Home Blog Page 846

গৰমৰ দিনত পালেঙ শাক খোৱাৰ উপকাৰিতা…

পালেঙ শাকৰ উপকাৰিতা

  • পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেঙ খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
  • পালেঙ পাতৰ ৰস , নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেঙ পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধূব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক’লা দাগ আৰু শালমন ভাল হয়।

  • পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ (osteo arthritis) ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাক। সৰু লৰা-ছোৱালীৰ দৈহিক গঠনত সহায় কৰে।
  • পালেঙ পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।

  • পালেঙ শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া

মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো…

মনোনয়নৰ পূৰ্বে আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী, চকুত চকুলো

বাৰাণসী লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল দেশৰ প্ৰধানমন্ত্ৰীৰ।

মনোনয়ন দাখিল কৰা সময়ত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ২০ গৰাকী কেন্দ্ৰীয়মন্ত্ৰীয়ে। ইয়াৰ লগতে উপস্থিত থাকে ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী।

সামাজিক মাধ্যমৰ জৰিয়তে কাশীৰ সৈতে তেওঁৰ সম্পৰ্কক বাখ্যা কৰিবলৈ গৈ তিনিটা শব্দ ব্যৱহাৰ কৰে । তেওঁ কয়, এই সম্পৰ্ক ‘অদ্ভুত, অভিন্ন, অপ্রতিম’।

গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী…

গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী । পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই উগ্ৰপন্থীক ।
উগ্ৰপন্থী দুজন বাহাৰ মিঞা আৰু ৰচুল হক ।

গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন আনচাকুল বাংলাদেশৰ সদস্য ।

দুয়ো গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল ।

অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন…

অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন।

কিছু সময়ৰ পূৰ্বে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰাক্তন শিক্ষামন্ৰীগৰাকীক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়ো যকৃৎ, মধুমেহ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ যোৱা এসপ্তাহে ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত চিকিৎসাধীন হৈ আছিল।

এতিয়া উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।

সাৱধান! পেক কৰা ফলৰ ৰসত প্ৰকৃত ফল কিমান শতাংশ থাকে, জানেনে…

গ্ৰীষ্মকালত আমি বহুতেই ভাল পাওঁ পেক কৰা ফলৰ ৰস খাই। বজাৰত সহজে পোৱা যায় এনে পেকেট ফলৰ ৰস। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ভাল পায় পেকেট ৰস, কাৰণ এই ফলৰ ৰস অতি সোৱাদযুক্ত। এই বটল আৰু পেকেটত প্ৰকৃত ফল থকা বুলি দাবী কৰা হৈছে যদিও ইয়াত প্ৰকৃত ফল থাকে নে নাথাকে কেনেকে জানিব।


শেহতীয়া এক প্ৰতিবেদনত জনোৱা হৈছে যে বটল আৰু টেট্ৰা পেকত উপলব্ধ ফলৰ ৰসত থকা ফলৰ পৰিমাণ মাত্ৰ ১০ শতাংশ। বহু উদাহৰণ দি সংস্থাটোৱে কৈছে যে ইয়াক সুস্থ আখ্যা দি গ্ৰাহকক বিপথে পৰিচালিত কৰা হয়। কোৱা হয় যে ই প্ৰাকৃতিক আৰু পুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ, কিন্তু এইবোৰ কথা প্ৰায়ে মিছা।

আইচিএমআৰে পৰামৰ্শ দিছে যে এই পেক কৰা ৰস ক্ৰয় কৰাৰ আগতে গ্ৰাহকে পেকেটত লিখা লেবেল ভালদৰে পঢ়িব লাগে। ইয়াৰ উপৰিও এটা পৰিবেশত শৰীৰে কিমান পৰিমাণৰ পুষ্টিকৰ উপাদান লাভ কৰি আছে সেয়াও জানিব লাগে।

আপুনি এইটোও মনত ৰাখিব লাগিব যে আইচিএমআৰে কেৱল পেক কৰা ৰসৰ ক্ষেত্ৰতে নহয়, সকলো ধৰণৰ টিনপাতৰ খাদ্যৰ ক্ষেত্ৰতো এনে সতৰ্কবাণী দিছে। গতিকে সতেজ ফলমূলক অগ্ৰাধিকাৰ দিয়াটো ভাল।

ভাৰতীয় ষ্টক মাৰ্কেটৰ চেন্সেক্স ৭৩ হাজাৰ অতিক্ৰম ! নিফ্টী ২২,১১২ পইণ্টত মুকলি…

ভাৰতীয় ষ্টক মাৰ্কেটৰ আৰম্ভণি মিশ্ৰিত আছিল যদিও বজাৰ মুকলি হোৱাৰ লগে লগে চেন্সেক্স-নিফটি উচ্চতাৰ পৰিসৰৰ ভিতৰত আহিল। চেন্সেক্সে ৭৩ হাজাৰ অতিক্ৰম কৰিছে আৰু নিফ্টী ২২,১৫৫ লৈ বৃদ্ধি । বেংক নিফটিত বিশেষ গতি নাই যদিও বজাৰে আই টি শ্বেয়াৰৰ পৰা সমৰ্থন লাভ কৰিছে।

বিএছই চেন্সেক্সৰ মূল্য ৭৯.৪১ পইণ্ট বা ০.১১ শতাংশ হ্ৰাস পাই ৭২,৬৯৬ পইণ্টত আৰু এনএছই নিফটিৰ মূল্য ৮.৮৫ পইণ্টৰ সামান্য বৃদ্ধিৰে ২২,১১২ পইণ্টত মুকলি হয়।

চেন্সেক্সৰ শ্বেয়াৰৰ আপডেট
৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত ২১টা ষ্টক বৃদ্ধি আৰু ৯টা ষ্টক আছে যিবোৰে হ্ৰাসৰ সন্মুখীন হৈছে। আটাইতকৈ বেছি বৃদ্ধি জে এছ ডব্লিউ ষ্টীলত আৰু ই ১.৭৯ শতাংশ বৃদ্ধি পাইছে। পাৱাৰগ্ৰিড, এন টি পি চি, এম এণ্ড এম, টাটা ষ্টীল আৰু মাৰুতি চুজুকিৰ শ্বেয়াৰতো শক্তিশালী ব্যৱসায় চলি আছে।

নিফ্টি ষ্টক
৫০টা নিফটিৰ ষ্টকৰ ভিতৰত ৩১টা ষ্টকে বৃদ্ধিৰ সৈতে ব্যৱসায় কৰি আছে আৰু ১৯টা ষ্টকত হ্ৰাস। আজি নিফটিৰ শীৰ্ষ লাভকাৰী হৈছে শ্ৰীৰাম ফাইনেন্স যিয়ে ৩.২৭ শতাংশ বৃদ্ধিৰে ব্যৱসায় কৰি আছে। ইয়াৰ লগতে হিৰো মট’কৰ্প, হিণ্ডালকো, পাৱাৰগ্ৰিড, জে এছ ডব্লিউ ষ্টীলৰ শ্বেয়াৰতো বৃদ্ধি পাইছে। হ্ৰাস পোৱা নিফটিৰ ষ্টকসমূহৰ ভিতৰত চিপ্লা ২ শতাংশতকৈ অধিক আৰু আদানি প’ৰ্টছৰ এক শতাংশ হ্ৰাস পাইছে। এপ’ল’ হাস্পতাল, নেচলে, টাটা কনজিউমাৰ্ছৰ শ্বেয়াৰো হ্ৰাস পাইছে।

বিএছইৰ বজাৰ
বিএছইৰ বজাৰ মূলধন হৈছে ৩৯৯.১৬ লাখ কোটি টকা। বৰ্তমান বিএছইত ৩০৩৬ টা শ্বেয়াৰৰ ব্যৱসায় চলি আছে, ইয়াৰে ২১৭৫ টা শ্বেয়াৰ বৃদ্ধি পাইছে আৰু ৭৩৮ টা শ্বেয়াৰ হ্ৰাস পাইছে। ১২৩টা শ্বেয়াৰত কোনো পৰিৱৰ্তন দেখা নাযায়। ১১৭ টা শ্বেয়াৰৰ ওপৰত আপাৰ চাৰ্কিট আৰু ৫২ টা শ্বেয়াৰৰ ওপৰত।

ব্ৰিটিছ এণ্টাৰ্কটিকত বৃহৎ তেল, গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিলে ৰাছিয়াই…

ৰাছিয়াই ব্ৰিটিছ এণ্টাৰ্কটিক অঞ্চলত বিশাল তেল আৰু গেছৰ ভাণ্ডাৰ বিচাৰি পাইছে। ৰাছিয়াই প্ৰেৰণ কৰা গৱেষণাসম্পৰ্কীয় জাহাজবোৰে উত্তৰ সাগৰত প্ৰায় ৫১১ বিলিয়ন বেৰেল তেলৰ ভাণ্ডাৰ থকাৰ কথা জনাইছে। এয়া ৫০ বছৰত ৰাছিয়াই উৎপাদন কৰা তেলৰ ১০ গুণ বুলি ধাৰণা কৰা হৈছে।ইপিনে ৰাছিয়াৰ এনে তেলৰ সন্ধানে শংকিত কৰি তুলিছে ব্ৰিটিছ চৰকাৰক। ব্ৰিটিছ সাংসদসকলে সতৰ্ক কৰি দিছে যে ৰাছিয়াই তেল-গেছৰ জৰীপ চলাই ইন্ধনৰ বাবে অঞ্চলটোক শোষণ কৰিব বিচাৰিছে আৰু ড্ৰিলিং ৰিগ বহুওৱাৰ কথা ভাবিছে। ৰাছিয়াই সেই স্থানত তেলৰ খনন আৰম্ভ কৰিলে নিশ্চিতভাবে বিট্ৰেইনৰ সৈতে সংঘাত হোৱাটো সেয়ে প্ৰায় খাটাং হৈ পৰিছে।

বছৰৰ পিছত বছৰ ধৰি বৰফে ঢাকি ৰখা ব্ৰিটিছ এণ্টাৰ্কটিক এলেকাৰ তলত তেল থকা বুলি বহু বছৰৰ পৰা বিজ্ঞানীসকলে ধাৰণা কৰি আহিছে। সেই স্থানত থকা স্থানীয় প্ৰজাতিৰ প্ৰাণীবোৰৰ ভিতৰত আছে মাইট, নেমাটোড, পেংগুইন, চীল, আৰু টাৰ্ডিগ্ৰেড। ইয়াত হোৱা উদ্ভিদৰ বেছিভাগ লাইকেন বা মছৰ ৰূপত আছে। এণ্টাৰ্কটিকাৰ বৰফৰ চেল্ফবোৰ সম্ভৱতঃ ১৮২০ চনত প্ৰথমবাৰৰ বাবে দেখা গৈছিল, ফেবিয়ান গটলিব ভন বেলিংচাউজেন আৰু মিখাইল লাজাৰেভৰ নেতৃত্বত এটা ৰাছিয়ান অভিযানৰ সময়ত বৰফৰ তৰপবোৰ ধৰা পৰিছিল। বৰফৰ তৰপৰ মাজতেই তেল থকা বুলি তেতিয়াই ধাৰণা কৰা হৈছিল।

ড০ গজেন মিপুন-মনোজ মিপুনক সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত ! ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন…

ডিমৌত কালিৰে পৰা অনুষ্ঠিত হোৱা মিচিং জনগোষ্ঠীৰ অন্যতম  মিপুন বংশাৱলীৰ প্ৰথমখন সাধাৰণ অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে সমাপন হয়। অসম – অৰুণাচল প্ৰদেশত সিচঁৰিত হৈ থকা মিপুন বংশাৱলীৰ পৰিয়াল সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে  অনুষ্ঠিত কৰা অধিৱেশনৰ প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ পাছত প্ৰতিনিধি সভাখন উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অশ্বত্থমা মিপুনে।সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা।  অধিৱেশনৰ আজি পুৱা ৬ বজাত  সামূহিক চাফাই অভিযান সম্পন্ন কৰাৰ পাছত পুৱা ১১ বজাৰ পৰা  মিপুন বংশাৱলীৰ কেন্দ্ৰীয় সভাপতি ড° গজেন চন্দ্ৰ মিপুনে  সভাপতিত্ব কৰা মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়াই মিপুন বংশাৱলীৰ সাধাৰণ সম্পাদক মনোজ মিপুনে ।

মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত  সঞ্চালক বদং য়িৰাঙে কয় –  অৰুণাচলৰ নুমী আৰু অসমৰ মিচিং জনগোষ্ঠীৰ মিপুন সকল একে বংশধৰ বুলি বক্তব্য ৰাখি ভৌগোলিক,প্ৰাকৃতিক, ৰাজনৈতিক আদি  বিভিন্ন পৰিৱেশৰ বশৱৰ্তী হৈ আমাৰ পূৰ্ব পুৰুষ সকলে অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আহিছে যদিও পুনৰ আমাৰ মাজত আত্মীয়তা আৰু সৌহাদ্যপূৰ্ণ বাতাবৰণ বৃদ্ধি কৰিব লাগিব বুলি বক্তব্য ৰাখি আগত দিনত মিপুন আৰু নুমী সকলৰ মাজত থকা সম্পৰ্ক অধিক কটকটীয়া কৰাৰ বাবে চেষ্টা চলোৱা হ’ব বুলি ভাষন আগবঢ়ায়।

সভাত নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় মোহন মিপুন, পাতিৰ বংশাৱলীৰ উপদেষ্টা সোণাধৰ পাতিৰ,অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া কাংগং য়িৰাং,অৰুণাচলৰ অকেনমাং নুমী, বাসু নুমী, টক্কেপ আপুন,টেমদাং আপুন,পকন্য নুমী, এ চি এছ বিষয়া নীলিমা চায়েঙ্গীয়া,অৰুন্ধতী নৰহ মিপুন, পাতিৰ বংশাৱলীৰ সাধাৰণ সম্পাদক অজয় পাতিৰ, আৰক্ষী বিষয়া কুণ্ডু মিপুন আদি কৰি বহু সংখ্যক গন্যমান্য লোক উপস্থিত থাকে। ইফালে অধিৱেশনৰ প্ৰতিনিধি সভাই ড৹ গজেন মিপুনক পুনৰ সভাপতি, মনোজ মিপুনক পুনৰ সাধাৰণ সম্পাদক, সুখেশ্বৰ মিপুনক সাংগঠনিক সম্পাদক হিচাপে লৈ ৩১ জনীয়াকৈ মিপুন বংশাৱলীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন তিনিবছৰৰ বাবে গঠন কৰা হয়। লগতে মিপুন বংশাৱলীৰ পৰৱৰ্তী অধিৱেশনখন ২০২৭ চনত তিনিচুকীয়া জিলাৰ জাগুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ডাইনী হত্যা-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ…

দুটা দশক ধৰি অসমত প্ৰচলিত ডাইনী হত্যা আদি বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি অহা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন জনগোষ্ঠীয় সংগঠনে শোক প্ৰকাশ কৰিছে। বিশিষ্ট সমাজ সংস্কাৰক পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰি শোকবাৰ্তাত কয় অসমত ডাইনী,কু-প্ৰথা আৰু অন্ধবিশ্বাসৰ সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক বিৰুবালা ৰাভাই সহায় কৰি আহিছে আৰু সমাজৰ অন্যায়,অন্ধবিশ্বাসৰ বিৰুদ্ধে জনগণৰ মাজত সজাগ-সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি

ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা বিৰুবালা ৰাভাৰ মৃত্যু নিৰক্ষৰ আৰু পিছপৰা শ্ৰেণীৰ সমাজৰ  বাবে অপূৰণীয় ক্ষতি কৰিব বুলি মন্তব্য কৰে।পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱাল, মুখ্য সম্পাদক মৃদুল সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং, উপ সভাপতি ৰাজু সোনোৱাল,সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, সাধাৰণ সম্পাদিকা লাৱণ্য সোনোৱাল,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰী, উপ সভাপতি সুশীল বসুমতাৰী,

সাধাৰণ সম্পাদক তোলন সোনোৱাল,সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি নিত্যানন্দ হাজং, সাধাৰণ সম্পাদক ধনেশ্বৰ হাজং,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক অশোক দৈমাৰী, গোলাঘাট জিলা সমিতিৰ সভাপতি মুকুন্দ বসুমতাৰী, সাধাৰণ সম্পাদক মিলন ৰামচিয়াৰী,জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাঙ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাসে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

হায়দৰাবাদত বিজেপি প্ৰাৰ্থী মাধৱী লতাই মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাকলৈ উত্তেজনা, এজাহাৰ দাখিল…

বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁক এগৰাকী মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ১৭১চি, ১৮৬, ৫০৫ (১) চি ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে। সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে তেলেংগানাই আজি চতুৰ্থ পৰ্যায়ত সকলো আসনৰ বাবে ভোটদান কৰিছে।

১৭ খন আসনৰ ভিতৰত এটা হ’ল হায়দৰাবাদ য’ত বিজেপিৰ মাধৱী লতা বৰ্তমানৰ সাংসদ আছাদুদ্দিন ৱাইচিৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিছে। এতিয়া বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁক বোৰ্খা পিন্ধা মছলিন মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা দেখা গৈছিল যাৰ পিছত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বিজেপি নেতা মাধৱী লতাইও তেওঁৰ কাৰ্য্যৰ সপক্ষে কয় “মই এগৰাকীপ্ৰাৰ্থী। পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ অধিকাৰ মোৰ আছে”।