Home Blog Page 775

সলনি হ’ল কামৰূপ মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী…

সলনি হ’ল কামৰূপ মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী।

কামৰূপ মহানগৰত স্কুলৰ নতুন সময়সূচী প্ৰকাশ।

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান।

নিম্ন প্ৰাথমিকৰ পাঠদান ৭.৩০ৰ পৰা ১২ বজালৈ।

এম ইৰ পাঠদান ৭.৩০ৰ পৰা ১২.৩০ বজালৈ।

আনহাতে উচ্চ মাধ্যমিকৰ পাঠদান ৭.৩০ৰ পৰা ১ বজালৈ।

সোমবাৰৰ পৰা প্ৰযোজ্য হ’ব এই সময়সূচী।

উৎকট গৰম! প্ৰকৃতিৰ বুকুত শীতলাৰ অনুভৱ, পৰিত্ৰাণ বিচাৰি বৃটিছে ঘাট পতা শিলঘাটত হঠাৎ ভিৰ বাঢ়িছে জনতাৰ; শিলে কথা কোৱা শিলঘাটৰ নদী ঘাটলৈ বিয়লি আগমন ঘটিছে বহুলোকৰ…

পাৰাস্তম্ভ বাঢ়ি অহাৰ লগে-লগে উৎকট গৰমৰ প্ৰকোপত ৰাজ্যবাসীয়ে ত্ৰাহি মধুসুদন সোঁৱৰিছে। ৩৫ৰ পৰা ৪০ ডিগ্ৰী পৰ্যন্ত চুইছে তাপমাত্ৰাই, দহিছে সমগ্ৰ অসম। প্ৰকৃতি ধ্বংস কৰি বিকাশৰ ৰথ চলাই নিজৰে অপকাৰী কৰা মানৱে হয়তু বুলিছে গছ-গছনি, নদ-নদী, পাহাৰৰ গুৰুত্ব। সেয়ে, উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰকৃতিৰ কাষ চাপিছে ডেকা-গাভৰু¸ বৃদ্ধ সকলো, বিয়লিভাগত ওলাই আহিছে প্ৰকৃতিৰ ৰম্যভূমি লুইতপৰীয়া শিলঘাট নদী ঘাটলৈ। শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ৰ পাহাৰৰ নামনি¸ ত্ৰিশূলধাৰী মন্দিৰৰ নদী পাৰলৈ বিয়লিভাগত ঢপলিয়াই আহিছে বহুলোক। লুইত পাৰৰ দেহ-মন জুৰি পেলোৱা ৰিৱ-ৰিৱ বতাহজাক আৰু সূৰ্যাস্তৰ মনোমোহা পৰিৱেশে আকৰ্ষণ কৰিছে অজস্ৰজনৰ। প্ৰচণ্ড গৰমত ঘৰৰ ভিতৰতো সোমাই থাকিব নোৱাৰা অৱস্থা।

কৃটিম উপায়েৰে দেহা শীতল কৰাৰ উপায়বোৰো বিদ্যুত বিভাগৰ কৃপাত নাজল-নাথল অৱস্থা। সেয়ে প্ৰকৃতিয়ে ই শেষ ভৰষা বুলি লুইত পাৰৰ শীতল বতাহজাক ল’বলৈ আহি শিলঘাট নদী ঘাটত অজস্ৰজনৰ ভিৰ। শিলঘাটৰ এতিয়া পূৰ্বৰ ৰূপ নাই, লুইতৰ খহনীয়াৰ প্ৰকোপত হাজাৰ-হাজাৰ বিঘা লুইতৰ বুকুত জাহ যোৱাৰ পাছত অতীজৰ জাহাজ ঘাটৰ স্থান ঘটনাই সলনি কৰি থাকিবলগীয়া হৈছে। যি ঠাইত শতাধিক বৰ্ষ গৰকা ঐতিহাসিক শিলঘাট অশোকাষ্টমী মেলা পথাৰো সংকুচিত হৈ আহিছে। তথাপিও লুইতপৰীয়া শিলঘাট আছে এক সুকীয়া আকৰ্ষণ। বৰ্তমান নদী পথ সুগম হৈ পৰাৰ পাছৰে পৰা দলে-দলে বিদেশী পৰ্যটকৰ আগমন ঘটিছে ইতিহাস প্ৰসিদ্ধ কলিয়াবৰলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ জাহাজেৰে আহি দেশী-বিদেশী পৰ্যটকসকল আহি শিলঘাটত উপস্থিত শিলঘাটৰ আৰু কলিয়াবৰৰ ঐতিহাসিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে পূৰ্ণ স্থানসমূহ প্ৰায়েই ভ্ৰমণ কৰে। ১৭৯১ চনতে কলিয়াবৰৰ লুইতপৰীয়া কণ‍্যাকাশ্ৰমত শিলৰ মাজত বৃটিছে অসমলৈ আহি প্ৰথমে নাও বান্ধিছিলহি। সেই শিলৰ মাজত পতা ঘাট পৰৱৰ্তী কালত শিলঘাট নামে জনাজাত হ’ল। কেপ্টেইন ওৱেল্‌চৰ নেতৃত্বত অহা সেনাৰ দলটোৱে সেই সময়ৰ আহোম ৰাজতন্ত্ৰৰ বিয়লি বেলাত উপস্থিত হৈ সম্পদ প্ৰসৱিনী অসমৰ বিষয়ে এক প্ৰতিবেদন আগবঢ়াইছিল।

১৮২৪ চনৰ প্ৰথম ইং-বাৰ্মা যুদ্ধ কলিয়াবৰৰ হাটবৰ, ৰাঙলুগড়ত ইংৰাজৰ হাতত মান সেনাৰ পৰাজয় হৈছিল। ১৮২৫ চনত ইংৰাজে যোৰহাট দখল কৰাৰ পিছতেই ১৮২৬ চনৰ ২৪ তাৰিখে কুখ‍্যাৎ ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ স্বাধীনতাৰ বেলি অস্ত গ’ল। প্ৰথম শিৱিৰ পতা স্থান শিলঘাটক বৃটিছে নৌ যাতায়তৰ সুবিধাজনক স্থান ৰূপে গঢ়ি তুলি এক বৃটিছ নগৰী ৰূপে গঢ়ি তুলি। ১৮৪০ চনত শিলঘাটত ডানল’প ক’ম্পেনীয়ে কলিয়াবৰ চাহ বাগিচা স্থাপন কৰিলে। চাহৰ লগতে অনান‍্য সা-সামগ্ৰী সৰবৰাহৰ বাবে ১৮৬১ চনত শিলঘাটলৈ বৃটিছে জাহাজ সেৱা প্ৰৱৰ্তন কৰিলে। লাহে-লাহে শিলঘাটত বৃটিছ চাহাব আৰু বৃকিছে কামৰ বাবে অনা অনাঅসমীয়া বিষয়া আৰু শ্ৰমিকেৰে শিলঘাট ভৰি পৰিল। সেয়ে জনসংখ‍্যা বাঢ়ি যোৱাৰ লগে-লগে বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়াত বৃটিছ চাহাবে ১৮৮০ চনত শিলঘাটত এখন চিকিৎসালয় স্থাপন কৰিছিল। য’ত সেৱা আগবঢ়াইছিল বৃটিছ চিকিৎসকে।
১৭৯১ চনত ইউৰোপীয়ানসকল অসম আগমনৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে ব্ৰহ্মপুত্ৰৰ পাৰত কন‍্যকাশ্ৰমৰ শিলৰ মাজত বৃটিছ কেপ্টেইন ওৱেলছে ঘাট পাতিছিল।

তেতিয়াৰে পৰা ঠাইখনৰ নাম শিলঘাটৰূপে পৰিচিত হ’ল। ১৮৪০ চনত বৃটিছ ডানলোপ কোম্পানীয়ে শিলঘাটত চাহ বাগান খোলাৰ পাছত ব্ৰহ্মপুত্ৰয়েদি জাহাজ চলাচল আৰম্ভ হ’ল যদিও ১৮৬১ চনতহে শিলঘাটক জাহাজ ঘাট ৰূপে ঘোষণা কৰে। ১৯২০ চনৰ পৰা শিলঘাটৰ পৰা ৰে’ল সেৱা আৰম্ভ হৈছে। বৰ্তমান বৈদ্যুতিক ৰে’ল চলাচল হৈছে ভাৰতৰ বিভিন্ন স্থানলৈ। ১৯৩৫ চনত বৃটিছে পতা শিলঘাট টাউনত ছুইজাৰলেণ্ড, জাৰ্মানী ইউৰোপীয়ান পৰ্য‍্যটকে শিলঘাটত বিচাৰিলে অতীতৰ সুবাস।

ভাৰতত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ২০২০ ৰ পৰা ২০২২ লৈ কটা হ’ল ২’৩ মিলিয়ন গছ…

জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত প্ৰভাৱ পেলায়। ভূমিৰ ব্যৱহাৰেও এই পৰিৱৰ্তন, বিশেষকৈ বনাঞ্চল ধ্বংসত অৰিহণা যোগায়, দ্বিতীয় বৃহত্তম মানৱজনিত কাৰণ হ’ল জীৱাশ্ম ইন্ধন দহনৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড নিৰ্গমন। বনাঞ্চলৰ জৈৱবস্তু দহন আৰু উদ্ভিদৰ অৱশিষ্ট আৰু মাটিৰ কাৰ্বন পচনৰ সময়ত সেউজ গৃহ গেছ নিৰ্গত হয়। গোলকীয় মডেল আৰু ৰাষ্ট্ৰীয় সেউজ গৃহ গেছৰ তথ্যই বনাঞ্চল ধ্বংসৰ নিৰ্গমনৰ বাবে একেধৰণৰ তথ্যই প্ৰকাশ কৰে। ২০১৯ চনৰ এক হিচাপমতে, বনাঞ্চল ধ্বংসই বিশ্বৰ প্ৰায় ১১% সেউজ গৃহ গেছৰ নিৰ্গমনৰ বাবে দায়ী।গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ পৰা কাৰ্বন নিৰ্গমন ত্বৰান্বিত হৈছে।

ক্ৰমবৰ্ধমান অৰণ্যসমূহ হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰাৰ অতিৰিক্ত সম্ভাৱনা থকা কাৰ্বন ভাণ্ডাৰ। জলবায়ু পৰিৱৰ্তনৰ আন কিছুমান প্ৰভাৱ, যেনে অধিক বনজুই,পোক-পৰুৱাৰ প্ৰাদুৰ্ভাৱ, আক্ৰমণাত্মক প্ৰজাতি আৰু ধুমুহা আদিয়ে বনাঞ্চল ধ্বংসকাৰ্য বৃদ্ধি কৰাৰ কাৰক। ৩১% ভূমি বনাঞ্চলে আগুৰি থকা পৃথিৱীৰ বছৰি ৭৫,৭০০ বৰ্গ কিলোমিটাৰ (১৮.৭ মিলিয়ন একৰ) বনাঞ্চল লুপ্ত হৈ যায়। বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ মতে ২০১৯ চনৰ পৰা ২০২০ চনলৈকে প্ৰাথমিক গ্ৰীষ্মমণ্ডলীয় বনাঞ্চলৰ ক্ষতিৰ পৰিমাণ ১২%লৈ বৃদ্ধি পাইছে।

বনাঞ্চল ধ্বংসক প্ৰায়েই প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক দুয়োটা উপায়েৰে ভূমি বনাঞ্চলৰ পৰা অবনাঞ্চললৈ সলনি হোৱা বুলি বৰ্ণনা কৰা হয়। বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ মাজৰ সম্পৰ্কৰ এটা ইতিবাচক প্ৰতিক্ৰিয়াৰ মেৰপেঁচ ইয়াৰ মাজত অন্যতম।যিমানেই বেছি গছ আঁতৰোৱা হয়, সিমানেই জলবায়ু পৰিৱৰ্তন হয় আৰু তাৰ প্ৰভাৱত সমান সংখ্যক গছ হেৰুৱাবলগীয়া হয়। বনাঞ্চল ধ্বংস বহু কাৰণে হয়: বন জুই, কৃষি কৰ্ম, পশু পালন, কাঠৰ ব্যৱসায়ৰ বাবে কাঠ কটা, নগৰ উন্নয়ন, পথ উন্নয়ন, গৃহ নিৰ্মাণ আদি।

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা! ১১গ্ৰাম ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ…

ওৰাং আৰক্ষী থানাৰ অধীনস্থ ধোপশুৰি গাঁৱৰ পৰা ১১ গ্ৰাম ড্ৰাগছসহ চেঙেলীমাৰাৰ গাঁৱৰ আনাৰুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ী আৰু এখন বাইক জব্দ কৰে৷ ওৰাং আৰক্ষীয়ে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশ মৰ্মে ওৰাং আৰক্ষী থানাৰ SI মৃনাল টাইডৰ নেতৃত্বত SI সুৰজিৎ হাজৰিকা, SI (P) চামিং পমুঙৰ, আৰক্ষী ৰক্তিম হাজৰিকা, ঋতুপন গগৈ, ৰক্তিম বৰুৱাৰ, ২৭নং APBN আৰু গাঁৱৰক্ষীৰ সম্পাদক আব্দুল জলিল সহযোগত ৮টা প্লাষ্টিক কন্টেনাৰ সৈতে ১১গ্ৰাম ড্ৰাগছ আৰু গ্লেমাৰ বাইক খন জব্দ কৰে৷


এই ঘটনাৰ সম্পৰ্কত ওৰাং আৰক্ষী থানাত ৫৪//২০২৪নং Under Section 21(B)/29 ND PS Act অনুসৰি চেঙেলীমাৰা গাঁৱৰ আনৰুল হকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে৷

দলগাঁও আৰক্ষীৰ জালত গঁড় চিকাৰী হুছেইন আলী…

দলগাঁও আৰক্ষীৰ জালত গঁড় চিকাৰী। চোৰাং চিকাৰীটো ভৱপুৰ গাঁৱৰ হুছেইন আলী।

চিকাৰীটোৰ বাসগৃহত দলগাঁও আৰক্ষীয়ে চলায় তালাচী।

তালাচীৰ সময়ত হুছেইনৰ ঘৰত উদ্ধাৰ হয় হৰিণাৰ শিং।

গৰমত চুলি সৰিছে নেকি? চুলি সমস্যা কেনেকৈ ৰোধ কৰিব…

চুলি সৰা ৰোধ কৰিবলৈ ঔষধ খোৱাৰ পৰিৱৰ্তে কিছুমান বিশেষ খাদ্য খাওক যিবোৰে চুলি শক্তিশালী কৰি তোলে। অফিচলৈ আহিব সময়ত, নাইবা ৰাতিপুৱা শ্বাৱাৰৰ পৰা ওলাই অহাৰ সময়ত বহু চুলি সৰা দেখা যায়। বহুলোকৰ ডাঠ চুলি সৰি সৰি পাতল হৈ পৰিছে। আপোনাৰ এই পাতল চুলিখিনি ডাঠ কৰিবলৈ ঔষধ খাব নালাগে।কিছুমান বিশেষ খাদ্য খালেই হৈ গ’ল।

খাদ্য সমূহ হৈছে-

বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ফলত বিলাহী চকুৰ বাবে অতি উত্তম। কেৱল চকুৰ বাবেই নহয় মূৰৰ ছালৰ পুষ্টি আৰু চুলিৰ গুৰি মজবুত কৰাৰ বাবে বিলাহী অতি উপকাৰী। প্ৰতিদিনে এটাকৈ কেঁচা বিলাহী খাব পাৰিলে ভাল।

চুলি সৰা সমস্যা দূৰ কৰিবলৈ নৰসিংহ পাত উপযোগী। ইয়াত বিভিন্ন ভিটামিন থকাৰ লগতে চুলিৰ বাবে প্ৰয়োজনীয় আইৰণ, জিংক আদি কিছুমান খনিজ পদাৰ্থও থাকে। চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে নৰসিংহ পাতে আহাতে চুলিৰ সমস্যাও দূৰ কৰে।

ওটচ কেৱল পেট আৰু হৃদযন্ত্ৰৰ বাবে ভাল উপকাৰী নহয়, ওটচৰ পৰাও চুলি সৰা সমস্যা দূৰ কৰিব পাৰি। ইয়াত ওমেগা-৩ৰ লগতে আইৰণ, জিংক, খনিজ পদাৰ্থৰ দৰে উপাদান থাকে। এই উপাদানে ছাল আৰু চুলিক পুষ্টি প্ৰদান কৰে।

চুলিৰ গুৰি শক্তিশালী কৰিবলৈ আমলখি অতি উপকাৰী। ভিটামিন চি সমৃদ্ধ আমলখিয়ে চুলিত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰে। দৈনিক এটা আমলখি খোৱাৰ অভ্যাসে চুলি সৰা সোনকালে ৰোধ কৰে।

দিল্লী উচ্চতম ন্যায়ালয়ৰ ভাৰতপেৰ প্ৰাক্তন এম ডি অশ্বনীৰ গ্ৰভাৰক চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ অনুমতি প্ৰদান…

ভাৰতৰ সহ-প্ৰতিষ্ঠাপক অশ্বনীৰ গ্ৰ’ভাৰ আৰু তেওঁৰ পত্নী মাধুৰী জৈন গ্ৰ’ভাৰক দিল্লী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে আমেৰিকালৈ যাবলৈ অনুমতি দিয়ে। আমেৰিকা ভ্ৰমণ আৰম্ভ কৰাৰ পূৰ্বে নিৰাপত্তা হিচাপে ৮০ কোটি টকা জমা কৰাৰ নিৰ্দেশ জাৰি কৰিছে আদালতে। ২৪ মে’ত দিয়া ভাষণত আদালতে কয় যে নিৰাপত্তা সম্পত্তি হিচাপে হ’ব লাগে।

ইয়াৰ লগতে ইউ এ ই ভ্ৰমণ বন্ধ কৰিবলৈ এমিৰেটছ কাৰ্ডো আত্মসমৰ্পণ কৰা হ’ব। আদালতে জনোৱা মতে, অশ্বনীৰ গ্ৰভাৰ আৰু তেওঁৰ পত্নীৰ হাতত আছে গোল্ডেন ভিছা, যিটো ইউ এ ইত বিদেশী নাগৰিকক দিয়া ১০ বছৰৰ ৰেচিডেন্স পাৰ্মিট।

এইদৰেই তেওঁলোকে আদালতত এমিৰেটছ কাৰ্ড জমা দিব লাগিব। আচলতে দিল্লী উচ্চ ন্যায়ালয়ে আশ্বনীৰ গ্ৰ’ভাৰৰ ভ্ৰমণ সন্দৰ্ভত অৰ্থনৈতিক কাৰ্যালয় শাখাৰ পৰা তথ্য বিচাৰিছিল, য’ত প্ৰকাশ পাইছিল যে আশ্বনীৰ গ্ৰ’ভাৰে শিশু গ্ৰীষ্মকালীন বিদ্যালয়ৰ বাবে আমেৰিকালৈ যাব বিচাৰে।

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ অনুসূয়া সেনগুপ্তাৰ…

অভিনন্দন জনাওক অনুসূয়া সেনগুপ্তা।

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে অনুসূয়া সেনগুপ্তাই।

দ্য ছেমলেছ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে আন চাৰ্টেইন ৰিগাৰ্ড ছেগমেণ্টত স্বীকৃতি।

২০০৯ চনত অঞ্জন দত্তৰ ছবি ‘মেডলি বেংগলী’ত সহযোগী চৰিত্ৰত অভিনয় কৰি অনসুয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুসূয়াই কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি…

পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা।

বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা।

ভোটাধিকাৰ সাব্যস্ত কৰি মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন চেলফি ৰাহুল গান্ধীৰ…

আজি দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হ’ব।

সাংসদ ৰাহুল গান্ধীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ নেত্ৰী তথা মাতৃ ছোনিয়া গান্ধীৰ সৈতে এইদৰে ল’লে এখন চেলফি।

তাৰপিছত ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতেও তুলিলে এখন ফটো।