Home Blog Page 894

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক…

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক । স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।

আজি ৰাতি পুৱা প্ৰায় ৭ মান বজাত ৰাণী পেপচি কোম্পানীৰ পৰা কাম কৰি ঘৰত আহি থকা অৱস্থাত, Delhi public school ৰ AS 01 PC 1675 বাছ খনে মহতিয়াই লৈ যায় AS 01 Fl 8710 নম্বৰৰ MT Yamaha দুচকিয়া বাহনখন ।
খুন্দাৰ ফলত বাইক আৰোহী জন থিতাতে নিহত হয়।

দূৰ্ঘটনাত থিতাতে নিহত হোৱা লোকজন মিৰ্জা সোণতোলাৰ ২২ বছৰীয়া সত্য হীৰা ।বৰ্তমান মৃত লোকজনক পলাশবাৰী আৰক্ষী থানাত আনি মৰন্তোৰ পৰীক্ষাৰ বাবে জি এম চি লৈ প্ৰেৰণ কৰে।

ধৰ্মীয় বিভাজনৰ বীজ সিঁচিছে কংগ্ৰেছ সমৰ্থিত মিত্ৰজোঁটে”: সৰ্বানন্দ সোণোৱাল…

“মই অসমীয়া, অসমীয়াৰ বাবে জীয়াই আছোঁ আৰু অসমীয়াৰ বাবে জীৱনৰ শেষ মুহূৰ্তলৈকে কাম কৰি যাম”: সৰ্বানন্দ সোণোৱাল

“ধৰ্মীয় বিভাজনৰ বীজ সিঁচিছে কংগ্ৰেছ সমৰ্থিত মিত্ৰজোঁটে”: সৰ্বানন্দ সোণোৱাল

“ঝাড়ু পাৰ্টি আৰু জাহাজ পাৰ্টি কংগ্ৰেছৰ ছাতিৰ তলত থকা দল”: সৰ্বানন্দ সোণোৱাল

“জাতীয় চেতনা মোৰ অন্তৰত অন্তঃসলিলা ফল্গুৰ প্ৰবাহিত হৈ আছে”: সোণোৱাল

“অস্থিৰতা প্ৰকাশ কৰিলে নহ’ব, ৰাজনীতিৰ পথাৰখন কলুষিত কৰিলে নহ’ব। গালি-শপনি পাৰি ঠাট্টা-মস্কৰা, তিৰস্কাৰ কৰি সমাজ সেৱা কৰিব নোৱাৰি”: সোণোৱাল

“সম‌-উন্নয়ন আৰু সম-মৰ্যাদা বিজেপি চৰকাৰৰ অন‍্যতম মূল নীতি”: সৰ্বানন্দ সোণোৱাল

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰ্বধৰ্মৰ প্ৰিয় নেতা”: সৰ্বানন্দ সোণোৱাল

“কেৱল হিন্দুত্বক পোষণ কৰি থকা বুলি বিৰোধীয়ে সততে আমাৰ ওপৰত অভিযোগ উত্থাপন কৰে। কিন্তু প্ৰকৃতাৰ্থতে এয়া তেওঁলোকৰ বিভাজনৰ ৰাজনীতি আৰু ষড়যন্ত্ৰৰ বাহিৰে অইন একো নহয়। ইয়াৰ দ্বাৰা তেওঁলোকে সমাজৰ বাতাৱৰণ বিনষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। ঝাড়ু আৰু জাহাজ পাৰ্টি আমাৰ সমাজৰ বাবে বৰ বিপদজনক। তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰিহে ভাল পায়। আজি এই সকলো দল কংগ্ৰেছৰ ছাতিৰ তলত একত্ৰিত হৈ কুটিল নিকৃষ্ট ৰাজনীতিত ব্যস্ত হৈ পৰিছে। তাৰ বিপৰীতে আমি কৰিছোঁ উন্নয়নৰ ৰাজনীতি, মূল্যবোধৰ ৰাজনীতি। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বৰ ইছলামিক, বৌদ্ধ ধৰ্ম প্ৰধান দেশসমূহৰ সৈতে ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰিছে। এই দেশবোৰে তেওঁলোকৰ ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মানো মোদীক প্ৰদান কৰিছে। তেখেতে ইউৰোপলৈ গৈ খ্ৰীষ্টান ধৰ্মগুৰু পোপক শ্ৰদ্ধা জনাইছে আৰু পোপক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছে। এনেকৈয়ে নৰেন্দ্ৰ মোদীই ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকাৰ প্ৰয়াস’ৰ দৃষ্টিভংগীক নিৰ্ভৰ কৰি এখন শক্তিশালী, সুস্থ-সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে। আমি সকলোৱে ঐক্যবদ্ধভাৱে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত আগবাঢ়ি যাব লাগিব।” – কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰে।

সোণোৱালে বিৰোধীক তীব্ৰ ভাষাৰে গৰিহণা দি কয়, “অস্থিৰতা প্ৰকাশ কৰিলে নহ’ব, ৰাজনীতিৰ পথাৰখন কলুষিত কৰিলে নহ’ব। গালি-শপনি পাৰি ঠাট্টা-মস্কৰা, তিৰস্কাৰ কৰি সমাজ সেৱা কৰিব নোৱাৰি। দেশ সেৱাৰ বাবে লাগে জাতীয় চেতনা, যিটো আমাৰ অন্তৰত অন্তঃসলিলা ফল্গুৰ প্ৰবাহিত হৈ আছে। মই অসমীয়া, মই অসমীয়াৰ বাবে জীয়াই আছোঁ আৰু অসমীয়াৰ বাবে জীৱনৰ শেষ মুহূৰ্তলৈকে কাম কৰি যাম।”

কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান বিধানসভা সমষ্টি আৰু টিংখাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰিয়া, টেঙাখাত, ঘাঁহী ফুকনবাৰী আৰু টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নিগাম পাঁচ আলি, ঔফুলীয়া চাহ বাগিচা খেলপথাৰ, কুশল নগৰ আদি ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে।

উপস্থিত ৰাইজক কৰযোৰে সম্ভাষণ জনাই সৰ্বানন্দ সোণোৱালে কয়, “এইখন অসম স্বৰ্গদেউ চাওলুং ছ‌্যুকাফাৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম। আমি কোনোদিনে বিভাজন আৰু বৈষম্যক প্ৰশ্ৰয় দিয়া নাই। নানা জাতি-জনজাতিৰে ভৰা আমাৰ ৰাজ‍্যখনক কাহানিবাই স্বৰ্গদেউ চাওলুং ছ্যুকাফাই একত্ৰিত কৰি থৈ গ’ল। মহাপুৰুষ গুৰুজনাই আধ্যাত্মিকতা আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ ডোলেৰে আমাক এক কৰি থৈ গৈছে। তেনে প্ৰাচীন সভ্যতাৰ অংশ হৈ আমি নিজকে গৌৰৱবোধ কৰোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী সৰ্বধৰ্মৰ প্ৰিয় নেতা। হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন আদি বিভিন্ন ধৰ্মৰ লোকক তেখেতে সমদৃষ্টিৰে চায়। কোনো দিনেই কাকো ধৰ্মৰ নামত উন্নয়নৰ পৰা বঞ্চিত কৰা নাই। বিভিন্ন আঁচনি যেনে প্ৰধানমন্ত্ৰী অন্ন যোজনা, আৱাস যোজনা আদি আঁচনিৰ সুফল সকলো ধৰ্মাৱলম্বী লোকৰ মাজত সমভাৱে বিতৰণ কৰা হৈছে।”

“ম‌ই আপোনালোকৰ পৰিয়ালৰে এজন। ম‌ই ইয়াৰে কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভাতৃ, কাৰোবাৰ বন্ধু, কাৰোবাৰ বাবে কুকৈ, কাৰোবাৰ বাবে সৰ্বা, কাৰোবাৰ বাবে সৰ্বাদা। এয়াই সৰ্বানন্দ সোণোৱাল যাক আপোনালোকেই মৰমেৰে সৃষ্টি কৰিছে। অসমৰ ৰাইজৰ মোৰ প্ৰতি থকা ভালপোৱা কাহানিও পাহৰিব নোৱাৰিম। আজি ইমান শৃংখলাবদ্ধভাবে আহি আপোনালোকে মোৰ বক্তব্য শুনিছে, তাৰ বাবে ম‌ই আপোনালোকক ধন্যবাদ জনাইছোঁ‌। আমি সংঘাত নিবিচাৰোঁ, সমন্বয়হে বিচাৰোঁ। ককাই-ভাইৰ মাজত কাজিয়া লাগি থকা ঘৰ এখনক কোনেও সন্মান নকৰে।” – স্বদেশ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধতা দেখুৱাই সৰ্বানন্দ সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়া, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা প্ৰমুখ্যে বিজেপি-অগপৰ দলীয় বিষয়ববীয়াসকলে।

সংগীত নাটক অকাডেমিৰ উদ্যোগত ৯ৰ পৰা ১৭ এপ্ৰিললৈ দেশৰ সাতটা ভিন্ন শক্তিপীঠত ‘শক্তি – সংগীত আৰু নৃত্য মহোৎসৱ’ ! শক্তিপীঠ কামাখ্যাত কৰা হ’ল শুভ উদ্বোধন…

সংগীত নাটক অকাডেমিৰ উদ্যোগত ৯ৰ পৰা ১৭ এপ্ৰিললৈ দেশৰ সাতটা ভিন্ন শক্তিপীঠত ‘শক্তি – সংগীত আৰু নৃত্য মহোৎসৱ’ৰ আয়োজন । দেশৰ মন্দিৰ পৰম্পৰাক সজীৱ কৰি তুলিবলৈ সংগীত নাটক অকাডেমীয়ে কলা প্ৰবাহকাৰ্যসূচীৰ অধীনত আজিৰ পৰা অৰ্থাৎ ৯ এপ্ৰিল, ২০২৪ৰ পৰা পবিত্ৰ নৱৰাত্ৰিৰ সময়ত ‘সংগীত আৰু নৃত্যৰ উৎসৱ শক্তি’ শীৰ্ষক উৎসৱৰ আয়োজন কৰিছে।

যিহেতু নৱৰাত্ৰি নৱ দেৱীৰ শক্তিৰ প্ৰতীক, গতিকে অকাডেমীয়ে ৯ৰ পৰা ১৭ এপ্ৰিল, ২০২৪লৈ দেশৰ বিভিন্ন প্ৰান্তৰ সাতটা ভিন্ন শক্তিপীঠত শক্তি শীৰ্ষক মন্দিৰ পৰম্পৰা উদযাপন কৰি এই উৎসৱৰ আয়োজন কৰিছে ৷
আজিশক্তি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ কামাখ্যা মন্দিৰত আৰম্ভ হ’ব আৰু মহালক্ষ্মী মন্দিৰ, কলহাপুৰ, মহাৰাষ্ট্ৰ, কংগড়া, হিমাচল প্ৰদেশ, ত্ৰিপুৰা সুন্দৰী, উদয়পুৰ, ত্ৰিপুৰা, অম্বাজী মন্দিৰ, বানাস্কান্ত, গুজৰাট, জয় দুৰ্গা শক্তিপীঠ, দেওঘৰ, ঝাৰখণ্ডলৈকে মহোৎসৱৰ কাৰ্যসূচী অব্যাহত ৰাখি ১৭ এপ্ৰিল, ২০২৪ত মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ জয়সিংপুৰস্থিত শক্তিপীঠ মা হৰসিধি মন্দিৰত সামৰণি মাৰিব৷

পৰিবেশ্য কলাৰ ৰাষ্ট্ৰীয় একাডেমীতথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ স্বায়ত্তশাসিত সংস্থা সংগীত নাটক অকাডেমীয়ে দেশৰ সংগীতৰ ৰূপত প্ৰকাশ পোৱা পৰিবেশ্য কলা যেনে-নৃত্য, নাটক, লোক আৰু জনজাতীয় শিল্প আৰু দেশৰ অন্যান্য সংশ্লিষ্ট কলাৰ ৰূপসমূহ সংৰক্ষণ, গৱেষণা, প্ৰচাৰ আৰু সজীৱ কৰি তোলাৰ দিশত কাম কৰি আহিছে৷

যোৰহাট আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১৭ এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী…

অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অহা ১৭ এপ্ৰিলত উজনি অসমলৈ আহিব। যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত কংগ্ৰেছৰ নেতাজনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব।

যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়াৰ লগতে বিৰোধী ঐক্য মঞ্চৰ আন এগৰাকী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ ১ বজাত প্ৰচাৰ চলাব।

একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশে দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব। ১০ এপ্ৰিলত বিয়লি ৪.৩০ বজাত যোৰহাটত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এখন সংবাদমেল সম্বোধন কৰিব। আনহাতে ১১ এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাৱত আবেলি ৩.৩০ বজাত কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব।

অৰবিন্দ কেজৰিৱালৰ আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ ! ১৫ এপ্ৰিললৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ…

আদালতে পুনৰ বিমুখ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা নাপালে কোনো সকাহ। উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন নাকচ কৰে। আদালতে তেওঁক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

আদালতে কয় যে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ ন্যায় সংগত আছিল। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে আদালতক কয় যে আইন সকলোৰে বাবে সমান। এজন মুখ্যমন্ত্ৰী আৰু সাধাৰণ জনতাৰ মাজত কোনো পাৰ্থক্য নাই বুলিও ইডিয়ে আদালতত মন্তব্য কৰে। কেজৰিৱালে পূৰ্বে কৈছিল যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তথাপিও, ইডিয়ে তেওঁক আবকাৰী দুৰ্নীতিৰ গোচৰত বলপূৰ্বক জড়িত কৰি আহিছে।

এই পৰিস্থিতিত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ তৰফৰ পৰা এখন আবেদন দাখিল কৰা হৈছিল। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আজি সেই আবেদন নাকচ কৰে। আৰম্ভণিৰে পৰাই, ইডিয়ে দাবী কৰি আহিছে যে কেজৰিৱালৰ আবকাৰী গোচৰৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে কয়, “যদি এজন ‘সাধাৰণ লোকে ‘ অপৰাধ কৰে, তেন্তে তেওঁ কাৰাগাৰলৈ যাব লাগিব। কিন্তু কাৰোবাক কেৱল মুখ্যমন্ত্ৰী হোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰিব নোৱাৰিনে?

ছত্তীশগড়ত ২১ বছৰ পূৰ্বে মাওবাদীয়ে বন্ধ কৰি দিয়া ৰাম মন্দিৰ পুনৰ মুকলি…

ছত্তীশগড় ২১ বছৰ পূৰ্বে মাওবাদীয়ে বন্ধ কৰি দিয়া ৰাম মন্দিৰ পুনৰ মুকলি কৰা হ’ল। মাওবাদীয়ে বন্ধ কৰি দিয়াৰ পিছতে বিগত ২১ বছৰ ধৰি মন্দিৰটো পৰিত্যক্ত হৈ আছিল। মাওবাদীয়ে ৰাম মন্দিৰটো ধ্বংস কৰিব বিচাৰিছিল যদিও সৌভাগ্যক্ৰমে মন্দিৰটো ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পৰিছিল। ২১ বছৰৰ অন্তত অৱশেষত ৰাম নৱমীৰ ঠিক আগে আগে সেই ৰাম মন্দিৰৰ দুৱাৰ খোলা হৈছে। স্থানীয় ভক্তসকলে পুনৰ ছত্তীশগড়ৰ চুকমাৰ ৰাম মন্দিৰত সমবেত হৈছে। মূৰ্তিটো পৰিষ্কাৰ কৰাৰ পিছত উপাসনা পুনৰ আৰম্ভ হৈছে।এই মন্দিৰটো চুকমাৰ কেৰলাপেণ্ডা গাঁৱত অৱস্থিত। সেই অঞ্চলটো এসময়ত মাওবাদীৰ দুৰ্গ আছিল।

উচ্চ পৰ্যায়ৰ গোপন বৈঠকৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে , মাওবাদীসকলৰ সকলো কাৰ্যকলাপ এই মন্দিৰৰ ওচৰতে সম্পন্ন হৈছে। সেইকাৰণেই সাধাৰণ মানুহৰ চলাচল বন্ধ কৰিবলৈ ৰাম মন্দিৰটো বন্ধ কৰি দিয়া হৈছিল। এসময়ত মাওবাদীয়ে ৰামনৱমীৰ মেলা মন্দিৰৰ কাষত অনুষ্ঠিত কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০০৩ চনৰ পৰা গাওঁখনৰ পৰা কোনেও মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল এজন গাওঁবাসীয়ে প্ৰতিদিনে মন্দিৰৰ সন্মুখত এগচি চাকি জ্বলাই আহিছে। ২০১০ চনত এই গাওঁখনৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰৈতত ৭৬ জন জোৱান নিহত হৈছিল। ২০২১ চনতো গাওঁখনত মাওবাদীৰে নিৰাপত্তাবাহিনীৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল।


কিন্তু এতিয়া পূৰ্বৰ সেই ছবিখন সলনি হৈছে। চিআৰপিএফে বনাঞ্চলেৰে আৱৰি থকা এই অঞ্চলত শিবিৰ স্ফাপন কৰিছে । নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ অঞ্চলটোত টহল দিবলৈ আৰম্ভ কৰিছে। সেই সময়তে বন্ধ হৈ থকা মন্দিৰটো তেওঁলোকৰ দৃষ্টিগোচৰ হয় । স্থানীয় লোকসকলৰ সৈতে কথা পাতি নিৰাপত্তা বাহিনীয়ে মন্দিৰটো পুনৰ খোলাৰ দিহা কৰে। মন্দিৰৰ দুৱাৰ ২১ বছৰৰ পিছত পুনৰ মুকলি কৰাৰ পিছতে ভক্তই এতিয়া ভিৰ কৰিছে। মন্দিৰটোৰ ভিতৰত ভগৱান ৰাম, লক্ষ্মণ আৰু সীতাৰ শিলৰ মূৰ্তি আছে। গাওঁবাসীয়ে ১৭ এপ্ৰিলত ৰাম নৱমী উপলক্ষে মন্দিৰত এক বিশাল পূজাৰ আয়োজন কৰিব। চিআৰপিএফ জোৱানসকলৰ মতে মন্দিৰটো কমেও ২০০ বছৰ পুৰণি।

নিৰ্বাচনৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক জেড-শ্ৰেণীৰ নিৰাপত্তা প্ৰদান…

লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা তেওঁ জেড-শ্ৰেণীৰ সুৰক্ষা লাভ কৰিব। মঙলবাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা অনুসৰি তেওঁৰ ওপৰত আক্ৰমণৰ সম্ভাৱনা থকাৰ বাবেই তেওঁৰ নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।

দেশৰ বিভিন্ন চোৰাংচোৱা সূত্ৰই মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰাপত্তা বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য ২০২৪ৰ লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। নিৰ্বাচনৰ পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

এতিয়াৰে পৰা ৰাজীৱ কুমাৰ দেশৰ য’লৈকে যায় তেওঁৰ সৈতে ৪০-৪৫ জনীয়া চিআৰপিএফৰ এটা বিশেষ দল থাকিব। ৰাজীৱ কুমাৰৰ গাড়ী চলাবলৈ বিশেষভাৱে প্ৰশিক্ষিত অতিৰিক্ত তিনিজন চালকক সাজু কৰি ৰখা হ’ব। ৰাজীৱ কুমাৰ ১৯৮৪ বেচৰ আইএএছ বিষয়া। তেওঁ ২০২০ চনৰ ১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্ত হৈছিল। ৰাজীৱ কুমাৰ ২০২২ চনৰ ১৫ মে’ত ভাৰতৰ ২৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হৈছিল

নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ: উচ্চতম ন্যায়ালয়…

নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ: উচ্চতম ন্যায়ালয়

নিৰ্বাচনৰ প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে সকলো হিচাব জনাৰ অধিকাৰ নাই ভোটাৰৰ। এই ৰায় দিলে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়ালয়ে আজি এক বিশেষ ৰায়ত এইবুলি উল্লেখ কৰে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো স্থাৱৰ সম্পত্তিৰ হিচাব দিব নালাগে। ভোটাৰে প্ৰাৰ্থী এগৰাকীৰ সকলো স্থাৱৰ সম্পত্তিৰ তথ্য জনাৰ অধিকাৰ নাই। উচ্চতম ন্যায়ালয়ে কয় যে এজন ভোটাৰৰ “প্ৰাৰ্থীৰ প্ৰতিটো সম্পত্তিৰ বিষয়ে জনাৰ অধিকাৰ নাই”।

প্ৰাৰ্থী এজনৰ কেতবোৰ ক্ষেত্ৰত গোপনীয়তাৰ অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে কয়। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালৰ মালিকানাধীন প্ৰতিটো স্থানান্তৰযোগ্য সম্পত্তিৰ হিচাব প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। উচ্চতম ন্যায়ালয়ে ২০১৯ চনত অৰুণাচলৰ নিৰ্দলীয় বিধায়ক কাৰিখো ক্ৰি (তেজু বিধানসভা সমষ্টি)য়ে ন্যায়ালয়ত সম্পত্তিৰ হিচাব দাখিলৰ বিষয়ত তৰা এটা গোচৰ সন্দৰ্ভত এনেদৰে ৰায়দান কৰে।

উল্লেখ্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে ক্ৰিৰ প্ৰাৰ্থিত্ব বাতিল হোৱা বুলি ঘোষণা কৰিছিল। অভিযোগ অনুসৰি ক্ৰিয়ে “নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দাখিল কৰা মনোনয়নপত্ৰত ক্ৰিৰ পত্নী আৰু পুত্ৰৰ মালিকানাধীন তিনিখন বাহনৰ তথ্য প্ৰকাশ কৰা নাছিল। ক্ৰিৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে আজি বিশেষ ৰায়টো প্ৰদান কৰে।

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মহিলা ভোটাৰক চুমা খালে প্ৰাৰ্থীয়ে ! বংগত তুমুল বিতৰ্ক…

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মহিলা ভোটাৰক চুমা খালে প্ৰাৰ্থীয়ে ! বংগত তুমুল বিতৰ্ক

নিৰ্বাচনী প্ৰচাৰত আকৌ অথন্তৰ এইবাৰ যোগ হ’ল চুম্বন বিতৰ্ক। কিছুমান প্ৰাৰ্থীয়ে কৰা কেতবোৰ অদ্ভূত কাণ্ডই প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। তেনে এক বিতৰ্ক এইবাৰ সৃষ্টি হৈছে পশ্চিমবংগত। বংগৰ মালদা নৰ্থৰ বিজেপি প্ৰাৰ্থী খগেন মুৰ্মুৰ এখন ছবি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। ৰাজ্যখনৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে (টিএমচি) এক্স-হেণ্ডেলত খগেন মুৰ্মুৰ বিতৰ্কিত ছবি প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তৃণমূলে এক্সত লিথেছে “মোদীৰ পৰিয়ালে এনেদৰে মহিলাসকলক সন্মান কৰাত ব্যস্ত হৈ পৰিছে। ‘

খগেন মুৰ্মুৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিত দেখা গৈছে যে তেওঁ এগৰাকী মহিলাক চুম্বন কৰিছে। প্ৰাৰ্থীগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে তৃণমূল কংগ্ৰেছ। ৰাজহুৱা স্থানত প্ৰাৰ্থীগৰাকীয়ে কৰা এনে আচৰণক বহুতেই গৰিহণা দিছে। ইফালে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰাৰ্থী খগেন মুৰ্মুৱে মুখ খুলিছে। মুৰ্মুৱে কয় “এয়াই টিএমচিৰ সংস্কৃতি। সকলোৱে শিশুক আদৰ কৰে। ছোৱালীজনী মোৰ অতি ঘনিষ্ঠ আৰু পৰিচিত। ঘটনাটোৰ সময়ত ছোৱালীজনীৰ মাক-দেউতাকো তেওঁৰ লগত আছিল। টিএমচিয়ে ছবিখন ফেচবুকত ভাইৰেল কৰি মহিলাক অপমান কৰিছে।

’’ মুৰ্মুৱে লগতে কয় যে ঘটনাটোকলৈ তেওঁ চাইবাৰ অপৰাধ আৰু আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব। ইফালে, স্থানীয় টিএমচি নেতা বাবলাই কয়, “আমি ছবিখন দেখিছো। হয়তো তেওঁৰ ছোৱালীজনীক চিনি পায়। কিন্তু ৰাজহুৱা স্থানত চুম্বন কৰাটো অত্যন্ত নিন্দনীয় । এনে ছবি সাধাৰণতে উত্তৰ প্ৰদেশ, বিহাৰত দেখা যায়। কিন্তু বংগত এনে ধৰণৰ ঘটনা সঁচাকৈয়ে নিন্দনীয়।’’ জানিব পৰা মতে খগেনে চুম্বন কৰা ছোৱালীজনী এগৰাকী নাৰ্চিং ছাত্ৰী। বিতৰ্কৰ পিছতে ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ নিৰ্বাচন আয়োগৰ ওচৰত ঘটনাৰ বিষয়ে লিখিত অভিযোগ দাখিল কৰিব। ঘটনাটোৱে বংগত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মাজুলীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ! APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল: মন্ত্ৰী পীযুষ হাজৰিকা…

মাজুলীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী
চাৰি শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান বিজেপিত
কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাবলৈ ১০-২০ লাখ টকা দিব লগা হৈছিল
APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল: মন্ত্ৰী পীযুষ হাজৰিকা

ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ধুমুহাৰ গতিত অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতত মাজুলীৰ ৰাৱনাপাৰত চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত। মাজুলী কংগ্ৰেছৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক ফীজু দত্তৰ লগতে গৌৰৱ গগৈৰ ঘনিষ্ঠ শংকৰ জ্যোতি হাজৰিকাৰ যোগদান। মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বৰ্ণনা কৰিলে বিজেপি চৰকাৰৰ উন্নয়নৰ ধাৰা।‌ মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে পীযুষ হাজৰিকাই। অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম।

অহা দুবছৰৰ ভিতৰত মাজুলীৰ গড়া খহনীয়া ৰোধৰ বাবে অতি কমেও ১০০ কোটি টকা মুকলাই দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ। কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ বাট পথৰ অৱস্থা অতি শোচনীয় আছিল। কিন্তু এতিয়া মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ এটা এটা পথ পকীকৰণ কৰিলে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ সময়তে মাজুলীয়ে জিলাৰ মৰ্যদা লাভ কৰে। কিন্তু কংগ্ৰেছৰ দিনত মাজুলী কেৱল যোৰহাট জিলাৰ এটা অংশ আছিল। মন্ত্ৰী গৰাকীয়ে তেওঁৰ উদান্ত ভাষণত উল্লেখ কৰে যে যিসকল নিবনুৱাই চাকৰি লাভ কৰা নাই সেইসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি ২-৫ লাখ টকা লাভ কৰিব। মহিলাসকলে উদ্যমিতা আঁচনিৰ জৰিয়তে ২ মাহৰ ভিতৰত ১০ হাজাৰ টকা আৰু অহা বছৰ ২৫ হাজাৰ টকা বেংক একাউণ্টত লাভ কৰিব।

যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব। সমান্তৰালকৈ উদঙালে কংগ্ৰেছ চৰকাৰৰ দিনৰ পয়ালগা ছবিখন। কংগ্ৰেছে সূতা কম্বলৰ ৰাজনীতি কৰিছিল। কংগ্ৰেছে ২৫ হাজাৰ টকা, ১ লাখ চাকৰি দিয়া নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাবলৈ হ’লে ১০-২০ লাখ টকা দিব লগা হৈছিল। মন্ত্ৰী বিধায়কৰ অঙহী বঙহীয়ে চাকৰি লাভ কৰিছিল। APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল। এতিয়া সেই পৰিৱেশ নাই। সেইবোৰ দুৰ্নীতিৰ বাবেই সকলোৱে কংগ্ৰেছ এৰিবলৈ বাধ্য হ’ল। এতিয়া আৰু সূতা কম্বলৰ ৰাজনীতি নচলে। গতিকে সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ। এনেদৰে বিৰোধীক দমন কৰি আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰেৰে চমক মন্ত্ৰী পীযুষ হাজৰিকাৰ।