Home Blog Page 734

দুই-তিনিটা গোলাপ জামুন একেলগে খাইছে নেকি? চিন্তা নকৰিব, মাত্ৰ অলপ খোজ কাঢ়িলে সমস্যা সমাধান হ’ব…

বিয়া বা অনুষ্ঠানত যেতিয়া আপুনি আপোনাৰ প্ৰিয় খাদ্য বা মিঠাই দেখা পায়, তেতিয়া আপুনি কোনেও লোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। খোৱাৰ পিছতেই বাঢ়ে সমস্যা! চিন্তা হয় কেনেকৈ কমাব কেলৰি, কিন্তু ইয়াৰ এটা সহজ সমাধান আছে।আহাতে গৰম গোলাপ জামুন খাবলৈ কোনে মন নকৰে! ডাক্তৰে কয়, ইচ্ছা কৰিলে খাওক, কিন্তু তাৰ পিছত কিছু ব্যায়াম কৰক। বেছি নহয় দুটা গোলাপ জামুনৰ কেলৰি কমাবলৈ খোজ কাঢ়িলেই হ’ল৷

যিসকলৰ জিমলৈ যাবলৈ সময় নাই বা ট্ৰেডমিলত দৌৰিবলৈ এলেহুৱা হয় তেওঁলোকৰ বাবে মৰ্নিং ৱাক অন্য উপায়।ৰাতিপুৱা শুদ্ধ বতাহত খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়াতকৈ ভাল ব্যায়াম আৰু একোৱেই নাই। আচলতে খোজ কঢ়াৰ উপকাৰ ইমানেই বেছি যে কেৱল খোজ কাঢ়িলেই বিভিন্ন বেমাৰবোৰ আঁতৰাই ৰাখিব পাৰি। আৰম্ভণিতে ১০ মিনিট অবিৰতভাৱে খোজ কাঢ়িবলৈ চেষ্টা কৰক। তাৰ পিছত ক্ৰমান্বয়ে সময় বৃদ্ধি কৰিব। ১০ মিনিটৰ পৰা ১৫ মিনিট, তাৰ পিছত ২০ মিনিট, ৩০ মিনিট।

চিকিৎসকৰ মতে, যদি আপুনি দুটা গোলাপৰ কেলৰি কমাব বিচাৰে তেন্তে কমেও ৩০ মিনিটৰ পৰা ১ ঘণ্টা খোজ কাঢ়িব লাগে। অৰ্থাৎ দুটা গোলাপৰ জামত ৩০০ৰ পৰা ৪০০ কেলৰি থাকে। ৩০ মিনিট দ্ৰুতগতিত খোজ কাঢ়িলে ২০০ৰ পৰা ৩০০ কেলৰি শেষ কৰিব পাৰি। আৰু যদি ১ ঘণ্টা খোজ কাঢ়িব পাৰে তেন্তে লাভ বেছি।

পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত ৫জন! দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া..

পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ।

মালবাহী ৰে’লৰে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ।

সংঘৰ্ষৰ ফলত লাইনচ্যুত কেইবাটাও দবা।

দাৰ্জিলিঙৰ ফান্সিদেৱাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

লাইনচ্যুত দবাত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সম্ভাৱনা।

স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

লাইনচ্যুত দবাত বহু যাত্ৰী আবদ্ধ হৈ থকাৰ সম্ভাৱনা।

দুৰ্ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পোষ্ট।

ঘটনাস্থলীলৈ ৰাওনা হৈছে উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসক, এম্বুলেন্স, উদ্ধাৰকাৰীৰ দল।

এই পৰ্যন্ত দুৰ্ঘটনাত ৫জন নিহত আু আঙত হৈছে ৩০ জনকৈ লোকৰ।

অফিচলৈ যোৱাৰ পিছতে ভোক লাগে নেকি? কামৰ মাজত ভোক লাগিলে খাওক এই সমূহ খাদ্য…

অফিচত উপস্থিত হৈয়ে ভোক লাগে নেকি? কাম কৰি থাকোঁতে ভোক লাগিলে পিজ্জা, বাৰ্গাৰ অৰ্ডাৰ দিয়ে নেকি? এই খাদ্যই কেলৰি বহুত বৃদ্ধি কৰে। ভোক পূৰণৰ বাবে জলপান খাব লাগে, যিবোৰ সোৱাদযুক্ত আৰু পুষ্টিকৰ, যি টি খাদ্য খোৱাটো ওজন বৃদ্ধিৰ অন্যতম কাৰণ।


আচলতে খাদ্যাভ্যাস পালন কৰিলে জিভাখন অৰুচিকৰ হৈ পৰে। মনটোৱে তেতিয়া আন কিবা এটাৰ সোৱাদ ল’ব বিচাৰে। ভোকৰ যন্ত্ৰণা পূৰণ কৰিবলৈ হাত প্ৰায়ে চিপছ, ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জাৰ ফালে যায়। অলপ অলপকৈ খোৱাৰ পিছতো ওজনৰ কথা নাভাবি সকলোবোৰ খোৱা যায়।

যিসকলে অলপ স্বাস্থ্য সচেতন, ওজন কমাবলৈ চেষ্টা কৰে, তেওঁলোকে এই দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। ভোকৰ যন্ত্ৰণা পূৰণ কৰিবলৈ আপুনি কি কি খাদ্য খাব।

আপুনি এনেকুৱা খাদ্য বিচাৰিব লাগিব যিবোৰ সোনকালে প্ৰস্তুত হয় আৰু খাবলৈ ১০ মিনিটতকৈ বেছি সময় নালাগে। অৱশ্যে সেই খাদ্যও স্বাস্থ্যকৰ হ’ব লাগিব। ইয়াৰ ভিতৰত চিয়া বীজৰ পুডিং আছে। এই খাদ্য বনাবলৈ পাঁচ মিনিটতকৈ বেছি সময় নালাগে।

আধা কাপ গাখীৰত চিয়া গুটি এচামুচ মিহলাই লওক। চেনিৰ সলনি খেজুৰ ব্যৱহাৰ কৰক। চামুচেৰে মিশ্ৰণটো ভালদৰে লৰাই দিব। তাৰ পিছত ফ্ৰীজত ৰাখিব। ইয়াৰ ওপৰত ফল-মূল দিবও পাৰে। চিয়া বীজত প্ৰটিন, আঁহ, আইৰণ, কেলচিয়াম, স্বাস্থ্যকৰ চৰ্বি আৰু ভিটামিন থাকে। গতিকে স্বাস্থ্যৰ বাবে বহুত ভাল।

দৈনন্দিন খাদ্যত এভোকেডো ৰাখিলে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। ইয়াৰ ফলত যথেষ্ট পৰিমাণৰ কেলৰি পোৱা যায়। উচ্চ আঁহযুক্ত এভোকেডোৱে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি আৰু ই থাকে। এভোকেডো পেষ্ট ৰুটিৰ সৈতেও খাবলৈ ভাল, পুষ্টিকৰো।

বাটাৰ খালে ওজন কমাব পাৰি। আচৰিত যেন লাগিলেও, সঁচা। কিন্তু পিনাট বাটাৰ। এই বাটাৰত প্ৰটিন আৰু আঁহ থাকে, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে। আন খাদ্য খোৱাৰ ইচ্ছা কমি যায়। কলৰ লগত পিনাট বাটাৰ খাব পাৰে। কলত কেলচিয়াম, মেগনেছিয়াম থাকে।

সুখবৰ! আগন্তুক জিম্বাৱৱে ভ্ৰমণলৈ দলত অন্তৰ্ভুক্ত হ’ব পাৰে অসম সন্তান ৰিয়ান পৰাগ…

এক সুখবৰ!

আগন্তুক জিম্বাৱৱে ভ্ৰমণলৈ দলত অন্তৰ্ভুক্ত হ’ব পাৰে ৰাজস্থান ৰয়েলছৰ বেটাৰ তথা অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু কলকাতা নাইট ৰাইডাৰছ অল ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ।

নিৰ্বাচক মণ্ডলীৰ মাজত চৰ্চাৰ শীৰ্ষত দুয়োগৰাকী খেলুৱৈ।

পবিত্র ঈদৰ পূৰ্বে মক্কাত পদপিষ্ট হৈ মৃত্যুক সাৱটিলে অসমৰ ৩গৰাকী হজ যাত্রীয়ে…

মক্কাত পদপিষ্ট হৈ অসমৰ ৩গৰাকী হজযাত্রীৰ শোকাৱহ মৃত্যু।

দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনা।

নিহত কাছাৰৰ বৰখলাৰ মৌলানা ছঈফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰৰ ছালেহা বেগম বৰভূঞা, বৰপেটাৰ জৰিনা বেগম।

ছৌদি আৰৱৰ স্থানীয় হাস্পতালৰ মর্গত ৰখা হৈছে তিনিওৰে মৃতদেহ।

সাৱধান! আহি আছে STSS, আক্ৰান্ত হ’লেই ৪৮ ঘন্টাত মানুহৰ মৃত্যু নিশ্চিত…

বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক।আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। Covid-19 সংক্ৰমণৰ পিছত জাপানত অতি ভয়াৱহ এই বেক্টেৰিয়াৰ সংক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিষয়ে জানো আহক।

জাপানত বিৰল ফ্লেছ ইটিং বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত দেশখনত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই বেক্টেৰিয়াই ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম (STSS) সৃষ্টি কৰে, যিয়ে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ বাবে এক মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে এই ৰোগত আক্ৰান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত এজন ৰোগীৰ মৃত্যু হ’ব পাৰে। ২০২৪ চনৰ জুন মাহলৈকে এই বছৰ জাপানত ইতিমধ্যে ৯৭৭ টা এছটিএছএছৰ ৰোগী ধৰা পৰিছে। এই ৰোগৰ ফলত মৃত্যুৰ হাৰ ৩০% পোৱাৰ আশংকা। একাংশ বিশেষজ্ঞৰ মতে ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰাৰ পাছত জাপানত STSS ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

এই ৰোগৰ লক্ষণ হৈছেঃ

এছটিএছএছৰ প্ৰাৰম্ভিক লক্ষণসমূহ ফ্লুৰ দৰে হ’ব পাৰে, য’ত জ্বৰ, পেশীৰ বিষ, ডিঙিৰ বিষ আদিও দেখা যায়। কিন্তু ইয়াৰ পিছত লক্ষণসমূহ দ্ৰুতগতিত গুৰুতৰ হ’ব পাৰে, য’ত উচ্চ জ্বৰ, ৰক্তচাপ হ্ৰাস, ছাল ৰঙা পৰা আৰু মৃত কলাৰ আৱিৰ্ভাৱ আদি অন্তৰ্ভুক্ত।

বৰ্তমান এই বেক্টেৰিয়াৰ বিষয়ে বিশেষ তথ্য নাই। কিন্তু ইয়াক প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে হাত ধোৱা আৰু যিকোনো ধৰণৰ ঘাঁ পৰিষ্কাৰ কৰি ৰখাটো বহু পৰিমাণে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও যদি সংক্ৰমণৰ লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

পবিত্র ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজি ইছলামধৰ্মীয় লোকসকলৰ পৱিত্ৰ ঈদ-উল-আজহা।

প্ৰতিগৰাকী ইছলামধৰ্মীয়লোকক ঈদ-উল-আজহাৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমৰ জৰিয়তে এই শুভেচ্ছা মুখ্যমন্ত্ৰীৰ।

দিগদৰ্শন প্ৰকাশনৰ ইতিবাচক পদক্ষেপঃ পৰিণীতা হাজৰিকাৰ জন্মদিনত কবিতা পুথি উন্মোচন…

বিশেষভাবে সক্ষম এগৰাকী ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত গ্ৰন্হ আকাৰে ছপা ৰূপ দি প্ৰকাশ কৰি এক ইতিবাচক পদক্ষেপ হাতত লোৱা যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ শলাগ লৈছে কমাৰগাঁৱৰ বুধবাৰীৰ ৰাইজে। দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি” আৰু সাহিত্য আলোচনী”দিগদৰ্শন”ৰ কমাৰগাঁৱৰ প্ৰতিনিধি পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথি” ৰঙীন উপন্যাস” ২নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ত কমাৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা ৰাজকুমাৰীয়ে উন্মোচন কৰে। দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্হখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক চেনিৰাম গগৈ, শিল্পী শংকৰলোচন বৰা, লেখিকা অলিমাই বৰা হাজৰিকা বিশিষ্ট অতিথিৰূপে উপস্হিত থাকি বক্তব্য ৰাখে।

হিমাশ্ৰী শইকীয়াৰ নৃত্য, নৱনীতা বৰাৰ একক অভিনয়, কন্দৰ্প হাজৰিকাৰ গীত পৰিৱেশন, উৎপল বৰা, জয়নীল বৰুৱা, কীৰ্তিক দত্ত, ৰিচিপ্ৰিয়া বৰা আৰু চানক্য দুৱৰাই কবিতা পাঠেৰে জীপাল কৰি তোলা অনুষ্ঠানত উপস্হিত শতাধিক ৰাইজে দিগদৰ্শনৰ প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈ বক্তব্য ৰাখে।উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ পঞ্চমখন কবিতা পুথিৰ উপৰিও ইতিমধ্যে “এমুঠি হৃদয়ৰ অনুভৱ”,”হৃদয়ৰ এমুঠি কবিতা”, “নিৰিবিলি সুবাস” আৰু “সেই বাটেৰে…”শীৰ্ষক কবিতা পুথিকেইখনো জন্মদিনত দিগদৰ্শন প্ৰকাশনে বিনামূলীয়াকৈ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিছে।

আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্র ঈদ-উল-আজহা, হিন্দু-মুছলিম সকলোৱে একেলগে পৰিৱেশন কৰিলে জিকিৰ…

আজি পবিত্ৰ ঈদ-উল-আজহা। সমগ্ৰ দেশৰ লগতে যোৰহাটতো আজি ইছলামধৰ্মালম্বী লোকসকলে উলমালহেৰে উদযাপন কৰিছে ত্যাগৰ উৎসৱ পবিত্ৰ ঈদ-উজ-আজহা। ঈদৰ নামাজৰ পাছতে যোৰহাটৰ সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে সহশিল্পী সকলে আধ্যাত্মিক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নগৰৰ আচিয়ানা ভৱনত এখনি জিকিৰ মজলিছ অনুষ্ঠিত কৰে।

জিকিৰ শিল্পী নেকিব আহমেদৰ লগতে হেমন্ত হাজৰিকা, যোগেন বৰা, বেদব্ৰত দত্ত, পূজা বৰা,দিপামণি দত্ত, চফীয়া খাতুন, তছলিমা বেগম হাজৰিকা, ছামিম ৰফিকা ৰহমান আৰু মুখলিছা ফাৰহানা ৰহমানে অংশগ্ৰহণ কৰে। উল্লেখ্য যে হিন্দু – মুছলিম শিল্পীসকলে ঈদৰ দিনা একেলগে মজলিছত বহি জিকিৰৰ সুৰেৰে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ পৰা দেখা গৈছে।

পৱিত্ৰ ঈদ ঊজ জোহালৈ শুভেচ্ছা: কাইলৈ পুৱা আঠ বজাত অনুষ্ঠিত হ’ব ঈদৰ নামাজ…

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ অৰ্থাৎ ১৭ জুনত পালন কৰিব পৱিত্ৰ ঈদ ঊজ জোহা। ত্যাগৰ উৎসৱ ঈদ ঊজ জোহাৰ লগত সংগতি ৰাখি দুই ৰাকাত ৱাজিৱ নামাজ ৰাইজে একত্ৰ ভাৱে আদায় কৰিবলৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে ঈদগাহ ময়দান সমূহৰ লগতে মছজিদ সমূহো সজাই পৰাই তুলিছে। জানিব পৰা অনুসৰি কাইলৈ পুৱা প্ৰায় ৮ বজাতেই শিৱসাগৰৰ প্ৰায় বিলাক মছজিদ আৰু ঈদগাহত ঈদৰ নামাজ অনুষ্ঠিত কৰা হ’ব।

ইতিমধ্যে অসমৰ আন আন জিলাৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাখনতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ ঊজ জোহা পালন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিভিন্নজনে ইছলাম ধৰ্মাৱলম্বী লোক সকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ নেতা শুভ্ৰমিত্ৰ গগৈয়েও সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কাকতলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে। প্ৰেৰিত বিজ্ঞপ্তিটোত কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰিছে যে – বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ লগতে শিৱসাগৰ জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে কাইলৈ উদযাপন কৰিব ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ ঊজ জোহা। আনহাতে বিশ্বৰ বিভিন্ন দেশৰ লগতে শিৱসাগৰ জিলাখনৰ পৰাও বহু লোক চৌদি আৰবৰ পৱিত্ৰ মক্কালৈ হজ কৰাৰ উদ্দেশ্যে উপস্থিত হোৱাৰ লগতে পৱিত্ৰ ঈদ ঊজ জোহা মক্কাতেই তেওঁলোকে পালন কৰিব। বৰ্তমান ত্যাগৰ উৎসৱ ঈদ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কংগ্ৰেছ নেতা গৰাকীয়ে বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।