Home Blog Page 848

ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ

প্ৰতিটো ৰাতিপুৱাতে দিনটো বিপদমুক্তভাৱে, সুকলমে পাৰ হ’বলৈ আমি প্ৰাৰ্থনা কৰোঁ, মন স্থিৰ কৰোঁ। এই প্ৰাৰ্থনাত দিনটোত যান-বাহনেৰে যাতায়াত কৰোতে একান্তই মানি চলিবলগীয়া সুৰক্ষাকো অগ্ৰাধিকাৰ দিব লাগিব। কিয়নো দেহা থাকিলেহে বেহা। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লগতে সৰু-সুৰা কোনো দুৰ্ঘটনাই যাতে অমূল্য মানৱসম্পদত আঘাত কৰিব নোৱাৰে তাৰবাবে জনমানসত পথ-সুৰক্ষাক হৃদয়ৰ আহ্বান আৰু নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিব পাৰিলেহে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব।

এই মন্তব্য ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ উল্লেখ্য যে, পৰিবহণ বিভাগে ৰাইজৰ কল্যাণৰ বাবে আগবঢ়োৱা পথ-সুৰক্ষাৰ বাণীসমূহ কলা-সংস্কৃতিৰ লগত জড়িত কৰি সাংস্কৃতিক কৰ্মীৰ দ্বাৰা ব’হাগৰ আনন্দ স্ফূৰ্তিৰ মাজতে সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ বাবে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা গান,আলেখ্য, চুটিছবি, নাটক, বিহু-হুচৰি আদি পৰিৱেশন কৰি সেইসমূহ যাতে মানুহৰ মন-মগজুত অহৰহ বাজি থাকিব পাৰে তাৰ প্ৰয়াস কৰা হয় ।

এই উদেশ্যে গোটেই ব’হাগ মাহটোত অবিভক্ত কামৰূপ জিলাৰ কুৰিৰো অধিক বিহুমঞ্চৰ আমন্ত্ৰণত পৰিবহণ বিভাগে ব্যতিক্ৰমী অনুষ্ঠানসমূহ পৰিৱেশন কৰে। ব’হাগৰ শেষৰটো দেওবাৰৰ দিনৰ ভাগত মহানগৰীৰ দীঘলী পুখুৰিৰ শান্তি উদ্যানত অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে পথ-সুৰক্ষা সজাগতাত বিগত সময়ত সাংবাদিকসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনতো পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ সবিনয়ে আহ্বান জনায়।

একেদিনাই সন্ধিয়ালৈ মহানগৰীৰ কৃষ্ণনগৰ ব’হাগী উৎসৱ আৰু ক্ষেত্ৰীৰ উলুৱনি ব’হাগী উৎসৱৰ মঞ্চত উপস্থিত হৈ হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি পথ-সুৰক্ষাৰ বাণীসমূহ যিকোনো সময়তে একো একোটা গানৰ কলিৰ দৰে গুণগুণাই থাকিবলৈ সকলোলৈকে আহ্বান জনায় । লগতে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীৰ পৰিকল্পনা আৰু চিত্ৰনিৰ্মাতা চন্দ্ৰশেষৰ দাসৰ পৰিচালনাত বিশেষভাৱে প্ৰস্তুত কৰা বিহু-হুচৰিৰে পাৰ্যমানে সজাগতা সৃষ্টি কৰা হয়। গোটেই ব’হাগ মাহটোত কুৰিৰো অধিক বিহু মঞ্চত পথ-সুৰক্ষাক এক সহজাত সংস্কৃতি হিচাপে গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা শনিবাৰ আৰু দেওবাৰে পাথৰকোঁৱাৰী আৰু তৰুণ নগৰ ৰঙালী বিহু উৎসৱতো উপস্থিত থাকে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকী । ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাতায়াত কৰাৰ পৰা তৰুণ প্ৰজন্মকে ধৰি বৃদ্ধাৱস্থাৰ লোকসকলে পথ, যাতায়াতত সন্মুখীন হ’বপৰা বিভিন্ন অসুবিধা আৰু ইয়াৰ সমাধান, সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশসমূহ পৰ্যায়ক্ৰমে উল্লেখ কৰি সমবেত সকলোকে পথ-সুৰক্ষাক সংকল্প হিচাপে ল’বলৈ আহ্বান জনায়।সন্মুখৰ পৰা নেতৃত্ব দি পথ-সুৰক্ষাক প্ৰতেকটো বিহু বাকৰিত বিহু গীত আৰু নৃত্যৰে ৰাইজৰ মাজত সজাগতা আনে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া গৌতম দাসে ৷

মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…

গুৱাহাটী-দেশৰ সৌন্দৰ্য্য আৰু বুদ্ধিমত্তাৰ এটি বহুল চৰ্চিত আৰু প্ৰখ্যাত নাম হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া৷ সমগ্ৰ ভাৰতৰ পৰা প্ৰতিভাসমূহ উলিয়াই অনাৰ বাবে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই প্ৰতিখন ৰাজ্যত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে৷ এই প্ৰতিযোগিতা আয়োজনৰ বাবে ৰাজ্যসমূহত একোজনকৈ ৰাজ্যিক সঞ্চালক নিযুক্তি দিছে৷ প্ৰতিযোগিতাত বিজয়ীসকলে পোনে পোনে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফাইনেলত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ সুযোগ লাভ কৰিব৷ আগন্তুক জুন মাহৰ শেষৰ ফালে অসমত আয়োজন কৰা হ’ব মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ অডিচন৷ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ ল’গো মুকলি কৰাৰ লগতে সমগ্ৰ দেশত আয়োজন কৰিবলগীয়া প্ৰতিযোগিতাখনৰ বিভিন্ন দিশ পৰ্যবেক্ষণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ এটি প্ৰতিনিধি দল৷ এই দলটোত আছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ সঞ্চালক (অপাৰেচন এণ্ড মাৰ্কেটিং) আমজাদ খান, ২০২৩ চনৰ মিছ গ্ৰেণ্ড ইন্টাৰনেচনেল ইণ্ডিয়া অৰ্চিনা ছুমবুল আৰু ২০২৪ৰ মিছ এছিয়া পেচিফিক ইণ্ডিয়া ছ’ফিয়া সিং৷ আজি (১৩ জুন, ২০২৪) গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে দলটোক আদৰণি জনাই মিছ ইউনিভাৰ্ছ অসমৰ সঞ্চালক ডমিনিক ছেভিঅ’ ডেংদই৷

মিছ ইউনিভাৰ্ছ অসমৰ ল’গো মুকলি কৰাৰ পূৰ্বে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰসংগত সঞ্চালক আমজাদ খানে কয়— অসম তথা উত্তৰ পূৰ্বাঞ্চল সচাকৈয়ে ভগবানৰ দান৷ এতিয়া এই অঞ্চলটোৰ যুৱতীসকলৰ দুৱাৰদলিত অপেক্ষা কৰিছে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এখন বৃহৎ মঞ্চই৷ তেওঁলোকে উত্তৰ- পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ এখন শীৰ্ষ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ গ্ৰহণ কৰিব পাৰিব৷ সংবাদমেলত মিছ এছিয়া পেচিফিক ইণ্ডিয়া ২০২৪, ছফিয়া সিঙে উত্তৰ- পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটীত উপস্থিত হৈ নিজৰ সুন্দৰ অনুভূতি ব্যক্ত কৰি কয়— ব্ৰহ্মপুত্ৰৰ আশিস ধন্য এই স্থানত উপস্থিত হৈ মই আলোড়িত হৈছো৷ উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধিদীপ্ততাৰ এক উদাহৰণৰূপে অসমক গ্ৰহণ কৰিছো৷ উল্লেখযোগ্য যে সংবাদমেলতেই মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি কৰা হয়৷

পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

পাটনাৰ গুৰুদ্বাৰত লংগৰ বিতৰণ কৰা অৱস্থাত দেখা গ’ল প্ৰধানমন্ত্ৰীগৰাকীক।

ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰি নিজে বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…

অসমৰ পুথি প্ৰকাশক আৰু বিক্ৰেতাসকলৰ সৰ্বোচ্চ নিয়ামক সংস্থা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ নতুন সমিতি গঠন কৰা হৈছে। সংস্থাৰ দ্বি-বাৰ্ষিক অধিবেশন খন ১২ মে’ত পাণবজাৰৰ কটন এলামনাই ভৱনত অনুষ্ঠিত হয় দ্বি-শতাকিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত সভাতেই আগন্তুক দুবছৰৰ বাবে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়। সেইমৰ্মে জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ নগেন শৰ্মাক সভাপতি আৰু এম আৰ পাব্লিকেছনৰ স্বত্বাধিকাৰ অপূৰ্ব কলিতাক সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত কৰা হয়।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহকাৰী সম্পাদক ৰক্তিম ঠাকুৰীয়াই এক প্ৰেছ বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হোৱা বাবে প্ৰকাশক নগেন শৰ্মা আৰু অপূৰ্ব কলিতাক বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে। নগেন শৰ্মা আৰু অপূৰ্ব কলিতাৰ নেতৃত্বত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই পূৰ্বতকৈও অধিক গতিশীলতাৰে কাম কৰি যাব পাৰিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…

গোৱালপাৰা জিলাৰ এক পিছপৰা অঞ্চল “ঠাকুৰবিলা” গাঁৱৰ নিৰ্ভীক সাহসী নাৰী বীৰুবালা ৰাভাই ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰক মাষিমুৰ কৰাৰ হকত যি গুৰুত্বৰ্পূণ পদেক্ষপ গ্ৰহণ কৰি আহিছে তাৰ বাবে তেওঁ সমগ্ৰ ৰাজ্যৰ বাবে এক গৌৰৱৰ স্বাক্ষৰ। য’তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠিছে, তাতে বীৰুবালা ৰাভা উপস্থিত হৈ জনসধাৰাণক পৰিত্ৰাণৰ পথ দেখুৱাব সক্ষম হৈছিল।তেওঁৰ ডাঙৰ পুত্ৰ ধৰ্মেশ্বৰৰ স্নায়ুজনিত ৰোগত আক্ৰান্ত্ৰ হৈ শাৰীৰিক অৱস্থা দিনকদিনে আৰু শোচনীয় হৈ পৰিছিল। তাৰ বয়স প্ৰায় দহ বছৰ আছিল তেতিয়া। বিভিন্ন ধৰণৰ শাৰীৰিক বিসংগতি আৰু সমস্যাই মাকক চিন্তিত কৰি তুলিলে।


হঠাৎ মূৰ্চিতও হৈ যায় সি। সিহঁতৰ পৰিয়ালটো এনেকুৱা এখন ভিতৰ গাঁৱত বাস কৰে, য’ত ডাক্তৰ হস্পিটেলৰ সুবিধা একেবাৰে সুলভ নহয়। চকুৰ আগত পুত্ৰৰ এনে অৱস্থা চাই থকাটোও টান আছিল মাকৰ বাবে। হেজাৰ যত্ন আৰু কষ্টৰ মাজেৰে কিবাকৈ মাকে তাক গুৱাহাটী মেডিকেল হস্পিটেললৈ লৈ গৈছিল। তাৰ স্নায়ুজনিত ৰোগ ধৰা পৰিছিল যদিও চিকিৎসা ভালদৰে কৰিব পৰা নগল।
ইফালে অৰ্থনৈতিক দৈনতায়ো ধৰ্মেশ্বৰৰ সুচিকিৎসাৰ পথত হেঙাৰ হৈ থিয় দিছিল। মাকৰ হেজাৰ চেষ্টা আৰু ইচ্ছা থকা সত্ত্বেও মনপুত চিকিৎসা ব্যৱস্থা কৰিবলৈ অক্ষম হ’ল। গাঁৱলৈ ঘূৰি আহিছিল পৰিয়ালটো। মৰমৰ পুত্ৰৰ এনে অৱস্থা অসহনীয় হৈ পৰিছিল।
কি কৰিব নকৰিব উৱাদিহ হেৰুৱাই গাঁৱৰে মানুহৰ পৰামৰ্শ আৰু দিহা অনুসৰি সেই অঞ্চলৰ বিশ্বাস অনুসৰি “দেওধানী আৰু স্থানীয় বেজৰ” শৰনাপন্ন হৈছিল। মনত দোমোজা আৰু খোকোজা থকা সত্ত্বেও মাকৰ মনে নামানে যেতিয়া দেওধানীকে শেষ সম্বল বুলি ওচৰলৈ গৈছিল। দেওধানীয়ে ধৰ্মেশ্বৰৰ “মংগল ঠিকনা” চালে। “তাৰ গাত হেনো পৰীয়ে থিতাপি লৈছে। সেই পৰীগৰাকী গৰ্ভৱতী আৰু দুদিনমান পিছতে সন্তান প্ৰসৱ কৰিব।

সন্তান প্ৰসৱ কৰাৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব। ‘’মাকৰ চিন্তাত দিনৰাতি নাযায় নুপুৱায় হ’ল। কি কৰিব নকৰিব মহাচিন্তাত পৰিল। অৱশেষত সেই দুদিন পাৰ হ’ল কিন্তু ধৰ্মেশ্বৰ জীয়াই থাকিল।লাহে লাহে মাকৰ অনুভৱ হ’ল এই কথাবোৰ অযুক্তিপূৰ্ণ। অন্ধবিশ্বাসৰ বাদে এয়া একো নহয়। তেওঁ মনটো ডাঠ কৰিলে আৰু ধৰ্মেশ্বৰৰ সু চিকিৎসাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই গ’ল। পিছে আৰ্থিক দুৰ্বলতাৰ বাবে যিমানখিনি কৰিব লাগে তেওঁলোকে কৰিব নোৱাৰিলে। লাহে লাহে ধৰ্মেশ্বৰৰ স্বাস্থ্য আৰু বেয়ালৈ ঢাল খালে। তাৰ মানসিক অৱস্থাৰো অৱনতি হবলৈ ধৰিলে আৰু আচাৰ ব্যৱহাৰৰো দ্ৰুত অৱনতি হব ধৰিলে। গাঁৱৰ মানুহে তাৰ আচৰণত অতিষ্ঠ হৈ পৰিছিল। ৰাইজে তাক হাতে ভৰিয়ে বান্ধি কোঠাত আবদ্ধ পৰ্যন্ত কৰি থব লগা পৰ্যায় পাইছিল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত ঘৰৰ মানুহে তাৰ উচ্চ চিকিৎসাৰ বাবে শ্বিলঙলৈ পঠাই দিলে। এই দুখ বিড়ম্বনাবোৰ মাৰ নৌ যাওঁতে ধৰ্মেশ্বৰৰ দেউতাকো এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ল।


গাঁৱৰে এগৰাকী লোকে বিয়পাই দিলেঁ যে “ঘৰৰে বান, ঘৰৰে শান, ঘৰতে ডাইনী, ঘৰতে ভুতুনী।” অৰ্থাৎ এনেকৈ কোৱাৰ আঁৰৰ মূলভাব এয়াই আছিল যে ঘৰৰ গৃহিনী অৰ্থাৎ ধৰ্মেশ্বৰৰ মাক “বীৰুবালা” এগৰাকী ডাইনী। আৰু “ডাইনী” সম্পৰ্কীয় যিবোৰ প্ৰচলিত লোক বিশ্বাস যে ডাইনীয়ে নিজ সন্তান আৰু গিৰিয়েককো ৰেহাই নিদিয়ে অৰ্থাৎ মাৰি পেলায়। যাৰ বাবে নিজ পুত্ৰক পাগল আৰু স্বামীক ঘৈণীয়েই বেমাৰী কৰিলে। গাঁৱৰ ৰাইজেও এনে মন্তব্যত সহমত প্ৰকাশ কৰি নিয়ম অনুসৰি ৰাইজৰ মেল বহুৱালে। সেই মেলত ৰাইজে বীৰুবালা ৰাভাক “ডাইনী” প্ৰতিপন্ন কৰে আৰু যথেষ্ট অপমান সূচক বাক্যৰে থকাসৰকা কৰে। বীৰুবালা ৰাভা তেখেতৰ স্বামীয়ে তাত যুক্তিপূৰ্ণ প্ৰতিবাদ কৰে যদিও ৰাইজে সহমত হোৱা নাছিল আৰু বহু বাক —বিতণ্ডাৰ পিছত সিহঁতক এঘৰীয়া কৰা হৈছিল।
বহুদিন ৰাতি এন্ধাৰৰ সুযোগ লৈ একাংশ আত্মীয়ই ব্যক্তিগত শত্ৰুতাৰ বাবে দোভাগ ৰাতি বীৰুবালাক আক্ৰমণ কৰিবও চেষ্টা চলাইছিল। মৃত্যুৰ ভাবুকি পৰ্যন্ত পাইছিল। কিন্তু কোনোপধ্যেই তেওঁ ভাঙি যোৱা নাছিল। বীৰুবালা ৰাভা নামৰ এই সাহসী মহিলাগৰাকীয়েই হৈছে সেই সময়খিনিত “ডাইনী” অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতা এক অন্যতম শক্তিশালী নাৰী কণ্ঠস্বৰ। গোৱালপাৰা জিলাৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাৱঁত এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।
অশেষ কষ্ট আৰু সংঘৰ্ষত ডাঙৰ হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িব পাৰিছিল। ১৯৮৫চনত তেওঁৰ বিবাহ ঠাকুৰভিলা গাৱঁৰে এজন কৃষকৰ লগত হয়। তেওঁৰ পুত্ৰ স্নায়বিক ৰোগত আকান্ত্ৰ হৈ মানসিক ভাৰসাম্য হেৰুৱাব লগা হৈছিল আৰু স্বামীও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। ভিতৰুৱা গাঁও খনৰ অন্ধবিশ্বাসী মানুহবোৰে সেইবাবেই তেওঁকে জগৰীয়া কৰিছিল আৰু তেওঁৰে ভাষ্য মতে,

‘এদিন মোক ৰাইজে ডাইনী সাজিছিল আৰু মোক এঘৰীয়া কৰিছিল”। সেই মুহূৰ্তত সমাজৰ পৰা আহি পৰা আসন্ন বিপদৰপৰা নিজৰ শক্তিশালী কণ্ঠ আৰু যুক্তিৰে সাৰি আহিব সক্ষম হৈছিল বীৰুবালা ৰাভা নামৰ মহিলাগৰাকী। কিন্তু শিক্ষা আৰু সভ্যতাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা সেই ভিতৰুৱা গাঁওখনত অন্ধবিশ্বাসী মানুহৰ অভাৱ নাছিল। তাৰে মাজৰে এচাম দুষ্টলোকৰ প্ৰৰোচনাত পৰি তেওঁক “ডাইনী” আখ্যা দিয়াই নহয় বৰঞ্চ শাৰীৰিক ভাৱে আক্ৰমণ কৰিবলৈ একাংশ লোক সম্পূৰ্ণ ৰূপে সাজু হৈছিল। তেওঁৰ ভাষ্য অনুসৰি গাঁৱৰ ওজা এজনে এটি পিতলৰ বাতিত কিবা মন্ত্ৰ ফুঁকাই এৰি দিছিল আৰু যিগৰাকী ডাইনী হয় তাৰ ওচৰলৈ বাতিটো নিজে নিজে বাগৰি গৈছিল।
বিৰুবালাৰ কাষলৈয়ো সেই মন্ত্ৰপূত বাটিতো হেনো বাগৰি কাষ পাইছিল। এনেকৈ তেওঁ “ডাইনী” হোৱাটো গাৱঁৰ মাজত প্ৰমাণিত হৈছিল আৰু তেওঁক আক্ৰমণ কৰিবলৈ একাংশ ৰাইজ উদ্যত হৈছিল। কিন্তু সেই আক্ৰমণৰপৰা কিবাকৈ হাত সাৰি আহিব পাৰিছিল যদিও তেওঁ তাতে ক্ষান্ত নহ’ল। এতিয়া দুগুণ উৎসাহ আৰু উদ্যমৰে আৰম্ভ কৰিলে এক যুদ্ধ এক যাত্ৰা। যি যুদ্ধ আছিল অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, “ডাইনী প্ৰথাৰ” বিৰুদ্ধে।


ডাইনী প্ৰথাৰ বলি হোৱা নিমাখিত জনৰ ৰক্ষাৰ স্বাৰ্থত ঘোষণা কৰা এক বিৰামহীন যুঁজ। তেনেকুৱা তেওঁৰ জীৱনত অজস্ৰ উদাহৰণ আছে যদিও উল্লেখ কৰিব পাৰি ১৯৯৯ চনত গোৱালপাৰাৰ লক্ষ্মীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত পতা এখন ৰাহুৱা সভাত ঠাকুৰবিলা অঞ্চলৰ কেইগৰাকী মান মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল। কিন্তু সেই সভাত বীৰুবালা ৰাভাই অতি দৃঢ় কণ্ঠৰে সেই ৰ্দুভগীয়া মহিলাৰ পক্ষে থিয় হৈ কৈছিল “তেওঁলোক ডাইনী কেতিয়াও হ’ব নোৱাৰে, এয়া অন্ধবিশ্বাস।” বীৰুবালা ৰাভাই যুক্তি প্ৰদান কৰিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰকো দেওধনীয়ে দুদিনতে মাৰিব বুলি কৈছিল, কিন্তু সি জীয়াই কেনেকৈ জীয়াই থাকিল?
বেজ, দেওধানী চব ভণ্ড।‘’ তেওঁ হাৰ মনা বিধৰ মহিলা নাছিল। লাহে লাহে ইখনৰ পিছত সিখন গাৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলেও বাটকুৰি বাই খোজ কাঢ়ি ডাইনী অন্ধবিসশ্বাস যে অযুক্তিকৰ এই ধাৰণাৰ বহুল প্ৰচাৰ তথা সজাগতাত লাগি গৈছিল।
প্ৰায় ৩৫ গৰাকীমান পীড়িত লোকৰ জীৱন ৰক্ষাৰ বাবে অদম্য সাহসেৰে আগভাগ ডাইনী বিৰোধী অভিযানৰ বাবে ২০০৫ চনত “প্ৰজে” থাউজেণ্ড উইমেন”ৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত হ’য়। তেওঁৰ এই সাহস, সততা, দৃঢ়তা দেখি বহুতো উঠি অহা যুৱক, যুৱতী, পুৰুষ, মহিলা সকলো অনুপ্ৰাণিত হৈছিল, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে চলা এই যাত্ৰাত অংশীদাৰ হবলৈ।
যাৰ বাবে এনেকুৱা সহযোগিতাৰে ২০১২ চনত আনুষ্ঠানিক ভাৱে “মিছন বীৰুবালা”ৰ জন্ম হয়। তেওঁৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰিব সক্ষম হৈছে। “মিছন বীৰুবালাই” ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে। ইয়াৰ মূল উদ্দ্যেশ্য হৈছে অন্ধবিশ্বাসৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক উৎসাহিত কৰা।

২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰী এল. টি. ডি’ৰ পৰা “ৰিয়েল হিৰ” খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু” বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা” বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডি. আদি ইয়াৰ অন্যতম। মিছন বীৰুবালাই প্ৰধানকৈ পিছপৰা আৰু ভিতৰুৱা গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি তথা প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা পাতি অন্ধবিশ্বাস দূৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে। ২০২১ চনৰ পদ্মশ্ৰী বঁটাৰেও বিভূষিতা হয় বীৰুবালা ৰাভা। অসম মহিলা সমিতিৰ সহযোগত ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত”মিছন বীৰুবালা” আৰম্ভ কৰিছিল আৰু ২০১৩ চনৰ ৩০ অে”াবৰত এই মিছনক ৰাজ্যিক অভিযান আখ্যা দিয়া হ’য়। পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱাৰ পিছত তেওঁ কৈছিল যে, “মই তেওঁলোকক কৈছোঁ, বঁটা লাভ কৰাটো ভাল কথা কিন্তু তাতকৈ ভাল, কথাটো হ’ল মানুহে আন মানুহক সহায় কৰাটো, আমি সাহসী আৰু নিৰ্ভীক হোৱা উচিত।” নিঃসন্দেহে তেওঁৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটিল। কিন্তু সামাজিক অন্ধবিশ্বাসৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ভীকতা আৰু সমৰ্পণৰ যি এক আদৰ্শ প্ৰস্তুত কৰি থৈ গ’ল সেয়াই ভৱিষ্যত প্ৰজন্মক বিকাশৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰি থাকিব চিৰকাল। ভিতৰুৱা অখ্যাত গাঁৱৰ জনজাতীয় এই মহিলাগৰাকী বিশ্বৰ সকলোৰে চিনাকি। বিশ্ব শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী গৰ্বিত অসমীয়া মহিলাই হৈছে বিৰুবালা ৰাভা।
এনে এগৰাকী নাৰী যাৰ প্ৰতিবাদী কণ্ঠই পীড়িত সকলৰ পক্ষত থিয় দি সোণোৱালী ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে।
সমাজৰ বাবে বীৰুবালা এনে এক আভা যাৰ পোহৰত অন্ধবিশ্বাসৰ বলি হোৱা নিষ্পেষিতসকল পুনঃ উদ্ভাষিত হৈ উঠি সাহসেৰে এক অগ্ৰগামী যাত্ৰালৈ বাট বুলিব সক্ষম হৈছে।

লেখিকাঃ পুষ্পাঞ্জলি শিৱমশৰ্মা

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…

আজি ঘোষণা কৰা হয় চিবিএছই-এ অনুষ্ঠিত কৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। এই বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯২ শতাংশ। চিবিএছই-এ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল cbse.gov.in, cbse.nic.in, results.cbse.nic.in আৰু cbseresults.nic.in ৱেৱছাইটত প্ৰকাশ কৰিছে। ফলাফল ২০২৪ results.digilocker.gov.in আৰু umang.gov.in ৱেবছাইটতো উপলব্ধ হৈছে। পূৰ্বৰ নিময়ৰ পৰিৱৰ্তন ঘটাই ২০২৪ বৰ্ষত চিবিএছই-এ দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীৰ কোনো নাম তালিকা প্ৰকাশ কৰা নাই। গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ।

শেহতীয়াকৈ ঘোঘিত ফলাফল অনুসৰি এইবেলি তিৰুৱনন্তপুৰমতে উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আৰোহণ কৰিছে তিৰুৱনন্তপুৰমে। ২০২৪ বৰ্ষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰী অধিক উত্তীৰ্ণ হৈছে। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক হৈছে। পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থানত আছে ৯৯.০৪ শতাংশৰে বিজয়ৱাড়া। উল্লেখ্য এইবেলি দেশৰ ৭১২৬টা পৰীক্ষা কেন্দ্ৰত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। পৰীক্ষাতনাম পঞ্জীয়ন ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল মুঠ ১,৬৩,৩৭৩০ গৰাকী। ইয়াৰ ভিতৰৰে ১৬২১২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। চলিত বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বৰ্ষতকৈ ০.৬৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এইবেলি মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯৮ শতাংশ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৩৩ শতাংশ। অসমতো চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হৈছে।

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বীৰুবালা ৰাভা বাইদেৱে নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বাইদেউৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। বাইদেউৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱনৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত আত্মীয়-স্বজনলৈ মোৰ গভীৰ সমবেদনা জনালোঁ, ওম শান্তি।”

কচুঃ কচু হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী, চুগাৰো নিয়ন্ত্ৰণত ৰাখে! জানক কচুৰ উপকাৰিতাৰ বিষয়ে…

মানুহৰ খাদ্যাভ্যাস অস্বাস্থ্যকৰ হ’লে হৃদৰোগ আৰু পেটৰ ৰোগ হোৱাৰ আশংকা থাকে! কিন্তু কচু, কচু পাত-শিপা খালে এই সমস্যাবোৰৰ দূৰ কৰিব পাৰি। কচুক ইংৰাজীত ‘taro root’ বুলি কোৱা হয়। কচুত আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। কচু খোৱাৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১/ হৃদৰোগ আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা কমিব

কচুত এন্টিঅক্সিডেন্ট, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, ই থাকে। কচুক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হৃদৰোগ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি।

২) তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা

কচুত প্ৰচুৰ পৰিমাণে ষ্টাৰচ থাকে আৰু ইয়াত দুবিধ কাৰ্বহাইড্ৰেট থাকে, যিয়ে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কচু খালে হজম শক্তি আৰু কাৰ্বহাইড্ৰেট শোষণ লেহেমীয়া কৰে আৰু খাদ্য খোৱাৰ লগে লগে তেজৰ চুগাৰ বৃদ্ধি ৰোধ কৰে।

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কচু খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব। ইয়াত থকা ভিটামিন চি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

৪/ ওজন হ্ৰাস কৰাত ফলপ্ৰসূ

ওজন কমোৱাতো কচু ফলপ্ৰসূ। কচু খালে আপোনাৰ পেট বহুদেৰি লৈকে ভৰি থাকে, যাৰ ফলত দিনটোৰ ভিতৰত কেলৰি গ্ৰহণ কমোৱাত সহায় কৰে। কচুত কেলৰিৰ পৰিমাণ কম, গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আৰ্বি শাক-পাচলি আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক।

৫) পেটৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব

আনহাতে কচু শিপাত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ই হজম শক্তি ভালদৰে ৰাখে। ইয়াৰ উপৰিও ই গেছ, কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়াৰ সমস্যাৰ পৰাও উপশম দিয়ে।

৬) চকুৰ দৃষ্টিশক্তি বাঢ়িব

কচুপাত চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থকা ভিটামিন এ আৰু চিৰ দৰে উপাদান থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে।

হনুমান চালিছাঃ হনুমান চালিছা অতি শক্তিশালী বুলি গণ্য কৰা হয়, জপ কৰিলেই সকলো বিপদ নাইকিয়া হয়…

হনুমানক পূজা কৰিলে এজন ব্যক্তিৰ বহু সমস্যা দূৰ হয়। হনুমান চালিছা জপ কৰি এজন ব্যক্তিয়ে বহু সমস্যাৰ পৰা সকাহ পাব পাৰে, গতিকে জানো আহক হনুমান চালিছাৰ বিষয়ে। হনুমানক শংকতমোচন বুলি কোৱা হয়, তেওঁ ভক্তৰ সকলো কষ্ট দূৰ কৰে ৷ কোৱা হয় হনুমান কল্যুগতো জীয়াই আছে আৰু য’তেই তেওঁৰ পূজা আৰু ৰাম নাম শুনে তাতেই তেওঁ আবিৰ্ভাৱ হয়। ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ ভক্তসকলে হনুমান চলিছা পাঠ কৰে, হনুমান চলিছা অতি শক্তিশালী বুলি গণ্য কৰা হয়। যিকোনো বয়সৰ মানুহে হনুমান চলিছা জপ কৰিব পাৰে।

ধৰ্মীয় বিশ্বাস অনুসৰি যদি কোনো ব্যক্তিয়ে নিতৌ হনুমান চলিছা পাঠ কৰে তেন্তে তেওঁৰ সকলো দুখ-কষ্ট, দুখ-কষ্ট আৰু দুখ-কষ্ট নাইকিয়া হৈ যায়। হনুমান চালিছাত এনেধৰণৰ বহুতো দ্বৈত আছে, যি জপ কৰি মানুহৰ অসুবিধা গুচি যায়, আন্ধাৰ নাইকিয়া হয়, মন নিৰ্মল হয় আৰু লগতে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে।

কোনোবাই এই দ্বৈত জপ কৰিলে তেনে ব্যক্তিৰ মন শান্ত হৈ পৰে। অশুভ শক্তি তেওঁৰ চাৰিওফালে ৰৈ নাথাকে, ব্যক্তিজনৰ জীৱনত ধনাত্মক শক্তিৰ প্ৰৱেশ ঘটে আৰু ব্যক্তিজন ভয়ৰ পৰা মুক্ত হৈ পৰে।

এই দ্বৈত জপ কৰি এজন ব্যক্তিয়ে অষ্ট সিদ্ধি আৰু নৱ নিধিৰ আশীৰ্বাদ লাভ কৰে।

বজৰং বালি অতিশয় শক্তিশালী, তেওঁ এজন ব্যক্তিৰ বেয়া চিন্তাবোৰ আঁতৰাই পেলায়। এই দ্বৈত জপ কৰিলে মানুহৰ চিন্তা শুদ্ধ হয় আৰু মন শান্ত হৈ থাকে।

প্ৰতি মঙলবাৰে হনুমান চলিছা জপ কৰাটো ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

কৰীনা কাপুৰৰ ‘মাতৃ দিৱস’ৰ বিশেষ কেকটো কোনে মনে মনে খালে? কেক বিচাৰি হাহাকাৰ…

কালি আছিল মাতৃ দিৱস। মাতৃ দিৱসৰ কেকৰ বহু ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কৰীনা কাপুৰে। এই চকলেট কেকৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কেপচনত লিকে যে কোনোবাই মনে মনে তেওঁৰ মাতৃ দিৱসৰ বিশেষ কেক খাইছিল। শ্বেয়াৰ কৰা ফটোসমূহত অভিনেত্ৰীগৰাকীয়ে শেষৰ ফটোখনতো প্ৰকাশ কৰিছে যে কোনে কেক খাইছিল মনে মনে।

কৰীনা কাপুৰে পৰিয়ালৰ সৈতে ‘মাতৃ দিৱস’ উদযাপন কৰে। এই বিশেষ দিনটো উদযাপন কৰাৰ পিছত কৰীনাই ইনষ্টাগ্ৰামত বহু ফটো শ্বেয়াৰ কৰে। য’ত এটা সুস্বাদু কেকও দেখা গ’ল। কেকৰ অভিনেত্ৰীগৰাকীয়ে বহু ফটো শ্বেয়াৰ কৰিছে যিবোৰ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই কেকৰ ফটো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ কৰীনাই কয় যে কোনোবাই তেওঁৰ চকলেট কেকটো মনে মনে খাইছিল। ইয়াৰ লগতে কেকটোৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে য’ত কেকৰ এটা অংশ খোৱা দেখা গৈছে।

কৰীনাই শেষৰ ফটোখনত মনে মনে কেক খাই থকা সৰু পুত্ৰ জেহৰ ফটোও শ্বেয়াৰ কৰিছে। এই ছবিবোৰ শ্বেয়াৰ কৰি কৰীনাই লিখিছে – ‘অনুমান কৰক মোৰ মাতৃ দিৱসৰ কেকটো কোনে মনে মনে খাইছিল?’ এই সন্দৰ্ভত মন্তব্য কৰি ছাবাই লিখিছে – ‘জেহ জান’। ইফালে কৰীনা আৰু ছাইফৰ এখন ফটো ভাইৰেল হৈ পৰিছে য’ত দুয়োজনে পেপছৰ সন্মুখত ইজনে সিজনক চুমা খাই থকা দেখা গৈছে।