Breaking

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

0 134

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত ৰহধলা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

প্ৰায় পঞ্চাশ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰাপক সকলৰ মাজত পুৰস্কাৰ সমূহ বিতৰণৰ বাবে এখনি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহিলা কোষৰ সম্পাদিকা সহকাৰী অধ্যাপিকা শিখা ৰাণী কাকতিয়ে পৰিবেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে।

জ্যেষ্ঠ অধ্যাপিকা প্ৰতিমা বৰুৱাই পৰিবেশ সম্পৰ্কীয় সজাগতা মূলক বক্তৃতা প্ৰদান কৰাৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক  প্লাছটিক মুক্ত পৰিৱেশ গঢ়াৰ বাবে আহ্বান জনায়।

তেখেতে প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক পুৰস্কাৰসমূহো প্ৰদান কৰে আৰু কণ- কণ ছাত্রছাত্রী সকলক উদগনি দিয়াৰ উদ্দেশ্যে উপস্থিত সকলো ছাত্ৰ-ছাত্ৰীকে কোষৰ উপসভানেত্রী ড° শিখা এচ.কাশ্যপে একোটিকৈ ক্ষুদ্ৰ উপহাৰো প্ৰদান কৰে ।

Leave A Reply