Home Blog Page 782

আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে…

আজি অৰুণাচল প্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহ।

আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পেমা খাণ্ডুৱে।

দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা অমিত শ্বাহ আৰু জে পি নাড্ডা।

মোডী ৩.০ কেবিনেটঃ লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন…

মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰশ্ন হৈছে লোকসভাৰ অধ্যক্ষ কোন হ’ব? ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ ২৭২খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰত থাকিলেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ)ৰ মিত্ৰ দলসমূহৰ ওপৰত নিৰ্ভৰ কৰি সফলভাৱে চৰকাৰ গঠন কৰিছে। ফলস্বৰূপে গেৰুৱা দলটোৱে অধ্যক্ষৰ পদৰ সিদ্ধান্ত ল’বলৈ নিজৰ মিত্ৰ দলবোৰক — বিশেষকৈ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি (টিডিপি) আৰু নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) (জেডি-ইউ)ক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। দাবী কৰা হৈছে যে লোকসভাৰ ২৮খন আসন থকা দুগৰাকী টিডিপি আৰু জেডি-ইউ দুয়োটা দলেই স্থিতিৰ ওপৰত চকু ৰাখিছে। বিজেপিয়ে অৱশ্যে মিত্ৰশক্তিৰ পৰা লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰিবলৈ আগ্ৰহী নহয় বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

লোকসভাৰ অধ্যক্ষ কেনেকৈ নিৰ্বাচিত হয়ঃ

সংবিধানৰ ৯৩ নং অনুচ্ছেদ অনুসৰি প্ৰথমবাৰৰ বাবে নতুন লোকসভা বৈঠকৰ ঠিক আগতেই অধ্যক্ষৰ পদ খালী হৈ পৰে। নৱনিৰ্বাচিত সংসদ সদস্যসকলক পদৰ শপত গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে এজন প্ৰ’-টেম অধ্যক্ষ নিযুক্তি দিয়ে।

ইয়াৰ পিছত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে এজন লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়। অৰ্থাৎ সদনত উপস্থিত থকা আধাতকৈ অধিক সদস্যই লোকসভাৰ অধ্যক্ষ হ’বলৈ কোনো বিশেষ প্ৰাৰ্থীক ভোট দিব লাগিব।

অধ্যক্ষ নিযুক্তিৰ বাবে তেনে কোনো মাপকাঠী নাই। বিগত দুখন লোকসভাত ২০১৪-২০১৯ আৰু ২০১৯-২০২৪ বৰ্ষত বিজেপিৰ সুমিত্ৰা মহাজন আৰু ওম বিৰলা অধ্যক্ষ আছিল।

যিহেতু অধ্যক্ষজনো লোকসভাৰ নিৰ্বাচিত সদস্য তথাপি তেওঁ কোনো বিশেষ দলক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এন সঞ্জীভা ৰেড্ডীয়ে ১৯৬৭ চনৰ মাৰ্চ মাহত চতুৰ্থ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। অৱশ্যে এই নিয়ম বাধ্যতামূলক নহয়। পি এ চাংমা, সোমনাথ চেটাৰ্জী, আৰু মেইৰা কুমাৰে আনুষ্ঠানিকভাৱে তেওঁলোকৰ দলৰ পৰা পদত্যাগ কৰা নাছিল।


এইবেলি টিডিপি আৰু জেডি-ইউৱে কিয় অধ্যক্ষৰ পদত চকু ৰাখিছেঃ
পূৰ্বৰ দুটা কাৰ্যকালৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদী তৃতীয় কাৰ্যকালত মিত্ৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰশীল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নাইডুৱে, আনহাতে কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে।দুয়োটা দলৰ পৰাই অধ্যক্ষৰ পদটো ল’ব বিচাৰিছে বুলি বিভিন্ন মহলত খবৰ ওলাইছে। নাইডুৰ টিডিপি আৰু কুমাৰৰ জেডি-ইউ দুয়োটা দলে কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লাভ কৰিছে।

যিহেতু মোদী চৰকাৰৰ অংশীদাৰ হিচাপে কেৱল বিজেপিয়েই নহয় আন দলসমূহো আছে, গতিকে সদনৰ মজিয়াত চৰকাৰে সংকটৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত সদনৰ অধ্যক্ষৰ ভূমিকাই বিশেষ সহায় কৰিব। সেয়ে অধ্যক্ষৰ পদটো বিজেপিয়ে নিজৰ হাতত ৰখাৰ চেষ্টা চলোৱাটো স্বাভাৱিক।

ইপিনে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে লোকসভাৰ অধ্যক্ষক টিডিপি বা আন কোনো এনডিএ মিত্ৰজোঁটৰ অংশীদাৰৰ পৰা নিৰ্বাচিত কৰিবলৈ দাবী জনাইছে। তেওঁ কয় ‘এন ডি এ চৰকাৰত টিডিপিৰ এজন অধ্যক্ষ থাকিব লাগে। সংসদীয় পৰম্পৰাৰ বাবে মাৰাত্মক হ’ব এজন বিজেপি অধ্যক্ষ। মোডী ২.০ত ১৫০ জন সাংসদক সদনৰ পৰা নিলম্বিত কৰা হৈছিল। এই লোকসকলে ক্ষমতাত থাকিবলৈ সৰু সৰু দল ভাঙিব পাৰে।’খবৰ অনুসৰি ওম বিৰলা লোকসভাৰ অধ্যক্ষ হৈ থাকিব বুলি বহুতে কৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজস্থানৰ কোটাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল বিৰলাই। অধ্যক্ষ পদৰ বাবে চৰ্চিত আন কেইটামান নাম হৈছে ডগ্গুৱতী পুৰন্দেশ্বৰী। টিডিপিৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ কন্যা ডগ্গুৱতী পুৰন্দেশ্বৰী অন্ধ্ৰপ্ৰদেশৰ এগৰাকী বিজেপি নেত্ৰী।

শপত গ্ৰহণৰ পিছত আজি ইটালীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ শপত গ্ৰহণ কৰাৰ পিছত আজি ইটালীলৈ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ’ব। তাত তেওঁ গ্ৰুপ অৱ চেভেন (জি৭)ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে মোদীক আমন্ত্ৰণ জনাইছে। সেই মৰ্মে মোদীয়ে ১৩ আৰু ১৪ জুনত জি-৭ৰ বৈঠক উপস্থিত থকাৰ কথা। ১৩ জুনত তেওঁ ৰোমলৈ উৰা মাৰিব। ১৫ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশলৈ উভতি অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনী বিজয়ৰ বাবে অভিনন্দন জনোৱা বিদেশৰ বহু নেতা-নেত্ত্ৰীৰ ভিতৰত আছিল মেল’নীও। মেল’নীয়ে ইটালী আৰু ভাৰতৰ মাজত সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আস্থা প্ৰকাশ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা দৃঢ় বন্ধনৰ বিষয়তো তেওঁ আলোকপাত কৰিছে। ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ বুলি কৈছিল। জি ৭ৰ বৈঠকত সাতখন সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ লগতে ইউৰোপীয় সংঘক প্ৰতিনিধিত্ব কৰা ইউৰোপীয় পৰিষদৰ সভাপতি আৰু ইউৰোপীয় আয়োগৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ফ্ৰান্সৰ ইমানুৱেল মেক্ৰন, জাপানৰ ফুমিঅ’ কিছিছা, আৰু জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্ব’লজে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে দক্ষিণ পুগলিয়া অঞ্চলত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিনয় কোৱাট্ৰা আৰু এন এছ এ অজিত ডোভালকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব। ইটালী ভ্ৰমণ সমাপ্ত কৰাৰ পিছত মোদীয়ে নেপাল ভ্ৰমণ কৰিব পাৰে।ইউৰোপীয় সংঘৰ অংশগ্ৰহণেৰে ইটালী, কানাডা, ফ্ৰান্স, জাৰ্মানী, জাপান, ব্ৰিটেইন, আৰু আমেৰিকাই জি৭ৰ বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ উপৰি ইটালীয়ে আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১১খন উন্নয়নশীল দেশৰ নেতাক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

‘যোগ’ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে, শ্বেয়াৰ কৰিলে ভিডিঅ’…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘যোগ’-ক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তেওঁ লগতে কয় যে ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানসমূহ প্ৰশান্ত মনেৰে আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিব পাৰো। আগন্তুক যোগ দিৱসৰ উপলক্ষে মোদীয়ে বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভৰ ব্যাখ্যা সম্বলিত ভিডিঅ’ৰ এটা ছেট শ্বেয়াৰ কৰে। ‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ পৰা দহ দিনৰ ভিতৰত বিশ্বই একতা আৰু সম্প্ৰীতি উদযাপন কৰা এক কালজয়ী প্ৰথা হিচাপে ‘দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপন কৰিব। ‘যোগ’-য়ে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে আৰু সামগ্ৰিক কল্যাণৰ বাবে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সমাৱেশিত কৰিছে।”

“আমি এই বছৰৰ যোগ দিৱসৰ কাষ চাপি অহাৰ লগে লগে যোগ-ক আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে আনকো এনে কৰাৰ বাবে উৎসাহিত কৰাটো অপৰিহাৰ্য হ’ব। ‘যোগ’-য়ে এক প্ৰশান্তি প্ৰদান কৰে, যাৰ ফলত আমি জীৱনৰ প্ৰত্যাহ্বানবোৰ শান্ত আৰু ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ সক্ষম হওঁ।” “যোগ দিৱস ওচৰ চাপি অহাৰ মুহূৰ্তত মই ভিডিঅ’ৰ এটা ছেট শ্বেয়াৰ কৰিছো, ই বিভিন্ন আসন আৰু সেইবোৰৰ বিধি-নিৰ্দেশনা তথা লাভালাভ সম্প্ৰকীয় ব্যাখা প্ৰদান কৰিব। মই আশা কৰোঁ যে এই ভিডিঅই আপোনালোক সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব।”

দৰঙৰ জিলা আয়ুক্তৰ তৎপৰতা, তৃতীয় লিংগৰ সদস্যলৈ ভোটাৰ, আধাৰ, আত্মসহায়ক গোট গঠন, দক্ষতাৰ প্ৰশিক্ষণ

দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ সদস্যক আজি জিলা দুৰ্যোগ-প্ৰশমন বিভাগে এক বিশেষ প্ৰশিক্ষণ আগবঢ়ায়। সময়ে সময়ে অহা দুৰ্যোগ বিশেষকৈ বানপানী, ধুমুহা আদিৰ সময়ত কিদৰে নিজৰ লগতে আন দহজনকো উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰিব পাৰি এইলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মঙলদৈ ইউথ ক্লাৱত অনুস্হিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সহ তৃতীয় লিংগ কল্যান সমিতিৰ উপাধ্যক্ষা ৰীতুপৰ্ণা, আয়ুক্ত গোপাল শৰ্মা, দুৰ্যোগ প্ৰশমনৰ জিলা বিষয়া জগদীশ ভট্টচাৰ্য, জিলা নিয়ন্ত্ৰক পীনামণি বৰুৱা, পলাশ বৰুৱা সহ কেবাগৰাকীও বিষয়াই এই বিশেষ প্ৰশিক্ষণত অংশ লয়।

তৃতীয় লিংগৰ নাগৰিক সকলক এনেদৰে দুৰ্যোগ প্ৰশমন বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা দৰঙেই হৈছে ৰাজ্যৰ প্ৰথম খন জিলা।প্ৰশিক্ষণ কাৰ্যসূচীত অংশলৈ দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সদৰি কৰা অনুসৰি, দৰঙৰ ২৮ গৰাকীকৈ তৃতীয় লিংগৰ নাগৰিকক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউন্ট আনকি আত্মসহায়ক গোটো গঠন কৰি দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। আগন্তুক দিনত দৰঙৰ তৃতীয় লিংগৰ সদস্য সকলে ভূমি পট্টা আৰু ৰেচন কাৰ্ডৰ লগতে অৰুণোদয়ৰ দৰে আঁচনিও লাভ কৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে।

ৰেচন কাৰ্ড লাভ কৰাৰ লগে লগে আয়ুষ্মান কাৰ্ড সহ ৰাজহুৱা যোগান ব্যৱস্হাৰ সকলো সুবিধা লাভ কৰাটো নিশ্চিত। তৃতীয় লিংগৰ লোকসকলক দীৰ্ঘদিনে সমাজৰে অভিন্ন অংগ অথবা নাগৰিক হিচাবে গণ্য নকৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এগৰাকী আমোলাই দেখুওৱা এনে পদক্ষেপ প্ৰশংসনীয় বিবেচিত হৈছে।

অম্বুবাচী মেলা উপলক্ষে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰে কামৰূপ (ম) জিলা প্ৰশাসনৰ বৈঠক

অহা ২২ জুনৰ পৰা মহানগৰীৰ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা উপলক্ষে আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াৰ সভপতিত্বত অম্বুবাচী মেলাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে এখন বৈঠক অনুস্থিত হয় ।

অম্বুবাচী মেলাত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে নিজৰ ইচ্ছা অনুসৰি যিকোনো স্থানত খাদ্য অথবা খোৱা-পানী যোগান ধৰিব নোৱাৰিব বুলি বৈঠকত স্পষ্ট কৰি দিয়া হয় । জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে নিৰ্দিষ্ট স্থানত সংশ্লিষ্ট অনুষ্ঠান -প্ৰতিষ্ঠানসমূহে তেনে ব্যৱস্হা কৰিব পাৰিব বুলি অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে সদৰি কৰে । তদুপৰি নিৰ্ধাৰিত প্ৰত্যেক স্থানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া -কৰ্মচাৰী উপস্হিত থাকিব ।

অম্বুবাচীৰ সময়ত একাংশ ভক্তই মহানগৰীৰ বশিষ্ঠ মন্দিৰত আশ্ৰয় লোৱাৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা বশিষ্ঠ মন্দিৰ কৰ্তৃপক্ষয়ো সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক বিনামূলীয়া খাদ্য আৰু খোৱা পানীৰ যোগানৰ বাবে অনুৰোধ জনোৱাৰ কথা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সদৰি কৰে । উল্লেখযোগ্য যে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত শক্তিপীঠ মা কামাখ্যা মন্দিৰত অনুষ্ঠিত অম্বুবাচী মেলালৈ আগমন ঘটা অগণন ভক্তক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিনামূলীয়াকৈ খাদ্য আৰু খোৱা পানীৰ যোগান ধৰাৰ এক পৰম্পৰা অব্যাহত আছে। ইপিনে, আগন্তুক অম্বুবাচী মেলাত খোজকাঢ়ি যোৱা ভক্তক ডিছপ’জেবল চেন্দেল ( Disposable chappal ) যোগান ধৰিব বিচৰা ইচ্ছুক অনুষ্ঠান বা ব্যক্তিবিশেষক জিলা প্ৰশাসনে আদৰণী জনাব বুলি আজিৰ বৈঠকতে অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই জানিবলৈ দিয়ে ।

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন

গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্যনৰ উদ্যোগত আজি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰীৰ নেতৃত্বত শিক্ষক – শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পাণ্ডু অঞ্চলটোত এক সঁজাগতামূলক সমদল উলিয়াই। সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে প্লে – কাৰ্ড, বেনাৰ লৈ শিশু শ্ৰমিক বন্ধ কৰক, শিশুসকল শিক্ষা গ্ৰহণৰ বাবে, উপাৰ্জন কৰিবলৈ নহয় আদি বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড লৈ কলেজ চৌহদৰ পৰা কলেজৰ আশে-পাশে থকা পাণ্ডুৰ বস্তি অঞ্চললৈকে আকাশ- বতাহ মুখৰিত কৰি তোলে ।

লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বস্তি এলেকাত বসবাস কৰা অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰি এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰে। মত বিনিময় কৰাৰ সময়ত ছাত্র-ছাত্ৰীসকলে কয় যে বছৰ বছৰ ধৰি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰি থকাৰ বাহিৰে সাম্প্ৰতিক কালত প্ৰত্যেক গৰাকী অভিভাৱকে নিজ সন্তাক শ্ৰমিক হ’বলৈ নিদি সুশিক্ষিত কৰাৰ দায়বদ্ধতা থাকিব লাগিব। শিশুসকল যে ভৱিষ্যতৰ একো একোগৰাকী সু – নাগৰিক; শ্ৰমিক হ’বলৈ পঠিওৱাৰ বাদে স্কুললৈ পঠিয়াব লাগে সেই কথা নিৰক্ষৰ অভিভাৱকসকলে বুজি উঠিলেহে আজিৰ শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপনৰ সফলতা হোৱা বুলি গণ্য কৰিব পাৰি।

নগাঁৱৰ নাৰ্ছিং হ’মত চাঞ্চল্যকৰ ঘটনা,ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাৰ্ছৰ মৃতদেহ

নগাঁও ,১২ জুন ,নগাঁৱৰ এখন নাৰ্ছিংহ’মত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও চহৰৰ বৰবজাৰ এলেকাত থকা ডিবিএম (DBM) নামৰ নাৰ্ছিংহ’ম খনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসা প্ৰতিষ্ঠান খনৰ হোষ্টেলত আজি দুপৰীয়া এগৰাকী নাৰ্ছৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিষ্ঠান খনত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা নাৰ্ছ গৰাকী পুৰৱী বৰা বুলি চিনাক্ত কৰা হৈছে। পুৰবীৰ ঘৰ পুৰণিগুদামত। নাৰ্ছিংহ’মখনত কৰ্মৰত নাৰ্ছ গৰাকীয়ে আত্মহত্যা কৰিছে বুলি নাৰ্ছিংহ’ম খনৰ কৰ্তৃপক্ষ আৰু সহকৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে। সহকৰ্মী সকলে জনোৱা অনুসৰি আজি পুৱা হোষ্টেলৰ একেটা কোঠাত থকা সহকৰ্মীৰ সৈতে প্ৰাত:ভ্ৰমণলৈ গৈছিল পুৰবী বৰা।কিন্তু ৰহস্যজনক ভাবি আজি দুপৰীয়া হোষ্টেলৰ কোঠাত নাৰ্ছ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

আজি বহু দেৰিলৈকে কৰ্তব্যলৈ নহাত সহকৰ্মী কোঠালৈ গৈ প্ৰত্যক্ষ কৰে যে নাৰ্ছ গৰাকী সংজ্ঞাহীন ভাবে বিছনাত পৰি আছে। এই খবৰ পোৱাৰ লগে লগে নাৰ্ছিংহ’মৰ চিকিৎসক আদি কোঠাটোলৈ আহে।তেওঁলোকে জানিব পাৰে যে ইতিমধ্যে নাৰ্ছ গৰাকীৰ মৃত্যু হৈছে। এই সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা বেজি দিয়া চিৰিঞ্জ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহৰ কাষত বেজি দিয়া চিৰিঞ্জ আৰু আন সামগ্ৰী উদ্ধাৰ হোৱালৈ চাই নাৰ্ছ গৰাকীয়ে হয়তু অত্যাধিক নিচাযুক্ত ঔষধ বা পয়জন সেৱন কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে এই সকলো কথা আৰক্ষীৰ তদন্ততহে পৰিস্কাৰ হব। নাৰ্ছ গৰাকীয়ে প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে সহকৰ্মী সকলে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

মাৰোৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ দুদিনীয়া ইনড’ৰ গেমছ প্ৰতিযোগিতাৰ সফল সামৰণি

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত সমাজৰ শিশু আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ সম্ভাৱনাক দৃষ্টি ত ৰাখি মাৰৱাড়ী সন্মিলনৰ গুৱাহাটী শাখাৰ উদ্যোগত দুদিনীয়া ইনড’ৰ গেমছ ২০২৪ সফলতাৰে অনুষ্ঠিত হৈ যায়। স্বৰ্গীয় দীনদয়াল সিংহানিয়াৰ স্মৃতিত নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিভিন্ন শিতানত ( ইভেন্ট)আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতাত মাৰৱাড়ী সমাজৰ শিশু, যুৱক-যুৱতী, মহিলা আৰু জ্যৈষ্ঠ সকলেও অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজন কৰা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা গেমছৰ মুখ্য পৃষ্ঠপোষক , মুখ্যঅতিথি অমিত সিংহানিয়াই নিজৰ উদ্বোধনী ভাষনত শ্ৰী সিংহানিয়াই মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ অনুষ্ঠানে সমাজৰ খেলুৱৈক নিজৰ প্ৰতিভা দেখুৱাবলৈ এক মঞ্চ প্ৰদান কৰিছে ।


এই উপলক্ষে শাখাৰ সভাপতি শংকৰ বিৰলা, প্ৰাদেশিক সাধাৰণ সম্পাদক বিনোদ লোহিয়া, মণ্ডলীয়ৰ সহ-সম্পাদক মাখানলাল আগৰৱাল, কাৰ্যসূচী সমন্বয়ক প্ৰবীণ ডাগা, শাখা সম্পাদক অশোক ছেঠিয়াইও নিজৰ মতামত প্ৰকাশ কৰি অনুষ্ঠানটোক সফল আৰু অৰ্থপূৰ্ণ বুলি অভিহিত কৰে। প্ৰতিযোগিতা সমাৰোহত গুৱাহাটী শাখাৰ উপদেষ্টা পিতৰাম কেডিয়া, মহেশ্বৰী সভাৰ সভাপতি সীতাৰাম বিহানী, বৰপেটা শাখাৰ সম্পাদক প্ৰমোদ আগৰৱালাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পিছতে শাখাটোৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰদীপ ভুৱাল্কাই পুৰস্কাৰ বিতৰণ অনুষ্ঠান পৰিচালনা কৰাৰ সময়তে লুডো, ডাৰ্ট, আৰ্ম ৰেছলিং, চেছ, কেৰম, টেবুল টেনিছ আৰু বেডমিণ্টনত বিজয়ী আৰু ৰানাৰ্ছ আপৰ নাম ঘোষণা কৰে। প্ৰতিযোগিতাসমূহত ১৫ বছৰৰ তলৰ আৰু ১৫ বছৰৰ ওপৰৰ দুটা ভাগত ভাগ কৰা হৈছিল: পুৰুষ-মহিলা (একল), পুৰুষ-মহিলা (ডাবল)। গুৱাহাটীৰ উপৰি যোৰহাট, বোকাখাত, তিনিচুকীয়া, মঙলদৈ, হোজাই, নগাঁও আদি ঠাইৰ পৰা ৩৫০ জনতকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে যিয়ে অনুষ্ঠানটোৰ সফলতাৰ বিষয়ে বহু কথাই কয়।
শাখা প্ৰচাৰ সম্পাদক নৰেন্দ্ৰ ছোনীয়ে জনোৱা মতে বিজয়ী আৰু ৰানাৰ্ছ আপ সকলোকে ট্ৰফী প্ৰদান কৰা হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন অংশগ্ৰহণকাৰীক উপহাৰ হিচাপে প্ৰমাণপত্ৰ আৰু একোটাকৈ জাৰ্চি প্ৰদান কৰা হয়। এই উপলক্ষে গৌৰৱ শিভোটিয়াৰ সমন্বয়ত মাতৃ দিৱস উপলক্ষে আয়োজন কৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলকো ট্ৰফী প্ৰদান কৰি সন্মানিত কৰা হয়।
শাখাৰ কোষাধ্যক্ষ সুৰজ সিংহানিয়াই কয় যে প্ৰতিযোগিতাৰ সহযোগী সমন্বয়ক সুৰেন্দ্ৰ লাদ্ধা, বিবেক সংগনেৰিয়া, বিকাশ আগৰৱালা আৰু প্ৰদীপ পাটনীৰ তত্বাৱধানত আয়োজিত দুদিনীয়া ইনড’ৰ গেমছ, উপ-সভাপতি মহেন্দ্ৰ মিট্টল, প্ৰাক্তন সভাপতি সংৱৰমল আগৰৱাল, যুটীয়া সম্পাদক সঞ্জীত ধূত, সহ কোষাধ্যক্ষ বিকাশ জৈন, প্ৰভাশ পৌদ্ধাৰ, ৰাহুল লোহিয়া, সমিত চাৰাফ আদি সদস্যৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাই তৃতীয়বাৰৰ বাবে আয়োজন কৰা ইনড’ৰ গেমছ প্ৰতিযোগিতা দুদিনীয়াকৈ কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰীয়ে আন্তৰিকতাৰে শলাগ লৈ আৰু প্ৰতি বছৰে এই অনুষ্ঠানটো পাতিবলৈ আয়োজক মণ্ডলীক অনুৰোধ কৰে।

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিযুত মইনা’ আঁচনিৰ পৰা যুৱকক ১ লাখ টকাকৈ দিয়ালৈকে, কেবিনেট বৈঠকত আৰু কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?লোকসভাৰ নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।


নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ক, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ’ব।
ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহো পুনৰ নিৰ্ধাৰণ কৰা হ’ব।


আগষ্ট মাহত শেষ হ’ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা।

১৫ আগষ্টত ‘নিযুত মইনা’ আঁচনিৰ শুভাৰম্ভ। ‘নিযুত মইনা’ আঁচনিক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণোজ পেগুকলৈ কমিটী গঠন কৰা হৈছে।


‘নিযুত মইনা’ আঁচনিৰ মতে ছাত্ৰীক দিয়া হ’ব ১০ হাজাৰ টকা। ৭ দিনৰ ভিতৰত দুই মন্ত্ৰীয়ে দিব প্ৰতিবেদন।

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
১) ছোৱালী শিক্ষাৰ্থীৰ শিক্ষাৰ অধিকাৰ তথা বাল্য বিবাহক সমাজৰ পৰা নিৰ্মূলৰ এক পদক্ষেপ হিচাপে নিযুত মইনা আঁচনি ৰূপায়ণ৷
২) চাহ বাগিচা অঞ্চলত উন্নত সংযোগ ব্যৱস্থাৰ বাবে লাইন ৰোড নিৰ্মাণ, ৰাজ্যৰ বিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নীতকৰণ৷
৩) বানপানীৰ সৈতে মোকাবিলা কৰাৰ ১০ বছৰীয়া ৰূপৰেখা আদি৷