Breaking

“মাজুলীৰ মধ্য স্থানত অৱস্থিত কেইখন মান বিল বা জলাসয়ৰ সাম্যক ধাৰনা”…

0 39

পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ, সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ, মহাপুৰুষ দুজনাৰ পবিত্ৰ মিলনভূমি , এটকা মহন্তৰ স্থান মাজুলীৰ মধ্য স্থানত অৱস্থিত এটি সৰু অঞ্চলেই হৈছে ফুলনি । মাজুলী যোৰহাট জিলাৰ উত্তৰ দিশত অৱস্থিত ,২৫°৪৫°-২৭°১২°উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯°-৯৪°৩৫°দ্ৰাঘিমাংশত অৱস্থিত জিলা । অতীততে মাজুলীৰ মাটি কালি ১২৫৬ বৰ্গ কি:মি: আছিল যদিও কালৰ গৰাহত পৰি বৰ্তমান সময়ত ৬৪০ বৰ্গ কি:মি: মানহে আছেগৈ। মাজুলীৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ , সোৱনশিৰি , লুইত,খেৰকটা , আদি নৈ উপনৈয়ে আগুৰি ৰাখিছে ।এই স্বৰ্নভূমি স্বৰূপ মাজুলীৰ একেবাৰে মধ্যস্থানত অৱস্থিত অঞ্চলটোয়ে হৈছে ফুলনি। এই ফুলনি অঞ্চলটোৱে প্ৰায় বিছ পঁচিছ খন গাঁৱক সামৰি আছে । এই অঞ্চলটে থকা কেইখনমান বিল হৈছে ফুলনি বিল , পোলোঙা বিল , গেলাবিল, আৰু হাটীমুৰীয়া বিল । জনবিশ্বাস মতে আহোম ৰাজত্ব কালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৱে ফুলেশ্বৰী থানত পূজা অৰ্চনা কৰিবৰ বাবে থানৰ ওচৰতে দুখনকৈ ফুলনি বাগিচা সাজিছিল । এখন সৰু আৰু আনখন ডাঙৰ । সেই সৰু আৰু ডাঙৰ বাগিচাৰ নাম অনুসৰিয়ে পিছলৈ ঠাই দুখনৰ নামো বৰফুলনি আৰু সৰুফুলনি হ’ল বুলি মানি লোৱা হয় । মাজুলী সমূদ্ৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৮৫-৯০ মিটাৰ।


ফুলনি অঞ্চলটোত জান, জুৰিৰ সংখ্যা কম যদিও , বৰফুলনি আৰু সৰু ফুলনিৰ মাজেৰে এটি পহুমৰা নামে বৃহৎ জান আছে । আজিৰ পৰা প্ৰায় এশ ডেৰশ বছৰৰ আগতেই সৃষ্টি হৈছিল এই পহুমৰা জানটো । তেতিয়া জানটোন বাৰ মাহেই পানী আছিল । পানীৰ সোত বৈ আছিল । ইপাৰ সিপাৰ হ’বলৈ মানুহে নাও বা সাকোৰ ব্যৱহাৰ কৰিছিল । সেই সময়ত মাছে পুথিয়ে যেনে দৰে উভয় নদী আছিল থিক তেনে দৰে ইপাৰ সিপাৰ হবলৈও মানুহ খিনিয়ে যথেষ্ঠ কষ্ট কৰিব লগা হৈছিল। কিছু মান লোকে কোৱা মতে ১৯৫০ চনৰ ভূমিকম্পত জানটো বাম হৈ পৰিল । তাৰ পিছৰ পৰা পানী লাহে লাহে কমিব ধৰিলে । কোনো কোনো লোকৰ মতে পহুমৰা জানটো বোলে মাজুলীৰ একমান নৈ টুনীৰ পৰা ফাটি অহা আকৌ কোনেৱে কয় ই ভূমিকম্পত ওখ ঠাই দ হৈ সৃষ্টি হোৱা । কিন্ত সৃষ্টিৰ মূল ৰহস্য ক’তো পোৱা নাযায় । কোনো লোকে কয় জানটো আচলতে টুনী নৈৰ পৰাই ফাটি অহি উত্তৰৰ নৈ খেৰকটীয়াত পৰিছিল । টুনী নৈৰ কাষতে লাগি থকা পহুমৰা গাঁৱৰ আগফালেদি বৈ জানটো ফুলনি অঞ্চলটোত পৰিছিলহি । এতিয়া তাহানিতে সেই জানটো নাই । জানৰ ঠাইত এতিয়া পথাৰ হ’ল । পানী নাইকিয়া হ’ল ।

সেই জানটোৰ মাজে মাজে কিছুমান ডুবিৰ সৃষ্টি হ’ল। তাৰে এটি ডুবি হ’ল ফুলনি ডুবি । য’ত দুইখন ফুলনিৰ লগতে বিভিন্ন ঠাইলৈ যাব পৰাকৈ ফুলনি দলং খন অৱস্থিত । আগতে নাৱেৰে পাৰাপাৰ হৈছিল পিছত কাঠ বাঁহৰ দলং হ’ল। সেইয়াও বান পানীয়ে ভাঙিলে । এতিয়া ডুবিৰ ওপৰতে পকী দলং হ’ল । এই ডুবিৰ পানী কোনো দিনে নুশুকাই । যথেষ্ট দ । ডুবিটোৰ ওপৰিও ফুলনি অঞ্চলটোত কেইবা খনো বিল আছিল । ফুলনি চাৰিআলীৰ পৰা প্ৰায় এক কিলো মিটাৰ মান দক্ষিণে গ’লেই গেলা বিল নামেৰে এখন বিল আছিল । বহু অঞ্চলৰ মানুহে তাত খৰালি মাছ ধৰিছিলহি । এটা বৃহৎ এলেকা আছিল আগুৰি আছিল বিল খনে । কাল ক্ৰমত ঠাইবোৰৰ পৰিবৰ্তন ঘটিল ।কোনো কোনোয়ে কয় ১৯৫০ চনৰ ভূমিকম্পৰ ফলতেই বিলবোৰ বাম হৈ পৰিল । বৰ্তমান এইখন বিল একেবাৰেই নোহোৱাই হ’ল । বিলত মানুহে খেতি কৰিবলৈ ল’লে । পানী শুকাল । তাহিনীতে মা-দেউতাৰ মুখেৰে শুনা মৰথি মাছ ,পাভ মাছ , খৰিয়া,চিতল আদি মাছবোৰো বিলুপ্তি হ’বলৈ ধৰিলে । ফুলনি অঞ্চলৰে আন এখন বিল ফুলনি । ফুলনি চাৰিআলিৰ পৰা প্ৰায় তিনি চাৰি কিলো মিটাৰ পূবলৈ গ’লেই এই বিল আছিল । এই বিলখনো এটা সময়ত যথেষ্ট দ আছিল । এই বিলত খৰালি কালত বিভিন্ন চৰাইয়ো পৰিছিল খাদ্যৰ সন্ধানত । বিভিন্ন ধৰণৰ মাছ আছিল । কিন্তু বৰ্তমান বিল খনৰ পানী শুকাই বৃহৎ বিল খন এতিয়া সৰু হৈ আহিল । ঠায়ে ঠায়ে খেতি পথাৰ হ’ল । বাৰিষা যথেষ্ঠ পানী থাকে যদিও খৰালি সি পুনৰ শুকাই যায় । আগৰ বিলখন এতিয়া নাই । সেহতীয়াকৈ অমৃত সৰোবৰ নামেৰে এটি আচনীৰ জড়িয়তে এই ফুলনি বিল খন খন্দা দেখা গৈছে । যাৰ জড়িয়তে বিল সমূহ অধিক দ কৰাৰ লগতে কিছু বহল কৰি মৎস্য উৎপাদনৰ কৰিবলৈ আচনী গ্ৰহন কৰিছে । সেইয়া কিমান দূৰ সফল হ’ব সেইয়া সময়ত দেখা যাব । এই অঞ্চলৰে আন এখন বিল হ’ল পোলোঙা বিল । ফুলনি বিলৰ ওচৰতে পোলোঙানী গাঁৱৰ পিছ ফালে অৱস্থিত বিল খনেই পোলোঙা বিল । স্থানীয় লোকৰ মতে এই বিলখন বৰ পোন আছিল সেই বাবে বিল খনৰ নাম পোলোঙা বিল । আন কিছুমানৰ মতে আকৌ কাষত থকা গছবোৰ পোন পোন বাবে বিল খনৰ নামো পোলোঙা বিল হ’ল । একে বাৰে প্ৰথম অৱস্থাত বিলখন বোলে প্ৰায় চাৰিশ বিঘা মাটি আছিল । ১৯৫০চনৰ ভূমিকম্পত বিলখন বাম হৈ পৰিসৰ টো কমি আহিল বিলৰ কাষতে মানুহে বাস কৰিবলৈ ল’লে । বিলৰ কাষৰ গাঁওখনৰ নাম পোলোঙানী । স্থানীয় লোকৰ মতে আজিৰ পৰা প্ৰায় পঞ্চাছ ষাঠি বছৰৰ আগতে এই বিল খনৰ কাষত শিমলু গছ বহুত আছিল তাতে এবিধ পৰিভ্ৰমী মনিয়ৰী (স্থানীয় লোকে কোৱা নাম ) নামে চৰাইয়ে জিৰনি লৈছিল কিন্ত কিছুমান লোকে এই চৰাইবিধ মাৰি মাৰি খাইছিল । তেতিয়াৰ পৰাই চৰাইবিধ বিলখনলৈ নহা হ’ল । তাৰ উপৰিও এই বিল খনত এহাল ওকহ চৰাইয়ে বহু বছৰ বছৰ বাস কৰিছিল বুলি স্থানীয় লোকে কয় । বৰ্তমান বিল খনৰ পৰিসৰ ঠেক হ’ল । পানীও যথেষ্ট কমিল । পাৰ বোৰত মানুহে খেতি কৰিবলৈ ল’লে । বানপানী নোহোৱাৰ বাবে বিলৰ মেটেকা , পিট, দলবোৰ উটি যাব নোৱাৰা হ’ল যাৰ বাবে বিলতে বছৰ বছৰ ধৰি পোট খাবলৈ ধৰিলে । বৰ্তমান মাজুলীত বানপানী একেবাৰে কমি গ’ল । বহ্মপুত্ৰৰ পাৰে পাৰে মাথাউৰিবোৰ বান্ধি দিয়া ফলত বান পানী কমি গ’ল । যাৰ ফলত বিল,জান ,জুৰী ,ডোবা আদিত বছৰ বছৰ ধৰি জামা হৈ থকা পলস খিনি উটি যাব নোৱাৰা হ’ল । ফলত বিল বা আন আন জলাশয় বোৰৰ বহন ক্ষামতাও কমি যাৱলৈ ধৰিলে । তাৰ ফল স্বৰূপে বিল , জলাশয় বোৰ শুকাই যাব ধৰিলে ।

উল্লেখ্য যোগ্য যে মাজুলীৰ এক মাত্ৰ নৈ টুনী নৈ খনো প্ৰায় এতিয়া মৃত অৱষ্টা। ইয়াৰ কাৰনো বিল সমূহৰ দৰেই । টুনী খনক নামনি ফালে বান্ধ মাৰি পতিয়া নামে এটা অংশ সম্পূৰ্ন বন্ধ কৰি দিয়াৰ ফলতে ইয়াৰ বহন ক্ষামতা কমি গ’ল । নানা ধৰনৰ জলজ উদ্ভিদৰ সংখ্যাও কমি আহিব ধৰিলে । মেটেকা , পিতনি আদিয়ে নৈ খন সম্পূৰ্ন ৰূপে আবৰি ধৰিলে । পানীও বৈ যোৱাত অসুবিধা হ’ল । যাৰ ফলস্বৰপে নৈ খনৰ অৱস্হা দিনক দিনে টুটি আহিল । এটা সময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মাজুলীখনৰো সৌন্দৰ্য দিনক দিনে ম্লান পাব ধৰিলে । মাজুলীৰ মেৰুদণ্ড স্বৰূপ এই টুনী নৈ খন পুনৰ জীৱন দিবলৈ বৰ্তমান সকলো যত্নবান হোৱাৰ অতি প্ৰয়োজন। তেতিয়াহে বাছি থাকিব বিল , জান , জুৰী ডোবা আদি জলাশয় বোৰ । বাছি থাকিব মাজুলী ।

Leave A Reply