Breaking

ৰঙিয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ,গঠন হʼল অভিভাৱক কমিটি

0 2,220

ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ ময়মতালিৰে বৃদ্ধি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত চাৰ্ছ পাব্লিক স্কুল নামৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় খনৰ বিৰুদ্ধে। ইয়াকেলৈ বিদ্যালয় খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে চাৰ্ছ পাব্লিক স্কুল ফʼৰাম নামেৰে এখন ২১ জনীয়া অভিভাৱক কমিটি গঠন কৰা হয়। প্ৰায় ৯०জন অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত স্থানীয় প্ৰাক্তন আছু নেতা অৰূপ শৰ্মাক সভাপতি,হেমন্ত মজুমদাৰক উপ-সভাপতি হিচাপে  লৈ গঠন কৰা কমিটি খনে শীঘ্ৰেই এই সন্দৰ্ভত স্কুল কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ বৰ্দ্ধিত মাচুল,শৈক্ষিক দিশ উন্নিতকৰণ তথা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সমস্য সমাধানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জনাই । উল্লেখযোগ্য যে যদিহে বিদ্যালয় কৰ্তৃপক্ষই তেওলোকৰ প্ৰস্তাবসমহ মানি নলয় অভিভাৱক কমিটিয়ে বিদ্যালয়খন অচিৰেই বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে,স্বাভাৱিকতেই এই ঘটনাই সচেতন মহলত চিন্তাৰ উদ্বেগ বঢ়াইছে।

Leave A Reply