Home Blog Page 869

মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ১০০শতাংশ উত্তীৰ্ণ…

বোৰ্খা পৰিধান কৰিও যে শিক্ষাৰ জ্ঞান লাভ কৰিব পাৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাকেই প্ৰমাণ কৰি দেখোৱালে মৈৰাবাৰী জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাই। আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৮ গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৯৮ গৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তাৰে ষ্টাৰ মাৰ্ক-২ গৰাকী, প্ৰথম বিভাগত -৫২ গৰাকী, দ্বিতীয় বিভাগত -৪৪ গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে ২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।


ইয়াৰে বিজ্ঞান, অসমীয়া, ইংৰাজী আৰু আৰবী বিষয়ত মুঠ ৬৮ গৰাকী ছাত্ৰীয়ে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়। এই ফলাফল ঘোষণাৰ পাছতে মাদ্ৰাছাৰ পৰিচালনাৰ দায়িত্বত থকা প্ৰধান শিক্ষক কাৰী ৰূহুল আমিনে সংবাদ মাধ্যমৰ আগত কয় যে মাদ্ৰাছা বুলি কলেই ধৰ্মীয় শিক্ষা নহয়। ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও যে গ্ৰহণ কৰিব পাৰি তাকেই আমি প্ৰমাণ কৰি দিছোঁ।আমাৰ দৰে অন্যান্য মাদ্ৰাছা ও ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে। এই মাদ্ৰাছাই দৰিদ্ৰ ছাত্ৰী সকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ লগতে ছাত্ৰী সকলক বিনামূলীয়া কৈ বিদেশ ভ্ৰমণ কৰাই আহিছে। কিছুদিন পূৰ্বে ঘোষণা কৰা ALL ASSAM TALIMI TARAKKI BORADৰ মাদ্ৰাছাৰ আৰবী বিভাগৰ ফলাফলত সকলো ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে গোটেই অসমৰ ভিতৰত 5টা স্থান ৰ ভিতৰত প্ৰথম, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিবলৈ এই জামিয়া ছিদ্দিকিয়া টাইটেল বানাত মাদ্ৰাছাৰ ছাত্ৰী সকলে সক্ষম হয়।

১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে…

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিলে নগাঁও জিলাৰ বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে। বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম বিভাগত আৰু ১৩ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা পৰীক্ষাৰ্থী সকলৰ ভিতৰত মুচাব্বিৰ আহমেদে ডিষ্টিংচন লাভ কৰাৰ লগতে ঐচ্ছিক গণিতত এশ নম্বৰৰ ভিতৰত এশ নম্বৰ লাভ কৰে। আনিশ্বা শ্বাহনাৰাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আজি সাংবাদিকক এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ৰাকিবুৰ ৰহমানে। ইপিনে সৰুছলা জাতীয় বিদ্যালয়য়ো এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰি পোৱা গৈছে। বিদ্যালয়ৰ টোৰ পৰা জেনিফা খাতুন নামৰ এগৰাকী ছাত্ৰী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়।

পাঁচ খাদ্যঃ ঋতুস্ৰাৱৰ সময়ত অজানিতে পেট বিষৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে…

মহিলাৰ ঋতুস্ৰাৱৰ সময়ত পেটত যন্ত্ৰণাদায়ক বিষ, বমি হ’ব পাৰে। ভাল বেয়া খাদ্য চকুৰ সন্মুখত সজাই থ’লেও মুখলৈ নিবলৈ মন নাযায়। সকলো সময়তে ভাগৰুৱা অনুভৱ হয়। চিকিৎসকৰ মতে, ঋতুস্ৰাৱৰ সময়ত পেট বিষৰ সমস্যাত বহু লোকে ভোগে। চিকিৎসা বিজ্ঞানত ইয়াক ‘ব্লেটিং’ বুলি কোৱা হয়। খালী পেটতো পেট ফুলা হ’ব পাৰে। আকৌ বহু সময়ত খাদ্যৰ পৰাও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।


ঋতুস্ৰাৱৰ সময়ত কি খালে পেটৰ সমস্যা হ’ব পাৰে জানো আহক-

১) উচ্চ ছডিয়ামযুক্ত খাদ্য

যিবোৰ খাদ্যত নিমখ বেছি থাকে, সেইবোৰ খাদ্য ঋতুস্ৰাৱৰ সময়ত খাব নালাগে। অধিক পৰিমাণে নিমখ খালে শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি পাব পাৰে।

২) প্ৰক্ৰিয়াকৃত খাদ্য

পেকেজড বা প্ৰচেছড খাদ্য, টিনত ভৰোৱা চূপ বা বীন – এই ধৰণৰ খাদ্যত নিমখ আৰু চেনি বেছি থাকে। গতিকে ঋতুস্ৰাৱৰ সময়ত এইবোৰ খাদ্য নাখাই ভাল।

৩) কাৰ্বনেটেড পানীয়

কৃত্ৰিম চেনিযুক্ত পানীয়, চ’ডা, শীতল পানীয়ৰ ফলত গেছ হ’ব পাৰে। পাচনতন্ত্ৰৰ সমস্যা, পেট ফুলা অস্বাভাৱিক নহয়।

বীন, শস্য, চজিনা আদি খাদ্যত আঁহৰ পৰিমাণ বেছি। ঋতুস্ৰাৱৰ সময়ত এনে খাদ্য খোৱাৰ ফলত অন্ত্ৰৰ অসুবিধা হ’ব পাৰে। ফলত পেট ফুলাটো অস্বাভাৱিক নহয়।

এই সময়ছোৱাত হৰম’নৰ পৰিৱৰ্তনৰ বাবে বহু লোকৰ মেজাজ সলনি হয়। গতিকে চকলেট বা আইচক্ৰীম খাবলৈ মন যায়। পুষ্টিবিদসকলে কয় যে এনে খাদ্য খালে পেট বিষৰ সমস্যা হ’ব পাৰে।

কংগ্ৰেছে চিকিৎসক সৃষ্টি নকৰাৰ বাবে আজি বহু নীৰিহ মানুহ চিকিৎসা অবিহনে মৃত্যুমুখত পৰিব লগা হৈছেঃমন্ত্ৰী পীয়ূষ হাজৰীকাৰ…

অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক’ব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। – এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও বিধানসভা সমষ্টিৰ মিকিৰভেটা বিহু মঞ্চত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। উল্লেখ্য অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ হয়। প্ৰথম পৰ্যায়ত অসমৰ পাঁচ টা সমষ্টি যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰত কালি নিৰ্বাচন অনুষ্ঠিত হৈ হয়। ব্যাপক জনসমাগম হোৱা সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে কব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে।


সভাত মন্ত্ৰী পীয়ূষ হাজৰীকাই নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ এই সাংসদজনে নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ’বৰ হ’ল, কিন্তু পাঁচ বছৰত তেওঁ মৰিগাঁও, জাগীৰোড তথা লাহৰীঘাটলৈকে এদিনো নাহিল। কংগ্ৰেছ দলে আকৌ তেওঁকে প্ৰাৰ্থিত্ব দিছে- এইবাৰ মিকিৰভেটা বাদ দিয়ক, মৰিগাঁও টাউন বাদ দিয়ক, জাগীৰোড, লাহৰীঘাট, ধিঙত, ৰূপহীত বাদ দিয়ক এওঁক এইবাৰ সংখ্যালঘুৱেও ভোট নিদিয়ে, ভোট এইবাৰ বিজেপিক দিব। মন্ত্ৰীগৰাকীয়ে কালি লাহৰীঘাটত উপস্থিত থকাৰ কথা উল্লেখ কৰি কয় যে লাহৰীঘাটত কালি মই ৪ খন সভাত অংশগ্ৰহণ কৰিছিলো। প্ৰত্যকখন সভাত ৮ৰ পৰা ১০ হাজাৰ মানুহৰ সমাগম হৈছিল আৰু ইয়াৰ ৮০ শতাংশই আছিল সংখ্যালঘু মানুহ। সেই সভাত মন্ত্ৰীগৰাকীয়ে এইবাৰ কাক ভোট দিব বুলি প্ৰশ্ন কৰাত লাহৰীঘাটবাসীয়ে একেমুখে অকল বিজেপিক ভোট দিব বুলি কয়। কিয়নো কংগ্ৰেছে লাহৰীঘাটবাসীৰ বাবে একো কাম কৰা নাই। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ চৰকাৰ অসমত ৬০ বছৰ আছিল। এই ৬০ বছৰত কংগ্ৰেছে অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ বনালে আৰু আমি ৭ বছৰ ১০ মাহ অসমখন চলালো, এই ৭ বছৰ ১০ মাহত মেডিকেল কলেজ বনালো ১৮ খন। মন্ত্ৰীগৰাকীয়ে অসমৰ কত কত মেডিকেল কলেজ নিৰ্মাণ কৰা হল আৰু কত কত মেডিকেল কলেজৰ কাম চলি আছে সেই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজ আমাক কিয় লাগে সেই বিষয়ে ব্যাখ্যা দাঙি ধৰি কয় যে মেডিকেল কলেজ অকল চিকিত্সাৰ বাবেই নহয়, মেডিকেল কলেজ হলেহে ডাক্তৰ পঢ়িব পাৰে। আৰু ডাক্তৰ পঢ়িলেহে আমি মিকিৰভেটাৰ দৰে অঞ্চলসমূহলৈ ডাক্তৰ পঠিয়াব পাৰিম। কংগ্ৰেছৰ দিনত অসমত বছৰত মাত্ৰ ৭২৬ জন ডাক্তৰ ওলাইছিল। সেই কাৰণে আমি গ্ৰামাঞ্চললৈ ডক্তৰ পঠিয়াব পৰা নাই, গাঁৱৰ মানুহ বেমাৰৰ সৈতে জীৱন নিৰ্বাহ কৰিবলগা হৈছে। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ চৰকাৰ দায়ী বুলি মন্ত্ৰীগৰাকীয়ে কয়।

কংগ্ৰেছে যদি মেডিকেল কলেজ বনালেহেঁতেন, আজি আমাৰ ইয়াত চিকিত্সক উভৈনদী হৈ থাকিলহেঁতেন। আমাৰ মানুহ কম বয়সতে আজি মৃত্যুমুখত নপৰিলেহেঁতেন। ইয়াৰ বাবে কংগ্ৰেছক নীৰিহ মানুহৰ হত্যাকাৰী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছে ডক্তৰ সৃষ্টি নকৰাৰ বাবে আজি গাঁৱে-ভূঞে বহু নীৰিহ মানুহে চিকিত্সা অবিহনে মৰিব লগা হল বুলি মন্তব্য কৰে। কংগ্ৰেছক হত্যাকাৰী বুলি পুনৰ তেওঁ ভাষণত উল্লেখ কৰে। এনেকুৱা কংগ্ৰেছক ভোট দি কিবা লাভ হব নেকি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। আনহাতে, কংগ্ৰেছক সমালোচনা কৰি আজি মন্ত্ৰীগাৰাকীয়ে পুনৰ কংগ্ৰেছক সূতা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে। তেওঁ কয় যে কংগ্ৰেছক ভোট দিয়া মানে সূতা-কম্বল নিজে নিজে আহি যোৱা। কংগ্ৰেছ আহি গলে আকৌ সূতা-কম্বল আহি যাব ৰাইজৰ কোনো উন্নয়ন নহব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত, ৬০ বছৰত অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ ৭খন। পৰ্যাপ্ত বিশ্ববিদ্যালয় নথকাৰ বাবে আমাৰ দুখীয়া ঘৰৰ লৰা-ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল। ইযাৰ ফলত আমাৰ লৰা-ছোৱালী অশিক্ষিত হৈ আছিল বা শিক্ষা আধাৰুৱা হৈ আছিল। ইয়াৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী, কংগ্ৰেছ চৰকাৰ দায়ী বুলি তেওঁ ভাষণত প্ৰকাশ কৰে। অসম তথা ভাৰতবৰ্ষক পিছুৱাই লৈ যোৱাৰ কাৰণে একমাত্ৰ কংগ্ৰেছ দায়ী বুলি তেওঁ কয়। এই কাৰণে এতিয়া অসম তথা ভাৰতবৰ্ষৰ মানুহে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে। অসমৰ মানুহে নৰেন্দ্ৰ মোদীক ভোট দিব, হিমন্ত বিশ্ব শৰ্মাক ভোট দিব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক পুনৰ কটাক্ষ কৰি কয় যে মই আজিকালি কংগ্ৰেছ দল বুলি নকওঁ সূতা-কম্বলৰ পাৰ্টি বুলি কওঁ। ভাষণত তেওঁ কংগ্ৰেছ চৰকাৰে দিয়া অনুদানৰ ঘৰকেইটা কেনেকুৱা আছিল আৰু বৰ্তমান বিজেপি চৰকাৰে দিয়া ঘৰবিলাক কেনেকুৱা তাৰ পাৰ্থক্য দাঙি ধৰে। আগতে এই ঘৰৰ নামত ঠিকাদাৰ, পঞ্চায়তৰ প্ৰতিনিধি, বিধায়ক, দালাল আদিয়ে টকা খাই ঘৰ নিৰ্মাণ কৰি দিছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত অনুদানৰ ঘৰ নিৰ্মাণৰ দায়িত্ব কেৱল গৃহস্থক দিয়া হল। অনুদানৰ ঘৰৰ বাবে অহা সকলোখিনি টকাৰে ঘৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰি দিলে। ইয়াত এতিয়া কোনেও দুৰ্নীতি কৰিব নোৱাৰে, টকা খাব নোৱাৰে। এয়া সম্ভৱ কৰি তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত উল্লেখ কৰে। আনকি চৰকাৰী বিভিন্ন আঁচনি, নিবনুৱাক চাকৰি আদিৰ প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰাৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত অসমত যিমানখিনি পৰিয়ালৰ ৰেচন কাৰ্ড আছে প্ৰত্যককে অৰুণোদয় দিয়াৰ কথা উল্লেখ কৰে। আনহাতে, লাখপতি বাইদেউ সম্পৰ্কতো মন্ত্ৰীগৰাকীয়ে কয় যে অহা আগষ্ট মাহৰ ভিতৰত লাখপতি বাইদেউৰ অধীনত প্ৰত্যেকেই ১০ হাজাৰকৈ টকা পাব আৰু অহাবাৰ ২৫ হাজাৰ টকালৈকে পাব। ছোৱালীৰ শিক্ষাৰ বাবে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰাৰ লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীক একোটাকৈ জীৱন বীমা আৰু দুৰ্ঘটনাৰ বীমা কৰি দিয়াৰ কথাও তেওঁ উল্লেখ কৰে যাৰ প্ৰিমিয়াক চৰকাৰে বহন কৰিব বুলি কয়।


আনহাতে, মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ধিঙৰ বেচামাৰীত আন এখন বিশাল জনসভা সম্বোধন কৰি বহাগ বিহু আৰু হৈ যোৱা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল সংখ্যক ভোটত বিজয়ী কৰাবলৈ উপস্থিত ৰাইজক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কালি ধিঙত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি পুৱাই মোক জনাইছে যে কালি ধিঙৰ মানুহে তেওঁক যিমান মৰমৰ দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া খুচ হৈ গৈছে। কালি ধিঙত মামাৰ মিটিং ফালাফালি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এইবাৰ আমাক কোনেও ৰখাব নোৱাৰে, এইবাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ জয় নিশ্চিত। আজিৰ এইখন মিটিঙতো ৰাইজে মন্ত্ৰীগৰাকী ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হয়। সভাত মন্ত্ৰী পীযুষ হাজৰীকাই এআই ইউডিএফক আক্ৰমণ কৰি কয় যে এআইইউডিএফে না ৰাস্তা দিছে, না মথাউৰি নিৰ্মাণ কৰিছে না খহনীয়া প্ৰতিৰোধ কৰিব পাৰিছে। এআইইউডিএফে না চাকৰি দিব পাৰে, না স্কুটি দিব পাৰে না চাইকেল দিব পাৰে, এআইইউডিএফে একো দিব নোৱাৰে, গতিকে এআইইউডিএফক ভোট দি লাভ নাই। সভাত মন্ত্ৰীগৰাকীয়ে কটহগুৰি গাঁও পঞ্চায়তত ৯০০ টা পৰিয়ালে ঘৰৰ অনুদান লাভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যত আমি ৯০ টাও ভোট পোৱা নাছিলো, তাত আমি ৯০০ টা আবাস যোজনাৰ ঘৰ দিছো। ইয়াৰ উপৰি মথাউৰি, ৰাস্তা-ঘাটৰ উন্নয়ন অঞ্চলটোত বিজেপিয়ে কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ভোট বিজেপিক দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

ঋষভ পন্তক অনুকৰণ হাৰ্ডিক পাণ্ডিয়াৰ! সতীৰ্থৰ হৃদয় জয় কৰিবলৈ কি কৰিলে পাণ্ডিয়াই…

৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আই পি এলত আশা কৰা ধৰণে খেলিব পৰা নাই। হাৰ্দিকৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। তেওঁৰ সতীৰ্থসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ধৰিলে। এনে পৰিস্থিতিত হাৰ্দিকে নিজৰ সতীৰ্থসকলৰ হৃদয় জয় কৰিবলৈ নতুন কৌশল গ্ৰহণ কৰিলে।


হাৰ্ডিকে হয়তো দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তৰ পৰা অনুপ্ৰাণিত হৈছিল। আই পি এলৰ দিল্লী ফ্ৰেঞ্চাইজিয়ে শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰে। ইয়াত অধিনায়ক ঋষভক প্ৰশিক্ষক, সতীৰ্থৰ সন্তানৰ সৈতে সময় কটোৱা দেখা গৈছিল। মুম্বাইৰ অধিনায়ক হাৰ্দিকে সেই পথ অনুসৰণ কৰি সতীৰ্থসকলৰ হৃদয় জয় কৰিছিল। শুকুৰবাৰে নিশা মুম্বাই ইণ্ডিয়ানছ কৰ্তৃপক্ষই ছচিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীৰ সৈতে হাৰ্দিকৰ ভিডিঅ’ শ্বেয়াৰ কৰে। দেখা গৈছে যে হাৰ্দিকে বিমানবন্দৰত পীয়ুষ চাওলাৰ পুত্ৰ আদভিকক চম্ভালি আছে। চাওলাৰ ল’ৰাটোৰ লগত বল এটা লৈ খেলি আছে। অৰ্থাৎ হাৰ্দিকে পন্তৰ দৰে শিশুটিক চম্ভালি আছে। ভিডিঅ’টোৰ লগতে মুম্বাই কৰ্তৃপক্ষই লিখিছে, “চাওক হাৰ্দিক আৰু আদভিকে বিমানবন্দৰত কেনেকৈ সময় কটায়।”


পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এইবাৰৰ আই পি এলত আশানুৰূপ ৰূপত খেলিব পৰা নাই। হাৰ্দিক নিজেও নিজৰ সাধাৰণ ৰূপত নাই। তেওঁৰ নেতৃত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছে। এনে পৰিস্থিতিত হাৰ্দিকে হয়তো সতীৰ্থৰ সন্তানক চম্ভালি দলৰ পৰিৱেশ শান্ত কৰিবলৈ চেষ্টা কৰি আছে। সতীৰ্থৰ হৃদয় জয় কৰিব বিচাৰিছে।

অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং…

যৱনিকা পৰিল ডিমা হাছাওৰ ৰহস্যঘন অপহৰণ নাটকৰ। অপহৰণকাৰীৰ কবলৰ পৰা ওলাই আহিল প্ৰসেনজিৎ নাইডিং। উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ।

শুকুৰবাৰে নিশা লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উদ্ধাৰ প্ৰসেনজিতক। পাৰিবাৰিক কাৰণত প্ৰসেনজিৎ নাইডিঙে নিজেই ৰচনা কৰিছিল অপহৰণৰ নাটক।

চাথিলজিৎ নাইডিং নামৰ বন্ধুৰ সৈতে ৰচিছিল অপহৰণৰ নাটক। ১৮ এপ্ৰিলৰ পুৱতিনিশা ঘৰৰ পৰা চাথিলজিতৰ বাহনেৰে গৈছিল ডিমাপুৰলৈ।

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী ফখৰুদ্দিন আহমেদ…

গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ।

১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ। ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু পৰিয়ালৰ।আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ৰাজ্যত ভূমিকম্পৰ জোকৰণি…

Seismograph for earthquake detection or lie detector is drawing chart. 3D rendered illustration.

ৰাজ্যত ভূমিকম্পৰ জোকৰণি

দিনৰ‌ ২.১০ মিনিটতত ৰাজ্যত ভূমিকম্পৰ জোকৰণি ।

Seismograph for earthquake detection or lie detector is drawing chart. 3D rendered illustration.

হঠাৎ ভূমিকম্প‌ই জোকাৰি গ’ল ৰাজ্যবাসীক ।

Seismograph for earthquake detection or lie detector is drawing chart. 3D rendered illustration.

এতিয়ালৈকে ভূমিকম্পৰ ফলত ক্ষতিসাধনৰ‌ কোনো খবৰ প্ৰকাশ হোৱা নাই ।

গৰমৰ দিনত AC ৰুমত থাকে নেকি? AC ৰুমত থকা মানুহ কিয় ভাগৰুৱা জানক…

উষ্ণতা বৃদ্ধিৰ লগে লগে বজাৰত এয়াৰ কণ্ডিচনাৰৰ চাহিদাও বৃদ্ধি হৈছে। দিনত অফিচ হওক বা সন্ধিয়া ঘৰতেই হওক, আমি সকলো সময়তে এচিত থাকি ভাল পাওঁ। আনকি গাড়ী, বাছ আৰু ৰে’লত, এচিৰ বতাহ অতি শিথিল, কিন্তু এচিৰ অত্যধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। AC ৰুমত থকা অসুবিধাৰ বিষয়ে জানো আহক-


এয়াৰ কণ্ডিচনাৰৰ পৰা ওলোৱা বতাহ অত্যধিক শুকান হোৱাৰ বাবে মুখ শুকান কৰিব পাৰে। সেয়ে মাজে মাজে কোঠাৰ বাহিৰলৈ ওলাই যাব লাগে।


এ চিৰ ফলত কোঠাটোত থকা আৰ্দ্ৰতা নাইকিয়া হয়, যাৰ ফলত পিয়াহ লাগে আৰু পানীলগা হ’ব পাৰে, গতিকে মাজে মাজে পানী খাই থাকিব।


শীততাপ নিয়ন্ত্ৰিত কোঠাত অত্যধিক সময় কটোৱা লোকসকলে মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে। সেয়েহে এ চিৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিব লাগে।


দিনে-ৰাতিয়ে সদায় এয়াৰ কণ্ডিচনাৰ কোঠা আৰু গাড়ীত বহি থকা লোকসকলে আন মানুহতকৈ বেছি ভাগৰুৱা আৰু দুৰ্বলতাৰ সন্মুখীন হ’বলগীয়া হয়।

কিয় ভাৰতলৈ নাহিলে বিশ্বৰ অন্যতম ধনী ব্যক্তি টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক…

ভাৰতৰ ইলন মাস্কঃ বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা তথা বিশ্বৰ অন্যতম ধনী ব্যক্তি টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কে ভাৰত ভ্ৰমণৰ সময় পিছুৱাই দিছে। ইলন মাস্কে ২১ আৰু ২২ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিবলগীয়া আছিল, যিটো তেওঁ এতিয়াৰ বাবে পিছুৱাই দিছে। মাস্কে নিজেই নিজৰ এক্স পোষ্টৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে। ভাৰত ভ্ৰমণ বাতিল কৰাৰ আঁৰৰ কাৰণো দাঙি ধৰিছে মাস্কে।

ইলন মাস্কে এক্স পোষ্টৰ জৰিয়তে তথ্য দিলে

এই বিষয়ে তথ্য তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰি ইলন মাস্কে পোষ্ট কৰে যে টেছলাৰ কিছুমান ডাঙৰ দায়িত্বৰ বাবে তেওঁ বৰ্তমান ভাৰত ভ্ৰমণ পিছুৱাই দিছে। লগতে তেওঁ কয় যে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতলৈ আহিব ।

দৰাচলতে টেছলাৰ বিনিয়োগকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ২৩ এপ্ৰিলত আমেৰিকাত উপস্থিত থাকিব লাগিব ইলন মাস্ক। শেহতীয়াকৈ টেছলাই ত্ৰিমাসিক ফলাফল প্ৰকাশ কৰিছে। যোৱা কেইমাহমানত কোম্পানীটোৰ বিক্ৰী হ্ৰাসৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত কোম্পানীটোৰ বিনিয়োগকাৰী আৰু শ্বেয়াৰহোল্ডাৰসকল চিন্তিত হৈ পৰিছে। ২১-২২ এপ্ৰিলত যদি মাস্ক ভাৰতত থাকিলহেঁতেন তেন্তে ২৩ এপ্ৰিলত বিনিয়োগকাৰীৰ আহ্বানত তেওঁৰ বাবে উপস্থিত থকাটো কঠিন হ’লহেঁতেন।

উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰ সময়ত ইলন মাস্কে ভাৰতত মেনুফেকচাৰিং ইউনিট আৰু চেটেলাইট যোগাযোগৰ দৰে টেছলাৰ বাবে বহু পৰিকল্পনা ঘোষণা কৰিবলৈ ওলাইছিল। সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছিল যে তেওঁ ভাৰতত ২৫ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিব পাৰে।