৰাধিকা মাৰ্চেণ্ট লাইমলাইটলৈ আহিছে। এই দুপাট্টা সতেজ ফুলৰ পৰা তৈয়াৰ কৰা হৈছিল, য’ত আছিল ১০০০ৰো অধিক বগা তগৰৰ কলি আৰু ৯০পাহ নাৰ্জি ফুল। এই দুপট্টা ডিজাইন কৰিছিল ফ্ল’ৰেল আৰ্ট ডিজাইন ষ্টুডিঅ’ই।

আমোদজনক কথাটো হ’ল এই ধুনীয়া দুপট্টা বনাবলৈ এৰাতি সময় লাগিল।ৰাধিকাৰ ফুলৰ জাল দুপট্টাৰ লগতে ফুলৰ গহনাও ব্যৱহাৰ কৰা হৈছিল তেওঁৰ সাজ-পোছাকত, যিয়ে তেওঁৰ সৌন্দৰ্য অধিক বিশেষ কৰি তুলিছিল। ৰাধিকা মাৰ্চেণ্টৰ এই ফুলৰ ৰূপটো কেৱল পৰম্পৰাগত আৰু আধুনিক ভাৰতীয় ফেশ্বনৰ সুন্দৰ সংমিশ্ৰণেই নহয়, ই ছ’চিয়েল মিডিয়াতো প্ৰশংসা লাভ কৰিছে।

হাৰ্দিক মৌন! বিচ্ছেদৰ জল্পনা-কল্পনাৰ মাজতে বাৰে বাৰে মুখ খুলিছে পত্নী নাতাশাই…

বিচ্ছেদৰ জল্পনা-কল্পনাত মৌন হাৰ্দিক পাণ্ডিয়া। কিন্তু পত্নী নাতাশাই ষ্টেনকভিচে বাৰে বাৰে মুখ মেলিছে।হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিচ্ছেদৰ খবৰৰ মাজতে ভাইৰেল হৈ পৰিছে নাতাশাৰ শেহতীয়া পোষ্ট। পোষ্টটোত নাতাশাই স্পষ্টকৈ একো কোৱা নাছিল যদিও কথা-বতৰাত এনেধৰণৰ কথা কৈছে যেন হাৰ্দিক পাণ্ডিয়াত বিবাহ বিচ্ছেদৰ খবৰটোৱে পুনৰ গতি লাভ কৰিছে।

নাতাশাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত নাটাছাক চোফাত বহি কফি খাই থকা দেখা গৈছে। ভিডিঅ’টোত নাতাশাই কৈছে- ‘মোৰ মনলৈ এটা চিন্তা আহিল আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।’ মানুহে কিমান সোনকালে বিচাৰ কৰে। আমি একো নাভাবো। যদি কোনোবাই নিজৰ চৰিত্ৰৰ বাহিৰত কিবা এটা কৰি আছে। তেওঁৰ অৱস্থা কি হ’ব? পৰিস্থিতি কি হ’ব? ইয়াৰ আঁৰত একো নাভাবে। কিন্তু মাত্ৰ তেওঁক বিচাৰ কৰিবলৈ আৰম্ভ কৰক। গতিকে এতিয়াৰ পৰা এই কাম নকৰো আৰু কাৰোবাক বিচাৰ কৰাৰ আগতে সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতি বুজিবলৈ চেষ্টা কৰোঁ।

চৰ্চা চলিছে যে নাতাশাই কাক উদ্দেশ্য কৰি এনে কথা ক’লে। পোনপটীয়াভাৱে হাৰ্দিক আু নাতাশা কোনো এজনেও বিচ্ছেদৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

পুষ্পসজ্জিত বাহনেৰে স্বগৃহ পালেহি বীৰ জোৱান গৌতম ৰাজবংশী…

স্বগৃহ পালেহি লাডাখত মৃত্যুবৰণ হোৱা গৌতম ৰাজবংশী নশ্বৰ দেহ। সমগ্ৰ গোগামুখত শোকৰ ছাঁ। লক্ষীমপুৰৰ লীলা বাৰীত  হেলিকপ্টাৰে অৱতৰণ কৰি ভাৰতীয় সেনাক চমজালে গৌতম ৰাজবংশীৰ নশ্বৰ দেহ। সৎকাৰৰ বাবে সকলো সাজু প্ৰশাসন তথা ভাৰতীয় সেনা। সামৰিক মৰ্যাদাৰে গৌতম ৰাজবংশীৰ শেষ কৃত্য সম্পন্ন হ’ব গোগামুখৰ কাৰপুনপুলিৰ বাসগৃহত। ইতিমধ্যে আৰক্ষী প্ৰশাসন পুৱাৰে পৰা সাজু হৈ আছে লগতে দল সংগঠনৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ভীৰ কৰিছেহি।

গোগামুখত শেষ শ্ৰদ্ধাঞ্জলি জনালে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়। সাংসদ প্ৰদান বৰুৱাইয়ো জনালে শেষ শ্ৰদ্ধাঞ্জলি।উল্লেখ্য যে, বিগত ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত লাডাখত প্ৰশিক্ষণৰত অৱস্থাত ভয়ংকৰ হীমস্খলনত নিখোজ হৈ আছিল গৌতম ৰাজবংশী। অৱশেষত দহ মাহৰ অন্তত উদ্ধাৰ হ’ল ভাৰতীয় সেনা জোৱানজনৰ মৃতদেহ আজি গোগামুখত সামৰিক মৰ্যাদাৰে কৰা হ’ব শেষ কৃত্য।

পইতা ভাত ছুপাৰ ফুড! পইতা ভাতক কিমান ঘণ্টা পানীত তিয়াই ৰাখিব লাগে…

পইতা ভাতক শেহতীয়াকৈ টেষ্ট এটলাছৰ দ্বাৰা আটাইতকৈ বেয়া খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু পইতা ভাতত থকা পুষ্টিকৰ উপাদানৰ বাবে ছুপাৰফুড বুলিও কোৱা হয়।পইতা ভাত খালে পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ হয়। গ্ৰীষ্মকালত শৰীৰক জলসিঞ্চিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। পইতা ভাতে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও হিট ষ্ট্ৰ’কৰ সম্ভাৱনাও হ্ৰাস কৰে। পইতা ভাটত প্ৰ’বায়’টিক পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। শেহতীয়াকৈ

পন্ত ভাটত কেলৰি কম হোৱাৰ বাবে পেট সোনকালে ভৰাই, যাৰ ফলত বাৰে বাৰে ভোক অনুভৱ কৰাৰ সমস্যা কম হয়। ইয়াৰ উপৰিও শৰীৰৰ চৰ্বি কমোৱাতো সহায় কৰে। পইতা ভাত দৈ আৰু চাউলৰ পৰা তৈয়াৰ কৰা হয়, সেয়েহে ইয়াত প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন বি১২ আৰু কেলচিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। এইবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

পইতা ভাত বনাবলৈ ৰাতি ৰৈ যোৱা ভাত পানীত তিয়াই ৰাতিটো ৰখা হয়। ৰাতিপুৱা দৈ, নিমখ, জিৰা, আদা আৰু পদিনা দি প্ৰস্তুত কৰা হয়। আপুনি আপোনাৰ পছন্দ অনুসৰি ইয়াত আৰু অধিক বস্তু যোগ কৰিব পাৰে। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বা আনকি দুপৰীয়াৰ দুপৰীয়াৰ আহাৰতো পইতা ভাত খাব পাৰে। গৰমত শৰীৰ সতেজ কৰি ৰাখিবলৈ এই খাদ্য অথি ভাল।

অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টলঃ ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানৰে মোদীক সন্মানিত কৰে ৰাষ্ট্ৰপতি পুটিনে…

দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আজি দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে৷ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে আনুষ্ঠানিকভাৱে ‘অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ‘ষ্টল’ বঁটা প্ৰদান কৰে। দেশখনত আয়োজিত এক অনুষ্ঠানত এই বঁটা লাভ কৰাৰ পিচত X ত এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই তথ্য সদৰী কৰে৷ তেওঁ অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ ষ্টল লাভ কৰি সন্মানিত বুলি উল্লেখ কৰি এই বঁটা প্ৰদান কৰাৰ বাবে ৰাছিয়া চৰকাৰক ধন্যবাদ জনায়। তেওঁ লগতে ১৪০ কোটি ভাৰতীয়ৰ নামত এই বঁটা উৎসৰ্গা কৰে। অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল হৈছে ৰাছিয়াৰ আটাইতকৈ সন্মানীয় অসামৰিক সন্মান আৰু ২০১৯ চনত ৰাছিয়াই প্ৰধানমন্ত্ৰী মোদীক এই সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছিল।ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলা আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে।

এই বঁটাৰ গুৰুত্ব এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াৰ বয়স ৩২৬ বছৰ । ১৬৯৮ চনত জাৰ পিটাৰ দ্য গ্ৰেটে ৰাছিয়াৰ পৃষ্ঠপোষক চেন্ট এণ্ড্ৰিউৰ সন্মানত ‘অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল’ প্ৰতিষ্ঠা কৰে ।অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল প্ৰথমে অসাধাৰণ অসামৰিক আৰু সামৰিক যোগ্যতা আৰু দেশৰ প্ৰতি ব্যতিক্ৰমী সেৱাৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হৈছিল । এই বঁটাৰ চিহ্নত আছে নীলা ৰঙৰ চেছ, চেণ্ট এণ্ড্ৰিউৰ ক্ৰছ থকা বেজ আৰু বুকুত তৰা চিহ্ন আছে। বেজটো চেণ্ট এণ্ড্ৰিউৰ সোণৰ ক্ৰছ, এক্স আকৃতিৰ ক্ৰুচত যীচুৰ প্ৰতিমূৰ্তি আছে। ১৯১৭ চনত ৰাছিয়ান বিপ্লৱৰ পিচত এই বঁটা বাতিল কৰা হৈছিল যদিও ছোভিয়েট-উত্তৰ যুগত পুনৰ প্ৰৱৰ্তন কৰা হৈছিল।দেশখনলৈ আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে ৰাষ্ট্ৰপতিয়ে চেন্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল বঁটা প্ৰদান কৰে, যিয়ে নিজৰ ঐতিহাসিক পৰম্পৰাক সৰ্বোচ্চ ৰাজ্যিক সজ্জা হিচাপে বজাই ৰাখিছে।

২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীক এই বঁটাৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰা হৈছিল৷ ২০১৯ চনৰ এপ্ৰিল মাহত ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কৈছিল যে ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ আৰু বিশেষাধিকাৰ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব আৰু ৰাছিয়া আৰু ভাৰতীয় লোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰসাৰৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰু দ্য এপ’ষ্টল সন্মান প্ৰদান কৰা হয়। ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তেতিয়াৰ টুইটাৰ কৈছিল,ৰাছিয়াৰ সৈতে অংশীদাৰিত্ব প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ লাভ কৰিছে।

ইউৰো কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিলে ইংলেণ্ডে…

ইউৰো কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিলে ইংলেণ্ডে।

নেডাৰলেণ্ডক ২-১ গলত পৰাস্ত কৰি ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ।

ফাইনেলত স্পেইনৰ প্ৰতিদ্বন্দ্বী হ’ব ইংলেণ্ড।