Home Blog Page 771

ৰেমালৰ আগমনঃ উদ্ধাৰ আৰু প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক, ওমানে নামকৰণ কৰা ৰেমালৰ অৰ্থ আৰবী ভাষাত বালি…

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেওবাৰে মাজনিশাৰ আশে-পাশে বাংলাদেশ আৰু সংলগ্ন পশ্চিম বংগ উপকূলৰ মাজত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ৰেমালৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষতা কৰে আৰু বিভিন্ন বিভাগৰ বহু শীৰ্ষ বিষয়াই ভাগ লয়। আইএমডিৰ মতে, দেওবাৰে মাজনিশা পশ্চিম বংগ আৰু বাংলাদেশৰ মাজত স্থলপথত প্ৰৱেশ কৰাৰ পূৰ্বেই ঘূৰ্ণীবতাহ ৰেমাল ধুমুহালৈ পৰিণত হৈ তীব্ৰতৰ হৈ পৰিব। ওমানে নামকৰণ কৰা “ৰেমাল”ৰ অৰ্থ আৰবী ভাষাত বালি।

ৰেমালৰ প্ৰভাৱত অসম আৰু মেঘালয়তো অত্যন্ত প্ৰচণ্ড বৰষুণ হ’ব পাৰে, আনহাতে মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আৰু ত্ৰিপুৰাত সোমবাৰ আৰু মঙলবাৰে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সন্মুখীন হ’ব পাৰে।তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই দেওবাৰে দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খণ্ডৰ মুঠ ৩৯৪খন বিমানৰ উৰণ বাতিল কৰা হৈছে। ৰেমালে দেওবাৰে নিশাৰে পৰা তীব্ৰ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা থকাৰ বাবে ইষ্টাৰ্ণ ৰেলৱেই হাওৰা আৰু শিয়ালদহত হেল্পলাইন নম্বৰ মুকলি কৰিছে।

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ, বিৰাট কোহলিৰ হৈ IPL ২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ শ্ৰেয়স আয়াৰৰ

আই পি এলৰ ১৭ সংস্কৰণত বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ।

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।

KKRৰ হাতত ৮ উইকেটত পৰাস্ত হয় SRH।

খিতাপ দখলৰ পিছতে বিজয় উদযাপন কৰে দলটিয়ে।

KKRৰ জয়ৰ পিছত আৱেগিক হৈ পৰে KKR স্বতাধিকাৰী স্বাহৰুখ খানৰ পৰিয়াল।

আনহতে বিৰাট কোহলিৰ হৈ IPL-২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ কৰিলে শ্ৰেয়স আয়াৰে।

ভাৰত স্কাউট আৰু গাইডৰ স্কাউট, গাইড, ৰভাৰ; ৰেঞ্জাৰক ৰাজ্য পুৰস্কাৰ বঁটা প্ৰদান…

ভাৰত স্কাউট আৰু গাইড, অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকলৰ ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই ৰাজ্যপুৰস্কাৰ বঁটা ৰাজ্যৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰৰ বাবে সৰ্বোচ্চ বঁটা। যুৱ ল’ৰা-ছোৱালীয়ে ৰাজ্যপুৰস্কাৰ পৰীক্ষা যিটো ব্যৱহাৰিকৰ লগতে তাত্ত্বিক পৰীক্ষা সম্পূৰ্ণ কৰে আৰু সফল প্ৰাৰ্থীসকলক ৰাজ্যৰ ৰাজ্যপালৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এইবাৰ ৬০ গৰাকী গাইড ২৩ গৰাকী স্কাউট ০৩ ৰ ৰভাৰ আৰু ০৬ গৰাকী ৰেঞ্জাৰে ৰাজ্যপুৰস্কাৰ বঁটা লাভ কৰে। ৩ টা উপৰাষ্ট্ৰপতি বঁটাও বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত ৰাজ্যৰ বিভান্ন জিলাৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকল উপস্থিত থাকে।

আনহতে উক্ত অনুষ্ঠানটোতে ২০১১-২০১২ আৰু ২০২১-২০২২ চনৰ বাবে বকোৰ জৱাহৰলাল নেহৰু কলেজেও লাভ কৰে বঁটা।ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠানটোত St. Mary’s Higher Secondary Schoolৰ স্কাউট, গাইড দলটিয়েও লাভ কৰে বঁটা। এই বঁটা গ্ৰহণ কৰে টেক্উইং গোহাঞিয়ে।

আজি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেডাৰসকলক বিভিন্ন বঁটা আৰু পুৰস্কাৰ প্রদান কবে ভাৰত স্কাউট এণ্ড গাইডৰ অসম প্রদেশ ষ্টেট ছিফ কমিছনাৰ এ কে হাজৰিকা, ষ্টেট কমিছনাৰ লীনা দত্ত আৰু ভাইচ প্ৰেচিডেণ্ট ৰাজেন্দ্ৰ প্ৰসাদে। আজিৰ বঁটাপ্ৰদান অনুষ্ঠানটোৰ আঁতধৰে ভাৰত স্কাউট এন্ড গাইড, অসম ৰাজ্যিক সম্পাদক অৰুণীমা দেৱীয়ে। অসমৰ বিভিন্ন স্থানৰ পৰা অহা কেডাৰসকলৰ লগতে গাইডসকলেও আজিৰ অনুষ্ঠানব শুভাবর্ধন কৰে। বিশেষকৈ শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, ধেমাজি, বকো, কামৰূপৰ বিভিন্ন বিদ্যালয়ৰ বিশেষকৈ জাতীয় বিদ্যালয়, ডনবস্ক’ স্কুল, ছেণ্টমেৰিজ স্কুলৰ পৰা অহা কেডাৰসকলে লাভ কৰে পুৰস্কাৰ।

গুৱাহাটী চেনিকুঠিস্থিত ছেণ্টমেৰিজ স্কুলৰ গাইড অনিমা এক্কা দৈমাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে গোগামুখৰ পৰা আহি গোগামুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰল অধ্যক্ষ জিতেন শইকীয়া, যোৰহাটৰ নিতুমণি শইকীয়ায়ো অংশগ্ৰহণ কৰে।

গ্ৰীষ্ম প্ৰবাহত দগ্ধ অসমঃ ৰেমালে শীতলালে ৰাজ্য…

ৰাজ্যত অব্যাহত আছে গৰমৰ তাণ্ডৱ। গুৱাহাটীত ১৯৬০ চনৰ পিছত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০.১ ডিগ্ৰী চেলছিয়াছ হৈছে। এয়া এক অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনহাতে, শুকুৰবাৰে গুৱাহাটীত তাপমাত্ৰাই ৰেকৰ্ড সৃষ্টি কৰে। শনিবাৰৰ দিনটোত গুৱাহাটীত ১৯৬০ চনৰ পিছৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। ইয়াৰ মাজতে ঘূৰ্ণী বতাহ ৰেমালে আশা কঞিয়াই আনিছে।

ৰেমালৰ প্ৰভাৱত ২৭ মে’ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৬০-৭০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। অহা ২৮ মে’ত ধুমুহা কিছু হ্ৰাস পাব যদিও অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে।

তাৰ মাজতে আজিৰে পৰা আগন্তুক ৫ দিনলৈ ৰাজ্যৰ কিছু কিছু ঠাইত হ’ব মজলীয়া বৰষুণ হ’ব । আজি গুৱাহাটীৰ তাপমান আছিল ৩৯.৪ ডিগ্ৰী চেলছিয়াছ ।

মৰিগাঁও শিক্ষা বিভাগৰ অনন্য প্ৰয়াসঃ প্ৰথমবাৰৰ বাবে ৫ খন বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিতৰ পাঠদান…

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ কেইখনমান বচা বচা বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ পাঠদান অব্যাহত আছে। গ্লাচগ’ৰ ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী গ্ৰহণ কৰা ৰূপি দাসে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ অধীনত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ এক অনন্য পদক্ষেপ লোৱা হৈছে। বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ আছে কেতবোৰ বিশেষ সুবিধা। গণিত শিক্ষাত বৈদিক পদ্ধতিয়ে গণিতক আমোদযোগ্য আৰু উপভোগ্য কৰি তোলে। গণিতৰ হিচাপসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰা আৰু অংকসমূহৰ শুদ্ধতাৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বৈদিক গণিতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

লগতে হিচাপ সমূহৰ শুদ্ধতাৰ ক্ষেত্ৰত সত্যাসত্য নিৰূপণৰ এটা আহিলা হিচাপে বৈদিক গণিত ব্যৱহাৰ কৰিব পাৰি। বৈদিক গণিতে ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ লগতে শিক্ষাৰ্থীৰ মনত নিয়মানুৱৰ্তিতাৰ এটা মনোভাৱ জগাই তোলে। সম্পূৰ্ণৰূপে বিনামূলীয়া এই বৈদিক গণিতৰ দ্বাৰা অসমক গণিতৰ ক্ষেত্ৰখনক এক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে।

মৰিগাঁও জিলাৰ ৫ খন বিদ্যালয়ৰ প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি যোৱা ১৭ মে’ৰ পৰা পাঠদান আৰম্ভ হৈছে। মৰিগাঁও গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু কেন্দ্ৰীয় ধৰমতুল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পাঠদান কৰি থকা হৈছে। উল্লেখ্য যে এই নতুন শিকন পদ্ধতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে।

বিশ্বনাথৰ পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা শোচনীয়ঃ এটা সৰু কোঠালিতে চলিছে ছাত্ৰ-ছাত্ৰীৰ পাঠদান…

বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্থ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিৰিং চাহ বাগিচাৰ ৪ নং লাইনত অৱস্থিত ২০১৩ চনতে চৰকাৰী কৰণ হোৱা পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা একেবাৰে পয়ালগা। এখন সৰু কোঠাতে চলিছে “ক” মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে পাঠদান। মাত্ৰ ১০/২০ ফুটৰ এখন সৰু কোঠাতে চলাই গৈছে শিক্ষা দান। কোঠাটো ৰাইজৰ বাবে অহা কমিউনিটি কক্ষ আছিল যদিও ৰাইজে শিক্ষাৰ ক্ষেত্ৰত দান কৰিছিল। য’ত ৬২ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ২ জন শিক্ষকে পাঠদান কৰি আছে৷ দীৰ্ঘদিন ধৰি বিদ্যালয় খনত নাই বিদ্যালয় গৃহৰ সুবিধা৷ উপায়বিহীন হৈ শিক্ষকে এই উৎকট গৰমত বাৰাণ্ডাতে পাঠদান কৰাব লগীয়া হৈছে ছাত্ৰ ছাত্ৰীক। বিয়াগোম শিক্ষা বিভাগে বিভিন্ন সময়ত ঢোলঢাক বজাই শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নতি হোৱা বুলি জহাই ফুৰা চৰকাৰ খনে আজি পৰ্যন্ত নিৰ্মাণ কৰি দিব পৰা নাই বিদ্যালয় গৃহ।

ৰাইজে বিভিন্ন সময়ত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি অহা সমান্তৰালকৈ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপদেষ্টা মঃআজমত শ্বেখেও একাধিকবাৰ বিভাগীয় বিষয়াক বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰাই যদিও গা লৰা নাই শিক্ষা বিভাগৰ৷ সেয়েহে অতি শীঘ্ৰে উক্ত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে দাবী জনাই আছুৰ উপদেষ্টা গৰাকীৰ লগতে স্থানীয় ৰাইজ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে আছুৰ নেতাগৰাকীয়ে৷

অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱান্ডো জগতলৈ, বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ লক্ষ্যৰে কঠোৰ অনুশীলনত ৰ’দালি বৰুৱা…

ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱান্ডো প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’ব লগা বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ইতিমধ্যে দুবাৰকৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশ লোৱা ৰ’দালিয়ে সম্প্ৰতি ছিনিয়ৰ পৰ্যায়ত ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ যোৱা সপ্তাহত এছিয়ান প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱান-ড’ জগতলৈ নৱ জাগৰণ আনিছে অসম কন্যাই৷ উল্লেখ্য যে মহিলাৰ কিউৰোগী বিভাগত ৭৩ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ লাভ কৰে ৰ’দালিয়ে৷ এক দহকৰ অপেক্ষাৰ অন্তত অসম কন্যাৰ জড়িয়তে ভাৰতীয় টাইকোৱান-ড’ খেলুৱৈয়ে অলিম্পিকত অন্তভুক্ত কিউৰোগী বিভাগত গৌৰৱময় আন্তৰ্জাতিক সফলতা লাভ কৰিছে৷

এই সফলতাৰ পাছত দেশত উপস্থিত হোৱা আত্মবিশ্বাসী ৰ’দালিয়ে কয় ‘এছিয়ান চেম্পিয়নশ্বিপ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জনে মোক স্বাভাৱিকতে সুখী কৰিছে৷ কিন্তু মোৰ লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ভিয়েটনামৰ সফলতাই মোক মানসিকভাবে দৃঢ়তা প্ৰদান কৰাৰ লগতে অহা বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ বাবে যোগ্যতাও প্ৰতিপন্ন কৰিছে৷ মই যে ভাৰতীয় দলৰ অন্যতম দাবীদাৰ সেয়া এছিয়ান চেম্পিয়নশ্বিপৰ পদকে প্ৰমাণ কৰিছে৷ বিশ্ব চেম্পিয়নশ্বিপতো পদক অৰ্জনৰ বাবে শ্ৰেষ্ঠত্ব উজাৰি দি খেলিম।’ উল্লেখ্য যে ২০১৮ ত জাকাৰ্টা এছিয়ান গেমছত অংশ লোৱা ৰ’দালিয়ে ইতিমধ্যে ছিনিয়ৰ পৰ্যায়ত তিনিটাকৈ আন্তৰ্জাতিক স্বৰ্ণ পদক লাভ কৰিছে যদিও উক্ত প্ৰতিযোগিতাকেইখন মানদণ্ডৰ তুলনামুলক বিশ্লেষণৰে সদ্য সমাপ্ত এছিয়ান চেম্পিয়নশ্বিপৰ সফলতাটোৱে সামগ্ৰীক দৃষ্টিকোনেৰে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰূপে বিবেচিত হৈছে৷ এছিয়ান গেমছত পদক লাভ কৰা একমাত্ৰ ভাৰতীয় টাইকোৱান-ড’ খেলুৱৈ সুৰেন্দ্ৰ ভাণ্ডাৰী [২০০২] ৰ সফলতা ৰ’দালিৰ চমকিত কেৰিয়াৰতো প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছে৷

‘এয়া মাত্ৰ আৰম্ভণিহে৷ যিহেতু বিশ্ব চেম্পিয়নশ্বিপে এছিয়ান প্ৰতিযোগিতাতকৈ এখন ডাঙৰ মঞ্চ প্ৰদান কৰে৷ গতিকে সফলতাৰ বাবে মই অধিক প্ৰচেষ্টা চলাব লাগিব৷ তদুপৰি বিদেশত এক্সপ’জাৰ আৰু ইয়াৰ বাবে আৰ্থিক সহায় লাভ কৰাটোও সমানে গুৰুত্বপূৰ্ণ বিষয়৷ অন্য দেশৰ খেলুৱৈসকলে বছৰি ১০ ৰ পৰা ১৫খন আন্তঃৰাষ্ট্ৰীয় মুকলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অমূল্য অভিজ্ঞতা লাভ কৰে৷ তুলনামূলক দক্ষতা আৰু পদ্ধতি থকাৰ পিছতো আমাৰ একে ধৰণৰ এক্সপ’জাৰ বা আৰ্থিক সমৰ্থন নাই৷ ময়ো বিশ্বব্যাপী উন্নত পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিলোঁহেঁতেন যদিহে অধিক সুযোগ আৰু সহায় থাকিলহেতেন৷’ ৰ’দালিয়ে লগতে কয়৷ পাঁচজনীয়া সদস্যৰ এটা অধ্যবন্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা ৰ’দালিৰ ক্ৰীডা যাত্ৰা আৰম্ভ হৈছিল তেজপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা৷ পডুচেৰীত অনুষ্ঠিত চতুৰ্থ জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি সাফল্যৰ পথক ভৰি থোৱা ৰ’দালীয়ে ২০১৬ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱান-ড’ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উজ্বলি উঠে৷ ২০১৬ চনত ওজনৰ প্ৰত্যাহ৩ানৰ বাবে এছিয়ান চেম্পিয়নশ্বিপৰ শিবিৰৰ পৰা বিতাৰিত হৈছিল যদিও পৰবৰ্তী ২০১৮ ৰ এছিয়ান চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে প্ৰশিক্ষণত অটল হৈ আছিল আৰু সফলো হয়৷ এই প্ৰত্যাৱৰ্তনেৰ ৰ’দালিৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্টো হয়৷ ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰে অসম কন্যাই৷

‘বিদ্যালয়ত মই টাইকোৱান-ড’ আৰম্ভ কৰিছিলো পাঠ্যক্ৰমৰ লগতে শ্ৰেণীত উন্নত ৰেংক লাভ কৰাৰ উপায় হিচাপে৷ কিন্তু মোৰ সুবিধাজনক উচ্ছতা আৰু প্ৰতিভাৰ বাবে প্ৰশিক্ষকে খেলবিধত আগ্ৰহ দিবলৈ কৈছিল৷ যথেষ্ট সোনকালে মই প্ৰতিযোগিতাত অংশ লৈ সফলতা লাভ কৰিছিলো৷ আমাৰ পৰিয়ালটো সদায় মোৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছে৷ মোৰ দেউতা এজন চাহ বাগিচাৰ ব্যৱসায়ী তথা মা এগৰাকী গৃহিণী৷ মোৰ সৰু ভাইটিয়ে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু মোৰ ডাঙৰ বাইদেউ এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট৷ ক্ৰীড়া কেৰিয়াৰ ৰূপে বাছনি কৰাত মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো একে সময়তে পাৰদৰ্শিতা দেখুৱাইছো৷ সেয়ে সকলোৰে সহযোগিতাৰে আগবাঢ়িব পাৰিছো৷’ আসন্ন বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কঠোৰ অনুশীলন আৰম্ভ কৰা ৰ’দালিয়ে লগতে ব্যক্ত কৰে৷

Ms. Kabak Yano became the 5th woman climber from Arunachal Pradesh and 1st woman from her Nyishi Community to climb Mt. Everest…

Ms. Kabak Yano became the 5th woman climber from Arunachal Pradesh and 1st woman from her Nyishi Community to climb Mt. Everest.

She is pursuing her Post Graduate Diploma in Fitness Management at the Rashtriya Raksha

University (RRU) campus in Pasighat, Arunachal Pradesh.

বৈঠালাংছ’ত ব’হাগী বিদায় উৎসৱ উদযাপন…

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত শুক্ৰবাৰে ব’হাগী বিদায় উৎসৱৰ সামৰণি মৰা হয় ৷ চলিত মাহৰ ৯ তাৰিখে আদৰণি অনুষ্ঠানৰ জৰিয়তে খেল-ধেমালি অনুষ্ঠিত কৰি শুক্ৰবাৰে টীকা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সম্পাদিকা তুলসী জেনা আৰু সাংস্কৃতিক সম্পাদক পিংকু জেনাৰ সামগ্ৰিক পৰিচালনাত আয়োজিত প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় উদযাপন সমিতিয়ে ৷ বিশেষকৈ সন্ধিয়া ৭ বজাৰ পৰা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীটিৰ শুভউদ্বোধন কৰি কাৰ্বি পৰিষদৰ কৰ উপদেষ্টা বৰ্ডৰ অধ্যক্ষ লিপচন বে’য়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্যতাৰ বাহক ব’হাগ বিহুৰ এই বিদায়ক্ষণত বৈঠালাংছ’ যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা ব’হাগী বিদায় উৎসৱে প্ৰতিগৰাকী অসমীয়াক আন এটি বৰ্ষলৈ সজীৱতাৰে কৰ্মোদম জীয়াই ৰাখক তাৰেই কামনা কৰিছোঁ ৷ লগতে, বৈঠালাংছ’ৰ বুকুত

অনুষ্ঠিত কৰা এই ব’হাগী বিদায় উৎসৱটি বৃহত্তৰ বৈঠালাংছ’ অঞ্চলত বসবাস কৰা অসমীয়া-বাঙালী, কাৰ্বি-কছাৰী, তিৱা-ডিমাছা আদি কৰি প্ৰতিগৰাকী লোকৰ বাবে ঐক্যতাৰ বান্ধোন হিচাপে চিৰপৰিচিত হোৱাৰ কামনা কৰিলোঁ বুলি সাৱলীল ভাষণ প্ৰদান কৰে লিপচন বে’য়ে ৷ উদযাপন সমিতিৰ সভানেত্ৰী মিনতি ভড়ালী আৰু ঘোষক-সদস্য বিদ্যাছিং ডেৰাৰ শক্তিশালী পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াটিয়ে অন্য এক মাত্ৰা লাভ কৰিবলৈ সক্ষম হয় ৷ তাৰোপৰি, বৈঠালাংছ’ৰ বিশিষ্ট সমাজ সেৱক ক্ৰমে ষ্টিফান ইংতি, সত্য ঘোষ, সাধন দে’, দ্বীপ জোৱাদ্দাৰ, ৰাজীৱ ধৰ, কল্লোলকান্তি দাস, বুলু ৰয়, ধনছিং ইংজাই, খৰছিং বে’, হীৰনে পাটৰকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা লগতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰমাৰ্কসহ প্ৰথমবিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিয়াশ্ৰী ভড়ালী আৰু

শ্ৰেয়া দেৱকো সম্বৰ্ধনা জনোৱা ৷ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বৃহত্তৰ যুৱ সমাজৰদ্বাৰা প্ৰদৰ্শিত সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে অপৰূপা সাংস্কৃতিক গোষ্ঠী, সেউজ পাহাৰ বিহু দল আৰু চৰাইহাগী মহিলা জেংবিহু দলৰ মনপৰশা সাংস্কৃতিক কাৰ্যসূচীয়েও উপস্থিত ৰাইজক মোহিত কৰিবলৈ সক্ষম হয় ৷ আনহাতে, আমন্ত্ৰিত কন্ঠশিল্পী নিকিতা লস্কৰৰ গীতৰ তালে তালে উপস্থিত প্ৰতিগৰাকী বিহুবলীয়া ৰাইজে কঁকাল ভাঙি নৃত্য কৰাটো অন্য এক আকৰ্ষণীয় দিশ বুলিও জানিব পৰা গৈছে ৷ স্থানীয় কন্ঠশিল্পী শিবাজী কাশ্যপ, গায়ত্ৰী বৰা, ধনছিং ইংজাইৰ মনপৰশা গীতেও সাংস্কৃতিক সন্ধিয়াটি জীপাল কৰি তোলে ৷ উল্লেেখযোগ্য যে উদীয়মান যুৱক গবিন টকবিৰ ব্যতিক্ৰমী কাৰ্যসূচী মুকাভিনয়ে উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত সম্পন্ন হ’ল ভেকুলীৰ বিয়া…

পানীৰ অভাৱত মৰিব ধৰিছে বেলশিৰি চাহ বাগিছাৰ চাহ গছ
বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আজি বেলশিৰি চাহ বাগিছাত সম্পন্ন হ’ল ভেকুলীৰ বিয়া

সূৰ্য্যৰ তাপমাত্ৰা অধিক বৃদ্ধি পোৱাত প্ৰখৰ ৰ’দ আৰু উৎকট গৰমে দহিছে ৰাজ্য৷বহুদিনৰ পৰাই নাই বৰষুণ,ফলত চৌদিশে সৃষ্টি হৈছে হাহাঁকাৰময়  পৰিবেশ৷বৰষুণৰ অভাবত অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বেলশিৰি চাহ বাগিছাতো এক অভাৱনীয় পৰিবেশৰ সৃষ্টি হৈছে৷সেয়েহে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ দেওবাৰে দিনৰ ১১ বজাত বেলশিৰি চাহ বাগিছাত অনুষ্ঠিত হ’ল ভেকুলীৰ বিয়া৷উল্লেখ্য পানীৰ অভাৱত এতিয়া মৰিব ধৰিছে বেলশিৰি বাগিছাৰ চাহ গছ সমূহ৷আনকি বৰষুণৰ অভাৱত কৃষকে পথাৰত সিচিব নোৱাৰিলে কঠীয়া৷হেয়েহে পানীৰ বাবে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ বেলশিৰি চাহ বাগিছাত আজি অনুষ্ঠিত হ’ল ৰাজা আৰু মিনাক্ষী নামৰ দুটাকৈ ভেকুলীৰ বহু প্ৰত্যাশিত

বিয়া৷ৰাজা আৰু মিনাক্ষীৰ বিয়াক লৈ বেলশিৰি চাহ বাগিছাত আজি পুৱাৰে পৰা এক ওখল মাখল পৰিবেশৰ সৃষ্টি হয়।এই বহু প্ৰত্যাশিত বিয়াৰ ৰাজা( দৰা) আৰু মিনাক্ষী (কন্যা)ৰাজা বেলশিৰি চাহ বাগিছাৰ অফিচ লাইনৰ আৰু মিনাক্ষী বেলশিৰি চাহ বাগিছাৰ খেৰ লাইনৰ৷দৰা কন্যা উভয় পক্ষৰ পৰিয়ালৰ উপস্থিতিত সম্পুৰ্ন হিন্দু ধৰ্মৰ নিয়ম-নীতি আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ,মাল্যাৰ্পন,কন্যাদান, সেন্দুৰ,হোম যজ্ঞৰে অগণন লোকৰ  উপস্থিতিত আজি এই বহু প্ৰত্যাশিত বিয়াখন সম্পন্ন হ’য়৷উক্ত বিবাহ অনুষ্ঠানত বেলশিৰি চাহ বাগিছাৰ মুখ্য পৰিচালক লক্ষী মাঝি,সহ পৰিচালক সকল ক্ৰমে অৰুণ বৰা,অসীম ভট্টাচাৰ্যী,লক্ষ্মণ শ্বাহ,কণকণ বৰুৱা,কৈলাশ কুমাৰ,চিডি দৈমাৰী,

মনোজ লাহন,বিৰাজ ঘোচাল,অজয় ৰজকৰ লগতে অজস্ৰ লোক উপস্থিত থাকে৷হিন্দু ধৰ্মৰ প্ৰতিটো ৰীতি-নীতিৰ মাধ্যমেৰে পুৰোহিত বাপধন চক্ৰবৰ্তীৰ লগতে বিপুল শৰ্মাই বিবাহ অনুষ্ঠান সম্পন্ন কৰে৷ৰিমঝিম শইকীয়া আৰু মিনতি ৰাভায় বিয়ানাম গাই আজি বিবাহ অনুষ্ঠানটি জীপাল কৰি তোলে৷উল্লেখযোগ্য যে এই বছৰ তীব্ৰ খৰাংৰ ফলত বেলশিৰি চাহ বাগিছাৰ কেচা চাহ পাত সমুহ শুকাই যোৱাৰ লগতে কৃষক সকলে খেতি পথাৰত বৰষুণৰ অভাৱত অদ্যপিও কঠিয়া সিচিব পৰা নাই৷সেয়েহে ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিব বুলি জনবিশ্বাস আছে ,সেই বিশ্বাসক সৰোগত  কৰি বেলশিৰি চাহ বাগিছাত চাহ বাগিছাৰ শ্ৰমিক,মুখ্য পৰিচালক কৰ্মচাৰী,স্থানীয়  ৰাইজৰ সহযোগত ভেকুলীৰ বিবাহ সম্পন্ন কৰে ৷

প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি