Home Blog Page 811

বোকাখাতত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ-২০২৪ৰ সামৰণি


২৩ মে’ৰ পৰা জ্ঞান বিজ্ঞান সমিতি, অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ৰ আজি সামৰণি পৰে।বোকাখাত জাতীয় বিদ্যালয় বাকৰিত তিনি দিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিৰ আজিৰ তৃতীয় দিনৰ কাৰ্য্যসূচী পুৱা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী অনুষ্ঠান শিকন কোনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি সকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই।

ছাত্র ছাত্রী সকলে পাঁচটি ভাষাত পৰিবেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ হয়। লগতে সকলো ছাত্র ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই স্মৰনিকা “মুক্তমন” উন্মোচন কৰে। ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তই সম্পাদনা কৰা স্মৰনিকাখনিত চল্লিশ গৰাকী ব্যক্তিৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট কৰা হৈছে। উন্মোচক ড° বৰুৱাই স্মৰনিকাখনিৰ মানদণ্ড উন্নত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰি প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়াই তেখেতৰ বক্তব্যত সমাৰোহখনিৰ পৰিবেশক শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে। জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে তিনিদিনৰ অভিজ্ঞতাৰে বক্তব্য আগবঢ়ায়।

অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহখনিত দূৰ-দূৰণিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে সন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে। দুপৰীয়ালৈ শিশু সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয় আৰু বিয়লি পতাকা অৱনমনেৰে তিনি দিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয়।

আঢ়ৈশ বছৰ গৰকা বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ হয় ধৰ্মধ্বজা উত্তোলন , ভাগৱত পাঠ আৰু মহানাম মহোৎসৱ । ঐতিহ্যণ্ডিত নামঘৰটিৰ প্ৰাংগণত আজি পুৱা পৰিবেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে শংকৰী সাধক, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ নাথে ৷ তাৰ পিছতে মহিলা সকলৰ দিহানামেৰ পৰিবেষ্টিত হৈ ভাগৱত শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চল কৃষ্ণনামৰ ধৰ্ব্বনিৰে মুখৰিত হৈ পৰে ৷ ইয়াৰ লগে লগে ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চলৰ কৃষ্ণ নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰে ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায় । দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ ।

উক্ত অনুষ্ঠানৰ পাছতে নামঘৰ প্ৰাংগনত মহিলা সকলে বৰুন দেৱতাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাই ৷ প্ৰবীণ অনাঁতাৰ শিল্পী গম্ভীৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ নাথে আতঁধৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ একুৰি অধিক ছাত্ৰছাত্ৰীক সম্বদ্ধৰ্না পত্ৰ,ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনোবা হয় ৷ ইয়াৰ পাছতে বিয়লি ভাগৱত পাঠ কৰে মৰিগাঁৱৰ মেঘৰাম নাথ,জ্যোতিপ্ৰসাদ নাথ (জন্মী),অনিল নাথকে ধৰি কেইবাজনো পাঠক আৰু ব্যাখ্যা কাৰকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৷
আনহাতে অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আতঁধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,হিৰেণ নাথ,তিলেশ্বৰ নাথ,গুনেন্দ্ৰ নাথ,লক্ষেশ্বৰ নাথ,কিৰণ নাথ,টংকেশ্বৰ নাথ,প্ৰদীপ নাথ,হৰিচৰণ নাথ,অম্বিক নাথকে ধৰি প্ৰায় পাঁচ শতাধিক আই-মাতৃ লগতে ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ নিশা অবিৰত ভাবে ভাগৱত পাঠ চলি থকা অন্তত কাইলৈ পুৱা খোল প্ৰসংগ আৰু দুপৰীয়া মহানাম মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব ৷

ৰহাৰ দী,কে, হাইস্কুলত প্ৰয়াত পূৰ্ণকান্ত নাথ শৈক্ষিক বঁটা প্ৰদান

তিনিগৰাকী ছাত্ৰ- ছাত্ৰীলৈ আগবঢ়ালে এই বঁটা।

সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে – ডঃ নিৰলা দেৱী

ৰহাৰ দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি প্ৰয়াত পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা তিনিগৰাকী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হয় । ১৯৬৬ চনত গ্ৰাম্য অঞ্চলত শিক্ষাৰ ভেটি গঢ়িবলৈ চেষ্টা কৰা বিদ্যালয় খনৰ প্ৰতিষ্ঠাকালৰ এগৰাকী সম্পাদক পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানটোত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা ৰহাৰ জেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথে। প্ৰধান শিক্ষক হেমকান্ত শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাত এইবাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উৰ্ত্তীণ হোৱা গৌতম নাথ(৯০.৩৩ শতাংশ), ষ্টাৰ সহ উৰ্ত্তীণ হোৱা নয়না শৰ্মা ( ৭৮.৮৩ শতাংশ) আৰু নিলাক্ষী হাজৰিকা (৭৫.৩৩ শতাংশ)ক গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰি বঁটা প্ৰদান কৰে । এই তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে প্ৰয়াত পূৰ্ণকান্ত নাথৰ পৰিয়ালৰ হৈ ভটিজা ভদ্ৰকান্ত নাথ, ভটিজা বোৱাৰী প্ৰনতি দেৱী, বৰ জীয়ৰী ডঃ নিৰলা দেৱী আৰু ভাগিন তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দেৱীয়ে । বিশিষ্ট কবি তথা প্ৰয়াত পূৰ্ণকান্ত নাথৰ বৰ জোঁৱাই প্ৰেম নাৰায়ণ নাথ , ভটিজী জ্যোৎস্না দেৱীয়ে অংশগ্ৰহণ কৰা বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰয়াত পূৰ্ণকান্ত নাথৰ বিষয়ে বক্তব্য প্ৰদান কৰি তেখেতৰ বৰজীয়ৰী তথা ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ডঃ নিৰলা দেৱীয়ে বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ চমু আভাষ দাঙি ধৰি কয়”- সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে । সেই কথাৰ প্ৰমান দীঘলদৰি কাকতি গাওঁ হাইস্কুল। একালৰ এচাম লোকৰ যত্ন আৰু চেষ্টাৰে গঢ় লোৱা বিদ্যালয় খনৰ বৰ্তমানৰ ৰূপ দেখি সঁচাকৈ ভাল লাগে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উদেশ্য কৰি নিৰলা দেৱীয়ে পুনৰ কয় -‘ এসময়ত নিজে পঢ়া বিদ্যালয় খনত উপস্থিত থাকি সঁচাকৈয়ে ভাল লাগিছে। আমি পঢ়া বিদ্যালয়ৰ সেই ৰূপ নাই ।আমি কেৱল পঢ়িছিলোঁ।

কিতাপৰ পাঠেই একমাত্ৰ সাৰথি আছিল কিন্তু আজি কালি ছাত্ৰ ছাত্ৰীৰ কিতাপৰ লগতে ম’বাইল ফোন দৰকাৰী হৈছে । ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল ভাল কামত ব্যৱহাৰ কৰিলে আধুনিক প্ৰযুক্তিয়ে সহায় কৰে , কিন্তু সকলো কথা বা বিষয় ম’বাইলৰ পৰা আহৰণ কৰি পঢ়িলে ঠগ খোৱাৰ ভয় আছে ।সেয়ে ম’বাইলৰ তথ্য আৰু কিতাপৰ তথ্য মিলাই অধ্যয়ণ কৰিলে ভাল ফলাফল আশা কৰিব পাৰি। সভাত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি ৰজনী কুমাৰ নাথকে ধৰি পৰিচালনা সমিতিৰ সদস্য বৃন্দ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী আৰু একাংশ অভিভাৱকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা এইবছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেছি ভাল ফলাফল দেখুৱাইছে ছাত্ৰ যাত্ৰীয়ে। এজন ডিষ্টিংচন,দুজন ষ্টাৰ সহ ১৯ গৰাকীয়ে প্ৰথম বিভাগত, আৰু ২২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। উৰ্ত্তীণৰ হাৰ ৯৫.৩৫ শতাংশ।

সমাধিস্থৰ পৰম্পৰাগত শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্থা শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ সমাধিস্থ পৰম্পৰাৰ শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্হা সন্দৰ্ভত অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অধীনত প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ এখন আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আয়োজিত এই আলোচনা চক্ৰখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱাৰ পাছতে আদৰণী ভাষণ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ আযুক্ত সচিব ৰঞ্জন শৰ্মাই। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন আয়োজন কৰাৰ এক মূল উদ্দেশ্য হৈছে সমাধিস্থ কৰা পদ্ধতি আৰু অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাধিৰ পৰম্পৰাৰ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় তাৎপৰ্য্যৰ অনুসন্ধান কৰা।

ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ সঞ্চালকপ্ৰধান ৱাই এছ ৰাৱাটে মুখ্য অতিথি হিচাপে উপস্হিত থাকি কয় যে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সমাজৰ সাংস্কৃতিক আৰু সামাজিক কাঠামোত সমাধি পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ কৰা সাধনাসমূহ অন্বেষণ কৰি গৱেষক হিচাপে আমি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত সমাধিস্থ কৰাৰ পদ্ধতিৰ বৈচিত্ৰ্য আৰু জটিলতাৰ বিষয়ে গভীৰ বুজাবুজি লাভ কৰিব পাৰো।

আলোচনা চক্ৰখনত মূল বক্তব্য প্ৰদান কৰে পদ্মশ্ৰী সন্মান প্ৰাপক অধ্যাপক যোগেন্দ্ৰ নাথ ফুকনে।সন্মানীয় অতিথি হিচাপে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( সংৰক্ষণ, বিশ্ব ঐতিহ্য, এন চি এফ) জাহ্নিজ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে ইন্সটিউট অব আৰ্কিঅ’ল’জি এণ্ড আইক’নিক ছাইটৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( প্ৰত্নতাত্ত্বিক) ডঃ এছ কে মঞ্জুলে ভাৰ্চুৱেল মাধ্যমেৰে আলোচনাচক্ৰখনত বিষয়বস্তু সামৰি বক্তব্য আগবঢ়ায় । শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অনুৰা মনাটুংগাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত থাইলেণ্ড, শ্ৰীলংকা তথা ভাৰতৰ ভিন্ন ৰাজ্যৰ ভালেসংখ্যক প্ৰতিনিধি আৰু গবেষকে অংশগ্ৰহণ কৰি পৰম্পৰাগত সমাধিস্থৰ প্ৰত্নতাত্ত্বিক দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় ।

তদুপৰি অনলাইন যোগে আয়োজিত আন এক বৈঠকত আফগানিস্তান, চেক প্ৰজাতন্ত্ৰৰ পণ্ডিত-গবেষকসকলে তেওঁলোকৰ গবেষণা পত্ৰসমূহ পাঠ কৰি পৰম্পৰাগত সমাধিস্থৰ বিভিন্ন দিশ উন্মোচন কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰম্পৰাগত সমাধিস্থ কৰাৰ প্ৰক্ৰিয়া,ব্যৱস্থা তথা কৌশল আৰু এইসমূহৰ সৈতে আহোম ৰাজত্বকালৰ চৰাইদেউৰ মৈদাম সন্দৰ্ভত এক তুলনামুলক গবেষণাধৰ্মী আলোচনাই এই আন্তৰ্জাতিক আলোচনা চক্ৰখনক যথেষ্ট অৰ্থবহ কৰি তোলে ।আলোচনা চক্ৰখনত খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

গুৱাহাটীত ইণ্ডিয়ান ৱেৰ হাউছৰ গ্ৰেণ্ড অপেনিং…

গুৱাহাটীত ইণ্ডিয়ান ৱেৰ হাউছৰ গ্ৰেণ্ড অপেনিং

গুৱাহাটী- নাগালেণ্ডৰ প্ৰখ্যাত বস্ত্ৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ৱেৰ হাউছৰ এখন নতুন ব্যুটিকৰ গ্ৰেণ্ড অপেনিং গুৱাহাটীৰ অ’ৰাছ মলত আজি (২৫ মে, ২০২৪) এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই ব্যুটিকখন মুকলি কৰা হয়৷ এই অনুষ্ঠানত ফেশ্বন আৰু বিনোদন জগতৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ফিটা কাটি ব্যুটিকখন মুকলি কৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰখ্যাত কণ্ঠ শিল্পী আলব’ নাগা, আগশাৰীৰ ফেশ্বন

লেখক তথা “ মেখেলা মামা ” হিচাপে পৰিচিত থেই কেডিটছুৰ লগতে মিছ আছাম অনামিকা বৰা, ৰিয়া বৰা আৰু ভায়লিনা বড়োৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ ব্যুটিকখনৰ উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান ৱেৰ হাউছৰ প্ৰতিষ্ঠাপক লিভিলি কিবামিয়ে কয়— “ আমি গুৱাহাটীৰ সৌন্দৰ্য্যময় লোকসকলক আমাৰ কৰ্মৰ সৈতে পৰিচয়

কৰাই দিবলৈ পাই ৰোমাঞ্চিত হৈ পৰিছো৷ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সাংস্কৃতিক ভগ্নীত্বক বিস্তাৰ কৰাই আমাৰ মূল উদ্দেশ্য৷” ইণ্ডিয়ান ৱেৰহাউছে গুৱাহাটীবাসীয়ে আগবঢ়োৱা আদৰণিৰ বাবে কূতজ্ঞতা প্ৰকাশ কৰিছে৷ নাগালেণ্ডত সকলোৰে আদৰৰ নাম হৈ পৰা এই প্ৰতিষ্ঠানটোৱে গুৱাহাটীতো অনুৰূপ ধৰণে সেৱা আগবঢ়াব বিচাৰে৷

তিতাবৰত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা” প্ৰদান…

তিতাবৰত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা” প্ৰদান

লোককৃষ্টিৰ সাধক ভুৱন বড়াক ‘চক্ৰধ্বজ ঠেঙ্গাল সাহিত্য সংস্কৃতি বঁটা’, শিপিনী ৰেণু কছাৰী, সদ্য ঘোষিত ‘এম বি বি এছ’ পৰীক্ষাত উত্তীৰ্ণ শশাংক ৰাজ শইকীয়াক সম্বৰ্ধনা


সমগ্ৰ জীৱন ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্মপৰিচয়, মৰ্যদা আৰু বিকাশৰ বাবে কাম কৰা ঠেঙ্গাল জনগোষ্ঠীৰ মহীৰূহ, তিতাবৰৰ প্ৰবীণ শিক্ষাবিদ, গৱেষক ডঃ যোগেশ্বৰ বড়াক কালি ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা’ৰে সন্মান প্ৰদান কৰা হয়। তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদানৰ লগতে ডঃ বড়াৰ বিভিন্ন সময়ত প্ৰকাশিত গৱেষণা ধৰ্মী প্ৰৱন্ধৰ নিৰ্বাচিত সংকলন ‘চীনৰ পৰা দৈয়াঙলৈ, ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। তদুপলক্ষে ঠেঙ্গাল কছাৰী সাহিত্য-সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰা ডঃ বড়াই জনগোষ্ঠীৰ বিভিন্ন সমস্যা, প্ৰত্যাহ্বান আৰু সম্ভাৱনাময় স্থিতি আলোপাত কৰে। উল্লেখযোগ্য যে দেশৰ সংবিধানে স্বীকৃতি প্ৰদান কৰি অহা ৰাজ্যৰ ভৈয়াম জনজাতিসকলৰ অন্যতম ঠেঙ্গাল কছাৰীসকলে নিজৰ জাতি সত্তাৰ প্ৰকৃত পৰিচয় বিচাৰি সংগ্ৰাম অব্যাহত ৰখাৰ সময়ত জাতিৰ স্বকীয় পৰিচয় তুলি ধৰা সকলৰ অন্যতম আছিল ডঃ যোগেশ্বৰ বড়া । দেশৰ সংবিধান প্ৰদত্ত ৰাজ্যৰ ভৈয়াম জনগোষ্ঠীৰ মৰ্যদা লাভ কৰি কছাৰী স্বীকৃতি লাভ কৰি অহা ঠেঙ্গালসকল সোণোৱাল জনগোষ্ঠীৰ এটা গোট বুলি পৰিচিত হৈ আহিছিল। সোণোৱালসকলে দীৰ্ঘদিন ধৰি দাবী জনাই অহা প্ৰস্তাৱিত সোণোৱাল কছাৰী স্বয়ত্ব শাসিত পৰিষদৰ এলেকাত ঠেঙ্গাল কছাৰী জনগোষ্ঠীয় লোকৰ গাঁও অন্তৰ্ভুক্ত কৰি ৰূপৰেখা প্ৰস্তুত কৰাত জনগোষ্ঠীটোৰ

লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। ডঃ যোগেশ্বৰ বড়াই ঠেঙ্গাল কছাৰীসকলৰ এই ক্ষোভৰ নেতৃত্ব বহন কৰি ফাদিল কৰিলে জনগোষ্ঠীৰ নিজস্ব পৰিচয়। তথ্যসন্মত গৱেষণা আৰু ইতিহাস উদঙাই প্ৰকাশ কৰা ‘চীনৰ পৰা দৈয়াঙলৈ ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা’ শীৰ্ষক প্ৰৱন্ধত ঠেঙ্গালসকল মংগোলীয় গোষ্ঠীৰ বড়ো মূলৰ পূৱ গোষ্ঠীৰ কছাৰী কুলৰ এটা গোট বুলি দাবী কৰি কয় যে ১৫২৬ খৃষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুংৰ সৈতে হোৱা যুদ্ধত কছাৰীসকলে জয় লাভ কৰি গোলাঘাটৰ কাছমাৰী পথাৰত ৰাজ্য স্থাপন কৰা জংবাহাদুৰ ৰজাৰ বংশ পৰিয়াল আজিৰ ঠেঙ্গালসকল বুলি দাবী কৰে। কছাৰী ৰজা জংবাহাদুৰ আৰু তেওঁৰ সৈন্যসকলে যুদ্ধ আৰু তাৰ পৰৱৰ্তী সময়ত পিন্ধা এক বিশেষ সাজ (Pantaloom )ক ঠেঙ্গা বোলা হৈছিল। সেই সাজ পৰিধান কৰা বাবেই ৰজা আৰু তেওঁৰ সৈন্যসকলক ঠেঙ্গাল বুলি চৰ্চিত আৰু পৰিচিত হয়। সেই ৰাজ্যৰ সতী-সন্ততি আৰু প্ৰজাসকলৰ সমষ্টিয়ে আজিৰ ঠেঙ্গাল কছাৰী বুলি ডঃ যোগেশ্বৰ বড়াই দাবী কৰি লিখা গৱেষণা ধৰ্মীয় প্ৰৱন্ধ পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ সম্পৰ্কত গবেষণাৰ দলিল ৰূপে স্বীকৃতি লাভ কৰি আহিছে।


ঐতিহাসিক সমল, যুক্তিৰে লিখা প্ৰৱন্ধৰে ঠেঙ্গালসকলৰ সুকীয়া পৰিচয় ডঃ বড়াই পুনৰ বাৰ প্ৰতিষ্ঠা কৰে। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ প্ৰথম গৰাকী স্নাতকোত্তৰ আৰু প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰী প্ৰাপক, বিশিষ্ট গৱেষকগৰাকীয়ে আজিও জনগোষ্ঠীটোৰ বিভিন্ন বিষয়ত সক্ৰিয়তাৰে কাম কৰি আছে। তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বড়াক সন্মান প্ৰদান কৰা এই অনুষ্ঠানত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাই প্ৰকাশ কৰি উলিওৱা ডঃ বড়াৰ লেখাৰ নিৰ্বাচিত সংকলন আৰু “folk Elements in Ramasarasvati” শীৰ্ষক গৱেষণা পত্ৰ উন্মোচন কৰে বিশিষ্ট গৱেষক, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰক্তিম ৰঞ্জন শইকীয়াই । সভাৰ সম্পাদক ৰক্তিম শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ হেৰাই যোৱা মান বস্ত্ৰ (গায়নৰ টঙালি) পুনৰ উদ্ধাৰ কৰি উন্মোচন কৰা হয়। তিতাবৰৰ ২ নং বেবেজিয়া গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা দিহানামেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ মূল সভাত ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ মুখ্য সম্পাদক অৰুণ কাঁৱাৰ, অভিনেতা ৰাজীৱ ক্ৰ, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ কালৰ বুকুত হেৰাই যোৱা বিভিন্ন লোককৃষ্টি সম্পদ সংৰক্ষণ কৰি অহা তিতাবৰ কছাৰী গাঁৱৰ ভুৱন বড়াক অনুষ্ঠানত ‘চক্ৰধ্বজ ঠেঙ্গাল সাহিত্য সংস্কৃতি বঁটা’ প্ৰদান কৰা হয। অন্যহাতে ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ শিল্পলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা জনগোষ্ঠীটোৰ উদ্যমী মহিলা তিতাবৰ বেবেজিয়া কছাৰী গাঁৱৰ ৰেণু কছাৰী আৰু সদ্যঘোষিত চিকিৎসাশাস্ত্ৰত স্নাতক (এম বি বি এছ) পৰীক্ষাত উজ্বলি উঠা তিতাবৰৰ সন্তান শশাংক ৰাজ শইকীয়াক সভাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ স্থানীয় বহুকেইগৰাকী প্ৰতিনিধিক নিমন্ত্ৰণ নজনোৱাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

ধুবুৰীত দুজনকৈ বাংলাদেশী নাগৰিকক উদ্ধাৰ ধুবুৰী আৰক্ষীৰ…

চিকিৎসাৰ বাবে বাংলাদেশৰ পৰা ২১ মেত ভাৰতত আহিছিল দুজন কৈ বাংলাদেশী নাগৰিক। ধুবুৰীৰ অমিনাৰ চৰত এজন ব্যক্তিয়ে নিজৰ ঘৰত আশ্ৰয় দিয়াৰ নামত ঘৰত লৈ গৈ সেৱা শুশ্ৰূষা কৰাৰ অন্তত নিশা ডকাইতি কৰাৰ অভিযোগ। পুৱতি নিশা ব্ৰহ্মপুত্ৰ নৈত লৈ গৈ অস্ত্ৰ দেখুৱাই ১৫ লাখ টকা দাবী ৭ জন কৈ দুৰ্বৃত্তৰ।

আজি আৰক্ষীক খবৰ দি টকা দিয়াৰ বাবে সাজু হওঁতেই ধুবুৰী আৰক্ষীয়ে আটক কৰে চাৰি জন কৈ দুৰ্বৃত্তক। ধুবুৰী সদৰ আৰক্ষী থানাত চলিছে সোধাপচা। বাংলাদেশী নাগৰিক দুজনৰ নাম- ৰবিউল ইছলাম আৰু মঅষ্টফা কামাল।অমিনাৰ চৰত।

আটক হোৱা ব্যক্তি চাৰি জনৰ নাম ক্ৰমে:- অশোক আলী,বংশীৰ চৰত ঘৰ, আকাবৰ আলি, স্বা আলম,আসমত আলীৰ ঘৰ । বাংলাদেশী নাগৰিক দুজনৰ নাম- ৰবিউল ইছলাম আৰু মঅষ্টফা কামাল।অমিনাৰ চৰত। আটক হোৱা ব্যক্তি চাৰি জনৰ নাম ক্ৰমে:- অশোক আলী,বংশীৰ চৰত ঘৰ, আকাবৰ আলি, শাহাআলম,আসমত আলী।

বোকাখাতত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ-২০২৪ৰ সামৰণি…

২৩ মে’ৰ পৰা জ্ঞান বিজ্ঞান সমিতি, অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ৰ আজি সামৰণি পৰে।বোকাখাত জাতীয় বিদ্যালয় বাকৰিত তিনি দিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিৰ আজিৰ তৃতীয় দিনৰ কাৰ্য্যসূচী পুৱা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী অনুষ্ঠান শিকন কোনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি সকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই।

ছাত্র ছাত্রী সকলে পাঁচটি ভাষাত পৰিবেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ হয়। লগতে সকলো ছাত্র ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই স্মৰনিকা “মুক্তমন” উন্মোচন কৰে। ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তই সম্পাদনা কৰা স্মৰনিকাখনিত চল্লিশ গৰাকী ব্যক্তিৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট কৰা হৈছে। উন্মোচক ড° বৰুৱাই স্মৰনিকাখনিৰ মানদণ্ড উন্নত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰি প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। নুমলীগড় তেল শোধনাগাৰৰ মুখ্য

মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়াই তেখেতৰ বক্তব্যত সমাৰোহখনিৰ পৰিবেশক শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে। জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে তিনিদিনৰ অভিজ্ঞতাৰে বক্তব্য আগবঢ়ায়। অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহখনিত দূৰ-দূৰণিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে সন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে। দুপৰীয়ালৈ শিশু সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয় আৰু বিয়লি পতাকা অৱনমনেৰে তিনি দিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয়।

চাপৰৰ খেৰডুবিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা…

চাপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চাপৰৰ খেৰডুবিস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । এখন চাৰিচকীয়া বাহন আৰু মালবাহী বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । স্থানীয় ৰাইজে ততাতৈয়াকৈ লোকসকলক চাপৰ চিকিৎসালয়লৈ লৈ যায় । চিকিৎসালয়ত চিকিৎসকে চাৰিচকীয়া বাহন খনৰ এজন যাত্ৰী নিহত বুলি ঘোষণা কৰে লগতে বাকী কেইজন আঘাতপ্ৰাপ্ত হয় ।

মালবাহী বলেৰো খনৰো চালক আৰু হেণ্ডিমেনৰ কিছু আঘাতপ্ৰাপ্ত হয় ।উল্লেখ্য যে চাৰিচকীয়া বাহন খনত একেটা পৰিয়ালৰ পাঁচ জন লোকে গুৱাহাটীৰ পৰা নিজ ঘৰৰ অভিমুখে আহি আছিল আৰু মালবাহী বলেৰো খন গুৱাহাটী অভিমুখে গৈ আছিল ।নিহত যাত্ৰী গৰাকী ধুবুৰী গৌৰীপুৰ বালাজানৰ আশিকা খাতুন বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা গ্ৰস্ত চাৰিচকীয়া বাহন খনৰ নম্বৰ হৈছে AS-01-FX-0530 আৰু মালবাহী বলেৰো বাহন খনৰ নম্বৰ হৈছে AS-17-C-6049 । আনফালে স্পীট ব্ৰেকাৰ নথকাৰ বাবে সঘনাই এই ঠাইত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । অতি শীঘ্ৰে এই ঠাইখিনিত স্পীট ব্ৰেকাৰ দিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনায় ৰাইজে । ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন থানালৈ লৈ যায়

Clinical & Public Health Nutritionত UCLৰ মেডিচিন বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ চাৰা তেণ্ডুলকাৰৰ…

শচীন তেণ্ডুলকাৰৰ কন্যাই সম্পূৰ্ণ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী।

Clinical & Public Health Nutritionত UCLৰ মেডিচিন বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে চাৰা তেণ্ডুলকাৰে।

কন্যাৰ সফলতাত উৎফুল্লিত পিতৃ শচীন তেণ্ডুলকাৰ৷