Home Blog Page 994

Cotton University felicitates APSC achievers…

The Cotton University Placement and Career Counseling (PACC) Cell and Capacity Building Centre (CBC) under the banner of Civil Services Study Centre, SITA, Govt. of Assam, jointly organized an interactive program – Achievers Speak – on February 28, 2023, with alumni of the varsity who have successfully cleared the APSC Combined Competitive Examination (CCE), 2022-23. In total, more than 120 candidates from the Varsity have successfully cleared the examination. In his address, Registrar of Cotton University, Dr. Arindam Garg, congratulated the achievers and highlighted that such achievements shall go a long way in creating a positive and motivating environment for the young learners in the institution. “As you join your professions, things will change. But amidst those changes, do not change yourself as a human being,” he added. Director of CBC and Chairperson of Civil Services Study Centre, Dr. Sangeeta Borthakur, in her welcome address said, “It is really wonderful to see more than 100 names of Cottonians in the merit list of the last APSC examinations. We are indeed extremely happy at the success of our students, a success earned through hard work and determination, and we would like to wish them the very best for the future.”


A few of the achievers also shared their success stories with the students. This was followed by a Q&A session between the achievers and the students who were present at the auditorium. Academic Registrar Dr. Bedanta Deka, Dean, Students Welfare, Prof. Manjit Bhattacharya, and Director, Students Welfare, Dr. Prasanta Sarma were also present on the occasion.

ৰাজ্যত “অভিযান ছাৰখাৰ ৩”ৰ লগতে পৰিবহণৰ বিশেষ সেৱা মাহ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি একান্ত দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱেৰে সময়ৰ কাম সময়তে নিষ্পত্তি কৰি প্ৰতিটো বিভাগকে দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ দিয়া নিৰ্দেশনাৰ ভিত্তিত কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ে যানবাহন বিষয়ক কামকাজৰ ক্ষেত্ৰত ৰাইজৰ অধিক ওচৰ চাপি যোৱাৰ লক্ষ্যৰে কাইলৈৰ পৰা সমগ্ৰ মাৰ্চ মাহটো বিশেষ জনসেৱা মাহ (Public Service Month) হিচাপে পালন কৰিব। আনহাতে ইতিমধ্যে ঘোষণা কৰা অনুসৰি যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি যানবাহনৰ নথি-পত্ৰ যেনে পথ কৰ, ফিটনেছ, পাৰ্মিট, ইঞ্চুৰেঞ্চ, প্ৰদূষণমুক্তৰ প্ৰমানপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ আদি নৱীকৰণ নকৰা বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাকে ধৰি সমগ্ৰ অসমতে “ অভিযান ছাৰখাৰ ৩ ” কাইলৈৰ কৰা আৰম্ভ হ’ব। অভিযানৰ সময়ত মহানগৰীৰ যিকোনো গুৰুত্বপূৰ্ণ পথত চূড়ান্ত কৰফাঁকিৰে চলা বাহন জব্দ কৰি পঞ্জীয়ন বাতিল কৰাৰ লগতে স্ক্ৰেপলৈ প্ৰেৰণ কৰিবলৈও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত ভাগে ভাগে সষ্টম হৈছে বিশেষ অভিযানকাৰী দল।


উল্লেখ্য যে, সংস্পৰ্শবিহীন সেৱা “বাহন” আৰু “সাৰথি” পৰ্টেলযোগে যানবাহন বিষয়ক জনসাধাৰণৰ বিভিন্ন আৱেদন তথা ওজৰ আপত্তিৰ নিষ্পত্তি কৰি তাৎক্ষণিকভাৱে উন্নত সেৱা আগবঢ়োৱাৰ উদেশ্যে জনসেৱা মাহ আয়োজনৰ কথা অৱগত কৰে ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ জনসেৱা মাহত জনসাধাৰণৰ বিভিন্ন আবেদন যেনে বাহন চালনাৰ অনুজ্ঞাপত্ৰ,পঞ্জীয়ণ, বেংকৰ লোন আদায়ৰ নিষ্পত্তিকৰণ, কৰ পৰিশোধ, ফিটনেছ চাৰ্টিফিকেট আপডেট আদি বিভিন্ন বিষয়ৰ সমস্যাৰ তাৎক্ষণিক সমাধান, শুধৰণি তথা নিষ্পত্তিকৰণৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ তদুপৰি বৰ্তমান সময়ত পৰিবহণৰ পঞ্চাশটাৰো অধিক সেৱা ৰাইজক ঘৰতে বহি উপলব্ধ কৰাৰ পিছতো কোনো লোকে এইক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহো থিতাতে সমাধান কৰা হ’ব ৷ সৰ্বসাধাৰণ ৰাইজ আৰু পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ যোগাযোগ সহজ আৰু খৰটকীয়া কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা জনসেৱা মাহৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এক বিশেষ সহায়তা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰযোগে ৰাইজে পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নহাকৈ ঘৰৰ পৰাই যোগাযোগ কৰি সমস্যাসমূহ সমাধান কৰিব পাৰিব। ইয়াৰ বাবে পৰিবহণ বিভাগে ৯১২৭২০৬৮০৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮,৮০১১৫৭৮৩৯৯ নম্বৰত ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে, একে সময়তে যিহেতু কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে সমগ্ৰ অসমতে “অভিযান ছাৰখাৰ ৩” অব্যাহত থাকিব সেয়ে জনসেৱা মাহৰ সময়চোৱাত VAHAN আৰু SARATHI ৰ বিভিন্ন সেৱাসমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব ।

সেয়ে ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে ব্যক্তিগত-বাণিজ্যিক বাহনৰ লগতে যানবাহন ব্যৱহাৰকাৰী বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থাসমূহক উদ্যেশি কয় যে, শীঘ্ৰে যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰকাটল পৰিশোধ কৰি নথিপত্ৰসমূহ নৱীকৰণ কৰক আৰু সকলো সময়তে সুৰক্ষিত যাতায়াত নিশ্চিত কৰি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলক ৷”

আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩ আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পল্টনবজাৰৰ এ টি ডি চি কাৰ্যালয়ত “আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে ২০২২-২৩” আঁচনিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। আজিৰ সভাখন সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে এই আঁচনিখনে হিতাধিকাৰীসকলক অৰ্থনৈতিক সুবিধা প্ৰদান কৰাই নহয়, ই ৰাজ্যৰ স্থানীয় আতিথ্য প্ৰদান কৰি দৰ্শনাৰ্থীৰ বাবে পৰ্যটন অভিজ্ঞতাও আৰু অধিক আকৰ্ষণীয় কৰিব। ইয়াৰোপৰি এই অনুষ্ঠানত নিৰ্বাচিত ৫ টা গোট ক্ৰমে ডিমা হাছাও এডভেঞ্চাৰ এছোচিয়েচন, উমছৱাই ভেলী সেউজ আৰু পৰিষ্কাৰ সুৰক্ষা সমিতি, সুপাতফা সমাজ কল্যাণ, দিহিং পাটকাই SHG, চিৰাম ছ’চিয়েল ফাউণ্ডেশ্যনৰ ​৫০ গৰাকী পৰ্যটনৰ লগত জড়িত হিতাধিকাৰীসকলক অভিনন্দন জনোৱাৰ লগতে এই পদক্ষেপক সফল কৰি তোলাৰ বাবে সকলো অংশীদাৰক কৃতজ্ঞতা প্ৰকাশ কৰি অসমৰ বহনক্ষম পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় জনগোষ্ঠীসমূহক সবলীকৰণৰ বাবে অসম চৰকাৰ সদায় দায়বদ্ধ হৈ থাকিব বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, আমাৰ আলহী গ্ৰাম্য হোম-ষ্টে আঁচনিৰ লক্ষ্য হৈছে স্থানীয় জনগোষ্ঠীসমূহে নতুন হোমষ্টে ইউনিট স্থাপন কৰাত সহায় কৰা। এই আঁচনিৰ জৰিয়তে ১০ জন সদস্যৰে গঠিত এটা সম্প্ৰদায়ভিত্তিক পৰ্যটন সংস্থাই তেওঁলোকৰ হোমষ্টে উদ্যোগ আৰম্ভ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বিশেষ সুবিধা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰকল্পৰ মুঠ ব্যয়ৰ ৯০%, সৰ্বাধিক ১ কোটি পৰ্যন্ত মূলধনী ৰাজসাহায্য লাভ কৰিব। এই ৰাজসাহায্যৰ উদ্দেশ্য হৈছে নতুন হোমষ্টে ইউনিট নিৰ্মাণৰ বাবে, য’ত ১০টা হাউচ হল্ডত নূন্যতম ২টা কোঠা থাকিব, যাৰ ফলত স্থানীয় আন্তঃগাঁথনি আৰু পৰ্যটনৰ সুবিধাসমূহৰ যথেষ্ট উত্থান আশা কৰা হৈছে। ইয়াৰ যোগেদি গোটসমূহে ৫ বছৰৰ বাবে মুঠ প্ৰচাৰ ব্যয়ৰ ৫০%, অৰ্থাৎ বছৰি সৰ্বাধিক ২.৫ লাখ পৰ্যন্ত সামৰি লোৱা প্ৰচাৰমূলক ৰাজসাহায্য লাভ কৰিব বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। এই ৰাজসাহায্যৰ লক্ষ্য হৈছে হোমষ্টে ইউনিটসমূহৰ দৃশ্যমানতা আৰু বিপণন কাৰ্যকলাপ বৃদ্ধি কৰা, অধিক পৰ্যটকক আকৰ্ষণ কৰাত সহায় কৰা আৰু স্থানীয় অৰ্থনীতি বৃদ্ধি কৰা। আজিৰ এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়নৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ শ্ৰী দিলীপ দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

তেজপুৰৰ ঐতিহাসিক ‘পকী’ৰ চোতালত ১০ মাৰ্চত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি, পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা প্ৰতিমূৰ্তি…

তেজপুৰ তথা জিলাখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই অৱশেষত প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত তেজপুৰৰ ঐতিহাসিক “পকী” অৰ্থাৎ অসম চৰকাৰৰ জ্যোতি ভাৰতীৰ চোতালত সংস্হাপিত হ’ব লগা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো আজি পুৱা আহি পালেহি “পকী” ৰ চোতাল ।
ৰাজ্যখনৰ প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে যোৱা অক্টোবৰ মাহত গুৱাহাটীত নিৰ্মাণ আৰম্ভ কৰাৰ পিছত অসমৰ ভিতৰতে একক আৰু অনন্য হিচাপে পৰিগণিত হ’ব লগা এই ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো বীৰেন সিংহৰ ভাতৃ তথা প্ৰতিমূৰ্তিটো নিৰ্মাণৰ সৈতে জড়িত কমল সিংহই আন কেবাগৰাকীও ভাস্কৰ্য্য শিল্পীৰ জৰিয়তে গুৱাহাটীৰ পৰা কঢ়িয়াই অনাৰ পিছত উৎসুক জনতাই প্ৰতিমূৰ্তিটো প্ৰতক্ষ কৰিবলৈ হেতা ওপৰা কৰাৰ সময়তে ভাস্কৰ্য্য শিল্পী কমল সিংহই সাংবাদিকৰ আগত কয়, প্ৰতিমূৰ্তিটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাই প্ৰতক্ষ কৰি আজিলৈকে নিৰ্মাণ হোৱা প্ৰতিমূৰ্তি সমূহৰ ভিতৰত আটাইতকৈ জীৱন্ত ৰূপত এইটো প্ৰতিমূৰ্তি প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে ।

এনে মন্তব্যই স্বাভাৱিকতে এগৰাকী শিল্পীক অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰি প্ৰতিমূৰ্তিটো নিৰ্মাণৰ প্ৰাকমুহূৰ্তত কোনো ঠাইৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাৰ থিয় হৈ থকা ফটো নোপোৱাৰ পিছত একমাত্ৰ ধাৰণাৰ ওপৰতেই এইটো নিৰ্মাণ সম্পূৰ্ণ কৰা হয় বুলি কয়। আনহাতে এই প্ৰতিমূৰ্তিটো মাটিৰ তলত থৈ দিলেও এহেজাৰ বছৰলৈকে কোনো হানি বিঘিনি নঘটে বুলিও কমল সিংহই মন্তব্য কৰে। উল্লেখ্য যে, ২৪ লাখ টকা নিৰ্মাণ খৰচৰ সুন্দৰ প্ৰতিমূৰ্তিটো অহা ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ লগতে তেজপুৰৰ খ্যাতিসম্পন্ন চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা পকীৰ মূল তোৰণখনো উদ্ঘাটন কৰিব বুলি সদৰি কৰি শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত কেনেদৰে পকীৰ আধুনিকীকৰণৰ লগতে এই কাম সমূহ ইতিমধ্যে সম্পন্ন হৈছে সেই সন্দৰ্ভত উল্লেখ কৰি অসম চৰকাৰৰ পকী উন্নীতকৰণৰ অভিলাষী প্ৰকল্পৰ অংশ হিচাপে ইতিমধ্যে নতুনকৈ কাৰ্যালয় গৃহও নিৰ্মাণ হৈ উঠিছে আৰু একেলগে তিনিওটা নৱনিৰ্মিত সম্পদ ১০ মাৰ্চৰ অসমৰ মুখ্যমন্ত্ৰীৰ তেজপুৰৰ কাৰ্যসূচীৰ সময়তে শুভাৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয়।

ভগ্নী ঈশাক মাতৃৰ সৈতে তুলনা আৰু জ্যেষ্ঠ ভাতৃ আকাশক ৰামৰ সৈতে তুলনা অনন্ত আম্বানীৰ, নিজকে লক্ষ্মণ নহয় হনুমান বুলি ক’লে…

অনন্ত আম্বানীৰ ডাঙৰ ভগ্নী ঈশা আম্বানী আৰু জ্যেষ্ঠ ভাতৃ আকাশ আম্বানীৰ সৈতে অতি শক্তিশালী সম্পৰ্ক। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত এই কথা প্ৰকাশ কৰে অনন্ত আম্বানীয়ে। মুকেশ আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰই নিজৰ ভায়েক আৰু ভনীয়েকৰ সৈতে থকা সম্পৰ্কক ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে যে শুনি আপুনিও প্ৰশংসা কৰাত বাধা দিব নোৱাৰিব। জুলাই মাহত ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া হ’ব। শৈশৱৰ বন্ধু ৰাধিকা মাৰ্চেণ্টৰ সৈতে অনন্তৰ বিয়া। এই পৰিয়ালটো সদায় শিৰোনামত থাকে, কিন্তু এইবাৰ অনন্তৰ বিবাহ আৰু সৰলতাৰ বাবে দেশ-বিদেশতো চৰ্চা হৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ নিজৰ বন্তৰা প্ৰজেক্টৰ সৈতে পাৰিবাৰিক সম্পৰ্কৰ কথাও কয়। তেওঁ ক’লে যে সৰুৰে পৰা তেওঁক সকলোৱে ভালপাই। কেৱল এয়াই নহয়, ডাঙৰ ভনীয়েক ঈশাক মাক আৰু ডাঙৰ ভায়েক আকাশক ৰাম বুলি গণ্য কৰে। আজিৰ দিনত ভাই-ভনীৰ মাজত ইমান মৰম থকাটো বৰ কঠিন কাম। কিন্তু অনন্ত আম্বানীৰ বক্তব্যই প্ৰমাণ কৰিছে যে সেয়া একেবাৰে অসম্ভৱ নহয়। জ্যেষ্ঠ ভাতৃ আকাশৰ সৈতে থকা বণ্ডিংৰ কথা কওঁতে অনন্ত আম্বানীয়ে কয় যে তেওঁ আকাশ আম্বানীক তেওঁৰ শ্ৰেষ্ঠ উপদেষ্টা আৰু ৰাম বুলি গণ্য কৰে। কেৱল এয়াই নহয়, তেওঁ নিজকে লক্ষন বুলি নহয় হনুমান বুলিও বৰ্ণনা কৰিছে, কাৰণ আকাশে যি কয়, অনন্তই প্ৰশ্নবিহীনভাৱে অনুসৰণ কৰে। আজিৰ যি সময়ত প্ৰতিজন ভাই প্ৰতিজন ভাতৃৰ শত্ৰু, অনন্ত আম্বানীৰ দৰে ভাইটি পোৱাটো ভাগ্যৰ কথা। অনন্ত আম্বানীৰ ভাই-ভনীৰ সৈতে যি সুদৃঢ় সম্পৰ্ক আছে তাৰ কৃতিত্ব তেওঁৰ পিতৃ-মাতৃৰ। কাৰণ পিতৃ-মাতৃয়েই ভায়েক-ভনীয়েকৰ পাৰস্পৰিক প্ৰেম আৰু সংযোগ অনুভৱ কৰায়। এনে পৰিস্থিতিত যেতিয়া শিশুক সৰুৰে পৰা প্ৰতিটো অসুবিধাত ইজনে সিজনক সহায় কৰিবলৈ শিকোৱা হয় আৰু সমান মৰম দিয়া হয়, তেতিয়া ডাঙৰ হোৱাৰ পিছত ভাই-ভনীৰ মাজত সংঘাতৰ সম্ভাৱনা অতি কম হয়।

ইউৰোপতো কৃষকৰ প্ৰতিবাদ, ট্ৰেক্টৰে পথ অৱৰোধ কৃষকৰ…

শম্ভু সীমান্তত কৃষকসকলে নিজৰ দাবীত দৃঢ়তাৰে থিয় দিছে। এই আন্দোলনৰ বাবে দিল্লীৰ সীমান্ত ছীল কৰা হৈছিল, যি সীমা এতিয়া কিছু পৰিমাণে শিথিল কৰা হৈছে। কৃষকসকলে কেৱল আমাৰ দেশতে আন্দোলন কৰিছে, সেয়া নহয়। ইউৰোপৰ বহু দেশত কৃষকসকলে তেওঁলোকৰ দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই দেশসমূহত ব্যয় বৃদ্ধি আৰু আয় হ্ৰাসৰ বাবে চিন্তিত কৃষকসকল। জানুৱাৰী মাহৰ পৰাই ইউৰোপত আৰম্ভ হৈছে কৃষকৰ প্ৰতিবাদ। কৃষকসকলে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ কৃষি নীতি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। ফ্ৰান্সৰ কৃষকসকলে উন্নত ব্যৱস্থাপনা আৰু কম আমোলাতন্ত্ৰিক হস্তক্ষেপৰ দাবী জনাইছে আৰু বিদেশী প্ৰতিযোগিতাৰ বিৰোধিতা কৰিছে। জানুৱাৰী মাহৰ শেষৰ ফালে কৃষি ডিজেলৰ ৰাজসাহায্য ক্ৰমান্বয়ে হ্ৰাস কৰাৰ পৰিকল্পনা ফ্ৰান্স চৰকাৰে পৰিত্যাগ কৰিলেও প্ৰতিবাদ অব্যাহত আছে।

এই চহৰখন বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ ৰাজধানী। ইউৰোপীয় সংঘৰ সদস্য দেশৰ কৃষকসকলে তেওঁলোকৰ দাবীক লৈ এই চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

ৰণবীৰ সিঙে বিচাৰে কন্যা সন্তান! আনহাতে দীপিকাই কামনা কৰিছে ৩টা সন্তানৰ মাতৃ হোৱা…

দীপিকা পাডুকন আৰু ৰণবীৰ সিং পিতৃ-মাতৃ হ’বলৈ ওলাইছে। দীপিকা গৰ্ভৱতী আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মাতৃ হ’ব। বিবাহৰ ছবছৰৰ অন্তত পিতৃ-মাতৃ হ’বলৈ ওলাইছে দম্পতীহাল। কিন্তু দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বহুবাৰ শিশু সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল। বহু সাক্ষাৎকাৰত তেওঁ শিশুৰ কথা কৈছে। আনহাতে ২০১৩ চনত বিবাহৰ পূৰ্বে দীপিকা পাডুকনে এক সাক্ষাৎকাৰত এটা কথা কৈছিল। কথাটো হৈছে, ‘মই অভিনেতা নোহোৱা হ’লে কি কৰিলোহেঁতেন নাজানো। সম্ভৱ যে ১০ বছৰৰ পাছত মোৰ এটা সুখী পৰিয়াল হ’ব। ল’ৰা-ছোৱালীক চেটলৈ লৈ যাম। মোৰ চাৰিওফালে তিনিটা ল’ৰা-ছোৱালী থাকিব।’



ৰণবীৰ সিঙৰ ছবি ‘জয়েশভাই যোৰদাৰ’ মুক্তি লাভ কৰিছিল ২০২২ চনত, যিখন ভ্ৰূণ হত্যাৰ আধাৰত নিৰ্মিত আছিল। সেই সময়ত এটা সাক্ষাৎকাৰত ৰণবীৰ সিঙে কন্যা সন্তান জন্ম দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, ‘চিনেমাখনত এটা সংলাপ আছে যে মন্দিৰলৈ গ’লে প্ৰসাদত কি পাব সেইটো নিৰ্ণয় নকৰে। গতিকে, সন্তানো ভগৱানৰ দান আৰু ইয়াত কাৰো হাত নাই। পুত্ৰই হওক বা কন্যাই হওক তেওঁ মানি ল’ব।


সেউজীয়া আৰু ক’লা আঙুৰ দুয়োটাৱে স্বাস্থ্যৰ বাবে সম্পদ, মানসিক চাপ কমোৱাতো সহায় কৰে আঙুৰে…

আঙুৰ খাই সকলোৱে ভালপায়। কিন্তু সকলোৱে আঙুৰৰ উপকাৰিতাৰ বিষয়ে নাজানে। আঙুৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে-

আঙুৰক শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে- ভিটামিন চি, ভিটামিন কে, ফলেট, আৰু অন্যান্য খনিজ পদাৰ্থৰ এক উত্তম উৎস বুলি গণ্য কৰা হয়। এই সকলোবোৰ উপাদানে আমাৰ শাৰীৰিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আঙুৰত থকা এন্টি-অক্সিডেন্টে হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধিত সহায় কৰে। এই ফল সেৱনে হৃদযন্ত্ৰৰ সমস্যা কমোৱাত সহায় কৰে।

আঙুৰত প্ৰাকৃতিকভাৱে পোৱা আঁহ থাকে যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে। এই আঁহবোৰে পেটৰ লগত জড়িত সমস্যাবোৰ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লগতে আপোনাক ভাল আৰু লঘু অনুভৱ কৰাব পাৰে।

আঙুৰত থকা প্ৰাকৃতিক চেনিৰ পৰিমাণে আপোনাক শক্তি প্ৰদান কৰে আৰু আপোনাৰ শৰীৰক সতেজতা আৰু শক্তি প্ৰদান কৰিব পাৰে। সেয়েহে আঙুৰ এটা ভাল প্ৰাকৃতিক শক্তিৰ উৎস হিচাপে প্ৰমাণিত হ’ব পাৰে।


আঙুৰত পোৱা ভিটামিন আৰু এন্টিঅক্সিডেন্টে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে। ইয়াৰ ফলত চৰ্দি, কাহ, চৰ্দি আৰু ফ্লুৰ দৰে ভাইৰাছজনিত ৰোগ প্ৰতিৰোধ কৰাত সহজ হয়।

আঙুৰত পোৱা এন্টিঅক্সিডেন্টে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। এইবোৰে আপোনাৰ মানসিক চাপ কমোৱাত সহায় কৰে আৰু আপোনাক শান্তি আৰু সন্তুষ্ট অনুভৱ কৰাব পাৰে।


চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফল সামৰণি, চণ্ডীগড় বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল; প্ৰত্যাশা ৰয় শ্ৰেষ্ঠা মহিলা, জেভিয়াৰ মাইকেল ডিছুজা শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ

গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শীৰ্ষ স্থান নিশ্চিত কৰে৷ বিশ্ববিদ্যায়খনে ৩২ টা সোণ, ১৮ টা ৰূপ আৰু ২১ টা ব্ৰঞ্জসহ মুঠ ৭১ টা পদক লাভ কৰে৷ ইফালে, লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ে ২০টা সোণ, ১৪টা ৰূপ আৰু জ্জ্বটা ব্ৰঞ্জসহ দ্বিতীয় স্থানত থকাৰ বিপৰীতে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ১২ টা সোণ, ২০ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷

ইফালে, উৎকল বিশ্ববিদ্যালয়ৰ সাঁতোৰবিদ প্ৰত্যাশা ৰয়ে চাৰিটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গেমছৰ শ্ৰেষ্ঠা মহিলা খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে জৈন বিশ্ববিদ্যালয়ৰ জেভিয়াৰ মাইকেল ডিছুজাই৷ তেওঁ চাৰিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ এথলেটিকছত পাঁচটা নতুন অভিলেখ স্থাপন হয়৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বিকাশে পুৰুষৰ ১৫০০ মিটাৰ আৰু জেভেলিন থ্ৰ’ৱাৰ জ্যোতিয়ে [চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়], প’ল ভল্টৰ এম গৌথামে আৰু লং জাম্পাৰ বিষ্ণু [মাদ্ৰাজ বিশ্ববিদ্যালয়] আৰু ৮০০ মিটাৰ দৌৰবিদ অমনদীপ কৌৰে নতুন অভিলেখ গঢ়ে৷

নগাঁৱৰ ডিফলু মণ্ডল সমল কেন্দ্ৰৰ ‘ৰাইজৰ উৎসৱ’ সম্পন্ন…

সমগ্ৰ শিক্ষা নগাঁৱৰ উদ্যোগত আৰু খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ডিফলু মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি দিনজোৰাকৈ তেলিয়া পহুকটাস্থিত ভাস্কৰ মজলীয়া বিদ্যালয়ত “ৰাইজৰ উৎসৱ”টি সম্পন্ন হয়। এই উপলক্ষে পুৱা ভাগত উদযাপন সমিতিৰ সভাপতি নজৰুল ইছলামে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে এই উৎসৱৰ অন্যতম আকৰ্ষণ ‘বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা’ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ বৰাই। ইয়াৰ অন্তত কেন্দ্ৰৰ অধীনস্থ আঠখন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া বঁটা বিতৰণীৰ লগতে মুকলি সভাখনি অনুষ্ঠিত হয়।

মুকলি সভাত সভাপতিত্ব কৰে ভাস্কৰ মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবেন্দ্ৰ নাথ বৰাই। খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ সদ্য বদলিপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈক আজিৰ সভাত মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিন্টু দাস, খণ্ড সমল ব্যক্তি ক্ৰমে মন্তুল কুমাৰ শৰ্মা, তৃষ্ণা শৰ্মা আৰু হেপ্পী বৰা, শিশুবন্ধু দুলাল বৰা, সমাজকৰ্মী দিলীপ বৰা, প্ৰাক্তন শিক্ষক প্ৰকাশ বৰা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আদিৰ উপৰি কেন্দ্ৰৰ অধীনস্থ আটাইকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ আঁত ধৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নৱজ্যোতি মহন্তই।