Home Blog Page 912

“মাজুলীৰ মধ্য স্থানত অৱস্থিত কেইখন মান বিল বা জলাসয়ৰ সাম্যক ধাৰনা”…

পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ, সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ, মহাপুৰুষ দুজনাৰ পবিত্ৰ মিলনভূমি , এটকা মহন্তৰ স্থান মাজুলীৰ মধ্য স্থানত অৱস্থিত এটি সৰু অঞ্চলেই হৈছে ফুলনি । মাজুলী যোৰহাট জিলাৰ উত্তৰ দিশত অৱস্থিত ,২৫°৪৫°-২৭°১২°উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯°-৯৪°৩৫°দ্ৰাঘিমাংশত অৱস্থিত জিলা । অতীততে মাজুলীৰ মাটি কালি ১২৫৬ বৰ্গ কি:মি: আছিল যদিও কালৰ গৰাহত পৰি বৰ্তমান সময়ত ৬৪০ বৰ্গ কি:মি: মানহে আছেগৈ। মাজুলীৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ , সোৱনশিৰি , লুইত,খেৰকটা , আদি নৈ উপনৈয়ে আগুৰি ৰাখিছে ।এই স্বৰ্নভূমি স্বৰূপ মাজুলীৰ একেবাৰে মধ্যস্থানত অৱস্থিত অঞ্চলটোয়ে হৈছে ফুলনি। এই ফুলনি অঞ্চলটোৱে প্ৰায় বিছ পঁচিছ খন গাঁৱক সামৰি আছে । এই অঞ্চলটে থকা কেইখনমান বিল হৈছে ফুলনি বিল , পোলোঙা বিল , গেলাবিল, আৰু হাটীমুৰীয়া বিল । জনবিশ্বাস মতে আহোম ৰাজত্ব কালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৱে ফুলেশ্বৰী থানত পূজা অৰ্চনা কৰিবৰ বাবে থানৰ ওচৰতে দুখনকৈ ফুলনি বাগিচা সাজিছিল । এখন সৰু আৰু আনখন ডাঙৰ । সেই সৰু আৰু ডাঙৰ বাগিচাৰ নাম অনুসৰিয়ে পিছলৈ ঠাই দুখনৰ নামো বৰফুলনি আৰু সৰুফুলনি হ’ল বুলি মানি লোৱা হয় । মাজুলী সমূদ্ৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৮৫-৯০ মিটাৰ।


ফুলনি অঞ্চলটোত জান, জুৰিৰ সংখ্যা কম যদিও , বৰফুলনি আৰু সৰু ফুলনিৰ মাজেৰে এটি পহুমৰা নামে বৃহৎ জান আছে । আজিৰ পৰা প্ৰায় এশ ডেৰশ বছৰৰ আগতেই সৃষ্টি হৈছিল এই পহুমৰা জানটো । তেতিয়া জানটোন বাৰ মাহেই পানী আছিল । পানীৰ সোত বৈ আছিল । ইপাৰ সিপাৰ হ’বলৈ মানুহে নাও বা সাকোৰ ব্যৱহাৰ কৰিছিল । সেই সময়ত মাছে পুথিয়ে যেনে দৰে উভয় নদী আছিল থিক তেনে দৰে ইপাৰ সিপাৰ হবলৈও মানুহ খিনিয়ে যথেষ্ঠ কষ্ট কৰিব লগা হৈছিল। কিছু মান লোকে কোৱা মতে ১৯৫০ চনৰ ভূমিকম্পত জানটো বাম হৈ পৰিল । তাৰ পিছৰ পৰা পানী লাহে লাহে কমিব ধৰিলে । কোনো কোনো লোকৰ মতে পহুমৰা জানটো বোলে মাজুলীৰ একমান নৈ টুনীৰ পৰা ফাটি অহা আকৌ কোনেৱে কয় ই ভূমিকম্পত ওখ ঠাই দ হৈ সৃষ্টি হোৱা । কিন্ত সৃষ্টিৰ মূল ৰহস্য ক’তো পোৱা নাযায় । কোনো লোকে কয় জানটো আচলতে টুনী নৈৰ পৰাই ফাটি অহি উত্তৰৰ নৈ খেৰকটীয়াত পৰিছিল । টুনী নৈৰ কাষতে লাগি থকা পহুমৰা গাঁৱৰ আগফালেদি বৈ জানটো ফুলনি অঞ্চলটোত পৰিছিলহি । এতিয়া তাহানিতে সেই জানটো নাই । জানৰ ঠাইত এতিয়া পথাৰ হ’ল । পানী নাইকিয়া হ’ল ।

সেই জানটোৰ মাজে মাজে কিছুমান ডুবিৰ সৃষ্টি হ’ল। তাৰে এটি ডুবি হ’ল ফুলনি ডুবি । য’ত দুইখন ফুলনিৰ লগতে বিভিন্ন ঠাইলৈ যাব পৰাকৈ ফুলনি দলং খন অৱস্থিত । আগতে নাৱেৰে পাৰাপাৰ হৈছিল পিছত কাঠ বাঁহৰ দলং হ’ল। সেইয়াও বান পানীয়ে ভাঙিলে । এতিয়া ডুবিৰ ওপৰতে পকী দলং হ’ল । এই ডুবিৰ পানী কোনো দিনে নুশুকাই । যথেষ্ট দ । ডুবিটোৰ ওপৰিও ফুলনি অঞ্চলটোত কেইবা খনো বিল আছিল । ফুলনি চাৰিআলীৰ পৰা প্ৰায় এক কিলো মিটাৰ মান দক্ষিণে গ’লেই গেলা বিল নামেৰে এখন বিল আছিল । বহু অঞ্চলৰ মানুহে তাত খৰালি মাছ ধৰিছিলহি । এটা বৃহৎ এলেকা আছিল আগুৰি আছিল বিল খনে । কাল ক্ৰমত ঠাইবোৰৰ পৰিবৰ্তন ঘটিল ।কোনো কোনোয়ে কয় ১৯৫০ চনৰ ভূমিকম্পৰ ফলতেই বিলবোৰ বাম হৈ পৰিল । বৰ্তমান এইখন বিল একেবাৰেই নোহোৱাই হ’ল । বিলত মানুহে খেতি কৰিবলৈ ল’লে । পানী শুকাল । তাহিনীতে মা-দেউতাৰ মুখেৰে শুনা মৰথি মাছ ,পাভ মাছ , খৰিয়া,চিতল আদি মাছবোৰো বিলুপ্তি হ’বলৈ ধৰিলে । ফুলনি অঞ্চলৰে আন এখন বিল ফুলনি । ফুলনি চাৰিআলিৰ পৰা প্ৰায় তিনি চাৰি কিলো মিটাৰ পূবলৈ গ’লেই এই বিল আছিল । এই বিলখনো এটা সময়ত যথেষ্ট দ আছিল । এই বিলত খৰালি কালত বিভিন্ন চৰাইয়ো পৰিছিল খাদ্যৰ সন্ধানত । বিভিন্ন ধৰণৰ মাছ আছিল । কিন্তু বৰ্তমান বিল খনৰ পানী শুকাই বৃহৎ বিল খন এতিয়া সৰু হৈ আহিল । ঠায়ে ঠায়ে খেতি পথাৰ হ’ল । বাৰিষা যথেষ্ঠ পানী থাকে যদিও খৰালি সি পুনৰ শুকাই যায় । আগৰ বিলখন এতিয়া নাই । সেহতীয়াকৈ অমৃত সৰোবৰ নামেৰে এটি আচনীৰ জড়িয়তে এই ফুলনি বিল খন খন্দা দেখা গৈছে । যাৰ জড়িয়তে বিল সমূহ অধিক দ কৰাৰ লগতে কিছু বহল কৰি মৎস্য উৎপাদনৰ কৰিবলৈ আচনী গ্ৰহন কৰিছে । সেইয়া কিমান দূৰ সফল হ’ব সেইয়া সময়ত দেখা যাব । এই অঞ্চলৰে আন এখন বিল হ’ল পোলোঙা বিল । ফুলনি বিলৰ ওচৰতে পোলোঙানী গাঁৱৰ পিছ ফালে অৱস্থিত বিল খনেই পোলোঙা বিল । স্থানীয় লোকৰ মতে এই বিলখন বৰ পোন আছিল সেই বাবে বিল খনৰ নাম পোলোঙা বিল । আন কিছুমানৰ মতে আকৌ কাষত থকা গছবোৰ পোন পোন বাবে বিল খনৰ নামো পোলোঙা বিল হ’ল । একে বাৰে প্ৰথম অৱস্থাত বিলখন বোলে প্ৰায় চাৰিশ বিঘা মাটি আছিল । ১৯৫০চনৰ ভূমিকম্পত বিলখন বাম হৈ পৰিসৰ টো কমি আহিল বিলৰ কাষতে মানুহে বাস কৰিবলৈ ল’লে । বিলৰ কাষৰ গাঁওখনৰ নাম পোলোঙানী । স্থানীয় লোকৰ মতে আজিৰ পৰা প্ৰায় পঞ্চাছ ষাঠি বছৰৰ আগতে এই বিল খনৰ কাষত শিমলু গছ বহুত আছিল তাতে এবিধ পৰিভ্ৰমী মনিয়ৰী (স্থানীয় লোকে কোৱা নাম ) নামে চৰাইয়ে জিৰনি লৈছিল কিন্ত কিছুমান লোকে এই চৰাইবিধ মাৰি মাৰি খাইছিল । তেতিয়াৰ পৰাই চৰাইবিধ বিলখনলৈ নহা হ’ল । তাৰ উপৰিও এই বিল খনত এহাল ওকহ চৰাইয়ে বহু বছৰ বছৰ বাস কৰিছিল বুলি স্থানীয় লোকে কয় । বৰ্তমান বিল খনৰ পৰিসৰ ঠেক হ’ল । পানীও যথেষ্ট কমিল । পাৰ বোৰত মানুহে খেতি কৰিবলৈ ল’লে । বানপানী নোহোৱাৰ বাবে বিলৰ মেটেকা , পিট, দলবোৰ উটি যাব নোৱাৰা হ’ল যাৰ বাবে বিলতে বছৰ বছৰ ধৰি পোট খাবলৈ ধৰিলে । বৰ্তমান মাজুলীত বানপানী একেবাৰে কমি গ’ল । বহ্মপুত্ৰৰ পাৰে পাৰে মাথাউৰিবোৰ বান্ধি দিয়া ফলত বান পানী কমি গ’ল । যাৰ ফলত বিল,জান ,জুৰী ,ডোবা আদিত বছৰ বছৰ ধৰি জামা হৈ থকা পলস খিনি উটি যাব নোৱাৰা হ’ল । ফলত বিল বা আন আন জলাশয় বোৰৰ বহন ক্ষামতাও কমি যাৱলৈ ধৰিলে । তাৰ ফল স্বৰূপে বিল , জলাশয় বোৰ শুকাই যাব ধৰিলে ।

উল্লেখ্য যোগ্য যে মাজুলীৰ এক মাত্ৰ নৈ টুনী নৈ খনো প্ৰায় এতিয়া মৃত অৱষ্টা। ইয়াৰ কাৰনো বিল সমূহৰ দৰেই । টুনী খনক নামনি ফালে বান্ধ মাৰি পতিয়া নামে এটা অংশ সম্পূৰ্ন বন্ধ কৰি দিয়াৰ ফলতে ইয়াৰ বহন ক্ষামতা কমি গ’ল । নানা ধৰনৰ জলজ উদ্ভিদৰ সংখ্যাও কমি আহিব ধৰিলে । মেটেকা , পিতনি আদিয়ে নৈ খন সম্পূৰ্ন ৰূপে আবৰি ধৰিলে । পানীও বৈ যোৱাত অসুবিধা হ’ল । যাৰ ফলস্বৰপে নৈ খনৰ অৱস্হা দিনক দিনে টুটি আহিল । এটা সময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মাজুলীখনৰো সৌন্দৰ্য দিনক দিনে ম্লান পাব ধৰিলে । মাজুলীৰ মেৰুদণ্ড স্বৰূপ এই টুনী নৈ খন পুনৰ জীৱন দিবলৈ বৰ্তমান সকলো যত্নবান হোৱাৰ অতি প্ৰয়োজন। তেতিয়াহে বাছি থাকিব বিল , জান , জুৰী ডোবা আদি জলাশয় বোৰ । বাছি থাকিব মাজুলী ।

বাংকাত নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী নকৰাৰ বাবে চিকিৎসকক হত্যাৰ ভাবুকি…

ডাক্তৰক হত্যাৰ ভাবুকিঃ আজিকালি বাংকাত ডাক্তৰক জোৰকৈ যোগানকাৰীয়ে কাহৰ চিৰাপ খাবলৈ কয়। যেতিয়া চিকিৎসকে নিষিদ্ধ কাহৰ চিৰাপ খাবলৈ অস্বীকাৰ কৰে তেতিয়া হেঁচা প্ৰয়োগ কৰা হয়। মৃত্যুৰ ভাবুকি দিয়া হয়। এনে এটা গোচৰ পোহৰলৈ আহিছে বাংকাৰ ৰাজৌন থানা এলেকাৰ ইছলামপুৰ গাঁৱৰ পৰা। বৃহস্পতিবাৰে (৪ এপ্ৰিল) এজন গ্ৰাম্য চিকিৎসকে থানাত এজাহাৰ দাখিল কৰিছিল।

ইছলামপুৰৰ গ্ৰাম্য চিকিৎসক আফজল আলীয়ে দুই ঔষধ যোগানকাৰীৰ অভিযোগ উত্থাপন কৰি থানাত লিখিত আবেদন দাখিল কৰিছে। আবেদনখনত কোৱা হৈছে যে তেওঁ ৰাজৌন থানা এলেকাৰ ইছলামপুৰ গাঁৱত ব্যক্তিগত ক্লিনিক চলাই আছে। ভাগলপুৰ জিলাৰ জগদীশপুৰ থানা এলেকাৰ পুৰাইনী গাঁৱৰ বাসিন্দা মহম্মদ সৰফৰাজ আৰু জিয়াই দুমাহ পূৰ্বে তেওঁৰ ক্লিনিকলৈ আহি ঔষধ দেখুৱাই কৈছিল যে আমিও ঔষধ বিক্ৰী কৰো। আন মানুহতকৈ সস্তা ঔষধ দিব।

ভুক্তভোগী গাঁৱৰ চিকিৎসকজনে জনোৱা মতে, তেওঁ সেই দুয়োবিধ ঔষধ যোগানকাৰীৰ পৰা ঔষধ ল’বলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ঔষধ যোগানকাৰীসকলে তেওঁলোকক নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো মানুহে মাদক দ্ৰব্য হিচাপে সেৱন কৰে। যেতিয়া তেওঁ নিষিদ্ধ চিৰাপ ল’বলৈ অস্বীকাৰ কৰি কোনো অবৈধ কাম নকৰো বুলি ক’লে ড্ৰাগছ যোগানকাৰীয়ে তেওঁক হত্যা কৰাৰ ভাবুকি দিয়ে।

ভুক্তভোগী গ্ৰাম্য চিকিৎসকগৰাকীয়ে কয়, ‘নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী কৰিবলৈ মোক হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে আৰু লগতে ফোন কল আৰু মেছেজ প্ৰেৰণ কৰি ভাবুকি দিবলৈ আৰম্ভ কৰিলে।অবিৰত ভাবুকি পোৱাৰ পিছত মই টোপনি নোহোৱাকৈ ৰাতি কটালোঁ। ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰাজৌন আৰক্ষী থানাত উপস্থিত হৈ বিষয়টো সন্দৰ্ভত লিখিত আৱেদন দি এজাহাৰ দাখিল কৰে।

গুৱাহাটীত মহাসতী জয়মতী উৎসৱ উদযাপন, জেৰেঙাৰ সতী নাট মঞ্চস্থ…

বৃহত্তৰ হেঙেৰাবাৰী সতী জয়মতী উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত ৩১ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে ভি আই পি ৰোডৰ ৰুদ্ৰসিংহ পথস্থিত ৰাজধানী টাই আহোম কলা – সংস্কৃতি বিকাশ কেন্দ্ৰত মহাসতী জয়মতী উৎসৱ উদযাপন কৰা হয় । পূৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভানেত্ৰী লনিমা মহনে আৰু মৈদাম তৰ্পণ কৰে মহেশ্বৰী হাজৰিকাই । মাল্যপৰ্ণ কৰে ইলা গগৈয়ে । বৃক্ষৰোপণ কৰে জগত সন্দিকৈ আৰু নিৰঞ্জন লাহনে ।

তেনেদৰে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ – ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দূপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াই ভাষণ প্ৰসংগত মহাসতী জয়মতী অসম বুৰঞ্জীত এটা বিৰল চৰিত্ৰ বুলি সদৰি কৰে । বিয়লি তিনি বজাৰ পৰা একক আৰু দলীয় শাখাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বৃহত্তৰ হেঙেৰাবাৰী মহিলা সকলে জগদীশ চন্দ্ৰ দাসৰ পৰিচালনাত মঞ্চস্থ কৰে ‘জেৰেঙাৰ সতী’ নামৰ নাটখন। তাৰ পাছত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। নিশা বন্তি প্ৰজ্বলনৰে এইবেলিৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।

দিল্লীত লিভ ইন ৰিলেশ্যনশ্বীপৰ প্রেমিকাক হত্যা কৰি আলমিৰাত মৃতদেহ লুকুৱাই থ’লে প্রেমিকে…

লিভ ইন ৰিলেশ্যনশ্বীপৰ ভয়ংকৰ পৰিণতি

প্রেমিকাক হত্যা কৰি আলমিৰাত মৃতদেহ লুকুৱাই থ’লে প্রেমিকে


কন্যাৰ মৃতেদহ দেখি হতবাক পিতৃ । এই ঘটনা ৰাজধানী দিল্লীৰ

পুৰুষৰ বাবে পিয়াঁজ খোৱাটো কিমান প্ৰয়োজনীয় জানক…

পিয়াঁজত ভালেকেইবিধ উপকাৰী উপাদান থাকে আৰু এইকেইটা উপাদানে পুৰুষৰ ভালেমান স্বাস্থ্যজনিত সমস্যা সমাধান কৰিব পাৰে।পিয়াঁজ খাই থাকিলে পুৰুষৰে নহয়,মহিলাৰো অস্থি:সন্ধিৰ ৰোগৰ লগতে কেবাপ্ৰকাৰৰ সংক্ৰমণো নিয়ন্ত্ৰণ হৈ থাকে।কেৱল এনে ধৰণৰ ৰোগেই নহয়,শৰীৰত বাহ লোৱা অন্য ভালেমান ৰোগো আঁতৰি থাকে বাবে কোৱা হয় যে,পিয়াঁজ খাই থাকিলে মানুহৰ বয়স নেবাঢ়ে অৰ্থাৎ শৰীৰত বয়স বৃদ্ধিৰ চাপ নপৰে।এইবিলাক কথা হয়তো আপোনালোকে জানেই।পিছে এতিয়া আপোনালোকক ক’ব খুজিছো ,পুৰুষৰ ভালেমান শাৰীৰিক দুৰ্বলতা পিয়াঁজে কেনেকৈ দুৰ কৰি ৰাখে,সেই বিষয়েহে।

পিয়াঁজৰ গুণ-

  • বগা পিয়াঁজৰ এচামুচ ৰসৰ লগত দুচামুচ মৌ মিহলাই প্ৰতিদিনে খাই থাকিলে শৰীৰৰ দুৰ্বলতা দুৰ হয় আৰু যৌনশক্তিও বাঢ়ে।
  • ১০০ গ্ৰাম যনীৰ গুড়িৰ লগত চাৰি-পাঁচটা বগা পিয়াঁজৰ ৰস মিহলাই বটলত ভৰাই টানকৈ সাঁফৰ মাৰি থৈ দিয়ক।প্ৰতিদিনে পুৱা এই মিশ্ৰণৰ পৰা এচামুচ পৰিমাণত লৈ ঘিউ আৰু চেনি মিহলাই খাওক।এই ব্যৱস্থা একেৰাহে এমাহ মান ব্যৱহাৰ কৰিলে লাহে লাহে আপোনাৰ শৰীৰলৈ শক্তি ঘুৰি আহিব।

  • এচামুচ পিয়াঁজৰ ৰস,এচামুচ আদাৰ ৰস মিহলাই পুৱা-গধুলি খাওক।এই মিশ্ৰণে শৰীৰৰ দুৰ্বলতা,এলাহ ভাব,অলপতে লগা ভাগৰ আদি সমস্যাবোৰ দুৰ কৰিব।
  • এটা পিয়াঁজ সৰু সৰুকৈ কুটি লৈ ঘিউত সামান্য ভাজি লওক।এই ভজা পিয়াঁজ দৈনিক এচামুচ মৌৰ লগত পুৱা খালী পেটত খাই থাকিলে শৰীৰৰ দুৰ্বলতা নাইকিয়া হয়।
  • এশ গ্ৰাম পিয়াঁজ এক লিটাৰ পানীত উতলাই লওক।যেতিয়া পানী শুকাই গৈ এগিলাচ পৰিমাণত থাকিব,তেতিয়া নমাই লৈ চেকি,সেই পানীত দুচামুচ মৌ মিহলাই খাওক।শৰীৰৰ দুৰ্বলতা ,এলাহ আৰু অৱসাদ আঁতৰ হ’ব।

ভূপেন বৰাৰ টকাৰ পিছত দৌৰাই দিনটোৰ কামঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱানৰ ওচৰত টকাৰ বাবে প্ৰাৰ্থনা কৰে। অনবৰতে দিনটো তেওঁ পইচাৰ কথাই চিন্তা কৰে।- ৰূপহীহাটত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। ভূপেন বৰাই টিকট দিয়াৰ নামত চান্দা লোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ভূপেন বৰা ডাঙৰীয়াই চান্দা ল’বই, কাৰণ তেওঁ দিনটো পইচা পইচা কৰি থাকে। তেওঁ কয় যে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগত আমি মন্দিৰত সোমাই প্ৰাৰ্থনা কৰো যে ভগৱান দিনটো যাতে ভালে ভালে পাৰ কৰা। কিন্তু মোৰতো এনে লাগে যে ভূপেন বৰাই মন্দিৰৰ ওচৰত গৈ কয় – ভগৱান মোক অলপ পইচা গোটাই দিয়া। দিনটোত কেইটামান পইচা আনি দিয়া। তেওঁ প্ৰাৰ্থনা কৰে ঘৰলৈ যাতে কেইটামান পইচা আনিব পাৰে। তেওঁ প্ৰাৰ্থনা কৰে টিকট বিক্ৰী কৰিয়েই হওক, পদ বিক্ৰী কৰিয়েই হওক, কিবাকৈ যাতে তেওঁ কেইটামান পইচা আনিব পাৰে। এই ক্ষেত্ৰত ভগৱানে যেন তেওঁক সহায় কৰে তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰে।


মন্ত্ৰীগৰাকীয়ে কয় যে আমি প্ৰাৰ্থনা কৰো, ঘৰখনৰ ভাল হওক। আমি প্ৰাৰ্থনা কৰো ৰাইজৰ ভাল হওক- সেই কামনাৰে। কিন্তু ভূপেন বৰাই প্ৰাৰ্থনা কৰে প্ৰভু মোক কেইটামান পইচা দিয়ক। কেনেকৈ মই টিকট বিকিব পাৰো, চান্দা তুলিব পাৰো, পদ বিকিব পাৰো, মোক সহায় কৰক। যিকোনো উপায়েৰে তেওঁক পইচা আনি দিয়ক বুলি ভগৱানক প্ৰাৰ্থনা কৰে। মোৰ অনুমান, ভূপেন বৰাই ভগৱানৰ ওচৰত সদায় এনেদৰে প্ৰাৰ্থনা কৰে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

আই টি শ্বেয়াৰ ক্ৰয়ৰ বাবে তীব্ৰ বৃদ্ধিৰ সৈতে ষ্টক মাৰ্কেট…

বৃহস্পতিবাৰৰ ব্যৱসায়িক অধিবেশন ভাৰতীয় ষ্টক মাৰ্কেটৰ বাবে অতি ভাল হৈছে। বেংকিং আৰু আই টি ষ্টকত নিম্ন স্তৰৰ পৰা বজাৰলৈ ঘূৰি অহা ক্ৰয়ৰ বাবে বজাৰত এই বৃদ্ধি দেখা গৈছে। ইয়াৰ পূৰ্বে আজিৰ অধিবেশনত চেন্সেক্সে হাফ টাইমৰ সৰ্বোচ্চ ৭৫,৫০১ পইণ্ট স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। গতিকে নিফ্টিয়েও ২২,৬১৯ৰ অভিলেখ সৃষ্টি কৰে। বজাৰ বন্ধ হোৱাৰ সময়ত বিএছই চেন্সেক্স ৩৫০ পইণ্টৰ ৭৪,২২৭ পইণ্টত আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিয়ে ৮০ পইণ্টৰ ২২,৫১৪ পইণ্টত বন্ধ হয়।

অভিলেখ সৃষ্টিকাৰী উচ্চতাত বজাৰ মূল্য

শ্বেয়াৰ বজাৰত এই দৰ্শনীয় উত্থানৰ বাবে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মাৰ্কেট কেপ ৩৯৮.৬০ লাখ কোটি টকাৰ ঐতিহাসিক উচ্চতম স্তৰত উপনীত হয়, যিটো যোৱা ব্যৱসায়িক অধিবেশনত ৩৯৭.৫২ লাখ কোটি টকা। আজিৰ অধিবেশনত বজাৰৰ বজাৰ মূলধনত ১.০৮ লাখ কোটি টকা

আজিৰ ব্যৱসায়ৰ সময়ত বজাৰত বেংকিং শ্বেয়াৰত শক্তিশালী ক্ৰয় হৈছিল, যাৰ বাবে নিফটি বেংকিং সূচকাংক ৪৩৬ পইণ্ট বৃদ্ধিৰে বন্ধ হৈছিল। ইয়াৰ উপৰিও আই টি অটো শ্বেয়াৰো বৃদ্ধি পাইছে। গ্ৰাহক টেকসই খণ্ডৰ শ্বেয়াৰতো ক্ৰয় কৰা হৈছিল। আনহাতে অইল এণ্ড গেছ, হেল্থকেয়াৰ, এনাৰ্জি, মিডিয়া, ৰিয়েল এষ্টেট, এফএমচিজি, ফাৰ্মাৰ শ্বেয়াৰ হ্ৰাস পাই বন্ধ হৈ পৰে। আজিৰ ব্যৱসায়ত মিডকেপ আৰু স্মলকেপ সূচকাংক সেউজীয়া ৰূপত বন্ধ হৈ পৰিল। চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২০টা ষ্টক লাভৰ সৈতে আৰু ১০টা লোকচানৰ সৈতে বন্ধ হয়।

৫০টা নিফটি ষ্টকৰ ভিতৰত ২৭টা ষ্টক লাভৰ সৈতে আৰু ২৩টা লোকচানৰ সৈতে বন্ধ হয়। ব্যৱসায় কৰা ৩৯৪৭ টা শ্বেয়াৰৰ ভিতৰত ২৪৬৯ টা শ্বেয়াৰ লাভৰ সৈতে বন্ধ হোৱাৰ বিপৰীতে ১৩৭৯ টা শ্বেয়াৰ হ্ৰাস পাইছে। ৯৯টা ষ্টকৰ হাৰত কোনো পৰিৱৰ্তন দেখা নগ’ল।

এইচ ডি এফ চি বেংকৰ ষ্টক ৩.০৬ শতাংশ, আইচাৰ মটৰ্ছৰ ২.০৪ শতাংশ, টেক মহিন্দ্ৰা ১.৯২ শতাংশ, টাইটান কোম্পানী ১.৮৯ শতাংশ, এছিয়ান পেইণ্টছৰ ১.৭১ শতাংশ, টি চি এছ ১.৪২ শতাংশ বৃদ্ধিৰে বন্ধ হয়। আনহাতে অ’এনজিচি, শ্ৰীৰাম ফাইনেন্স, আদানী বন্দৰৰ ষ্টক বন্ধ হৈ পৰে।

উদ্ভিদেও ‘চিঞৰে’, উদ্ভিদেও কান্দে; প্ৰথমবাৰৰ বাবে গছৰ শব্দ ধৰি ৰাখে বিজ্ঞানীসকলে…

বিজ্ঞানীসকলে গছ-গছনি কটা বা উভালৰ সময়ত উদ্ভিদৰ “চিঞৰ” শব্দ ধৰি ৰাখিছে। উদ্ভিদৰ শব্দ মানুহে কৰা দৰে নহয়, বৰঞ্চ মানুহৰ শ্ৰৱণ ক্ষমতাৰ পৰিসৰৰ বাহিৰৰ আল্ট্ৰাছ’নিক কম্পাঙ্কত পপিং বা ক্লিক কৰা শব্দ। ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চেলত প্ৰকাশিত এই গৱেষণাত প্ৰকাশ কৰিছে যে উদ্ভিদ মানসিক চাপত পৰিলে শব্দ বৃদ্ধি পায়। ইয়াত লগতে কোৱা হৈছে যে এইটোৱেই হ’ব পাৰে উদ্ভিদে নিজৰ দুখ-কষ্টক নিজৰ চৌপাশৰ জগতখনৰ আগত প্ৰকাশ কৰাৰ অন্যতম উপায়।


“নিস্তব্ধ পথাৰতো আমি শুনা নোপোৱা শব্দ থাকে আৰু সেই শব্দবোৰে তথ্য কঢ়িয়াই লৈ ফুৰে। এই শব্দবোৰ শুনিব পৰা জীৱ-জন্তু আছে, গতিকে বহুত ধ্বনি পাৰস্পৰিক ক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে।” , বিশ্ববিদ্যালয়খনৰ বিৱৰ্তনশীল জীৱবিজ্ঞানীয়ে ২০২৩ চনৰ এই অধ্যয়নৰ বিষয়ে চাইন্স ডাইৰেক্টক জনায়।

তেওঁ আৰু কয় যে উদ্ভিদে পোক-পৰুৱা আৰু অন্যান্য প্ৰাণীৰ সৈতে সকলো সময়তে ক্ৰিয়া কৰে আৰু এই জীৱবোৰৰ বহুতেই যোগাযোগৰ বাবে শব্দ ব্যৱহাৰ কৰে, গতিকে উদ্ভিদে শব্দ একেবাৰে ব্যৱহাৰ নকৰাটো অতি অনুকূল হ’ব।

আনহাতে যিবোৰ কাণ্ডত উদ্ভিদৰ মানসিক চাপত থাকে, সেইবোৰত ইহঁতে কিছুমান নাটকীয় পৰিৱৰ্তন ঘটে – ইয়াৰে এটা হ’ল কিছুমান শক্তিশালী সুগন্ধি। ৰং আৰু আকৃতিও সলনি কৰিব পাৰে।

কিন্তু দলটোৱে জানিব বিচাৰিছিল যে উদ্ভিদেও শব্দ উৎপন্ন কৰে। এই কথা জানিবলৈ তেওঁলোকে বিলাহী আৰু ধঁপাতৰ গছৰ মানসিক চাপ আৰু মানসিক চাপহীন দুয়োটা অৱস্থাতে ৰেকৰ্ড কৰিছিল। তেওঁলোকৰ দুৰ্দশাগ্ৰস্তৰ সংজ্ঞাত এনে উদ্ভিদ অন্তৰ্ভুক্ত আছিল যিবোৰৰ ঠাৰি কাটি পেলোৱা হৈছিল বা পানীহীন হৈছিল।

বিজ্ঞান সতৰ্কতাৰ প্ৰতিবেদনত কোৱা হৈছে যে দলটোৱে দেখিলে যে দুৰ্দশাগ্ৰস্ত উদ্ভিদৰ শব্দ মানুহে বুজিব নোৱাৰাকৈয়ে বহুত বেছি উচ্চস্বৰ আৰু এক মিটাৰৰ ওপৰৰ ব্যাসাৰ্ধৰ ভিতৰত ধৰা পেলাব পৰা যায়।

অৱশ্যে গছ-গছনিবোৰে কেনেকৈ শব্দ উৎপন্ন কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে তেওঁলোকে দেখিলে যে মানসিক চাপহীন উদ্ভিদে একেবাৰেই বেছি শব্দ নকৰে; তেওঁলোকে মাত্ৰ আড্ডা মাৰে, মনে মনে নিজৰ উদ্ভিদৰ কাম কৰে।


ডুমডুমাৰ নিৰুদ্দেশ পুত্ৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা…

নিৰুদ্দেশ পুত্ৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা৷

ডুমডুমাৰ নিৰুদ্দিষ্ট ছাত্ৰৰ পিতৃ-মাতৃৰ এই ঘোষণা কৰিছে এই পুৰস্কাৰ৷

৭ দিনে শুংসূত্ৰ নাই দৈদাম চাহ বাগিচাৰ সন্দীপন তাঁতীৰ৷ সন্ধান দিওঁতাৰ পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতি পৰিয়ালৰ৷

‘কেৱল বিজেপিয়েহে মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব পাৰে…’: কোচবিহাৰত সন্দেশখালিৰ ঘটনাৰ উদ্ধৃতিৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পশ্চিম বংগৰ কোচবিহাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। মোদীয়ে তেওঁৰ ভাষণত সন্দেশখালিৰ ঘটনাত বংগৰ শাসকীয় চৰকাৰে অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি তৃণমূল কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচবিহাৰত বিশাল সমাবেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৱল বিজেপিয়েহে পশ্চিম বংগত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিব পাৰে আৰু দলটোৱে সন্দেশখালি ঘটনাৰ দোষীৰ শাস্তি নিশ্চিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। মোদীয়ে কয়- সমগ্ৰ দেশে দেখিছে যে কেনেকৈ টিএমচি চৰকাৰে সান্দেশখালিত অভিযুক্তক সুৰক্ষা দিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। বিজেপিয়ে সন্দেশখালি ঘটনাত অভিযুক্তৰ শাস্তি নিশ্চিত কৰাৰ সংকল্প লৈছে।

তেওঁলোকে কাৰাগাৰত জীৱন কটাব লাগিব । মোদীয়ে লগতে দাবী কৰে যে টিএমচি নেতৃত্বাধীন চৰকাৰে পশ্চিম বংগত কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণত বাধা প্ৰদান কৰি আহিছে। তেওঁ লগতে কয় যে বিজেপিয়ে বংগৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বিচাৰে , কিন্তু টিএমচিয়ে ইয়াক হ’বলৈ নিদিয়ে। টিএমচি চৰকাৰ ইয়াত পশ্চিম বংগত কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণৰ অনুমতি নিদিয়ে… চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো বিজেপিৰ উদ্দেশ্য বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। মোদীয়ে কয় “আমি দেশৰ প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বিচাৰো। কিন্তু টিএমচি চৰকাৰে পশ্চিম বংগক অভিলেখ পৰিমাণৰ ধন দিয়া স্বত্বেও আমাক বংগত এনে কৰিবলৈ অনুমতি নিদিয়ে, টিএমচিৰ বাবে বহুতো প্ৰকল্প সময়মতে সম্পূৰ্ণ হোৱা নাই,”।