Home Blog Page 752

মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ

দেওবাৰে মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ, সন্ধিয়া ৭.১৫ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান

মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ । দেওবাৰে সন্ধিয়া ৭.১৫ বজাত শপত গ্ৰহণ। ৰাষ্ট্ৰপতিয়ে পাঠ কৰাব শপত বাক্য
উপস্থিত থাকিব বহু কেইখন বিদেশী ৰাষ্ট্ৰপ্ৰধান
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমাসিংঘে।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু।
ছিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমদ আফিফ।
মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জুগনাথ।
তাজ পেলেচ, অবেৰয়, লালী পেলেচ, ITC মৌৰ্য।

ভূটানৰ ৰজা জেগমে খেচৰ নামগিয়াল ৱাংচুক।
বিভিন্ন ধৰ্মৰ প্ৰায় ৫০ গৰাকী ধৰ্মগুৰু।
পদ্ম বঁটা প্ৰাপকক আমন্ত্ৰণ।
অৰ্ধসামৰিক বাহিনীৰ ৫টা কোম্পানী।

ফটো তুলিবলৈ যোৱাটোৱেই কাল হ’ল

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত দুই ছাত্ৰৰ কালি বৰ্হি ৰাজ্য নগালেণ্ডত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই সমগ্ৰ টীয়কতে এক শোকাৱহ পৰিবেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মহাবিদ্যালয়ৰ পৰা বাহিৰে বাহিৰেই বন্ধুৰ সৈতে ফটো তুলিবলৈ বন্ধুৰ স্কুটিৰে নগালেণ্ড পাইছিলগৈ। ফটো তুলি ঘূৰি আহোঁতে নগালেণ্ডৰ মোককচোং জিলাৰ মাকলোম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS 04 AB 9974 নম্বৰৰ স্কুটি সহ দুই যুৱক প্ৰায় ২০০ ফুট তলত পাহাৰৰ খাৱৈত পৰি থিতাতে দুই ছাত্ৰৰ মৃত্যু হয়।


দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰদ্বয় হৈছে শিৱসাগৰ জিলাৰ জাঁজী গড়মূৰ ব্ৰাহ্মিণ গাঁৱৰ আকাশ গোৱালা আৰু টীয়কৰ তামূলীছিগাৰ চাপৰি গাঁৱৰ দ্বীপজ্যোতি গগৈ। পুত্ৰক হেৰুৱাই অস্থিৰ হৈ পৰিছে দ্বীপজ্যোতিৰ পিতৃ সুৰেন গগৈ আৰু মাতৃ মীৰা গগৈৰ লগতে আত্মীয় স্বজন।ইতিমধ্যে নগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি টীয়ক আৰক্ষীকৰ সৈতে যোগাযোগ কৰিছে আৰু পৰিয়ালৰ লোক ইতিমধ্যে মৃতদেহ আনিবলৈ ৰাওনা হৈছে।আজি সমগ্ৰ পৰিবেশ শোকাকুল হৈ পৰিছে, এজন উদিয়মান ফটোগ্ৰাফাৰ হেৰুৱাই শোকত ভাঙি পৰিছে তেওঁৰ সহপাঠী, লগতে বন্ধুসকল।

সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা, পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা, পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান। সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতি আৰু মৰাণ জাতীয় মহিলা পৰিষদ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত দুয়োখন আঞ্চলিক সমিতিৰ কেওখন শাখা সমিতিৰ সহযোগত বৰডুমচাৰ গৰীয়সী জেষ্ঠ মাধ্যমিক বিদ্যালয়ত২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমাণ ছাত্ৰ ছাত্ৰী সকলৰ বাবে অভিনন্দন আৰু ব্যক্তিত্ব বিকাশৰ অনুষ্ঠান আয়োজন কৰা হয় ।

মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিৰাক পদ্মনাথ গোঁহাইবৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ, অসমীয়া বিভাগৰ প্ৰবক্তা লক্ষি প্ৰসাদ দিহিঙ্গীয়া আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্ত। লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ওপৰিও সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপৰিও গৰীয়সী জেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী সকলৰ লগতে

মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভ

মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ আনুষ্ঠানিক পাঠদানৰ শুভাৰম্ভ অনুষ্ঠানত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী : “আউনীআটী বিশ্ববিদ্যালয়ে ছাত্র-ছাত্ৰীক একাডেমিক শিক্ষাৰ লগতে আধ্যাত্মিক চিন্তাও দিবলৈ যত্ন কৰিব”

আগন্তুক ১১ জুনৰ পৰা বিশ্ববিদ্যালয়ৰ চলিত শিক্ষা বৰ্ষৰ স্নাতকোত্তৰ, গৱেষণা, স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা ঘোষণা সমাজৰ চলি থকা সোঁতৰ বিপৰীতে কেৱল নিজস্ব ভাৱে আউনীআটী বিশ্ববিদ্যালয় আগবাঢ়িব নোৱাৰে। আউনীআটী বিশ্ববিদ্যালয়েও একাডেমিত শিক্ষা প্ৰদান কৰিব। কিন্তু সু-উচ্চ ডিগ্ৰী দিয়াৰ সমান্তৰালভাৱে আউনীআটী বিশ্ববিদ্যালয়ে এজন ছাত্ৰক এগৰাকী অন্তৰ্নিস্থ মানুহ গঢ়াত গুৰুত্ব দিব যি আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা ওলাই গৈ এখন সুন্দৰ প্ৰকৃত ঘৰ গঢ়াত, সুন্দৰ সমাজ তৈয়াৰ কৰাৰ কামত নিয়োজিত হব পাৰে আৰু সেই লক্ষ্য আৰু উদ্দেশ্য লৈয়েই আউনীআটী বিশ্ববিদ্যালয় আগবাঢ়িব। আজি আউনীআটী বিশ্ববিদ্যালয়ৰ মাজুলী আউনীআটী সত্ৰ অধ্যয়ন কেন্দ্ৰৰ পৰিৱেশ্য কলাৰ ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ গায়ন শৈলী, বায়ন আৰু নৃত্য শৈলীৰ পাঠদানৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়। মাজুলী আউনীআটী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত ভাষণ ৰাখি তেওঁ আৰু কয় যে আউনীআটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যি বিষয়তেই অধ্যয়ন নকৰক কিয় প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ মূল্যবোধৰ শিক্ষাৰ আধাৰত তৈয়াৰ কৰা বাধ্যতামূলক এটা বিষয় অধ্যয়ন কৰিবই লাগিব বুলি উল্লেখ কৰে। কিয়নো বৰ্তমান সময়ত সু উচ্চ ডিগ্ৰী লাভ কৰিছে, ব্যক্তিয়ে কৰ্মৰো সন্ধান পাইছে, প্ৰতিষ্ঠিত ব্যক্তি হৈছে কিন্তু তাৰ পিছতো সেই উচ্চ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আতৰি গৈ কোনো কৰ্তব্যত ব্ৰতী হৈছে। বিশ্ববিদ্যালয় বা বাকী শিক্ষানুষ্ঠানে উচ্চ ডিগ্ৰী প্ৰদান কৰিছে ঠিকেই কিন্তু তাৰ পিছতো সেই শিক্ষানুষ্ঠানৰ পৰা ওলাই যোৱাৰ পিছত যদি তাত অধ্যয়ন কৰা লোক বিপথে যায় তেনে ক্ষেত্ৰত সেই শিক্ষানুষ্ঠান খনৰো একপ্ৰকাৰে সাৰ্থকতা নোহোৱাৰ দৰেই হয় বুলি তেওঁ উল্লেখ কৰে।


তেওঁ কয় যে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ তথা লাগতিয়াল সম্পদ ধৰ্মৰ প্ৰতি থকা যথোপযুক্ত শ্ৰদ্ধা আৰু আধ্যাত্মিক চিন্তাক মস্তিষ্কৰে নহয় অন্তৰেহে যিহেতু ধৰি ৰাখিব পাৰি
গতিকে আউনীআটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীকো মন মগজু হৃদয়ত ক্ৰিয়া কৰাকৈ একাডেমিক শিক্ষাৰ লগতে আধ্যাত্মিক চিন্তাও দিবলৈ যত্ন কৰিম বুলি উল্লেখ কৰে। আধ্যাত্মিক শিক্ষাৰ অবিহনে মানুহ আঢ্যৱন্ত হব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে। আচাৰ্য তথা সত্ৰাধিকাৰ গৰাকীয়ে ভাষণ প্ৰসংগ কয় যে
আউনীআটী বিশ্ববিদ্যালয় খন স্থবিৰ নহয় এখন গতিশীল বিশ্ববিদ্যালয় হ’ব। মাজুলীৰ উপৰিও অসম বিভিন্ন প্ৰান্তত এই বিশ্ববিদ্যালয়ৰ শাখা স্থাপনৰ ইতিমধ্যে যো-জা অব্যাহত আছে। উত্তৰ গুৱাহাটীত শাৰীৰিক শিক্ষা বিভাগ স্থাপনৰ প্ৰক্ৰিয়া লোৱা হৈছে। ডিব্ৰুগড়ত টি’ প্ৰডাকচন এণ্ড মেনেজমেণ্ট স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে মৰাণটো বয়ন তথা চিত্ৰ শিল্পৰ চাৰ্টিফিকেট পাঠ্যক্ৰম খোলাৰ চেষ্টা কৰা হৈছে।

বৰ্তমানে এনেদৰেই বিশ্ববিদ্যালয় খনে গতিশীলতা লাভ কৰি আগন্তুক ১১ জুনৰ পৰা বিশ্ববিদ্যালয়ৰ বিশেষকৈ অসমীয়া, সমাজশাস্ত্ৰ পৰিৱেশ্য কলা আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ, Humanities আৰু Social Sciences ( Interdisciplinary )ৰ পিএইছডি পাঠ্যক্ৰম আৰু টী এগ্ৰ’ এণ্ড মেনেজমেণ্ট আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়াও আৰম্ভ হ’ব বুলিও সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে। সত্ৰাধিকাৰ তথা আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামী , ডেকাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰথমে অধ্যয়ন কেন্দ্ৰৰ সমল ব্যক্তি সকলে ‘মধু দানৱ দাৰণ দেৱ বৰং….’টোটয় পৰিৱেশন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে কয় যে সত্ৰৰ সত্ৰীয়া পৰম্পৰাৰ এটা মিছনেৰী শিক্ষা হব লাগে আৰু এই শিক্ষা আৰম্ভ কৰিব পাৰিব আউনীআটী সত্ৰইহে। শেহতীয়াকৈ আউনীআটী সত্ৰই আধ্যাত্মিকতাৰ লগত বৌদ্ধিকতাক প্ৰধান্য দি সমাজৰ ব্যৱহাৰ যোগ্য নাগৰিক তৈয়াৰ কৰাৰ কাৰ্য্যৰ যি মিছন লৈছে সেই মিছন সফল হোৱাৰ ক্ষেত্ৰত তেওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে সকলোৰে পৰা সহযোগিতা কামনা কৰে। অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° প্ৰকাশ জ্যোতি বৰঠাকুৰে কয় যে আউনীআটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যাৱতীয় সকলো অনুমতি লাভ কৰাৰ লগতে শেহতীয়াকৈ অনুদান আয়োগে প্ৰায়বোৰ ডিগ্ৰী, ডিপ্লমা, চাৰ্টিফিকেট পাঠ্যক্ৰমটো অনুমোদন জনাইছে। সেই অনুসৰি আগন্তুক ১১ জুনৰ পৰা বিশেষকৈ বিশ্ববিদ্যালয়ৰ টীয়ক কলিয়াপানী স্থিত মূল চৌহদৰ বাবে আউনীআটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত আনুষ্ঠানিকভাৱে সপোনৰ বিশ্ববিদ্যালয় খনৰ চলিত শৈক্ষিক বৰ্ষৰ অসমীয়া, সমাজশাস্ত্ৰ পৰিৱেশ্য কলা আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ, Humanities আৰু Social Sciences ( Interdisciplinary )ৰ পিএইছডি পাঠ্যক্ৰম আৰু টী এগ্ৰ’ এণ্ড মেনেজমেণ্ট আৰু শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ নামভৰ্তিৰ অনলাইন প্ৰক্ৰিয়াও আৰম্ভ হ’ব বুলি উল্লেখ কৰে। আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য কাৰ্যালয়ৰ সচিব তুলসী ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া উপস্থিত থাকি বক্তব্য ৰাখে। আউনীআটী সত্ৰৰ ডেকাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, লোহিত বৰা, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জিতেন ডেকা, মুনিন্দ্ৰ ভূঞাকে ধৰি বহুকেইখন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিৰ পিছতেই আনুষ্ঠানিক ভাৱে শ্ৰেণী কোঠাত পৰিৱেশ্য কলাৰ অধ্যয়ন কেন্দ্ৰৰ সমলৰ ব্যক্তি ক্ৰমে মুহিকান্ত বৰা বৰবায়ন, গোলাপ বৰুৱা বৰবায়ন, গোৱিন বৰা ওজা, ৰঞ্জিত কুমাৰ ভূঞা আৰু ইন্দ্ৰেশ্বৰ নাথে পৰিৱেশ্য কলাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান আগবঢ়ায়। পাঠদানৰ প্ৰাক মুহূৰ্তত শ্ৰেণী কোঠাতে গৈ বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱ গোস্বামী, উপাচাৰ্য ড° ডম্বৰুধৰ নাথ, পঞ্জীয়ন প্ৰকাশ জ্যোতি বৰঠাকুৰ আৰু মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

তেজপুৰত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱস


ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় শিল্পী ,গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোৰ বিয়লি পুৰোধা শিল্পী গৰাকীৰ তেজপুৰৰ স্মৃতি বিজড়িত ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত শিল্পী গৰাকীৰ সৃষ্টি ৰাজিৰ বিশ্লেষণ ,জীৱনাদৰ্শৰ আলোকপাত আৰু শিল্পী গৰাকীৰ কালজয়ী গীত আৰু গীত আধাৰত দৃষ্টিনন্দন নৃত্যৰে মুখৰিত হৈ পৰে ।উল্লেখ্য যে ,পাৰ্বতি প্ৰসাদ বৰুৱাৰ সৃষ্টি ৰাজিৰ লগতে অসমৰ হেৰাই যাবলৈ ধৰা আন শিল্পীৰ সোণসেৰীয়া গীত সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ অৰ্থে বিগত সময়ত বিশেষ পদক্ষেপ গ্ৰহন কৰি অহা শিৱসাগৰৰ সামাজিক -সংস্কৃতিক অনুষ্ঠান “জোনাকী বাট “ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ তেজপুৰৰ জ্যোতি ভাৰতীৰ সহযোগত আজি বিয়লিৰ পৰা জ্যোতি ভাৰতী অৰ্থাৎ “পকী “ৰ ৰূপকোঁৱৰ মঞ্চত অনুষ্ঠিত হয় পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৬০ সংখ্যক স্মৃতিদিৱসৰ গীতে মাতে এক বিশেষ অনুষ্ঠান ।জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনে আঁত ধৰা আৰু আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট কন্ঠশিল্পী ,অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ।

নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰা বিশিষ্ট গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে “জোনাকী বাট “শীৰ্ষক অনুষ্ঠানৰ সভানেত্ৰী প্ৰণতি বৰুৱাই ।সভানেত্ৰী বৰুৱাই কায়িক ভাবে পাৰ্বতি প্ৰসাদ বৰুৱাৰ সান্নিধ্য লাভ কৰা নাছিল যদিও তেওঁৰ সুযোগ্য শিল্পী পুত্ৰ প্ৰণৱীৰাম বৰুৱাৰ জৰিয়তে শিল্পী গৰাকীৰ সত্বাৰ সৈতে পৰিচয় লাভ কৰাৰ পিছৰ পৰাই তেওঁৰ কালজয়ী সৃষ্টি ৰাজি উত্তৰ প্ৰজন্মৰ পাথেয় কৰি তোলাৰ মানসেৰে সেই সৃষ্টি সমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ প্ৰসংগ উত্থাপন কৰি তেওঁৰ স্মৃতি জড়িত হৈ থকা পকীত এইবাৰৰ অনুষ্ঠান আয়োজন কৰিবলৈ পাই ধন্য হোৱাৰ কথা সদৰি কৰে ।আনহাতে অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰা প্ৰখ্যাত গীতিকাৰ -সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই শিল্পী গৰাকীৰ স্মৃতিচাৰণ কৰি কয় -তেওঁৰ প্ৰতিটো গীতত গ্ৰাম্য জীৱনৰ প্ৰতিটো দিশ পৰিস্ফুট হৈ পৰিছিল ।গীত সমূহত থলুৱা শব্দৰ সমাহাৰ ঘটাই অসমীয়া চহকী ভাষাৰ চিনাকি দিবলৈ সক্ষম হৈছিল ।তেঁওলোকে ৰচনা কৰা সমূহ গীত আছিল আৰু আজি গীতৰ সলনি সৃষ্টি হৈছে গানৰ ।গীত আৰু গানৰ পাৰ্থক্য দাঙি ধৰি বংকিম শৰ্মাই আজিৰ প্ৰজন্মই গীততকৈ গানকহে অধিক প্ৰাধান্য দিয়াৰ বাবে মাধুৰ্য্যতা হেৰুৱাই পেলাইছে বুলি আক্ষেপৰে মন্তব্য কৰে ।ড০ ভূপেন হাজৰিকাৰ পৰা লোকনাথ গোস্বামী ,দুৰ্গাময়ী বৰালৈকে অনেক কন্ঠশিল্পীয়ে তেওঁৰ গীত সমূহত কন্ঠদান কৰি গৈছে বুলি কৈ অসমৰ প্ৰথমখন বোলছবি “জয়মতী “,দ্বিতীয় বোলছবি “ইন্দ্ৰ মালতী “ৰ পৰা “মনোমতী “,”ৰূপহী “আদি বোলছবিৰ গীতৰ কাম পাৰ্বতি প্ৰসাদ বৰুৱাই কৰি গৈছে বুলি কৈ ইয়াৰ ইতিহাস সংৰক্ষণৰ পদক্ষেপ এক প্ৰশংসনীয় পদক্ষেপ বুলি মন্তব্য কৰে ।

আনহাতে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিধায়ক পৃথ্বিৰাজ ৰাভাই যিসকল বৰেণ্য অসমীয়াই অসমীয়া ভাষা -সাহিত্য -সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি গৈছে সেই সকল শিল্পীৰ সৃষ্টি ৰাজি সংৰক্ষণৰ বাবে অসমীয়া লোকেই আগবাঢ়ি আহিব লাগিব বুলি কৈ “জোনাকী বাট”ৰ এনে প্ৰয়াসৰ শলাগ লয় ।পৃথ্বিৰাজ ৰাভাই পাৰ্বতি প্ৰসাদ বৰুৱাৰ “জোনাকী মেল”ত বিষ্ণুপ্ৰসাদ ৰাভাইও এসময়ত অংশ গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰে ।আনহাতে অনুষ্ঠানটিত ৰূপকোঁৱৰৰ বোৱাৰী অঞ্জলি আগৰৱালা ,ৰূপকোঁৱৰৰ পৰিয়ালৰ প্ৰাণজিৎ আগৰৱালাইও পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতিচাৰণ কৰাৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই স্মৃতিচাৰণ কৰি ২০১৯ চনৰ পৰা অসম চৰকাৰে পাৰ্বতি প্ৰসাদ বৰুৱাৰ সোঁৱৰণত বঁটা প্ৰদান কৰা প্ৰথমটো অনুষ্ঠানত নিজে উপস্থিত থকাৰ স্মৃতি উল্লেখ কৰি প্ৰথম বঁটা প্ৰাপক গীতিকাৰ ইদ্ৰিছ আলিয়ে ভাষণত উল্লেখ কৰা অসমৰ তিনিগৰাকী প্ৰসাদৰ প্ৰসাদেৰে অসমীয়া শিল্পকলা ক্ষেত্ৰখন সদায় চহকী কৰি থৈ গৈছে বুলি কৈ জ্যোতি প্ৰসাদ ,বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতি প্ৰসাদৰ প্ৰসংগৰ পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ সৃষ্টিত অসমীয়া জাতি সত্বা নিহিত হৈ আছে বুলি মন্তব্য কৰে ।আনহাতে অসম সাহিত্য সভাই ১৯৮১ চনত পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৰচনা সমগ্ৰ প্ৰকাশ কৰাৰ পিছত ১৯৮৯ আৰু ২০১২ চনলৈকে তৃতীয় সংস্কৰণ প্ৰকাশ কৰে বুলি মন্তব্য কৰে ।উল্লেখ্য যে পাৰ্বতি প্ৰসাদ বৰুৱাৰ নাতিনী জয়তী দাস আৰু জয়ী দাসৰ লগতে “জোনাকী বাট”ৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থকা গীত মাতৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ লগতে যোৰহাটৰ ৰঞ্জন দত্ত ,গুৱাহাটীৰ ইন্দ্ৰানী গগৈ ,শিৱসাগৰৰ সুৰুজ পাটিৰি ,জয়ামণি ভৰালী ,প্ৰণতি বৰুৱা ,গুৱাহাটীৰ বিশিষ্ট শিল্পী আলেখ্য চক্ৰৱৰ্তী ,তেজপুৰৰ আলিম্পন চৌধুৰী ,জোনমণি বৰা ,প্ৰণৱ চন্দ্ৰ লহকৰ ,লক্ষীমপুৰৰ দীপা দাস হাজৰিকা ,তেজপুৰৰ বিউতি বৰা ,দিব্যাংশী কলিতা ,বীণাপাণি দেৱী ,ভাৱনা শইকীয়াই পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত পৰিবেশন কৰাৰ লগতে তেজপুৰৰ দক্ষ নৃত্যশিল্পী প্ৰেৰণা বৈশ্যৰ পৰিচালনাত পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ আধাৰত নৃত্যৰে আজিৰ এই অনুষ্ঠানটি জীপাল হৈ পৰে ।

মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো দেশৰ বহু নেতা-নেত্ৰী

নৰেন্দ্ৰ মোদীয়েই হ’ব দেশৰ প্ৰধানমন্ত্ৰী। এনডিএৰ মিত্ৰ দলসমূহে পূৰ্ণ সমৰ্থন বাহাল ৰখাৰ পিছতে মোদীয়ে ৮ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে শপতগ্ৰহণৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পূৰ্বৰ দৰেই মোদীৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি ভাৰতৰ কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনাব পাৰে বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া বিদেশী নেতাসকলৰ ভিতৰত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে ।

ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে কৈছে যে মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । লগতে কৈছে যে বিক্ৰমসিংহেয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু মোদীক বিজয়ৰ বাবে ফোনযোগে অভিনন্দন জনাইছে ।

আনহাতে, মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতেও ফোনত বাৰ্তালাপ কৰে । লগতে তেওঁক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায় । কূটনৈতিক সূত্ৰত এই কথা প্ৰকাশ ।

ইয়াৰ উপৰি নেপালী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথক মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব । মোদীয়ে প্ৰচণ্ডৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ।

সূত্ৰ মতে, ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰসমূহ বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে মোদীৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত চাৰ্ক গ্ৰুপৰ (দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংস্থা) দেশসমূহৰ নেতাসকল উপস্থিত আছিল । সেই সময়ত তেওঁ বিজেপিৰ বাবে এক বৃহৎ নিৰ্বাচনী বিজয়েৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল ।

আনহাতে, ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিমষ্টেক দেশসমূহৰ নেতাসকল উপস্থিত আছিল ।

মৈৰাবাৰীৰ পলাহজুৰীত চুৰিকাণ্ড, চুৰে লৈ গ’ল সোণৰ আ-অলংকাৰ…

মধ্য অসমৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰীত বুধবাৰে এক চুৰিকাণ্ড সংঘটিত হৈ যায়। চুৰি কাণ্ড সংঘটিত হোৱা ঘৰৰ গৰাকীয়ে ইতিমধ্যে স্থানীয় মৈৰাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।এজাহাৰত উল্লেখ থকা অনুসৰি ৫ জুন তাৰিখে সংঘটিত চুৰি কাণ্ডত নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ২ নং গায়ন গাৱৰ মকবুল ইছলামৰ পুত্ৰ ৰাব্বুল ইছলাম প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে।প্ৰাপ্ত খবৰ অনুসৰি উক্ত ৰাব্বুল ইছলামে ৫ জুন তাৰিখ ৰাতি পলাহজুৰীৰ কেৰামত আলীৰ ঘৰত দুজন লগৰীয়াৰ সৈতে ঘৰৰ বেৰ কাটি প্ৰৱেশ কৰি চাফাই অভিযান চলাই।

মাজ নিশা ঘৰৰ গৰাকীৰ ঘোৰ নিদ্ৰাৰ সুযোগত চুৰে অতি সহজে গৰাকীৰ দুটা অপো মোবাইল,সোনৰ কান ফুলি এযোৰ,ৰূপৰ আঙুটি,আপাচি মটৰ চাইকেল এখন, প্ৰয়োজনীয় নথি পত্ৰ আৰু নগদ ২৪৮০০ টকা লৈ উধাও হয়।মন কৰিবলগীয়া এয়া যে চোৰ বুলি অভিযুক্ত ৰাব্বুল ইছলাম এজাহাৰকাৰী এছমিনা খাতুনৰ সম্পৰ্কত আপোন ভাই। ক’বলৈ গ’লে নিজ বাইদেউৰ ঘৰত আহি চুৰি কাণ্ড সংঘটিত কৰিলে নিজা আপোন ভাইটিয়ে যাক লৈ উক্ত অঞ্চলটোত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

NEET পৰীক্ষাত অসম ব্ৰীলিয়েন্ট একাডেমীৰ এক বৃহৎ সাফল্য…

নামনি অসমৰ এক আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বৰপেটাৰোডৰ জ্যোতিনগৰস্থিত অসম ব্ৰিলিয়াণ্ট একাডেমীৰ পৰা যোৱা ৪ জুনত ঘোষণা হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ NEET (National Eligibility cum Entrance Test) পৰীক্ষাত প্ৰায় ১৯ জনকৈ ছাত্ৰ-ছাত্ৰী সুখ্যাৰ্তিৰে উৰ্ত্তীণ হবলৈ সক্ষম হৈছে

ইয়াৰ জৰিয়তে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত কোনোবাই AIIMS বা আন কোনো ৰাজ্যিক পৰ্যায়ৰ মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে বুলি জানিব দিয়ে।

ফলাফলসমূহ এনেধৰণৰ লাভ কৰিবলৈ সক্ষম হৈছে

Samima Nasrin 671
Sourav Basak 670
Debargha Das 661
Masuma Khanam 609
Almina Khatun 607
Swarup Saha 607
Chayanika Medhi 603
Prasanta Daimary 600
Smritikana Saha 595
Sahanur Ahmed 588
Luicina Hussain 583
Rakhi Pathak 573
Jina Das 572
Diya Ghosh 570
Suhana Ahmed 539
Shahil Khan 535
Ritam Jyoti Deka 507
Tanushri Mitra 426
Prakash Brahma 417

অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলে ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হব বুলি জানিব দিয়ে ।

নীট পৰীক্ষাত ৫৯৬ নম্বৰ লাভেৰে উজলিল ধুবুৰীৰ দক্ষিণ কলেজ নগৰৰ জিন্না আৰিফা ছুলতানা…

ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলিল ধুবুৰীৰ দক্ষিণ কলেজ নগৰৰ ১৪ নং ৱাৰ্ডৰ জিন্না আৰিফা ছুলতানা। এই গৰাকী কৃতি ছাত্রী জিন্না আৰিফা ছুলতানা নীট (NEET)পৰীক্ষাত মুঠ ৫৯৬ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মেধাৱী ছাত্রী গৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দীৰ্ঘ দিন ধৰি একানপতিয়াকৈ অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। মুঠ ৫৯৬ নম্বৰলৈ এই বৃহৎ সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে লগতে দক্ষিণ কলেজ নগৰৰ মছজিদ কমিটীৰ সন্মানীয় ব্যক্তি সকলে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেঁওৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

উল্লেখযোগ্য যে কৃতি ছাত্রী জিন্না আৰিফা ছুলতানা আয়নাল হকৰ কন্যা। ভবিষ্যতে জিন্না আৰিফা ছুলতানাই এগৰাকী ভাল আদৰ্শৱান চিকিৎসক হোৱাৰ মন মেলিছে। উল্লেখযোগ্য যে আৰিফা ছুলতানাই আজমল চুপাৰ ৪০ ৰ পৰা নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লগতে জিন্না আৰিফা ছুলতানাই কয় যে প্ৰথমতে পঢ়া-শুনা কৰাৰ বাবে মোৰ আৰ্থিক অনাটনত বহুত অসুবিধা হৈছিল পিছত আজমল চুপাৰ ৪০ত মই বিনামূলীয়াকৈ পঢ়াশুনা কৰি বহুত সহায় পাইছোঁ সেয়েহে মৌলানা বদৰুদ্দিন আজমলক মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে জিন্না আৰিফা চুলতানাই।

এনাৰ্জি ড্ৰিংকছ খোৱাৰ আগতে ১০০ বাৰ ভাবক! চিকিৎসকে সকীয়াই দিছে, হঠাতে হাৰ্ট এটেক হ’ব পাৰে…

শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে মানুহে প্ৰায়ে এনাৰ্জি ড্ৰিংকছৰ গ্ৰহণ কৰে, কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই পানীয়বোৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। এই পানীয়বোৰত প্ৰায়ে অধিক পৰিমাণৰ চেনি আৰু কেফেইন থাকে। চিকিৎসকে কয় যে ইয়াৰ ফলত হঠাৎ হাৰ্ট এটেকৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।এনাৰ্জি ড্ৰিংকছত ট’ৰিন আৰু গুয়াৰানা আদি উপাদান থাকে, যিয়ে হৃদস্পন্দন, ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ অন্যান্য কাৰ্য্যত প্ৰভাৱ পেলোৱা বুলি বিশ্বাস কৰা হয়।


আমেৰিকান মেয়’ ক্লিনিকৰ গৱেষকসকলে হাৰ্ট এটেকৰ পৰা ৰক্ষা পোৱা ১৪৪ জন ৰোগীৰ তথ্য অধ্যয়ন কৰিছিল। ইয়াৰে ৭ জন লোকে (বয়স ২০ৰ পৰা ৪২ বছৰ) ঘটনাৰ কিছু সময়ৰ পূৰ্বে এনাৰ্জি ড্ৰিংক সেৱন কৰিছিল।

লণ্ডনৰ এক গৱেষণাৰ মতে কেফেইনে হৃদস্পন্দন বৃদ্ধি কৰে আৰু টোপনিত প্ৰভাৱ পেলায়। সামান্য পৰিমাণৰ কেফেইন প্ৰাপ্তবয়স্কৰ বাবেও উপকাৰী হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে দিনটোত ২ বা তাতকৈ অধিক কফি হৃদৰোগৰ বাবে উপকাৰী হ’ব পাৰে। কিন্তু, এনাৰ্জি ড্ৰিংকছত পোৱা পৰিমাণৰ ৰিফাইন চেনি একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত ব্লাড চুগাৰ বৃদ্ধি পায়।

লণ্ডনৰ এগৰাকী পুষ্টিবিদে এনাৰ্জি ড্ৰিংকছ এৰি তাৰ পৰিৱৰ্তে ফিজি পানী খাবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে শক্তিৰ বাবে আমি এনাৰ্জি ড্ৰিংকছৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। মই মানুহক ফিল্টাৰ কৰা পানী খাবলৈ পৰামৰ্শ দিওঁ – এইটোৱেই আচলতে আমাক শক্তি দিয়ে।