Home Blog Page 718

বানাক্ৰান্ত শিশুৰ মাজত মেজিক বাছ! বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো খেল-ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখিছে শিশুসকলক…

ৰাজ্যত বানৰ তাণ্ডব অব্যাহত আছে। চাৰিওদিশে বানৰ কবলত পৰি দুখ-যন্ত্ৰণাত ককবকাই আছে সৰ্বসাধাৰণ বানপীড়িত ৰাইজ। এনে যন্ত্ৰণাৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা-গুইমাৰাৰ লোকসকলৰ ঘৰ-দুৱাৰ বানৰ কবলত পৰিছে। উক্ত লোকসকলক ওচৰতে থকা নহিৰা -গুইমাৰা আঞ্চলিক হাইস্কুলত থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে।

এনে সময়ত বানাক্ৰান্তৰ শিশুসকলৰ মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত অগ্ৰণী অনা চৰকাৰী সংগঠন “মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনে” দিনে-নিশাই কাম কৰি গৈছে। উল্লেখ্য মেজিক বাছৰ জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা (Sr.Academic educator ) চুমি কলিতা আৰু জীৱন কৌশল পৰামৰ্শদাতা (Life skill educator ) উৎপল দাসে বানাক্ৰান্তৰ প্ৰায় ৪০ জন শিশুক বানপানীৰ দুখ-দুদৰ্শাৰ মাজতো খেল-ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখিছে। সমান্তৰালভাৱে শিশুসকলক মেজিক বাছৰ ফালৰ পৰা শিক্ষাদানও কৰি অহা হৈছে। মেজিক বাছৰ চুমি কলিতা আৰু উৎপল দাসৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰীৰ বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত মহানগৰ জিলা পৰিবহণৰ কাৰ্যালয়ত…

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা মেধাৱী ছাত্ৰীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অব্যাহত আছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত। ৰাজ্য চৰকাৰৰ শিক্ষা,পৰিবহণ আদি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত ১জুলাইত শুভাৰম্ভ হোৱা বাহন চালনাৰ মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথমটো সপ্তাহৰ ছদিনত ৫৭০গৰাকী প্ৰশিক্ষাৰ্থীয়ে হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলে দুচকীয়া বাহন চালনাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নিজে কেনেকৈ উলিয়াই ল’ব পাৰি সেই সন্দৰ্ভতো সবিশেষ জ্ঞান লাভ কৰি উপকৃত হয়।

ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী সকলৰ বহুতেই এইখিনি সময়ত নামভৰ্তিৰ দৰে গুৰুত্বপূৰ্ণ কামত ব্যস্ত থকাৰ বাবে চলিত মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বন্ধৰ দিনটো প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। সেয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰতিদিনে ৰাতিপুৱা ১০ৰ পৰা ১১বজাৰ ভিতৰত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ জানিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে৷

বানাক্ৰান্ত অঞ্চল ভ্ৰমণ উদ্যোগ মন্ত্রী বিমল বড়াৰ


গুৱাহাটী, ৬জুলাই:বানাক্ৰান্ত ৰাইজক প্ৰতিটো ক্ষণত সহায় কৰিবলৈ অসম চৰকাৰ তথা জিলা প্ৰশাসনে তৎপৰতাৰে কাম কৰি আছে -আজি পশ্চিম যোৰহাটত বাণাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়ত এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই।

মন্ত্রী বড়াই যোৰহাট জিলাৰ নিমাতী ঘাটৰ কেইবাটাও বান বিধ্বস্ত স্থান পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময়ো কৰেআৰু পৰিস্থিতিৰ বুজ লয়।
প্ৰবল বানপানীৰ ফলত যি সমূহ স্থানত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে সেই সমূহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে জলসম্পদ বিভাগে তৎপৰতাৰে পুনৰ্নিৰ্মাণ কৰি আছে বুলি মন্ত্রী বড়াই ৰাইজক অৱগত কৰে।
যোৰহাট জিলাৰ মেলেংহাটত উপস্থিত হৈ বাঢ়নি পানীয়ে ক্ষতিসাধন কৰা চুইচ গেট পুনৰ্নিৰ্মাণৰ কামৰ অগ্ৰগতিৰো মন্ত্রী গৰাকীয়ে বুজ লয়। তদুপৰি স্থানীয় ৰাইজ তথা বিভাগীয় বিষয়া সকলৰ সৈতে গ্ৰহণ কৰিব লগা পদক্ষেপৰ সন্দৰ্ভত আলোচনা কৰে।


উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৭ নং স্পাৰত উপস্থিত হৈ বাঢ়ণি পানীয়ে ক্ষতিগ্ৰস্ত কৰা অংশও মন্ত্রী গৰাকীয়ে পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগে চলাই থকা উক্ত স্পাৰৰ মেৰামতিৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰে।

তদুপৰি এই অঞ্চলৰ বান সমস্যাৰ আশু সমাধানৰ সন্দৰ্ভত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কৰ সৈতেও তেওঁ আলোচনা কৰে। এই পৰিদৰ্শন কালত মন্ত্রী বড়াৰ সৈতে যোৰহাট, মৰিয়নি আৰু দেৰগাঁৱৰ বিধায়ক ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী , ৰূপজ্যোতি কুৰ্মী , ভবেন্দ্ৰ নাথ ভৰালী ,জিলা আয়ুক্ত পুলক মহন্ত , আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত আছিল।

কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ মহানগৰ( ১৭ বছৰ অনুৰ্দ্ধৰ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা ৪ আৰু ৫ জুলাইত উলুবাৰীস্থিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী আৰু যোগাযোগ বিষয়া বিধান দাস উপস্থিত থাকে ।

কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰ্বমুঠ ১৮ খন বিদ্যালয় আৰু ছোৱালীৰ শাখাত ৬ খন বিদ্যালয়ৰ লগতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে । ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দিছপুৰ একাডেমী বিদ্যালয়ক ৫-৩ গ’লত ব্যৱধানত পৰাস্ত কৰে ।

আনহাতে দিছপুৰ একাডেমীৰ ৫ নম্বৰ জাৰ্চী পৰিহিত অৰচিম হাঞ্চে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । তদপুৰি ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ে নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে । বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।আনহাতে ১৫ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাৰ আদৰ্শ জাতীয় বিদ্যালয়ে ড° ৰাধাকৃষ্ণণ একাডেমীক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আদৰ্শ জাতীয় বিদ্যালয়ৰ ১০ নম্বৰ জাৰ্চী পৰিহিত পৰশ প্ৰধানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ।

উল্লেখযোগ্য যে উক্ত বিজয়ী বিদ্যালয় কেইখনে আগন্তুক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ক্ৰমে দেউকন, পিলিক চৌধুৰী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃ জিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিব । আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু প্ৰাক্তন শাৰীৰিক নিৰ্দেশক তথা আৰু ক্ৰীড়া সংগঠক গীতেশ ধৰ উপস্থিত থাকে।

বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২লৈ বৃদ্ধি

বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২লৈ বৃদ্ধি।

ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ! পানী কমিলেও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা
ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ

আজিও উন্নত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত বানে চলাইছে তাণ্ডৱ।লাখ লাখ বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি।

ৰাজ্যখনত বানত প্রভাৱিত জিলাৰ সংখ্যা ৩০লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত পানীৰ তলত আছে ৩৫১৮খন গাঁও। বানত ক্ষতিগ্ৰস্ত ৩০খনকৈ জিলাৰ ১১২টা ৰাজহ চক্ৰ। বিনষ্ট হৈছে ৬৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য । বানাক্ৰান্তৰ মাজত হৈছে খাদ্য আৰু খোৱাপানীৰ তীব্ৰ সংকট।

গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীহৰিলাল সৰকাৰৰ পুত্ৰৰ দুৰ্ঘটনাত পতিত ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ব্যথিত অনুভৱ

গুৱাহাটীৰ ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰীহৰিলাল সৰকাৰৰ ফুলকুমলীয়া পুত্ৰৰ দুৰ্ঘটনাত পতিত হৈ দুৰ্ভাগ্যজনকভাৱে সন্ধানহীন হোৱাৰ খবৰত মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ব্যথিত অনুভৱ কৰিছে

চানমাৰি থানাৰ অন্তৰ্গত পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাস্থলীত মুখ্যমন্ত্ৰী উপস্থিত হৈ বৰ্তমানেও অব্যাহত ৰখা উদ্ধাৰ অভিযানৰ বুজ লয়।

দ্বিতীয় শ্ৰেণীৰ ছাত্জনৰ পিতৃ -মাতৃৰ কাষত উপস্থিত হৈ এই দুৰ্ভগীয়া পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু উদ্ধাৰকাৰী দলক নিৰ্দেশনা প্ৰদান কৰে।

মৰিগাঁও নেলীৰ পলাশগুৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা

মৰিগাঁও জিলাৰ নেলীৰ পলাশগুৰীৰ সমীপত যোৰহাটৰ পৰা আহি থকা এখন যাত্ৰীবাহী চুপাৰ বাছ দুৰ্ঘটনাত পতিত হয়,


গুৱাহাটীৰ অভিমুখে আহি থকা বাছ খনত প্ৰায় ৪০ ৰো অধিক যাত্ৰী আছিল যদিও কথমপি প্ৰান ৰক্ষা পৰে দুৰ্ঘটনাটোত ৷

AS 01 KC 7701নম্বৰৰ বাছখনে এখন ব্ৰিজৰ ডিভাইদাৰত অনিয়ন্ত্ৰণ হৈ খুণ্ডা মাৰে আৰু বাছখন আগৰ খণ্ডটো সম্পূৰ্ণ ৰূপত চুৰ্ণ বিচিন্ন হৈ যায় আৰু আগফালৰ এখন দৰ্জা সম্পূৰ্ণ ৰূপে খুলি গৈ দ সাউত পৰে৷


উক্ত ঘটনাক লৈ নেলীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

উক্ত দুৰ্ঘটনাত বৰ্তমানলৈ কোনো ব্যক্তি হতাহত হোৱা নাই বুলি খবৰ আহি পৰিছে ৷

কামৰূপ(ম) জিলাৰ ১৭ বছৰ অনুৰ্ধ আন্ত:বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি…

কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ লগতে ১৫ বছৰ অনুৰ্ধৰ ল’ৰা শাখাৰ আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতা ৪ আৰু ৫ জুলাইত উলুবাৰীস্থিত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী আৰু যোগাযোগ বিষয়া বিধান দাস উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ ১৭ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰ্বমুঠ ১৮ খন বিদ্যালয় আৰু ছোৱালীৰ শাখাত ৬ খন বিদ্যালয়ৰ লগতে ১৫ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে।

১৭ বছৰ অনুৰ্ধৰ ল’ৰা শাখাত অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দিছপুৰ একাডেমী বিদ্যালয়ক ৫-৩ গ’লত ব্যৱধানত পৰাস্ত কৰে। আনহাতে দিছপুৰ একাডেমীৰ ৫ নম্বৰ জাৰ্চী পৰিহিত অৰচিম হাঞ্চে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। তদপুৰি ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ে নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে । বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মেৰী মেচে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।আনহাতে ১৫ বছৰ অনুৰ্ধৰ ল’ৰা শাখাৰ আদৰ্শ জাতীয় বিদ্যালয়ে ড° ৰাধাকৃষ্ণণ একাডেমীক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আদৰ্শ জাতীয় বিদ্যালয়ৰ ১০ নম্বৰ জাৰ্চী পৰিহিত পৰশ প্ৰধানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

উল্লেখযোগ্য যে উক্ত বিজয়ী বিদ্যালয় কেইখনে আগন্তুক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ক্ৰমে দেউকন, পিলিক চৌধুৰী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃ জিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰিব । আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ আৰু প্ৰাক্তন শাৰীৰিক নিৰ্দেশক তথা আৰু ক্ৰীড়া সংগঠক গীতেশ ধৰ উপস্থিত থাকে।

বিজেপিৰ ‘400 পাৰ’ৰ লক্ষ্য ব্ৰিটেইনত অৰ্জন ষ্টাৰমাৰৰ; নতুন প্ৰধানমন্ত্ৰীক অভিনন্দন মোদীৰ…

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে শুকুৰবাৰে এক নতুন মাইলৰ খুঁটিত উপনীত হয়। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰস্তুত কৰা শ্লোগান ৪০০ পাৰ অৰ্জন কৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী তথা তেওঁৰ দল লেবাৰ পাৰ্টীয়ে। আনহাতে, লেবাৰ পাৰ্টীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত বিপুল বিজয় লাভ কৰাৰ কেইঘণ্টামান পিচত কেইৰ ষ্টাৰমাৰে ব্ৰিটেইনক পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য, এইবাৰ ব্ৰিটেইনৰ ভোটাৰসকলে ঋষি ছুনাক নেতৃত্বাধীন কনজাৰ্ভেটিভসকলৰ ওপৰত এক কঠোৰ ৰায় দিয়ে।যাৰ ফলত দলটো আটাইতকৈ শোচনীয় নিৰ্বাচনী ফলাফলৰ সন্মুখীন হব লগা হয়। ৬১ বছৰীয়া ষ্টাৰমাৰে ব্ৰিটিছ ৰাজতন্ত্ৰৰ সৈতে ছুনাকৰ সাক্ষাতৰ পিচত বাকিংহাম পেলেচত ৰজা তৃতীয় চাৰ্লছৰ সৈতে তেওঁৰ পৰম্পৰাগত দৰ্শনৰ পিচত ৫৮ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ।এইবাৰৰ নিৰ্বাচনত ব্ৰিটেইনৰ লেবাৰ পাৰ্টীয়ে ৬৫০ জনীয়া হাউছ অব কমন্সত ৪১২ খন আসন লাভ কৰে । এয়া হৈছে ২০১৯ চনত অন্তিমবাৰ অনুষ্ঠিত নিৰ্বাচনৰ তুলনাত ২১১ খন অধিক।

আনহাতে, ছুনাকৰ কনজাৰ্ভেটিভ দলে মাত্ৰ ১২১ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। এই সংখ্যা হৈছে পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ২৫০ খন আসন কম। লেবাৰ দলৰ ভোটৰ অংশ হৈছে ৩৩.৭ শতাংশ আৰু কনজাৰ্ভেটিভৰ ২৩.৭ শতাংশ ।উল্লেখ্য যে, একেৰাহে তৃতীয়বাৰৰ বাবে মিত্ৰশক্তিৰ সহায়ত শাসনলৈ অহা বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ নিৰ্বাচনত এইবাৰ 400 পাৰ শ্ল’গানটো প্ৰস্তুত কৰিছিল। প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, ড৹ এছ জয়শংকৰ আৰু নিৰ্মলা সীতাৰমণৰ দৰে অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকলে প্ৰচাৰ চলাওঁতে এই শ্ল’গানটো ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল । অৱশ্যে বিজেপিয়ে সংসদৰ ৫৪৩ জনীয়া নিম্ন সদনত মাত্ৰ ২৪৯ খন আসনহে জিকিবলৈ সক্ষম হৈছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অব কী বাৰ মোদী চৰকাৰ(এইবাৰ মোদীৰ চৰকাৰ) শ্ল’গান প্ৰস্তুত কৰিছিল আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ফিৰ এক বাৰ মোদী চৰকাৰ শ্ল’গান প্ৰস্তুত কৰিছিল ।ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ষ্টাৰমাৰক এক্সত এটা পোষ্ট দি অভিনন্দন জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছাবাৰ্তাটোত কয়, ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত উল্লেখনীয় বিজয়ৰ বাবে কেইৰ ষ্টাৰমাৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। সকলো ক্ষেত্ৰতে ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে, পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে মই আমাৰ ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবে আশাবাদী।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় মোদীয়ে…

শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে। শেহতীয়া নিৰ্বাচনী বিজয় আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নতুন ভূমিকা লোৱাৰ বাবে ষ্টাৰমাৰক অভিনন্দন জনায় মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, ষ্টাৰমাৰক আগতীয়াকৈ ভাৰত ভ্ৰমণৰ বাবেও মোদীয়ে আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি লগতে কয়। বিবৃতিত কোৱা হৈছে যে ব্ৰিটেইনৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক উন্নয়নত ভাৰতীয় সম্প্ৰদায়ৰ ইতিবাচক অৱদানৰ শলাগ লৈ তেওঁলোকে জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কক অব্যাহত ৰাখিবলৈ সন্মত হয়।