Home Blog Page 769

‘অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!’ মোদীক লক্ষ্য কৰি দিয়া টুইট ডিলিট কৰিলে কেৰালা কংগ্ৰেছে…

মোদীক লক্ষ্য কৰি দিয়া টুইট ডিলিট কৰিলে কেৰালা কংগ্ৰেছে৷ ‘অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!’ কেৰালা কংগ্ৰেছে এক্সত কৰা এই পোষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এনে প্ৰতিক্ৰিয়াৰ মাজতে কেৰালা কংগ্ৰেছে পোষ্টটো ডিলিট কৰিছে৷ ডিলিট হোৱা পোষ্টটোত প্ৰধানমন্ত্ৰী মোদী আৰু পোপৰ ফটো আছিল। মোদীয়ে পূৰ্বে কৈছিল যে তেওঁক এটা নিৰ্দিষ্ট কাৰণত ‘ভগৱানে পঠিয়াইছে’। তেওঁৰ জন্ম জৈৱিক নহয়৷ ইটালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোপ ফ্ৰান্সিছে জি ৭ সন্মিলনৰ সময়ত লগালগি হৈছিল৷ তেতিয়াই তোলা এখন ফটো পোষ্ট কৰি কেৰালা কংগ্ৰেছে লিখিছিল ‘অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!’ কিন্তু প্ৰতিক্ৰিয়া হোৱাৰ পিছতে পোষ্টটো ডিলিট কৰা হয় আৰু কেৰালা কংগ্ৰেছে পোষ্টটোৰ বাবে ক্ষমাও বিচাৰে৷ কংগ্ৰেছে পোপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োকে অপমান কৰা বুলি দাবী কৰি বিজেপিয়ে সেই টুইটটোৰ বিৰোধিতা কৰিছিল৷

কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে এক্সত লিখিছে, “উগ্ৰ ইছলামিক বা আৰ্বান নক্সালৰ দ্বাৰা পৰিচালিত যেন লগা কেৰালা কংগ্ৰেছৰ ‘এক্স’ হেণ্ডলে জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে অপমানজনক বিষয়বস্তু পোষ্ট কৰি আছে। এতিয়া, আনকি সন্মানীয় পোপকো উপহাস কৰিবলৈ এৰা নাই।” বিজেপিৰ আই টি চেলৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱিয়াই কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, কেথলিক ছোনিয়া গান্ধীৰ পৰাও ক্ষমা বিচাৰে, কংগ্ৰেছৰ আন ধৰ্মক হেয়জ্ঞান কৰাৰ ইতিহাস আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷

অৱশেষত সিদ্ধান্তঃ ৱায়ানাড এৰিব ৰাহুল গান্ধীয়ে! উপ-নিৰ্বাচনত প্ৰাৰ্থী হ’ব পাৰে প্ৰিয়ংকা…

কংগ্ৰেছৰ সুদিন পুনৰ ঘূৰি আহিছে। দুটাকৈ সমষ্টিত নিৰ্বাচন খেলি জয়ী হৈছিল ৰাহুল গান্ধী। সেয়ে এটা সমষ্টি তেওঁ এৰি দিবলগীয়া হৈছে। শেহতীয়া সিদ্ধান্তঅনুসৰি ৰাহুল গান্ধীয়ে ৱায়ানাড এৰি সংসদত ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব ৰাহুলে৷ কেৰালাৰ ৱায়ানাড আসনৰ পৰা ৰাহুলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো জয়ী হৈছিল৷ ৰাহুল গান্ধীয়ে ৱায়ানাড সমষ্টি এৰি দিয়াৰ পিচতে তাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু প্ৰিয়ংকা গান্ধীয়ে এইবাৰ নিৰ্বাচন খেলিবলৈ ওলাইছে ৱায়নাডৰ পৰা৷ সমষ্টিটোত উপ-নিৰ্বাচনত প্ৰাৰ্থী হ’ব পাৰে প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠকত ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতিৰ পদ গ্ৰহণ কৰিব নে নকৰে সেই বিষয়েও আলোচনা কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে। আলোচনাৰ সময়ত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা উপস্থিত থাকে। সূত্ৰসমূহে জনোৱা মতে, ৰাহুল গান্ধীয়ে কোনখন আসন খালী কৰিব, কোনখন আসন লগত ৰাখিব আৰু বিৰোধী দলৰ নেতাৰ পদ ল’বনে নাই সেই সন্দৰ্ভত নেতাসকলে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৰাহুল গান্ধীয়ে ৱায়নাড আৰু ৰায়বৰেলী দুয়োটা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল আৰু ৪ জুনত ওলোৱা লোকসভাৰ ফলাফলৰ ১৪ দিনৰ ভিতৰত এখন আসন খালী কৰিব লাগিব। দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কংগ্ৰেছ ৱৰ্কিং কমিটীয়েও ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলপতিৰ পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ এই সন্দৰ্ভত 8 জুনত কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ অন্তিমখন বৈঠকত এই সন্দৰ্ভত প্ৰস্তাৱ গৃহীত হৈছিল।

আমেৰিকাত সৰিয়হ তেলত ৰন্ধা-বঢ়া নিষিদ্ধ! সৰিয়হ তেলক লৈ কি সমস্যা পালে আমেৰিকাবাসীয়ে…

ভাৰতকে ধৰি এছিয়াৰ বহু দেশত সৰিয়হৰ তেল ৰন্ধন তেল হিচাপে অতি জনপ্ৰিয়। কিন্তু আমেৰিকা আৰু কেইবাখনো দেশত নিষিদ্ধ কৰা হৈছে সৰিয়হৰ তেল! আন তেলতকৈ ভাৰতকে ধৰি এছিয়াৰ দেশসমূহত সৰিয়হৰ তেলৰ চাহিদা অধিক। প্ৰতিখন ঘৰতে সৰিয়হৰ তেল থাকে। এই তেলৰ উপকাৰিতাৰ দৰেই সৰিয়হ তেলৰ সোৱাদও ৰন্ধা-বঢ়াত অতি উত্তম। কিন্তু, আপুনি জানি আচৰিত হ’ব যে পৃথিৱীৰ কিছুমান দেশ আছে, য’ত ৰন্ধা-বঢ়াত সৰিয়হৰ তেলৰ ব্যৱহাৰ নিষিদ্ধ। ইয়াৰে এখন দেশ হ’ল আমেৰিকা।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে সৰিয়হৰ তেল খাব পৰা তেল হিচাপে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। কানাডা আৰু ইউৰোপৰ কেইবাখনো দেশেও সৰিয়হৰ তেল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে দেশত সৰিয়হৰ তেল কিমান ব্যৱহাৰ কৰিব পাৰি তাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ তথ্য অনুসৰি সৰিয়হৰ তেলত ইৰুচিক এচিডৰ পৰিমাণ বেছি। ই এক ফেটি এচিড আৰু মানুহৰ বাবে স্বাস্থ্যকৰ নহয় বুলি আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে এই এচিড অতিৰিক্তভাৱে শৰীৰত প্ৰৱেশ কৰিলে বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰিব। ফলত যদি ৰন্ধা-বঢ়াত সৰিয়হৰ তেল প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়, তেন্তে সেই খাদ্যৰ হজম পলম হোৱাৰ লগতে পেটৰ বিষো হ’ব। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনেও কয় যে এই যৌগটো বৃহৎ পৰিমাণে শৰীৰত প্ৰৱেশ কৰিলে মগজুৰ ক্ষতি হ’ব পাৰে। স্মৃতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পাব পাৰে। এই এচিডে হৃদযন্ত্ৰৰ আটাইতকৈ বেছি ক্ষতি কৰে। হৃদযন্ত্ৰৰ পেশীত চৰ্বি জমা হ’লে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

আমেৰিকানসকলে সৰিয়হৰ তেলৰ ক্ষেত্ৰত যিমানেই সমস্যা নাপাওক কিয়, এই তেলৰ উপকাৰিতাও বহু আছে। ভাৰতীয় চিকিৎসকে কয় যে সৰিয়হৰ গুটিত থকা তাম, আইৰণ, মেগনেছিয়াম আৰু চেলেনিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। আনহাতে সৰিয়হৰ তেলত ওমেগা ৩ আৰু ওমেগা ৬ ফেটি এচিড থাকে।

বিশ্বৰ বজাৰলৈ অসমৰ আদা, হালধি, নেমুৰ ৰপ্তানিঃ ১০ মেট্টিক টন জৈৱিক আদা, ডুবাইলৈ প্ৰেৰণ কৰি কৃষিৰ ক্ষেত্ৰত আদৰ্শ দেখুৱাইছে মেৰাপানীৰ পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক কোম্পানীয়ে…

অসমৰ উৎপাদিত শাক পাছলিৰ লগতে জৈৱিকভাৱে উৎপাদন কৰা আদা, হালধি আৰু নেমুৰ খেতিৰ উৎপাদিত সামগ্ৰীয়ে দখল কৰিছে বিশ্বৰ কৃষিভিত্তিক বজাৰ। শেহতীয়াকৈ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত উদ্যান শস্য আৰু খাদ্য সংশোধন সঞ্চালকালয়ৰ প্ৰত্যক্ষ সহযোগত গোলাঘাট জিলাৰ মেৰাপানীৰ পদুমপথাৰ কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ২০ মেট্ৰিক টন হালধি ২০২০ চনত পোন প্ৰথমবাৰৰ বাবে ছৌদি আৰৱলৈ প্ৰেৰণ কৰাৰ পাছত যোৱা ১২ মাৰ্চত ডুবাইলৈ ৰপ্তানি কৰে ১০ মেট্ৰিক টন জৈৱিক আদা। অসমৰ কৃষি তথা উদ্যান শস্য খণ্ডৰ উত্তৰণৰ যাত্ৰাত এই পদক্ষেপে অসমৰ কৃষক সকলৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰাৰ লগতে আশাৰ বাতৰি কঢ়িয়াই আনিছে। অসমৰ আদাই ছৌদি আৰব, ডুবাইত বিশেষ বজাৰ দখল সক্ষম হোৱাৰ লগতে ইয়াৰ সমান্তৰালভাৱে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হালধি, অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা নেমুৰ ৰপ্তানিয়ে গোলাঘাট জিলাৰ মেৰাপানীৰ পদুমপথাৰ অঞ্চলৰ কেইজমান শিক্ষিত যুৱকৰ লগতে আন আন কৃষকৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰতো অসমৰ কৃষিৰ মান জিলিকাবলৈ সক্ষম হৈছে।

উল্লেখ্যযোগ্য যে অসম-নগালেণ্ড সীমাৰ অতি ভিতৰুৱা অঞ্চলটোৰ স্থানীয় ক্ষুদ্র কৃষকসকলক লগত লৈ ২০০৭ চনতে আৰম্ভ কৰিছিল পদুমপথাৰ এগ্র’ অর্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেড এক নামেৰে এটা কৃষিভিত্তিক প্রতিষ্ঠান। প্রথম অৱস্থাত ৰাজ্য চৰকাৰৰ কিছু সহায় আৰু অঞ্চলটোৰ পোন্ধৰশ কৃষকৰ সহযোগিতাৰে আৰম্ভ কৰিছিল জৈৱিক কৃষিকার্যৰ। অঞ্চলটোৰ যুৱ কৃষক অঞ্জল লিম্বুৰে নেতৃত্বত একাংশ যুৱকে প্রথমে অঞ্চলটোৰ ভূমিৰ উৰ্বৰতা আৰু জনসাধাৰণৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ৰাসায়নিক সাৰ, কীটনাশকৰ পৰিৱর্তে সম্পূর্ণ জৈৱিক পদ্ধতিৰে আৰম্ভ কৰিছিল আদা আৰু হালধিৰ খেতি। এই বিষয়ে জানিব পাৰি বহিঃৰাজ্যৰ কেইবাটাও প্রতিষ্ঠান আগবাঢ়ি আহিছিল তেওঁলোকৰ কাষলৈ। উৎপাদিত সামগ্ৰীবোৰৰ গুণাগুণ পৰীক্ষা কৰি হাৰিয়ানা, দিল্লী, পশ্চিমবংগ, হায়দ্ৰাবাদ, মুম্বাই, কলকাতা, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, চিকিম, গুজৰাট আদি ঠাইৰ উদ্যোগীসকলে এই সামগ্রীসমূহ ক্রয় কৰাৰ ইচ্ছা প্রকাশ কৰিলে আৰু তাৰ পাছৰেপৰা থমকি ৰ’বলগা হোৱা নাই পদুমপথাৰ এগ্র’ অর্গেনিক প্রডিউচাৰ কোম্পানীৰ কর্মকর্তাসকল।বহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ সহযোগত তেওঁলোকৰ উৎপাদিত আদা, হালধি যোৱা বছৰ ৰপ্তানি হ’ল ছৌদি আৰব আৰু আমেৰিকালৈ। কেৱল আদা, হালধিয়েই নহয়, এই কৃষক গোটটোবে বহিঃৰাজ্যলৈ প্রেৰণ কৰি আহিছে জৈবিকভাবে উৎপাদিত নেমু, ৰঙালাউ, অমিতা, জালুক আদি। বছৰি প্রায় ৮০০ মেট্রিক টন হালধি আৰু ৪০০ মেট্রিক টন আদা উৎপাদন কৰি কৃষক গোটটোৱে প্রতিবছৰে কেইবা কোটি টকাৰো ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। তদুপৰি চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ সৌজন্যত কৃষকসকলে বিভিন্ন সা-সুবিধা, ৰাজ্য তথা বহিঃৰাজ্যত প্রশিক্ষণ, ট্রেক্টৰ, জৈৱিক সাৰ, সামগ্রী কঢ়িওরা বাহন আদিও লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে, এই কোম্পানীটোৰে এই বছৰৰ পৰা নিজাকৈ জার্মানী, আমেৰিকা, ছৌদি আৰব, ছিংগাপুৰ আদি দেশলৈ নিজা উৎপাদিত সামগ্রী প্রেৰণ কৰাৰ বাবে প্ৰাৰম্ভিক চুক্তি সম্পাদনৰে প্রচেষ্টা অব্যাহত ৰখা বুলি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক অঞ্জল লিম্বু আৰু অন্যতম সহযোগী সঞ্জিত বিশ্বকর্মাই জানিবলৈ দিছে। আনহাতে, চৰকাৰৰ সহযোগত ইতিমধ্যে আদা আৰু হালধিৰ মেঘা-১, ৰাজেন্দ্র চনিয়া, লাখাডাং, ভোলা আদি উন্নত মানৰ বীজ লাভ কৰি দৈয়াং নদীৰ কাষৰীয়া উৰ্বৰ ভূমিত কোম্পানীটোৰ পোন্ধৰশ কৃষকে ১৫০০ হেক্টৰ ভূমিত জৈবিকভাবে আদা, হালধিৰ খেতি কৰিছে।

কৃষিৰে অৰ্থনীতি সলনি কৰিব বিছৰা পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীটোৱে নিজৰ কৃষক সকলৰ সমান্তৰালভাৱে চুবুৰীয়া অঞ্চলৰ কৃষক সকলকো জৈৱিক কৃষিৰ সন্দৰ্ভত বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি সমগ্ৰ অঞ্চলটোলৈকে এক কৃষি আন্দোলন গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। সেই অনুসৰি পদুমপথাৰ এগ্র’ প্রডিউচাৰ কোম্পানীৰ মুখ্য সঞ্চালক অঞ্জল লিম্বুৰ নেতৃত্বত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় গুৱাহাটী আৰু ছীল বায়টেক লিমিটেডৰ সহযোগত তিনিটা কৃষক গোটৰ পাঁচ শতাধিক কৃষকক যোৱা ১৪ জুনৰ পৰা ১৬ জুনলৈকে তিনিদিনীয়া জৈৱিক কৃষিৰ প্ৰশিক্ষণ প্ৰদান কৰে। যোৱা ১৪ জুনত কৃষক গোটটোৱে কাৰ্বিআংলং জিলাৰ চিলনীজান ক্লাষ্টাৰৰ পূজাবিল ক্লাৱত ১৭০ গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ সমান্তৰালভাৱে ১৫ জুনত পদুম পথাৰ জৈৱিক কৃষি উৎপাদক কোম্পানীৰ কাৰ্যালয়ত ১৭৫ জন কৃষকক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণৰ অন্তিম দিনা অৰ্থাৎ ১৬ জুন তাৰিখে চিতলমাৰী ক্লাষ্টাৰৰ অধীনত দৈমুগুৰি প্ৰাথমিক বিদ্যালয়ত ১৬৫ জন কৃষকক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা ভাৰত চৰকাৰৰ জল শক্তি বিভাগৰ অধীনস্থ NERIWLAM ৰ প্ৰাক্তন কৃষি পৰামৰ্শদাতা ড° বংশীধৰ কলিতাই।

প্ৰশিক্ষণ কাৰ্যসূচীটোত সহযোগ কৰে পদুম পথাৰ এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীৰ অধ্যক্ষ অঞ্জল লিম্বু, সঞ্চালক সঞ্জীত কুমাৰ বিশ্বকৰ্মা, সঞ্চালক প্ৰদীপ লিম্বু আৰু চি ই অ’ অবিনাশ চুব্বাই।এই প্ৰশিক্ষণৰ জৰিয়তে কৃষক সকলক জৈৱিক কৃষি কি? ইয়াৰ প্ৰয়োজনীয়তা – মাটি আৰু মানুহৰ স্বাস্থ্য ৰক্ষাত জৈৱিক কৃষি ভূমিৰ বিশদ ব্যাখ্যা আগবঢ়ায়। ৰাসায়নিক দ্ৰব্যৰ অপব্যৱহাৰে কেনেকৈ মাটি আৰু পানী দূষিত কৰে আৰু তাৰ কুপ্ৰভাৱ কেনেকৈ জীৱ বৈচিত্ৰতাৰ ওপৰত পৰে তাৰো সম্পৰ্কতো উদাহৰণসহ কৃষক সকলক বুজায়। ‘স্বাস্থ্যৱান মাটি-স্বাস্থ্যৱান জাতি’ এই বচন ফাঁকিৰ ওপৰত ভিত্তি কৰি জৈৱিক খেতিৰে কেনেকৈ মাটিৰ স্বাস্থ্য ৰক্ষাৰ কৰিব পাৰি সেই প্ৰসংগত প্ৰজেক্টৰ সহায়ত ব্যাখ্যা কৰে। ইয়াৰ উপৰিও জৈৱিক কৃষিত পঞ্চগভ্য, জীৱামৃত আৰু জৈৱিক দৰৱ প্ৰস্তুতিৰ প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে, জৈৱিক কৃষিৰ উত্তৰণৰ ক্ষেত্ৰত পদুমপথাৰ এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানীয়ে গ্ৰহণ কৰা পদক্ষেপ নিশ্চিতভাৱেই অসমৰ কৃষক সকললৈ নতুন আশাৰ ৰেঙণি কঢ়িয়াই অনাৰ লগতে কৃষিৰ জৰিয়তে পঞ্জাৱ, হাৰিয়ানাৰ কৃষকৰ দৰে স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈও সক্ষম হৈছে।

দেশৰ ৯ কোটি ২৬ লাখ কৃষকৰ বেংক একাউণ্টত আজি সোমাব PM কিষাণ নিধিৰ ধন…

দেশৰ ৯ কোটি ২৬ লাখ কৃষকৰ বেংক একাউণ্টত আজি সোমাব কিষাণ নিধিৰ ধন।

মুকলি হ’ব কৃষক পুঁজিৰ ১৭ সংখ্যক কিস্তিৰ ধন।

বাৰাণসীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুঁজি।

পুৰণিগুদাম ভেৰভেৰিৰ মহামৃত্যুঞ্জ্যই মন্দিৰত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জন্মদিন পালন, কপিলী পাৰৰ সাত কিলোমিটাৰ মাঠাউৰি নিৰ্মাণৰ কাম আৰম্ভ!

নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জই মন্দিৰত কালি অসম চৰকাৰৰ জলসম্পদ ,তথ্য জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জন্মদিন পালন কৰে তেওঁৰ অনুৰাগী সকলৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে।মন্দিৰ প্ৰাংগণত কেক কাটি জন্ম দিন উদযাপন কৰাৰ উপৰিও মন্দিৰত মন্ত্ৰীগৰাকীৰ কুশল মংগলৰ কাৰণে পূজা অৰ্চনা কৰে।বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ব্যক্তিগত সচিব ভৰতদ্বাজ পিংগল বৰুৱাৰ বিশেষ তৎপৰতাত পালন কৰা এই জন্ম দিনৰ কাৰ্য্যসূচীত বিজেপিৰ নেতা কৰ্মী, স্থানীয় লোকৰ লগতে মন্দিৰলৈ অহা ভক্ত সকলেও অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে মন্ত্ৰী গৰাকীয়ে কামপুৰৰ চাংচকীৰ কপিলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাত কিলোমিটাৰ অংশ কপিলীৰ পাৰত মাঠাউৰি নিৰ্মাণ কৰা আশ্বাস প্ৰদান কৰিছিল। কালি জন্মদিনৰ দিনটোৰ পৰাই কপিলীৰ পাৰত মাঠাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰাই কয় যে বৃহত্তৰ অঞ্চলটোৰ ভয়াবহ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে কৰ্মদক্ষ মন্ত্ৰী গৰাকীয়ে যেনেধৰণে পদক্ষেপ গ্ৰহন কৰিছে কপিলী পৰীয়া ৰাইজৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলক উৎসাহিত কৰিছে।এনেক্ষেত্ৰত মন্ত্ৰীজনৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি আজি সকলো একত্ৰিত হৈ তেওঁৰ জন্ম দিনটোত বিশ্বৰ সৰ্ববৃহৎ মহা মৃত্যুঞ্জই মন্দিৰত পূজা অৰ্চনা কৰিছো।উল্লেখযোগ্য যে নগাঁও জিলাৰ কামপুৰৰ সমীপৰ বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা বকুলগুৰি, আতিগাঁও, কপিলীকান গাঁও, বৰচুং গাঁও, গোসাঁইগাঁও, গাৰুখুন্দা, চাংচকী আদি এলেকাত কপিলীৰ গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছিল। ২০০৪ চনৰ কপিলী নদীৰ বানপানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বহু লোকৰ ঘৰ বাৰী কপিলীৰ বুকুত জাহ গৈছিল।

ইয়াৰ পিছতো প্ৰত্যেক বছৰৰ বানপানী আৰু গৰাখহনীয়াত কপিলী পৰীয়া ৰাইজৰ ঘৰ বাৰী নদীত জাহ যোৱাৰ পিছতো গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহন কৰা হোৱা নাছিল।বৰ্তমান এলেকা সমূহ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ সহযোগিতাত মন্ত্ৰী পীয়ুষ হাজৰিকাই লোৱা এই যুগান্তকাৰী পদক্ষেপত এতিয়া উৎফুল্লিত হৈ পৰিছে কপিলী পৰীয়া ৰাইজ।কপিলী পৰীয়া ৰাইজে মাঠাউৰি নিৰ্মাণৰ বাবে নদীৰ কাষৰ নিজৰ পট্ৰা মাটি এৰি দিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে।নগাঁও জিলাৰ ভয়াবহ বানৰ কৱলত পৰা এই এলেকাৰ উপৰিও জিলাখনৰ আন কেইবা ঠাইটো বান খৰাখহনীয়া সমস্যা সমাধানৰ পদক্ষেপ লোৱাৰ বাবে উৎফুল্লিত বিজেপিৰ কৰ্মকৰ্তা সকলৰ উপৰিও সাধাৰণ ৰাইজ।এনেক্ষেত্ৰত কালি জন্মদিন পালন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ কুশল মংগল কামনা কৰিবলৈ মন্দিৰ প্ৰাংগণত প্ৰায় দুই শতাধিক লোক উপস্থিত হয়হি।

বাবী ভৰালী বৰুৱালৈ যোগ ভূষণ এৱাৰ্ড…

ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু পতঞ্জলি যোগপীঠ, হৰিদ্বাৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষয়ত্ৰী বাবী ভৰালী বৰুৱালৈ অখিল ভাৰতীয় যোগ শিক্ষক মহাসংঘৰ তৰফৰ পৰা ২০২৪ বৰ্ষৰ শ্ৰী বি.কে.এচ. ইয়েংগাৰ যোগ ভূষণ এৱাৰ্ড আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচিত মুঠ ২৫ গৰাকী যোগ শিক্ষকক এই বঁটা আগবঢ়োৱা হৈছে আৰু বাবী ভৰালী বৰুৱাই হৈছে অসমৰ একমাত্ৰ মহিলা যোগ শিক্ষক।

বামুন্দীত হাতীমূৰা পাহাৰত ভূমিস্খলন, কথামপি প্ৰাণ ৰক্ষা এটি পৰিয়ালৰ…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ, পশ্চিম বংশৰ মৌজাৰ বামুন্দী গাঁৱৰ হাতীমূৰা পাহাৰত পাচঁ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত, পাহাৰৰ দাঁতিত বসবাস কৰা পৰিয়াল সমূহলৈ শংকা নমাই আনিছে। কালি ৰাতিপুৱা প্ৰায় পাচঁমান বজাত, পশ্চিম বংশৰ মৌজা সমবায় কাৰ্যালয়ৰ ওপৰত বসবাস কৰা তৰুণ কলিতাৰ ঘৰত হঠাতেই ভূমিস্খলন হৈ পাহাৰৰ মাটি বাগৰি আহি পৰিয়ালৰ লোক শুই থকা অৱস্থাতে ঘৰৰ বেৰ ভাঙি সোমাই আহে যদিও কথামপি প্ৰাণ ৰক্ষা কৰি কোঠাৰ পৰা বাহিৰত ওলাই তৰুণ কলিতা আৰু তেওঁৰ পৰিয়াল। দিন- হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া তৰুণ কলিতাৰ বাসগৃহ হাতীমূৰা পাহাৰৰ ভূমিস্খলনে তচনচ কৰাৰ পিছত থাকিবলৈ ঠাই নোহোৱা হৈছে।

ৰাতিপুৱাৰে পৰা পৰিয়ালৰ লোক আৰু ওচৰ চুবুৰীয়াৰ লোক সকলে ভূমিস্খলন মাটি আতৰাই পৰিয়ালটোক সকাহ দিৱ চেষ্টা কৰিছে যদিও, বৰষুন আহিলে পুনৰ ভূমিস্খলন হোৱাৰ সম্ভৱনা প্ৰৱল হৈ আছে। ঘটনাৰ ১২ ঘণ্টা পিছতো ,কোনো ধৰনৰ চৰকাৰী তথা প্ৰশাসনৰ বিষয়া উপস্হিত হৈ খৱৰ নোলোৱাত উত্তেজিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। আনফালে ঘটনাস্হলীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা উপস্হিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে। পৰিয়ালটোৰ ক্ষতিপূৰণৰ ব্যৱস্হা কৰিৱলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে।

বোকাখাত “বি- ডিভিজন” ফুটবলত কল্যাণপূৰ ফুটবল ক্লাৱ আৰু গেলেকী যুৱক সংঘৰ জয়…

মংগলবাৰে অনুষ্ঠিত হোৱা বোকাখাত “বি ডিভিজন” ফুটবলৰ প্ৰথমখন খেল অনুষ্ঠিত হয় গেলেকি যুৱক সংঘ আৰু ভূলুকাগুৰি ফুটবল ক্লাবৰ মাজত৷ উক্ত খেলত গেলেকি যুৱক সংঘয়ে ভূলুকাগুৰি ফুটবল ক্লাবক ৩-০ গ’লত পৰাজিত কৰে। গেলেকি যুৱক সংঘৰ হৈ খৈয়া তেৰাঙে এটা আৰু হলীৰাম কিলিঙে দুটা গ’ল কৰে। ইয়াৰ সমান্তৰালভাৱে দ্বিতীয়খন খেল অনুষ্ঠিত হয় কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ মাজত। উক্ত খেলত কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবক টাইব্ৰেকাৰ জৰিয়তে ৩-২ গ’লত পৰাজিত কৰে। কল্যাণপূৰ ক্লাবৰ হৈ ৰাকেশ শইকীয়া, ৰৌচন বাৰলা আৰু পুস্কৰ মিশ্ৰাই একোটাকৈ গ’ল কৰাৰ বিপৰীতে ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ হৈ পৰচূণ বৰা, মালং তিৰিয়ে একোটাকৈ গ’ল কৰে।

মংগলবাৰে অনুষ্ঠিত হোৱো দুয়োখন খেল পৰিচলনা কৰে ক্ৰমে- মানস জ্যোতি শইকীয়া, ধীৰেন দলে, দ্বীপৰাজ চেত্ৰী,কলিয়া মাৰদীয়ে। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা “বি ডিভিজন” ফুটবল খেলতখন উপস্থিত থাকে অসম ক্ৰীড়া বৰ্ডৰ অধ্যক্ষ আকাশ ফুকন, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক প্ৰাঞ্জল গগৈ আৰু প্ৰতিযোগিতাৰ মেচ কমিছনাৰ দ্বীপেন শইকীয়াৰ লগতে ক্ৰীড়া প্ৰেমী ধন হাজৰিকা। ১৮ জুনৰ খেল- নুমালিগড় চাহ বাগিছা ক্লাব বনাম ৰঙামাটি চাহ বাগিছা ক্লাব আৰু দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব ডলামৰা ফুটবল ক্লাব বনাম সম্পৰি ইউৎ ক্লাবৰ মাজত।

উত্তৰ পূৰ্বাঞ্চলৰ আধ্যাত্মিক নেত্ৰী ব্ৰহ্মাকুমাৰী শীলাৰ মহাপ্ৰয়াণ…

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী মণ্ডলৰ মুখ্য সঞ্চালিক ৰাজযোগিনী ব্ৰহ্মাকুমাৰী শীলাৰ আহমেদাবাদত এখন হস্পিতালত চিকিৎসাধীন অৱস্থাতে ৭৫ বছৰ বয়সত কালি পুৱা ৭.১১ বজাত পাৰ্থিৱ শৰীৰ ত্যাগ কৰি পৰমধামলৈ গতি কৰে৷ ১৯৪৯ চনত কলিকতাৰত এক সম্ভ্ৰান্ত মাৰোৱাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা ব্ৰহ্মাকুমাৰী শীলাই কলিকতাতে শিক্ষা লাভ কৰি থকা অৱস্থাতে আধ্যাত্মিক জ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ জ্ঞানৰ গভীৰতাত সোমাই পৰিল৷ ১৯৬৮ চনৰ ১জানুৱাৰীৰ দিনা শীলা ঈশ্বৰীয় সেৱাতমৰ বাবে গোটেই জীৱন সমৰ্পণ কৰি দিয়ে৷ সেৱাক জীৱনৰ শ্বাসৰূপে পোৱা বেহেনজীৰ ত্যাগ, তপস্যা আৰু দৃঢ় সংকল্পৰ বাবে অনেক বাধা-বিঘিনি পাৰ হৈ তেজপুৰত ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ শাখা খোলে ১৯৭৬ চনত৷ ১৯৭৮ চনত নিৰ্লস সাধনা আৰু অবিভ্ৰান্ত ফলস্বৰূপে অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু বাংলাদেশত ২০০ খনৰো অধিক ঈশ্বৰীয় বিদ্যালয়ৰ শাখাকেন্দ্ৰ প্ৰতিষ্ঠা কৰে৷ ৰাজযোগিনী শীলা বাইদেউৰ তত্ত্বাৱধানত প্ৰায় ৩৫০০০ ৰো অধিক ঈশ্বৰীয় পৰিয়ালটো ইমান নিখুঁ‌ত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত হৈছে যে ইয়াত মূলতে শীলা বাইদেউৰ প্ৰশংসনীয় মাতৃবতৰ পালনা৷


সংগঠন শক্তিত অদ্বিতীয়া জননীস্বৰূপা দূৰদৰ্শী, সুদক্ষ প্ৰশাসিকা শীলাই জাতি, ধৰ্ম নিৰ্বিশেষে সকলো আত্মাৰ বাবে প্ৰগতিৰ বাবে নতুন নতুন পৰিকল্পনাতে সফলতা লাভ কৰি সমানত নৈতিক মূল্য আৰু মানৱীয় মূল্যবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে৷
অত্যন্ত সাহসী, নিৰ্ভীক, আধ্যাত্মিক শক্তিৰে মহিমামণ্ডিত আধ্যাত্মিক নেত্ৰীগৰাকীয়ে যোগশক্তি প্ৰকম্পনেৰে ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শিক্ষা দিওঁতে সকলো কামতে নিয়মানুৱিৰ্ততা, সময়ানুৱৰ্তিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে তদুপৰি জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত আনন্দ দিবৰ বাবে স্বৰ্গীয় উৎসৱ-পাৰ্বন, সাংস্কৃতিক অনুষ্ঠান আদি পালন কৰিছিল। মহা তপস্বীনি শিলা বাইদেৱে শান্তি, প্ৰেম, আনন্দ, ধৈৰ্য, সহনশক্তি আদিৰ দেৱী গুণৰ সমাৱেশ ঘটাই বৌদ্ধিক আৰু ভাৱআত্মক দুয়ো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি এক বৃহৎ ঈশ্বৰীয় পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হৈছিল।


ঐশ্বৰীক শক্তিৰ অধিকাৰী, দিব্যদৃষ্টিসম্পন্না ৰাজযোগিনী শীলা বাইদেউ প্ৰভুপচন্দ, লোকপছন্দ আৰু দেশ বিদেশতো পূজিতা আছিল এইগৰাকী মহান আত্মাক হেৰুৱাই ঈশ্বৰীয় পৰিয়ালটোও শোকাবিভূত হৈ পৰিছে৷ ১৮ জুন তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা দিনযোৰা কাৰ্যসূচী ৰূপনগৰৰ বিশ্বশান্তি ভৱনত আদৰণীয় বেহেনজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷ ১৯ জুন ৰাতিপুৱা অন্তিম যাত্ৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত ৰিট্ৰিত চেন্টাৰত অন্তিম সংস্কাৰ কৰা হ’ব৷