Breaking

পিতৃ-মাতৃ হ’ল কেৰালা এহাল তৃতীয় লিংগ দম্পতী। জন্ম দিলে এটি পুত্ৰ সন্তান; স্বাস্থ্যমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন…

0 116

সন্তান জন্ম দিয়াৰ পিছত সুখ প্ৰকাশ তৃতীয় লিংগ দম্পতীয়ে, দেশত তৃতীয় লিংগ দম্পতীৰ পিতৃ-মাতৃ হোৱাৰ এইটোৱেই প্ৰথম ঘটনা। বৃহস্পতিবাৰে পুৱা ৯:৩০ বজাত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত অপাৰেচনৰ জৰিয়তে শিশুটিৰ জন্ম হয়। পলে কয় যে মাক আৰু সন্তান দুয়োজনেই সুস্থ আৰু আমি সন্তানটি লাভ কৰি অতি সুখী।

পলে ইনষ্টাগ্ৰামত অংশীদাৰ জাহাদৰ ৮ মাহৰ গৰ্ভৱতী হোৱাৰ তথ্য শ্বেয়াৰ কৰিছে। এই দম্পতীয়ে যোৱা ৩ বছৰ ধৰি একেলগে বাস কৰি আছে।

কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে দম্পতীহালক ফোন কৰি অভিনন্দন জনায়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত কোজিকোডলৈ অহাৰ সময়ত তেওঁক নিশ্চয় লগ কৰিব। জৰ্জৰ কাৰ্যালয়ৰ হৈ এক বিবৃতিত কোৱা হৈছে যে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকৰ সৈতেও কথা পাতিছে। শিশু আৰু জাহাদ দুয়োকে বিনামূলীয়াকৈ চিকিৎসা কৰাৰ লগতে সঠিক যত্ন ল’বলৈ নিৰ্দেশনা দিয়া হৈছে।

Leave A Reply