Home Blog Page 744

ভাৰতত চিনাক্ত প্ৰথমগৰাকী বাৰ্ড ফ্লুত আক্ৰান্ত ৰোগী, পশ্চিমবংগৰ ৪ বছৰীয়া শিশুৰ দেহত বাৰ্ড ফ্লু…

পশ্চিমবংগৰ এটি ৪ বছৰীয়া কন্যা শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লু। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি পশ্চিমবংগৰ এটি চাৰি বছৰীয়া শিশুৰ H9N2 ভাইৰাছৰ সংক্ৰমণ ঘটি শিশুটি বাৰ্ড ফ্লুত আক্ৰা্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে। ভাৰতত মানৱ দেহলৈ বাৰ্ড ফ্লু সংক্ৰমণৰ শেহতীয়াকৈ ২০১৯ চনৰ পিছত এয়াই প্ৰথম ঘটনা ।শিশুটিক আইচিইউত ভৰ্তি কৰোৱা হৈছে। বাৰ্ড ফ্লুত আক্ৰান্ত হ’লে গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ জ্বৰ আৰু পেটৰ বিষ আদি লক্ষণে দেখা দিয়ে। আক্ৰান্ত শিশুটি ঘৰত হাঁহ-কুকুৰাৰ সংস্পৰ্শলৈ আহিছিল। ভাৰতইয়াৰ পূৰ্বে ২০১৯ চনত প্ৰথমটো বাৰ্ডফ্লু সংক্ৰমণৰ ঘটনা ধৰা পৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। কোভিডতকৈও মাৰাত্মক ৰোগ H5N1 অৰ্থাৎ বাৰ্ড ফ্লু মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰিছে বহু বিজ্ঞানীয়ে। H5N1ৰ এই নতুন মহামাৰীৰ সংক্ৰমণে বিশেষভাৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে H5N1 ভাইৰাছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ বিশ্বজুৰি সৃষ্টি হ’ব পাৰে আন এক ভয়ংকৰ মহামাৰী।

বাৰ্ড ফ্লুৰ সংক্ৰমণ ক’ৰ’না মহামাৰীতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হৈছে। বিজ্ঞানীসকলৰ মতে বাৰ্ড ফ্লু মহামাৰী দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা অব্যাহত আছে। বিশেষজ্ঞসকলে কয় যেকোভিড সংকটতকৈ H5N1 ভাইৰাছ অধিক বিধ্বংসী হ’ব পাৰে। হোৱাইট হাউছেও এই ভাইৰাছে সৃষ্টি কৰিব পৰা অৱস্থাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। শেহতীয়াকৈ আমেৰিকাত গৰু, মেকুৰী আৰু মানুহকে ধৰি বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত H5N1 সংক্ৰমণ ধৰা পৰিছে। দেখা গৈছে যে জীৱ-জন্তুতকৈ মানুহে অধিক সহজ আৰু ক্ষিপ্ৰতাৰে এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। এনে আশংকা সেয়ে বিশ্ববাসীৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়ালৈকে আমেৰিকাৰ ছখন প্ৰদেশত H5N1 ৰোগী চিনাক্ত কৰা হৈছে। প্ৰখ্যাত বাৰ্ড ফ্লু গৱেষক ডাঃ সুৰেশ কুচিপুডীয়ে সকীয়াই দিছে যে ‘কোভিডতকৈ ১০০ গুণ অধিক বিপজ্জনক ’ হ’ব পাৰে বাৰ্ড ফ্লু মহামাৰী। কেৱল সেয়াই নহয়, এই মহামাৰীয়ে আক্ৰান্ত লোকৰ ভিতৰত আধা সংখ্যকৰে মৃত্যুৰ কাৰণ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা H5N1 ভাইৰাছত আক্ৰান্ত হোৱা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰত ৫২ জন ৰোগীৰ মৃত্যু হৈছে। এইদৰে H5N1 ৰ মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক। যদি ইয়াক ক’ৰ’না ভাইৰাছৰ সৈতে তুলনা কৰা হয় তেন্তে মহামাৰীৰ আৰম্ভণিতে ইয়াৰ মৃত্যুৰ হাৰ কিছু ঠাইত ২০ শতাংশ আছিল, যিটো পিছলৈ মাত্ৰ ০.১ শতাংশলৈ হ্ৰাস পাইছিল। এই পৰ্যন্ত মাত্ৰ ৮৮৭ গৰাকী লোক বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে ৪৬২ জনৰ মৃত্যু হৈছে।ভাইৰাছবিধৰ বিৰুদ্ধে ভেকছিন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। আমেৰিকা যুক্তৰাজ্যই ইতিমধ্যে ভেকছিনৰ উপাদানবোৰ পৰীক্ষা কৰি আছে।

ৰাজ্যৰ ছাত্ৰীৰ বাবে নিযুত মইনা আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ৰাজ্যৰ একাংশ ছাত্ৰীৰ বাবে সুখবৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অসম বিধানসভাৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক গৰম বন্ধৰ দুমাহ বাদ দি প্ৰতিমাহে ১০০০ টকাকৈ হায়াৰ ছেকেণ্ডাৰীৰ পাঠ্যক্ৰম সম্পূৰ্ণ নকৰালৈকে প্ৰদান কৰা হ’ব। প্ৰত্যেক মাহৰ ১১ তাৰিখে বেংক একাউণ্ট সেই ধন দিয়া হ’ব।


ডিগ্ৰী পাঠ্যক্ৰমৰ তিনি বছৰীয়া বা চাৰি বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা সকলক মাহিলী ১২৫০ টকাকৈ দিব চৰকাৰে।পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়ন কৰা সকলে ২৫০০ টকাকৈ মাহত লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে স্কুটি প্ৰদান আঁচনি আৰু নিযুত মইনা আঁচনি, যিকোনো এখনহে লাভ কৰিব পাৰিব। মন্ত্ৰী,বিধায়ক-সাংসদ সকলৰ সন্তান এই আঁচনি অন্তভুৰ্ক্ত নহ’ব।ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়েও নাপাব এই সুবিধা। ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়িলেও লাভ কৰিব এই সুবিধা। জুলাই মাহৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰা হ’ব আৰু এই আঁচনি সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰা হব। এইবাৰ ৬০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰীসকলেও লাভ কৰিব স্কুটি। ৫০ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি।১১ অক্টোবৰৰ পৰা মইনা নিযুত আঁচনিৰ ধন লাভ কৰিব ছাত্ৰীসকলে। আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত বিশেষ নিয়ম থাকিব।পিতৃ-মাতৃয়ে স্বাক্ষৰ কৰিব লাগিব প্ৰ-পত্ৰত। BPL-APL সকলো পৰিয়ালৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা।জুলাই মাহত প্ৰপত্ৰ সমূহ শিক্ষানুষ্ঠান সমুহত দিয়া হব। ছাত্ৰীসকলে জুন-জুলাই বাহিৰে বাকী দহ মাহ লাভ কৰিব এই আচঁনি। এই আঁচনিৰ বাবে ৩০০ কোটি টকা ব্যয়ৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। ৫ বছৰ পৰ্যন্ত চলিব এই আঁচনিখন।৫ বছৰত এই আঁচনিৰ ধনৰ পৰিমাণ ১৫০০ কোটি টকা পৰ্যন্ত বৃদ্ধি পাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৮০০ বাগিচাৰ লাইনৰ পথ নিৰ্মাণৰ বাবে ৮০০ কোটি অনুমোদন কৰা হৈছে আজিৰ কেবিনেটত।প্ৰতিখন বাগিচাত খৰচ কৰিব ১ কোটিকৈ।প্ৰতি বছৰে ১২৬ খনকৈ বিদ্যালয় নিৰ্মাণ কৰি আছে চৰকাৰে। এতিয়ালৈ ২৫২ বিদ্যালয়ৰ পুনৰ্নিৰ্মাণৰ কাম চলি আছে। আজি আৰু ১২৬ খনৰ অনুমোদন দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয়- স্কুটি প্ৰদানৰ বাবে বৃদ্ধি পাইছে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ।


বাল্য বিবাহ ৰোধৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হ’ব। ছোৱালীক নিজৰ ভৰি ওপৰত ঠিয় হব পৰাকৈ এই আঁচনিৰ পৰিকল্পনা কৰা হৈছে।কোনো শিক্ষানুষ্ঠানত যদি এই প্ৰ-পত্ৰ পোৱাৰ ক্ষেত্ৰত অসুবিধা হয় তেন্তে নিযুত মইনা পৰ্টেলত আবেদন কৰাৰ সুবিধা থাকিব। কোনো নিদিষ্ট বেংক একাউণ্টৰ নহয়, যিকোনো বেংক একাউণ্টতে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। NEETৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক যুৱ আয়োগৰ দায়িত্বত প্ৰশিক্ষণ দিয়া অৰ্থনৈতিকভাৱে পিছপৰা শিক্ষাৰ্থীয়ে NEET ত সফলতা লাভ কৰিছে। ডিব্ৰুগড়ত এলেনৰ সৈতে লগলাগি প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থীৰ ২২০ গৰাকীৰ ১৫৩ গৰাকী উত্তীৰ্ণ হৈছে।CSRL তেজপুৰতো প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে৷ নলবাৰী , শিলচৰ আৰু যোৰহাটতো আৰম্ভ কৰা হব৷ অসমৰ পাঁচটা স্থানত এই প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এনে কেন্দ্ৰত ডিব্ৰুগড়ত ৬০০ আৰু তেজপুৰত ১০৬ গৰাকীয়ে অধ্যয়ন কৰি আছে।

মোদীৰ ইটালী ভ্ৰমণৰ পূৰ্বে খালিস্তান সমৰ্থকে ভাঙি পেলালে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি, প্ৰতিক্ৰিয়া ব্যক্ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ…

বুধবাৰে ইটালীৰ বৃন্দিছি চহৰত খালিস্তানী সমৰ্থক উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। জাতিৰ পিতাৰ মূৰ্তি ভঙাকলৈ প্ৰতিক্ৰিয়া হৈছে। জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী ভ্ৰমণ কৰাৰ এদিন পূৰ্বে সংঘটিত হয় এই ঘটনা।

ইটালিত খালিস্তানী বিচ্ছিন্নতাবাদীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। “আমি খবৰ সমূহ চাই ইটালী কৰ্তৃপক্ষৰসৈতে কথা পাতিছো। মূৰ্তিটো ভাঙি পেলোৱাৰ প্ৰচেষ্টা, অৱশ্যেই দুখজনক।”, বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয়- এইক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আজিৰে পৰা মুকলি জগন্নাথ মন্দিৰৰ চাৰিওটা প্ৰৱেশদ্বাৰ…

আজিৰে পৰা ভক্তৰ বাবে মুকলি পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ।

আজি পুৱা আৰতিৰ সময়ত ভক্তৰ বাবে মুকলি কৰা হৈছে পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিওখন দুৱাৰ।

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী মোহন চৰণ মাঞ্জীৰ এই পদক্ষেপ।

ওড়িশা কেবিনেটৰ প্ৰথমখন বৈঠকতে এই সিদ্ধান্ত।

কোভিড মহামাৰীৰ সময়ৰ পৰাই বন্ধ আছিল মন্দিৰৰ দ্বাৰকেইখন।

মুখ্যমন্ত্রী মোহন চৰণ মাঞ্জীয়ে তেওঁৰ প্রথম কেবিনেট বৈঠকত এই ঘোষণা কৰে যে, ‘মন্দিৰৰ চাৰিওটা প্ৰৱেশদ্বাৰ বহুদিন ধৰি বন্ধ হৈ আছে আৰু নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে ইস্তাহাৰত ঘোষণা কৰিছিল যে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আজি মঙলা আৰতিৰ সময়ত মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰা হ’ব।

আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে…

আজি অৰুণাচল প্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহ।

আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে।

দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা অমিত শ্বাহ আৰু জে পি নাড্ডা।

মোডী ৩.০ কেবিনেটঃ লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন…

মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰশ্ন হৈছে লোকসভাৰ অধ্যক্ষ কোন হ’ব? ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ ২৭২খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰত থাকিলেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ)ৰ মিত্ৰ দলসমূহৰ ওপৰত নিৰ্ভৰ কৰি সফলভাৱে চৰকাৰ গঠন কৰিছে। ফলস্বৰূপে গেৰুৱা দলটোৱে অধ্যক্ষৰ পদৰ সিদ্ধান্ত ল’বলৈ নিজৰ মিত্ৰ দলবোৰক — বিশেষকৈ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) (জেডি-ইউ)ক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। দাবী কৰা হৈছে যে লোকসভাৰ ২৮খন আসন থকা দুগৰাকী টিডিপি আৰু জেডি-ইউ দুয়োটা দলেই স্থিতিৰ ওপৰত চকু ৰাখিছে। বিজেপিয়ে অৱশ্যে মিত্ৰশক্তিৰ পৰা লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰিবলৈ আগ্ৰহী নহয় বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

লোকসভাৰ অধ্যক্ষ কেনেকৈ নিৰ্বাচিত হয়ঃ

সংবিধানৰ ৯৩ নং অনুচ্ছেদ অনুসৰি প্ৰথমবাৰৰ বাবে নতুন লোকসভা বৈঠকৰ ঠিক আগতেই অধ্যক্ষৰ পদ খালী হৈ পৰে। নৱনিৰ্বাচিত সংসদ সদস্যসকলক পদৰ শপত গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে এজন প্ৰ’-টেম অধ্যক্ষ নিযুক্তি দিয়ে।

ইয়াৰ পিছত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে এজন লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়। অৰ্থাৎ সদনত উপস্থিত থকা আধাতকৈ অধিক সদস্যই লোকসভাৰ অধ্যক্ষ হ’বলৈ কোনো বিশেষ প্ৰাৰ্থীক ভোট দিব লাগিব।

অধ্যক্ষ নিযুক্তিৰ বাবে তেনে কোনো মাপকাঠী নাই। বিগত দুখন লোকসভাত ২০১৪-২০১৯ আৰু ২০১৯-২০২৪ বৰ্ষত বিজেপিৰ সুমিত্ৰা মহাজন আৰু ওম বিৰলা অধ্যক্ষ আছিল।

যিহেতু অধ্যক্ষজনো লোকসভাৰ নিৰ্বাচিত সদস্য তথাপি তেওঁ কোনো বিশেষ দলক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এন সঞ্জীভা ৰেড্ডীয়ে ১৯৬৭ চনৰ মাৰ্চ মাহত চতুৰ্থ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে এই নিয়ম বাধ্যতামূলক নহয়। পি এ চাংমা, সোমনাথ চেটাৰ্জী, আৰু মেইৰা কুমাৰে আনুষ্ঠানিকভাৱে তেওঁলোকৰ দলৰ পৰা পদত্যাগ কৰা নাছিল।


এইবেলি টিডিপি আৰু জেডি-ইউৱে কিয় অধ্যক্ষৰ পদত চকু ৰাখিছেঃ
পূৰ্বৰ দুটা কাৰ্যকালৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদী তৃতীয় কাৰ্যকালত মিত্ৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰশীল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নাইডুৱে, আনহাতে কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে।দুয়োটা দলৰ পৰাই অধ্যক্ষৰ পদটো ল’ব বিচাৰিছে বুলি বিভিন্ন মহলত খবৰ ওলাইছে। নাইডুৰ টিডিপি আৰু কুমাৰৰ জেডি-ইউ দুয়োটা দলে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লাভ কৰিছে।

যিহেতু মোদী চৰকাৰৰ অংশীদাৰ হিচাপে কেৱল বিজেপিয়েই নহয় আন দলসমূহো আছে, গতিকে সদনৰ মজিয়াত চৰকাৰে সংকটৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত সদনৰ অধ্যক্ষৰ ভূমিকাই বিশেষ সহায় কৰিব। সেয়ে অধ্যক্ষৰ পদটো বিজেপিয়ে নিজৰ হাতত ৰখাৰ চেষ্টা চলোৱাটো স্বাভাৱিক।

ইপিনে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে লোকসভাৰ অধ্যক্ষক টিডিপি বা আন কোনো এনডিএ মিত্ৰজোঁটৰ অংশীদাৰৰ পৰা নিৰ্বাচিত কৰিবলৈ দাবী জনাইছে। তেওঁ কয় ‘এন ডি এ চৰকাৰত টিডিপিৰ এজন অধ্যক্ষ থাকিব লাগে। সংসদীয় পৰম্পৰাৰ বাবে মাৰাত্মক হ’ব এজন বিজেপি অধ্যক্ষ। মোডী ২.০ত ১৫০ জন সাংসদক সদনৰ পৰা নিলম্বিত কৰা হৈছিল। এই লোকসকলে ক্ষমতাত থাকিবলৈ সৰু সৰু দল ভাঙিব পাৰে।’খবৰ অনুসৰি ওম বিৰলা লোকসভাৰ অধ্যক্ষ হৈ থাকিব বুলি বহুতে কৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ কোটাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল বিৰলাই। অধ্যক্ষ পদৰ বাবে চৰ্চিত আন কেইটামান নাম হৈছে ডগ্গুৱতী পুৰন্দেশ্বৰী। টিডিপিৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ কন্যা ডগ্গুৱতী পুৰন্দেশ্বৰী অন্ধ্ৰপ্ৰদেশৰ এগৰাকী বিজেপি নেত্ৰী।

শপত গ্ৰহণৰ পিছত আজি ইটালীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ শপত গ্ৰহণ কৰাৰ পিছত আজি ইটালীলৈ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ’ব। তাত তেওঁ গ্ৰুপ অৱ চেভেন (জি৭)ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে মোদীক আমন্ত্ৰণ জনাইছে। সেই মৰ্মে মোদীয়ে ১৩ আৰু ১৪ জুনত জি-৭ৰ বৈঠক উপস্থিত থকাৰ কথা। ১৩ জুনত তেওঁ ৰোমলৈ উৰা মাৰিব। ১৫ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশলৈ উভতি অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনী বিজয়ৰ বাবে অভিনন্দন জনোৱা বিদেশৰ বহু নেতা-নেত্ত্ৰীৰ ভিতৰত আছিল মেল’নীও। মেল’নীয়ে ইটালী আৰু ভাৰতৰ মাজত সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আস্থা প্ৰকাশ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা দৃঢ় বন্ধনৰ বিষয়তো তেওঁ আলোকপাত কৰিছে। ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ বুলি কৈছিল। জি ৭ৰ বৈঠকত সাতখন সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ লগতে ইউৰোপীয় সংঘক প্ৰতিনিধিত্ব কৰা ইউৰোপীয় পৰিষদৰ সভাপতি আৰু ইউৰোপীয় আয়োগৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ফ্ৰান্সৰ ইমানুৱেল মেক্ৰন, জাপানৰ ফুমিঅ’ কিছিছা, আৰু জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্ব’লজে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে দক্ষিণ পুগলিয়া অঞ্চলত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিনয় কোৱাট্ৰা আৰু এন এছ এ অজিত ডোভালকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব। ইটালী ভ্ৰমণ সমাপ্ত কৰাৰ পিছত মোদীয়ে নেপাল ভ্ৰমণ কৰিব পাৰে।ইউৰোপীয় সংঘৰ অংশগ্ৰহণেৰে ইটালী, কানাডা, ফ্ৰান্স, জাৰ্মানী, জাপান, ব্ৰিটেইন, আৰু আমেৰিকাই জি৭ৰ বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ উপৰি ইটালীয়ে আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১১খন উন্নয়নশীল দেশৰ নেতাক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

‘যোগ’ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে, শ্বেয়াৰ কৰিলে ভিডিঅ’…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ প্ৰশান্ত মনেৰে আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিব পাৰো। আগন্তুক যোগ দিৱসৰ উপলক্ষে মোদীয়ে বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ’ৰ এটা ছেট শ্বেয়াৰ কৰে। ‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ পৰা দহ দিনৰ ভিতৰত বিশ্বই একতা আৰু সম্প্ৰীতি উদযাপন কৰা এক কালজয়ী প্ৰথা হিচাপে ‘দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰিব। ‘যোগ’-য়ে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে আৰু সামগ্ৰিক কল্যাণৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সমাৱেশিত কৰিছে।”

“আমি এই বছৰৰ যোগ দিৱসৰ কাষ চাপি অহাৰ লগে লগে যোগ-ক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে আনকো এনে কৰাৰ বাবে উৎসাহিত কৰাটো অপৰিহাৰ্য হ’ব। ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানবোৰ শান্ত আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।” “যোগ দিৱস ওচৰ চাপি অহাৰ মুহূৰ্তত মই ভিডিঅ’ৰ এটা ছেট শ্বেয়াৰ কৰিছো, ই বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভ সম্প্ৰকীয় ব্যাখা প্ৰদান কৰিব। মই আশা কৰোঁ যে এই ভিডিঅই আপোনালোক সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব।”

দৰঙৰ জিলা আয়ুক্তৰ তৎপৰতা, তৃতীয় লিংগৰ সদস্যলৈ ভোটাৰ, আধাৰ, আত্মসহায়ক গোট গঠন, দক্ষতাৰ প্ৰশিক্ষণ

দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ সদস্যক আজি জিলা দুৰ্যোগ-প্ৰশমন বিভাগে এক বিশেষ প্ৰশিক্ষণ আগবঢ়ায়। সময়ে সময়ে অহা দুৰ্যোগ বিশেষকৈ বানপানী, ধুমুহা আদিৰ সময়ত কিদৰে নিজৰ লগতে আন দহজনকো উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰিব পাৰি এইলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মঙলদৈ ইউথ ক্লাৱত অনুস্হিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সহ তৃতীয় লিংগ কল্যান সমিতিৰ উপাধ্যক্ষা ৰীতুপৰ্ণা, আয়ুক্ত গোপাল শৰ্মা, দুৰ্যোগ প্ৰশমনৰ জিলা বিষয়া জগদীশ ভট্টচাৰ্য, জিলা নিয়ন্ত্ৰক পীনামণি বৰুৱা, পলাশ বৰুৱা সহ কেবাগৰাকীও বিষয়াই এই বিশেষ প্ৰশিক্ষণত অংশ লয়।

তৃতীয় লিংগৰ নাগৰিক সকলক এনেদৰে দুৰ্যোগ প্ৰশমন বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা দৰঙেই হৈছে ৰাজ্যৰ প্ৰথম খন জিলা।প্ৰশিক্ষণ কাৰ্যসূচীত অংশলৈ দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সদৰি কৰা অনুসৰি, দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ নাগৰিকক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউন্ট আনকি আত্মসহায়ক গোটো গঠন কৰি দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। আগন্তুক দিনত দৰঙৰ তৃতীয় লিংগৰ সদস্য সকলে ভূমি পট্টা আৰু ৰেচন কাৰ্ডৰ লগতে অৰুণোদয়ৰ দৰে আঁচনিও লাভ কৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে।

ৰেচন কাৰ্ড লাভ কৰাৰ লগে লগে আয়ুষ্মান কাৰ্ড সহ ৰাজহুৱা যোগান ব্যৱস্হাৰ সকলো সুবিধা লাভ কৰাটো নিশ্চিত। তৃতীয় লিংগৰ লোকসকলক দীৰ্ঘদিনে সমাজৰে অভিন্ন অংগ অথবা নাগৰিক হিচাবে গণ্য নকৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এগৰাকী আমোলাই দেখুওৱা এনে পদক্ষেপ প্ৰশংসনীয় বিবেচিত হৈছে।

অম্বুবাচী মেলা উপলক্ষে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰে কামৰূপ (ম) জিলা প্ৰশাসনৰ বৈঠক

অহা ২২ জুনৰ পৰা মহানগৰীৰ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা উপলক্ষে আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াৰ সভপতিত্বত অম্বুবাচী মেলাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে এখন বৈঠক অনুস্থিত হয় ।

অম্বুবাচী মেলাত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে নিজৰ ইচ্ছা অনুসৰি যিকোনো স্থানত খাদ্য অথবা খোৱা-পানী যোগান ধৰিব নোৱাৰিব বুলি বৈঠকত স্পষ্ট কৰি দিয়া হয় । জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে নিৰ্দিষ্ট স্থানত সংশ্লিষ্ট অনুষ্ঠান -প্ৰতিষ্ঠানসমূহে তেনে ব্যৱস্হা কৰিব পাৰিব বুলি অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে । তদুপৰি নিৰ্ধাৰিত প্ৰত্যেক স্থানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া -কৰ্মচাৰী উপস্হিত থাকিব ।

অম্বুবাচীৰ সময়ত একাংশ ভক্তই মহানগৰীৰ বশিষ্ঠ মন্দিৰত আশ্ৰয় লোৱাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা বশিষ্ঠ মন্দিৰ কৰ্তৃপক্ষয়ো সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক বিনামূলীয়া খাদ্য আৰু খোৱা পানীৰ যোগানৰ বাবে অনুৰোধ জনোৱাৰ কথা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰি কৰে । উল্লেখযোগ্য যে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত শক্তিপীঠ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত অম্বুবাচী মেলালৈ আগমন ঘটা অগণন ভক্তক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিনামূলীয়াকৈ খাদ্য আৰু খোৱা পানীৰ যোগান ধৰাৰ এক পৰম্পৰা অব্যাহত আছে। ইপিনে, আগন্তুক অম্বুবাচী মেলাত খোজকাঢ়ি যোৱা ভক্তক ডিছপ’জেবল চেন্দেল ( Disposable chappal ) যোগান ধৰিব বিচৰা ইচ্ছুক অনুষ্ঠান বা ব্যক্তিবিশেষক জিলা প্ৰশাসনে আদৰণী জনাব বুলি আজিৰ বৈঠকতে অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়ে ।