কিছুমান মানুহৰ বাবে অকলে বজাৰ কৰিবলৈ যোৱাটো সহজ নহয়, তেওঁলোকে নিজৰ সংগীক লগত লৈ যায় যাতে তেওঁলোকে তেওঁলোকৰ পছন্দৰ বিষয়ে সুধিব পাৰে, কাৰণ তেওঁলোক নিজেই সাজ-পোছাকৰ পছন্দৰ বিষয়ে বিভ্ৰান্ত হয়। আপুনি নিজাববীয়াকৈ সিদ্ধান্ত লোৱা উচিত, কাৰণ ইয়াৰ ফলত আপোনাৰ সংগী বিৰক্ত হ’ব পাৰে।
যদি আপোনাৰ সংগী দুখী, তেন্তে আপুনিও দুখী হৈ থকাটো প্ৰয়োজনীয় নহয়। যদি আপুনি কোনো কথাত বিচলিত হয় আৰু একে সময়তে আপোনাৰ সংগী সুখী হয়, তেন্তে ইয়াৰ বাবে নিজকে একেবাৰেই দোষ নিদিব, কাৰণ আপোনাৰ মানসিক অৱস্থা বেলেগ হ’ব পাৰে। নিজৰ মেজাজ আন কাৰোবাৰ মেজাজৰ ওপৰত নিৰ্ভৰশীল কৰি লোৱাটো ঠিক নহয়।
যদি আপুনি আশংকা কৰে যে যদি কোনো কাৰণত আপুনি আপোনাৰ সংগীক এৰি যায় বা মৃত্যু হয় তেন্তে তেওঁলোকৰ অবিহনে আপুনি জীয়াই থাকিব নোৱাৰিব, তেন্তে এই পৰিস্থিতি পিছলৈ বিপদজনক হৈ উঠিব পাৰে। মানুহ এজনক যিমানেই ভাল নাপাওক কিয়, অকলে জীয়াই থকাৰ দক্ষতা শিকিব লাগিব।
As part of Operation Sadbhavana, Trishakti Corps, Indian Army organized an exhilarating friendly football match between the border villages of Gnathang and Kupup of East Sikkim along Indo- China Border situated at an altitude of 12600 Feet above MSL. The event aimed at strengthening the bond between the military and the local populace while promoting a sense of nationalism, unity and camaraderie. The football match, held amidst the picturesque landscape of East Sikkim, showcased the army’s commitment to fostering a nationalistic fervour, goodwill and cooperation in the border areas. The match drew enthusiastic participation from the local youth, creating an atmosphere of excitement, oneness and mutual respect. Spectators from the villages cheered their teams, highlighting the shared spirit of sportsmanship that prevailed throughout the match. Local residents expressed their appreciation for the efforts of the Indian Army in organizing such events that go beyond security measures. These initiatives contribute significantly to building trust and fostering nationalistic sentiments & positive relationships between the military and civilians in the remote areas along Indo-China Border.
Operation Sadbhavana, with its focus on community development, has been pivotal in creating a positive impact on the lives of residents in the border villages. The match concluded with prize distribution ceremony, recognizing players for their skills, spirit, fitness and dedication to the game. The Indian Army reaffirmed its commitment to continuing such community-driven activities in the future, promoting harmony and solidarity in the border villages of Sikkim.
অনুৰাগীৰ হাতত বলীউডৰ বহু অভিনেতাৰ ব্যক্তিগত জীৱনৰ কোনো তথ্য একেবাৰেই নাই। এই তালিকাত জন আব্ৰাহামৰ নামো অন্তৰ্ভুক্ত। জন আব্ৰাহামৰ পত্নী প্ৰিয়া ৰুঞ্চলে কি কৰে সেয়াও অনুৰাগীয়ে নাজানে। প্ৰিয়া ৰুঞ্চল নিজৰ ক্ষেত্ৰখনত অতি বিশেষজ্ঞ। সৌন্দৰ্য্যৰ ক্ষেত্ৰতো প্ৰিয়াই সকলোকে পিছুৱাই গৈছে। তেওঁৰ বিষয়ে কিছু কথা জানো আহক-
প্ৰিয়া ৰুঞ্চল এগৰাকী বিত্তীয় বিশ্লেষক আৰু বেংকাৰ। জন আব্ৰাহামৰ সৈতে ৰাজহুৱা অনুষ্ঠানত তেওঁক খুব কমেইহে দেখা যায়, গতিকে অনুৰাগীয়ে তেওঁৰ বিষয়ে বিশেষ একো নাজানে। প্ৰিয়াৰ ইনষ্টাগ্ৰামলৈ চালে স্পষ্ট হৈ পৰে যে তেওঁ ফিটনেছ আৰু ব্যায়াম ভাল পায়। ২০১৪ চনৰ ৩ জানুৱাৰীত জন আব্ৰাহাম আৰু প্ৰিয়া ৰুঞ্চলৰ বিবাহ হয়। দুয়োজনে লছ এঞ্জেলছত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল। অতি ঘনিষ্ঠ লোকক বিয়াখনলৈ নিমন্ত্ৰণ কৰা হৈছিল।৫১ হাজাৰৰো অধিক লোকে প্ৰিয়া ৰুঞ্চলক ইনষ্টাগ্ৰামত ফ’ল’ কৰে। ইনষ্টাগ্ৰামত তেওঁৰ এটা মুকলি হেণ্ডেল আছে, য’ত তেওঁ অহৰহ নিজৰ জীৱনৰ সৈতে জড়িত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। জন আব্ৰাহামৰ পত্নী প্ৰিয়া ৰুঞ্চল চলচ্চিত্ৰ জগতৰ নহয়। কিন্তু ফেশ্বন আৰু ষ্টাইলৰ ক্ষেত্ৰত সকলোকে আচৰিত কৰি তোলে। স্বামী জনৰ সৈতে এক অতি বিশেষ বন্ধন। দুয়ো দুয়ো একেলগে ৰাধিকা আৰু অনন্তৰ প্ৰি-ৱেডিংতো উপস্থিত হৈছিল। এই সময়ছোৱাত দম্পতীক একেলগে বৰ ধুনীয়া দেখা গৈছিল।
গৰ্ভাৱস্থাৰ বাবে বয়স কিমান উত্তম? ইয়াৰ কোনো পোনপটীয়া উত্তৰ নাই। কিন্তু ২০-৩০ বছৰ বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ তুলনাত ৩০ বছৰৰ পিছত গৰ্ভধাৰণ হোৱা মহিলাসকলে অধিক অসুবিধাৰ সন্মুখীন হয়। আপোনালোকক কওঁ যে দীপিকা পাডুকনেও ৩৮ বছৰ বয়সত এটা সন্তান জন্ম দিবলৈ ওলাইছে। দুয়োজনৰে বিয়াৰ ৬ বছৰৰ পিছত পৰিয়াল পৰিকল্পনা কৰিছে। আচলতে আজিৰ সময়ত ৩০ বছৰৰ পিছত সন্তান জন্ম দিয়াটো বৰ সাধাৰণ হৈ পৰিছে। কিন্তু বয়সৰ লগে লগে গৰ্ভাৱস্থাৰ লগত জড়িত বিপদক অস্বীকাৰ কৰিব নোৱাৰি। যদিও মহিলা ৰজোনিবৃত্তিৰ আগতে যিকোনো সময়তে গৰ্ভৱতী হ’ব পাৰে, তথাপিও সাধাৰণতে দেখা যায় যে বয়সৰ লগে লগে প্ৰজনন ক্ষমতা কমি যায়। মেয়’ ক্লিনিকৰ তথ্য অনুসৰি বয়স বৃদ্ধিৰ লগে লগে যমজ সন্তান জন্ম দিয়াৰ সম্ভাৱনা বৃদ্ধি পায়। হৰম’নৰ পৰিৱৰ্তনৰ বাবে এনে হয়। যদিও ইয়াত আইভিএফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত যদি আপুনি মাত্ৰ এটা সন্তান বিচাৰে তেন্তে ই আপোনাৰ বাবে সমস্যা হ’ব পাৰে।
প্ৰাকৃতিক প্ৰসৱক সৰ্বোত্তম বুলি গণ্য কৰা হয়, কাৰণ ইয়াত মহিলাগৰাকীৰ শৰীৰ অতি সোনকালে সুস্থ হৈ উঠে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ সম্ভাৱনা কমি যায়, তাৰ পিছত চি-চেকচন একমাত্ৰ সমাধান হৈয়েই থাকে।
বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ পৰা জন্ম হোৱা শিশুৰ ডাউন চিণ্ড্ৰমৰ দৰে কিছুমান ক্ৰম’জমৰ অৱস্থাৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও গৰ্ভাৱস্থাৰ পলম হ’লেও শিশুৰ ওজন কম হয়।
বহু প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত বিশ্বমুখী যাত্ৰা আৰম্ভ হ’ল ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান(আই চি এ আৰ) অসমৰ ৷ আজি এক উখল-মাখল পৰিৱেশত গোগামুখৰ দিৰপাইত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু কেন্দ্ৰীয় ৰাজ্যিক কৃষি আৰু কৃষক কল্যান মন্ত্ৰী কৈলাশ চৌধুৰীয়ে পুৱা ১০ বজাত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ এই শুভ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী অৰ্জুন মুণ্ডাই শাৰিৰীকভাৱে উপস্থিত নাছিল যদিও ভাৰ্চুৱেল যোগে তেওঁ কৃষি গৱেষণা প্ৰতিষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যানৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীৰ লগত যুটীয়াভাৱে কৃষি গৱেষণা প্ৰতিষ্ঠান শুভ উন্মোচন কৰে ৷ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি পুৱা ১০ বজাত আই চি এ আৰৰ প্ৰশাসনিক ভৱন আৰু পাঠদান গৃহ মুকলি কৰে ৷ ১-১০ বজাত আই চি এ আৰৰ মানস অতিথিশালা উদ্বোধন কৰে ৷ ঐতিহাসিক মানস অভয়াৰণ্যক লৈ এই অতিথিশালাখনৰ নাম দিয়া হৈছে ৷ ১০-১৫ বজাত সোৱণশিৰি ছাত্ৰী নিৱাস, ব্ৰহ্মপুত্ৰ ছাত্ৰ নিৱাস উদ্বোধন কৰে ৷ ছাত্ৰী নিৱাস ঐতিহাসিক সোৱণশিৰি নদী আৰু ছাত্ৰ নিৱাস মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সন্মানাৰ্থে নামাকৰণ কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে লগতে আই চি এ আৰৰ শিক্ষাৰ্থীৰ পাঠদান গৃহ, গৱেষণা গৃহও উদ্বোধন কৰে ৷ ইয়াৰ পাছত ১-৩৫ বজাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন মুণ্ডা, কৃষি আৰু কৃষক কল্যানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে আই চি
এ আৰে আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত আদৰণি ভাষণ দিয়ে দিল্লীস্থিত আই চি এ আৰৰ সঞ্চালক তথা প্ৰধান বিজ্ঞানী অশোক কুমাৰ সিংহই ৷ আদৰণি ভাষণত তেওঁ কয়- গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান বিশ্ব মানদণ্ডৰ ৷ কৃষিকৰ্মৰ যি বিশ্বমানৰ প্ৰযুক্তি আছে ইয়াত সকলো উপলব্ধ হ’ব ৷ কেৱল ইয়াত গৱেষণাই নহয় কৃষি বিজ্ঞানৰ স্নাতক মহলাৰ পাঠ্যক্ৰমো ইয়াত উপলব্ধ হ’ব ৷ কিছু কাৰিকৰী বিজুতিৰ বাবে আমি আই চি এ আৰ সময়মতে আৰম্ভ কৰিব পৰা নাছিলোঁ ৷ কিন্তু আজিৰ পৰা পূৰ্ণাংগ ৰূপত আই চি এ আৰৰ যাত্ৰা আৰম্ভ হৈছে ৷ আগন্তুক মে’ মাহৰ পৰা ১৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত পাঠগ্ৰহণ কৰিবলৈ উপস্থিত হ’ব ৷ এইসকল ছাত্ৰ-ছাত্ৰী ইতিমধ্যে আই চি এ আৰ, অসমৰ নামত দিল্লী, ঝাৰখণ্ড আই চি এ আৰৰ প্ৰতিষ্ঠানত পাঠগ্ৰহণ কৰি আছে বুলি তেওঁ দোহাৰে আৰু গোগামুখস্থিত আই চি এ আৰে সমগ্ৰ দক্ষিণ-পূৱ এছিয়াত কৃষি বিপ্লবৰ নতুন দিগন্ত সূচনা কৰিব বুলি তেওঁ দোহাৰে ৷ সভাত ভাৰ্চুৱেলৰ জৰিয়তে অনুষ্ঠানত উপস্থিত থকা ৰাইজক সম্বোধন কৰে দিল্লীস্থিত আই চি এ আৰৰ সাধাৰণ পৰিষদৰ মুৰব্বী ড° সীমাংশু পাঠকে ৷ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ভাৰ্চুৱেলৰ জৰিয়তে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী অৰ্জুন
মুণ্ডাই জনসাধাৰণক সম্বোধি কয়- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমে উত্তৰ-পূৰ্বাঞ্চলৰ গৰিমা বহু পৰিমাণে বৃদ্ধি কৰিব ৷ নতুন কৃষি বিপ্লবৰ সূচনা কৰিব ৷ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৱৰ উন্নতিৰ প্ৰতি থকা সদিচ্ছা, সুন্দৰ চিন্তাধাৰাৰ বাবে এই বিশ্বমানৰ সংস্থাটো অসমে লাভ কৰিছে ৷ এই সংস্থাটোৱে উত্তৰ-পূৰ্বাঞ্চলত থকা কৃষি সম্ভাৱনাক সঠিক ৰূপত উদ্ভাৱন কৰিব ৷ তেওঁ কয়- আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক কৃষি কৰ্মত সংপৃক্ত কৰাৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে দেশৰ প্ৰতিটো প্ৰান্তত কৃষিক্ষেত্ৰত উন্নয়নৰ মুখ দেখিছে ৷ গোগামুখ প্ৰতিষ্ঠা কৰা আই চি এ আৰ বাস্তৱিকতে অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ৷ সমগ্ৰ দক্ষিণ-পূৱ এছিয়াক ই সামৰি ল’ব ৷ ভাষণ প্ৰসংগত তেওঁ লগতে কয়- ভাৰত চৰকাৰে কৃষি ক্ষেত্ৰখন আজি বা কালিৰ দৃষ্টিকোণেৰে চোৱা নাই ৷ ভৱিষ্যতৰ লক্ষ্যৰে চোৱা হৈছে ৷ ২০৪৬ চনত আমাৰ ভূমি কিমান থাকিব, দেশৰ জনসংখ্যা কিমান হ’ব, আমাৰ ভূমিৰ আৱশ্যকতা কিমান হ’ব, আমাৰ কৃষি সম্ভাৱনা কিমান হ’ব আৰু এই সম্ভাৱনাক আমি আই চি এ আৰ অনুষ্ঠানবোৰৰ জৰিয়তে কিমান দূৰ আগুৱাই নিব পাৰিম এই উপাই উদ্ভাৱন কৰিব লাগিব ৷ উপাইসমূহ অস্বাভাৱিক হ’ব যেন আমাৰ লাগে ৷ কিন্তু আমি ইয়াক স্বাভাৱিক কৰিব লাগিব ৷ আমাৰ সকলোবোৰ যোজনাক লাভদায়ক কৰি তুলিবলৈ দৃঢ় সংকল্প ল’ব লাগিব ৷ তেওঁ পুনৰ কয়- ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম, বিশ্ব পৰ্যায়ৰ ৷ গুণগত দিশ আৰু মানদণ্ডৰ দিশৰ পৰাও বিশ্ব পৰ্যায়ৰ ৷ ইয়াৰ পৰা আমি উত্তৰ-পূৰ্বাঞ্চলক কৃষি গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিম ৷ ইয়াৰ লগে লগে আমি এইটো চাব লাগিব যে, খিলঞ্জীয়া লোকে কৰা কৃষি, প্ৰাকৃতিক, জৈৱিকভাৱে উৎপাদিত কৃষিজাত শস্যসমূহৰ যি শক্তি এইবোৰক কি দৰে সুৰক্ষা দিব পাৰোঁ তাক উদ্ভাৱন কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শ নেতৃত্বত ভাৰত চৰকাৰে এনেকুৱা কৰ্মসূচী তৈয়াৰ কৰিছে যিটো কৰ্মসূচীৰ জৰিয়তে আমি এইটো ক’ব পাৰোঁ যে বহু ক্ষেত্ৰত আমি বহু আগুৱাইছোঁ আৰু কিছু ক্ষেত্ৰত আমি পিছ পৰি আছোঁ ৷ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আমাৰ বিশেষ লক্ষ্য আছে ৷ সুৰ্যোদয়ৰ পৰা সুৰ্যোদয় হৈ আৰু ইয়াক লক্ষ্য কৰিয়ে ভাৰত চৰকাৰ কাম কৰি আছে ৷ এই গৱেষণা প্ৰতিষ্ঠানত কেৱল গৱেষণাৰ কামেই চলিব এইটো নহয় ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কৃষি বিভাগ, এলাইট ক্ষেত্ৰতো আহিব ল’গা দিনত আৰু বহুত উন্নত কাম কৰিব ৷ ২০৪৬ চনৰ লক্ষ্য বুলি ক’লে কেৱল এতিয়াৰ সময়ৰ লক্ষ্য নুবুজায় ৷ আমাৰ দূৰণিবটীয়া লক্ষ্য আছে ৷ এক দূৰণি লক্ষ্য লৈ আমি আগুৱাইছোঁ ৷ স্বাভাৱিক ৰূপত আমি লক্ষ্য অনুকৰণ কৰিছোঁ ৷ লক্ষ্য লোৱাৰ লগে লগে আমি লক্ষ্যৰ ৰাস্তাও নিৰ্মাণ কৰিব লাগিব ৷ এই লক্ষ্য কেনেকৈ আমি লক্ষ্য প্ৰাপ্ত কৰিম তাৰ ধাৰণাও আমি নিৰ্মাণ কৰিব লাগিব আৰু ইয়াৰ বাবে আমি কিমান পৰিশ্ৰম কৰিব লাগিব তাকো নিৰ্ধাৰণ কৰিব লাগিব ৷ তেওঁ শেষত কয়- মই সুখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষকৰ উন্নতি বৃদ্ধি পাইছে, কৃষকৰ সন্মান বৃদ্ধি পাইছে ৷ কৃষকৰ বাবে আমাৰ চৰকাৰে যি কাম কৰিছে আন কোনো চৰকাৰে কৰিব পৰা নাছিল ৷ আমি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানক আনুষ্ঠানিকভাৱে জনগণৰ হাতত অৰ্পণ কৰি অতি আনন্দিত হৈছোঁ বুলিও তেওঁ দোহাৰে ৷ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যানৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয়- ধেমাজিৰ গোগামুখৰ পৰা দিল্লী বহু দূৰ বুলি আমাৰ জনসাধাৰণে আছে । হয় ইয়াৰ পৰা দিল্লী বহু দূৰ ৷ কিন্তু দিল্লী এতিয়া আপোনালোকে ইয়াতে লাভ কৰিছে ৷
দিল্লীৰ আই চি এ আৰত উপলব্ধ সকলো সুবিধা ইয়াত আপোনালোকে পাব ৷ এতিয়াৰ পৰা গোগামুখৰ পৰা কৃষিজাত সামগ্ৰী দিল্লীৰ পৰা বিদেশলৈ যাব, দিল্লীৰ পৰা গোগামুখলৈ আহিব ৷ গোগামুখ আই চি এ আৰৰ বিজ্ঞানী দিল্লী যাব, দিল্লীৰ বিজ্ঞানী গোগামুখ আহিব ৷ ইয়াৰ পৰাই সমগ্ৰ এছিয়া মহাদেশত ভাৰতৰ কৃষিজাত সামগ্ৰীয়ে বজাৰ দখল কৰিব ৷ এতিয়াৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকে কৃষি খণ্ডত নতুন মাত্ৰা লাভ কৰিব ৷ আগন্তুক দিনত ভাৰতত কোন চৰকাৰে ক্ষমতাত থাকে এইটো ডাঙৰ কথা নহয় কিন্তু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে যুগ যুগ ধৰি সমগ্ৰ এছিয়া মহাদেশত নিজৰ গৰিমা লৈ কৃষকৰ সপোন পুৰণত অহৰহ লাগি থাকিব বুলি তেওঁ দোহাৰে ৷ উল্লেখনীয় যে, ২০১৭ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখ দিৰপাইস্থিত আই চি এ আৰৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷ আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আদিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে আই চি এ আৰৰ অসমৰ মুৰব্বী ড° লুহিত কুমাৰ বৈশ্য, মিচি’ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া প্ৰমূখ্যে স্থানীয় গণ্যমান্য ব্যক্তিসকলে ৷
মৰিগাঁও চহৰৰ “তিৱা ফা ইন্দ্ৰসিং দেউৰী” ক্ষেত্ৰত ২৯ মাৰ্চৰ পৰা তিনিদিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা তিৱা কান্ঠিচ্যুৰি খাম অৰ্থাৎ তিৱা সাংস্কৃতিক মহোৎসৱৰ আজি জনগোষ্ঠীয় মাংগলিক কাৰ্যক্ৰমনিকাৰে লাইখুঁটা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে। লাইখুঁটা স্থাপন কৰি দিয়া ভাষণত বিধায়ক দেউৰীয়ে কয় যে, মধ্য অসমৰ ইতিহাস প্ৰসিদ্ধ তিৱা জনগোষ্ঠীটো ভাষা কৃষ্টি সংস্কৃতি বিকাশত অন্যান্য জনগোষ্ঠী সমূহৰ তুলনাত আজিও বহু পিছপৰি আছে। এই সমূহক আগুৱাই নি বিশ্ববাসীক পৰিচিত কৰাৰ প্ৰবল প্ৰয়াসেৰে পোনপ্ৰথমবাৰৰ বাবে এই তিৱা সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰা হৈছে।
এই সাংস্কৃতিক মহোৎসৱটিক সফল কৰি তুলিবৰ বাবে মধ্য অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক পূৰ্ণ সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য তথা তিৱা সংগ্ৰামী নেতা প্ৰণৱজ্যোতি মছৰঙে আতধৰা আজিৰ এই লাইখুঁটা স্থাপন আনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতি, অসম চৰকাৰৰ অসম সৌৰভ বঁটা প্ৰাপক তিৱা নৃত্য গুৰু নাদিৰাম দেউৰী, তিৱা ৰাজদৰবাৰৰ সম্পাদক জুৰচিং বৰদলৈ, বিশিষ্ট তিৱা সাহিত্যিক তথা ভীমবৰ দেউৰী বটাঁ প্ৰাপক মিলেশ্বৰ পাতৰ, মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ
সভাপতি প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা সহ তিৱা জনগোষ্ঠীৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে জাগীৰোড আৰু মৰিগাঁও চহৰৰ সিধাবাৰীৰ দুটা সাংস্কৃতিক দলে পৰম্পৰাগত তিৱা নৃত্য পৰিৱেশন কৰে। উল্লেখ্য যে, তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত আৰু সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মাথনলাই তখ্ৰা, তিৱা ৰাজদৰবাৰ, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ যৌথ সহযোগত অহা ২৯, ৩০ আৰু ৩১ মাৰ্চত মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ তিৱা ফা ইন্দ্ৰসিং দেউৰী ক্ষেত্ৰত মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে পোন প্ৰথমবাৰৰ বাবে এই তিৱা সাংস্কৃতিক মহোৎসৱটি অনুষ্ঠিত হ’ব।