Home Blog Page 847

মায়া নগৰী মুম্বাইত ধূলিৰ ধুমুহাৰ সংহাৰ…

সোমবাৰে আবেলি মুম্বাইত এক প্ৰচণ্ড ধুলিৰ ধুমুহাই সংহাৰৰ সৃষ্টি কৰে। বহুদিন ধৰি মহানগৰ খনত হোৱা নাছিল বৰষুণ। ইয়াৰ মাজতে অহা ধূলিৰ ধুমুহাই মানুহক বিৰক্ত কৰি তোলে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰা অনুসৰি মুম্বাইৰ কেইবাটাও অঞ্চলৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে । আইএমডিয়ে ধাৰাসাৰ বৰষুণ, বজ্ৰপাত, ধুমুহাৰ ভৱিষ্যতবাণী কৰিছে, বিশেষকৈ থানে আৰু ৰায়গড় জিলাত ধুমুহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে সোমবাৰে সন্ধিয়াৰে পৰা পশ্চিম উপনগৰৰ বৰিভালি, কান্দিভালী, মালাদ আৰু গোৰেগাঁওত ধাৰাসাৰ বৰষুণ হৈছে আৰু গৰমৰ পৰা মানুহে কিছু সকাহ পাইছে। আজি হোৱা ধুমুহা-বৰষুণৰ পূৰ্বে মুম্বাইত ৩৩ ৰ পৰা ৩৪ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত তাপমাত্ৰা আছিল।

ইফালে, সোমবাৰে মুম্বাইৰ ৱাডালা অঞ্চলত ধুমুহা বতাহৰ মাজতে এটা নিৰ্মাণাধীন ধাতুৰ পাৰ্কিং টাৱাৰ ৰাস্তাত খহি পৰে প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত দুখন বাহন ক্ষতিগ্ৰস্ত হৈছে, কিন্তু কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। ঘটনাটো ব্যস্ত ৱাডালা-এণ্টপ হিল ৰোডৰ বৰকত আলী নাকাত সংঘটিত হৈছে। ঘটনাস্থলীত দুটা অগ্নি নিৰ্বাপক বাহিনী আৰু এখন উদ্ধাৰকাৰী ভান ততাতৈয়াকৈ গৈ উপস্থিত হয়। সোমবাৰে মুম্বাইৰ উপনগৰীয় ঘাটকোপাৰ অঞ্চলত বৰষুণ আৰু ধুমুহা-বতাহৰ মাজত এটা পেট্ৰ’ল পাম্পত এখন বৃহৎ লোৰ হৰ্ডিং খহি পৰাৰ ফলত কমেও ১৪ জনকৈ লোক, ৭০ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ (এম চি জি এম)ৰ এজন বিষয়াই কয় যে ঘটনাটো বিয়লি প্ৰায় ৪.৩০ বজাত ছেদা নগৰ জিমখানাৰ ওচৰত সংঘটিত হৈছিল৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে বিষয়াজনে৷

যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো, লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিমঃ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ দেহাৱসান…

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ ৭২ বছৰ বয়সত দেহাৱসান।


এসময়ত বিহাৰত বিজেপিৰ পৰিচিত মুখ সুশীল মোদীয়েও স্বাস্থ্যৰ বাবে চলি থকা লোকসভা নিৰ্বাচনৰ পৰা আঁতৰি আহিছিল।

তেওঁ ৩ এপ্ৰিলত টুইটাৰ এক্সত এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছিল।

দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত সোমবাৰে সন্ধিয়া বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু হয়।

কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।


টুইটাৰ এক্সত এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত কৈছিলঃ “মই যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো। এতিয়া অনুভৱ কৰিছো যে মানুহক কোৱাৰ সময় আহি পৰিছে। লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰীক সকলো কথা কৈছো। সদায় কৃতজ্ঞ আৰু সদায়।” দেশ, বিহাৰ আৰু দলৰ প্ৰতি উৎসৰ্গিত।’

সোঁফালে নে বাওঁফালে কোনফালে শুব লাগে? বিশেষকৈ হৃদৰোগীয়ে এই কথা মনত ৰাখিব লাগে…

শোৱাৰ অৱস্থাই আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত সঠিক অৱস্থানৰ প্ৰতি সচেতন হৈ কিছু সহজ পৰিৱৰ্তন কৰি স্বাস্থ্য উন্নত কৰিব পাৰি। সাধাৰণতে আমি শোৱাৰ সময়ত আৰামদায়ক ভংগীমাত শুই ভাল পাওঁ, কিন্তু আপুনি জানেনে যে টোপনিৰ ভংগীমাই আমাৰ শৰীৰত প্ৰভাৱ পেলায়। ভাল টোপনিৰ বাবে কিছুমান টিপছ জানি লওক-

এই তথ্যই আপোনাক আপোনাৰ টোপনিৰ ভংগীমা বুজিবলৈ সহায় কৰিব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে আটাইতকৈ উপযুক্ত ভংগীমা বাছি ল’ব পাৰে। যাতে আপুনি ৰাতি ভালদৰে শুব পাৰে আৰু দিনত অধিক শক্তিশালী অনুভৱ কৰিব পাৰে।

বাওঁফালঃ গৰ্ভৱতী মহিলা আৰু হাৰ্টবাৰ্ণ, গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স বা অন্ত্ৰৰ ৰোগত আক্ৰান্ত লোকৰ বাবে এই ভংগীমা সৰ্বোত্তম।

সোঁফালঃ হৃদৰোগীয়ে হৃদযন্ত্ৰৰ ওপৰত চাপ কম কৰিবলৈ সোঁফালে শুব লাগে।


পিঠি দিঃ এই ভংগীমাৰ ফলত স্লিপ এপনিয়া হ’ব পাৰে, য’ত উশাহ-নিশাহ বন্ধ হৈ পৰে। এই ৰোগে ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

বেলি ফ্লপঃ এনে অৱস্থাত শুলে ডিঙি আৰু কঁকালৰ বিষ, মেৰুদণ্ড বেঁকা হোৱা আৰু মুখৰ বলিৰেখা হ’ব পাৰে।

ভাল টোপনিৰ বাবে টিপছঃ

আপোনাৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি উপযুক্ত ভংগীমা বাছি লওক। প্ৰতি নিশা একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক। শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক, যেনে গৰম গা ধোৱা বা কিতাপ পঢ়া। শোৱাৰ পূৰ্বে মদ আৰু কেফেইন সেৱন নকৰিব।

ভয়ংকৰ ঘটনা! মুম্বাইত হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক…

হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক।

মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

ধুমুহা-বৰষুণৰ বাবেই ভাঙি পৰে ১০০ ফুট ওখ ফ্রেমসহ হডিঙখন।

মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে।

এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক। 

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ, তৃতীয়বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ৷

দিনৰ ১১.৩০ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব মোদীয়ে৷

তৃতীয় বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নৰেন্দ্ৰ মোদীয়ে।

মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশগ্ৰহণ কৰিব ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷

ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন

ডিমৌত কালিৰে পৰা অনুষ্ঠিত হোৱা মিচিং জনগোষ্ঠীৰ অন্যতম মিপুন বংশাৱলীৰ প্ৰথমখন সাধাৰণ অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে সমাপন হয়। অসম – অৰুণাচল প্ৰদেশত সিচঁৰিত হৈ থকা মিপুন বংশাৱলীৰ পৰিয়াল সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা অধিৱেশনৰ প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ পাছত প্ৰতিনিধি সভাখন উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অশ্বত্থমা মিপুনে।

সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। অধিৱেশনৰ আজি পুৱা ৬ বজাত সামূহিক চাফাই অভিযান সম্পন্ন কৰাৰ পাছত পুৱা ১১ বজাৰ পৰা মিপুন বংশাৱলীৰ কেন্দ্ৰীয় সভাপতি ড° গজেন চন্দ্ৰ মিপুনে সভাপতিত্ব কৰা মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়াই মিপুন বংশাৱলীৰ সাধাৰণ সম্পাদক মনোজ মিপুনে । মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক বদং য়িৰাঙে কয় – অৰুণাচলৰ নুমী আৰু অসমৰ মিচিং জনগোষ্ঠীৰ মিপুন সকল একে বংশধৰ বুলি বক্তব্য ৰাখি ভৌগোলিক,প্ৰাকৃতিক, ৰাজনৈতিক আদি বিভিন্ন পৰিৱেশৰ বশৱৰ্তী হৈ আমাৰ পূৰ্ব পুৰুষ সকলে অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আহিছে যদিও পুনৰ আমাৰ মাজত আত্মীয়তা আৰু সৌহাদ্যপূৰ্ণ বাতাবৰণ বৃদ্ধি কৰিব লাগিব বুলি বক্তব্য ৰাখি আগত দিনত মিপুন আৰু নুমী সকলৰ মাজত থকা সম্পৰ্ক অধিক কটকটীয়া কৰাৰ বাবে চেষ্টা চলোৱা হ’ব বুলি ভাষন আগবঢ়ায়।

সভাত নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজয় মোহন মিপুন, পাতিৰ বংশাৱলীৰ উপদেষ্টা সোণাধৰ পাতিৰ,অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া কাংগং য়িৰাং,অৰুণাচলৰ অকেনমাং নুমী, বাসু নুমী, টক্কেপ আপুন,টেমদাং আপুন,পকন্য নুমী, এ চি এছ বিষয়া নীলিমা চায়েঙ্গীয়া,অৰুন্ধতী নৰহ মিপুন, পাতিৰ বংশাৱলীৰ সাধাৰণ সম্পাদক অজয় পাতিৰ, আৰক্ষী বিষয়া কুণ্ডু মিপুন আদি কৰি বহু সংখ্যক গন্যমান্য লোক উপস্থিত থাকে। ইফালে অধিৱেশনৰ প্ৰতিনিধি সভাই ড৹ গজেন মিপুনক পুনৰ সভাপতি, মনোজ মিপুনক পুনৰ সাধাৰণ সম্পাদক, সুখেশ্বৰ মিপুনক সাংগঠনিক সম্পাদক হিচাপে লৈ ৩১ জনীয়াকৈ মিপুন বংশাৱলীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিখন তিনিবছৰৰ বাবে গঠন কৰা হয়। লগতে মিপুন বংশাৱলীৰ পৰৱৰ্তী অধিৱেশনখন ২০২৭ চনত তিনিচুকীয়া জিলাৰ জাগুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ

বীৰুবালা ৰাভা যাৰ নামেই পৰিচয়। দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। ভাৰত চৰকাৰে ২০২১ চনত অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল।

গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এজন কৃষকৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হয়।৷সৰুৰে পৰা বিভিন্ন সামাজিক কামত জড়িত থাকি তেওঁ ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ অন্ধবিশ্বাস পৰা মুক্ত কৰিবলৈ সংগ্ৰাম কৰি আহিছিল । ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰি গাঁৱে গাঁৱে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছিল । ২০০৬ চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে। বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।অন্ধবিশ্বাস আধাৰিত ডাইনী হত্যাৰ দৰে সামাজিক বিকাৰৰ বিৰুদ্ধে জনসচেতনা গঢ়ি সমাজক কু-প্ৰথাসমূহৰ পৰা মুক্ত কৰাৰ মহৎ প্ৰয়াসত নিজকে সমৰ্পন কৰা মহিয়সী নাৰী, পদ্মশ্ৰী বীৰুবালা ৰাভা ডাঙৰীয়ানীৰ আজি বিয়োগৰ বতৰাই অতিকৈ মৰ্মাহত কৰি তুলিছে। তেখেতৰ মৃত্যুত এগৰাকী নিভাঁজ সমাজসংস্কাৰক হেৰুওৱাৰ লগতে অসমৰ সমাজ জীৱনেও হেৰুৱালে এক অমূল্য সম্পদ।

প্ৰতিকুল পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ বীৰুবালা ৰাভা আছিল এগৰাকী অত্যন্ত সাহসী আৰু ব্যৱহাৰিক জ্ঞান-অভিজ্ঞতাৰে পৰিপুষ্ট, প্ৰৱল আত্মবিশ্বাসী মহিলা। গোৱালপাৰা জিলাৰ এখন অতি ভিতৰুৱা গাঁৱৰ বাসিন্দা বীৰুবালা ৰাভা ডাঙৰীয়ানীয়ে সমগ্ৰ অসমতে ডাইনী হত্যাৰ সামাজিক বিকাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ব্যাপক জনজাগৰণ সৃষ্টিত অত্যন্ত মহত্বপূৰ্ণ অৰিহণা যোগাই থৈ গ’ল। এসময়ত নিজেও এই কুপ্ৰথাৰ বলি হৈ সমাজৰ পৰা নিৰ্যাতন-গঞ্জনা ভোগিবলৈ বাধ্য হোৱা এই গৰাকী অসাধাৰণ মহিলাই পাছলৈ আমাৰ সমাজত অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, ডাইনী প্ৰথাৰ বিৰুদ্ধে অদমনীয় যুঁজৰ নেতৃত্ব বহন কৰি সকলোৰে বাবে এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে।তেখেতৰ সাহস, সততা আৰু দৃঢ়তাই উদ্বুদ্ধ কৰা অসমৰ ভিন্ন স্থানৰ বহু যুৱক-যুৱতী, নাগৰিকৰ সহযোগিতা আৰু অংশগ্ৰহণেৰে ২০১১ চনত ‘মিছন বিৰুবালা’ আৰম্ভ কৰি ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাত হিতে-কামে ব্ৰতী হৈছিল আৰু ডাইনী প্ৰথাৰ বলি হোৱা বহুলোকক ৰক্ষা কৰিছিল। বীৰুবালা ৰাভাক সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১)আনন্দৰাম ঢেকিয়াল ফুকন বঁটা (২০১৯),12th Upendra Nath Brahma Soldier of Humanity Award (২০১৫) সন্মান আগবঢ়াইছিল।

ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা

ভাৰতৰ ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত চাবাহাৰ বন্দৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়, যাৰ ফলত চাবাহাৰ বন্দৰ উন্নয়ন প্ৰকল্পত ভাৰতে ১০ বছৰৰ বাবে শ্বাহিদ বেহেস্তি পৰিচালনা সক্ষম কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ইৰাণৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী মেহৰদাদ বাজৰপাছে আজি তেহৰাণত অনুষ্ঠিত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২০১৬ চনৰ ২৩ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত তেহৰাণত এই বন্দৰৰ পদক্ষেপ ত্বৰান্বিত কৰা হৈছিল।

এই চুক্তিৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু বিশেষকৈ ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত বাণিজ্যৰ সুবিধা ত্বৰান্বিত কৰা। আইপিজিএলৰ সহায়ক সংস্থা ইণ্ডিয়া প’ৰ্টছ গ্ল’বেল চাবাহাৰ ফ্ৰী জ’নে ২০১৯ চনত আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী ৰপ্তানি ত্বৰান্বিত কৰিছিল। ২০২২ চনৰ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চাবাহাৰ ভ্ৰমণৰ লগে লগে দীৰ্ঘম্যাদী চুক্তিৰ সন্দৰ্ভত আলোচনা ক্ষিপ্ৰতৰ হৈছিল। এই ১০ বছৰীয়া দীৰ্ঘম্যাদী লীজ চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব আৰু বাণিজ্যৰ নতুন পথ প্ৰশস্ত কৰিব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে এক ঐতিহাসিক দিন কিয়নো ভাৰত আৰু ইৰাণে চাবাহাৰ বন্দৰ সন্দৰ্ভত এই দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰি ভাৰত, ইৰাণ আৰু আফগানিস্তানৰ মাজত ত্ৰিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লগতে সামুদ্ৰিক সহযোগিতা আৰু পৰিবহণৰ এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতে চাবাহাৰ বন্দৰত বিনিয়োগ অব্যাহত ৰখাৰ ফলস্বৰূপে ইয়াৰ দক্ষতা আৰু ক্ষমতা অধিক বৃদ্ধি হ’ব। সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি দৃঢ় হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত চাবাহাৰত ভাৰতৰ নিৰন্তৰ সম্পৰ্কই বিশ্ব যোগান শৃংখলাত ভাৰত আৰু ইৰাণৰ ভূমিকা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত ভাৰতৰ বাণিজ্যৰ গুৰুত্ব বৃদ্ধি কৰিব। ভাৰতে বাণিজ্যিক সম্পৰ্কৰ বাহিৰেও আঞ্চলিক উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰি মানৱীয় সাহায্য ৰপ্তানিৰ বাবেও বন্দৰটো ব্যৱহাৰ কৰিব।”

সোণোৱালে লগতে কয়, “চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰত আৰু ইৰাণৰ মাজতে সীমাবদ্ধ নাথাকে; ই মধ্য এছিয়াৰ দেশসমূহ, আফগানিস্তান আৰু ভাৰতক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপেও কাম কৰিব। এই সংযোগে বৃহৎ অঞ্চলটোত বাণিজ্য আৰু সুৰক্ষিত যোগান শৃংখলাৰ স্থিতিস্থাপকতাৰ বাবে নতুন পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে শক্তিশালী যোগান শৃংখলা নেটৱৰ্কৰ সৈতে এক মুখ্য সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হোৱাৰ পথত প্ৰসাৰিত গৈছে। চাবাহাৰ বন্দৰ আৰু ভাৰতীয় বন্দৰৰ মাজত নিয়মীয়া জাহাজৰ চলাচলৰ দিশটোৱে ব্যৱসায়ীসকলৰ মাজত নতুন আশা জাগ্ৰত কৰিছে।”

ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে চাবাহাৰ বন্দৰৰ গুৰুত্ব সম্পৰ্কে সৰ্বানন্দ সোণোৱালে কয়, “এই প্ৰকল্পটোৱে ভাৰতীয় উদ্যোগীসকলক দীৰ্ঘম্যাদী সম্ভাৱনাৰ অন্বেষণ কৰাত সহায় কৰিব। পাৰস্পৰিক অৰ্থনৈতিক বিকাশ আৰু সহযোগিতা বৃদ্ধি কৰাত এই চুক্তিৰ ভূমিকা হ’ব অপৰিসীম। এইছেগতে মই ইৰাণৰ নেতৃত্বক তেওঁলোকৰ অকুণ্ঠ সহযোগিতা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছাই এই প্ৰকল্পটোক দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে এক কাৰ্যকৰী বাস্তৱলৈ পৰিণত কৰিছে।”

ইৰাণৰ দক্ষিণ পশ্চিম উপকূলৰ চিস্তান-বালুচিস্তান প্ৰদেশত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ পশ্চিম উপকূলৰ পৰা সহজে প্ৰৱেশ কৰিব পৰা আৰৱ সাগৰৰ এক গুৰুত্বপূৰ্ণ বিন্দু। গুজৰাটৰ কান্দলা বন্দৰ ৫৫০ নটিকেল মাইলেৰে চাবাহাৰ বন্দৰৰ আটাইতকৈ নিকটতম, আনহাতে চাবাহাৰ আৰু মুম্বাইৰ মাজৰ দূৰত্ব ৭৮৬ নটিকেল মাইল। ২০১৯ চনৰ পৰা ই ৮০,০০০তকৈও অধিক টিইইউ আৰু ৮ নিযুত টনতকৈ অধিক বাল্ক আৰু সামগ্ৰীৰ কণ্টেইনাৰ ট্ৰেফিক পৰিচালনা কৰিছে। চাবাহাৰ বন্দৰৰ লক্ষ্য হৈছে পাৰস্পৰিক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ লগতে নিযুক্তিৰ নতুন নতুন সুযোগ সৃষ্টি কৰা। কৌশলগতভাৱে অৱস্থিত এই বন্দৰটোৱে মধ্য এছিয়াৰ দেশসমূহ আৰু আফগানিস্তানৰ মাজত কাৰ্গ’ ট্ৰেফিক পৰিচালনাৰ বাবে হৰমুজ প্ৰণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ প্ৰশস্ত কৰিছে। এই বিবিধতাই অঞ্চলটোত ভাৰতৰ কৌশলগত স্থিতিও শক্তিশালী কৰিছে।

ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ

প্ৰতিটো ৰাতিপুৱাতে দিনটো বিপদমুক্তভাৱে, সুকলমে পাৰ হ’বলৈ আমি প্ৰাৰ্থনা কৰোঁ, মন স্থিৰ কৰোঁ। এই প্ৰাৰ্থনাত দিনটোত যান-বাহনেৰে যাতায়াত কৰোতে একান্তই মানি চলিবলগীয়া সুৰক্ষাকো অগ্ৰাধিকাৰ দিব লাগিব। কিয়নো দেহা থাকিলেহে বেহা। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লগতে সৰু-সুৰা কোনো দুৰ্ঘটনাই যাতে অমূল্য মানৱসম্পদত আঘাত কৰিব নোৱাৰে তাৰবাবে জনমানসত পথ-সুৰক্ষাক হৃদয়ৰ আহ্বান আৰু নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিব পাৰিলেহে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব।

এই মন্তব্য ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ উল্লেখ্য যে, পৰিবহণ বিভাগে ৰাইজৰ কল্যাণৰ বাবে আগবঢ়োৱা পথ-সুৰক্ষাৰ বাণীসমূহ কলা-সংস্কৃতিৰ লগত জড়িত কৰি সাংস্কৃতিক কৰ্মীৰ দ্বাৰা ব’হাগৰ আনন্দ স্ফূৰ্তিৰ মাজতে সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ বাবে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা গান,আলেখ্য, চুটিছবি, নাটক, বিহু-হুচৰি আদি পৰিৱেশন কৰি সেইসমূহ যাতে মানুহৰ মন-মগজুত অহৰহ বাজি থাকিব পাৰে তাৰ প্ৰয়াস কৰা হয় ।

এই উদেশ্যে গোটেই ব’হাগ মাহটোত অবিভক্ত কামৰূপ জিলাৰ কুৰিৰো অধিক বিহুমঞ্চৰ আমন্ত্ৰণত পৰিবহণ বিভাগে ব্যতিক্ৰমী অনুষ্ঠানসমূহ পৰিৱেশন কৰে। ব’হাগৰ শেষৰটো দেওবাৰৰ দিনৰ ভাগত মহানগৰীৰ দীঘলী পুখুৰিৰ শান্তি উদ্যানত অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে পথ-সুৰক্ষা সজাগতাত বিগত সময়ত সাংবাদিকসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনতো পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ সবিনয়ে আহ্বান জনায়।

একেদিনাই সন্ধিয়ালৈ মহানগৰীৰ কৃষ্ণনগৰ ব’হাগী উৎসৱ আৰু ক্ষেত্ৰীৰ উলুৱনি ব’হাগী উৎসৱৰ মঞ্চত উপস্থিত হৈ হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি পথ-সুৰক্ষাৰ বাণীসমূহ যিকোনো সময়তে একো একোটা গানৰ কলিৰ দৰে গুণগুণাই থাকিবলৈ সকলোলৈকে আহ্বান জনায় । লগতে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীৰ পৰিকল্পনা আৰু চিত্ৰনিৰ্মাতা চন্দ্ৰশেষৰ দাসৰ পৰিচালনাত বিশেষভাৱে প্ৰস্তুত কৰা বিহু-হুচৰিৰে পাৰ্যমানে সজাগতা সৃষ্টি কৰা হয়। গোটেই ব’হাগ মাহটোত কুৰিৰো অধিক বিহু মঞ্চত পথ-সুৰক্ষাক এক সহজাত সংস্কৃতি হিচাপে গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা শনিবাৰ আৰু দেওবাৰে পাথৰকোঁৱাৰী আৰু তৰুণ নগৰ ৰঙালী বিহু উৎসৱতো উপস্থিত থাকে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকী । ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাতায়াত কৰাৰ পৰা তৰুণ প্ৰজন্মকে ধৰি বৃদ্ধাৱস্থাৰ লোকসকলে পথ, যাতায়াতত সন্মুখীন হ’বপৰা বিভিন্ন অসুবিধা আৰু ইয়াৰ সমাধান, সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশসমূহ পৰ্যায়ক্ৰমে উল্লেখ কৰি সমবেত সকলোকে পথ-সুৰক্ষাক সংকল্প হিচাপে ল’বলৈ আহ্বান জনায়।সন্মুখৰ পৰা নেতৃত্ব দি পথ-সুৰক্ষাক প্ৰতেকটো বিহু বাকৰিত বিহু গীত আৰু নৃত্যৰে ৰাইজৰ মাজত সজাগতা আনে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া গৌতম দাসে ৷

মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…

গুৱাহাটী-দেশৰ সৌন্দৰ্য্য আৰু বুদ্ধিমত্তাৰ এটি বহুল চৰ্চিত আৰু প্ৰখ্যাত নাম হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া৷ সমগ্ৰ ভাৰতৰ পৰা প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই প্ৰতিখন ৰাজ্যত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে৷ এই প্ৰতিযোগিতা আয়োজনৰ বাবে ৰাজ্যসমূহত একোজনকৈ ৰাজ্যিক সঞ্চালক নিযুক্তি দিছে৷ প্ৰতিযোগিতাত বিজয়ীসকলে পোনে পোনে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফাইনেলত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ সুযোগ লাভ কৰিব৷ আগন্তুক জুন মাহৰ শেষৰ ফালে অসমত আয়োজন কৰা হ’ব মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অডিচন৷ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ ল’গো মুকলি কৰাৰ লগতে সমগ্ৰ দেশত আয়োজন কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বিভিন্ন দিশ পৰ্যবেক্ষণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ এটি প্ৰতিনিধি দল৷ এই দলটোত আছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ সঞ্চালক (অপাৰেচন এণ্ড মাৰ্কেটিং) আমজাদ খান, ২০২৩ চনৰ মিছ গ্ৰেণ্ড ইন্টাৰনেচনেল ইণ্ডিয়া অৰ্চিনা ছুমবুল আৰু ২০২৪ৰ মিছ এছিয়া পেচিফিক ইণ্ডিয়া ছ’ফিয়া সিং৷ আজি (১৩ জুন, ২০২৪) গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে দলটোক আদৰণি জনাই মিছ ইউনিভাৰ্ছ অসমৰ সঞ্চালক ডমিনিক ছেভিঅ’ ডেংদই৷

মিছ ইউনিভাৰ্ছ অসমৰ ল’গো মুকলি কৰাৰ পূৰ্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰসংগত সঞ্চালক আমজাদ খানে কয়— অসম তথা উত্তৰ পূৰ্বাঞ্চল সচাকৈয়ে ভগবানৰ দান৷ এতিয়া এই অঞ্চলটোৰ যুৱতীসকলৰ দুৱাৰদলিত অপেক্ষা কৰিছে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এখন বৃহৎ মঞ্চই৷ তেওঁলোকে উত্তৰ- পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ এখন শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ গ্ৰহণ কৰিব পাৰিব৷ সংবাদমেলত মিছ এছিয়া পেচিফিক ইণ্ডিয়া ২০২৪, ছফিয়া সিঙে উত্তৰ- পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটীত উপস্থিত হৈ নিজৰ সুন্দৰ অনুভূতি ব্যক্ত কৰি কয়— ব্ৰহ্মপুত্ৰৰ আশিস ধন্য এই স্থানত উপস্থিত হৈ মই আলোড়িত হৈছো৷ উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধিদীপ্ততাৰ এক উদাহৰণৰূপে অসমক গ্ৰহণ কৰিছো৷ উল্লেখযোগ্য যে সংবাদমেলতেই মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি কৰা হয়৷