Home Blog Page 815

প্ৰাক্তন খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী, প্ৰশিক্ষক সুনীল গোস্বামী…

খেল এখন চলাবলৈ হ’লে খেল পৰিচালকৰ নিত্যান্তই প্ৰযোজন। পৰিচালক অবিহনে খেল সফলতাৰে সমাপন কৰিব নোৱাৰি। গতিকে প্ৰতিযোগিতা সমূহত খেল পৰিচালক সকলে মুখ্য ভূমিকা পালন কৰি আহিছে। তেনে এজন খেলপৰিচালক সুনীল গোস্বামীৰ ঘৰ বজালী জিলাৰ গোবিন্দপুৰত। দেউতাকৰ নাম প্ৰয়াত ভূপেন্দ্ৰ নাথ গোস্বামী আৰু মাকৰ নাম গোলাপী দেৱী। দেউতাক ভলীবল খেলুৱৈ আছিল বাবে প্ৰথমে তেওঁ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে যদিও পিছলৈ তেওঁ এজন সুদক্ষ ভলীবল খেল পৰিচালক হিচাপে জনপ্ৰিয় হৈ পৰে। তেওঁ চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰে আৰু আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত বজালী জিলা দলক প্ৰতিনিধিত্ব কৰে। যি সকল লিফটাৰে অসমৰ ভলীবল জগতত নিজৰ ক্ৰীড়া শৈলীৰ জড়িয়তে সাজ বহুৱাই থৈ গৈছে তাৰ ভিতৰত সুনীল গোস্বামীও অন্যতম।

কোন খেলুৱৈক, কোন সময়ত, কি বল খেলালে পইন্ট লাভ কৰিব পাৰি সেই কথা তেওঁ ভালদৰে অনুধাৱন কৰিব পাৰিছিল আৰু তেনেদৰে সফল হোৱাও দেখা গৈছেল। যাৰ বাবে তেওঁ লিফটাৰ হিচাপে অতি জনপ্ৰিয় আছিল। ইয়াৰ লগে লগে তেওঁৰ ডিফেঞ্চ আছিল চকুত লগা। বল আগত পৰাটো তেওঁৰ বাবে একপ্ৰকাৰ বৰ লাজৰ কথা আছিল। পতিপক্ষ দলে সহজতে তেওঁৰ আগত বল প্লেচিং কৰি পইন্ট লাভ কৰাটো অসম্ভৱ আছিল। তেওঁৰ লগত একেলগে খেলা বিশিষ্ট খেলুৱৈ সকলক তেওঁ আজিও শ্ৰদ্ধাৰে সোঁৱৰে। দীপক ওজা, ভগৱান উজিৰ, গনেশ শৰ্মা, গুনজিৎ শৰ্মা, নৱ বৰ্মন, দীপাংঙ্কৰ গোস্বামী, প্ৰবীন ৰয়, অকন শৰ্মা, বিপুল শৰ্মা, গনেশ কুমাৰ, নীৰেন শৰ্মা আদিৰ লগত খেলিব পোৱাটো তেওঁ সৌভাগ্য বুলি ভাবে।


ক্ৰীড়াৰ প্ৰতি থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে ১৯৮৭ চনত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৯২ চনত অমাৰাৱতীত ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম বি পি এড ডিগ্ৰী সুখ্যাতিৰে অৰ্জন কৰে আৰু ১৯৯৫ চনত বৰপেটা জিলাত শাৰীৰিক শিক্ষা নিৰ্দেশক হিচাপে চাকৰিত যোগদান কৰে। চাকৰিত যোগদান কৰি তেওঁ বিভিন্ন বিদ্যালয়ত, প্ৰশিক্ষণ কেন্দ্ৰত ভলীবলৰ অনুশীলন কৰোৱাই খেলুৱৈ সৃষ্টিত অৰিহনা যোগাইছিল। ইয়াৰ পিছত তেওঁ ১৯৯৫ চনত ৰাজ্যিক খেল পৰিচালক হিচাপে স্বীকৃতি পোৱাৰ পিছত ২০০৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী হিচাপে পৰিগণিত হৈ অসম তথা ভাৰতীয় ভলীবললৈ সেৱা আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত খেল পৰিচালক হিচাপে অসমক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা নেচনেল গেমছত তেওঁ খেল পৰিচালকৰ দায়িত্ব পালন কৰে। ২০১২ চনত কলিকতাত অনুষ্ঠিত হোৱা ইউথ নেচনেল চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰে। ২০১৩ চনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০১৩ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমছত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২৩ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও তেওঁ ২০০১ চনত হাৰিয়ানাত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰে। ২০০৮ চনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। ২০০৮ চনত নাগপুৰত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলৰ প্ৰশিক্ষকৰ ভুমিকা পালন কৰে। অসমৰ ভলীবলক লৈ তেওঁ যথেষ্ট আশাবাদী। বিশেষকৈ ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আৰম্ভ কৰা অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অসমৰ সৰ্বত্ৰতে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ওপৰত তেওঁ প্ৰৱল বিশ্বাসী এদিন হলেও অসমৰ ভলীবলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব।

তেওঁ নিজেও এই অনুষ্ঠানটোৰ লগত জড়িত হবলৈ পাই যথেষ্ট সুখী বুলি জানিবলৈ দিয়ে। কিছুবছৰ আগলৈ অসমত বজালী ভলীবলৰ এক সুকীয়া আসন আছিল। বজালী দল বুলি কলে অইন জিলা দল সমূহৰ পৰা সমীহ আদায় কৰিবলৈ সক্ষম হৈছিল। দুৰ্ভাগ্যৰ কথা যে এতিয়া আৰু বজালীৰ ভলীবল খেল আগৰ দৰে হৈ থকা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছে । এতিয়া খেলিবলৈ সকলো সা-সুবিধা পোৱা যায় যদিও খেলুৱৈ সকলে খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে। ঠায়ে ঠায়ে ভলীবলৰ নেটখন খেলপথাৰত ওলমি আছে যদিও তাত খেলুৱৈয়ে অনুশীলন কৰি থকা দেখা পোৱা নাযায়। ইয়াৰ কাৰণ সমূহ পৰ্যালোচনা কৰি সঠিক আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ কৰিব পাৰিলেহে ক্ৰীড়াৰ উন্নতি হ’ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

ধাৰাবাহিক সাফল্যৰে উজলিল নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়…

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আশাআব্যঞ্জক সাফল্যৰে ঘোষিত হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কলা, বিজ্ঞান দুয়োটা শাখাতে নাৰায়ণপুৰৰ চৰকাৰী শিক্ষানুষ্ঠানৰ সন্তোষজনক ফলাফল, চৰকাৰী বিদ্যালয় নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উন্নত ফলাফলে কতৃত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ উপৰিও কলা শাখাত ৯৮.৬০ শতাংশ বিজ্ঞান শাখাত ১০০ শতাংশ ফলেৰে কতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে।কলা শাখাত অৱত্তীৰ্ণ হোৱা ১৪৩ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে ১২ গৰাকীয়ে ষ্টাৰ, ৫৩ গৰাকীয়ে প্ৰথম বিভাগ, ৬৪ গৰাকীয়ে দ্বিতীয় বিভাগ তৃতীয় বিভাগত ২৪ গৰাকীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৯ গৰাকীৰ ভিতৰত ২ গৰাকী প্ৰথম বিভাগ, ৭ গৰাকীয়ে দ্বিতীয় বিভাগৰে ১০০ শতাংশ উত্তীৰ্ণ হয়।

বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈয়ে কয় যে -বিদ্যালয়খনৰ সামগ্ৰিক ফলাফলক লৈ আমি সুখী অনাগত দিনবোৰত সকলোৰে প্ৰচেষ্টাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হম। বিদ্যালয় ইংৰাজী বিষয়ৰ বিষয় শিক্ষক দীপক বৰা, অসমীয়া বিভাগৰ বিষয় শিক্ষক অনন্ত গগৈয়ে বিদ্যালয়ৰ শ্ৰেষ্ঠ ১২ গৰাকী উত্তীৰ্ণ শিক্ষাৰ্থীৰ নাম সদৰী কৰে-নিহাৰীকা শইকীয়া ৮৮.৮ %,পুনম নেওগ ৮৮%মাদ্ৰী বৰা ৮৬.৬%,ভদ্ৰ সিং পেগু ৮৬.৪%,লিপিকা বৰা ৮৪%,প্ৰণামিকা বৰা ৮৪%ৰশ্চি দেউৰী৮৩.৪%,পূজা বৰুৱা৮১.৮%,দেৱনীল কৌশিক শৰ্মা ৭৯.২%,মধুস্মিতা দাস৭৬.৪,নিবেদিতা বৰা৭৭.২%প্ৰাৰ্থনা বৰুৱা ৭৫.৬ % শতাংশ লাভ কৰিবলৈ সক্ষম হয়।এনেধৰণৰ সফলতাৰ ধাৰাবাহিকতাই বিদ্যালয়,অভিভাৱকৰ লগতে বৰ নাৰায়ণপুৰ বাসী ৰাইজ উৎফুল্লিত হৈছে।সকলোৱে এনেধৰণৰ ফলাফলত আনন্দিত হৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় জয়জয়কাৰ বিচাৰিছে।

অসমৰ বাবে সুখবৰ! মুক্তি লাভৰ পূৰ্বেই কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ’ব অসমত নিৰ্মিত হিন্দী ছবি ‘কুকি’…

এটা ইতিবাচক খবৰ। মুক্তি লাভৰ পূৰ্বেই বিশ্ব বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি ‘কুকি’য়ে। অহা ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল। উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত (স্থানীয় সময় অনুসৰি) প্ৰদৰ্শন কৰা হ’ব অসমৰ হিন্দী ভাষাৰ বোলছবিখন।

এই গৌৰৱৰ মুহূৰ্তৰ বিষয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘কুকি’ৰ প্ৰযোজিকা ড০ জুনমণি দেৱী খাউণ্ডে কয়, “প্ৰতিষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ত মোৰ প্ৰথমখন ছবি ‘কুকি’ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰি মই অত্যন্ত কৃতজ্ঞ আৰু সন্মানিতবোধ কৰিছোঁ। এই মঞ্চখনে চলচ্চিত্ৰ কলা উদযাপন কৰাই নহয়, বৰং গুৰুত্বপূৰ্ণ বিশ্বজনীন বিষয়বস্তুৰ ওপৰত কথা ক’বলৈও আমাৰ কণ্ঠক প্ৰসাৰিত কৰে। কুকিত এনে এটা বিষয় উপস্থাপন কৰা হৈছে, যিটো বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মনোযোগ আৰু আলোচনাৰ প্ৰয়োজন আছে আৰু সেইবাবে কাঁন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ উপস্থাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ। মোৰ দৃঢ় বিশ্বাস যে, সজাগতা আৰু অৰ্থপূৰ্ণ আইনী সংস্কাৰৰ দাবী কৰা আমাৰ ছবিখনৰ বিষয়বস্তুটো সমগ্ৰ বিশ্বৰ দৰ্শকক প্ৰদৰ্শিত কৰাৰ যোগ্য। কাঁনৰ দৰে চলচ্চিত্ৰ মহোৎসৱত এখন ছবি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাটো এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে সদায় এক সপোন বাস্তৱায়িত হোৱাৰ দৰে। এনে এখন বিখ্যাত মঞ্চত আমাৰ কাহিনী তুলি ধৰিবলৈ সুযোগ লাভ কৰাৰ বাবে মই অতিশয় কৃতজ্ঞ।’’

উল্লেখ্য যে, অসমত নিৰ্মিত এই হিন্দী ভাষাৰ ছবিখনত বলিউডৰ কেবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে হিন্দী ছবি উদ্যোগত খ্যাতি অৰ্জন কৰা অনেক কেইগৰাকী অসমীয়া শিল্পীয়ে কাম কৰিছে। ছবিখনত অভিনয় কৰা শিল্পীসকলৰ উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে ৰিতিশা খাউণ্ড, ৰাজেশ টাইলাং, দীপান্বিতা শৰ্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংকনা আৰু ৰঞ্জীৱ লাল বৰা আদি। ইয়াৰোপৰি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহান, দিব্য কুমাৰ, মহম্মদ ফৈজ আৰু অসমৰ কৃতিকা শৰ্মাই ‘কুকি’ৰ তিনিটা সুমধুৰ গীতত কণ্ঠ নিগৰাইছে। পৰিচালক প্ৰণৱ জে ডেকা আৰু দলটোৱেও সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া তেওঁলোকৰ ছবিখনৰ নিৰ্বাচনক লৈ আনন্দ প্ৰকাশ কৰিছে।

নামখলালৈ গৌৰৱ কঢ়িয়ালে মৌচুমী মাধুৰীয়ে…

দৰিদ্ৰতা ব্যাধি হ’ব নোৱাৰে, তাৰেই প্ৰমান কৰিলে দৰং জিলাৰ গংগাপুখুৰী গাঁৱৰ মৌচুমী মাধুৰী ডেকাই৷ অর্থনৈতিক ভাৱে সংকট থকা স্বত্তেও আজি গাঁৱখনৰ বাবে এক উজ্জল নক্ষত্ৰ৷ ইয়াকে প্ৰমাণ কৰি দেখুৱালে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত মৌচুমী মাধুৰী ডেকাই। দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তর্গত গংগাপুখুৰীৰ গাঁৱৰ নিৱাসী ক্ষুদ্ৰ ব্যৱসায়ী গিৰিধৰ ডেকা আৰু বিজয়া ডেকাৰ একমাত্ৰ জিয়ৰী মৈচুমী মাধুৰী ডেকাই মঙলদৈস্থিত জ্ঞান সাগৰ একাডেমীৰ পৰা অৱতীৰ্ণ হৈ ৮৪.৬০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ঘোষিত ফলাফল অনুসৰি মৌচুমী মাধুৰী ডেকাই অসমীয়াত ৮৮ কেমেষ্টিত ৮৭, বায়লজীত ৮৫ আৰু ফিজিক্সত ৭৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মঙলদৈস্থিত জ্ঞান সাগৰ একাডেমীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা মৌচুমী মাধুৰী ডেকাই ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ লক্ষ্যৰে দৈনিক ৭-৮ ঘণ্টা অধ্যয়ন কৰিছিল। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো মৌচুমী মাধুৰী ডেকাই জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা সৰ্বোচ্ছ নম্বৰ লৈ ডিষ্টিংচন লাভ কৰাৰ লগতে ছাত্ৰী গৰাকী সত্ৰীয়া নৃত্য আৰু বিভিন্ন কৃষ্টি সংষ্কৃিতিৰ সৈতে জড়িত৷ মৌচুমী মাধুৰী ডেকাৰ এনে সাফল্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুঢ়াখাট প্ৰাথমিক শাখা, জনসংঘ পুথিভড়াল নিজসৰাবাৰীয়ে এগৰাকী মানৱ সম্পদ গঢ়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷

গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য-সম্বৰ্ধনা… 

ধেমাজি জিলাৰ গোগামুখৰ মহিলা শিক্ষাৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে তেওঁলোকৰ প্ৰশংসনীয় পদক্ষেপ  অব্যাহত ৰাখিছে ৷ বিদ্যালয়খনৰ শিক্ষক গোটৰ মানৱ দৰদী  কৰ্মসূচীৰ অংশ হিচাপে শিক্ষক গোটৰ নিজা  পূঁজিৰে শুকুৰবাৰে বিদ্যালয়খনৰ পৰা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে আৰু প্ৰীতি ভোজৰো আয়োজন কৰা হয় ৷ ধেমাজি জিলাৰ ভিতৰতে অন্যতম শৃংখলাবদ্ধ তথা উন্নত শিক্ষানুষ্ঠান হিচাপে পৰিগণিত গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ  মুঠ ১২ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগ, ৪৪ গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু ১৯ গৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হয় ৷

ইয়াৰে পল্লৱী কলিতা ডিষ্টিংচন,  ভাগ্যশ্ৰী ৰাভা, ছোনীয়া পাদি, জয়জ্যোতি দলে, মিক্‌ছেং মিলি, পল্লৱী শইকীয়া, পাপৰি শইকীয়া,  প্ৰীতি পেগু, ৰিম্পি শইকীয়া,  চুমি বৰুৱা আৰু ভায়লীনা ৰাভাই কেবাখনো বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় ৷ অতি আনন্দৰ বিষয় যে, ডিষ্টিংচন, লেটাৰ মাৰ্ক পোৱা ছাত্ৰীসকলৰ ভিতৰত ৮ গৰাকীয়ে অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে ৷ গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে আজি বিদ্যালয়খনত অনুষ্ঠিত হোৱা এক আৰম্ভৰপূৰ্ণ অনুষ্ঠানত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখনীয় যে, গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰতি বছৰে আৰ্থিক সাহায্য দি অহাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে ৷ ইয়াৰ সমান্তৰালভাৱে ছাত্ৰীসকলৰ বাবে প্ৰীতি ভোজৰো আয়োজন কৰি আহিছে ৷ আজিৰ সভাখনত সভাপতিত্ব কৰে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শৰ্মাই ৷ আঁত ধৰে বিদ্যালয়খনৰ সহ শিক্ষক নন্দেশ্বৰ কামানে ৷ সভাখনত উপস্থিত থাকে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে ৷

লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কৃতি ছাত্র-ছাত্রীক অভিনন্দন…

আজি মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল লাহৰীঘাটৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত হাই স্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতম মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা প্ৰায় শতাধিক কৃতি ছাত্র-ছাত্রীক বিদ্যালয়ত আনুষ্ঠানিক ভাবে সম্বৰ্ধণা জনোৱা হয়। উল্লেখ্য যে লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত এশ শতাংশ উৰ্ত্তীণৰে ফলাফল লাভ কৰিছিল।

তাৰ ভিতৰত বহু কেইজনে ডিষ্ট্ৰিংচন, ষ্টাৰ মাৰ্ক লাভ কৰিছিল তাৰে লগত সংগতি ৰাখি কৰ্তৃপক্ষৰ তৰফৰ পৰা কৃতি ছাত্র-ছাত্রীক জাপি, কলম আৰু ফুলাম গামোচাৰে সম্বৰ্ধণা জনোৱা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ মজিবুৰ ৰহমানে। আদৰণি আৰু সম্বৰ্ধণা পৰ্বৰ আঁত ধৰে বিষয় শিক্ষক হবিবুৰ ৰহমানে।


এগিলাচ পানীত মিহলাই লওক এচামুচ নিমখ! নিমখীয়া পানীৰ উপকাৰিতাৰ বিষয়ে জানক…

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো বাঞ্ছনীয়। কিন্তু জানেনে, যদি ইয়াত অলপ নিমখ মিহলাই খাই, তেন্তে গ্ৰীষ্মকালত স্বাস্থ্যৰ বাবে ই অতি উপকাৰী হ’ব পাৰে। আমাৰ শৰীৰক গ্ৰীষ্মকালত পানীৰ আটাইতকৈ বেছি প্ৰয়োজন। এই ঋতুত অত্যধিক ঘাম ওলায়, যাৰ ফলত ইলেক্ট্ৰলাইট কমি যায়। গ্ৰীষ্মকালত নিজকে যিমান পাৰি হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।

নিমখীয়া পানীও গ্ৰীষ্মকালত অতি উপকাৰী হ’ব পাৰে। নিমখীয়া পানী খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। নিমখৰ সৈতে এগিলাচ পানী খালে কি উপকাৰ হয় জানো আহক-

কাৰণ গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা ঘাম বেছি ওলাই। এনে পৰিস্থিতিত ঘামৰ যোগেদিও ইলেক্ট্ৰ’লাইট নিৰ্গত হয়। ইয়াৰ বাবে শৰীৰৰ প্ৰয়োজনীয় ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হয়। এনে পৰিস্থিতিত এচিকুট নিমখৰ লগত মিহলি পানী খোৱাটো অতি উপকাৰী।

এই ঋতুত খাদ্যাভ্যাসত অসুবিধা হোৱাৰ বাবে প্ৰায়ে এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত নিমখীয়া পানী এটা উত্তম বিকল্প। ই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ইয়াৰ দ্বাৰা খাদ্য সোনকালে হজম হোৱাত সহায় কৰে আৰু পেটৰ ৰোগৰো প্ৰতিৰোধ কৰিব পাৰে।

নিমখীয়া পানীয়ে গ্ৰীষ্মকালত পানীলগাৰ সমস্যা ৰোধ কৰাত সহায় কৰে। নিমখীয়া পানী খালে শৰীৰ জলসিঞ্চিত হৈ থাকে। ইয়াৰ ফলত শৰীৰৰ সকলো অংশই প্ৰয়োজনীয় পুষ্টি লাভ কৰে।

নিমখীয়া পানীয়ে শৰীৰত শীতলতা বজাই ৰাখে। গ্ৰীষ্মকালত গ্ৰহণ কৰিলে শীতল অনুভৱ হয়।

ইয়াৰ বাহিৰেও নিমখ মিহলি কৰি কুহুমীয়া পানী খালে শৰীৰৰ বিষমুক্ত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে : অৰবিন্দ কেজৰিৱাল…

প্ৰধানমন্ত্ৰী মোডীক লৈ অৰবিন্দ কেজৰিৱালঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে। কেজৰিৱালে কয় যে লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, শিৱৰাজ সিং চৌহান আদি নেতাৰ ৰাজনীতিৰ অন্ত পেলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ’লে পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হ’ব। তেওঁলোকৰ ৰাজনীতিও বিলুপ্ত হ’ব।

আপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে কয় যে আমাৰ আম আদমী পাৰ্টি এটা সৰু দল, যি দুখন ৰাজ্যত উপস্থিত আছে, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ দলটোক চেপি ধৰিবলৈ একেলগে চাৰিজন শীৰ্ষ নেতাক জেললৈ প্ৰেৰণ কৰিলে । ডাঙৰ দলৰ চাৰিজন শীৰ্ষ নেতা জেললৈ গ’লে দলৰ অন্ত পৰে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে আপে দেশক ভৱিষ্যত দিব।

‘এক জাতি, এক নেতা’ নামেৰে এটা মিছন চলাই আছে প্ৰধানমন্ত্ৰী মোদীয়ে: কেজৰিৱাল

প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি কেজৰিৱালে কয়, “মোডীয়ে ‘এক জাতি, এক নেতা’ নামেৰে এক বিপজ্জনক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত তেওঁ সকলো বিৰোধী নেতাক জেললৈ পঠিয়াব বিচাৰে।” তেওঁ কয় যে যদি মোডীয়ে নিৰ্বাচনত জয়ী হয় তেন্তে তেজস্বী যাদৱ, এম কে ষ্টেলিন, উদ্ধৱ থাকৰে, মমতা বেনাৰ্জী আদি সকলো বিৰোধী নেতাক জেলত ভৰোৱা হ’ব।

আদৱানীৰ দৰে নেতাৰ পৰা শিৱৰাজলৈকে ৰাজনীতিৰ অন্ত

অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে। তেওঁ কয়, “লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, সুমিত্ৰা মহাজন, শিৱৰাজ সিং চৌহানৰ দৰে নেতাৰ ৰাজনীতি তেওঁ শেষ কৰিলে। মধ্যপ্ৰদেশৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতো শিৱৰাজক মুখ্যমন্ত্ৰী নকৰাৰ ফলত তেওঁৰ ৰাজনীতি শেষ হ’ল।” কেজৰিৱালে আৰু কয় যে বসুন্ধৰা ৰাজে, মনোহৰ লাল খট্টৰ আৰু ৰমন সিঙৰ দৰে নেতাকো ৰাজনীতিৰ পৰা বাহিৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডী এখন যুদ্ধত পৰাস্তঃ কেজৰিৱালৰ মুক্তিক লৈ পাকিস্তানী নেতাৰ প্ৰতিক্ৰিয়া…

সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ জামিনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে দেশৰ বহু নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৪৯ দিন কাৰাগাৰত কটোৱাৰ পিছত ওলাই আহিছে কেজৰিৱাল। জেলৰ পৰা মুক্তি পোৱাৰ লগে লগে কেজৰিৱালে বিজেপি চৰকাৰক কথাৰে আক্ৰমণ কৰে। এতিয়া পাকিস্তানৰ প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়েও কেজৰিৱালৰ মুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক্সত পাকিস্তানৰ নেতা চৌধুৰী ফাৱাদ খানে লিখিছে, “পিএম মোডীয়ে আন এখন যুদ্ধত পৰাস্ত, উদাৰ ভাৰতৰ বাবে ভাল খবৰ।” কেজৰিৱালৰ জামিনক নৰেন্দ্ৰ মোডীৰ বাবে বৃহৎ পৰাজয় বুলি অভিহিত কৰি ফাৱাদে ইয়াৰ বাবে উদাৰ মনৰ ভাৰতীয়সকলকো অভিনন্দন জনাইছে।

কালি অৰ্থাৎ ১০ মে’ত তেওঁক উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে ১ জুনলৈকে জামিন প্ৰদান কৰা হয় কেজৰিৱালক।শীঘ্ৰে দেশজুৰি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰত যোগ দিব কেজৰিৱালে।

লোকসভা নিৰ্বাচনৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতি পাকিস্তানী নেতাৰ আগ্ৰহো বৃদ্ধি পাইছে। শেহতীয়াকৈ তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰশংসা কৰিছিল।

মহাভাৰতৰ লগত কেদাৰনাথ ধামৰ কি সম্পৰ্ক, ভগৱান শিৱই কেনেকৈ বাস কৰিছিল কেদাৰনাথত…

অতীজৰে পৰা হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান হিচাপে পৰিগণিত হৈ আহিছে কেদাৰনাথ ধাম। কেদাৰনাথৰ নিৰ্মাণৰ লগত জড়িত বহুতো পৌৰাণিক কাহিনী আছে, কেদাৰনাথ মন্দিৰটো পাণ্ডৱসকলে নিৰ্মাণ কৰিছিল। বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম কেদাৰনাথ ধামত ‘লিংগ’ ৰূপত ভগৱান শিৱ উপস্থিত। এই মন্দিৰৰ দুৱাৰ প্ৰতি বছৰে এপ্ৰিল-মে’ মাহত খোল খায় আৰু বাবা কেদাৰনাথক চাবলৈ লাখ লাখ ভক্ত আহে। স্কন্দ পুৰাণৰ কেদাৰ খণ্ডত কেদাৰনাথ ধামৰ কথা উল্লেখ আছে। যাৰ মতে কেদাৰ হৈছে সেই ঠাই য’ত ভগৱান শিৱই পবিত্ৰ গংগাক নিজৰ জট চুলিৰ পৰা মুক্ত কৰে।

কেদাৰনাথ মন্দিৰৰ সৈতে জড়িত এটা কিংবদন্তি অনুসৰি মহাভাৰত যুদ্ধৰ অন্ত পৰাৰ পিছত পাণ্ডৱসকলে সকলো কৌৰৱ ভাই আৰু অন্যান্য বন্দীক হত্যা কৰাৰ পাপৰ পৰা মুক্ত হ’ব বিচাৰিছিল। যাৰ বাবে তেওঁ ভগৱান শিৱৰ সন্ধানত হিমালয়ৰ ফালে গৈছিল। পাণ্ডৱক তেওঁৰ ফালে অহা দেখি ভগৱান শিৱ অন্তৰ্ধান হৈ কেদাৰত বসতি স্থাপন কৰিলে। পাণ্ডৱসকলে এই কথা জানিব পাৰিলে, তেওঁলোকেও ভগৱান শিৱৰ পিছে পিছে কেদাৰ পৰ্বতলৈ গ’ল।

পাণ্ডৱসকলেও কেদাৰ পৰ্বত পালে, তেওঁলোকক দেখি ভগৱান শিৱই ম’হৰ ৰূপ লৈ জীৱ-জন্তুৰ মাজলৈ গ’ল। পাণ্ডৱসকলে ভগৱান শিৱৰ দৰ্শন পাবলৈ পৰিকল্পনা কৰিলে। ইয়াৰ পিছত ভীমে বিশাল ৰূপ ধাৰণ কৰি কেদাৰ পৰ্বতৰ দুয়োকাষে দুয়োখন ভৰি মেলি দিলে। ভীমৰ ভৰিৰ মাজৰ পৰা সকলো জন্তু পাৰ হৈ গ’ল যদিও ভগৱান শিৱই ম’হৰ ৰূপত ভৰিৰ তলৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰাৰ লগে লগে ভীমে তেওঁক চিনি পালে।


ভগৱান শিৱক চিনি পাই ভীমে ম’হটো ধৰিবলৈ চেষ্টা কৰিলে আৰু ম’হটো পৃথিৱীত ডুব যাবলৈ ধৰিলে। তেতিয়া ভীমে ম’হৰ পিছফালৰ অংশটো জোৰেৰে ধৰিলে। ভগৱান শিৱই পাণ্ডৱসকলৰ ভক্তিত সন্তুষ্ট হৈ তেওঁলোকৰ ওচৰত উপস্থিত হৈ তেওঁলোকক পাপৰ পৰা মুক্ত কৰিলে। কোৱা হয় যে তেতিয়াৰ পৰাই ইয়াত ভগৱান শিৱক ম’হৰ পিঠিৰ ৰূপত পূজা কৰা হয়। এই ম’হৰ মূৰৰ উৎপত্তি নেপালত বুলি বিশ্বাস কৰা হয়, য’ত পশুপতিনাথ ৰূপত ভগৱান শিৱক পূজা কৰা হয়।