Home Blog Page 800

চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী

চৰাইদেউৰ সাপেখাতীৰ দিপালী গগৈ নামৰ এগৰাকী মহিলা নিৰুদ্দেশ। চৰাইদেউ জিলা সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ মিণ্টু গগৈ নামৰ গৃহৰক্ষী বাহিনী জোৱানৰ পত্নী দিপালী গগৈ নিৰুদ্দেশ।

জানিব পৰা মতে ৯ মে’ তাৰিখে নিজ গৃহৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হয়। এই সংক্ৰান্তত স্বামীয়ে পত্নীৰ কোনো সন্ধান উলিয়াব নোৱাৰি বিষয়টো সাপেখাতী আৰক্ষী থানাত অৱগত কৰে। সন্ধানহীন দিপালী গগৈয়ে দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ। বোৱাৰী নিৰুদ্দেশক লৈ অঞ্চলজুৰি চাঞ্চল্য। কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ কোনো সন্ধান পালে এই নম্বৰত 9859330414 যোগাযোগ কৰিবলৈ স্বামী মিণ্টু গগৈয়ে সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক অনুৰোধ জনাইছে।

অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…

অসুস্থ বলিউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ।

প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য বাৰ্তা ।


ৰাখীৰ অসুস্থতাৰ বাবে জগৰীয়া আদিল খানক ।
মানসিক চাপৰ বাবে ৰাখী সাৱন্ত অসুস্থ ।


কেঞ্চাৰ, টিউমাৰ, হাৰ্ট এটেক আৰু ষ্ট্ৰেছ – প্ৰাক্তন স্বামী ৰিতেশে দিলে ৰাখী সাৱন্তৰ স্বাস্থ্যৰ আপডেট

বিহু উদযাপনৰ বাবেই এঘৰীয়া কৰিলে ২৫টাকৈ পৰিয়ালক…

ছিপাঝাৰৰ বামুণঝাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা।

যিটো সময়ত বিহুৱে সকলো জাতি,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয় সাধন কৰিছে, একতাৰ জড়িৰে বৃহৎ অসমীয়া জাতিক এক কৰি ৰাখিছে, তেনে সময়ত দেখা গৈছে এক বিপৰীত ছবি।

অন্য সম্প্ৰদায়ৰ সৈতে বিহু উদযাপন কৰাৰ আপৰাধত এঘৰীয়া কৰা হৈছে প্ৰায় ২৫ ঘৰ মানুহক।

প্ৰায় ৬টা সম্প্ৰদায়ে উদযাপন কৰা বিহুত সহযোগ কৰাৰ বাবে বিভাজন নাথ সম্প্ৰদায়ৰ মাজত।

এঘৰীয়া কৰা পৰিয়াল কেইটাক শাস্তি হিচাপে দাবী কৰা হৈছে দহ হাজাৰকৈ টকা।

উক্ত ঘটনাটোৱে সমগ্র অঞ্চলটোতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

চাৰিগৰাকী প্ৰখ্যাত পৰিব্ৰাজকৰ দৃষ্টিত ভাৰতবৰ্ষ…

দূৰ অতীততে যথেষ্ট সংখ্যক বিদেশী পৰিব্ৰাজক ভাৰতবৰ্ষলৈ আহিছিল। সেইসকলৰ কেইবাগৰাকী পৰিব্ৰাজকে ভাৰতবৰ্ষ ভ্ৰমি যি দেখিছিল, শুনিছিল আৰু বুজিছিল, সেই বিষয়ে জ্ঞানসমৃদ্ধ, তথ্যসমৃদ্ধ উচ্চমানৰ দলিল লিপিৱদ্ধ কৰি থৈ গৈছিল। গ্ৰীক পণ্ডিত মেগাস্থেনিছ, চীন দেশৰ বৌদ্ধ ভিক্ষু ফাহিয়েন, চিন্তাবিদ হিউৱেন চাং, পণ্ডিত আলবেৰুণী আদি বিশেষভাৱে খ্যাত পৰিব্ৰাজক। বিভিন্ন উদ্দেশ্যত ভাৰতবৰ্ষলৈ অহা এই পৰিব্ৰাজকসকলে দেশখনৰ চৌপাশে ভ্ৰমণ কৰিছিল। ভ্ৰমণ-কালত তেওঁলোকে আহৰণ কৰা জ্ঞান, অভিজ্ঞতা আৰু তথ্যখিনি ইমান সুন্দৰভাৱে লিপিবদ্ধ কৰিছিল যে ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এয়া এক সমলৰূপে চিহ্নিত হৈছে। প্ৰাচীন ভাৰতবৰ্ষৰ বিভিন্ন দিশ তেওঁলোকৰ টোকাত প্ৰাণবন্ত ৰূপত বিচ্ছুৰিত হৈছিল। গ্ৰীক পণ্ডিত মেগাস্থেনিছ আৰু আলবেৰুণীয়ে সামাজিক দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষক বিশেষভাৱে বিচাৰ-বিশ্লেষণ কৰিছিল। ইয়াৰ বিপৰীতে, ফাহিয়েন আৰু হিউৱেন চাঙে  ভাৰতবৰ্ষৰ ধৰ্মীয় অৱস্থিতি সন্দৰ্ভত বিশেষ আলোকপাত কৰিছিল।

চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত  মৌৰ্য-ৰাজধানী পাটলিপুত্ৰত থাকি মেগাস্থেনিছে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। খ্ৰীষ্ট্ৰপূৰ্ব  ৩০২-২৮৮ৰ ভিতৰতে এইগৰাকী গ্ৰীক ইতিহাসবিদ তথা কূটনীতিবিদে ভাৰতভূমিত পদাৰ্পণ কৰিছিল। পৰিব্ৰাজকগৰাকীয়ে তেওঁৰ টোকাত যি বৰ্ণনা আগবঢ়াইছিল, সেই বিৱৰণৰ পৰা প্ৰাচীন ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসৰ, প্ৰকৃতি বিষয়ক তথ্য, যাতায়ত আৰু সামাজিক ব্যৱস্থা, ৰাজনৈতিক অৱস্থা আদিৰ বিষয়ে নিখুঁত আভাস পাব পাৰি। ভাৰতবৰ্ষত উৎপাদিত মৌ-মিঠা কুঁহিয়াৰ আৰু কপাহৰ উৎপাদন দেখি তেওঁ হেনো স্তম্ভিত আৰু বিস্মায়াভিভূত হৈছিল। ভাৰতবৰ্ষ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ বুলি উল্লেখ কৰাৰ সমান্তৰালভাৱে সোণ-মুকুতাৰ উৎপাদনতো যে অগ্ৰণী আছিল, তাকো তেওঁৰ  টোকাত উল্লেখ কৰিছিল।  ভাৰতীয়সকলক স্বাস্থ্যবান হিচাপে আৰু  গড় হিচাপত ভাৰতবাসী দীৰ্ঘ আয়ুস অধিক বুলিও মেগাস্থেনিছে চিহ্নিত কৰিছিল। তেওঁ এইবুলিও লিখিছিল যে ভাৰতীয় মহিলাসকল ধৰ্মপৰায়ণা। সেই সময়ৰ ভাৰতবৰ্ষৰ জাতিভেদ প্ৰথা, বৃত্তি অনুসৰি মানুহ সাতটা শ্ৰেণীত বিভক্ত হৈ থকাৰ কথাও স্থানান্তৰত  পৰ্যটকগৰাকীয়ে লিপিবদ্ধ কৰি থৈ গৈছিল। মেগাস্থেনিছৰ মতে, সেই সময়ৰ ভাৰতবৰ্ষত দাৰ্শনিক, খেতিয়ক, গৰখীয়া, কাৰিকৰ- বেপাৰী, সৈনিক, চোৰাংচোৱা আৰু মন্ত্ৰী অভিধাৰে সাতটা জাতৰ মানুহ আছিল। পণ্ডিতগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ভাৰতীয় লোক আছিল নিৰ্জু প্ৰকৃতিৰ আৰু সৎ স্বভাৱৰ। পৰাম্পৰাগত ৰীতি-নীতি অনুসৰিয়েই ভাৰতীয় মানুহে সৰল জীৱন যাপন কৰিছিল। বেপাৰ-বাণিজ্যও সততাৰেই কৰিছিল। ধৰ্মক অতিকে উচ্চ আসন দিছিল। জ্ঞানীলোকক যথেষ্ট সন্মান কৰিছিল যদিও, গোচৰত মিছা সাক্ষী দিয়াৰ প্ৰমাণ পালে হাত-ভৰি  কাটিবলৈ কুণ্ঠিত নহৈছিল। সেই সময়ত ৰজা-মহাৰজাৰ বাবে ঘোঁৰাই আছিল যাতায়তৰ প্ৰধান অৱলম্বন।

কে চি খান্নাই লিখা As They Saw India পুথিখনত উল্লেখ থকা অনুসৰি, পণ্ডিত  মেগাস্থেনিছে তেওঁৰ সুবিস্তৃত টোকাত প্ৰাচীন ভাৰতবৰ্ষৰ সৈন্য-বাহিনীৰ গঠন আৰু বিন্যাস সম্পৰ্কতো আলোকপাত কৰিছিল। বিশেষকৈ চন্দ্ৰগুপ্তৰ দিনত, নিজৰ সাম্ৰাজ্য সুৰক্ষিত কৰি ৰাখিবৰ বাবে  সেনা-বাহিনীক যে ৬টা ভাগত বিভক্ত কৰিছিল, তাৰ বৰ্ণনা মেগাস্থেনিছৰ টোকাত জলজলপটপট হৈ উঠিছিল। কৰ-কাটল সংগ্ৰহৰ বাবে পুৰণি ভাৰতবৰ্ষত যে ভূমিৰ জৰীপ চলাইছিল, সেই দিশতো পণ্ডিতগৰাকীৰ নজৰ পৰিছিল। নিৰ্দিষ্ট নিয়মেৰে নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে কৰ সংগ্ৰহ কৰাত ৰজা তথা মন্ত্ৰীগণে বিশেষ গুৰুত্ব দিছিল বুলিও তেওঁৰ বিখ্যাত ‘ইণ্ডিকা’ পুথিত উল্লেখ কৰিছিল বুলি জনা যায়। বিচাৰ প্ৰক্ৰিয়াত ৰজাই বিশেষ বিচাৰকৰ ভূমিকা পালন কৰা বুলি মেগাস্থেনিছে উল্লেখ কৰিছিল।   

 

৩৯৯খ্ৰীষ্টাব্দত চীন দেশীয় বৌদ্ধ সন্যাসী ফাহিয়েন ভাৰতবৰ্ষলৈ আহিছিল। ভাৰতবৰ্ষত তেওঁ ৬ বছৰ অতিবাহিত কৰিছিল। বৌদ্ধধৰ্মৰ পবিত্ৰ স্থানবোৰ দৰ্শন কৰা, বৌদ্ধ ধৰ্ম পুথিসমূহ আৰু স্মৃতিচিহ্নসমূহ  সংৰক্ষণ কৰাই ফাহিয়েনৰ মুখ্য উদ্দেশ্য আছিল। তেওঁ ভাৰতবৰ্ষত পদাৰ্পণ কৰা সময়ত চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যই শাসন ভাৰ চম্ভালিছিল। ফাহিয়েনে উল্লেখ কৰা মতে ভাৰতীয়সকল আনৰ ধৰ্মৰ প্ৰতি উদাৰমনা আছিল। তেওঁ আৰু উল্লেখ কৰিছিল যে বস্তু বেচা-কিনা কামত ভাৰতীয় মানুহে কড়ি ব্যৱহাৰ কৰিছিল। বিশিষ্ট লেখক কে চি খান্নাই As They Saw Indiaত লিখা অনুসৰি ভাৰতবৰ্ষৰ আচাৰ-বিচাৰ, ৰীতি-নীতি, সংস্কৃতি-পৰম্পৰা আদিত মুগ্ধ হৈ পৰা বাবেই ফাহিয়েনৰ বৰ্ণনাবোৰ অতিৰঞ্জিত হৈ পৰিছিল।         

তথ্য অনুসৰি ৬২৯ খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতবৰ্ষলৈ আহিছিল। ভাৰত ভ্ৰমি তেওঁ আহৰণ কৰা অভিজ্ঞতাখিনি Travels নামৰ পুথিখনত লিপিবদ্ধ কৰিছিল। তেওঁৰ বৰ্ণনা অনুসৰি শ্ৰাবস্তী, কপিলাবস্তু, বাৰানসী, সাৰনাথ, গয়া, পাতলিপুত্ৰ আদি ঠাইত হিউৱেন চাঙে বাহৰ পাতিছিল। বিশ্ববিশ্ৰুত পণ্ডিত শীলভদ্ৰৰ তত্ত্বাৱধানত নালন্দাত হিউৱেন চাঙে শিক্ষা গ্ৰহণ কৰিছিল।                       

মধ্য এছিয়াৰ তেতিয়াৰ ‘খিবা’ ৰাজ্যৰ পৰা ১০১৩খ্ৰীষ্টাব্দত আবু ৰায়হান নামৰ গণিত আৰু বিজ্ঞানৰ পণ্ডিত এগৰাকী ভাৰতবৰ্ষলৈ আহিছিল।পৰৱৰ্তী সময়ত তেঁৱেই আলবেৰুণী নামেৰে জনাজাত হৈছিল। তথ্য অনুসৰি গজনীৰ চুলতান মামুদে খিবা আক্ৰমণ কৰি আলবেৰুণীক বন্দী কৰি গজনীলৈ লৈ গৈছিল। তাৰ পাছত দেশান্তৰিত কৰাত  আলবেৰুণী ভাৰতবষলৈ আহিছিল। ভাৰতৰ বিষয়ে এইগৰাকী পণ্ডিতে আৰৱী ভাষাত লিখা পুথিসমূহ যথেষ্ট মান সম্পন্ন বুলিয়ে জনা যায়। ভাৰতীয় চিন্তাধাৰা, আচাৰ-বিচাৰ, ৰীতি-নীতি বৰ উচ্চস্তৰৰ বুলিয়েই আলবেৰুণীয়ে বৰ্ণনা কৰিছিল।

(অমূল্য ফুকন অনুদিত ‘বিদেশী পৰিব্ৰাজকৰ দৃষ্টিত ভাৰত’ শীৰ্ষক পুথিখনৰ ঋণ স্বীকাৰ কৰা হৈছে)

লেখকঃ সুভাষ বৰ্মন

সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা…

“সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা”-এডাল নেদেখা জৰীৰে গাঁঠি থোৱা তিনিটা শব্দ। যি তিনিটা শব্দ কেৱলমাত্ৰ উপলব্ধি কৰিব পাৰি, হৃদয়েৰে অনুভৱ কৰিব পাৰি কিন্তু মূল্যাংকনেৰে জুখি চাব নোঁৱাৰি। ই কাচতকৈও ঠুনুকা, বতাহতকৈও পাতল অথচ আপোনাক – মোক জীয়াই থাকিবলৈ দিব পাৰে এটা বাটৰ সন্ধান, দিব পাৰে মুঠি মুঠি জোনাক, দিব পাৰে বিশুদ্ধ অক্সিজেন। আমি পৃথিৱীত বসবাস কৰা প্ৰতিটো জীৱই সংবেদনশীল। আমাৰ প্ৰত্যেকৰে মন মগজু আছে, আবেগ – বিবেক আছে। মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। আমি যেতিয়া জন্মহৈ ধৰাৰ পোহৰ দেখো তেতিয়াই আমি প্ৰকৃতিৰ সৈতে এক অজান সম্পৰ্কত বান্ধ খাওঁ। হয়তো সেইয়াই প্ৰথম আৰম্ভণি সম্পৰ্কৰ নামত। গৰ্ভত এক নিৰ্দিষ্ট পৰিসৰত থকাৰ পৰা যেতিয়া মুকলিকৈ পাওঁ পৃথিৱীখন সেইয়াওঁ জীৱনৰ এক অনন্য সুখানুভূতি। লাহে লাহে আমি আত্মিক হওঁ আমাৰ পৰিয়ালৰ সৈতে , আমাৰ প্ৰতিবেশীৰ সৈতে, ইটো – সিটো বস্তুৰ সৈতে।

এই যে আত্মীয়তা গঢ়ি উঠে সেইয়াই সম্পৰ্ক। সম্পৰ্কবোৰ বৰ্তি থাকে মৰম – স্নেহ, ভালপোৱা, মান – অভিমান বা ঘাইকৈ বিশ্বাসৰ ওপৰত। এটা সম্পৰ্ক চিৰস্থায়ী কৰিবলৈ বা মজবুত কৰিবলৈ খুবেই প্ৰয়োজন বিশ্বাস কৰাৰ বা বিশ্বাসী হৈ ৰোৱাৰ। আমি প্ৰত্যেকেই এজনে আন এজনৰ লগত বা যিকোনো জীৱ – জন্তুৰ লগত সম্পৰ্কত বান্ধ খাই থাকোঁ কিন্তু এই গঢ়ি উঠা সম্পৰ্কটো সদায় হৃদয়েৰে হ’ব লাগে য’ত সঁচা মৰম, সঁচা অনুভৱ বা প্ৰকৃত ডোলেৰে বন্ধা থাকে। কৃত্ৰিমতা ইয়াৰ পৰিপন্থী। কৃত্ৰিম মনোভাৱেৰে গঢ়ি তোলা সম্পৰ্ক সদায় বৰ্তি নাথাকে কেতিয়াবা অলপকৈ ঠেকা খালেই ভাঙি পৰিব পাৰে। গতিকে সম্পৰ্ক এটা গঢ়াৰ ক্ষেত্ৰত সচেতন হোৱাতো প্ৰয়োজন।

আনহাতে সম্পৰ্কৰ ভেটিতেই গঢ় লৈ উঠে সম্বন্ধ। কিছুমান সম্বন্ধ নাম থকা আৰু কিছুমান নামহীন। কিছুমান সম্বন্ধ বাহ্যিকতাপূৰ্ণ বা সামাজিক ভাৱে পোৱা আৰু কিছুমান আত্মিক। যিকোনো এটা সম্পৰ্কত যিমানেই বুজা-পৰা থাকে, যিমানেই গভীৰতা থাকে সিমানেই সম্বন্ধটো বেছি গাঢ় হয় লাগিলে সেই সম্পৰ্ক নাম থকাই হওক বা নামহীনেই হওক। আমি প্ৰত্যেকেই আমাৰ মাজত গঢ়ি উঠা সম্পৰ্ক আৰু সম্পৰ্কৰ আলমত গঢ়া সম্বন্ধবোৰক সন্মান কৰা উচিত যাতে কেতিয়াও কোনেও কষ্ট পাব লগা নহয়। এই সম্পৰ্ক আৰু সম্বন্ধবোৰ বজাই ৰাখিবলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো হৈছে “আন্তৰিকতা”। আন্তৰিকতা অবিহনে এটা সম্পৰ্ক কেতিয়াও বৰ্তি থাকিব নোৱাৰে।

আন্তৰিকতাৰ কাৰণে আমি এজনে আন এজনৰ সুখ – দুখৰ সমভাগী হোৱা, বিপদ কালত অকলশৰীয়াকৈ এৰি নিদি একেলগে বৈতৰণী পাৰ হোৱা বা বিভিন্ন কামত জীৱন বাটত উৎসাহ যোগোৱাটো খুবেই প্ৰয়োজন যাতে আপোনাৰ বা মোৰ লগত সম্বন্ধ স্থাপন কৰা লোক জনে এক মুহূৰ্তৰ কাৰণে হ’লেও আমাক উপলব্ধি কৰিব পাৰে আৰু তেতিয়াই বাঢ়ে আন্তৰিকতা, গভীৰ হয় আন্তৰিকতাৰ খাদ। মনত কপট ভাৱ থাকিলে বা অহিত চিন্তা কৰিলে কেতিয়াও কাৰো প্ৰতি প্ৰকৃত আন্তৰিকতাৰ সৃষ্টি নহয় আৰু তেতিয়া এটা সম্পৰ্কত যতি পৰিব পাৰে। গতিকে আমি সদায় সঁচা অন্তৰেৰে, অন্ত:কৰণেৰে এটা সম্পৰ্ক গঢ়িব লাগে যাতে সেই সম্পৰ্ক যুগমীয়া হৈ ৰয়।

কটা ঘাঁত নিমখ নচটিয়াব…

বৰ্তমান সমগ্র অসমতে চৰ্চিত হৈ থকা এটা বিষয় হ’ল পংখী সন্দিকৈৰ হত্যাকাণ্ড। স্বামীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি অৱশেষত আত্মহত্যাৰ ৰূপ দিব খোজা নাটকখনৰ কথা সকলোৱে গম পাইছে তথাপি আমাৰ সমাজৰ অধিকাংশই বৰ্তমান পংখী সন্দিকৈৰ স্বামী নীতিকেশ ডেকাক দায়ী বুলি কোৱাৰ পৰিৱৰ্তে পাকে-প্ৰকাৰে পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃকহে উক্ত ঘটনাৰ বাবে দোষী সজালে। সামাজিক মাধ্যমত এইকেইদিন কেৱল এটাই কথা যে নীতিকেশৰ চাকৰি দেখি, টকা দেখি পংখীক মাক-দেউতাকে তালৈ বিয়া  দিলে। প্ৰথম কথা নীতিকেশ কোনো কোটিপতি নহয় যে ধনৰ লালসাত তেওঁলোকে নিজ কন্যাক তেনে এজন পিশাচলৈ বিয়া দিব। দ্বিতীয় কথা পংখী আৰু নীতিকেশৰ ঘৰৰ সন্মতিত প্ৰেম বিবাহ আছিল, মুখাপিন্ধা ভদ্র বুলি যে এষাৰ কথা আছে এই পিন্ধা ভদ্র আছিল নীতিকেশ ডেকা সেয়ে হয়তো পংখীৰ মাক-দেউতাকে তাৰ প্ৰকৃত স্বৰূপ নাজানি জীয়েকৰ পছন্দক সমৰ্থন কৰিছিল। তৃতীয়তে বহুতেই কয় আছে কম বয়সতে নিজে স্বাৱলম্বী হোৱাৰ পৰিৱৰ্তে ৰূপ আৰু টকা দেখি বিয়া হ’লে এনে হ’বই, বহুতো ছোৱালীয়ে বিয়াৰ পিছতো পঢ়ি-শুনি স্বাৱলম্বী হয়, পংখীয়েও হয়তো সেইধৰণেই কৰিব খুজিছিল। আকৌ সাংবাদিকৰ সন্মুখত মাকে দিয়া ভাষ্যৰ আলমত বহুতেই কৈছে যে মাকে সিহঁতৰ মনোমালিন্যৰ কথা গম পায়ো নীতিকেশৰ পৰা আঁতৰাই ননাৰ বাবেই এনে হ’ল কিন্তু প্ৰেম বিবাহ কৰা এহাল দম্পতী তাতে আকৌ নিজৰ জীয়েকৰ সংসাৰ কোনো মাকেই ইমান সহজতে ভাঙি যোৱাটো নিবিচাৰে আৰু তেওঁ ইয়াকো কৈছে যে কাজিয়া মাত্র এদিন হোৱা বুলিহে তেওঁ জানে।


সামাজিক মাধ্যমত ইমান আনৰ বিচাৰ কৰি ফুৰা সেই সকল মানুহে পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃৰ ইমানবোৰ ভুল ঠিকেই উলিয়ালে কিন্তু এজন হত্যাকাৰীৰ ভুল বা সেই হত্যাকাৰী জনে উচিত শাস্তি পাব লাগে বুলি কিন্তু এবাৰো নক’লে। একাংশই আকৌ পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃক দোষী সজাই কবিতাই লিখিলে। হাঁহি উঠে মানুহৰ অনে কাৰ্যত। নীতিকেশ ডেকাৰ সমানে সমানে এই সকললোকো দোষী যিয়ে প্ৰকৃত দোষীৰ দোষক গাপ দি চতুৰালিৰে আনক দোষী সজাইছে। সামাজিক মাধ্যমত যিকোনো এটা পক্ষৰ হৈ দুশাৰী লিখাটো তেনেই সহজ কিন্তু সত্যৰ পক্ষত থাকি কথা ক’বলৈ হ’লে সৎ সাহসৰ প্ৰয়োজন। আৰু আমাৰ সমাজখনৰটো নাৰী আৰু দুৰ্বলক  আৰু অধিক কষ্ট দি, দোষ জাপি দি চাৰিওফালৰ পৰা দোষী সঁজোৱাটো এটা নিচা। সামাজিক মাধ্যমত এইদৰে পাণ্ডিত্য দেখুওৱা সকলৰ উদ্দেশ্যে শেষত এটা কথাই ক’ম “সেই নৰপিশাচটোই যাতে উচিত শাস্তি পায় তাৰ বাবে কিবা কৰিব পাৰে যদি কৰক অন্যথা মনে মনে বহি থকাই শ্ৰেয় কিয়নো কটা ঘাঁত নিমখ চটিওৱাটো প্ৰকৃত মানুহৰ লক্ষণ নহয়”।

লেখিকাঃ বনশ্রী শৰ্মা

মৰিগাঁও ভূৰবন্ধাত সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ উদযাপনৰ অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন…

বৃহস্পিতাবাৰে দিনৰ ১১ বজাত মৰিগাঁও ভুৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্র সন্থা উদ‍্যোগত ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত মৰিগাঁও ভূৰবন্ধাত আগন্তুক ৯ আৰু ১০ জুন তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে ছাত্র সংহতি দিৱসটি উদযাপনৰ বাবে এটি অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন কৰে। এই কাৰ্য্যালয়টো শুভ উদ্বোধন কৰে ভূৰবন্ধা অঞ্চলৰ জেষ্ঠ নাগৰিক তথা প্ৰাক্তন প্ৰধান শিক্ষক ভানুৰাম কাকতিয়ে। ১৯৭৪ চনৰ পৰা উদযাপন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ এই ১০জুন ছাত্ৰ সংহতি দিবসটি এই বৰ্ষৰ সোনালী জয়ন্তী বৰ্ষত ভৰি দিয়ে।

এই ১০জুন ছাত্ৰ সংহতি দিবসটি সোনালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানটি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে ভুৰবন্ধাত আয়োজন কৰা লক্ষ্যৰে আজি এটি অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন কৰে ।এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ‍্যোতি মেধি,সদৌ মৰিগাঁও জিলা ছাত্র সন্থা সভাপতি দিপুল কুমাৰ নাথ,মৰিগাঁও জিলা ছাত্র সন্থা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিৱ‍্যজ‍্যোতি চৌধুৰী,আদৰণীয় সমিতিৰ সভাপতি যোগল কিশোৰ চৌধুৰী,কাৰ্য্যকৰী সভাপতি মৃদুল শৰ্মা,অসম উন্নীত সভা কেন্দ্ৰীয় সাংগঠনিক

সম্পাদক অতনু শৰ্মাৰ লগতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা বিষয়ববীয়া তথা কাৰ্য্যকৰ্তা সকল আৰু মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা বহু কেইজন বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানত অস্থায়ী কাৰ্য্যালয়টো শুভ উদ্বোধন কৰি উদ্বোধক ভানুৰাম কাকতিৰ লগতে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ‍্যোতি মেধিয়ে আগন্তুক কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ সকলো অনুষ্ঠানতে ৰাইজৰ সংক্ৰিয় সহযোগিতা কামনা কৰে।

আজি SI জোনমণি ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী, মাতৃৰ চকুত চকুলো…

আজি SI জোনমণি ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী।

এটা বছৰ সম্পূৰণ হ’ল জোনমণি ৰাভাৰ মৃত্যু হোৱা।

জোনমণি ৰাভাৰ সদগতিৰ কামনাৰে ঘৰত পূজা-অৰ্চনা।

২০২৩ চনৰ ১৫ মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই।

এটা বছৰৰ ভিতৰতে জীয়ৰী, পুত্ৰক হেৰুৱাই আজি জোনমণি ৰাভাৰ প্ৰথমটো মৃত্যু তিথিত কেৱল কান্দিছে আৰু কান্দিছে।

সাংস্কৃতিক জগতলৈ সু-খবৰ ! MARCHE DU FILM- Festival De Cannesত অনলাইনযোগে বিশেষ প্ৰদৰ্শনী হ’ব শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত জনসমাদৃত বোলছবি ‘মুঝে স্কুল নেহি জানা’…

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা ‘মুঝে স্কুল নেহি জানা’ হিন্দী বোলছবিখন এইবাৰ MARCHE DU FILM- Festival De Cannesত অহা ১৬ মে তাৰিখে বিয়লি ৪ বজাত অনলাইনযোগে বিশেষ প্ৰদৰ্শন কৰা হ’ব। অসমৰ জনপ্ৰিয় শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত ছবিখনে ইতিমধ্যে ১৫০ টাৰো অধিক ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

NBDK প্ৰডাকচনৰ নিবেদনত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা নিপন ধলুৱাৰ, প্ৰযোজনা বৰ্ণালী ধলুৱাৰ। ছবিখনত অভিনয় কৰিছে কেথৰিন ধলুৱা, চনিকা চোপ্ৰা, ৰশ্মি গুপ্তা, মাধুৰিমা চৌধুৰী, ৰিয়া শ্বিধৱানী, মৌ মন, দিচান ধলুৱা আদিয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ড° জছপিন্দৰ নোৰেলা আৰু দিচান ধলুৱাই, সংগীত কৰিছে বিভূতি গগৈয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা এই ছবিখন ১০, ১১, ১২ মে তাৰিখে বাবাচাহেব ড° বি.আৰ.আম্বেদকাৰ ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হ’ব। বিভিন্ন ঠাইৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত চিত্ৰগ্ৰহণ কৰা “মুঝে স্কুল নেহি জানা” ছবিখনৰ জৰিয়তে দৰ্শকে এক সুন্দৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হ’ব বুলি পৰিচালক নিপন ধলুৱাই জানিব দিয়ে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে সীমান্ত শেখৰ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে দেখা গ’ল সীমান্ত শেখৰক।

সামাজিক মাধ্যমত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব বিকাশ খৰ্গে আৰু অভিনেতা, উদ্যোগী তথা প্ৰযোজক জেকি ভাগনানিৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিলে-‘মহাৰাষ্ট্ৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰধান সচিব শ্ৰীযুত বিকাশ খৰ্গে (আই এ এছ)ডাঙৰীয়াক লগ পাই যথেষ্ট কৃতাৰ্থ হ’লোঁ৷ ব্যক্তিগতভাৱে তেখেত মোৰ সৈতে ঘনিষ্ঠ৷ তেখেতৰ দৰে এগৰাকী ব্যক্তিক বন্ধু জেকি ভাগনানিৰ সৈতে সৌহার্দ্যমূলকভাৱে সাক্ষাৎ কৰি যথেষ্ট সুখী হোৱাৰ লগতে একেলগে একাপ গৰম চাহৰ জুতিৰে সময়খিনি মধুৰ কৰি তুলিলোঁ৷’

আনহাতে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীতো উপস্থিত হৈছিল জেকী আৰু তেওঁৰ পত্নী ৰাকুলপ্ৰীত সিং।