Home Blog Page 732

বোকাখাত “বি- ডিভিজন” ফুটবলত কল্যাণপূৰ ফুটবল ক্লাৱ আৰু গেলেকী যুৱক সংঘৰ জয়…

মংগলবাৰে অনুষ্ঠিত হোৱা বোকাখাত “বি ডিভিজন” ফুটবলৰ প্ৰথমখন খেল অনুষ্ঠিত হয় গেলেকি যুৱক সংঘ আৰু ভূলুকাগুৰি ফুটবল ক্লাবৰ মাজত৷ উক্ত খেলত গেলেকি যুৱক সংঘয়ে ভূলুকাগুৰি ফুটবল ক্লাবক ৩-০ গ’লত পৰাজিত কৰে। গেলেকি যুৱক সংঘৰ হৈ খৈয়া তেৰাঙে এটা আৰু হলীৰাম কিলিঙে দুটা গ’ল কৰে। ইয়াৰ সমান্তৰালভাৱে দ্বিতীয়খন খেল অনুষ্ঠিত হয় কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ মাজত। উক্ত খেলত কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবক টাইব্ৰেকাৰ জৰিয়তে ৩-২ গ’লত পৰাজিত কৰে। কল্যাণপূৰ ক্লাবৰ হৈ ৰাকেশ শইকীয়া, ৰৌচন বাৰলা আৰু পুস্কৰ মিশ্ৰাই একোটাকৈ গ’ল কৰাৰ বিপৰীতে ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ হৈ পৰচূণ বৰা, মালং তিৰিয়ে একোটাকৈ গ’ল কৰে।

মংগলবাৰে অনুষ্ঠিত হোৱো দুয়োখন খেল পৰিচলনা কৰে ক্ৰমে- মানস জ্যোতি শইকীয়া, ধীৰেন দলে, দ্বীপৰাজ চেত্ৰী,কলিয়া মাৰদীয়ে। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা “বি ডিভিজন” ফুটবল খেলতখন উপস্থিত থাকে অসম ক্ৰীড়া বৰ্ডৰ অধ্যক্ষ আকাশ ফুকন, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক প্ৰাঞ্জল গগৈ আৰু প্ৰতিযোগিতাৰ মেচ কমিছনাৰ দ্বীপেন শইকীয়াৰ লগতে ক্ৰীড়া প্ৰেমী ধন হাজৰিকা। ১৮ জুনৰ খেল- নুমালিগড় চাহ বাগিছা ক্লাব বনাম ৰঙামাটি চাহ বাগিছা ক্লাব আৰু দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব ডলামৰা ফুটবল ক্লাব বনাম সম্পৰি ইউৎ ক্লাবৰ মাজত।

উত্তৰ পূৰ্বাঞ্চলৰ আধ্যাত্মিক নেত্ৰী ব্ৰহ্মাকুমাৰী শীলাৰ মহাপ্ৰয়াণ…

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী মণ্ডলৰ মুখ্য সঞ্চালিক ৰাজযোগিনী ব্ৰহ্মাকুমাৰী শীলাৰ আহমেদাবাদত এখন হস্পিতালত চিকিৎসাধীন অৱস্থাতে ৭৫ বছৰ বয়সত কালি পুৱা ৭.১১ বজাত পাৰ্থিৱ শৰীৰ ত্যাগ কৰি পৰমধামলৈ গতি কৰে৷ ১৯৪৯ চনত কলিকতাৰত এক সম্ভ্ৰান্ত মাৰোৱাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা ব্ৰহ্মাকুমাৰী শীলাই কলিকতাতে শিক্ষা লাভ কৰি থকা অৱস্থাতে আধ্যাত্মিক জ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ জ্ঞানৰ গভীৰতাত সোমাই পৰিল৷ ১৯৬৮ চনৰ ১জানুৱাৰীৰ দিনা শীলা ঈশ্বৰীয় সেৱাতমৰ বাবে গোটেই জীৱন সমৰ্পণ কৰি দিয়ে৷ সেৱাক জীৱনৰ শ্বাসৰূপে পোৱা বেহেনজীৰ ত্যাগ, তপস্যা আৰু দৃঢ় সংকল্পৰ বাবে অনেক বাধা-বিঘিনি পাৰ হৈ তেজপুৰত ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ শাখা খোলে ১৯৭৬ চনত৷ ১৯৭৮ চনত নিৰ্লস সাধনা আৰু অবিভ্ৰান্ত ফলস্বৰূপে অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু বাংলাদেশত ২০০ খনৰো অধিক ঈশ্বৰীয় বিদ্যালয়ৰ শাখাকেন্দ্ৰ প্ৰতিষ্ঠা কৰে৷ ৰাজযোগিনী শীলা বাইদেউৰ তত্ত্বাৱধানত প্ৰায় ৩৫০০০ ৰো অধিক ঈশ্বৰীয় পৰিয়ালটো ইমান নিখুঁ‌ত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত হৈছে যে ইয়াত মূলতে শীলা বাইদেউৰ প্ৰশংসনীয় মাতৃবতৰ পালনা৷


সংগঠন শক্তিত অদ্বিতীয়া জননীস্বৰূপা দূৰদৰ্শী, সুদক্ষ প্ৰশাসিকা শীলাই জাতি, ধৰ্ম নিৰ্বিশেষে সকলো আত্মাৰ বাবে প্ৰগতিৰ বাবে নতুন নতুন পৰিকল্পনাতে সফলতা লাভ কৰি সমানত নৈতিক মূল্য আৰু মানৱীয় মূল্যবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে৷
অত্যন্ত সাহসী, নিৰ্ভীক, আধ্যাত্মিক শক্তিৰে মহিমামণ্ডিত আধ্যাত্মিক নেত্ৰীগৰাকীয়ে যোগশক্তি প্ৰকম্পনেৰে ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শিক্ষা দিওঁতে সকলো কামতে নিয়মানুৱিৰ্ততা, সময়ানুৱৰ্তিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে তদুপৰি জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত আনন্দ দিবৰ বাবে স্বৰ্গীয় উৎসৱ-পাৰ্বন, সাংস্কৃতিক অনুষ্ঠান আদি পালন কৰিছিল। মহা তপস্বীনি শিলা বাইদেৱে শান্তি, প্ৰেম, আনন্দ, ধৈৰ্য, সহনশক্তি আদিৰ দেৱী গুণৰ সমাৱেশ ঘটাই বৌদ্ধিক আৰু ভাৱআত্মক দুয়ো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি এক বৃহৎ ঈশ্বৰীয় পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হৈছিল।


ঐশ্বৰীক শক্তিৰ অধিকাৰী, দিব্যদৃষ্টিসম্পন্না ৰাজযোগিনী শীলা বাইদেউ প্ৰভুপচন্দ, লোকপছন্দ আৰু দেশ বিদেশতো পূজিতা আছিল এইগৰাকী মহান আত্মাক হেৰুৱাই ঈশ্বৰীয় পৰিয়ালটোও শোকাবিভূত হৈ পৰিছে৷ ১৮ জুন তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা দিনযোৰা কাৰ্যসূচী ৰূপনগৰৰ বিশ্বশান্তি ভৱনত আদৰণীয় বেহেনজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷ ১৯ জুন ৰাতিপুৱা অন্তিম যাত্ৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত ৰিট্ৰিত চেন্টাৰত অন্তিম সংস্কাৰ কৰা হ’ব৷

জটিল ৰোগত আক্রান্ত ৰাজ্যিক ফুটবল ৰেফাৰী,ক্ৰীড়াবিদ শান্তনু গগৈক আপোনাৰ সহায়ৰ প্ৰয়োজন

এসময়ত ফুটবলৰ পথাৰত দপদপাই থকা সুদক্ষ ফুটবল খেলুৱৈ তথা অসম ৰাজ্যিক ফুটবল ৰেফাৰী সন্থাৰ সদস্য শান্তনু গগৈ(৪৪) এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ খবৰে পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষী সকলক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে৷ শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ বহুৱাবাৰী গাঁৱৰ নিবাসী শান্তনু গগৈ হঠাতে জটিল ৰোগত আক্ৰান্ত হৈ পৰাত শুভাকাংক্ষী লোকে চিকিৎসাৰ বাবে দান বৰঙনি সংগ্ৰহ কৰে৷ৰাইজে দুটা দিনত সামান্য অৰ্থ সংগহ কৰে সেইয়া এই ব্যয়বহুল চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়৷ ইফালে আজি চিকিৎসাৰ বাবে তাকে লৈ ডিব্ৰুগড়ৰ পৰা বিমানেৰে গগৈ মুম্বাইলৈ ৰাওনা হয়৷

উল্লেখ্য যে পৰিয়ালে গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাত চিকিৎসকে জটিল ৰোগ ধৰা পেলোৱাৰ লগতে তাৎক্ষণিকভাৱে উন্নত চিকিৎসা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ এসময়ৰ প্ৰতিভাশালী ফুটবলাৰ শান্তনু গগৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন যদিও এইক্ষেত্ৰত পৰিয়ালটি আৰ্থিক সংকটত পৰা বুলি জানিব পৰা গৈছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে আজি বহুৱাবাৰী শান্তনু গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে ফোনেৰে শান্তনু গগৈৰ খবৰ লয় ৷আনহাতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ , স্হানীয় দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিৰণজিত বীৰেশ্বৰ দেউৰী , বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সদস্য দীপিকা কাকতি দুৱৰীকে ধৰি বহুকেইজন ৰাজনীতিকে শান্তনু গগৈৰ খবৰ লোৱাৰ লগতে প্ৰয়োজনীয় আৰ্থিক সহযোগিতা আগবঢ়ায়৷ ইফালে ইচ্ছুক লোকে টুটুমণি শইকীয়াৰ ৮৬৩৮০৪৪০৬৪ নম্বৰত যোগাযোগ কৰি আৰ্থিক সহযোগিতা আগবঢ়াব পাৰি৷ সদায়শয় ৰাইজে একালৰ সুদক্ষ ফুটবল খেলুৱৈ বৰ্তমান এগৰাকী আগশাৰীৰ ফুটবলৰ পৰিচালক শান্তনো গগৈক সহায়ৰ হাত আগবঢ়োৱা আহ্বান ৰাইজৰ।

পুনৰ ৰহা টোল গেটত অঘটন

টোল টেক্সকলৈ নিশা উত্তপ্ত পৰিস্থিতি , আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

ৰহা টোল গেটত পুনৰ টোলটেক্সক লৈ হতাহতিৰ ঘটনা ।যোৱা নিশা সংঘটিত হয় এই ঘটনা ।
টোলটেক্সক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু ৰহা টোল গেটৰ কৰ্মচাৰীৰ মাজত নিশা হয় কাজিয়া ৷
ঘটনাৰ বিৱৰণি মতে টোলটেক্স দিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷


নিশা সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মাছখোৱাত অনুষ্ঠিত কীৰ্তি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ পৰা উভতি আহিছিল গোলাঘাট, যোৰহাট, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ জিলাৰ পৰা কীৰ্তিমান ছাত্ৰ-ছাত্ৰী নিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দল ৷


পিছত নিশা ৰহা টোল গেটত টোলটেক্সকলৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগত সংঘটিত হয় ৰহা টোল গেট কৰ্মচাৰীৰ সংঘাত ৷চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে টোলগেট পাৰ হোৱাৰ সময়ত গেটৰ টেক্স দিবলৈ অমান্তি হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে গাড়ী পাৰ হ’ব নিদিয়াৰ ফলতেই দুয়োপক্ষৰ মাজত প্ৰথমে কথাৰ কটাকটি হয় পাছলৈ দুয়োপক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হয় । উত্তপ্ত পৰিস্থিতিৰ পাছত দুয়োপক্ষৰ মাজত থেলা থেলিৰ সৃষ্টি হয় । ৰহা আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

বাঢ়নী পানীত প্লাৱিত পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

বছৰৰ প্ৰথমটো বাঢ়নী পানীৰ প্ৰভাৱ পৰিছে পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চলত। বিগত কেইবাদিনো ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত পশ্চিম নলবাৰীৰ বিভিন্ন অঞ্চলেদি বৈ যৈৱা বুঢ়াদিয়া নদীৰ বাদেও আৰু কানাইখুন্দা জানৰ বাঢ়নী পানীৰ কবলত কৃষিপ্ৰধান পশ্চিম নলবাৰীৰ অঞ্চলৰ নদলা, গামাৰিমূৰী, খাটাৰূপীয়াবাথান, সাহপুৰ, বৰপিত, পূৰ্ণি, কুলবিল, সণোৰা, মাক্ৰাপাৰকে ধৰি কেইবাখনো গাঁৱৰ কিছু কিছু অংশ তথা খেতিপথাৰ ডুবি আছে ৷ ইপিনে, বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে কেইবাঠাইটো মথাউৰি চিঙাৰ দুৰ্ভাৱনা কঢ়িয়াই আনিছে বুলি জানিব পৰা গৈছে।


স্থানীয় ৰাইজে অভিযোগ কৰা মতে যোৱাবেলিৰ বুঢ়াদিয়াৰ বানে পূৰ্ণিস্থিত মথাউৰিৰৰ চাৰি অংশৰ ক্ষতিসাধন কৰিছিল যদিও মথাউৰিৰ সেই অংশবোৰৰ পৰ্যাপ্ত মেৰামতি নোহোৱাত নৈখনৰ জলস্তৰ বৃদ্ধিৰ লগে লগে শংকিত হৈ পৰিছে ৰাইজ। বাৰিষাৰ পূৰ্বে কিয় মথাউৰিটোৰ ভগ্ন অংশ চাৰিটাৰ মেৰামতি সম্পন্ন‌ নহ’ল তাকে লৈ আজি বিভাগীয় কৰ্তৃপক্ষক সংবাদ মাধ্যমৰ সন্মুখতে মুকলিকৈ কেইবাগৰাকী স্থানীয় লোকসহিতে জবাবদিহি কৰে ।
যোৱাবেলিৰ বানে পূৰ্ণিত ভঙা বুঢ়াদিয়াৰ মথাউৰিৰ চাৰিটা অংশৰ পুনঃনিৰ্মাণ সম্পন্ন নোহোৱাক লৈ ক্ষোভ উজাৰি বিভাগীয় লোকগৰাকীক একাংশ ৰাইজে সংবাদ মাধ্যমৰ সন্মুখতে মুকলিকৈ জবাবদিহি কৰে বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈ বুঢ়াদিয়াৰ বাঢ়নী পানীয়ে ঐতিহ্যমণ্ডিত নদলা বজাৰখন বুৰাই পেলোৱাৰ লগতে বাঢ়নী পানীয়ে চামতা-কৈঠালকুছি পথ, সাহপুৰ-হাৰিভাঙা পথৰো ঠায়ে ঠায়ে প্লাবিত কৰিছে ৷

তেজপুৰত ৰূপকোঁৱৰৰ ১২২ সংখ্যক ওপজা দিন উদযাপন

ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২ সংখ্যক ওপজা দিনটো তেজপুৰত আজি একাধিক স্হানত উদযাপন কৰা হয়৷ তেজপুৰৰ এক ঐতিহাসিক অঞ্চল ঘৰপৰা চুবুৰি স্হিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত আজি পুৱা অনুষ্ঠিত কৰা হয় প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ নৃত্যশালাৰ অধ্যক্ষা জ্যেষ্ঠা নৃত্যশিল্পী দীপা দাসৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত নৃত্যশালাৰ শিক্ষাৰ্থী সকলে জ্যোতি সংগীতৰ আধাৰত নৃত্যৰে ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে তেজপুৰ সাহিত্য সভাৰ উদ্যোগতো অনুষ্ঠিত কৰা হয় ৰূপকোঁৱৰ গৰাকীৰ ১২২ সংখ্যক ওপজা দিন৷এই অনুষ্ঠানত ৰূপকোঁৱৰৰ ভতিজা ,শিল্পী অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰাৰ লগতে একেলগে থকা কলাগুৰুৰ আৱক্ষ মূৰ্ত্তি আৰু নটসূৰ্যৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে কলাগুৰুৰ পুত্ৰ ,শিল্পী তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই ।আনহাতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।


ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতেই তেজপুৰ সাহিত্য সভা ভৱনত সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰা আৰু নয়ন শইকীয়াৰ জৰিয়তে তেজপুৰ সাহিত্য সভাৰ সদস্যা সকলে জ্যোতি সংগীত পৰিৱেশন কৰে ।
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে সাপ্তাহিক গণকণ্ঠৰ সম্পাদক ড০ প্ৰাণজিৎ হাজৰিকা ,সাহিত্যিক পেন্সনাৰ ৰাম চন্দ্ৰ চুতীয়া ,শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া ,তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা ,সম্পাদক দ্বীজেন নাথৰ জৰিয়তে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাৰ “চিন্তাৰ ৰেঙণি “শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে ।বিধায়ক ৰাভাই উন্মোচনী ভাষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জাতিৰ নিৰ্মাণ আৰু প্ৰতিষ্ঠাৰ বাবে অতি কম সময়ৰ জীৱনতে যিখিনি কৰি থৈ গ’ল তাৰ বাবেই আজি অসমীয়াই ওপজা দিন আৰু স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি আছে বুলি মন্তব্য কৰি তেওঁৰ সৃষ্টি ৰাজিৰ মহত্বক নতুন পুৰুষে হৃদয়ংগম কৰিব পাৰিলেহে এখন শক্তিশালী সমাজ গঠনৰ আশা কৰিব পাৰি বুলি কয় । ৰূপকোঁৱৰৰ ভতিজা অপৰূপ আগৰৱালাই ৰূপকোঁৱৰৰ স্মৃতিচাৰণ কৰি হৰিবিলাস মুভিজৰ প্ৰয়োজনাত তেজপুৰৰ বাণ থিয়েটাৰৰ সৈতে নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক “কিয় “বোলছবি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আজিৰ এই অনুষ্ঠানতে সদৰি কৰে৷ প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা ,কল্পনা কলিতা আৰু উদীয়মান হিৰামণি লহকৰে জ্যোতি সংগীত পৰিৱেশন কৰাৰ লগতে সু আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱাই জ্যোতি কবিতা আবৃত্তি কৰেে৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি, ঔপন্যাসিক ড০ শইকীয়াই ৰূপকোঁৱৰৰ স্মৃতিচাৰণ কৰি


ৰূপকোঁৱৰ বুজিবলৈ হ’লে ৰূপকোঁৱৰ ৰচিত নাট কেইখন গভীৰভাৱে অধ্যয়ন কৰা প্ৰয়োজন বুলি কৈ দশম শ্ৰেণীত পঢ়ি থাকোতেই হাতেলিখা আলোচনী ‘জোনাকী’ ত বৃদ্ধ বণুৱাৰ মৃত্যুৰ অভিজ্ঞতাক লৈ “বণুৱাৰ মৃত্যু “শীৰ্ষক কবিতাৰে কবি হিচাপে আত্মপ্ৰকাশ কৰা জ্যোতিপ্ৰসাদে উপন্যাসৰ বাহিৰে সাহিত্যৰ আন সকলো ৰূপতে অনবদ্য অৰিহনা আগবঢ়ালেও ৰচিত নাটককেইখন অতিশয় গুৰুত্বপূৰ্ণ বুলি কয় ড° শইকীয়াই৷তেওঁ কয় যে, ‘কাৰেঙৰ লিগিৰী’ যদি অসুন্দৰ সমাজৰ বিৰুদ্ধে সুন্দৰ কোঁৱৰৰ সংগ্ৰামৰ কাহিনী হয় তেন্তে ‘ৰূপালীম’ হ’ল উদাৰ প্ৰেমৰ লগতে ক্ষুদ্ৰমনা অসূয়া, ঈৰ্ষাৰ দ্বন্দ ৷ ‘নিমাতী কইনা’ ত আকৌ মূক জনতাৰ কণ্ঠত তুলি দিছে অমৃত বাণী৷ নাটক ‘লভিতা’ ত পোৱা যায় গাৱলীয়া নাৰীৰ সাহস, ত্যাগৰ কাহিনী৷
পিতৃ পৰমানন্দ আগৰৱালাই অৰ্গেনত কীৰ্ত্তনৰ পদ আৰু অসমীয়া গান বজোৱা শুনিয়েই জ্যোতিপ্ৰসাদে অনুপ্ৰাণিত হৈ বিয়ানামৰ সুৰ সংযোজন কৰি ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটি প্ৰস্তুত কৰিছিল৷ একেদৰেই ‘শোণিতকুঁৱৰী’ নাটকত গীত গোৱাই আধুনিক অসমীয়া সংগীতৰ ভেটি স্থাপন কৰিছিল৷ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ১৯২৪ খ্ৰীষ্টাব্দত চাৰিটা গীতেৰে বাণীবদ্ধ কৰাই আধুনিক অসমীয়া সংগীতৰ যি জয়যাত্ৰা আৰম্ভ কৰিছিল জ্যোতিপ্ৰসাদে অনেক গীত-মাতেৰে সমৃদ্ধ কৰি থৈ গৈছে৷ দুকুৰি আঠ বছৰীয়া চুটি জীৱনত প্ৰথমখন কথাছবি পৰিচালনা-প্ৰযোজনা কৰি যি ইতিহাস সৃষ্টি কৰিলে, ‘শিল্পী পৃথিৱী’ ৰে শিল্পীৰ যি সংজ্ঞা নিৰূপন কৰিলে তাৰ দ্বাৰাই আধুনিক অসমীয়া কৃষ্টি-সংস্কৃতিৰ মাৰ্গ দৰ্শন কৰাত সদায় মুখ্য ভূমিকা পালন কৰিব৷


‘অসমীয়া ডেকাৰ উক্তি’ লিখাৰ দৰে জ্যোতিপ্ৰসাদ ‘উপজিয়েই বিশ্বনাগৰিক’ হৈ আহিছিল৷ তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ’লেহে ওপজা দিন পালন কৰাৰ সাৰ্থকতা থাকিব বুলি মন্তব্য কৰে ড০ শইকীয়াই ।ইপিনে তেজপুৰৰ ঐতিহাসিক “পকী “অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ হোৱাৰ পিছত জ্যোতি ভাৰতীৰ শিল্পীয়ে জ্যোতি সংগীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কমলা নগৰৰ সমাধি ক্ষেত্ৰত অগপৰ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হোৱাৰ লগতে ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত বাণ থিয়েটাৰতো কাৰ্যনিৰ্বাহক সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে ।

গো-মাংস কটা লৈ উত্তাল

শিলচৰ তাৰাপুৰৰ মদন মোহন ৰোড অঞ্চলত সোমবাৰে পবিত্ৰ ঈদ-উজ-জোহাৰ দিনত গো মাংস কটা লৈ উত্তেজনা। এজন ব্যক্তিৰ ঘৰত গো-মাংস উদ্ধাৰ হোৱা ঘটনাৰ আধাৰত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে। ইফালে, স্থানীয় মহিলা আৰু পুৰুষে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি জটিল হৈ পৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ থিনাং ৰংমাই আৰু চামলক পো ৰংমাইৰ ঘৰৰ পৰা বেগত ভৰাই থোৱা গো-মাংস উদ্ধাৰ কৰে। তদুপৰি দুয়োকে আটক কৰে যদিও মূল অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে হিন্দু সংগঠনৰ বিষয়ববীয়াৰ লগতে ক্ষুব্ধ ৰাইজে একত্ৰিত হৈ তাৰাপুৰ থানা ঘেৰাও কৰে। দীৰ্ঘ সময় ধৰি প্ৰতিবাদ আৰু বিভিন্ন শ্লোগান‌ দিয়ে তেওঁলোকে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তাৰাপুৰ আৰক্ষী থানা এলেকাত বৃহৎ কমাণ্ডো আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হয় । প্ৰতিবাদৰ সময়ত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী উপস্থিত হৈ দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। এই ঘটনাক তীব্ৰ গৰিহণা দি বিধায়কগৰাকীয়ে অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইফালে হিন্দু সংগঠনসমূহৰ বিষয়াসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁলোকে কেতিয়াও গো-মাংসৰ কাণ্ড মানি নলয়। লগতে শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি ভয়াৱহ ৰূপ ধাৰণ কৰিব ।

ফলস্বৰূপে অঞ্চলটোত যদি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেন্তে তাৰ বাবে আৰক্ষী জগৰীয়া হ’ব বুলিও হুংকাৰ দিয়ে।
ইপিনে হিন্দু সংগঠন আৰু স্থানীয় ৰাইজৰ হেঁচাত আৰক্ষীয়ে গো-মাংসৰ কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত জিয়ানপুনা ৰংমাইক গ্ৰেপ্তাৰ কৰি ঘটনাৰ দুঘণ্টাৰ ভিতৰতে থানালৈ লৈ আহে। ইফালে স্থানীয় ৰাইজে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে তাৰাপুৰ আৰক্ষীক অভিনন্দন জনাই প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে। সম্প্ৰতি তাৰাপুৰ অঞ্চলৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰিত হোৱাৰ লগতে অঞ্চলটোত শান্তি ঘূৰি আহিছে।

যোৰহাটত ১কোটি ২০লাখ ড্ৰাগছ সহ সৰৱাহকাৰীক আটক

যোৰহাট মধুৱন সমীপৱতী ১৩নং ৱাৰ্ডত আজি এটা ভাড়াঘৰ পৰা যোৰহাট উপ আৰক্ষী অধীক্ষ আৰু সদৰ থানা আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৰক্ষী দলে পঞ্চাশ টা চাবোন বাকচত মজুত কৰি ৰখা ৫০০.৯৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা লগতে আমগুৰি বাবা হাজৰিকা নামৰ এটা সৰৱাহকাৰী আটক কৰিবলৈ সক্ষম হয়।

ঘটনা বিৱৰণি অনুসৰি আমগুৰি এটা ড্ৰাগছ সৰৱাহকাৰীৰ তথ্য ভিত্তিত যোৰহাট আৰক্ষীয়ে আজি আৱেলি ভাগত ১৩নং ৱাৰ্ডৰ চোলাধৰা মধুৱনত থকা এটা তিনিমহলীয়া ভাড়াৰ এটা বন্ধ কোঠাত পঞ্চাশ টা চাৱোন বাকচত মজুত কৰি থোৱা অৱস্থাত ৫০০.৯৭ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে ড্ৰাগছ সহ সৰৱাহীটোক আটক যোৰহাট আৰক্ষীয়ে সদৰ থানালৈ লৈ আনে আৰু অধিক তথ্য আহৰণৰ বাবে সোধাপোছা অৱ্যাহত ৰাখিছে সৰৱাহকাৰীটোক।তাপৰ্যপূৰ্ণ ৰ্যে যিটো ঘৰ পৰা ড্ৰাগছ খিনি উদ্ধাৰ কৰা হৈছে ,সেই ঘৰটো গৰাকী ঘৰ শিৱসাগৰত।অধিক ভাড়া পোৱা আশাত গৰাকীয়ে যধে মধে ঘৰ ভাড়ালৈ দি অহা গুৰুত্ব অভিযোগ উথাপিত হৈছে।

অভিযোগ মতে উক্ত ঘৰটোত বিভিন্ন সময়ত বিভিন্ন অসামাজিক কাৰ্যাকলাপ সংঘটিত হৈ আহিছে।ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনা ই বৃহৎ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰা লগতে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ দেখি হতবাক হৈ পৰিছে অভিযাণকাৰী যোৰহাট আৰক্ষী।।

যোৰহাট কেন্দ্ৰীয় ঈদগাহত সমূহীয়া ঈদৰ নামাজ সম্পন্ন

যোৰহাট কেন্দ্ৰীয় ঈদগাহত ১৬ টা মছজিদৰ জামাত তথা যোৰহাটবাসী ইছলামধৰ্মী ৰাইজে একত্ৰিত ভাৱে ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায় কৰে । উক্ত নামাজত ইমামতি কৰে যোৰহাট পুৰণা বালিবাট মছজিদৰ পেছ ইমাম জোনাব হাফিজ মোবাৰক আলি চাহেব আৰু চানী ইমাম হিচাপে উপস্থিত আছিল যোৰহাট ফৰমুদ আলি পথৰ হাজৰিকা মছজিদৰ পেছ ইমাম মৌলানা ইদ্ৰিছ আলি চাহেব।

আনহাতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰতো আজি ঈদৰ নামাজ সম্পন্ন হয় উক্ত নামাজত ইমামতি কৰে যোৰহাট ঈদগাহ সমিতিৰ দ্বাৰা মনোনীত জেইল ৰ’ড মছজিদৰ মৌলানা আমিৰ হুছেইন চাহেবে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত যোৰহাট কেন্দ্ৰীয় ঈদগাহ সমিতিৰ সাধাৰণ সম্পাদক পাৰভেজ হুছেইনে কয় , নামাজৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৭-৩০ বজাত বজাত চানী ইমাম চাহেবৰ কেৰাত পাঠ আৰু পেছ ইমাম চাহেবৰ বহুমূলীয়া মানৱ জাতিৰ সংশোধনৰ বিষয়ৰ বায়ানেৰে আৰম্ভ হয় ।

তাৰ পিছতেই ইমাম সকলক ঈদগাহ সমিতিৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । হুছেইনে লগত কয়,উক্ত নামাজত মানৱ জাতিৰ শান্তিৰ লগতে বানপানীৰ পৰা অসমীয়া জাতিয়ে পৰিত্ৰাণ পাবলৈ তথা অসমীয়া জাতিৰ এনাজৰী ডাল যাতে আৰু অধিক কটকটীয়া হয় আৰু তাৰ উপৰিও সকলো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে অসমবাসী ৰাইজ সদায় সুৰক্ষিত হয় থাকিব পাৰে তাৰ কাৰণে মহান আল্লাহৰ ওচৰত ইমাম চাহাবৰ সৈতে সমগ্ৰ ৰাইজে দোঁৱা কৰে।

শান্তিপুৰত তিনিকুৰি মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ বৃত্তিমুখী শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে ভবিষ্যত জীৱন সুন্দৰকৈ সজাই তুলিব পাৰে…

শান্তিপুৰ অঞ্চলৰ ১ নং গোপালপুৰ নামঘৰত স্হানীয় শিৱ মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়৷ এই উপলক্ষে দেওবাৰে শান্তিপুৰ হাইস্কুলৰ শিক্ষক দেৱজিত দত্তৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিৰ ভাষণত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ৰবীন শইকীয়াই কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ জড়িয়তে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে।বৃত্তিমুখী শিক্ষাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী সকলে ভবিষ্যত জীৱন সুন্দৰকৈ সজাই তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত আধুনিক শিক্ষা ব্যৱস্থাৰ বহু বিলাক দিশ তেখেতে ব্যাখ্যা কৰে।আন এগৰাকী বিশিষ্ট অতিথি টীয়ক প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি দুলাল হাজৰিকাই সাম্প্ৰতিক সময়ৰ স্বনিয়োজনৰ ক্ষেত্ৰত আহি পৰা কিছু কিছু প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি কয় যে আনুষ্ঠানিক স্বীকৃতিৰ অবিহনেও আত্মনিৰ্ভৰশীল হ’ব পৰা কামত নিজকে নিয়োজিত কৰিব পাৰিব লাগিব।

শিক্ষাৰ্থী সকলক সু-স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনাই হাজৰিকাই৷ অসম আদিত্য কাকতৰ ছিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ সত্যজিৎ শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক সফলতা লাভ আৰু জীৱনৰ বাটত আগুৱাই যাবলৈ প্ৰতিটো দিশ প্ৰতিটো বস্তু ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ পৰামৰ্শ আগবঢ়ায়৷ শিক্ষা গ্ৰহণৰ জীৱনজোৰা প্ৰক্ৰিয়াত বিদ্যালয় মহাবিদ্যালয়ৰ উপৰিও আমাৰ চৌপাশৰ প্ৰকৃতি আৰু সমাজখনৰ পৰা শিক্ষা লোৱাটো অতীব জৰুৰী বুলি মন্তব্য কৰে৷ সাংবাদিক গকুল বৰাই সকলো ছাত্ৰ-ছাত্ৰীক পিতৃ-মাতৃৰ বাধ্য হোৱাৰ পৰামৰ্শ দিয়ে। শান্তিপুৰ হাইস্কুলৰ শিক্ষক অমল দত্তই ছাত্ৰ-ছাত্ৰী সকলক মূল্যবোধৰ শিক্ষা গ্ৰহণৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতাৰে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়৷সমাজকৰ্মী জিন্টুমণি শইকীয়াও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷আনহাতে তিনিকুৰিৰো অধিক স্হানীয় মেধাৱী শিক্ষাৰ্থীক উদগনি যোগাবৰ বাবে এই প্ৰচেষ্টাৰ সম্পৰ্কত মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি তথা সমাজকৰ্মী ৰবীন বৰুৱাই কয় যে আধ্যাত্মিক দিশটোৰ লগতে গ্ৰামাঞ্চলৰ শৈক্ষিক আৰু সামগ্ৰীক দিশৰ বিকাশ সাধনো তেওঁলোকৰ অন্যতম লক্ষ্য৷ কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰায় দুটা দশক ৰাজ্যত কাম কৰি অহা বৰুৱাই কয় যে অঞ্চলটোৰ ছাত্ৰছাত্ৰী সকলক আগলৈও এনেদৰে উৎসাহিত কৰাৰ লগতে বিভিন্ন দিশত গাইডেন্সৰ ব্যৱস্থা কৰা হ’ব৷ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰাঞ্জল দত্তই আদৰনী অনুষ্ঠানৰ আঁত ধৰে৷ মেধাৱী ছাত্ৰছাত্ৰীৰ লগতে গাৱৰ কেইবাজনো বৰ্ষীয়ান ব্যক্তিকো সম্বৰ্দ্ধনা জনাই অনুষ্ঠানটোত৷