Home Blog Page 994

‘ইণ্ডিয়াজ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ মৰিগাঁও জিলাত ২৭,০০০ কোটিটকীয়া অৰ্ধপৰিবাহী প্ৰকল্প আৰু পৰীক্ষাৰ সুবিধা থকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। জাগীৰোডত আয়োজিত অনুষ্ঠানটোত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই দিনটো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক যুগান্তকাৰী দিন। মুখ্যংমন্ত্ৰী শৰ্মাই তেওঁৰ এক্সত লিখিছে ” মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে জাগীৰোডত ২৭,০০০ কোটিচকীয়া টাটা অৰ্ধপৰিবাহী প্ৰকল্প আৰু পৰীক্ষা সুবিধাৰ আধাৰশিলা স্থাপন কৰিছে,” প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী শৰ্মাই মাইক্ৰ’ব্লগিং ছাইটোত লিখিছে , “আজি আমি ইতিহাস ৰচনা কৰিছো আৰু এক উজ্জ্বল ভৱিষ্যতৰ দিশত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো।” উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘ইণ্ডিয়া’জ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কালি উদ্বোধন কৰা সুবিধাসমূহ হ’ল-গুজৰাটৰ ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডিএছআইআৰ)ত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা, অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আৰু গুজৰাটৰ সানন্দত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আদি।

এই উপলক্ষে অনুষ্ঠানত আগবঢ়োৱাত ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক অনুষ্ঠানটো ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ, কিয়নো গুজৰাটৰ ঢোলেৰা আৰু সদানন্দ আৰু অসমৰ মৰিগাঁৱত প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা বৃহৎ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “আজিৰ প্ৰকল্পসমূহে ভাৰতক অৰ্ধপৰিবাহী হাব হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক মূল পদক্ষেপসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ টাইৱানৰ পৰা অৰ্ধপৰিবাহী উদ্যোগৰ মুৰব্বীসকলৰ ভাৰ্চুৱেল উপস্থিতি আজিৰ অনুষ্ঠানৰ মাত্ৰা বৃদ্ধি কৰা বুলি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অনন্য অনুষ্ঠানৰ সৈতে ৬০ হাজাৰৰো অধিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠান সংযুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ এই কাৰ্যসূচীক দেশৰ যুৱক-যুৱতীসকলৰ সপোনৰ অনুষ্ঠান বুলি অভিহিত কৰে কাৰণ তেওঁলোক ভাৰতৰ ভৱিষ্যতৰ প্ৰকৃত অংশীদাৰ। ভাৰতে আত্মনিৰ্ভৰশীলতা আৰু বিশ্বৰ যোগান শৃংখলত শক্তিশালী উপস্থিতিৰ বাবে কেনেদৰে বহুমুখী চিন্তাধাৰাৰে কাম কৰি আছে সেয়া যুৱক-যুৱতীসকলে প্ৰত্যক্ষ কৰিছে। “এগৰাকী আত্মবিশ্বাসী যুৱকে দেশৰ ভাগ্য সলনি কৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

প্ৰযুক্তি-চালিত একবিংশ শতিকাত ইলেক্ট্ৰনিক চিপৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণৰ দিশত লৈ যোৱাত মেড ইন ইণ্ডিয়া আৰু ডিজাইনড ইন ইণ্ডিয়া চিপে মুখ্য ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন কাৰণত প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা বঞ্চিত হোৱাৰ পিছত ভাৰতে এতিয়া চতুৰ্থ ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰী ৪.০ক নেতৃত্ব দিয়াৰ উদ্দেশ্যেৰে আগবাঢ়িছে। প্ৰতিটো ছেকেণ্ডৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক চৰকাৰে যি গতিৰে কাম কৰি আছে তাৰ উদাহৰণ হিচাপে দাঙি ধৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ক্ৰম ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে দুবছৰ পূৰ্বে অৰ্ধপৰিবাহী অভিযানৰ ঘোষণাৰ কথা কয় আৰু কেইমাহমানৰ ভিতৰতে প্ৰথম বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু এতিয়া তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “ভাৰতে প্ৰতিশ্ৰুতি দিয়ে, ভাৰতে প্ৰদান কৰে আৰু গণতন্ত্ৰই প্ৰদান কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। বিশ্বৰ মাত্ৰ মুষ্টিমেয় দেশেহে অৰ্ধপৰিবাহী নিৰ্মাণ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা ব্যাঘাতৰ পিছত নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ইয়াত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰি দেশৰ টেক স্পেচ, পাৰমাণৱিক আৰু ডিজিটেল শক্তিৰ ওপৰত আলোকপাত কৰে। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি অৰ্ধপৰিবাহী খণ্ডৰ বাণিজ্যিক উৎপাদনৰ বাবে ভাৰত সাজু বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী খণ্ডৰ বাবে সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ দিনটো বহু দূৰত নহয়।” ব্যৱসায়ৰ সহজতাক উৎসাহিত কৰা আৰু আইনৰ সৰলীকৰণৰ কথা উল্লেখ কৰি তেওঁ আজি গ্ৰহণ কৰা নীতিগত সিদ্ধান্তৰ বাবে ভৱিষ্যতে ভাৰতে কৌশলগত সুবিধা লাভ কৰিব বুলি দৃঢ়তাৰে কয়। যোৱা কেইবছৰমানৰ পৰা প্ৰধানমন্ত্ৰীয়ে জনাইছিল যে ৪০ হাজাৰৰো অধিক অনুপালন বিলুপ্ত কৰা হৈছে আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিয়মো সৰল কৰা হৈছে। প্ৰতিৰক্ষা, বীমা আৰু টেলিকম খণ্ডৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি উদাৰীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিকছ আৰু হাৰ্ডৱেৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান স্থিতিৰ কথাও উনুকিয়ায়, য’ত বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিক আৰু আই টি হাৰ্ডৱেৰ নিৰ্মাণ আৰু ইলেক্ট্ৰনিক ক্লাষ্টাৰ সৃষ্টিৰ বাবে পিএলআই আঁচনিৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ইলেক্ট্ৰনিক পৰিস্থিতিতন্ত্ৰৰ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ভাৰত আজি বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাণকাৰী দেশ৷ ভাৰতৰ কোৱাণ্টাম মিছনৰ আৰম্ভণি, উদ্ভাৱনক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন আৰু ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা মিছনৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰযুক্তি গ্ৰহণৰ বাহিৰেও প্ৰযুক্তিৰ উন্নতিৰ দিশত আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্ধপৰিবাহী গৱেষণাই যুৱক-যুৱতীসকলক সৰ্বাধিক উপকৃত কৰিব। বিশাল পৰিসৰৰ উদ্যোগত অৰ্ধপৰিবাহীৰ বিস্তৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী কেৱল এটা উদ্যোগ নহয় বৰঞ্চ ই সীমাহীন সম্ভাৱনাৰে ভৰা এখন দুৱাৰ মুকলি কৰে।” প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি চিপ ডিজাইন আৰু উৎপাদনৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ বিপুল উপস্থিতিৰ কথাও আঙুলিয়াই দিয়ে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিভা পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণ হৈছে কিয়নো অৰ্ধপৰিবাহী নিৰ্মাণ খণ্ডত আজি দেশ আগবাঢ়ি গৈছে৷ তেওঁ উল্লেখ কৰে যে আজিৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ বাবে সৃষ্টি হোৱা সুযোগসমূহৰ বিষয়ে ভালদৰেই জানে, সেয়া মহাকাশ খণ্ডই হওক বা মেপিং খণ্ডই হওক আৰু তেওঁ এই খণ্ডসমূহ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰাৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভূতপূৰ্ব সকাহ আৰু উৎসাহক কৃতিত্ব প্ৰদান কৰি কয় যে আজিৰ এই অনুষ্ঠানে অৰ্ধপৰিবাহী স্থানত ষ্টাৰ্টআপৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। আজিৰ প্ৰকল্পসমূহে যুৱক-যুৱতীসকলৰ বাবে অসংখ্য উন্নত প্ৰযুক্তিৰ চাকৰিৰ সুবিধা প্ৰদান কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়৷

লালকিল্লাৰ পৰা লাভ কৰা প্ৰশংসাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিশ্বাসেৰে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই উল্লেখযোগ্য ফলাফল দিয়ে। ‘পুৰণি চিন্তাধাৰা আৰু পুৰণি দৃষ্টিভংগীতকৈ ভাৰত এতিয়া বহু আগুৱাই গৈছে। ভাৰতে এতিয়া অধিক ক্ষীপ্ৰ গতিত সিদ্ধান্ত আৰু নীতি গ্ৰহণ কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। তেওঁ কয় যে ভাৰতৰ অৰ্ধপৰিবাহী সপোনসমূহ প্ৰথমে ১৯৬০ চনৰ ভিতৰত কল্পনা কৰা হৈছিল যদিও ইচ্ছাশক্তি আৰু সংকল্পক সিদ্ধিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা অভাৱৰ বাবে তেতিয়াৰ চৰকাৰসমূহে সেইবোৰৰ ওপৰত কাম কৰাত ব্যৰ্থ হৈছিল। লগতে পূৰ্বৰ চৰকাৰসমূহে দেশৰ সম্ভাৱনা, অগ্ৰাধিকাৰ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ বুজিব নোৱাৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে। বৰ্তমান চৰকাৰৰ আগন্তুক চিন্তাধাৰা আৰু ভৱিষ্যদ্বৰ্শী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত দেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ উচ্চাকাংক্ষাৰে অৰ্ধপৰিবাহী নিৰ্মাণৰ কথা উল্লেখ কৰে। চৰকাৰে দেশৰ সকলো অগ্ৰাধিকাৰৰ যত্ন লৈছে বুলি উল্লেখ কৰি তেওঁ দৰিদ্ৰ লোকৰ বাবে পকী আৱাসত বিনিয়োগৰ লগতে গৱেষণাক উৎসাহিত কৰা, অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা, বিশ্বৰ সৰ্ববৃহৎ অনাময় আন্দোলন হাতত লোৱা, আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে ব্যাপক আন্তঃগাঁথনিমূলক বিনিয়োগ আৰু দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস পোৱাৰ উদাহৰণ দাঙি ধৰে। কালি পোখৰাণত অনুষ্ঠিত ভাৰত শক্তি অনুশীলনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কেৱল ২০২৪ চনত ১২ লাখ কোটিতকৈও অধিক মূল্যৰ আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে৷” এইবোৰে একবিংশ শতিকাৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ আভাস প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰতে অগ্নি-৫ ৰূপত বিশ্বৰ একচেটিয়া ক্লাবত যোগদান, দুদিন পূৰ্বে কৃষিক্ষেত্ৰত ড্ৰোন বিপ্লৱৰ আৰম্ভণি, য’ত নমো ড্ৰোন দিদি আঁচনিৰ অধীনত হাজাৰ হাজাৰ ড্ৰোন মহিলাক গতাই দিয়া, গগনযানৰ বাবে ভাৰতৰ প্ৰস্তুতিয়ে গতি লাভ কৰিছে আৰু শেহতীয়াভাৱে ভাৰতৰ প্ৰথমটো মেড ইন ইণ্ডিয়া ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ উদ্বোধন কৰা হৈছে। ‘এই সকলো প্ৰচেষ্টা, এই সকলোবোৰ প্ৰকল্পই ভাৰতক উন্নয়নৰ লক্ষ্যৰ ওচৰলৈ লৈ গৈছে। আৰু নিশ্চিতভাৱে আজিৰ এই তিনিটা প্ৰকল্পইও ইয়াত ডাঙৰ ভূমিকা ল’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে গুণোৎসৱৰ ফলাফল…

ঘোষণা হ’ল চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ ফলাফল
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে গুণোৎসৱৰ ফলাফল


৩৫.৭৫ শতাংশ বিদ্যালয়ে লাভ কৰিলে A+ গ্রেড
২০২৪ত শিৱসাগৰ জিলা নৱসাগৰ জিলা প্ৰথম


দ্বিতীয় স্থানত আছে ডিব্ৰুগড়, তৃতীয়ত যোৰহাট
তৃতীয়বাৰৰ বাবে প্ৰথম স্থান দখল কৰিছে শিৱসাগৰ জিলাই

UPPLত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ…

আজিয়েই UPPLত যোগদানৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ।

ৰাজনাথ সিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদানৰ সম্ভাৱনা।

ছিদলী সমষ্টিৰ BPFৰ প্ৰাক্তন বিধায়ক চন্দন ব্ৰহ্ম।

সাৱধান! এই ৫ টা স্বাস্থ্যকৰ খাদ্য থাইৰয়ড ৰোগীৰ বাবে অতি বেয়া, ইয়াৰ আঁৰৰ কাৰণ জানি লওক…

থাইৰয়ড হৈছে এনে এক চিকিৎসাজনিত অৱস্থা যি ৰোগৰ পৰা কেতিয়াও সহজে আৰোগ্য হ’ব নোৱাৰি। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সহায়তহে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। এনে পৰিস্থিতিত আপুনি কিছুমান খাদ্যৰ বিষয়ে জানিব লওক, এই ৰোগত কি কি খাব লাগে আৰু কি কি খাব নালাগে। যদিও ঔষধৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি, তথাপিও জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰা আঁতৰি থকাটোৱেই উত্তম চিকিৎসা-

মাটিমাহ

মাটিমাহত গ’ইট্ৰ’জেনৰ উপস্থিতিৰ বাবে ই হাইপ’থাইৰয়ডিজমৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে। গতিকে হাইপোথাইৰয়ডিজম ৰোগীয়ে মাটিমাহ খোৱাৰ পৰা বিৰত থাকিব লাগে।

আলমণ্ড

আলমণ্ডত চেলেনিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে – যি দুয়োটা থাইৰয়ডৰ কাৰ্য্যৰ বাবে অতি উত্তম। কিন্তু ই গ’ইট্ৰ’জেনিক হোৱাৰ বাবে ইয়াক অতিৰিক্তভাৱে খালে থাইৰয়ড বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত থাইৰয়ড গ্ৰন্থিৰ আয়’ডিন শোষণ ক্ষমতা হ্ৰাস পায়। এনে পৰিস্থিতিত হাইপোথাইৰয়ডিজম ৰোগীয়ে প্ৰতিদিনে মাত্ৰ ৩-৫ টা তিয়াই থোৱা আলমণ্ড খাব পাৰে।

সৰিয়হ

সৰিয়হ থকা খাদ্যই শৰীৰৰ থাইৰয়ড পৰিপূৰক সঠিকভাৱে শোষণ কৰাৰ ক্ষমতাত পৰিৱৰ্তন আৰু প্ৰভাৱ পেলাব পাৰে। সৰিয়হত গ’ইট্ৰ’জেন থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিৰ বিষৰ সৃষ্টি কৰে, সেয়েহে সৰিয়হৰ সামগ্ৰী পৰিহাৰ কৰিব লাগে।

ঘেঁহু

অটোইম্যুন হাইপ’থাইৰয়ডিজমৰ ক্ষেত্ৰত ঘেঁহু খোৱা কম কৰাৰ পৰামৰ্শ দিয়া হয়। গৱেষণাৰ পৰা দেখা গৈছে যে গ্লুটেন মুক্ত খাদ্য গ্ৰহণ কৰা লোকৰ তেজত থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰা এন্টিব’ডিৰ ঘনত্ব কম।

ইয়াৰ উপৰিও ডক্টৰৰ পৰামৰ্শ লোৱাটো জৰুৰী।

লোকসভা নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ বিজেপিৰ, দ্বিতীয় তালিকাত কাৰ কাৰ নাম…

৭২ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি বিজেপিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা। এই তালিকাত কেইবাগৰাকীও জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তেওঁলোকৰ ভিতৰত নীতিন গাডকাৰী, এম এল খট্টৰ, পীয়ুষ গোৱেল আদিৰ দৰে নেতাসকলো আছে। উল্লেখ্য বিজেপিয়ে ২ মাৰ্চত দলটোৰ ১৯৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰিছিল। ১১ মাৰ্চত দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পাছত বুধবাৰে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰে। এই তালিকাত মুঠ ৭২ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে। তালিকাত স্থান লাভ কৰা ইয়াৰে প্ৰভাৱশালী নেতাসকলৰ ভিতৰত নীতিন গাডকাৰী, পীযূষ গোৱেল, অনুৰাগ ঠাকুৰ, মনোহৰ লাল খট্টৰৰ আদি নেতাসকল আছে।

বিজেপিয়ে মুঠ ১০খন ৰাজ্যৰ প্ৰাৰ্থী-তালিকা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ২০খন আসন,গুজৰাটৰ ৭খন আসন,হাৰিয়ানা আৰু তেলেংগানাৰ ছখন আসন,মধ্য প্ৰদেশত ৫খন আসন ,দিল্লী, উত্তৰাখণ্ড আৰু হিমাচলত ২খন আসন ,ত্ৰিপুৰা, দাদৰ আৰু নগৰ হাভেলী, দমন আৰু দিউত এখনকৈ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। উল্লেখ্য এইবেলি গেৰুৱা দলটোৱে দলীয় ভাবে ৩৭০ খন আসন লাভ কৰাৰ লক্ষ্য আগত ৰাখিছে। একেদৰে বিজেপি মিত্ৰজোঁট এনডিএই ৪০০ খন আসনৰ লক্ষ্য বান্ধি লৈছে। সেইমৰ্মে বিজেপিয়ে সমগ্ৰ দেশতে প্ৰচাৰ আৰম্ভ কৰি দিছে। বিভিন্ন সমীক্ষাতো প্ৰধানমন্ত্ৰী মোদী পুনৰ তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি কোৱা পৰিলক্ষিত হৈছে।

নগাঁৱত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশেষ অনুষ্ঠান…

নগাঁও তথা সমগ্ৰ অসমতে শাস্ত্ৰীয় সংগীতৰ এটি উৎসাহজনক বাতাবৰণ সৃষ্টি কৰা আৰু উঠি অহা প্ৰজন্মক তাৰ প্ৰতি বিশেষভাৱে অনুৰাগী কৰাৰ উদ্দেশ্যে- কিছু শুভচিন্তক লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘শাস্ত্ৰীয় সঙ্গীত মঞ্চ, নগাঁৱৰ উদ্যোগত যোৱা ১২ মাৰ্চ তাৰিখে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতীয় মাৰ্গীয় সঙ্গীতৰ প্ৰাণপুৰুষ পণ্ডিত বিষ্ণুদিগম্বৰ পলুস্কৰৰ দেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এটি ব্যতিক্ৰমী সঙ্গীতনুষ্ঠান সম্পন্ন হৈ যায়। অনুষ্ঠানত চিকিম বিশ্ববিদ্যালয়ৰ সঙ্গীত বিভাগৰ অধ্যাপক, সঙ্গীতজ্ঞ ড° সন্তোষ কুমাৰ আৰু তেওঁৰ শিষ্য গোপাল প‌উদেলৰ বাঁহীবাদন আৰু গুৱাহাটীৰ ঋষিকা ঘোষৰ কণ্ঠ-সঙ্গীতৰ লগতে মৈত্ৰেয়ী ডেকাৰ দীপমন্ত্ৰ, ইন্দ্ৰাণী বৰাৰ পৰিচালনাত মঙ্গলাচৰণ, বৰদোৱাৰ নৰোৱা সত্ৰৰ পৰাগজ্যোতি কলিতাৰ পৰিচালনাত শ্ৰীমন্তশঙ্কৰদেৱৰ বৰগীত আৰু সুৱাগমণি মহন্তৰ পৰিচালনাত ‘ছোটা খেয়াল’ ছাত্ৰ-ছাত্ৰী, সহশিল্পীসকলৰ দ্বাৰা দলীয়ৰূপত পৰিৱেশিত হয়।

বিশিষ্ট শিল্পী তবলাবাদক মুনীন গোস্বামী, বিশিষ্ট সাৰোদবাক তৰুণ চন্দ্ৰ কলিতা তথা প্ৰসূন ঘোষ,
নয়ন কমল শ‌ইকীয়া, কনক হীৰা, তপন দাস, স্নেহমীড়, কুমাৰ প্ৰমুখ্যে শিল্পীসকলেও সঙ্গত বাদ্যশিল্পীৰূপে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: মৃদুল হাজৰিকাৰ উদ্বোধনী ভাষণ আৰু বন্তি প্ৰজ্বলন, দিল্লী পাব্লিক স্কুল নগাঁৱৰ অধ্যক্ষা ঋতু ৰজনীশৰ শুভেচ্ছামূলক ভাষণেৰে বিপুল শ্ৰোতাৰ উপস্থিতিত সম্পন্ন। মনোজ্ঞ অনুষ্ঠানটিৰ আঁত ধৰে শিল্পী ৰঞ্জন বেজবৰুৱা আৰু ড: জয়শ্ৰী পাঠকে। ইয়াত বিশেষ উদ্যোগ গ্ৰহণ কৰে ড: ধনঞ্জয় কুশ্ৰে, ধনপত ঘোৰাৱত পৰাণ মহন্ত, জোন ৰাজখোৱা প্ৰভৃতি বিভিন্নজনে।

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বিশ্ব শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান

অসম ডনবস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ড° জয়ন্ত বিশ্ব শৰ্মাৰ সৈতে “কেৰিয়াৰ আৰু জীৱন” শীৰ্ষক এখন মত বিনিময় অনুষ্ঠান ১৩ মাৰ্চত অনুষ্ঠিত হয় । সমল ব্যক্তি ড° জয়ন্ত বি শৰ্মাক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

ড° বুঢ়াগোহাঁয়ে মত বিনিময় অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে । অসম ডনবস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ সহকাৰী সঞ্চালক পি জোচেফ উপস্থিত থকা মত বিনিময় অনুষ্ঠানটোত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে। ড° জয়ন্ত বিস্ব শৰ্মাই কৃত্ৰিম বুদ্ধিমত্বা (এ.আই.)ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ লগতে আপেক্ষিকতাবাদ আৰু তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্রক জীৱন সৈতে উদাহৰণে ব্যাখ্যা দাঙি ধৰে। তেওঁ দক্ষতা ভিত্তিক শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° শৰ্মাই পৰিৱেশ বহনক্ষমতাৰ বিষয়েও ব্যাখ্যা কৰে। মত বিনিময় অনুষ্ঠানটোত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।

চতুৰ্থ বাৰ্ষিক ডাঃ টি আও ফুটবল প্ৰতিযোগিতা আৰম্ভ, উদ্বোধনী মেচত অৰগেং এফ চি-গুৱাহাটী চিটী এফ চিৰ জয়লাভ; খেলৰ পূৰ্বে খেলুৱৈৰসকলৰ সৈতে বিধায়ক ড০ পৰমানন্দ ৰাজবংশী…

অৰগেং এফ চি, ডিমাকুছি দল আৰু গুৱাহাটী চিটী এফ চিয়ে আজিৰে পৰা আৰম্ভ হোৱা চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ উদ্যোগত তথা ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সহযোগত ছিপাঝাৰ ষ্টেডিয়ামত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত অৰগেং এফ চি, ডিমাকুছিয়ে ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে দৌৰাং এফ চি, ছিপাঝাৰ দলক৷ খেলৰ প্ৰথম ১০ মিনিটতে অৰগেং এফ চিয়ে দূয়োটা গল কৰি মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয়৷ খেলৰ পাঁচ মিনিটত অমিত ঠাকুৰীয়াই প্ৰথমে গল কৰি অৰগেং এফ চিক ১-০ ৰ অগ্ৰগতি দিয়ে৷ আনহাতে, বিজয়ী দলটোৰ হৈ দ্বিতীয়টো গ’ল কৰে খেলৰ ১০ মিনিটত চিতু বসুমতাৰীয়ে৷ দুগলত পিছ পৰা পাছত দৌৰাং এফ চিয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰে যদিও অৰগেং এফ চিৰ ৰক্ষণ বিভাগক প্ৰতিহত কৰিব নোৱাৰিলে৷

ইফালে, ফ্লাড লাইটৰ পোহৰত আজি হোৱা দ্বিতীয়খন মেচত গুৱাহাটী চিটী এফ চিয়ে ২-০ গ’লৰ ব্যৱধানত কামৰূপা এফ চিক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে৷ খেলৰ প্ৰথমাৰ্ধত উভয় দলে চেষ্টা কৰিও গল কৰাত সফল হোৱা নাছিল৷ কিন্তু দ্বিতীয়াৰ্ধত সংঘবদ্ধ আক্ৰমণৰে গুৱাহাটী চিটী এফ চিয়ে সফলতা লাভ কৰে৷ খেলৰ ৬৫ মিনিটত জিতু আহমেদে গল কৰি গুৱাহাটী চিটী এফ চিক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত অমিত কুমাৰ মালিকে ৭৫ মিনিটত বিজয়ী দলটোৰ হৈ দ্বিতীয়টো গল কৰে৷ ইয়াৰপূৰ্বে ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱা¸সহ আয়োজক সন্থা দুটাৰ কেবাগৰাকীও বিষয়বৱীয়াৰ উপস্থিত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে৷ দৰঙী কলা-কৃষ্টিৰ সাংস্কৃতিক অনুষ্ঠানৰে আৰম্ভনি হোৱা উদ্বোধনী অনুষ্ঠানত কেবাজনো প্ৰাক্তন তথা বৰ্তমানৰ খেলুৱৈৰ লগতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখযোগ্য যে চাৰিটা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰতিদিনে দুখনকৈ লীগ মেচ অনুষ্ঠিত হ’ব৷ এখন দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ আবেলি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ হ’বলগা প্ৰথমখন মেচত গুৱাহাটী চিটী এফ চিয়ে দৌৰাং এফ চি, ছিপাঝাৰৰ বিৰুদ্ধে খেলাৰ বিপৰীতে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব অৰগেং এফ চি, ডিমাকুছি আৰু কামৰূপা এফ চি৷

প্ৰতিযোগিতাৰ সূচী অনুসৰি প্ৰতিটো দলে প্ৰথমে তিনিখনকৈ ৰাউণ্ড ৰবীন লীগ মেচত অংশ ল’ব আৰু শীৰ্ষ দল দুটাই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ ফাইনেল মেচখন অহা ১৭ মাৰ্চত দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হ’ব৷ উল্লেখযোগ্য যে উত্তৰ-পূৱৰ প্ৰথমজন অলিম্পিয়ান তথা ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় ফুটবল দলৰ অধিনায়ক ডাঃ টি আওৰ স্মৃতিত বিগত তিনি বছৰ ধৰি ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিয়ে সফলতাৰে আয়োজন কৰি অহা এই প্ৰতিযোগিতাখন এইবাৰ প্ৰথমবাৰৰ বাবে ছিপাঝাৰত অনুষ্ঠিত হৈছে৷

বৰশিল আশ্ৰমত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি…

কামৰূপ জিলাৰ চাংসাৰিৰ নিকটবৰ্তী বৰগাঁৱৰ ঐশ্বৰিক গুণ গৰিমাৰে সমৃদ্ধ বৰশিল আশ্ৰম প্ৰাংগনত বৰগাঁও আৰু নিকটবৰ্তী আঞ্চলিক ভক্ত প্ৰাণ ৰাইজে মিলি অহা মাৰ্চ মাহৰ ২৪,২৫ আৰু ২৬ তাৰিখ ৰবিবাৰ , সোমবাৰ আৰু মঙ্গল বাৰে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮১ তম বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আয়োজন কৰিছে ।দৌল মহোৎসৱ নিয়াৰিকৈ চলোৱাৰ বাবে কান্তিৰাম দাস ক সভাপতি ,দেবেন চন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি , বনমালী বৈশ্য,প্ৰভাত বৰা আৰু যাদৱ বৰুৱাক উপ – সভাপতিত্ৰয়, নৃপেন ডেকাক সাধাৰণ সম্পাদক, গিৰিধৰ ডেকা , বলোৰাম বৈশ্য ,দিলীপ কৈৱৰ্ত আৰু কমল কৃষ্ণ ডেকাক সহ: সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে ।

২৪ মাৰ্চৰ কাৰ্যসূচী ক্ৰমে ৰাতিপুৱা ৬-৩০ বজাত পৰিবেশ নিকা কৰণ ,ৰাতিপুৱা ৮-০০ বজাত শ্ৰী শ্ৰী বৰশিল আশ্ৰমৰ পতাকা উত্তোলন ,ৰাতিপুৱা ৮-৩০ বজাত মুখ্যদ্বাৰ উন্মোচন , ৯-০০ বজাত তোৰণ উন্মোচন ,ৰাতিপুৱা ১০-০০ বজাত স্মৃতি তৰ্পণ ,ৰাতিপুৱা -১১.০০ বজাত বৃক্ষ ৰোপন ,সন্ধিয়া ৬-০০ বজাত বন্তি প্ৰজ্বলন,সন্ধিয়া ৬-৩০ বজাত মেষদাহন,সন্ধিয়া ৭-০০ বজাত আৰিয়া প্ৰজ্বলন ও প্ৰজ্বলন ,নিশা -৯-০০ বজাত সম্বৰ্ধনা অনুষ্ঠান ,নিশা ১০-০o বজাত সাংস্কৃতিক মঞ্চ উদ্বোধনৰ পিছতে ৰাজ গুৰু মিনি থিয়েতাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হব ।২৫ মাৰ্চৰ কাৰ্যসূচী ক্ৰমে ৰাতিপুৱা ৬-০০ বজাত পৰিবেশ নিকাকৰণ ,ৰাতিপুৱা ৬-৩০ বজাত পূজা আৰম্ভ ,ৰাতিপুৱা ৯-৩০ বজাত হৰে কৃষ্ণ নাম কীৰ্তন ,ৰাতিপুৱা ১০ -৩০ বজাত আয়তিৰ নাম ,দিনৰ ১১-৩০ বজাত ধৰ্মধবজা উত্তোলন, দুপৰীয়া ১২-০০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা হলী গীত পৰিৱেশন ,দিনৰ ১-০০ বজাত হোম পুষ্পঞ্জলী প্ৰদান, সন্ধিয়া ৭-০০ বজাত নাগাৰা নাম পৰিৱেশন।

২৬ মাৰ্চ তাৰিখে ৰাতিপুৱা ৮-০o বজাত ফাকুৱা খেল আৰম্ভ ,ৰাতিপুৱা ১১-০০ বজাত পদুলিয়ে পদুলীয়ে গোঁসাই ভ্ৰমন ,আবেলি ৪-০০ বজাত মন্দিৰত গোঁসাই স্থাপন আৰু হৰেকৃষ্ণ নাম কীৰ্তনৰ দ্বাৰা দৌল মহোৎসৱৰ সামৰণি ।সমূহ কাৰ্য সূচিত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন কমিটীয়ে।

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান…

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ড° জয়ন্ত বি শৰ্মাৰ সৈতে “কেৰিয়াৰ আৰু জীৱন” শীৰ্ষক এখন মত বিনিময় অনুষ্ঠান ১৩ মাৰ্চত অনুষ্ঠিত হয় । সমল ব্যক্তি ড° জয়ন্ত বি শৰ্মাক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

ড° বুঢ়াগোহাঁয়ে মত বিনিময় অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে । অসম ডন বস্কো বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ সহকাৰী সঞ্চালক পি জোচেফ উপস্থিত থকা মত বিনিময় অনুষ্ঠানটোত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে। ড° জয়ন্ত বি শৰ্মাই কৃত্ৰিম বুদ্ধিমত্বা (এ.আই.)ৰ

দৰে অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ লগতে আপেক্ষিকতাবাদ আৰু তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্রক জীৱন সৈতে উদাহৰণে ব্যাখ্যা দাঙি ধৰে। তেওঁ দক্ষতা ভিত্তিক শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° শৰ্মাই পৰিৱেশ বহনক্ষমতাৰ বিষয়েও ব্যাখ্যা কৰে। মত বিনিময় অনুষ্ঠানটোত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।