Breaking

শাৰীৰিক প্ৰতিবন্ধকতা আৰু দৰিদ্ৰতা নেওচি স্নাতক ডিগ্ৰী লাভ…

0 223

শাৰীৰিক প্ৰতিবন্ধকতা আৰু দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ অন্তৰাই হ’ব নোৱাৰে, তাক প্ৰমাণ কৰি দেখুৱালে আন্ধেৰীঘাট ৰ বিশেষভাৱে সক্ষম এজনী ছাত্ৰীয়ে। জন্মৰে পৰা নিজৰ শৰীৰৰ কোনোমতে ভাৰসাম্য ৰক্ষা কৰি চলা আনকি মুখৰে স্পষ্ট কৈ কথা ক’ব নোৱাৰা দিবাংগ ছাত্ৰী জনীয়ে শিক্ষাতত্ব বিভাগত মেজৰ সহ প্ৰথম শ্ৰেণী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে। পশ্চিম দৰঙৰ আন্ধেৰীঘাট ৰ নিকটৱৰ্তী মাহতলীৰ বিশেষভাৱে সক্ষম এই ছাত্ৰীজনীৰ নাম হ’ল মনীষা ৰাজবংশী ।

মনিষাৰ বয়স ২২ বছৰ। পিতৃ ধনেশ্বৰ ৰাজবংশী আৰু মাতৃ তৰুলতা ৰাজবংশী য়ে দিবাংগ মনিষাক লৈ দুশ্চিন্তা ত ভুগিছিল যদিও সন্তানক শিক্ষিত কৰি তোলাৰ যি দায়িত্ব অইন ল’ৰা ছোৱালী বোৰৰ দৰে নিকটৱৰ্তী প্ৰাথমিক বিদ্যালয় ত নাম লগায় দিয়ে। সেয়াই আছিল মনিষাৰ শিক্ষা গ্ৰহণ ৰ আৰম্ভণি।মাতৃ তৰুলতা ৰাজবংশী য়ে কোলা বোকোচাত লৈ প্ৰত্যেক দিনাই অনা নিয়া কৰিব লগাত পৰিছিল। অতি কষ্টসাধ্য আছিল মনিষাক পঢ়ুৱাটো। এফালে দৰিদ্ৰতা আৰু আনফালে মনিষাক স্কুললৈ অনা নিয়া কৰা টো এক দুৰুহ কাম আছিল পিতৃ মাতৃ ৰ। ইফালে দিন হাজিৰা কৰিবলৈ নগলে সন্ধিয়া জুহালত খৰি নজ্বলে নাজল নাথল অৱস্থাৰ মাজেৰে আঙুলিৰ মুৰত দিন গণি পাৰ কৰিব লগাত পৰিছিল মনিষাৰ পিতৃ মাতৃ য়ে।

প্ৰাথমিক পৰ্যায়ৰ সমাপ্তি ৰ পিছত অতি মেধাৱী কন্যা ৰ আগ্ৰহ আৰু একাগ্ৰতা দেখি সাত বন কাতি কৰি থৈ হ’লেও সন্তানৰ প্ৰতি দায়িত্বশীল পিতৃ মাতৃ হালে অদম্য হেঁপাহ আৰু সাহস বুকুত বান্ধি লৈ পঢ়ুৱাবলৈ ললে। প্ৰাথমিক বিদ্যালয় সাং কৰাৰ পিছত ঘৰৰপৰা ডেৰ কিঃমিঃ নিলগৰ বামুনঝাৰ মধ্য ইংৰাজী বিদ্যালয়ত ত নাম লগায় দিয়ে। প্ৰতিদিনে দেউতাকে চাইকেলেৰে পিছত বহুৱাই অনা নিয়া কৰিব লগাত পৰিছিল কিয়নো তেতিয়া মনিষা একলা- দুকলা কৈ ডাঙৰ হৈ আহিছিল। এনেদৰেই ২০১৫ চনত হাইস্কুল শিক্ষান্ত পৰিক্ষাত অৱতীৰ্ণ হৈ ৫৪ শতাংশ নম্বৰ লৈ নিজৰ গাঁৱৰ লগতে ঘৰখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিষা। স্বাভাৱিকতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত মনিষাৰ এই শৈক্ষিক উত্তৰনৰ সাফল্য ই সকলোৰে মাজত আনন্দপ্ৰাপ্তিৰ ঢল বোৱাই আনে।

পুনৰ উচ্চতৰ শিক্ষা গ্ৰহণ ৰ বাবে ঘৰৰপৰা প্ৰায় ২ কিঃমিঃ নিলগৰ বিঞ্চুজ্যোতি কনিষ্ঠ মহাবিদ্যালযত নামভৰ্তি কৰি দিয়ে। অৱশেষত ইয়াতো ৫৬ শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হয়। পুনৰ মনিষা স্নাতক ডিগ্ৰী লৱলৈ সাজু হ’ল। ওচৰত এই উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা নথকা বাবে ঘৰৰপৰা প্ৰায় ১৫ কিঃমিঃ নিলগৰ গোৰেশ্বৰ মহাবিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰে। শেষত মনিষাৰ কঠোৰ সংগ্ৰাম,সাধনা আৰু পৰিশ্ৰম ৰ বলত শিক্ষাতত্ব বিভাগত মেজৰ সহ প্ৰথম শ্ৰেণী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰীধাৰি হয় । সৰুৰে পৰাই মেধা সম্পন্ন মনিষাই পঢ়ি ব নাজানিছিল কিন্তু সকলো আয়ত্ব কৰিব জানিছিল, নিত্য নৈমিত্তিক কাম বোৰ ত মাক আৰু দেউতাকে স্বম্ভালি দিছিল। মুঠতে স্নাতক ডিগ্ৰীধাৰি মনিষাই এই কঠিন প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ স্নাতক ডিগ্ৰী লাভ কৰাতো সকলোৰে বাবে এক আদৰ্শ আৰু প্ৰেৰণা হৈ ৰব।

প্ৰেৰক/দিবাকৰ বৰুৱা/আন্ধেৰীঘাট

Leave A Reply